মৈমনসিংহ-গীতিকাৰ অনুবাদ
'মহুৱা'
কাব্যানুবাদ : ড° প্ৰাণ্জিৎ বৰা
মৈমনসিংহ গীতিকাৰ শতবৰ্ষ আৰু কিছু কথা
অবিভক্ত ভাৰতবৰ্ষৰ অন্যতম বৃহৎ জিলা মৈমনসিংহৰ নামেৰেই পৰিচিত সেই অসামান্য সংকলন, মৈমনসিংহ গীতিকা ৷ আজিৰ পৰা এশ বছৰ পূৰ্বে ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত হৈছিল এই সংকলন৷ সেই সময়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ছাৰ আশুতোষ মুখাৰ্জীৰ আনুকূল্যত বাংলা ভাষা তথা সাহিত্যৰ ইতিহাসৰ জনক, প্ৰাচীন পুথি-পাঁজিৰ সংগ্ৰাহক তথা প্ৰকাশক ড॰ দীনেশচন্দ্ৰ সেনৰ পৃষ্ঠপোষকতাত নেত্ৰকোণাৰ চন্দ্ৰকুমাৰ দে-ই মৈমনসিংহৰ পাহাৰে-কন্দলে ঘূৰি ঘূৰি দহখন পালা সংগ্ৰহ কৰে আৰু ড॰ সেনৰ সম্পাদনাত মৈমনসিংহ গীতিকা নামেৰে এই পালাসমূহৰ সংকলনটি গ্ৰন্থাকাৰে বিশ্ববিদ্যালয়ে প্ৰকাশ কৰে৷ ২০২৩ চনত এই গ্ৰন্থ প্ৰকাশৰ শতবৰ্ষ পূৰণ হ’ল৷ প্ৰকাশৰ শতবৰ্ষ গৰকা ‘মৈমনসিংহ গীতিকা’ গুৰুত্বপূৰ্ণ এইবাবেই যে এই পালাসমূহত ব্যৱহৃত লোকভাষা বা লোককথাৰীতিয়ে খ্ৰীষ্টীয় চতুৰ্থ শতাব্দী পৰ্যন্ত (গুপ্ত-সম্ৰাটসকলৰ সময়লৈকে) মৈমনসিংহকো সাঙুৰি লোৱা প্ৰাগজ্যোতিষপুৰৰ সেই কালৰ সাহিত্যৰ অনেক নতুন খবৰ আমাক দিব পাৰে৷ প্ৰাগজ্যোতিষপুৰৰ ৰাজনৈতিক-সামাজিক প্ৰভাৱৰ স্পষ্ট আঁচোৰৰ উপৰি পৰিস্থিতিকেন্দ্ৰিক আৱেগ প্ৰকাশৰ বেলিকা মৈমনসিংহকে ধৰি এসময়ৰ এই গোটেই অঞ্চলটোৰ লোকমনৰ সমৰূপতাকো এই পালাসমূহৰ ভাষাই বিশেষকৈ সাব্যস্ত কৰিছে৷ বহুক্ষেত্ৰত দেখা পাইছোঁ যে আমাৰ বিহুনাম বা বিভিন্ন মালিতাসমূহৰ সৈতে এইসমূহৰো প্ৰকাশভংগী প্ৰায় একে৷ এই পালাসমূহৰ অৱলম্বনত অৱশ্যেই আমাৰ লোকসাহিত্যৰ নিশ্চয় এক নতুন পযাৰ্লোচনাৰ সম্ভাৱনা আছে৷ মূলতঃ এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মৈমনসিংহ গীতিকাৰ অন্তৰ্গত প্ৰথমখন পালা ‘মহুৱা’ৰ কাব্যানুবাদ কৰাৰ বাবে আগবঢ়া গৈছে৷
