মূল : জীবনানন্দ দাশ (বাংলা)
অনুবাদ : নিৰোদ গোহাঁই
কবিতা বুলিলে যদি
কোনো এখন দেশৰ এটা বা অৰ্ধশতকৰ কাব্যক বুজায় তেনেহ’লে কবিতা সম্বন্ধে
প্ৰায় সম্পূৰ্ণ আলোচনা বেছি সহজসাধ্য হ’ব, বেছি সফলতা, প্ৰায় গাণিত্যিক শুদ্ধি আশা কৰা যাব
পাৰে৷ কিন্তু এই দুই-এটি শতিকাৰ কবিতা বাদ দিও আৰু কবিতা আছে বিভিন্ন দেশত৷ বিশেষ
সুধীজনৰ কাৰণেও এই সকলোবোৰ কবিতা পঢ়ি উঠা সম্ভৱ নহয়৷ সেই ধৰণৰ অধ্যয়নৰ প্ৰয়োজনো
নাই৷ কিন্তু নিজৰ দেশ আৰু বেলেগ বেলেগ দেশৰ কেইটামান শতিকাৰ প্ৰথম শ্ৰেণীৰ কবিতাৰ
লগত যিমান পৰিচয় থাকে সমালোচকৰ পক্ষে বেছি স্পষ্ট, আয়তগভীৰ
ধাৰণাৰ কাষ চাপি যোৱাত¸ সিমানেই সুসাধ্য হয়৷ কাব্য সম্পৰ্কীয়
কোনো ধৰাবন্ধা সংস্কাৰ লৈ দেশ আৰু কালৰ কবিতা পঢ়া উচিত নহ’ব৷
কবিতা বিপ্লৱী হয়নে নহয়, কিম্বা সমাজ অথবা ধৰ্ম আদিৰ
মুখপাত্ৰ হোৱা উচিতনে কবিতা অথবা এইবোৰ বস্তুৰ ফালে পিঠি দি অৱচেতনত অথবা নিৰ্জন
মনত সিদ্ধি লাভ কৰা উচিত - এই ধৰণৰ কোনো অনমনীয় ধাৰণা লৈ কবিতা পঢ়িবলৈ গ’লে হয়তো নানা উপকৰণ সংগ্ৰহ হ’ব কিন্তু সমালোচকৰ বোধ
জ্ঞানত পৰিণত হ’ব নোৱাৰে৷ যিকোনো সাধাৰণ বুদ্ধিমান পাঠকেই
বহু কাব্য পঢ়ি পণ্ডিত হ’ব পাৰে কিন্তু এই ধৰণৰ পাঠকতকৈ কম
কবিতা পঢ়িও কাব্যজিজ্ঞাসা সম্পৰ্কে বেছি জ্ঞানগভীৰ হ’ব
সুদক্ষ সমালোচক৷ পঢ়া
প্ৰয়োজন যিমান সম্ভৱ দেশ কালৰ
কবিতা; কিন্তু বেয়া কবিতাৰ মাজৰপৰা ভাল কবিতা নিৰ্বাচনৰ কৌশল,
বিভিন্ন কবিতাৰ বিভাজন তথা স্তৰ নিৰ্ণয় কৰাৰ সক্ষমতা সকলোৰে নাথাকে৷
এই ক্ষেত্ৰত কোনো এজনৰ শক্তি আনবোৰতকৈ বেছি থাকে, কবিতা পঢ়ি
ৰসাস্বাদনত আগবাঢ়ি থাকে, কোনটো কবিতা সাৰ্থক আৰু কি ধৰণৰ,
কোন স্থানৰ অনুভৱ কৰিব পাৰে, কবিতাটোৱে কেতিয়া
বিশেষ আলোকসত্তা লাভ কৰিলে তাক পৰৱৰ্তী সময়ত ভালদৰে বিশ্লেষণ কৰি তাৰ স্থিতি
নিৰ্ণয় কৰিব পাৰে তেওঁ৷ ভাল সমালোচকৰ মন বহু সংখ্যক ভাল কবিতা পঢ়ি কুশলী হৈ উঠাৰ
আগতেও এই ধৰণৰ কাম কৰাত কাৰ্যক্ষম হৈ থাকে৷ এয়া হৈছে সম্ভাৱনা, সিদ্ধি
নহয়; প্ৰাথমিক সম্ভাৱনাতকৈ ওপৰৰ ৷ এই উপলব্ধি লৈয়ে দেশ-কালৰ যিমান পাৰি শ্ৰেষ্ঠ কবিতামূহ
পঢ়া দৰকাৰ - ক্ৰমে বেছি বোধ লাভ কৰিবলৈ হ’লে৷
পৃথিৱীৰ
সমস্ত কবিতা পঢ়া কাৰো পক্ষে সম্ভৱ নহয়, কিন্তু নিজৰ দেশৰ সকলো কালৰ
