দাদুল দেৱকৃষ্ণ বৰুৱা
(১২)
হাতীৰ মৰম আৰু নাতিৰ মৰম একেই— পাহৰিব নোৱৰা।
কিন্তু দুৰ্ভাগ্য যে ষ্টেপানে আজিলৈকে হাতীৰ মৰমো পোৱা নাই, নাতিৰ মৰমো পোৱা নাই।
অৱশ্যে তেওঁ মলেঁয়াৰ মৰম পাইছে। মলেঁয়াৰ মৰমেৰে জীপাল হৈ আছে তেওঁ। তথাপি তেওঁ
নাতিৰ মৰম পাবলৈ উদগ্ৰীৱ। এয়াই সম্ভৱতঃ তেজৰ টান! এয়া আত্মজৰ প্ৰতি প্ৰীতি!
নাতিসহ পুত্ৰৰ পৰিয়াল ঘৰলৈ আহিব বুলি খবৰ পোৱাৰ
পাছৰেপৰাই ষ্টেপান ভিতৰি ভিতৰি এক বুজাব নোৱৰা আনন্দত আছে। সিহঁত আহিলে কি কৰিব,
কি নকৰিব, কি খুৱাব, ক'ত ক'ত ফুৰাব আদি ভাবি ভাবি তেওঁ এক সুকীয়া আনন্দ কঢ়িয়াই
লৈ ফুৰিছে। ঘৰৰ চৌহদটো তেওঁ মানুহ লগাই পৰিষ্কাৰ কৰাইছে। ফু মাৰি ভাত খাব পৰা হৈ
আছে গোটেই চৌহদ। নাৰ্চাৰীৰ পৰা নতুন নতুন ফুলৰ পুলি আনি ফুলনিত লগাইছেহি। বতৰটোৰ
দৰে মনটোও ফৰকাল হৈ আছে ষ্টেপানৰ।
বহু বছৰৰ পিছত ঘৰখনত ৰং কৰাইছে ষ্টেপানে। এইবাৰ
তেওঁ নীলা ৰঙেৰে সজাইছে ঘৰখন। নীলা তেওঁৰ প্ৰিয় ৰং। তেওঁৰ পৰিবাৰেও ভাল পাইছিল
ৰংটো। সেয়ে বহু ভাবি-চিন্তি ধূসৰ হৈ অহা ঘৰখন নীলা ৰঙেৰে আকৌ জিলিকাই তুলিছে
তেওঁ। তেওঁ জনামতে ইউৰোপ আৰু উত্তৰ আমেৰিকাত নীলা ৰং বিশ্বাস, কৰ্তৃত্ব আৰু
নিৰাপত্তাৰ সৈতে জড়িত আৰু ইয়াক শান্ত ৰং বুলি গণ্য কৰা হয়। ইউক্ৰেইনত নীলা ৰংটো
সুস্বাস্থ্যৰ প্ৰতীক। হিন্দু ধৰ্মত নীলা ৰং আৰু ভগৱান কৃষ্ণৰ মাজত এক শক্তিশালী
সম্পৰ্ক আছে। কৃষ্ণক ঐশ্বৰিক আনন্দ আৰু প্ৰেমৰ মূৰ্তি বুলি কোৱা হয় আৰু সেয়ে
তেওঁক নীলা বৰণৰ ছালৰ সৈতে চিত্ৰিত কৰা হৈছে। বিশ্বাস কৰা হয় যে কৃষ্ণৰ ছালৰ ৰং
প্ৰকৃত ৰং নহয় বৰঞ্চ দেৱতাৰ আধ্যাত্মিক আৰু চিৰন্তন শৰীৰৰ পৰা নিৰ্গত নীলা আভাহে।
আফ্ৰিকাত নীলা ৰং প্ৰেম, একেলগে থকা, শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক।
চোতালৰ একোণত চকী এখনত বহি ষ্টেপানে ঘৰটো ৰং কৰাই
আছিল। ৰঙৰ কাম কৰা মিস্ত্ৰীজনক ইটো সিটো কথা কৈ আছিল তেওঁ। কাষতে ৰৈ আছিল মলেঁয়া।
তায়ো যেন ষ্টেপানৰ দৰেই ঘৰটো ৰং কৰা ভাল হৈছেনে নাই সেয়া নিৰীক্ষণ কৰিছিল!