ড॰ সেনে তেওঁৰ ‘ভূমিকা’ত লিখা অনুযায়ী, মহুৱা নামৰ পালাখন ১৯২৩-ৰ পৰা প্ৰায় তিনিশ বছৰ পূৰ্বে নমঃশূদ্ৰ ব্ৰাহ্মণ দ্বিজ কানাইৰদ্বাৰা ৰচিত৷ এই পালাত বৰ্ণিত নদেৰচাঁদ আৰু মহুৱাৰ প্ৰেমকাহিনী ইমানেই জনপ্ৰিয় আছিল যে এসময়ত মৈমনসিংহৰ ঘৰে ঘৰে এই পালাৰ অভিনয় হৈছিল৷ আমাৰ কাব্যানুবাদ পঢ়িলেই পাঠকসকলে বুজিব পাৰিব যে আমাৰ মালিতাসমূহ বা লোকগীতসমূহৰ পুনৰ্বিচাৰৰ বেলিকা মহুৱাই নিঃসন্দেহে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷
মহুৱা
(বন্দনাগীতি)
পূবতে পূজিলোঁ পূবৰ ভানুশ্বৰ৷
এপিনে উদিত ভানু চৌদিশে বিস্তৰ৷৷
দক্ষিণে পূজিলোঁ হে ক্ষীৰ নদী সাগৰ৷
যি স্থানে বেহাই ফুৰে চান্দ সদাগৰ৷৷
উত্তৰে পূজিলোঁ হে কৈলাস পৰ্বত৷
যি স্থানে বিৰাজিছে আলীৰ পদচিহ্নৰ পাথৰ৷৷
পশ্চিমে পূজিলোঁ হে মক্কা হেন স্থান৷
যাৰ পিনে চালাম জনায় মোমিন মুছলমান৷৷
সভা পাতি বহিছে তাতে হিন্দু-মুছলমান৷
সভাৰ চৰণে পৰি জনালোঁ চালাম৷৷
চাৰিওকোণাৰ পৃথিৱীক পূজি মন কৰিলোঁ স্থিৰ৷
সুন্দৰবন স্থানে পূজোঁ গাজি জিন্দাপীৰ৷৷
আচমান জমিনে পূজোঁ চন্দ্ৰ আৰু সূৰ্য৷
ভগৱন্তক স্মৰি পূজোঁ কোৰাণ আৰু শাস্ত্ৰ৷৷
কিনো গালোঁ নাজানো বন্দনা কৰিলোঁ ইতি৷
ওস্তাদৰ চৰণ পূজিলোঁ কৰি মিনতি৷৷
(১)
(হুমৰা অঘৰীৰ কথা)
উত্তৰত গাৰো পাহাৰ ছমাহৰ পথ৷
তাৰেই উত্তৰে আছে হিমানী পৰ্বত৷৷
হিমানী পৰ্তব পাৰ হৈ তাৰো যে উত্তৰ৷
তাতে বিৰাজিছে সাতোখন সাগৰ৷৷
চন্দ্ৰ সূৰ্য নাই তাত আন্ধাৰে আৱৰা৷
বাঘ-ভালুকৰ বাস মানুহৰ নাই লৰা ফুৰা৷৷
তাতে বাস কৰে এক যাযাবৰ হুমৰা যাৰ নাম৷
তাৰে কথা কওঁ শুনা হেৰা হিন্দু মুছলমান৷৷
ডকাইতি কৰে সি ডকাইতৰ চৰ্দাৰ৷
মাইন্কিয়া নামে সৰু ভাই আছিল তাৰ৷৷
ঘূৰি ফুৰি ভ্ৰমি ফুৰে দুয়ো নানান দেশ৷
অপূৰ্ব কাহিনী কথা কওঁ শুনা সবিশেষ৷৷
ভ্ৰমিতে দুয়ো ভাই কি কাম কৰিল৷
ধনু নদীৰ তীৰে গৈ উপস্থিত হইল৷৷
কাঞ্চনপুৰ নামেৰে আছিল এক গ্ৰাম৷
তাতে বাস কৰিছিল এক ব্ৰাহ্মণ বিদ্বান৷৷
ছয়মাহৰ শিশু কন্যা পৰমা সুন্দৰী৷
ৰাত্ৰিবেলা হুমৰা তাকে কৰিল চুৰি৷৷
কন্যা চুৰি কৰি হুমৰাই এৰি গ’ল দেশ৷
সেই কন্যাৰে কথা কওঁ শুনা সবিশেষ৷৷
ছমহীয়া শিশু কন্যাৰ বছৰ বাগৰিল৷
সজাত ৰাখি পক্ষী পলাবলৈ লাগিল৷৷
এক দুই তিনিকৈ ষোল বছৰ যায়৷
খেলা কছৰত তাইক যতনেৰে শিকায়৷৷
সৰ্পৰ মূৰত থাকে যি তিৰবিৰ মণি৷
সেয়া দেখি পাগল হৈ উঠে বাইদাৰ* নন্দিনী৷৷
বাইদা বাইদা বোলে লোকে বাইদাৰ কি গুণ৷