ভাল কবিতাসমূহ পঢ়াৰ দৰকাৰ৷ আমাৰ (বাংলা) দেশত এই দিশটোক লৈ পাঠক সমালোচকৰ যথেষ্ট অসুবিধা; জীৱিত কবিসকলো টনাটনিত পৰিবলগা হয়- নিজৰ দেশৰ পূৰ্বজ গুৰুত্বপূৰ্ণ কবিসকলৰ
লেখা- গদ্যও- বজাৰত পোৱা নাযায়৷ কোনো কোনো লাইব্ৰেৰীত কিছুমান কিতাপ আছে, সকলোতো নাই, তাকো ভাল অৱস্থাত- ইংলেণ্ড বা ফ্ৰাঞ্চত
থকাৰ দৰে নাই আৰু ইয়াকে লৈ আন্দোলন বা আফচোচ কৰাৰো অৱকাশ নাই৷ কোনো কোনো মনীষী,
অধ্যাপক বা কবিতাৰ সুহৃদ অনুৰাগীৰ ঘৰত এইবোৰ কিতাপ আছে ? থাকিব পাৰে, কিন্তু কবি আৰু আলোচকসকলে ব্যৱহাৰ কৰিব
পৰাকৈ সুকলমে পোৱা নাযায় এই গ্ৰন্থ; কোনোবাদিনা পাবগৈনে
সেয়াও কোৱা কঠিন৷ আমাৰ দেশৰ প্ৰকাশকসকলৰ আটায়ে দৰিদ্ৰ নহয়, বহুতৰে
অৱস্থা ভাল, মৃত কবিসকল ডাঙৰ কবি হ’ব
পাৰে, হ’লেও বজাৰ দৰ নাই, প্ৰকাশকসকলে কি কৰিব? দাতব্য ব্যৱসায়? আধুনিক কবিতাৰ পাঠকো কম, সেই যুগৰ কবিতা যে কোনোবা
লাইব্ৰেৰীতে ৰৈ আছে এই সেয়াই যথেষ্ট৷ ইয়াতকৈ চেতনাৰ অধিক সাৰ্থকতাৰ স্থিতি পাবলৈ হ’লে বহু বছৰৰ স্বাধীনতা, মৰ্যাদা আৰু জাতিটোৰ এটা
শক্তিশালী ঐতিহ্যৰ দৰকাৰ, সেই সচেতনতাৰ আঁত ধৰি ফ্ৰাঞ্চ বা
ইংলেণ্ড অথবা ৰাছিয়াৰ পাঠকৰ সাহিত্যসুগমতাৰ তুলনাত নিজৰ অৱস্থা বিৱেচনা কৰাৰ সুযোগ
হয়তো পোৱা যাব, সেই সুযোগ এতিয়া নাই৷
কিন্তু তথাপি যেনেকৈ
হওক আলাওল (ছৈযদ আলাওল, ১৬০৭-১৬৮০, মধ্যযুগৰ এজন
প্ৰসিদ্ধ বাঙালী কবি। - সম্পাদক)-ৰপৰা আজি পৰ্যন্ত বংগদেশৰ কবিতা প্ৰথমেই পঢ়ি
লোৱা উচিত৷ এই দেশৰ সমালোচকৰ মনত সংস্কৃত কবিতাৰ কিবা পৰিপ্ৰেক্ষিত যদি আছে সেয়া
স্পষ্ট কৰা প্ৰয়োজন, যদি নাই আয়ত্ত কৰা দৰকাৰ; ইংৰাজী আৰু ফৰাচী কবিতা সম্পৰ্কে অনুভৱৰ মোটামুটি স্বচ্ছতা থাকিলে
সমালোচকৰ ভেঁটি সুৰক্ষিত হ’ব আৰু তাৰ পাছত ঢাপে ঢাপে সিদ্ধি
লাভ কৰিব পাৰে বুলি আশা কৰিব পাৰি৷ ইয়াৰ পাছতো সকলো ডাঙৰ সমালোচক নহয়, দুই এজনহে হয়গৈ৷
কিন্তু সমালোচনাৰ ক্ষেত্ৰখনত পঢ়া-শুনা নকৰাকৈ অশিক্ষিত পটুত্বও ঠিক বস্তু নহয়৷
জ্ঞানৰে প্ৰয়োজন বেছি, তাৰ বাবে অধ্যয়নৰ দৰকাৰ৷ সমালোচকে
অধ্যয়নৰপৰা কি আয়ত্ত কৰিব- প্ৰজ্ঞা নে পাণ্ডিত্য? প্ৰথমটিতে
ভৰসা কৰিবলগা হয়, অধ্যয়ন আৰু পাণ্ডিত্য লৈ কবিতাৰ সমালোচনা
