অনুবাদ: কৌস্তুভমণি শইকীয়া দত্ত
দ্বিতীয় অধ্যায়
।। অথ বর্ষা ।।
হে প্ৰিয়া !
ৰাজ-ৰাজেশ্বৰৰ দৰে বৰ্ষাঋতু সমাগত ।
জলকণাপূৰ্ণ মেঘ তেওঁৰ মদমত্ত হাতী
ব্ৰজৰ গৰ্জন তেওঁৰ নাগাৰাৰ ধ্বনি ।
বিজুলী তেওঁৰ পতাকা,
উদ্ধত ৰাজকীয় দ্যুতিৰে আহিল
কামুক পুৰুষৰ প্ৰিয় ঋতু বৰষা ।
সশীকৰাম্ভোধৰমত্তকুঞ্জৰস্
তডিত্পতাকোঽশনিশব্দমর্দলঃ ।
সমাগতো ৰাজৱদুদ্ধতদ্যুতিৰ্
ঘনাগমঃ কামিজনপ্রিয়ঃ প্রিয়ে ।।১।।
গাঢ়নীল পদুমৰ কান্তিময় পাহি সদৃশ মেঘ
ক’ৰবাত ৰাশি ৰাশি চূৰ্ণাকৃত কাজলৰ সমান
ক’ৰবাত যেন সগৰ্ভা যুৱতীৰ প্ৰভাময় স্তন
ভৰি পৰিল সৰ্বত্ৰ আকাশ মেঘেৰে ঘোৰঘন।
নিতান্তনীলোত্পলপত্রকান্তিভিঃ
ক্বচিত্ প্রভিন্নাঞ্জনৰাগসংনিভৈঃৰাশিসংনিভৈঃ ।
ক্বচিত্ সগর্ভপ্রমদাস্তনপ্রভৈঃ
সমাচিতং ব্যোম ঘনৈঃ সমন্ততঃ ।। ২ ।।
পিয়াহত আতুৰ চাতকপখীকুলৰ প্ৰাৰ্থনাত
মুষলধাৰ বৰষুণদাতা আহিছে নামি জলকণাৰ ভৰত
শ্ৰুতিমধুৰ মনোজ্ঞ যাৰ ধ্বনি
সৌৱা আকাশত মেঘৰ মৃদু-মন্দ ধীৰ গতি ।
তৃষাকুলৈশ্চাতকপক্ষিণাং কুলৈঃ
প্রয়াচিতাস্তোয়ভৰাৱলম্বিনঃ ।
প্রয়ান্তি মন্দং বহুৱাৰিৱর্ষিণোনৱৱাৰিৱর্ষিণো
বলাহকাঃ শ্রোত্রমনোহৰস্বনাঃ ।। ৩।।
বজ্ৰনিনাদ যাৰ ৰণবাদ্য
বিজুলী যাৰ ধনুৰ গুণ
ইন্দ্ৰধনুধাৰী হঠকাৰী মেঘে
অতি তীব্ৰ জলধাৰাৰূপী বাণেৰে
প্ৰবাসী প্ৰেমিকৰ চেতনা বিন্ধে ।
বলাহকাশ্চাশনিশব্দমৰ্দলাঃ
সুৰেন্দ্রচাপং দধতস্তডিদ্গুণম্ ।
সুতীক্ষ্ণধাৰাপতনোগ্রসায়কৈস্
তুদন্তি চেতো নিতৰাংপ্রসভং প্রৱাসিনাম্ ।। ৪ ।।
নতুন ঘাঁহ হৈছে অংকুৰিত গলিযোৱা বৈদূৰ্যৰ কান্তি,
ওলাই আহিছে কলগছৰো কুমলীয়া পুলি
তাৰ হৰিৎ পাতে পাতে পৰিছে ইন্দ্ৰগোপকীট ৰঙা ৰঙা,
পৃথিৱী সজ্জিতা যেন ৰঙীন ৰত্ন-মণিৰে বিমণ্ডিতা বাৰাংগনা ।
প্রভিন্নৱৈদূর্য়নিভৈস্তৃণান্কুৰৈঃ
সমাচিতা প্রোত্থিতকন্দলীদলৈঃ ।
ৱিভাতি কণ্ঠে ৱৰৰত্নভূষিতাশুক্লেতৰৰত্নভূষিতা
