মূল : মহাকবি কালিদাস
অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত
|| ঊনবিংশ অধায় ||
জীৱনৰ বেলি পশ্চিম পালেহি জিতেন্দ্ৰিয় ৰাঘৱ সুদৰ্শনৰ,
অগ্নিৰ দৰে তেজস্বী পুত্ৰ অগ্নিবৰ্ণক দি ৰাজ্যভাৰ,
পশ্চিমৰ নৈমিষাৰণ্যলৈ সন্ন্যাসৰ বাবে কৰিলে গমন ।
অগ্নিবর্ণমভিষিচ্য ৰাঘবঃ স্বে পদে তনয়মগ্নিতেজসম্ |
শিশ্রিয়ে শ্রুতবতামপশ্চিমঃ পশ্চিমে বয়সি নৈমিষং বশী || ১৯-১||
তীৰ্থজলত স্নান কৰি পাহৰিলে ৰাজ-সৰোবৰ,
কুশশয্যাত স্নান কৰি পাহৰিলে সুখ পালেঙৰ,
ৰাজপ্ৰাসাদ পাহৰি গ’ল বাস কৰি কুটীৰত,
তপত মগন হ’ল নিস্পৃহ হৈ ফলাফলত ।
তত্র তীর্থসলিলেন দীর্ঘিকাস্তল্পমন্তৰিতভূমিভিঃ কুশৈঃ |
সৌধবাসমুটজেন বিস্মৃতঃ সংচিকায় ফলনিঃস্পৃহস্তপঃ || ১৯-২||
অগ্নিবৰ্ণই মেদিনীৰ গুৰুভাৰ অনায়াসে কৰিলে বহন,
শত্ৰুঞ্জয়ী পিতৃয়ে সুপ্ৰতিস্থিত কৰি
পুত্ৰক ভোগৰ বাবে কৰিলে পৃথিৱী অৰ্পণ ।
লব্ধপালনবিধৌ ন তৎসুতঃ খেদমাপ গুৰুণা হি মেদিনী |
ভোক্তুমেব ভুজনির্জিতদ্বিষা ন প্রসাধয়িতুমস্য কল্পিতা || ১৯-৩||
কিছুবছৰ ধৰি কুলৰ মৰ্যাদাৰে নিজে কৰিলে ৰাজ্যশাসন,
তাৰ পাছত কাম আৰু ভোগপ্ৰিয় অগ্নিবৰ্ণই
মন্ত্ৰীসকলৰ হাতত শাসনৰ ভাৰ কৰি অৰ্পণ,
নাৰীৰ সংগত যাপন কৰিলে নিজৰ নবীন যৌৱন ।
সোঽধিকাৰমভিকঃ কুলোচিতং কাশ্চন স্বয়মবর্তয়ৎসমাঃ |
সংনিবেশ্য সচিবেষ্বতঃপৰং স্ত্রীবিধেয়নবয়ৌবনোঽভবৎ || ১৯-৪||
কামিনীসকলৰ সাহচৰ্যত আৰু মৃদংগ-ধ্বনিত হ’ল ৰাজভৱন মুখৰ,
উৎসৱ-প্ৰীতিভোজৰ পয়োভৰে অতিক্ৰম কৰিলে পূৰ্বৰ অভিলেখ উৎসৱৰ ।
কামিনীসহচৰস্য কামিনস্তস্য বেশ্মসু মৃদঙ্গনাদিষু |
ঋদ্ধিমন্তমধিকর্দ্ধিৰুত্তৰঃ পূর্বমুৎসবমপোহদুৎসবঃ || ১৯-৫||
ইন্দ্ৰিয়সুখ অবিহনে নোৱাৰিছিল এপলকো থাকিব,
সেয়ে অন্তেষপুৰতে হৈছিল তেওঁৰ দিবা-নিশি অতিবাহিত,
তেওঁৰ সাক্ষাতৰ বাবে উৎসুক অধীৰ প্ৰজা হৈছিল বঞ্চিত ।
ইন্দ্রিয়ার্থপৰিশূন্যমক্ষমঃ সোঢুমেকমপি স ক্ষণান্তৰম্ |
অন্তৰেব বিহৰন্দিবানিশং ন ব্যপৈক্ষত সমুৎসুকাঃ প্রজাঃ || ১৯-৬||
কদাকাচিৎ মন্ত্ৰীমণ্ডলীৰ অনুনয়ত গৱাক্ষৰে দেখুৱাইছিল এখনি চৰণ,
তাৰেই সাধিত হৈছিল প্ৰজাসকলৰ আকংক্ষিত ৰাজদৰ্শন ।