বহুদূৰলৈ যাব নোৱাৰে৷ আমাৰ দেশৰ অনেক সমালোচক আৰু কবিয়ে ফৰাচী নাজানে, নাজানিলেও প্ৰামাণিক ইংৰাজী অনুবাদৰপৰাও লাভান্বিত হ’ব পাৰে৷ ইংৰাজী কাব্য আৰু প্ৰাধান্য সহকাৰে পঢ়া উচিত, ইংৰাজী কাব্য ফৰাচীতকৈ সদায় উচ্চ বা মহৎ বুলি নহয় (সেয়া নহয় বহু সময়ত
ফৰাচী কাব্যই ইংলণ্ডৰ কাব্যক বাট দেখুৱাইছে, ঢল নমাইছে৷)
বিনা অনুবাদে কবিসকলৰ নিজৰ মাতৃভাষাত আৰু ৰীতিত সেইবোৰ কাব্য পঢ়া সম্ভৱ বুলিহে৷ গ্ৰীক আৰু
প্ৰায় সমস্ত প্ৰধান ইউৰোপীয় কাব্যই ইংৰাজী অনুবাদৰ যোগেদি সুপৰিসৰত বিম্বিত হৈছে৷
আমাৰ দেশৰ গুজৰাটী, মাৰাঠী, তামিল
ভাষাও আমি নজনা ভাষা, হিন্দী অৱশ্যে জানে বহুজনে- কোনোজনে
উৰ্দু; এই ভাষাবোৰত যিবোৰ কবিতা লিখা হ’ল সেইসমূহৰ উল্লেখ নকৰাকৈ মই ইংৰাজী, ফৰাচী কবিতাৰ
কথা মুদ্ৰাদোষত কোৱা নাই, তাৰ কাৰণ আছে৷ যি সময় আৰু
সংস্কৃতিয়ে আমাক জন্ম দিছে তাত ইউৰোপীয় সাহিত্যৰপৰা বেছি, বিশেষ
পোহৰ লোৱাৰ বাহিৰে উপায় নাই- আন কোনো- আৰু গুজৰাটী-হিন্দী-তামিল কবিতাতো সেই পোহৰ
আছে যদিও আমি নাজানো৷ এই সম্পৰ্কে বিশেষ কৌতূহল বোধ নকৰাৰ কাৰণে আমাৰ
শিক্ষাব্যৱস্থাই কিছু পৰিমাণে দায়ী, কিন্তু বাংলাৰ লগে লগে
একমাত্ৰ ইংৰাজী শিকাৰ কথাটোও সাহিত্যৰ দিশৰপৰা সেয়া অপশিক্ষা হৈছে বুলি ধৰিব
নোৱাৰি; ইংৰাজী কম শিকি তামিল-তেলেগু -গুজৰাটী বেছি শিকিলে
সাহিত্যৰ ক্ষেত্ৰত লাভ আমাৰ বোধেৰে কম হ’ব৷ আমাৰ
সাহিত্যসৃষ্টি বেছি দেশজ(ভাৰতীয়) হ’ব ঠিকেই, কিন্তু পৰিসৰ তাৰ কমি যাব বেছিকৈ; সংস্কৃত সাহিত্যত
বহু ঠাই উচ্ছিষ্ট হৈ ৰৈছে, মধ্যযুগৰ সাহিত্যও, উচ্ছিষ্ট কৰাৰ দৰে বিশেষ একো অৱশেষ নাথাকে আৰু আধুনিকসকলৰ কাৰণে; পৰিসৰভূমি নাবাঢ়ি এইদৰে নিঃশেষিত হৈ থাকিলে সাহিত্যৰ গভীৰস্পৰ্শিতা নষ্ট
হৈ থাকে, তামিল-গুজৰাটী আদি সাহিত্যত কি আছে কি নাই এই সম্বন্ধে কৌতূহলহীনতাৰ আন
এটা কাৰণ এয়ে যে এইবোৰ সাহিত্যৰ ভাল, নিৰ্ভৰযোগ্য অনুবাদো
একোৱে পোৱা নাযায়৷ তেনে ধৰণৰ অনুবাদ আছে? হয়তো দুই-এটা আছে,
বহুল প্ৰচাৰিত নহয়, খুব সম্ভৱ ইংৰাজীত৷ এইবোৰ
কাৰণতে গুজৰাটী, তামিল আনকি হিন্দী সাহিত্যকো আমি ক্ষীণ
দুৰ্বল কৃশ হয়তো তপঃকৃশ- ইংৰাজী সাহিত্যৰ বিশাল আকাশৰ ওচৰে পাজৰে হিন্দী -বাংলা-
গুজৰাটীতকৈ বেছি বস্তু আছে, দেশীয় বস্তুও; সংস্কৃতত ইবিলাকতকৈ বেছি ভাৰতীয় আৰু সৰ্বভূমিৰ বস্তু আছে৷ বাংলা সাহিত্যত