ৱৰাঙ্গনেৱ ক্ষিতিৰিন্দ্রগোপকৈঃ ।।৫।।
গুৰুগম্ভীৰ মেঘধ্বনিৰ অভিলাষী ময়ূৰৰ কলৰৱ
উৎসুক হৈ আছে কেতিয়া হ’ব মিলনোৎসৱ
মেলি ধৰা পাখিৰ ছালিৰে সুশোভিত
সদায় অতিকে মনোহৰ ময়ূৰৰজাক নৃত্যৰত
আকুল হৈছে পাবলৈ ময়ূৰীৰ চুম্বন
আৰু সসম্ভ্ৰম আলিংগন ।
সদা মনোজ্ঞং স্বনদুস্তৱোত্সুকং
ৱিকীর্ণৱিস্তীর্ণকলাপশোভিতম্ ।
সসংভ্রমালিঙ্গনচুম্বনাকুলম্সসম্ভ্রমালিঙ্গনচুম্বনাকুলম্
প্রৱৃদ্ধনৃত্যংপ্রৱৃত্তনৃত্যং কুলমদ্য বর্হিণাম্ ।। ৬ ।।
খৰস্ৰোতা হ’ল নদী
বোকাময় হ’ল পানী
সকলো দিশে প্ৰবল সোঁতে তীৰৰ বৃক্ষ উভালি
সাগৰলৈ বৈ যায় এনেকৈ যেন
কুলাচাৰ পাহৰি খৰখেদাকৈ গৈছে কামুক দুষ্টা নাৰী।
নিপাতয়ন্ত্যঃ পৰিতস্তটদ্রুমান্
প্রৱৃদ্ধৱেগৈঃ সলিলৈৰনির্মলৈঃ ।
স্ত্রিয়ঃ সুদুষ্টা ইব জাতৱিভ্রমাঃ
প্রয়ান্তি নদ্যস্ত্বৰিতং পয়োনিধিম্ ।। ৭ ।।
সুশোভিত বিন্ধ্য পৰ্বতৰ
নতুন কিশলয়েৰে ভৰা সুৰম্য অৰণ্য ।
ভৰি আছে কুমলীয়া নীলবৰ্ণৰ ঘাঁহ বিচিত্ৰ ।
যাৰ নৱ-অংকুৰ ছিঙে হৰিণীয়ে মুখেৰে
এই বৰষাই সকলোৰে মন হৰি নিয়ে ।
তৃণোৎকৰৈৰুদ্গতকোমলাঙ্কুৰৈ
ৰ্বিচিত্ৰনীলৈর্হৰিণীমুখক্ষতৈঃ ।
ৱনানি ৱৈন্ধ্যানি হৰংতি মানসং
ৱিভূষিতান্যুদ্গতপল্লৱৈর্দ্রুমৈঃ ।। ৮।।
চঞ্চল নয়নকমল শোভা পাইছে যি হৰিণৰ শুৱনি মুখত,
ফুৰিছে জাকপাতি সৰ্বত্ৰ অৰণ্যৰ বালিচঁহীয়া মাটিত।
হঠাতে উঠিছে চকিত হৈ কিবা ভয় খাই,
এনে মনোহৰ দৃশ্যই চেতনাত শিহৰণ আৰু উল্লাস জগায় ।
ৱিলোলনেত্রোত্পলশোভিতাননৈৰ্
মৃগৈঃ সমন্তাদুপজাতসাধ্বসৈঃ ।
সমাচিতা সৈকতিনী ৱনস্থলী
সমুত্সুকত্বং প্রকৰোতি চেতসঃ ।। ৯।।
জলদজালে ঘনঘোৰ গৰ্জন কৰিছে বাৰে বাৰে,
ৰাতিবোৰক যেন গ্ৰাস কৰিছে ঘোৰ অন্ধকাৰে ।
বিজুলীৰ চমককে কৰি সৰোগত সন্ধান কৰিছে পথ
অভিসাৰিকা যায় প্ৰেমাস্পদৰ কাষলৈ প্ৰেমৰাগত হৈ মত্ত ।
অভীক্ষ্ণমুচ্চৈৰ্ধ্বনতা পয়োমুচা
