অন্যযুগ/


মেহমুদ ডাৰউইচ

অনুবাদ-ড°ৰঞ্জিত দত্ত


মেহমুদ ডাৰউইছৰ জন্ম হয় ১৯৪১ চনৰ  ১৩ মাৰ্চ তাৰিখে  পেলেষ্টাইনৰ অ'ল বি'ৰৱা  চহৰত । সৰুৰে পৰাই কবিতাৰ প্ৰতি আগ্ৰহী পেলেষ্টাইনৰ এই জাতীয় কবি গৰাকীৰ সাহিত্য কৰ্মৰাজিৰ ভিতৰত উল্লেখনীয় গ্ৰন্থসমুহ হ'ল-Tragedy of daffodils, comedy of silver (1989), I see what I want(1990), Why Did You Leave the Horse Alone?(1995), Psalms(1995),Bed of a stranger(1998),Then Palestine, (1999) Selected Poems(2000), State of siege(2002), Don't apologize for what you did( 2004), Unfortunately, It Was Paradise: Selected Poems(2003), The new works(2004),A selection of Darwish's recent worksal-A'amal al-oula (The early works), (2005),  Something about the homeland(1971)আৰু Diary of a Citizen without a Country(1971)। কবি মেহমুদ ডাৰউইছে তেওঁৰ সাহিত্য জীৱনৰ স্বীকৃতিৰ চিনস্বৰূপে ১৯৬৯ চনত Lotus Prize for Literature , ১৯৮৩ চনত Lenin Peace Prize, ১৯৯৩ চনত  The Knight of the Order of Arts and Letters সন্মান,২০০১ চনত The Lannan Foundation Prize for Cultural Freedom,২০০৩-২০০৪ চনৰ Al Owais Award,২০০৭ চনৰ Golden Wreath of Struga Poetry Evenings, ২০০৭ চনৰ The International Forum for Arabic Poetry prize আৰু ২০০৮ চনৰ The Argana International Poetry Prize লাভ কৰে।এঈ গৰাকী মহান কবিৰ জীৱনৰ অৱসান ঘটে ২০০৮ চনৰ ৯ আগষ্ট তাৰিখে  আমেৰিকাৰ টেক্সাছ চহৰত।



       (১)

একোৱেই মোক আকৰ্ষিত নকৰে


বাছখনৰ এজন যাত্ৰীয়ে ক'লে-

একোৱেই মোক আকৰ্ষিত নকৰে,

সেই ৰেডিঅ'টো, পুৱাৰ বাতৰি কাকতখন 

অথবা পাহাৰৰ ওপৰৰ সেই দুৰ্গবোৰেও নকৰে।

মোৰ কান্দিবৰহে ইচ্ছা হৈছে।

বাছৰ ড্ৰাইভাৰজনে ক'লে-

ক্ষন্তেক অপেক্ষা কৰাঁ

ষ্টেচনটো পাই ল'বলৈ দিয়াঁ,

তাৰ পাছত যিমান পাৰাঁ 

অকলে অকলে কান্দি ল'বা।

এগৰাকী মহিলাই ক'লে-

মোৰো সেই একেই জানা,

একোৱেই মোক আকৰ্ষিত নকৰে।

মই মোৰ পুত্ৰক নষ্ট কৰিলোঁ

মোৰ মৰিশালীত,

সি  তাত উপভোগ কৰিছে,

শুই আছে বিদায় সম্ভাষণ নজনোৱাকৈয়ে।

বিশ্ববিদ্যালয়ৰ এজন  ছাত্ৰই ক'লে-

মোকো বুজিছা,

একোৱেই  আকৰ্ষিত নকৰে।

শিলৰ পৰিচয় নিবিচৰাকৈয়ে

মই পুৰাতত্ত্ব পঢ়িলোঁ,

মই বাৰু সঁচাকৈয়ে 

মই হয়নে?