যি নাই অথবা অলপ-অচৰপ আছে, সেইবোৰ প্ৰাণ আৰু পৰিসৰৰপৰা ৰশ্মি
পাবলৈ হলে ইউৰোপীয় সাহিত্যৰ বাহিৰে আমাৰ তেনে কোনো আলোকভূমি নাই৷
সমালোচক আৰু
কবিসকলক সাহিত্য পঢ়াৰ কথা ভালেখিনি শুনোৱা হ’ল৷ ইয়াতকৈ বেছি পঢ়া অসম্ভৱ;
আমাৰ দেশত অধ্যয়নৰ বিস্তাৰ কম যেনেই লাগে, বহু
ক্ষেত্ৰতেই কম৷ কিন্তু এই যুগ বা সেই যুগৰ প্ৰসাদৰ সনিৰ্বন্ধতাৰপৰা যিমানদূৰ সম্ভৱ
উদ্ধাৰ কৰি কবিতাক আৰু স্পষ্ট ৰূপত চাবলৈ হ’লে এখন-দুখন দেশৰ
অলপ-অচৰপ কবিতা পঢ়ি সাজু হোৱাত ব্যৰ্থ হোৱাৰে সম্ভাৱনা৷ বহুত কবিতা পঢ়াতো বিচৰা
হয়৷ বাচি বাচি এইজন কবি বা সেইজন কবিৰ কবিতা নপঢ়ি, পাৰিলে
বিভিন্ন প্ৰামাণিক সংকলনৰ ভিতৰলৈ গৈ দুই-চাৰিখন দেশৰ বিশেষ উত্তীৰ্ণ কবিৰ কাব্যৰ
ভিতৰত স্বাভাৱিকভাৱে প্ৰৱেশ কৰি তাৰ ভিতৰত বাস কৰাৰ ক্ষমতা লাভ কৰিলে ভাল হয়৷
কবিতাৰ সৎ পাঠক আৰু ডাঙৰ সমালোচক তৈয়াৰ হ’ব পাৰে, কিন্তু কিছুমান স্বাভাৱিক গুণৰ ভিত্তি নাথাকিলে সেয়া গঢ়ি তোলা কঠিন৷
যিকোনো সাধাৰণ বুদ্ধিমান পাঠক বুদ্ধি লৈয়ে জন্ম হয় অৱশ্যে, কিন্তু
তেওঁলোকৰ বহুতেই যথেষ্ট কবিতা পঢ়াৰ পাছতো কাব্যৰ আচল ৰসাস্বাদনত ব্যৰ্থ হয়,
আলোচনাৰ মৰ্মকথালৈ যাব নোৱাৰে৷ কোনো কোনোজনে পাৰে৷ তেওঁলোকৰ মনৰ
বিশেষত্ব আছে স্বীকাৰ কৰিব লাগিব; বহু কবিতা পঢ়াৰ আগতে
তেওঁলোকে বুজিব পাৰিছে পৃথিৱীৰ সমগ্ৰ কবিতাৰ অক্ষৰ স্বাদ বাদ দিও প্ৰতিটো কবিতাৰ
নিজস্ব পৃথক স্বাদ কি; ক্ৰমে কবিতা পঢ়ি গৈ থাকোঁতে গম পায়
পৃথিৱীৰ সমস্ত কবিতাৰ স্বাদ আৰু ধাৰণা বিশেষ মন্ত্ৰৰ দৰে এটি মাত্ৰ নিৰ্দিষ্ট ফল
দি শেষ নহয়; বহু বেছি দিয়ে; অধিক
গভীৰতাৰ স্তৰ স্পৰ্শ কৰে৷ একেই কাম কৰে কোনো শতক বা দশকৰ কবিতাই স্বাভাৱিকভাৱে কম
স্থিতিৰ ভিতৰত৷ এইদৰে কবিতা সম্বন্ধে চলাচল আচ্ছন্নতা ভেদ কৰি স্থিৰতৰ হৈ থাকিলে
কাব্যৰ ৰসাস্বাদেও ক্ৰমে স্পষ্টতা লাভ কৰে; কবিতাৰ দেশ,
সময় মানে (কেৱল শব্দৰ বা বাক্যৰ অৰ্থ নহয়) বুজিব পৰা যায় ক্ৰমেই
প্ৰকাশিত হৈ আহে এইসকল পাঠক আৰু আলোচকৰ মনত৷ ভাল কবিতা এওঁলোকে চিনি পাব পাৰে,
কিন্তু সৎ কবিতাত কি কি দোষ আছে তাক সহজে চিনাক্ত কৰিব নোৱাৰে৷ এই
যুগত এই ধৰণৰ কবিতা কিয় লিখা হ’ল, অথবা