ঘনান্ধকাৰীকৃতশর্ৱৰীষ্বপি ।
তডিত্প্রভাদর্শিতমার্গভূময়ঃ
প্রয়ান্তি ৰাগাদভিসাৰিকাঃ স্ত্রিয়ঃ ।।১০।।
বাৰিষা যেতিয়া মাৰে
বিজুলীয়ে চমকনি আৰু হয় মেঘৰ ঘন ভয়ংকৰ গৰ্জন
অতিশয় ভয়ভীতা ৰমণীসকলে
অপৰাধী প্ৰিয়তমকো শয্যাত কৰে গাঢ় আলিংগন ।
পয়োধৰৈর্ভীমগভীৰনিঃস্বনৈ-
স্তডিদ্ভিৰুদ্বেজিতচেতসো ভৃশম্ ।
কৃতাপৰাধানপি য়োষিতঃ প্রিয়ান্-
পৰিষ্বজন্তে শয়নে নিৰন্তৰম্ ।। ১১।।
প্ৰবাসী প্ৰেমিকৰ আশাহত ৰমণীৰ
নীলকমল যেন চকুৰে সৰে বিন্দু বিন্দু নীৰ,
সিক্ত কৰি কুঁহি যেন কোমল বিম্বফল যেন ৰঙা ওঁঠ
আভূষণ ফুলৰ মালা চন্দনাদি প্ৰলেপন কৰি ত্যাগ ।
ৱিলোচনেন্দীৱৰৱাৰিবিন্দুভিৰ্
নিষিক্তবিম্বাধৰচাৰুপল্লৱাঃ ।
নিৰস্তমাল্যাভৰণানুলেপনাঃ
স্থিতা নিৰাশাঃ প্রমদাঃ প্রৱাসিনাম্ ।। ১২।।
কেঁচু-কুমটি, বোকা, ঘাঁহবন উটুৱাই
শেঁতা- হালধীয়া ন-পানী যায় বৈ
সৰ্পিল গতিৰে নিম্নগামী হৈ,
ভেকুলীৰ জাকে সৰ্পসদৃশ এনে প্ৰবাহ দেখি
থাকে ভীত-সন্ত্ৰস্ত হৈ ।
ৱিপাণ্ডুৰং কীটৰজস্তৃণান্বিতং
ভুজঙ্গৱদ্ ৱক্রগতিপ্রসর্পিতম্ ।
সসাধ্বসৈর্ভেককুলৈর্ৱিলোকিতংনিৰীক্ষিতং
প্রয়াতি নিম্নাভিমুখং নৱোদকম্ ।। ১৩।।
মধুৰ গুণগুণনি তুলি মুগ্ধ ভোমোৰাই
অতি উৎসুকতাৰে পাত-পাহি জহি যোৱা পদুম এৰি,
নৱ নীলোৎপল ভাবি যায় উৰি
নৃত্যৰতা ময়ূৰৰ পদ্মচক্ৰ চিহ্নযুক্ত পাখিলৈ।
ৱিপন্নপুষ্পাং নলিনীং সমুত্সুকা
ৱিহায় ভৃঙ্গাঃ শ্রুতিহাৰিনিঃস্বনাঃ ।
পতন্তি মূঢাঃ শিখিনাং প্রনৃত্যতাং
কলাপচক্রেষু নৱোত্পলাশয়া ।।১৪।।
নতুন মেঘৰ বাৰম্বাৰ হোৱা গৰ্জন শুনি
বনৰীয়া মদমত্ত হাতীৰ হ’ল মদক্ষৰণ ।
গুঞ্জৰিত ভোমোৰাৰে শুৱনি হৈ পৰিল
মদভৰা গণ্ডস্থল যেন প্ৰভাযুক্ত নিৰ্মল কমল।
ৱনদ্বিপানাং নৱতোয়দস্বনৈ
ৰ্মদান্বিতানাং ধ্বনতাং মুহুর্মুহুঃ ।
কপোলদেশা ৱিমলোত্পলপ্রভাঃ
সভৃঙ্গয়ূথৈর্মদৱাৰিভিশ্চিতঃ ।। ১৫ ।।
