মূল : লিও টলষ্টয়ৰ ‘What is Art?’
অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস
মই আৰম্ভ কৰিম নন্দনতত্বৰ পিতৃ ব’মগাৰ্টেন (১৭১৪-১৭৬২)-অৰ কথাৰে ।
ব’মগাৰ্টেনৰ মতে যৌক্তিক জ্ঞানৰ লক্ষ্যবস্তু হৈছে সত্য,
নন্দনতাত্ত্বিক (অৰ্থাৎ ইন্দ্ৰিয়গত) জ্ঞানৰ লক্ষ্যবস্তু হৈছে সৌন্দৰ্য । সৌন্দৰ্য
হ’ল ইন্দ্ৰিয়বোধৰ
দ্বাৰা চিনাক্ত কৰা পৰিপূৰ্ণতা (পৰম); সত্য হ’ল যুক্তিৰ মাজেৰে উপলব্ধি কৰা পৰিপূৰ্ণতা; সাধুতা হ’ল নৈতিক
ইচ্ছাৰ মাজেৰে উপনীত হোৱা পৰিপূৰ্ণতা।
ব’মগাৰ্টেনৰ সংজ্ঞা অনুসৰি সৌন্দৰ্য্য হৈছে এটা যোগাযোগ, অৰ্থাৎ
অংশবোৰৰ নিজৰ মাজতে পাৰস্পৰিক
সম্পৰ্কৰ, আৰু সম্পূৰ্ণতাৰ সৈতে সম্পৰ্কৰো এটা বিন্যাস। সৌন্দৰ্যৰ লক্ষ্যই হৈছে
আনন্দ দিয়া আৰু এটা আকাংক্ষাক জগাই তোলা “Wohlgefallen und Erregung eines
Verlangens.” (সৌন্দৰ্যৰ প্ৰকৃতি আৰু চিহ্ন সম্পৰ্কত কাণ্টৰ সংজ্ঞাৰ সম্পূৰ্ণ
বিপৰীত এটা অৱস্থা।)
সৌন্দৰ্যৰ প্ৰকাশৰ প্ৰসংগতে ব’মগাৰ্টেনে বিবেচনা কৰিছে যে আমি
সৌন্দৰ্যৰ আটাইতকৈ বেছি মূৰ্তৰূপ দেখিবলৈ পাওঁ প্ৰকৃতিত, আৰু সেয়ে তেওঁ ভাবে যে
কলাৰ আটাইতকৈ ডাঙৰ লক্ষ্য হৈছে প্ৰকৃতিক অনুকৰণ কৰা। (শেহতীয়া নন্দনতাত্ত্বিকসকলৰ
সিদ্ধান্তসমূহে এই স্থিতিকো পোনপটীয়াকৈ অস্বীকাৰ কৰিছে ।)
কেৱল সুন্দৰ বস্তুৰপৰা আনন্দদায়ক বস্তুক পৃথক কৰি তেওঁলোকৰ শিক্ষাগুৰুৰ
মতবাদৰ সামান্য সংশোধনহে কৰা মেইয়াৰ, এশ্বেনবাৰ্গ, আৰু এবাৰহাৰ্ডৰদৰে ব’মগাৰ্টেনৰ
গুৰুত্বহীন অনুগামীসকলক বাদ দি মই ব’মগাৰ্টেনৰ ঠিক পাছতেই অহা, আৰু সৌন্দৰ্যক
সম্পূৰ্ণৰূপে অন্য ধৰণে সংজ্ঞায়িত কৰা লেখকসকলৰ সংজ্ঞাহে উদ্ধৃত কৰিম। এই লেখকসকল
আছিল ছুলজাৰ, মেণ্ডেলচ্ছন, আৰু মৰিঝ। ব’মগাৰ্টেনৰ মূল স্থিতিৰ বিপৰীতে গৈ তেওঁলোকে
কলাৰ লক্ষ্য হিচাপে চিনাক্ত কৰিছিল সৌন্দৰ্যক নহয়, সাধুতাকহে। এই প্ৰসংগত ছুলজাৰ
(১৭২০-১৭৭৭)-এ কৈছে যে কেৱল সেইবোৰকহে সুন্দৰ বুলি ক'ব পাৰি যিবোৰত সাধুতা আছে।
তেওঁৰ তত্ব অনুসৰি সমস্ত মানৱ জীৱনৰ লক্ষ্য হৈছে সামাজিক জীৱনৰ কল্যাণ। ইয়াত উপনীত
হ'ব পাৰি নৈতিক অনুভূতিৰ শিক্ষাৰ জৰিয়তে, আৰু কলাই এইটো লক্ষ্যৰ আজ্ঞানুবৰ্তী হৈ