ঘৰৰ ভিতৰতো কন্যা জ্বলে যেন কেঁচা সোণ৷৷
খোজ দিবৰ পৰত ভৰিলৈকে বৈ পৰে চুলি৷
মুখত ফুটি উঠে যেন কনকচম্পা কলি৷৷
আগল দীঘল চকুযুৰি আকাশৰ তৰা৷
তিলমাত্ৰ দেখিলেও কন্যাক নাযায় পাহৰা৷৷
বাইদাৰ কন্যাৰ ৰূপে কঁপায় মুনিৰো মন৷
সেই কন্যা লৈ বাইদা ঘূৰে ত্ৰিভুবন৷৷
পৰমা সুন্দৰী কন্যা হুমৰা বাইদাৰ নাৰী
ভাবি চিন্তি নাম থলে ‘‘মহুৱা সুন্দৰী’’৷৷
(* বাইদ্যা : অঘৰী, যাযাবৰ৷ মূলৰ পাঠৰ নিৰ্যাস অক্ষুণ্ণ ৰক্ষাৰ অৰ্থে হুমৰা যাযাবৰ বা অঘৰীৰ ঠাইত হুমৰা বাইদা বুলিয়েই কোৱা হৈছে৷)
(২)
গাৰো পাহাৰ; অৰণ্য
(হুমৰা আৰু মাইন্কিয়াৰ দলসহিতে প্ৰৱেশ)
অঘৰী হুমৰাই নামকাঢ়ি বোলে মাইন্কিয়া হেৰ’ ভাই৷
খেলা দেখুৱাবলৈ নে বিদেশলৈকে যোৱা যায়৷৷
মাইন্কিয়াই বোলে কওঁ দাদা মন দি শুনা৷
বিদেশলৈ যাব পাৰোঁ শুকুৰবাৰৰ দিনা৷৷
শুকুৰবাৰ আহিল যেতিয়া ভৰপুৱাতে উঠি৷
দলে বলে কৰিলে যাত্ৰা টালি-টোপোলা কৰি৷৷
আগে আগে হুমৰা যায় পাছে পাছে ভাই৷
পাছে পাছে অনেকজন লেখ-জোখ নাই৷৷
বাঁহ তমাল ল’লে সবে ৰছী আৰু কাঁচি৷
(...এইখিনিতে এটা পদ পোৱা হোৱা নাই...)৷৷
ভাটৌ ল’লে মইনা ল’লে আৰু ল’লে টিয়া৷
সোণবৰণীয়া দহিকতৰা ল’লে ভৰাই পিঞ্জৰা৷৷
ঘোঁৰা ল’লে গাধ ল’লে আৰু কিমান ক’ম৷
ৰাজ-চণ্ডালৰ হাড় ল’লে কেৱে নাপালে গম৷৷
চিকাৰী কুকুৰ ল’লে শিয়াল-সিয়ান বুলি৷
মনৰ সুখত ফুৰিবলৈ ওলাল বিদেশ নগৰী৷৷
লগতে ওলাল পাছে মহুৱা সুন্দৰী৷
লগতে সখীয়েক পালংক গ’ল ডিঙিতে সাবটি৷৷
এমাহ দুমাহ কৰি তিনিমাহ গ’ল৷
বামনকান্দা গাঁৱত গৈ উপস্থিত হ’ল৷৷
(৩)
(নদেৰচাঁদৰ সভা)
সভাৰ মাজে বিৰাজিছে নদেৰচাঁদ কোন৷
গগনভৰা তৰাৰ মাজত পূৰ্ণিমাৰ জোন৷৷
আগে মানুহ পিছে মানুহ বিৰাট সভা৷
খোৰা আহি প্ৰৱেশ কৰিল চালাম কৰিয়া৷৷
‘‘শুনক বতৰা প্ৰভু মোৰ বেকত কৰোঁ আপোনাক৷
নতুন এদল অঘৰী আহিছে তামচা দেখাইবাক৷৷
পৰমা সুন্দৰী এক কন্যা লগতে তাহাৰ৷
এনে কন্যা জীৱনত দেখা নাই আৰ৷৷’’
কথা শুনি ঠাকুৰ তভক খাই ৰ’ল৷
পাছে মাতৃৰ কাষত গৈ উপস্থিত হ’ল৷৷
‘‘শুনা শুনা আই মোৰ কওঁ তোমাক৷
নতুন এদল অঘৰী আহিছে তামচা কৰিবাক ৷৷
তোমাৰ আজ্ঞা বাদে আন একো নিবিচাৰোঁ ৷