তেনেতে গেটখন খুলি মিষ্টাৰ ইগৰ সোমাই আহিল।
: গোটেই ঘৰখন নীলাময় কৰিছা যে!— নৌবহোঁতেই মিষ্টাৰ
ইগৰে সুধিলে।
: সাগৰ নে আকাশ কোৱাঁচোন বাৰু!— হাঁহি হাঁহি
ষ্টেপানে চকী এখন আগুৱাই দি ক'লে।
: নীলা ৰঙে আচলতে মহাকাশক প্ৰতিনিধিত্ব কৰে। কিন্তু
ই সাগৰৰো ৰং, গতিকে ই মুকলি ঠাইৰ সৈতে জড়িত। তদুপৰি কল্পনা, সংবেদনশীলতা,
স্থিৰতা, আত্মবিশ্বাস আৰু বিস্তৃতিৰো প্ৰতীক।
: তেন্তে মোৰ ৰঙৰ পচন্দ সঠিক হৈছে!
: একদম সঠিক।
: মলেঁয়াৰো পচন্দ হৈছে ৰংটো!— হাঁহি হাঁহি ক'লে
ষ্টেপানে।
: তুমি কেনেকৈ জানিলা?
: তাই কেনেকৈ ৰ লাগি চাই আছে চোৱাঁচোন। পচন্দ হৈছে
বাবেহে চাইছে নিশ্চয়!— পুনৰ হাঁহিলে ষ্টেপানে।
: হ'ব পাৰে। চৰাইবোৰ উৰি ফুৰা আকাশখন যিহেতু নীলা!
মলেঁয়াই সঁচাকৈয়ে একেথৰে চাই আছে নীলা ৰঙেৰে
জিলিকি উঠা ঘৰটোলৈ। তাই বাৰু সঁচাকৈয়ে নীলা আকাশৰ স্বপ্নত বিভোৰ হৈ উঠিছে নেকি!
সুদূৰৰ সুনীল আকাশত উৰিব নোৱৰাৰ দুখটো আৰু অধিক গভীৰতাৰে অনুধাৱন কৰিছে নেকি! উৰিব
নোৱৰা পখীৰ দুখ মলেঁয়া আৰু ষ্টেপানতকৈ হয়তো কোনেও ভালদৰে নুবুজিব। ঘৰটোলৈ একেথৰে
চাই থকা মলেঁয়াৰ মূৰটোত চুমা এটা আঁকি দিলে ষ্টেপানে। তাইৰ যেন তন্দ্ৰা ভাগিল!
: তাইৰ নীলা সপোনটো কিয়নো ভাঙি দিলা বাৰু!—
মিষ্টাৰ ইগৰে ক'লে।
: সপোনত অৱশ্যে সুখ আছে।— ষ্টেপানে ক'লে।
: এই নীলা ৰংটো কিন্তু বেছ পুৰণি।
: কিমান?
: প্ৰায় ৬০০০ বছৰ আগতে এই ৰং ব্যৱহাৰ কৰাৰ কথা জনা
যায়। তেতিয়াৰ দিনত উদ্ভিদৰ পৰা এই ৰং তৈয়াৰ কৰা হৈছিল। কিছুমান ৰঞ্জক পদাৰ্থ
তেতিয়া কিছুমান খনিজ পদাৰ্থৰ পৰা তৈয়াৰ কৰা হৈছিল। আফগানিস্তানত এনে মূল্যবান
খনিজ ৩০০০ বছৰতকৈও অধিক সময় ধৰি ব্যাপকভাৱে খনন কৰা হৈছিল আৰু বিশ্বৰ বহু দেশলৈ
ৰপ্তানি কৰা হৈছিল। ইৰাণী আৰু মেছ’পটেমিয়ানসকলে এনে খনিজাত শিলৰ পৰা পাত্ৰ আৰু
গহনা তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল।
: সঁচাকৈয়ে বহু পুৰণি কালৰে পৰা নীলা ৰঙৰ ব্যৱহাৰ
আছিল তাৰমানে।
: মিছৰীয়সকলে ফাৰাও টুটানখামুনৰ
অন্ত্যেষ্টিক্ৰিয়াৰ মুখাত এনে নীলা খনিজ ব্যৱহাৰ কৰিছিল। পাছলৈ তেওঁলোকে চিলিকা,
চূণ, ক্ষাৰক আৰু তাম একেলগে পিহি, গৰম কৰি নিজাকৈ নীলা ৰং উৎপাদন কৰিবলৈ আৰম্ভ
কৰে। এই ৰঞ্জক পদাৰ্থটোক 'ইজিপ্তৰ নীলা' নামেৰে জনা গৈছিল আৰু ইয়াক প্ৰথম কৃত্ৰিম