থকা উচিত। সৌন্দৰ্য সেয়াই যিয়ে এই অনুভূতিক জন্ম দিয়ে আৰু শিক্ষিত কৰে।
মেণ্ডেলচ্ছন (১৭২৯-১৭৮৬)-এও সৌন্দৰ্যক প্ৰায় একে ধৰণেৰেই বুজিছিল। তেওঁৰ
মতে কলা হৈছে অনুভূতিৰ দ্বাৰা দুৰ্বোধ্যভাবে স্বীকৃত সুন্দৰক আগুৱাই লৈ যোৱা, ই
সত্য আৰু সাধু হৈ পৰালৈকে। কলাৰ লক্ষ্য হৈছে নৈতিক পৰিপূৰ্ণতা।
এই গোষ্ঠীৰ নন্দনতাত্ত্বিকসকলৰ বাবে সৌন্দৰ্যৰ আদৰ্শ হৈছে এটা সুন্দৰ
শৰীৰত এটা সুন্দৰ আত্মা। গতিকে ব’মগাৰ্টেনে পৰিপূৰ্ণ (পৰম)-অক সত্য, সাধুতা, আৰু
সৌন্দৰ্য এই তিনিটা ৰূপলৈ বিভাজিত কৰি দাঙি ধৰা ধাৰণাটোক এই
নন্দনতাত্ত্বিকসকলে সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে, আৰু সৌন্দৰ্যক পুনৰ সাধুতা আৰু
সত্যৰ সৈতে একাত্ম কৰা হ'ল।
কিন্তু এই ধাৰণাটো পাছৰ নন্দনতাত্ত্বিকসকলে যে মানি লোৱা
নাছিল, কথাটো কেৱল সেয়াই নহয়, বৰং উইংকেলমেনৰ নন্দনতত্ত্ব সম্পৰ্কীয়
মতবাদে পুনৰ ইয়াৰ সম্পূৰ্ণ বিপৰীতে থিয় হৈছিল। ই কলাৰ উদ্দেশ্যক তীক্ষ্ণতম আৰু
আটাইতকৈ ধনাত্মক ধৰণেৰে সাধুতাৰ পৰা পৃথক কৰি কলাৰ লক্ষ্য হিচাপে থিৰ কৰিছিল
বাহ্যিক সৌন্দৰ্যক, আৰু আনকি ইয়াকো দৰ্শনীয় সৌন্দৰ্যৰ মাজতে সীমিত কৰিছিল।
উইংকেলমেন (১৭১৭-১৭৬৭)-অৰ সুপ্ৰসিদ্ধ ৰচনা অনুসৰি সকলো কলাৰ বিধি আৰু
লক্ষ্য হৈছে কেৱল সৌন্দৰ্য, যি সাধুতাৰপৰা সম্পূৰ্ণৰূপে পৃথক আৰু মুক্ত।
সৌন্দৰ্য তিনি ধৰণৰ – (১) আকাৰৰ সৌন্দৰ্য, (২) ধাৰণাৰ সৌন্দৰ্য, যিয়ে প্ৰতিমাৰ
অৱস্থানৰ মাজেৰে নিজকে প্ৰকাশিত কৰে (প্লাষ্টিক কলাত), (৩) প্ৰকাশভংগীৰ সৌন্দৰ্য,
যাক আহৰণ কৰা যায় কেৱল যেতিয়া প্ৰথম চৰ্ত দুটা উপস্থিত থাকে। এই প্ৰকাশভংগীৰ
সৌন্দৰ্য হৈছে কলাৰ উচ্চতম লক্ষ্য, আৰু ইয়াক পোৱা যায় প্ৰাচীন কলাত; আধুনিক কলাই
সেয়ে প্ৰাচীন কলাক অনুসৰণ কৰিব লাগে।
কলাক একে ধৰণেৰেই বুজিছিল লেছিং, হাৰ্ডাৰ, আৰু পৰৱৰ্তী সময়ৰ গ্যেটেই,
আৰু কাণ্টৰ আগৰ জাৰ্মানীৰ আটাইবোৰ বিশিষ্ট নন্দনতাত্ত্বিকে, আৰু কাণ্টৰপৰাই পুনৰ
কলা সম্পৰ্কত এটা পৃথক ধাৰণা আহি পৰিছিল ।
এই সময়ছোৱাতে ইংলেণ্ড, ফ্ৰাঞ্চ, ইটালী আৰু
হলেণ্ডত স্থানীয় নন্দনতত্ত্ব (ৰ ধাৰণা) কেতবোৰে গঢ় লৈছিল,