আজ্ঞা হ’লে অঘৰীহঁতক তামচা কৰাত পাচোঁ৷৷’’
“অঘৰীক তামচা কৰাবলৈ কেইশ টকা লাগে৷”
‘‘অঘৰীক তামচা কৰাবলৈ এশ টকা লাগে৷৷”
‘‘শুনা শুনা নদেৰচাঁদ অঘৰীহঁতক মাতাঁ৷
বাহিৰবাৰীৰ মহলত তামচা কৰিবলৈ দিয়াঁ৷”
(৪)
( খেল-প্ৰদৰ্শন)
হুমৰা অঘৰীয়ে নামকাঢ়ি বোলে মাইন্কিয়া মোৰ ভাই৷
ধনু-কাঁড় লৈ ব’লা তামচালৈ যাওঁ ওলাই৷৷
যেতিয়া নেকি হুমৰা অঘৰীয়ে ঢোলত জুৰিলে মাৰি৷
নদাপুৰৰ মানুহৰ মাজত লাগিল দৌৰাদৌৰি৷৷
এজনে আনজনক ৰিঙিয়াই বোলে আহ অ’ ওলাই৷
ঠাকুৰবাৰীত অঘৰীৰ খেলা আহিছনে বেগাই৷৷
চাৰিওপিনে মানুহে বেঢ়িছে তামচা চাবলৈ বুলি৷
নদেৰচাঁদ মাজতে বহিছে মাৰিছে উকি৷৷
যেতিয়া নেকি অঘৰী বালিকাই বাঁহ ধৰি দিলে দোলা৷
বহাৰ পৰা উঠি নদেৰ ঠাকুৰ একেকোবে হ’ল খাড়া৷৷
ৰছী বান্ধি উঠি যেতিয়া বাঁহত দেখুৱালে বাজি৷
ঠাকুৰে বোলে ইমান ওখ খহি পৰিল নেকি মৰি৷৷
হাতৰ তালৰ ঝুনঝুননি সহিতে ঢোলত পৰিল চাব৷
নাচ-গান কৰিবলৈ আহি পালোঁ আমি ঠাকুৰবাৰীৰ মাজ৷৷
বাজি দেখুৱালোঁ তামচা কৰিলোঁ ইনাম বকচিচ বা কি দিয়ে৷
মনেৰে ভাবোঁ ঠাকুৰৰ মন পালে আন একোকে নালাগে৷৷
হেজাৰ টকাৰ আলোৱান দিলে আৰু দিলে টকা-কড়ি৷
থাকিবলৈ বুলি হুমৰাই খুজিলে এখন বাৰী৷৷
দাইল দিলে চাউল দিলে ৰান্ধি-বাঢ়ি খোৱাঁ৷
নতুন বাৰীত খাই-বৈ সুখেৰে কটোৱাঁ৷৷
পট্টা কৰিলোঁ কবুলিয়ত কৰিলোঁ.....*
ভালদৰে বাৰী পাতাঁ উলুৱাকান্দালৈ গৈ৷৷
নতুন বাৰী পাতি অঘৰীয়ে কৰিলে পছন্দৰ ঘৰ৷
বায়ু উঠি কইনাৰ গাত উঠিল বৰ জ্বৰ৷৷
ন বাৰী পাতি উঠি অঘৰীয়ে লগালে বেঙেনা৷
সেই বেঙেনা ছিঙিবলৈ গৈ কান্দি পেলালে কইনা৷৷
নেকান্দিবা নেকান্দিবা কইনা নেকান্দিবা সোণজনী৷
বেঙেনা বেচি তোমালৈ আনিম ডিঙিৰ সাতসৰী৷৷
নতুন বাৰী পাতি অঘৰীয়ে লগালে উৰহী৷
তুমি কইনা নাথাকিলে মোৰ ডিঙিত ছুৰী৷৷
নতুন বাৰী পাতি অঘৰীয়ে লগালে কচু৷
কচু বেচি তোমালৈ আনিম হাতত পিন্ধা খাৰু৷৷
নতুন বাৰী পাতি অঘৰীয়ে লগালে কলজুপি৷
কল বেচি আনি দিম তোমাক ডিঙিৰ মালাধাৰি৷৷
নতুন বাৰী পাতি অঘৰীয়ে সাজিলে জুপুৰী৷
চৌদিশে মালঞ্চৰ বেৰা আইনা শাৰী শাৰী৷৷
হাঁহ মাৰিলোঁ পাৰ মাৰিলোঁ বাচি বাচি মাৰিলোঁ টিয়া৷
লৱণ কালজিৰাৰ সৈতে জুতি লগাই ৰান্ধা৷৷