ৰঞ্জক পদাৰ্থ বুলি গণ্য কৰা হয়। তেতিয়াই 'ইজিপ্তৰ নীলা’ শব্দটোৰ আৱিৰ্ভাৱ
ঘটিছিল। ইজিপ্তৰ নীলা ৰং কাঠ, কেনভাছ আৰু পেপিৰাছ অংকনকে ধৰি বিভিন্ন কামত আৰু
পিছলৈ মৃৎশিল্প আৰু মূৰ্তি নিৰ্মাণত বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। লাহে লাহে
ইজিপ্তৰ নীলা ৰং সমগ্ৰ বিশ্বতে, বিশেষকৈ ৰোম, আমেৰিকা আৰু পাৰস্যলৈ বিয়পিবলৈ
ধৰিলে। সেই ৰংবোৰ ইমানেই দামী আছিল যে কেৱল ৰজাঘৰীয়াইহে ক্ৰয় কৰিব পাৰিছিল আৰু
বহুতৰে বাবে শতিকাজুৰি নীলা ৰং এটা বিৰল ৰং হৈয়েই আছিল।— মিষ্টাৰ ইগৰে দীঘলীয়াকৈ
ক'লে।
: একেবাৰে নীলা ৰঙৰ বুৰঞ্জীয়েই শুনালা তুমি।—
ষ্টেপান যেন নীলাৰ বিষয়ে আৰু অধিক জানিবলৈ আগ্ৰহী হৈ উঠিল।
: এঃ তেনে কথা নহয়। মনত পৰিল বাবে কৈ পেলালোঁ আৰু।
— ইগৰে ক'লে।
: কোৱাঁচোন। এইখিনি কথাও তো জানিবলগীয়াৰ ভিতৰতে
পৰে। — ষ্টেপানে আগ্ৰহ প্ৰকাশ কৰিলে। ইগৰে চকুহাল মুদি কৈ গ'ল —
: ৰোমত শ্ৰমিক শ্ৰেণীয়েহে নীলা ৰঙৰ কাপোৰ
পিন্ধিছিল। অভিজাতসকলে পিন্ধিছিল বগা, ৰঙা, ক'লা বা বেঙুনীয়া বৰণৰ কাপোৰ। অৱশ্যে
তেওঁলোকে সজ্জাৰ বাবে নীলা ৰঙৰ ব্যাপক ব্যৱহাৰ কৰিছিল আৰু আমদানিকৃত ইজিপ্তৰ নীলা
ৰং মিহলাই নিজাকৈ নীলা ৰং তৈয়াৰ কৰিছিল। পম্পেইত ৰোমান ভিলাৰ দেৱালত সুন্দৰ নীলা
আকাশ ৰং কৰা আছিল আৰু ৰং বিক্ৰী কৰা ব্যৱসায়ীসকলৰ দোকানত ৰং বিক্ৰী কৰা হৈছিল।
: এৰা। আমি ব্যৱহাৰ কৰা সৰু সৰু সামগ্ৰীবোৰ যে
কিমান পুৰণি দিনৰ পৰা প্ৰচলিত হৈ আহিছে সেই কথা ভাবিয়েই নাচাওঁ আমি।
: মই কিন্তু আঁতিগুৰি খুচৰি ভাল পাওঁ।— মিষ্টাৰ
ইগৰে ক'লে।
: নীলা ৰং যে ইমান পুৰণি সেয়া তোমাৰ বাবেহে
জানিলোঁ।
: মধ্যযুগত বিশেষকৈ ইউৰোপত নীলা ৰঙক অতি তুচ্ছ বুলি
গণ্য কৰা হৈছিল। ধনী আৰু সম্ভ্ৰান্ত লোকসকলে বেঙুনীয়া বা ৰঙা ৰঙৰ কাপোৰ পিন্ধিছিল
আৰু কেৱল দুখীয়াসকলেহে নীলা কাপোৰ পিন্ধিছিল। নীলা ৰঙৰ কাপোৰবোৰ ৱাড গছৰ পৰা
তৈয়াৰী নিম্নমানৰ ৰঙেৰে ৰং কৰা হৈছিল। কিন্তু পাছলৈ ১১৩০ চনৰ পৰা ১১৪০ চনৰ ভিতৰত
এই পৰম্পৰা সলনি হৈছিল; যেতিয়া এজন ফৰাচী মঠাধিকাৰীয়ে পেৰিছৰ ছেইণ্ট ডেনিছ
বেছিলিকা পুনৰ নিৰ্মাণ কৰিছিল আৰু খিৰিকিবোৰত ৰঙীন কোবাল্টৰ ষ্টেইনড্ গ্লাছ স্থাপন
কৰিছিল। ৰঙা কাঁচৰ মাজেৰে সৰকি অহা পোহৰে কোবাল্টৰ সৈতে মিলি গীৰ্জাঘৰটো স্বৰ্গীয়