আন এক দেশত আন এটা সময়ত আন ধৰণে কিয় লিখা হ’ল, কোনো এটা দশকৰ কবিতাৰ পাঠকে কিয় কবিতা এইদৰে পঢ়িছে, সলনি কৰিছে মনোভাৱ- সমালোচকৰ কাব্যমীমাংসা পৰ্যন্ত এটা শতিকাৰপৰা আন এক
শতিকা, তাতকৈ কম সময়ৰ মাজত, খুব
দ্ৰুতভাৱে যেতিয়া সলনি হয় এটা দুটা দশকৰ ভিতৰতে; সাময়িক
সমাজৰ ভাব আৰু বিচাৰ-ৰশ্মিৰে প্ৰতিফলিত পদাৰ্থই কি কবিতা অথবা পাঠক-সমালোচকৰ
কাব্যজিজ্ঞাসা- কবিতাৰ কি ইয়াতকৈ স্থায়ী একো নাই; কোনো
প্ৰতিভাৰ হাততো সেই ধৰণৰ সনাতন ৰচনা হয়তো সম্ভৱ নহয়- এইবোৰ প্ৰশ্নৰ কিছু স্পষ্ট
আৰু সমালোচকৰ নিজৰ সময় অতিক্ৰমি কিছু সংখ্যক দীৰ্ঘকালৰ তৃপ্তি আৰু পৰিসৰসাপেক্ষ
উত্তৰ পাবলৈ হ’লে সমালোচকৰ মনৰ প্ৰাথমিক স্বভাৱৰপৰা ক্ৰমে
ক্ৰমে ওপৰৰ সকলো স্তৰভূমিলৈ উঠি যাব লাগিব৷ ইয়াৰ কাৰণে নিজৰ ভাষাৰ লগতে আৰু এটি
ভাষা- ধৰা হওক ফৰাচী- অথবা এই দেশীয়সকলৰ বাবে বেছি ভাল হ’ব
ইংৰাজী- ইংৰাজী কাব্যৰ প্ৰতিটো শতকৰ কিছু সংখ্যক, খাঁটি
কবিতাৰ সংগ্ৰহ পঢ়িলে সমালোচকৰ সুবিধা হ’ব৷
বিস্তৰ কবিতা
পঢ়ি নিজকে এখন বিস্তৃত তালিকাৰ ধাৰক সজোৱা হয় কেৱল৷ কিন্তু নিজৰ যুগত বাস কৰিও
অন্য যুগতো কিছুসময় বাস কৰাৰ স্বভাৱক্ষমতা, নিজৰ সমাজৰ মানুহ হৈও আৰু
বেলেগ সমাজতো নিজকে স্বচ্ছন্দে স্থিত আৰু মিলিজুলি থকাৰ দৰে অনুভূতি আৰু বিচাৰৰ
স্পষ্টতা নাথাকিলে বেলেগ বেলেগ দেশ আৰু সময়ৰ কবিতাৰ পঠনে বিশেষ ফল নিদিয়ে; বহু কিতাপ পঢ়িও একো লাভ নহয় এই ধৰণৰ কাব্য আলোচকৰ৷ কিন্তু যিসকল আলোচকৰ
অনুভূতি আৰু জ্ঞান আছে তেওঁ যদি কেৱল নিজৰ দেশৰ এছোৱা সময়ৰ, ধৰা
যাওক দুই-তিনি শতিকাৰ, বৈষ্ণৱ যুগৰ অথবা ওঠৰ-ঊনৈছ শতিকাৰ
কবিতা পঢ়ি কৌতূহল শেষ হৈছে বুলি ভাবি আলোচনা আৰম্ভ কৰি দিয়ে তেনেহ’লে আমাৰ দেশৰ আধুনিক কবিতা সম্পৰ্কে তেওঁ সত্য কথা শুদ্ধভাৱে কব পাৰিব
বুলি মনে নধৰে; এই কবিতাবোৰৰ পাঠ লৈ যি কথা ক’ব সেয়া বহুতৰ চকুত সত্য যেন লাগিব পাৰে, তেনে আশংকাই
আমাৰ হয়৷ সেই ধৰণৰ আনুমানিক সত্য বেছিকৈ নিৰ্ভৰ কৰে আধুনিক (আধুনিক কবিতাৰ কথা
এইবাবে কোৱা হৈছে নতুন কবিতাৰ যথাসম্ভৱ নিৰ্ভুল নিৰ্বাচন সমালোচকৰ শুদ্ধিৰ আৰু
শক্তিৰ পৰীক্ষা হয়) ইংৰাজী ফৰাচী বা বাংলা কবিতা সম্বন্ধে তেওঁলোক প্ৰায়ে যে মতামত
গঠন কৰে- কাব্যপাঠৰ পৰিধি বহু বঢ়াই দিলে সেই ধৰণৰ অস্বচ্ছ আলোচনা তেওঁলোকৰ হাতত
সম্ভৱ হবনে?