(* এই অংশ উপলব্ধ নহয়)
(৫)
(নদাৰ ঠাকুৰৰ সৈতে মহুৱাৰ পানী অনা ঘাটত দেখাদেখি)
এদিনাখন নদাৰ ঠাকুৰে আৰম্ভিলে যাত্ৰা৷
ঘৰৰ কোণত চাকি জ্বলে তিনি সন্ধ্যাৰ বেলা৷৷
তামচা শেষ কৰি অঘৰীৰ কন্যা নিজ গৃহে যায়৷
নদাৰ ঠাকুৰে নিজৰ কথা কয় তাইক বাটতে পাই৷৷
শুন শুন কন্যা হেৰা মোৰ কথা ৰাখাঁ ৷
মনৰ কথা কওঁ শুনা কাষৰতে থাকাঁ ৷৷
সন্ধিয়া বেলিকা জোন উঠে বেলি বহে পাটে ৷
হেন সময়তে অকলে তুমি যাবা পানীৰ ঘাটে ৷৷
সন্ধিয়া বেলিকা পানীঘাটলৈ অকলৈ যাবা তুমি৷
কঁকালত তোমাৰ ভৰা গাগৰি দিম মই তুলি৷৷
কাষত কলচী লৈ সেই সন্ধিয়া মহুৱা পানীত নামে ৷
নদাৰ চাঁদো ঘাটলৈ যায় সেই সন্ধ্যাকালে ৷৷
‘‘জল ভৰি ভৰি সুন্দৰী কন্যা জলত দিছা মন ৷
কালি যে কৈছিলোঁ কিবা এষাৰ হৈছেনে স্মৰণ ৷৷”
‘‘শুনা শুনা ভিনদেশী সবাই কয় তোমাৰ ঠাই ৷
কালি বা কি এষাৰ কৈছিলা মোৰ মনত নাই ৷৷”
‘‘ন যৌৱনা কন্যা তুমি হোজা তোমাৰ মন ৷
একে ৰাতিতে সেই কথা হ’ল বিস্মৰণ ৷৷”
‘‘তুমিতো ভিন দেশী পুৰুষ মই ভিন নাৰী ৷
তোমাৰ সৈতে কথা কওঁতে যাওঁ লাজতে মৰি ৷৷”
‘‘জল ভৰি ভৰি সুন্দৰী কন্যা জলত তুলিছা ঢউ ৷
হাঁহিমুখে কোৱাঁ না কথা লগত নাই মোৰ কেউ ৷৷
কোন বা তোমাৰ মাতা কন্যা কোন বা তোমাৰ পিতা ৷
এই দেশলৈ অহাৰ আগেয়ে আছিলানো কেনিবা ৷৷”
‘‘নাই মোৰ মাতা-পিতা নাই সহোদৰ ভাই৷
সোঁতৰ শেলাই হৈ ভাহি ফুৰিছোঁ পাই৷৷
কপালতে আছিল লেখা অঘৰীৰ সৈতে ফুৰিম ঘূৰি৷
নিজৰ জুইত জাহ যাওঁ মই নিজে মৰোঁ পুৰি ৷৷
এই দেশত বুজে কোনে যাক কওঁ মোৰ কথা ৷
কোনেনো বুজিব মোৰ পোৰা মনৰ বেথা ৷৷
সুন্দৰী কন্যা লৈ থাকাঁ ঠাকুৰ মনৰ সুখেৰে ৷
নিজ ইচ্ছাই ঘৰ কৰিছা সুখেৰে-সন্তোষে ৷৷”
ঠাকুৰে বোলে ‘‘কন্যা তোমাৰ কেনে পাষাণ হিয়া ৷
আসৈ মাতিছা তুমি হোৱা নাই তোমাৰ বিয়া ৷৷”
“কঠুৱা তোমাৰ মাতা-পিতা কঠুৱা তোমাৰ প্ৰাণ ৷
এনুৱা যৌৱন তোমাৰ যায় অকাৰণ ৷৷
কঠুৱা তোমাৰ মাতা-পিতা কঠুৱা তোমাৰ হিয়া৷
এনুৱা যৌৱনকালে দিয়া নাই তোমাক বিয়া ৷৷”
‘‘কঠুৱা মোৰ মাতা-পিতা কঠুৱা মোৰ হিয়া৷
তোমাৰ দৰে নাৰী পালে কৰোঁ মই বিয়া ৷৷”
“লাজ নাই নিলাজ ঠাকুৰ নাই তোমাৰ লজ্জা ৷
ডিঙিত কলহ বান্ধি তুমি পানীত ডুবি মৰাঁ ৷৷”