গৌৰবাদ্যদপি জাতু মন্ত্রিণাং দর্শনং প্রকৃতিকাঙ্ক্ষিতং দদৌ |
তদ্গবাক্ষবিবৰাবলম্বিনা কেবলেন চৰণেন কল্পিতম্ || ১৯-৭||
কোমল আভাযুক্ত নখেৰে, উদিত সূৰুযৰ কিৰণত জিলিকা ,
ৰঙা পদুমৰ দৰে সেই চৰণত প্ৰজাসৱে জনাইছিল সেৱা ।
তং কৃতপ্রণতয়োঽনুজীবিনঃ কোমলাত্মনখৰাগৰূষিতম্ |
ভেজিৰে নবদিবাকৰাতপস্পৃষ্টপঙ্কজতুলাধিৰোহণম্ || ১৯-৮||
কামতৰংগত বুৰ গ’ল অগ্নিবৰ্ণ,
যৌৱনা নাৰীৰ উন্নত বক্ষৰ পৰশত কঁপি উঠা পদুমেৰে ভৰা আৰু
গোপন অভিসাৰগৃহযুক্ত জলাধাৰত তেওঁ জলকেলি কৰিলে ।
যৌবনোন্নতবিলাসিনীস্তনক্ষোভলোলকমলাশ্চ দীর্ঘিকাঃ |
গূঢমোহনগৃহাস্তদম্বুভিঃ স ব্যগাহত বিগাঢমন্মথঃ || ১৯-৯||
জলক্ৰীড়াত সুন্দৰীসকলৰ ধুই গৈছিল চকুৰ কাজল,
উটি গৈছিল অধৰৰ ৰঞ্জক,
অংগনাসৱৰ প্ৰসাধনহীন প্ৰকৃত কান্তিময় মুখে
ৰজাক বেছিকৈহে কৰিছিল মোহিত ।
তত্র সেকহৃতলোচনাঞ্জনৈর্ধৌতৰাগপৰিপাটলাধৰৈঃ |
অঙ্গনাস্তমধিকং ব্যলোভয়ন্নর্পিতপ্রকৃতকান্তিভির্মুখৈঃ || ১৯-১০||
হস্তিনীৰ সৈতে গজৰাজে যেনেকৈ যায় সুৱাসিত কমলৰ সৰোবৰলৈ,
তেনেকৈ তেওঁ প্ৰেয়সীসকলক লৈ গৈছিল আকৰ্ষক মধুগন্ধী পানাগাৰলৈ ।
ঘ্রাণকান্তমধুগন্ধকর্ষিণীঃ পানভূমিৰচনাঃ প্রিয়াসখঃ |
অভ্যপদ্যত স বাসিতাসখঃ পুষ্পিতাঃ কমলিনীৰিব দ্বিপঃ || ১৯-১১||
সুৰাৰ ৰাগি লাগি সুন্দৰীসকলৰ তেওঁৰ প্ৰতি আকাংক্ষা বাঢ়ি গৈছিল গোপনে,
স্ত্ৰীসকলে পান কৰিছিল তেওঁ মুখৰ উচ্ছিষ্ট সুৰা বকুল-বৃক্ষই কৰা দোহদৰ দৰে।
সাতিৰেকমদকাৰণং ৰহস্তেন দত্তমভিলেষুৰঙ্গনাঃ |
তাভিৰপ্যুপহৃতং মুখাসবং সোঽপিবদ্বকুলতুল্যদোহদঃ || ১৯-১২||
সুনয়না, সুবচনী সুন্দৰী আৰু মনোহৰ ধ্বনিৰ বীণ,
তেওঁৰ কোলা এই দুইৰে পৰ্যায়ক্ৰমে ভৰি আছিল,
সেই কোলা কেতিয়াও শূন্য নহৈছিল।
অঙ্কমঙ্কপৰিবর্তনোচিতে তস্য নিন্যতুৰশূন্যতামুভে |
বল্লকী চ হৃদয়ংগমক্ষমা বল্গুবাগপি চ বামলোচনা || ১৯-১৩||
অগ্নিবৰ্ণ স্বয়ং আছিল পাৰ্গত মৃদংগ বাদনত,
বজাইছিল মালা আৰু হাতৰ বলয় কৰি আন্দোলিত,
নৰ্তকীয়ে ভুল কৰিছিল নৃত্যাভিনয়ত তেওঁৰ প্ৰতি হৈ মুগ্ধ
আৰু সমুখৰ গুৰুৰ আগত হৈ পৰিছিল বৰ লজ্জিত ।
স স্বয়ং প্রহতপুষ্কৰঃ কৃতী লোলমাল্যবলয়ো হৰন্মনঃ |