শুভ্ৰ উৎপলৰ কমনীয় সৌন্দৰ্যৰ মেঘে
স্পৰ্শ কৰিছে যাৰ শিলাময় শৃংগ,
যাৰ চৌদিশে জিৰিজিৰি বৈ আছে নিজৰা
ম’ৰাৰ নৃত্যৰে আকৰ্ষক হৈ পৰিছে সেই পৰ্বত ।
সতোয়নম্ৰাম্বুদচুম্বিতোপলাঃ
সমাচিতাঃ প্রস্রৱণৈঃ সমন্ততঃ ।
প্রৱৃত্তনৃত্যৈঃ শিখিভিঃ সমাকুলাঃ
সমুত্সুকত্বং জনয়ন্তি ভূধৰাঃ ।। ১৬ ।।
কদম্ব, সৰ্জা, অৰ্জুন আৰু কেতেকী বন কঁপাই
বতাহছাটিয়ে তাৰ ফুলৰ মিঠা সুবাস কঢ়িয়াই ,
জলকণাপূৰ্ণ ডাৱৰৰ সান্নিধ্যত হৈ পৰিছে শীতল
কোন পুৰুষৰ নহ’ব বাৰু মন উচাটন ।
কদম্বসর্জার্জুনকেতকীৱনম্
ৱিকম্পয়ংস্তত্কুসুমাধিৱাসিতঃ ।
সশীকৰাম্ভোধৰসঙ্গশীতলঃ
সমীৰণঃ কং ন কৰোতি সোত্সুকম্ ।। ১৭।।
নিতম্বলৈকে বৈ পৰা চুলিটাৰিৰ নাৰীয়ে,
যাৰ উঠন বুকু শোভিত হাৰেৰে,
অলংকাৰৰূপে পিন্ধিছে আমোলমোল ফুল,
মুখত মদিৰাৰ সুবাস মধুৰ,
কামবাসনা জগায় কামুক পুৰুষৰ ।
শিৰোৰুহৈঃ শ্রোণিতটাৱলম্বিভিঃ
কৃতাৱতংসৈঃ কুসুমৈঃ সুগন্ধিভিঃ
স্তনৈঃ সহাৰৈর্ৱদনৈঃ সসীধুভিঃ
স্ত্রিয়ো ৰতিং সংজনয়ন্তি কামিনাম্ ।।১৮।।
বৈ গৈছে কোবাল নদী
মেঘে বৰষিছে পানী
সেউজ-সুন্দৰ হৈছে বন-প্ৰান্তৰ
মদমত্ত হাতীয়ে কৰিছে মহানাদ
ময়ূৰে কৰিছে নৃত্য
বানৰ ৰংমনে আছে বনৰ আশ্ৰয়ত
প্ৰিয়জনৰ পৰা দূৰত থকা প্ৰবাসী পুৰুষ
বিষণ্ণ হৈছে বিৰহত ।
ৱহন্তি ৱর্ষন্তি নদন্তি ভান্তি
ধ্যায়ন্তি নৃত্যন্তি সমাশ্রয়ন্তি ।
নদ্যো ঘনা মত্তগজা বনান্তাঃ
প্রিয়াৱিহীনাঃ শিখিনঃ প্লৱঙ্গমাঃ ।। ১৯।। প্রক্ষিপ্তঃ
বিজুলী আৰু ইন্দ্ৰধনুৰে সুশোভিত
জলকণাৰ ভৰত দোঁ খাই থকা মেঘ আৰু
উজ্জ্বল কৰধনী আৰু মণিখচিত কুণ্ডলেৰে সুশোভিতা নাৰী
দুয়ো মিলি একেলগে প্ৰবাসী পুৰুষৰ চিত নিছে হৰি ।
তডিল্লতাঃ শক্রধনুর্ৱিভূষিতাঃ
পয়োধৰাস্তোয়ভৰাৱলম্বিনঃ ।
স্ত্রিয়শ্চকাঞ্চীমণিকুন্ডলোজ্জ্বলা
হৰন্তি চেতো য়ুগপত্ প্রৱাসিনাম্ ।। ২০।।
এয়াই সময়,
নাৰীয়ে নিজৰ শিৰত পিন্ধে