“কত পাওঁ কলহ কন্যা কত পাওঁ ৰছী৷
তুমি হোৱা গভীৰ নাদ মই ডুবোঁ মৰি৷৷”
(৬)
শুন শুন মহুৱা বৈণী মোৰ মূৰকে খোৱাঁ ৷
অকলৈ কিয় সন্ধ্যাবেলা ঘাটলৈ যোৱাঁ ৷৷
কান্দি পাৰ কৰা গোটেই নিশা দুচকুৰে বৈ থাকে পানী ৷
মনৰ কথা এবাৰ কোৱাঁচোন চাওঁ কেনে লাগে শুনি ৷৷
হুমুনিয়াহ এৰি চাই থাকাঁ মাথোঁ ঠাকুৰবাৰীৰ পিনে৷
নদা ঠাকুৰ পাগল হৈছে শুনিছোঁ তোমাৰ গানে ৷৷
এই কথা শুনি মহুৱাই পাছে কৈ গ’ল ধীৰে ধীৰে ৷
‘‘মনৰ জুইকুৰা নুমুৱাওঁ সখী কোৱাঁচোন কিদৰে ৷৷
এই দেশ এৰি সখী ব’লা আন দেশলৈ যাওঁ ৷
বুজাব খুজিলেও মনে যে নুবুজে কিসতে বুজাওঁ ৷৷”
‘‘শুন বৈণী শুন তেনেহ’লে মোৰ কথা ৰাখাঁ ৷
সাদিনলৈ ঘাটলৈ নগৈ ঘৰতে বহি থাকাঁ ৷৷
নদাৰ ঠাকুৰ আহিব যেতিয়া পাই যাব বাতৰি ৷
গ’ল নিশা মৰি গৈছে তেওঁৰ সুন্দৰী নাৰীজনী ৷৷”
এই কথা শুনি মহুৱাই ধীৰে ধীৰে ক’লে৷
‘‘ময়ে আগতে মৰিম ক্ষণিকলৈও তেওঁক নেদেখিলে৷৷
চন্দ্ৰ-সূৰ্য সাক্ষী সখী সাক্ষী হোৱাঁ তুমি ৷
নদাৰ ঠাকুৰেই হ’ল গৈ মোৰ প্ৰাণৰ স্বামী ৷৷
অঘৰীৰ স’তে মই যে সখী যেনি তেনি যাওঁ ৷
মোৰ মন বান্ধিব পৰা ঠাই আছে জানো তাকে চাওঁ ৷৷”
প্ৰাণৰ বন্ধুক লগত লৈ হ’ম দেশান্তৰী ৷
বিহ খাই মৰিম মই কিম্বা ডিঙিত জৰী ৷৷
(৭)
(হুমৰা আৰু মাইন্কিয়াৰ আলোচনা)
শুনা শুনা মাণিক ভাই তোমাকে জনাওঁ ৷
এই দেশ এৰি ব’লা আন দেশে যাওঁ ৷৷
ঘৰ-বাৰী লৈ কি কৰিম ভাই খাম ভিক্ষা মাগি ৷
কন্যা মোৰ বলিয়া হৈছে নদাৰ ঠাকুৰক ভাবি ৷৷
মাইন্কিয়াই বোলে “এনে কথা নক’বা আৰু তুমি৷
কোন স’তে এৰি যাওঁ এনে লখিমী বাৰী ৷৷
যতনেৰে কৰা পুখুৰী খাওঁ বুলিলেই পানী ৷
পথাৰ ভৰি পকিছে সৌৱা সোণবৰণীয়া শালি ৷৷
বাটি ভৰাই খাম এদিন শালিধানৰ চিৰা ৷
এই দেশ এৰি নাযাবা দাদা মূৰত ধৰি কাঢ়াঁ কিৰা ৷৷”
(৮)
(গভীৰ ৰাতি মহুৱাৰ সৈতে নদাৰ ঠাকুৰৰ পুনৰ্মিলন)
ফাগুন শেষ হৈ আহিছে চ’তৰ ৰাগী ৷
কু কু কৈ কুলিয়ে মাতিছে গছৰ ডালত বহি ৷৷
আগৰঙাকৈ শালিধান উঠিছে পকি ৷
মাজনিশা সাৰ পাই নদাৰ চাঁদ উঠিছে বহি ৷৷
ওঁঠলৈ তুলি ল’লে কাষতে থকা বাঁহী ৷
ইংগিতেৰে বুজালে মহুৱা যাতে আহে লৱৰি ৷৷
আকাশজুৰি পাপিয়াই জোৰে নিজৰ গীতি ৷