আৰু জাৰ্মানসকলৰপৰা লোৱা হোৱা নাছিল যদিও সেইবোৰ একে ধৰণৰেই অস্পষ্ট আৰু
স্ববিৰোধী আছিল। আৰু জাৰ্মান নন্দনতাত্ত্বিকসকলৰ দৰেই এই আটাইবোৰ লেখকে নিজৰ
তত্ত্বসমূহ প্ৰতিষ্ঠা কৰিছিল সুন্দৰৰ এটা ধাৰণাৰ ওপৰত ভিত্তি কৰি, সৌন্দৰ্য
বস্তুটোক এটা পৰমভাৱে বিদ্যমান, আৰু কম বেছি পৰিমাণে সাধুতাৰ সৈতে মিশ্ৰিত, আৰু
একেটা শিপাৰপৰা উদ্ভূত কিবা এটা হিচাপে ধৰি লৈ। ইংলেণ্ডত ব'মগাৰ্টেনৰ
সমসাময়িকভাৱে, বৰং অলপ আগতেহে, শ্বেফটছবাৰী, হাটচ্চেন, হোম, বাৰ্ক, হোগাৰ্থ, আৰু
অন্যসকলে কলাৰ বিষয়ে লিখিছিল।
শ্বেফটছবাৰী (১৬৭০-১৭১৩)-ৰ মতে, "যিটো সুন্দৰ সেয়া সমন্বয়পূৰ্ণ
আৰু সমানুপাতিক, যিটো সমন্বয়পূৰ্ণ আৰু সমানুপাতিক, সেয়া সত্য, আৰু যিটো একে সময়তে
সুন্দৰ আৰু সত্যও, সেয়া ফলস্বৰূপে গ্ৰহণযোগ্য আৰু ভাল।" তেওঁ শিকাইছিল যে
সৌন্দৰ্যক কেৱল মনেহে চিনি পায়। ঈশ্বৰ হৈছে মূলগত সৌন্দৰ্য; সৌন্দৰ্য আৰু সাধুতা
একেই ঝৰ্ণাৰপৰা নিৰ্গত।
গতিকে, যদিও শ্বেফটছবাৰীয়ে সৌন্দৰ্যক সাধুতাৰপৰা পৃথক
হিচাপেহে গণ্য কৰিছিল, সেইবোৰে পুনৰ অচ্ছেদ্য কিবা এটা হিচাপে একত্ৰিত হৈছিল।
হাটচ্ছেন (১৬৯৪-১৭৪৭- "Inquiry into the Original of our Ideas of
Beauty and Virtue”)-অৰ মতে, কলাৰ
লক্ষ্য হৈছে সৌন্দৰ্য, যাৰ সাৰকথা গঢ় লৈ উঠিছে আমাৰ মনত অভিন্নতা আৰু
বৈচিত্ৰ্যৰ উপলদ্ধিৰ সৃষ্টিৰ জৰিয়তে । কলা কি বুজি পাবলৈ আমি পৰিচালিত
হওঁ "এক আভ্যন্তৰীণ বোধ"ৰ দ্বাৰা। এই আভ্যন্তৰীণ বোধটো নৈতিক বোধৰ
বিপৰীতো হ'ব পাৰে। গতিকে, হাটচ্ছেনৰ মতে সৌন্দৰ্য সদায় সাধুতাৰ সৈতে যুক্ত হৈ
নাথাকে, বৰং ইয়াৰ পৰা পৃথক হৈহে থাকে, আৰু কেতিয়াবা ইয়াৰ বিপৰীতে যায়।
লৰ্ড কেমছ হোম (১৬৯৬-১৭৮২)-অৰ মত হৈছে, যি আনন্দময় সেয়াই সৌন্দৰ্য।
সেয়ে সৌন্দৰ্যৰ সংজ্ঞা নিহিত থাকে কেৱল ৰুচিত। প্ৰকৃত ৰুচিৰ মাপকাঠি হৈছে এই
কথাটো যে ঐশ্বৰ্য, পূৰ্ণতা, শক্তি, আৰু বিভিন্ন প্ৰভাৱৰ সৰ্বোচ্চখিনি সংকীৰ্ণতম
সীমাৰ ভিতৰত ধৰি ৰখা উচিত। এয়াই এটা নিখুঁত কলাত্মক কৰ্মৰ আদৰ্শ।
বাৰ্ক (১৭২৯-১৭৯৭ —“Philosophical Inquiry into the Origin of our Ideas of the