নর্তকীৰভিনয়াতিলঙ্ঘিনীঃ পার্শ্ববর্তিষু গুৰুষ্বলজ্জয়ৎ || ১৯-১৪||
মোহনীয় নৃত্যৰ শেষত পৰিশ্ৰান্ত নৰ্তকীৰ ঘামত তিলক বৈ যায়,
সেই সৌন্দৰ্যময় মুখ আদৰেৰে শুঙি কৰিছিল অধৰসুধা পান,
যেন অমৰেশ্বৰ আৰু অলকেশ্বৰৰ সুখকো তেওঁ কৰিছিল অতিক্ৰম ।
(অমৰেশ্বৰ - ইন্দ্ৰ, অলকেশ্বৰ- কুবেৰ)
চাৰু নৃত্যবিগমে স তন্মুখং স্বেদভিন্নতিলকং পৰিশ্রমাৎ |
প্রেমদত্তবদনানিলঃ পিবন্নত্যজীবদমৰালকেশ্বৰৌ || ১৯-১৫||
সদায়েই তেওঁ কৰিছিল নতুন কামনাৰ সংগীৰ সন্ধান,
প্ৰেয়সীয়ে সেয়ে সম্ভোগ আধৰুৱা কৰি,
পুনৰ্মিলনৰ আশাত অপূৰ্ণ কৰি থৈছিল সুখ মিলনৰ ।
তস্য সাবৰণদৃষ্টসংধয়ঃ কাম্যবস্তুষু নবেষু সঙ্গিনঃ |
বল্লভাভিৰুপসৃত্য চক্রিৰে সামিভুক্তবিষয়াঃ সমাগমা || ১৯-১৬||
প্ৰেয়সীক প্ৰবঞ্চনা কৰি তেওঁৰ ভাগ্যত মিলিছিল,
ক’ৰবাত ফুলৰ পাহিৰ দৰে আঙুলিৰ তৰ্জন-গৰ্জন,
ক’ৰবাত কটাক্ষৰে ভৰা কুটিল ভ্ৰূ-সংকোচন,
অথবা অদৃষ্টত আছিল কঁকালৰ কিংকিনীৰ বন্ধন ।
অঙ্গুলীকিসলয়াগ্রতর্জনং ভ্রূবিভঙ্গকুটিলং চ বীক্ষিতম্ |
মেখলাভিৰসকৃচ্চ বন্ধনং বঞ্চয়ন্প্রণয়িনীৰবাপ সঃ || ১৯-১৭||
ৰাত্ৰিযাপনৰ বাবে নিৰ্দিষ্ট প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ
শুনিছিল কামিনীৰ বিৰহকাতৰ প্ৰলাপ,
দূতীয়ে জনোৱামতেই গোপনে তেওঁৰ পিছত ৰৈ।
তেন দূতিবিদিতং নিষেদুষা পৃষ্ঠতঃ সুৰতবাৰৰাত্রিষু |
শুশ্রুবে প্রিয়জনস্য কাতৰং বিপ্রলম্ভপৰিশঙ্কিনো বচঃ || ১৯-১৮||
মহিষীসকলে যেতিয়া কৰি ৰাখে তেওঁক পৰিবেষ্টিত
দুৰ্লভ হৈ উঠে ঈপ্সিত নৰ্তকীৰ সংগ,
ঘামত সিক্ত তুলিকাৰে আলেখ্য আঁকি তেওঁলোকৰ অংগত
কোনোমতে কৰিছিল সময় ব্যতীত ।
লৌল্যমেত্য গৃহিণীপৰিগ্রহান্নর্তকীষ্বসুলভাসু তদ্বপুঃ |
বর্ততে স্ম স কথংচিদালিখন্নঙ্গুলীক্ষৰণসন্নবর্তিকঃ || ১৯-১৯||
প্ৰেমগৰ্বিত বিপক্ষৰ প্ৰতি ঈৰ্ষাত দহি আৰু কামাতুৰা হৈ,
ৰাণীসকলে খং-অভিমান সামৰি থৈ ,
উৎসৱ-বিধিৰ দোহাই দি কৃতাৰ্থ হৈছিল তেওঁক কাষত পাই ।
প্রেমগর্বিতবিপক্ষমৎসৰাদায়তাশ্চ মদনান্মহীক্ষিতম্ |
নিন্যুৰুৎসববিধিচ্ছলেন তং দেব্য উজ্ঝিতৰুষঃ কৃতার্থতাম্ || ১৯-২০||