নীলা-বেঙুনীয়া ৰঙৰ পোহৰেৰে ভৰাই তুলিছিল। ফলত অট্টালিকাটোৱে এক বিশেষ ৰূপ লৈছিল।
তেতিয়াৰ পৰাই এই ৰংটো ‘ব্লু ডি চেণ্ট-ডেনিছ’ নামেৰে জনাজাত হৈছিল আৰু আন বহু
গীৰ্জাৰ খিৰিকিত নীলা ৰঙৰ ষ্টেইনড্ গ্লাছ স্থাপন কৰা হৈছিল। এতিয়া কিন্তু নীলা ৰং
পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় ৰং, বহুতে আদৰ কৰে; ঠিক যেনেকৈ প্ৰাচীন মিছৰীয়সকলে আদৰ
কৰিছিল।— মিষ্টাৰ ইগৰে দীঘলীয়া বৰ্ণনা দিলে।
: কেতিয়াবা মোৰ খেলিমেলি লাগি যায়— তুমি আচলতে
পশু চিকিৎসক নে ইতিহাসবিদ!— ষ্টেপানে হাঁহি হাঁহি ক'লে।
: আচলতে মই যে এজন মানুহ সেইটোহে সঁচা।— মিষ্টাৰ ইগৰেও
হাঁহিলে।
দুই বন্ধুৰ কথা শুনি মলেঁয়াই হয়তো ৰস পোৱা নাছিল।
সেয়ে হয়তো তাই দীঘল দীঘল খোজেৰে চোতালত পায়চাৰি কৰিবলৈ আৰম্ভ কৰিলে। তাই যেন ৰং
দি থকা মানুহকেইজনক পহৰা দি থকা পহৰাদাৰহে। মলেঁয়াৰ গতিবিধি নিৰীক্ষণ কৰি মিষ্টাৰ
ইগৰে ষ্টেপানক সুধিলে—
: মলেঁয়া তোমাৰ লগত থকা কেই বছৰ হ'ল?
: তিনি বছৰ।
: তেন্তে এটা কাম কৰিব লাগিব।
: কি কাম?— উৎসুক হৈ উঠিল ষ্টেপান।
: তাইৰ মাক হোৱাৰ বয়স হৈছে।
: কিন্তু কেনেকৈ মাক হ'ব তাই!
: তাই সদায় এনেকৈ থাকিলে অৱশ্যে কেতিয়াও মাক হ'ব
নোৱাৰিব।
: তেন্তে উপায়?
: চেষ্টা এটা চলাই চাব লাগিব।
: কেনেকৈ?
: অহাবাৰ যেতিয়া দক্ষিণ আফ্রিকাৰ পৰা প্ৰব্ৰজনকাৰী
হোৱাইট ষ্টৰ্কবোৰ আহিব, সেই সময়ত মলেঁয়াক ঘৰৰ ওপৰত বাহ এটা সাজি ৰখাৰ ব্যৱস্থা
কৰিব লাগিব।
: তাই পাৰিব জানো ভগা ডেউকাখনেৰে!
: চেষ্টা কৰিম আমি। তাইক বাহটোৰে সৈতে দেখিলে বেলেগ
চৰাই তাইৰ ওচৰলৈ আহিব পাৰে। তাৰ ভিতৰত কিজানি মতা চৰাই এটাও আহে! ভাবি চোৱাঁচোন
তুমি।
: ভাবি ভাল লাগিছে। কিন্তু তাই পাৰিব জানো পোৱালি
তুলিব! মাক হ'ব!— ষ্টেপানে থেৰোঁগেৰোঁ কৰিলে।
: তাইৰ ডেউকা এখনহে ভগা। বাকী সকলো অংগ ঠিকেই আছে।
তাই মাক হ'ব নোৱৰাৰ কথা নাই।
দুই বন্ধুৱে একান্ত মনে কথা পাতি থাকোঁতে মলেঁয়া
কেতিয়ানো আহি তেওঁলোকৰ ওচৰত হাজিৰ হ'লহি এজনেও গম নাপালে। তাই ঠোঁটখনেৰে ষ্টেপানৰ
ভৰি এটাত লাহেকৈ খুটিয়াই নিজৰ উপস্থিতিৰ কথা জনালে। ষ্টেপানে বহি থকা অৱস্থাতে
ভৰিহাল মেলি দিলে। দুভৰিৰ মাজত সোমাই পৰিলহি মলেঁয়া। ঠোঁটখন লাহে লাহে ষ্টেপানৰ
আঁঠুৰ ওপৰৰখিনিত ইফালৰ পৰা সিফাললৈ ঘঁহাই দিলে। যেন তাই ষ্টেপানক মালিচ দিছে!