নৱপ্ৰস্ফুটিত কেশৰ, কদম্ব আৰু কেতেকীৰ মালা
আৰু অলংকাৰ কৰি কাণত পিন্ধে নিজে গাঁথি লোৱা
অৰ্জুন গছৰ মঞ্জৰী কুমলীয়া।
মালাঃ কদম্বনৱকেসৰকেতকীভিৰ্
আয়োজিতঃ শিৰসি বিভ্রতি য়োষিতোঽদ্য ।
কর্ণান্তৰেষু ককুভদ্রুমমঞ্জৰীভি-
ৰিচ্ছানুকূলৰচিতানৱতংসকাংশ্চ ।।২১।।
মেঘৰ গৰ্জন শুনি সন্ধিয়াবেলাত,
সুৰভিত ফুলৰ মালাৰে চুলি বন্ধা সকলো অংগনা,
যাৰ শৰীৰত প্ৰচুৰ কৃষ্ণ-অগৰু আৰু চন্দনসনা
গুৰুজনৰ ভৱন এৰি বিজুলী বেগেৰে
নিজ শোৱানি কোঠাত প্ৰবেশ কৰে।
কালাগৰুপ্রচুৰচন্দনচর্চিতাঙ্গ্যঃ
পুষ্পাৱতংসসুৰভীকৃতকেশপাশাঃ ।
শ্রুত্বা ধ্বনিং জলমুচাং ত্বৰিতং প্রদোষে
শয্যাগৃহং গুৰুগৃহাত্ প্রৱিশন্তি নার্যঃ ।। ২২।।
নীলবৰণীয়া মেঘ যেন নীলপদ্মৰ পাহি
পানীৰ ভৰত ওপৰৰ পৰা আহিছে নামি
মৃদুমন্দ মলয়াত ধীৰে ধীৰে কৰিছে গতি ।
পৰদেশী প্ৰেমিকৰ আনমনা বিৰহিনীৰ
ইন্দ্ৰধনু শোভিত জলদে মন নিছে হৰি ।
কুৱলয়দলনীলৈৰুন্নতৈস্তোয়নম্রৈৰ্
মৃদুপৱনৱিধূতৈর্মন্দমন্দং চলদ্ভিঃ ।
অপহৃতমিৱ চেতস্তোয়দৈঃ সেন্দ্রচাপৈঃ
পথিকজনৱধূনাং তদ্বিয়োগাকুলানাম্ ।।২৩।।
বৰষুণৰ নতুন পানী পাই অন্ত পৰিছে বনৰ সন্তাপ,
কদম্বৰ ফুল ফুলি উঠি তাত কৰিছে আনন্দ প্ৰকাশ ।
বৃক্ষৰ ডালপাতে কৰিছে যেন নৃত্য বতাহৰ বা লাগি,
কেতেকী গছেও কলি মেলি মাৰিছে মিচিকিয়া হাঁহি।
মুদিত ইৱ কদম্বৈর্জাতপুষ্পৈঃ সমন্তাত্
পৱনচলিতশাখৈঃ শাখিভির্নৃত্যতীৱ ।
হসিতমিৱ ৱিধত্তে সূচিভিঃ কেতকীনাং
নৱসলিলনিষেকঃ শান্ততাপোছিন্নতাপো ৱনান্তঃ ।।২৪।।
মেঘমণ্ডিত বৰ্ষাঋতুৱে প্ৰিয়তম পতিয়ে প্ৰেয়সীপত্নীলৈ গঁথাৰ দৰে
প্ৰকৃতিৰ শিৰত সজাইছে মালতী,যূথিকামুকুল, বিকশিত বকুলৰ মালা
কাণত পিন্ধিবলৈ আনিছে কদমফুলৰ আভূষণ নতুনকৈ ফুলা।
শিৰসি বকুলমালাং মালতীভিঃ সমেতাং
কুসুমিতনৱপুষ্পৈর্য়ূথিকাকুঙ্মলৈশ্চ ।
ৱিকচনৱকদম্বৈঃ কর্ণপূৰং ৱধূনাং