Sublime and Beautiful”) -
অৰ মতে “মহীয়ান আৰু সুন্দৰৰ, যি হ’ল কলাৰ লক্ষ্য, মূল নিহিত আছে নিজৰ আৰু
সমাজৰ সুৰক্ষাৰ কথাৰে প্ৰৰোচিত হোৱাৰ মাজত । উৎসত পৰীক্ষা কৰিলে দেখা
যায় যে এই বোধসমূহ ব্যক্তিৰ মাজেৰে জাতিৰ প্ৰতিপালনৰ উপায়। প্ৰথমটো (নিজৰ
সুৰক্ষা) আহৰণ কৰা যায় পুষ্টি, প্ৰতিৰক্ষা আৰু যুদ্ধৰ জৰিয়তে; দ্বিতীয়টো (সমাজ),
আদান-প্ৰদান আৰু বিস্তাৰৰ জৰিয়তে। সেয়ে স্ব-প্ৰতিৰক্ষা, ইয়াৰ লগত
বান্ধ খাই থকা যুদ্ধ হৈছে মহীয়ানৰ উৎস; সামাজিকতা, আৰু ইয়াৰ লগত বান্ধ খাই থকা
যৌন-প্ৰবৃত্তি হৈছে সৌন্দৰ্যৰ উৎস।”
এনেকুৱাই আছিল অষ্টদশ শতিকাত কলা আৰু সৌন্দৰ্য সম্পৰ্কীয় মূল ইংৰাজী
সংজ্ঞাসমূহ।
সেই সময়ছোৱাত ফ্ৰাঞ্চত কলা সম্পৰ্কীয় লেখকসকল আছিল পেহা অ’ন্দাই
(Pe’re Andre’) আৰু বাট্যু, যাৰ পদানুসৰণ কৰিছিল ডিডাৰো, ডি’এলেমবাৰ্ট, আৰু কিছু
পৰিমাণে ভল্টেয়াৰে।
পেহা অ’ন্দাইৰ মতে, (“Essai sur le Beau”, ১৭৪১) সৌন্দৰ্য তিনি ধৰণৰ আছে - দৈৱিক
সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্য আৰু কৃত্ৰিম সৌন্দৰ্য।
বাট্যু (১৭১৩-১৭৮০)-ৰ মতে প্ৰমোদক লক্ষ্য হিচাপে
লৈ কলা গঠিত হয় প্ৰকৃতিৰ সৌন্দৰ্যৰ অনুকৰণেৰে। ডিডাৰোৰ কলাৰ সংজ্ঞাও এনে ধৰণৰেই।
ইংৰাজ লেখকসকলৰ দৰেই ফৰাচী লেখকসকলেও ভাবে যে
কোনটো বস্তু সুন্দৰ সেয়া নিৰ্ধাৰণ কৰে ৰুচিবোধে। আৰু ৰুচিবোধৰ
সূত্ৰবোৰ স্পষ্টভাৱে দাঙি ধৰাই হোৱাতো নায়েই, এইবোৰ নিৰ্দিষ্ট কৰিব
নোৱাৰি বুলিও মানি অহা হৈছে । ডি’এলেমবাৰ্ট আৰু ভল্টেয়াৰেও একে মতেই প্ৰকাশ কৰিছিল
।
সেই কালৰ ইটালিয়ান নন্দনতাত্ত্বিক পাগানোৰ মতে
প্ৰকৃতিত বিক্ষিপ্ত ৰূপত থকা সৌন্দৰ্যসমূহৰ একত্ৰিকৰণেই কলাক গঢ়ি তোলে। এই সৌন্দৰ্যসমূহক উপলব্ধি কৰাৰ সামৰ্থ্যই হৈছে ৰুচিবোধ,
এইবোৰক পূৰ্ণ একক ৰূপলৈ অনাৰ সামৰ্থ্যই হৈছে কলাত্মক প্ৰতিভা। সৌন্দৰ্য মিলি থাকে
সাধুতাৰ সৈতে, আৰু সেয়ে সৌন্দৰ্য হৈছে সাধুতাৰ দৃশ্যমান ৰূপ, আৰু সাধুতা হৈছে
আভ্যন্তৰীণ সৌন্দৰ্য।
অন্য ইটালিয়ান, যেনে মুৰাট’ৰি (১৬৭২-১৭৫০)- “Riflessioni sopra il
buon gusto intorno le science e le arti,”— আৰু বিশেষকৈ স্পালেটি -