তেনেহ’লে
প্ৰথমে কবিতাকে পঢ়িব লাগিব সমালোচকজনে, পৃথিৱীৰ বিখ্যাত
সকলো সময়ৰ কবিতা বুজি-গুণি সমালোচকৰ সৰস আৰু যুক্তিস্বচ্ছ মনক আৰু বহল আৰু স্পষ্ট
কৰি ৰাখিবৰ কাৰণে৷ আজিকালি কেইটামান শ্ৰেষ্ঠ কবিতা পঢ়ি সাধাৰণ পাঠকে ভাবিব পাৰে
যে কবিতাৰ সাৰাৎসাৰ ইবোৰৰ মাজতে আছে৷ কিন্তু অব্যৱহিত আগৰ যুগৰ প্ৰধান কবিতাসমূহৰ
সৈতে এই কাব্যৰ সম্পূৰ্ণ মিল নাই৷ সেই কবিতা বা কাব্য সম্বন্ধে তেতিয়াৰ ডাঙৰ
সমালোচকসকলৰ মীমাংসাও আজিকালিৰ কবিতা আৰু সমালোচকৰ সিদ্ধান্ততকৈ কোনো ক্ষেত্ৰত
পৃথক৷ কাব্যপ্ৰকাশৰ ধাৰণাৰ পৰিৱৰ্তন ঘটিছে, কাব্য সম্বন্ধে
সময়ে সময়ে সমাজ আৰু সমালোচকে মতামত সলনি কৰিছে৷ এই দেশত সেই দেশৰ কবিতা পঢ়ি
প্ৰথমটো, দ্বিতীয়টোৰ কিছুমান দিশ দেখা পাব সমালোচকে৷ দ্বিতীয়
বস্তুটো ভালদৰে বুজিবলৈ হলে সেই সেই যুগৰ সমাজ আৰু কাব্য সম্বন্ধে নিৰ্মল, সমীচীন লেখা পঢ়ি ল’ব পাৰে৷ ‘ৰামতনু
লাহিড়ী আৰু তৎকালীন বংগসমাজ’ কিতাপখন পঢ়ি চালে সেই যুগৰ
উপলব্ধিৰ অভাৱ, সাধনা-সংকল্পৰ চেহেৰা চিনিব পৰা যায় অলপ অলপ,
ফলত সেই সময়ৰ কাব্যৰ কিছু অংশ (সকলো নিশ্চয় নহয়) কৌণিকতাৰ পোহৰত
প্ৰতিফলিত হৈ উঠিব সমালোচকৰ চকুত, ক্ৰমে আৰু আশা কৰিব পাৰি
সমালোচকে সেই সময়ৰ কাব্য সম্বন্ধে আৰু অলপ স্পষ্টতা পাব পাৰে৷
কবিতাত চিৰপদাৰ্থ
আছে, সমালোচনাতো৷ কিন্তু একোটি যুগত সেই পদাৰ্থৰ বিশেষ কিছুমান স্পষ্টতাৰ ফালে-
লোকসেৱা, সমাজধ্যান অথবা ৰসসৰ্বস্বতাৰ দিশত জোৰ পৰে বেছি৷
কাজেই কোনো কোনো যুগত ৰসাত্মক বাক্যকে কবিতা বুলি সিদ্ধান্ত কৰা হয, কোনো সময়ত সমাজোৎসাৰিত বা ইতিহাসকেন্দ্ৰিক অনুভূতিৰ ভাষাক; এই অনুভূতিৰ বেলেগ বেলেগ ধৰণৰ ভাল, মধ্যমীয়া অথবা
বেয়া স্তৰকো কবিতা হিচাপে গ্ৰহণ কৰা হয়৷ ডাঙৰ সমালোচকে এই সকলো বুজি কবিতা
সম্বন্ধে বেছি আত্মতুষ্টিৰ বিপদ ক’ত তাক দেখুৱাই দিব লাগে-
বাৰম্বাৰ মনত পেলাই দিব লাগে নিজৰ যুগক৷ আক্ষৰিক কবিতা আছে, সেয়া
কিন্তু ব্ৰহ্মৰ দৰে অব্যয় নহয়, জানি লোৱা উচিত৷ কোন যুগৰ
কাব্যই কি বস্তুৰ ওপৰত জোৰ দিছে, কবিতাৰ কেইটামান দিশকেই
সমস্ত জ্ঞান কৰি সমসাময়িক সমাজখনত কেনে ধৰণৰ প্ৰয়োজনত কি সুবিধা আদায় কৰিছে,
কবিতাৰ নিত্য প্ৰয়োজন বা আক্ষৰিকতাৰ দিশৰপৰা কিমানখিনি নিৰৰ্থক হৈ পৰিছে,