বাঁহী শুনি সুন্দৰী কন্যাৰ ভাঙি গ’ল টোপনি ৷৷
পৰম সুখত নিদ্ৰাত পৰে অঘৰীৰ দল ৷
বলিয়াৰ দৰে কন্যা ঘৰৰ বাজ হ’ল ৷৷
ধীৰে ধীৰে গৈ কন্যাই নদীৰ ঘাটলৈ আহি ৷
দেখে কন্যাই নদাৰ ঠাকুৰে বজাইছে প্ৰেমৰ বাঁহী ৷৷
একমনে সাবটাসাবটিকৈ ৰ’ল দুয়োজনা ৷
নদাৰ ঠাকুৰে ক’বলৈ ধৰিলে কাণ পাতি শুনা ৷৷
‘‘আইকো এৰিম বোপাইকো এৰিম এৰিম ঘৰবাৰী ৷
কন্যা তোমাক লগত লৈ হ’ম দেশান্তৰী ৷৷”
নদাৰ ঠাকুৰৰ ডিঙিত ধৰি কান্দে অঘৰীৰ কন্যা ৷
‘‘মই নাৰী পাগলিনী হায় তুমি মোৰ ডিঙিৰ মালা ৷৷
তিলমাত্ৰ দেখা নাপালে তোমাক হওঁ পাগলী ৷
সজাত ভৰাই বান্ধি ৰাখিছে পগলা পক্ষী ৷৷
ফুল যদি হ’লাহেঁতেন ধন, ফুল হ’লাহেঁতেন যদি৷
চুলিত গুজি ৰাখিলোহেঁতেন যতনাই বান্ধিলোহেঁতেন বেণী৷৷
মই মৰোগৈ পানীত ডুবি ধন মোৰ বাসনা এৰাঁ ৷
মোক পাবৰ আশা এৰি ঘৰলৈ উলটি যোৱাঁ ৷৷”
হুমৰাই তেনেতে দুয়ো প্ৰণয়ীক কিবা প্ৰকাৰে দেখে ৷
দূৰৈৰ পৰাই হুমৰাই দুয়োকে চায় আলেঙে আলেঙে ৷৷
শেষ নিশা হ’লত নদাৰ ঠাকুৰে নিজ ঘৰে বাট ধৰে ৷
কাষত কলচী লৈ পুৱাবেলা কন্যা নৈ ঘাটলৈ আহে ৷৷
(৯)
(শেষ বিদায়– মহুৱাৰ কথা)
‘‘শুনা শুনা নদাৰ ঠাকুৰ মোৰ কথা শুনা ৷
এই গাঁও এৰি যামগৈ গুচি আজি নিশাবেলা ৷৷
আই-বোপাইক লগত লৈ এৰি যাম ঘৰ-বাৰী ৷
তোমাৰ লগতে গৈ যেন হ’মগৈ দেশান্তৰী ৷৷
তোমাৰ সৈতে মোৰ চাগৈ এয়ে শেষ দেখা ৷
কেনেকৈনো থাকিম মই হৈ অদেখা ৷৷
অবলা নাৰী মই, আছে কুল মান ৷
পিতাইৰ সৈতে নগ’লে নাথাকিব মান ৷৷
পৰি ৰ’ল ঘৰ-মাটি পৰি ৰ’লা তুমি ৷
পগলা মনটোক কেনেকৈ ৰাখোঁ বান্ধি ৷৷
নুশুনো নুশুনো আৰু তোমাৰ গুণৰ বাঁহী ৷
উজাগৰী দুচকুৰে নুপুৱাওঁ আৰু ৰাতি ৷৷
মনেৰে যদি বৰিছা বন্ধু ৰাখাঁ মোৰ কথা ৷
দেখা কৰি যোৱাঁ বন্ধু দেখা কৰি যোৱাঁ ৷৷
সাৰ পাই দেখিম জানো আৰু তোমাৰ সোণামুৱা মুখ ৷
তোমাৰ সৈতে ভ্ৰমি আৰু ক’তনো পাম সুখ ৷৷
যোৱাৰ বেলিকা একেষাৰ মাথোঁ কৈ যাওঁ তোমাক ৷
উত্তৰ দিশে যোৱাঁ তুমি নাই কোনো বিপাক ৷৷
মোৰ ঘৰলৈ যাবা বন্ধু নাই ভিন-পৰ ৷
নল-খাগৰীৰ বেৰাৰে সৈতে দক্ষিণমুৱা ঘৰ ৷৷
সেই তাতে আছোঁ আমি মাহ-পষেক জুৰি ৷
তালৈকে যোৱাঁ বন্ধু অতিথি হোৱাঁ তুমি ৷৷
মোৰ ঘৰলৈ যাবা বন্ধু বহিবলৈ দিম পীৰা ৷