“Saggio sopra la bellezza” (১৭৬৫)-ৰ অভিমত অনুসৰি কলা হৈছে আত্মম্ভৰি সংবেদনাৰ
সমান, যি প্ৰতিষ্ঠিত হৈছে (বাৰ্কে কোৱাৰ দৰে) স্ব-সুৰক্ষা আৰু সমাজৰ আকাংক্ষাৰ
ওপৰত।
ডাচ্চ লেখকসকলৰ ভিতৰত উল্লেখনীয় হৈছে হেমষ্টেৰুইছ (১৭২০-১৭৯০), যিয়ে
জাৰ্মান নন্দনতাত্ত্বিকসকল আৰু গ্যেটেক প্ৰভাৱান্বিত কৰিছিল। তেওঁৰ মতে সৌন্দৰ্য
হৈছে যিয়ে আটাইতকৈ বেছি আনন্দ দিয়ে, আৰু আটাইতকৈ বেছি আনন্দ দিয়ে
সেইটোৱে যি আটাইতকৈ কম সময়ত আমাক আটাইতকৈ বেছি সংখ্যক ধাৰণা প্ৰদান কৰে । সুন্দৰক
উপভোগ কৰা, কাৰণ ই আটাইতকৈ কম সময়ত আটাইতকৈ বেছি পৰিমাণৰ উপলদ্ধি আনি দিয়ে- এয়াই
হৈছে মানুহে আহৰণ কৰিব পৰা উচ্চতম চিন্তা।
যোৱা শতিকাটোত জাৰ্মানীৰ বাহিৰত নন্দনতত্ত্বৰ ধাৰণাসমূহ এনেকুৱাই
আছিল। জাৰ্মানীত উইংকেলমেনৰ পাছত পুনৰ এটা সম্পূৰ্ণৰূপে নতুন নন্দনতত্ত্বই গা কৰি
উঠিছিল, আৰু সেয়া আছিল কাণ্ট (১৭২৪-১৮০৪)-ৰ তত্ত্ব, যিটোৱে আন সকলোবোৰ তত্ত্বতকৈ
অধিক পৰিমাণে স্পষ্ট কৰিছিল বাস্তৱিক দিশৰপৰা সৌন্দৰ্যৰ, আৰু ফলস্বৰূপে কলাৰ,
এই ধাৰণা মুঠতে কি ।
কাণ্টে আগ বঢ়োৱা নন্দনতাত্ত্বিক শিক্ষা এই কথাৰ ওপৰত প্ৰতিষ্ঠিত :
মানুহে তেওঁৰ বাহিৰৰ প্ৰকৃতি সম্পৰ্কে, আৰু প্ৰকৃতিৰ ভিতৰত তেওঁৰ নিজৰ
সম্পৰ্কে জ্ঞান ধাৰণ কৰে। প্ৰকৃতিত, তেওঁৰপৰা বাহিৰত, তেওঁ সত্যৰ সন্ধান
কৰে; তেওঁৰ নিজৰ মাজত তেওঁ সন্ধান কৰে সাধুতাৰ। প্ৰথমটো হৈছে বিশুদ্ধ যুক্তিৰ
কাৰ্য, আৰু পিছৰটো, ব্যৱহাৰিক যুক্তিৰ (মুক্ত-ইচ্ছা) । উপলদ্ধিৰ এই দুটা পথৰ
বাহিৰেও আছে বিচাৰৰ সামৰ্থ্য ((Urteilskraft), যিয়ে যুক্তিবিচাৰ অবিহনেই ৰায় গঢ়ি তোলে
আৰু আকাংক্ষা অবিহনেই আনন্দ উৎপন্ন কৰে (Urtheil ohne Begriff und Vergnügen ohne
Begehren). এই সামৰ্থ্যই হৈছে নন্দনতাত্ত্বিক অনুভৱৰ ভিত্তি। কাণ্টৰ মতে ইয়াৰ
ব্যক্তিনিষ্ঠ অৰ্থ অনুসৰি সৌন্দৰ্য হৈছে এনেকুৱা এটা বস্তু যিয়ে, সাধাৰণভাৱে আৰু
অপৰিহাৰ্যভাৱে, যুক্তিবিচাৰ আৰু ব্যৱহাৰিক সুবিধা অবিহনেই আনন্দ প্ৰদান কৰে।
(আগলৈ)
অনুবাদকৰ ঠিকনা :
অধ্যক্ষ, বৰপেটা ছোৱালী মহাবিদ্যালয়
ভ্ৰাম্যভাষ : + ৯১৭০০২১৪৩৩২৫