: আমি তোৰ কথাই পাতি আছোঁ।— মলেঁয়াৰ মূৰত হাত
বুলাই ক'লে ষ্টেপানে।
: তোৰ ঘৰ পাতি দিয়াৰ কথা।— মিষ্টাৰ ইগৰে ক'লে।
ষ্টেপানৰ চকুত ভাহি উঠিল মলেঁয়াৰ সংসাৰ। তেওঁৰ
ঘৰটোৰ ওপৰতে তাইক বাহ এটা সাজি দিছে। তাত মলেঁয়াক দেখি মতা চৰাই এটা আহিছে।
সিহঁতে সংসাৰ পাতিছে। মলেঁয়াই তিনিটা কণী পাৰি উমনিত বহিছে। তিনিওটা কণী ফুটি
পোৱালি জগিছে। পোৱালিহঁতৰ মাতেৰে মলেঁয়াৰ সংসাৰ ৰজনজনাই উঠিছে। মুখৰ হৈ উঠিছে
ষ্টেপানৰ ঘৰৰ চৌপাশ।— সঁচাকৈয়ে এনে হোৱা হ'লে। হ'বনে?
: কি হ'লহে; নিৰৱ হৈ গ'লা যে!
: নাই...! মলেঁয়াৰ সংসাৰখন মনৰ চকুৰে চালোঁ।—
ষ্টেপানে হাঁহিলে।
: তাই ভাল মাক হ'ব চাবা।
: ওঁ...! তোমাক দুটা খবৰ দিবলৈ আছে।
: কোৱা আকৌ।
: প্ৰথম খবৰ— আমি বৰশী বাই অনা মাছ এটা মলেঁয়াই
নাখায়। তাইক জোৰ কৰিও খুৱাব পৰা নাই।
: আৰে... কি কাণ্ডহে!— আচৰিত হয় মিষ্টাৰ ইগৰ।
: অঁ। তুমি যে বৰশীত তুলিছিলা বিৰল প্ৰজাতিৰ মাছটো;
সেইটো খাবলৈ তাই অস্বীকাৰ কৰিছে।
: তেন্তে মাছটো কি কৰিম বুলি ভাবিছা এতিয়া?
: ভাবিছোঁ একুৱাৰিয়াম এটা আনি তাতে জীয়াই ৰাখোঁ
বুলি।
: বৰ ভাল চিন্তা। একুৱাৰিয়ামৰ বাবে চিন্তা কৰিব
নালাগে; মোৰ ঘৰত এটা এনেয়ে আছে, সেইটোকে ঠিক কৰি ল'ব পৰা যাব।
মিষ্টাৰ ইগৰৰ কথা শুনি ষ্টেপানে হাততে যেন সৰগ ঢুকি
পালে। নহ'লে একুৱাৰিয়াম এটা কিনিবলৈ তেওঁৰ হাতত প্ৰয়োজনীয় অৰ্থ নাই এইকেইটা
দিনত। ঘৰটোত ৰং কৰোৱা আৰু চৌহদ চাফা কৰোৱাৰ নামত তেওঁৰ ভালেখিনি খৰচ হৈছে। সঞ্চয়
বুলিবলৈ যিখিনি আছে, সেইখিনি তেওঁ পুতেকৰ পৰিয়াল আহিলে খৰচ কৰিবৰ বাবে আছুতীয়াকৈ
ৰাখিছে। এনে অৱস্থাত একুৱাৰিয়াম এটা কিনিবলৈ হ'লে তেওঁৰ সমস্যাই হ'লহেঁতেন।
: তোমাৰ ঘৰত আছে যেতিয়া চিন্তাৰ কাৰণ নাই। কিন্তু
এটা কথা কোৱাঁচোন মোক।
: কি কথা?