ৰচযতি জলদৌঘঃ কান্তৱত্ কাল এষঃ ।। ২৫।।
যৌৱনা ললনাই উদ্ধত বৃহৎ বুকুৰ অগ্ৰাংশত পিন্ধিছে
মুকুতাৰ সুশোভন মালা,
বিস্তৃত বিম্বফল যেন সুগোল শ্ৰোণীত পিন্ধিছে
পাতল ৰেচমী বস্ত্ৰ শুকুলা ।
শৰীৰৰ মধ্যভাগত বিদ্যমান মনোহৰ বিভংগ ৰেখা
আৰু মশৃণ ৰোমৰাজি যেন ঘাঁহ ন-পানীত গজা ।
দধতি ৱৰকুচয়ুগাগ্রৈৰুন্নতৈর্হাৰয়ষ্টিং
প্রতনুসিতদুকূলান্যায়তৈঃ শ্রোণিবিম্বৈঃ ।
নবজলকণসেকাদুদ্গতাং ৰোমৰাজিং
ললিতৱলিৱিভঙ্গৈৰ্ মধ্যদেশৈশ্চ নার্যঃ ।। ২৬।।
ন-পানীৰ পৰশত শীতল হোৱা মৃদুপৱনে
লাস্যনৃত্য কৰাইছে ফুলৰ ভৰত দোঁখোৱা গছ-গছনিক,
কেতেকীফুলৰ ৰেণু উৰুৱাই বিয়পাই দিছে মনমোহক সুবাস
আৰু প্ৰবাসী প্ৰেমিকৰ চুৰ কৰিছে বিৰহী মন ।
নৱজলকণসঙ্গাচ্ছীততামাদধানঃ
কুসুমভৰনতানাং লাসকঃ পাদপানাম্ ।
জনিতৰুচিৰগন্ধঃ কেতকীনাং ৰজোভিঃ
পৰিহৰতি নভস্বান্ প্রোষিতানাং মনাংসি ।। ২৭।।
‘পানীৰ ভৰত আমি যেতিয়া হওঁ অৱনমিত
আমাৰ চিৰআশ্ৰয়দাতা সুউচ্চ পৰ্বত বিন্ধ্য’-
তাকে ভাবি জলপূৰ্ণমেঘে আশ্ৰয়দাতাক
শীতল জলেৰে আহি কৰিছে আহ্লাদিত,
গ্ৰীষ্মৰ ৰুক্ষ অগনিত বিন্ধ্য আছিল সন্তাপিত।
জলভৰনমিতানামশ্রয়োঽস্মাকমুচ্চৈৰ্
অয়মিতি জলসেকৈস্তোয়দাস্তোয়নম্রাঃ ।
অতিশয়পরুষাভির্গ্রীষ্মৱহ্নেঃ শিখাভিঃ
সমুপজনিততাপং হ্লাদয়ন্তীৱ ৱিন্ধ্যম্ ।।২৮।।
অনেক গুণেৰে ৰমণীয় এই ঋতু
কামিনীৰ মনহৰণকাৰী,
বৃক্ষ-গুল্ম-লতাৰো হিতকাৰী সখি ।
সমস্ত প্ৰাণীৰ প্ৰাণস্বৰূপ বৰষা
পূৰ্ণ কৰক তোমাৰো মনৰ সজ অভিলাষা ।
বহুগুণৰমণীয়ঃ কামিনীচিত্তহাৰী
তৰুৱিটপলতানাং বান্ধৱো নির্ৱিকাৰঃ .
জলদসময় এষ প্রাণিনাং প্রাণভূতো
দিশতু তৱ হিতানি প্রায়শো ৱাঞ্ছিতানি ।। ২৯।।
।। ইতি বর্ষা ।।
দ্বিতীয় অধ্যায়ৰ ছন্দ সম্পৰ্কে-
শ্লোক ১ৰ পৰা ২০লৈ - ৱংশস্থ ছন্দ
শ্লোক ২১ৰ পৰা ২২লৈ- ৱসন্ততিলকা ছন্দ
শ্লোক ২৩ৰ পৰা ২৯লৈ- মালিনী ছন্দ