জলপান বুলি যতনাই দিম শালিধানৰ চিৰা ৷৷
শালিধানৰ চিৰা খাবা লগতে কল দুটাও পিটিকি ল’বা ৷
ঘৰতে আছে ম’হৰ দৈ খাবা তিনিও বেলা ৷৷
আজিয়েই যে শেষ দেখা বন্ধু আৰু জানো হ’ব দেখা ৷৷’’
(১০)
(অঘৰী দলৰ পলায়ন)
‘‘ সন্দেহ যিহেতু হ’ল ভাইহঁত আৰু নাথাকোঁ এই স্থানত৷
মোৰ কথা ৰাখাঁ ব’লা যাওঁ আন কোনো দেশত ৷৷
ঘৰ-বাৰী থাকক পৰি থাকক পৰি চাউল-চিৰা ৷
এই দেশত আৰু থকা নাযায় ভাইহঁত কেৱল মূৰৰ পীড়া ৷৷’’
বাঁহ-ৰছী সকলোবোৰ লগত লৈ জুৰি ৷
পলাই গ’ল অঘৰীৰ দল গভীৰ এন্ধাৰ ৰাতি ৷৷
পৰি ৰ’ল ঘৰ-দুৱাৰ বাৰী মাটি খেতি ৷
সেই কথা শুনিয়েই সবে থাউকতে উঠে চমকি ৷৷
নঁদাৰ ঠাকুৰৰ কাণত গৈ যেতিয়া পৰিল সেই কথা ৷
মাটিত আহি পৰিল মুখলৈ নিয়া ভাতৰ গোটেই গঢ়া ৷৷
মাকে মাতে বাপেকে মাতে নুশুনে কাৰো কথা ৷
সকলোৱে ৰটে, হ’ল নদাঁৰ ঠাকুৰ বলীয়া ৷৷
(১১)
(মাকৰ কাষৰ পৰা নদাঁৰ ঠাকুৰৰ বিদায় গ্ৰহণ)
‘‘ভঙা ঘৰ পৰি ৰৈছে চোৱাঁ হোৱা নাই চাল ৷
পোকা-পিঁপৰাৰ বাস হৈছে নাই কোনো খেয়াল ৷৷
সেই ঘৰতে কন্যা আহি নিৰলে বহে ৷
বিনা সূতাৰে মোলৈকে বুলি মালা গাঁথি থাকে ৷৷
দিন যায় মাহ যায় আৰু জানো হ’ব দেখা ৷
আছিলোঁ ব্ৰাহ্মণ-পুত্ৰ কপালত আছিল এই লেখা ৷৷
চন্দ্ৰ-সূৰ্য সাক্ষী হোৱাঁ, সাক্ষী হোৱাঁ তৰা ৷
বিদায় দিয়াঁ মা মোক, মোক বিদায় দিয়াঁ ৷৷
তীৰ্থ কৰিবলৈ এৰি যাওঁ দেশ যাবলৈ দিয়াঁ ৷৷
মাৰ নকঢ়াকৈ ভাত ৰান্ধা মা মোৰ বাবে ৰান্ধা ৷
তোমাৰ পুত্ৰ বিদেশলৈ যাব নকৰিবা মানা ৷৷
বিদায় দিয়াঁ মা মোকে বিদায় দিয়াঁ মোকে ৷
তীৰ্থলৈ বুলি যাম মই অতি দূৰ দেশে ৷৷
মাকে বোলে,‘‘ বাচা মোৰ তই মোৰ দুচকুৰ তৰা৷
তিলমান তোক নেদেখিলেও হওঁ মই বলিয়া ৷৷
তোক নেদেখিলে বাচা গলত লগাম জৰী ৷
তোৰ অবিহনে এই বংশত কোনে লগাব চাকি ৷৷
ভিক্ষা লাগি খাম লাগিলে লগে ভাগে থাকি ৷
বুকুৰ হাড় দলিয়াই দিম নাযাবি আঁতৰি ৷৷
কঁকালৰ এছোৱা গ’ল তোৰ গূ-মুত ধুই ৷
মাঘমহীয়া শীতে আনছোৱা নিলে আছোঁ কোনোমতে বৈ৷৷
বিদেশে বিপদে যদি হায় পুত্ৰৰ প্ৰাণ যায় ৷
খবৰ কোনেও নাপাওঁতেই মাকে গম পায় ৷৷
বুজ নামানে পৰাণে বাচা কেনেকৈ থাকিম ঘৰত ৷
তই এৰি গ’লে বাচা মৰি যাম দুখত ৷৷’’