মূল (ইংৰাজী) : কাৰ্ল ছেণ্ডবাৰ্গ
অনুবাদ : জ্যোতিশিখা দত্ত
মই দেখিছোঁ
পুৰণি ঈশ্বৰৰ প্ৰস্থান
আৰু নতুন ঈশ্বৰৰ প্ৰৱেশ
দিনৰ পাছত দিন
আৰু বছৰৰ পাছত বছৰ
মূৰ্তিবোৰৰ পতন
আৰু মূৰ্তিবোৰৰ উত্থান
আজি
মই হাতুৰিক প্ৰাৰ্থনা কৰোঁ।
টোকা : কাৰ্ল ছেণ্ডবাৰ্গ (জন্ম : ৬ জানুৱাৰী, ১৮৭৮, মৃত্যু : ২২ জুলাই, ১৯৬৭) এগৰাকী আমেৰিকান কবি, সাহিত্যিক, সম্পাদক আৰু জীৱনীকাৰ। তেখেতে তিনিবাৰকৈ সন্মানীয় পুলিৎজাৰ বঁটা লাভ কৰিছিল -দুবাৰ কবিতাৰ বাবে আৰু এবাৰ আব্ৰাহাম লিংকনৰ ওপৰত লিখা জীৱনী গ্ৰন্থৰ বাবে। Chicago
Poems, Cornhusker আৰু Smoke and Steel তেওঁৰ উল্লেখযোগ্য কবিতা পুথি।
ঠিকনা :
শান্তি পথ, আৰ জি বৰুৱা ৰোড
জু ৰোড, গুৱাহাটী - ৭৮১০২৪
দূৰভাষ: 7002120021