এমিলি ডিকিনচনৰ (Emily Dickinson) কবিতা
অনুবাদ : জ্যোতিশিখা দত্ত
Emily Dickinson |
(আমেৰিকান সাহিত্যৰ বিখ্যাত কবি এমিলি ডিকিনচনৰ জন্ম হৈছিল ১৮৩০ চনৰ ১০ ডিচেম্বৰ তাৰিখে এমাৰ্ষ্টত। জীৱনত পোৱাতকৈ নোপোৱাৰ বেদনাই তেওঁক দহি মাৰিছিল৷ তেওঁ বহু আত্মীয়, ভাল বন্ধু আনকি প্ৰেমকো হেৰুৱাবলগীয়া হৈছিল। তেওঁৰ মৃত্যু হয় ১৮৮৬ চনৰ ১৫ মে'-ত। এমিলি ডিকিনচনৰ প্ৰতিভা জনাজাত হয় তেওঁৰ মৃত্যুৰ পাছতহে। অবিৱাহিত ডিকিনচনে জীৱনৰ বেছিভাগ সময় হতাশা, দুখ, একাকিত্ব আৰু চৰম নিৰ্জনতাৰ মাজেদি পাৰ কৰিছিল। সেয়েহে তেওঁৰ প্ৰায়বোৰ কবিতাত বিৰহ আৰু বেদনাৰ ছবি প্ৰতিফলিত হয়। জীৱিত কালত তেওঁৰ মাত্ৰ ৭টা কবিতাহে প্ৰকাশ হৈছিল। ১৮৯০ চনত, তেওঁৰ মৃত্যুৰ চাৰি বছৰ পাছত, ডিকিনচনৰ ভনীয়েক লাভিনিয়াই তেওঁৰ কবিতাবোৰ বিচাৰি পায় আৰু 'আটলাণ্টিক মান্থলি' নামৰ আলোচনী এখনৰ সম্পাদক হিগিনচন আৰু এম. এল টডক গটাই দিয়ে।তেওঁলোকে সেই কবিতাবোৰৰ প্ৰথম খণ্ড প্ৰকাশ কৰে ১৮৯০ চনত। দ্বিতীয় আৰু তৃতীয় খণ্ড প্ৰকাশ হয় ক্ৰমে ১৮৯১ আৰু ১৮৯৬ চনত। ডিকিনচনে ডেৰ হাজাৰতকৈও অধিক কবিতা ৰচনা কৰিছিল।
এমিলি ডিকিনচনৰ কবিতাসমূহৰ কোনো শিৰোনাম নাথাকে। তেওঁৰ কবিতাবোৰ কবিতাৰ প্ৰথম শাৰীৰে জনা যায় অথবা কিছুমান নম্বৰেৰে জনা যায় যিবোৰ তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ কবিতাবোৰ ছপা কৰা সম্পাদকসকলে দিয়া।
উৎস : 100 Selected Poems of Emily Dickinson published by Fingerprint! Classics, Year of Publication: 2020)
১) ৰচনা
কাল: ১৮৫৯
প্ৰথম
প্ৰকাশ: ১৮৯১
নম্বৰ: ১২৫
প্ৰতিটো
আনন্দময় সময়ৰ বাবে
আমি এক
যন্ত্ৰণা পৰিশোধ কৰোঁ
তীক্ষ্ণ আৰু
স্ফুৰিত অনুপাতত
পৰমানন্দ লৈ৷
প্ৰতিটো
দয়িত ঘণ্টাৰ বাবে
বছৰৰ ধাৰাল কিঞ্চিত ভিক্ষা—
সিকিৰ নিৰ্মম প্ৰতিদ্বন্দ্বিতা—
আৰু চকুলো পুঞ্জীভূত হৈ থকা অৰ্থ ভাণ্ডাৰ!
২) ৰচনা
কাল: ১৮৫৯
প্ৰথম
প্ৰকাশ: ১৮৯০
নম্বৰ: ১১৩
ৰাতিটো সহ্য কৰাৰ আমাৰ অংশ—
ৰাতিপুৱাটোত থকা আমাৰ ভাগ—
আমাৰ সুখৰ
মাজত থকা শূন্যতা পূৰ্ণ কৰিবলৈ
আমাৰ দুখবোৰৰ মাজৰ ৰিক্ততা—
ইয়াত এটা
তৰা আৰু তাত এটা তৰা,
কিছুমানে
নিজৰ বাট হেৰুৱায়!
ইয়াত
কুহেলিকা আৰু তাত কুহেলিকা,
পৰৱৰ্তী কালত— দিন!
ঠিকনা :
ঘৰ নং: ৪০
শান্তি পথ, ৰাধা গোবিন্দ বৰুৱা পথ
জু ৰোড
তিনিআলি, গুৱাহাটী: ৭৮১০২৪
ই-মেইল : jyotisikhadatta@gauhati.ac.in