সি নিজকে সম্পূৰ্ভাণৱে ফলপ্ৰসূ কৰাৰ শক্তি কাব্যৰ কোনো একান্ত,
আচল যুগতো নাই, কিয়নো থাকিব নোৱাৰে; কিন্তু সেই বস্তুৰ কম বা বেছি প্ৰকাশ ক্ষমতাক লৈ কাব্যৰ প্ৰতিটো
সৰু-মধ্যমীয়া- বিশাল যুগৰ নিকৃষ্টবিশেষ; ৰবীন্দ্ৰ কাব্যত এই
পদাৰ্থ কম নাছিল বা ইস্কাইলাছ, ছ’ফোক্লিজৰ
গ্ৰীক কাব্যত অথবা ডান্তেৰ মাজত; আৰু প্ৰাণ প্ৰসাৰিত হৈছিল
ছেক্সপীয়েৰ আৰু এলিজাবেথীয় কাব্যলৈ, তাৰ পাছত চাৰি শতিকাৰ
কাব্য, আধুনিক কবিতা, ব্লেকৰ দৰে কবিৰ
কবিতা, ৰসাত্মক বাক্য বা সমাজ সচেতন আৱেগ বুলিলে যাৰ কাব্যৰ
কোনো স্পষ্ট সংজ্ঞাই দিয়া নহয়, অথবা প্ৰতীকবাদৰ কিম্বা চেতনা
অনুচেতনাৰ কবিতাবোৰ; আন এটা দিশত ৰিলকেৰ কবিতা--ব্লেকৰ
কবিতাতকৈ ভিন্ন অথচ ব্লেকৰ দৰেই এটা নতুন সম্ভাৱনা- হয়তো সিদ্ধিৰ উন্মেষ ঘটে ইয়াতে,
বংগদেশত ব্লেক বা ৰিল্কেৰ দৰে কোনো কবি নাই, কিন্তু
প্ৰতীকবাদৰ ভাল কবিতা ৰৈ গৈছে আধুনিক যুগত; আগৰ যুগত কম
পৰিসৰৰ ভিতৰত আশ্চৰ্য সিদ্ধি দেখা যায় বৈষ্ণৱ কবিতাত, ইয়াৰ
স্বদেশ সকলো সময়ৰ বাবে বাংলাই এই ধৰণৰ ধৰাবন্ধা সিদ্ধান্ত (সিদ্ধান্তটি অখণ্ডনীয়
বুলি ভাব হয়) উল্লেখ নকৰাকৈও ক’ব পৰা যায় যে আন দেশত ভেঁলোক
দেখিছোঁ, ডান, মেটাফিজিকেল কবিগোষ্ঠী,
হাইনে, হেণ্ডাৰলিনক; (অৰ্থ
আৰু পদ্ধতিৰ দিশৰপৰা বৈষ্ণৱ কাব্যৰ লগত এইসকল কবি বা অন্য কবিতাৰ তুলনা সিমান
প্ৰাসংগিক নহয়-কিন্তু ভিন্নতা সত্তে ও কবিতাৰ উৎকৰ্ষৰ এটা বিশেষ স্তৰৰ কথা মনত
ৰাখি বৈষ্ণৱ পদাৱলী সম্পৰ্কে ধাৰণা আৰু স্থিৰ কৰিবলৈ গৈ এইবোৰ কবিতাৰ উল্লেখ কৰা হ’ল) কবিতাৰ এটা দীন, অনৱলীন ‘গভীৰ’-
বৈষ্ণৱ পদাৱলীৰ বাহিৰে আন ক’তো সম্ভৱ নহয়;
একেবাৰে পৃথক আন এক ৰচনা- কোনো কোনো দেশত যাক কোৱা হয় মাৰ্ক্সীয়
পদ্ধতিত নিৰ্ভুল, প্ৰামাণিক কবিতা (মই ঠিক নাজানো বস্তুটো কি,
কোনো সুস্পষ্ট উদাহৰণ দেখা নাই) আৰু নানান ধৰণৰ কবিতা- খুবেই জনাজাত
আৰু বিখ্যাত হলেও উল্লেখ কৰা নহ’ল- এই আটাইবোৰ মিলি কবিতাৰ
চিৰপদাৰ্থ এটাৰ মোটামুটি স্বৰূপ সম্বন্ধে আমাৰ জ্ঞান হয়৷ ‘ব্ৰহ্ম’ৰ দৰে অব্যয় নহয় অপৰিহাৰ্য সেই সাৰবস্তু, কিন্তু
তথাপি সেইটো কোনো যুগ, কাব্যৰ সময়ে সময়ে হোৱা আন্দোলন,
অথবা কোনো বিখ্যাত সমালোচকক - কোনো বিশেষ অব্যৰ্থ সমালোচককো
সম্পূৰ্ণ পৰিতৃপ্ত কৰি কোনো সমাজৰ হৃদয়তেই নিজৰ কাব্যব্ৰহ্মাণ্ডৰ সমস্ত স্পষ্টতা