এজন সৈনিকে ক'লে-

মোকো জানা,

একোৱেই আকৰ্ষিত নকৰে।

মই এনে এটি ভূতৰ

ৰখীয়া হৈ আছোঁ

যি  সদায়েই মোৰ গাত লম্ভে।

খঙাল ড্ৰাইভাৰজনে ক'লে-

আমি শেষ ষ্টেচনটোৰ ওচৰ চাপিছোঁ,

সকলো এৰা-এৰি হ'বলৈ সাজু হোৱা।

সিঁহতে আৰ্তনাদ কৰি উঠিল:

ষ্টেচনটোৰ সিপাৰে কি আছে

আমি চাব বিচাৰিছোঁ

গতিকে আৰু অলপ আগ বাঢ়ি যোৱাঁ।

মই অৱশ্যে ক'লোঁ-

মোক ইয়াতে নমাই দিয়াঁ।

ময়ো তেওঁলোকৰ নিচিনাই,

একোৱেই মোক আকৰ্ষিত নকৰে।

মই যাত্ৰা কৰি কৰি ভাগৰি পৰিছোঁ।



       ( ২)

তেওঁ মৌন সেয়েহে ময়ো

তেওঁ মৌন সেয়েহে ময়ো।

তেওঁ একাপ নেমু দিয়া চাহ খাইছে,

আৰু মই খাইছোঁ কফি,

আৰু সেয়াই 

আমাৰ মাজৰ পাৰ্থক্য।

মোৰ দৰে তেৱোঁ

এটা বহল ভমকাফুলিয়া 

চোলা পিন্ধিছে

আৰু তেওঁৰ দৰে ময়ো পঢ়িছোঁ

সন্ধিয়াৰ বাতৰি কাকতখন।

মোৰ গোপনীয় অৱলোকন

তেওঁ দেখা নাই,

ময়ো দেখা নাই তেওঁৰ গোপন অৱলোকন।

তেওঁ মৌন গতিকে ময়ো।

তেওঁ বেহেৰাটোক কিবা বিচাৰিলে।

ময়ো বেহেৰাটোক কিবা বিচাৰিলোঁ-

আমাৰ মাজেৰে খোজ কাঢ়ি পাৰ হৈ গৈছে

এটি ক'লা মেকুৰী।

তাৰ নোমবোৰত মোৰ মাজনিশাৰ অনুভৱ,

সিও মাজনিশাৰ অনুভৱ কৰিছে 

তাৰ নোমবোৰত।

মই তেওঁক একো কোৱা নাই:

আজিৰ আকাশখন পৰিষ্কাৰ 

আৰু নীলা।

তেৱোঁ মোক একোকে কোৱা নাই

আজিৰ আকাশখন পৰিষ্কাৰ।

তেওঁ চাই আছে কাৰোবাক, তেওঁকো চাই আছে কোনবাই

আৰু মই চাই আছো কাৰোবাক

আৰু কোনোবাই চাই আছে মোক।

মই মোৰ বাওঁভৰিখন লৰচৰ কৰিলোঁ

তেওঁ কৰিলে তেওঁৰ সোঁ ভৰিখন।

মই গুনগুনালোঁ এটি গীতৰ কলি

তেৱোঁ গুনগুনালে সেই একেই গীত কলিটি।

কেতিয়াবা মই ভাবি আচৰিত হওঁ:

তেওঁ বাৰু এখন আইনা নেকি

য'ত মই দেখা পাওঁ নিজকে?

পুনৰ ঘূৰি মই 

তেওঁৰ চকুলৈ  চাব বিচাৰিলোঁ:

কিন্তু তেওঁক মই দেখা নাপালোঁ।

খৰখেদাকৈ মই ওলাই আহিলোঁ কফি-হাউছৰ পৰা।

মই ভাৱিলোঁ-

তেওঁ হয়তো এজন

হত্যাকাৰীও হ'ব পাৰে- 

অথবা  এজন বাটৰুৱা,

যি হয়তো ভাৱিছে 

মোক  এজন হত্যাকাৰী বুলি।

তেওঁ ভয় খাইছে মোলৈ

আৰু সেয়েহে হয়তো মই তেওঁলৈ।

***

ফোন :  ৯৪৩৫৫৯৩৫৪২, ৮৬৩৮৯৬৮১২৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