: একুৱাৰিয়ামৰ আৰম্ভণি ক'ত কেনেকৈ হৈছিল কোৱাঁচোন।
ষ্টেপানৰ কথা শুনি মিষ্টাৰ ইগৰ সন্তোষিত হ'ল।
এনেবোৰ বিষয় ওলালে তেওঁ ভালেই পায়। সেয়ে তেওঁ ক'বলৈ আৰম্ভ কৰিলে—
: ইংৰাজ প্ৰকৃতিবিদ ফিলিপ হেনৰী গ’ছে উদ্ভাৱন কৰা
একুৱাৰিয়াম শব্দটোৱে লেটিন মূল 'একুৱা' অৰ্থাৎ পানীৰ সৈতে 'এৰিয়াম' প্ৰত্যয়ৰ
সংমিশ্ৰণ ঘটাইছে, যাৰ অৰ্থ হৈছে ‘সম্পৰ্ক কৰাৰ ঠাই’। ১৮৫০ চনত ৰসায়নবিদ ৰবাৰ্ট
ৱাৰিংটনে একুৱাৰিয়াম সম্পূৰ্ণৰূপে বিকশিত কৰিছিল আৰু তেওঁ ব্যাখ্যা কৰিছিল যে
পাত্ৰত পানীত যোগ কৰা উদ্ভিদে জীৱ-জন্তুক সহায় কৰিব পৰাকৈ পৰ্যাপ্ত অক্সিজেন
নিৰ্গত কৰিব, যেতিয়ালৈকে প্ৰাণীৰ সংখ্যা বেছি নহয়। ১৮৫৩ চনত লণ্ডন চিৰিয়াখানাত
প্ৰথমটো ৰাজহুৱা একুৱাৰিয়াম স্থাপন কৰিছিল। একুৱাৰিয়াম আৰু আলংকৰিক মাছ ৰখাৰ
জনপ্ৰিয়তাত আটাইতকৈ গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা মাছবিধ হৈছে গ'ল্ডফিছ।
: বাহ্, একুৱাৰিয়ামৰ কাৰবাৰটোও বেছ পুৰণি কিন্তু।—
একুৱাৰিয়ামৰ ধাৰণা যে ইমান পুৰণি সেই কথা জানি আচৰিত হয় ষ্টেপান।
: ১৩৬৯ চনত চীনৰ হংউ সম্ৰাটে চীনামাটিৰ এটা
কোম্পানী স্থাপন কৰিছিল যিটোৱে গ'ল্ডফিছ ৰক্ষণাবেক্ষণৰ বাবে ডাঙৰ ডাঙৰ চীনামাটিৰ
টাব উৎপাদন কৰিছিল। সেইবোৰকো একুৱাৰিয়ামৰ আদিৰূপ বুলিব পাৰি। অৱশ্যে কোনো কোনোৱে
বিশ্বাস কৰে যে একুৱাৰিয়াম ৰোমানসকলেহে উদ্ভাৱন কৰিছিল। কিন্তু এইটো তথ্য সত্য
নহয়। আৰু ঢেৰ কথা আছে একুৱাৰিয়ামৰ। ক'ম দিয়া কেতিয়াবা। আজি সময়ো যথেষ্ট হ'ল
নহয়।— কথাখিনি কে মিষ্টাৰ ইগৰ যাবলৈ ওলাল।
: ৰ'বা, দুয়ো কফি একোকাপ খাওঁ। অত পৰে মেল মাৰিহে
আছোঁ। ভিতৰলৈ যাওঁ ব'লা।— ষ্টেপানে ক'লে।
দুয়ো ঘৰৰ ভিতৰলৈ সোমাই গ'ল। আগে আগে গ'ল মলেঁয়া।
তাই যেন বাটহে দেখুৱাই নিছে। ভিতৰ সোমাই ষ্টেপান কফি কৰিবলৈ গেছ ষ্ট'ভটো জ্বলালে।
দুকাপ কফি কৰি কেইটামান বিস্কুটৰ সৈতে ট্ৰে এখনত সজাই মিষ্টাৰ ইগৰৰ সমুখত থকা
টেবুলখনত থৈ তেওঁ নিজেও কাষৰ চকীখনত বহিল। কফিৰ কাপত শোহা মাৰি মিষ্টাৰ ইগৰে ক'লে—
: কথা এটা ভাবিলোঁ তুমি কফি কৰি থাকোঁতে।
: কি কথা?