কেতিয়াও দেখা নিদিয়ে- যিমান বেছি কবিতা পঢ়িব, বোধ কৰিব
পাৰিব আজিৰ সমালোচকে৷ সমগ্ৰ স্পষ্টতা দেখাৰ চেষ্টাও কৰিব তেওঁ, যিমান বেছি দেখিবলৈ পাব- বুজি প্ৰয়োগ কৰিব পাৰিব দেশ-কালৰ ভিন্নতা অনুসাৰে
ৰচিত কবিতাৰ দোষ-গুণ, দাবী,সাৰ্থকতাৰ
ওপৰত, তেতিয়াই যাৰ যি স্থান নিৰ্ণীত হব, পুনঃগ্ৰথিত হ’ব বহু সমালোচক, যিবোৰ
কবিতাৰ ভুল স্থান নিৰ্ণয় কৰা হৈছিল; সমালোচনা আশা কৰা যায়,
বেছি সংগত আৰু স্পষ্ট হ’ব৷
কিন্তু আজিৰ
স্থিৰ, ধাৰ্য সমালোচনাৰ সংগতি আৰু স্পষ্টতা কেৱল নতুনভাৱে অনুচিন্তিত হৈ প্ৰতিটো
নতুন যুগৰ সমালোচনাৰ যি নতুন বিশেষত্বত ৰ’বগৈ, তাত, মোৰ ধাৰণা হয় ভিতৰৰ কথা সিমান নহয়, যিমান বেছি ভাষা আৰু ৰীতিৰ পাৰ্থক্য দেখা যাব৷ ধৰা হওক ভাষা আৰু ৰীতি আধাৰ;
কিন্তু কোনো কোনো যুগত সেই আধেয়ক ইমান আক্ৰান্ত কৰিব পাৰে (যিদৰে
ঊনবিংশ শতিকা শেষ দশকত হৈছিল ইংলেণ্ডত; ইংৰাজী ‘ভি’ প্ৰভৃতি অক্ষৰৰ বিশেষ অৰ্থশক্তি আছে বুলি ভবা
হৈছিল, আনহাতে লেখা সাহিত্যতকৈ অলিখিত বগা কাগজৰ মৰ্যাদা
বেছি বুলি ধৰা হৈছিল; কিম্বা ফ্ৰাঞ্চ আৰু অন্যান্য ঠাইত
প্ৰতীকী আৰু বিভিন্ন পদ্ধতি বা বাদৰ উচ্ছৃংখলতাৰ মুহুৰ্ত: অথবা আমাৰ দেশৰ
গদ্য-কবিতাৰ দাবীত নানান ধৰণৰ অদেয় সাৰবস্তু দেখিছিল যিবোৰৰ কিছুমানত
ৰবীন্দ্ৰনাথেও সমৰ্থন দিছিল ,অথবা আজিৰ - মাৰ্ক্সীয় বিচাৰত
কবিতা শুদ্ধ হ’ল নে নাই ক’ৰবাত তাৰ
আশ্চৰ্য আতিশয্যৰ ভিতৰত) যিটো আধেয় বুলি ধাৰণা হ’ব- কবিতা
আৰু সমালোচনাৰ বিশেষ স্বৰূপেই - যেন সলনি হৈ গৈছে৷ ভৱিষ্যতৰ কোনো কোনো বিশেষ
চাঞ্চল্যৰ যুগত এই আচ্ছন্নতা আৰু বাঢ়ি যাব পাৰে, কিন্তু
মানুহৰ নিজৰ স্বৰূপ যদি তেনেকৈ পৰিবৰ্তন নহয়, কবিতা বা তাৰ
আলোচনাৰ অৰ্থ কেনেকৈ অন্য উপায়ে সলনি হ’ব৷ ৰুচি আৰু পদ্ধতিৰ
নানা ধৰণৰ অতিৰিক্ত অব্যাহতিৰ দিনে দিনে সলনি হৈছে বুলি ভাবিব পাৰি; কিন্তু অভিজ্ঞ কবি আৰু সমালোচকৰো মন খুব স্থিৰ নহয়, প্ৰায়
পাঠকৰে আগৰ কালৰ কবিতাক লৈ অৰুচি (অশ্ৰদ্ধা) আহিছে, প্ৰয়োজনীয়
স্বাভাৱিক আৰু মহৎ কবিতা ইয়াৰ পাছত লাহে লাহে জন্ম হব, কবিতাৰ
আৰু এটি যুগ নতুন যুগ স্বাভাৱিকভাৱেই আৰু সমস্ত স্পষ্টতাৰে - ক্ৰমে ক্ৰমে দেখা
দিব৷
অনুবাদকৰ ঠিকনা :
অসমীয়া বিভাগ
মৰাণ মহিলা মহাবিদ্যালয়
মৰাণহাট - ৭৮৫৬৭০, অসম।