: মাছটো ময়েই লৈ যাওঁ বুলি ভাবিছোঁ। তোমাৰ লগৰীয়া
মলেঁয়া আছেই। মোৰো আজৰি সময়ৰ লগ এটা হ'ব। একুৱাৰিয়াম যিহেতু আছেই, গতিকে চিন্তা
নাই।
: মোৰ কোনো আপত্তি নাই। মাছটোও বৰশীত তুমিয়েই
তুলিছিলা। গতিকে লৈ যাবা আজিয়েই। অৱশ্যে মাজে সময়ে মলেঁয়াক নি দেখুৱাই আনিমগৈ।
: তুমি যে আৰু এটা ভাল খবৰ আছে বুলি কৈছিলা?—
মিষ্টাৰ ইগৰে সুধিলে।
: অঁ... পাহৰিছিলোঁৱেই। অহা মাহত ডাঙৰ ল'ৰা আহিব
পৰিয়াল লৈ।
: বাহ্। বৰ ভাল খবৰ। নাতিৰ লগত খেলিব পাৰিবা তুমি।
এতিয়াহে বুজিলোঁ ঘৰত নতুনকৈ ৰং কৰোৱাৰ আঁৰৰ কাহিনী।— মিষ্টাৰ ইগৰে হাঁহিলে।
ষ্টেপানৰ ওঁঠেদিও বাগৰি গ'ল হাঁহিৰ ঢৌ এটা। পুত্ৰ
আৰু নাতিৰ আগমনৰ কথা ভাবিলেই তেওঁ এক বুজাব নোৱৰা প্ৰশান্তি অনুভৱ কৰে। তেওঁ ভিতৰি
ভিতৰি এক শক্তি লাভ কৰে। কিমান দিন যে পুত্ৰক দেখা নাই তেওঁ। নাতিকতো এবাৰো দেখা
নাই। এই প্ৰথম সাক্ষাৎ হ'ব নাতিৰ সৈতে।
মিষ্টাৰ ইগৰ গ'লগৈ। পাত্ৰ এটাত মলেঁয়াই খাবলৈ
অস্বীকাৰ কৰা মাছটো দি পঠিয়ালে ষ্টেপানে। গেটৰ ওচৰলৈকে মিষ্টাৰ ইগৰক আগবঢ়াই দিলে
তেওঁ। লগতে মলেঁয়াও গ'ল।
পদূলিত ৰৈ ষ্টেপানে নতুনকৈ ৰং কৰা ঘৰটোলৈ চালে।
সন্ধিয়াৰ আধা পোহৰ, আধা আন্ধাৰতো জিলিকি উঠিছে আজি ৰং কৰি শেষ হোৱা ঘৰটো। তেওঁৰ
দৰেই ঘৰটোও যেন বৰ আগ্ৰহেৰে ৰৈ আছে এসময়ৰ আবাসী আৰু এতিয়াৰ প্ৰবাসী
ষ্টেপানপুত্ৰক আদৰিবলৈ! পদূলিৰ দুকাষে নতুনকৈ ৰোৱা ফুলবোৰলৈ চালে ষ্টেপানে। লহপহাই
বাঢ়িছে পুলিবোৰ। আলহী আহি পোৱাৰ সময়লৈ জকমকাই ফুলিব প্ৰতিজোপা!
প্ৰফুল্লিত মন এটা লৈ ষ্টেপান ভিতৰ সোমালহি।
লাইটবোৰ জ্বলাই দিলে। ভিতৰ সোমাব বিচৰা আন্ধাৰখিনি পলাল। তেওঁ বাৰাণ্ডাৰ নিৰ্দিষ্ট
চকীখনত বহিল। চকুহাল মুদি দিলে। মুদ খোৱা দুচকুৰে তেওঁ দেখিলে— গেট খুলি সোমাই
আহিছে তেওঁৰ পুত্ৰ পৰিয়াল। নাতিটো দৌৰি আহি তেওঁক সাবটি ধৰিছেহি। তেওঁ জোৰেৰে
সাবটি লৈ তাৰ দুগাল ওপচাই দিছে চেনেহ চুমাৰে।
টেলিফোনটো বাজি উঠাত ষ্টেপান ভাবনাৰ বলয় ভেদি
বাস্তৱলৈ আহিল। বাজি থকা টেলিফোনটোৰ ওচৰলৈ গৈ বৰ আগ্ৰহেৰে ৰিচিভাৰটো তুলি ল'লে
তেওঁ। সিটো পাৰৰ পৰা ভাঁহি অহা মাতটো তেওঁৰ নিচেই চিনাকি। বৰপুত্ৰৰ কণ্ঠ সেয়া।
: তুমি ঠিকেই আছা নহয় দেউতা!
: আছোঁ... একদম ফিট্ ফাট্ হৈ আছোঁ। তোমালোকৰ খবৰ
কোৱা। বিমানৰ টিকট কনফাৰ্ম হ'লনে?
: অলপ বেয়া খবৰ এটা আছে দেউতা।
: কি বেয়া খবৰ?— আচৰিত হয় ষ্টেপান।
: এইবাৰ আৰু তোমাৰ ওচৰলৈ যোৱা নহ'ব দেউতা।
: কিয়?— ডাঙৰকৈ ওলাল ষ্টেপানৰ মাতটো।
: তোমাৰ নাতিৰ হাত এটা ভাগিল। তাৰ হাঁড় জোৰা
নলগালৈকে চিকিৎসকে ফুৰা-চকা কৰিবলৈ হাক দিছে।
: ...।— মৌন হৈ গ'ল ষ্টেপান। ধৰফৰাই উঠিল তেওঁৰ
কলিজা।
: বৰ হেঁপাহ কৰিছিল সি।
: ময়ো...। তাৰ যতন ভালদৰে ল'বা।
এফালে নাতিৰ আঘাতে দিয়া আঘাত আৰু আনফালে হেঁপাহ
মৰহি যোৱাৰ হতাশা। ষ্টেপানে কি ক'ব কি নক'ব ভাবি নোপোৱা হ'ল। সেয়ে নাতিয়েকৰ
হাতটো কিদৰে ভাগিবলৈ পালে সেই বিষয়ে কথা পাতিয়েই ফোনটো থ'লে ষ্টেপানে। বিমৰ্ষ হৈ
পৰা ষ্টেপানৰ পৰিৱৰ্তন মলেঁয়াই বুজি পায় আজিকালি। কাষত থাকি থাকি গৰাকীৰ প্ৰতিটো
প্ৰতিক্ৰিয়াই চিনাকি হৈ পৰিছে মলেঁয়াৰ। তাই বুজিলে— কিবা এটা দুখজনক ঘটিছে!
টেলিফোনটোৰ কাষৰ পৰা উভতি আহি কেইবাদিনীয়া
পৰিশ্ৰমেৰে ভাগৰুৱা মানুহ এজনৰ দৰে ষ্টেপান বহি পৰিল বাৰাণ্ডাৰ নিৰ্দিষ্ট চকীখনত।
তেওঁৰ এনে লাগিল— নতুনকৈ ৰং কৰা ঘৰখনৰ ৰং যেন হঠাৎ উঁৱলি গৈছে! শেলাইৰ গ্ৰাসত পৰি
ঘৰটো যেন ধূসৰ হৈ উঠিছে! বাৰীখন আগুৰি ধৰিছে অপতৃণে! নতুনকৈ ৰোৱা ফুলপুলিবোৰ
লেৰেলি শুকাই গৈছে! বুজাব নোৱৰা শোক এটা আহি তেওঁৰ কণ্ঠনলীত লাগি ৰৈছেহি!
বহাৰ পৰা উঠি থৰক বৰক খোজেৰে গৈ ষ্টেপানে ভিতৰৰ আৰু
বাহিৰৰ প্ৰতিটো বাল্বৰে চুইচ্ছ অফ্ কৰি দিলে। আন্ধাৰত বুৰ গ'ল ঘৰটো। কিছুপৰ আগলৈকে
পোহৰে ঢৌৱাই থকা চৌহদটো আবৰি ধৰিলে নিৰন্ধ্ৰ অন্ধকাৰে। খেপিয়াই খেপিয়াই আহি পুনৰ
চকীখনত বহি পৰিল ষ্টেপান। তেওঁ অনুভৱ কৰিলে— অন্তৰীক্ষৰ কোনো অদেখা একোণৰ পৰা অহা
আন্ধাৰৰ সুঁতি এটাই তেওঁক ক্ৰমশঃ উটুৱাই নিছে সেই নিসীম আন্ধাৰৰ ফালে। তেওঁৰ
চৌপাশে এতিয়া কেৱল আন্ধাৰ!
হঠাৎ এটা জোনাকী পৰুৱা সোমাই আহিল বাৰাণ্ডালৈ।
জোনাকীটো আহি পৰিলহি ষ্টেপানৰ বুকুত। আন্ধাৰৰ বেহু ভেদি অহা জোনাকীটো চুই চালে
ষ্টেপানে। ধিমিক্ ধামাককৈ এবাৰ জ্বলি, এবাৰ নুমাই জোনাকীটোৱে ষ্টেপানৰ আঙুলিত এটি
লহমাৰ পৰশ এৰি পৰিলগৈ মলেঁয়াৰ মূৰত। জোনাকীটোৰ আলোকপ্ৰপাতত জিলিকি উঠিল মলেঁয়াৰ
দুচকু। এইহাল চকুৰ ভাষা ষ্টেপানে ঠিকেই বুজে। তেওঁ দেখিলে— চকুহালত জিলিকি আছে সজল
সহমৰ্মিতা। বৰ আলফুলে তেওঁ কাষলৈ চপাই আনিলে মলেঁয়াক।
(আগলৈ)