ৰাতিপুৱা যেতিয়া অভিমানী প্ৰণয়িনীয়ে দেখে
তেওঁৰ শৰীৰত সম্ভোগ চিহ্ন,
হাতযোৰ কৰি যেনেতেনে কৰে তেওঁলোকক প্ৰসন্ন ।
পিছে অগ্নিবৰ্ণৰ প্ৰণয়জনিত ভাগৰৰ বাবে তেওঁলোক পুনৰ হয় অসন্তুষ্ট ।
প্রাতৰেত্য পৰিভোগশোভিনা দর্শনেন কৃতখণ্ডনব্যথাঃ |
প্রাঞ্জলিঃ প্রণয়িনীঃ প্রসাদয়ন্সোঽদুনোৎপ্রণয়মন্থৰঃ পুনঃ || ১৯-২১||
সপোনতো যেতিয়া তেওঁ নাম লয় বিপক্ষ কোনো নাৰীৰ,
মহিষীসকলে নীৰৱে উচুপি সিক্ত কৰে শয্যাৰ কাপোৰ,
আৰু খঙত পিঠি দি শোওঁতে ভাগে বলয় হাতৰ ।
স্বপ্নকীর্তিতবিপক্ষমঙ্গনাঃ প্রত্যভৈৎসুৰবদন্ত্য এব তম্ |
প্রচ্ছদান্তগলিতাশ্রুবিন্দুভিঃ ক্রোধভিন্নবলয়ৈর্বিবর্তনৈঃ || ১৯-২২||
দূতীয়ে দেখুৱাই দিয়া পথ অনুসৰণ কৰি লতাগৃহৰ ফুলশয্যাত,
সম্ভোগ কৰিছিল ৰাণীৰ ভয়ত কম্পিত পৰিচাৰিকাসকলক ।
কৃপ্তপুষ্পশয়নাঁল্লতাগৃহানেত্য দূতিকৃতমার্গদর্শনঃ |
অন্বভূৎপৰিজনাঙ্গনাৰতং সোঽবৰোধভয়বেপথূত্তৰম্ || ১৯-২৩||
অন্যমনস্ক হৈ যদি তেওঁ ভুলকৈ মাতে অন্য নাৰীৰ নামেৰে,
সুন্দৰীয়ে কয় - মাতিলা মোক যাৰ নামেৰে,
মই হৈছোঁ লালায়িত তেওঁৰ সৌভাগ্যৰ আকাংক্ষাৰে।
নাম বল্লভজনস্য তে ময়া প্রাপ্য ভাগ্যমপি তস্য কাঙ্ক্ষ্যতে |
লোলুপং ননু মনো মমেতি তং গোত্রবিস্খলিতমূচুৰঙ্গনাঃ || ১৯-২৪||
মচখোৱা প্ৰসাধনেৰে পিংগল, ছিগি যোৱা ফুলৰ মালা সিঁচৰিত,
ছিন্ন-ভিন্ন কিংকিণী আৰু আলতাৰ ৰঙেৰে ৰঞ্জিত,
শয়নৰ পৰা উঠাৰ পাছত সেই অবিন্যস্ত শয্যাই ,
সেই কামবিলাসীৰ বিভিন্ন ৰতিক্ৰীড়াৰ কথা দিয়ে দেখুৱাই ।
চূর্ণবভ্রু লুলিতস্রগাকুলং ছিন্নমেখলমলক্তকাঙ্কিতম্ |
উত্থিতস্য শয়নং বিলাসিনস্তস্য বিভ্রমৰতান্যপাবৃণোৎ || ১৯-২৫||
নাৰীৰ চৰণত তেওঁ নিজহাতে আলতা আঁকিছিল ,
পিছে, যেতিয়া তেওঁলোকৰ কাপোৰ পিছলি প্ৰকট হৈছিল
অকল কিংকিণী পিন্ধা উৰু আৰু নিতম্ব,
মনোনিৱেশ নহৈছিল অঁকাত, দৃষ্টি তাতে হৈছিল নিবদ্ধ।
স স্বয়ং চৰণৰাগমাদধে যোষিতাং ন চ তথা সমাহিতঃ |
লোভ্যমাননয়নঃ শ্লথাংশুকৈর্মেখলাগুণপদৈর্নিতম্বিভিঃ || ১৯-২৬||
চুম্বনৰ সময়ত ওঁঠ নিয়ে আঁতৰাই,
মেখলা শিথিল কৰিব খোজা হাততো ধৰি দিয়ে বাধা,
ইচ্ছাত বাধা পালেও জ্বলি থাকে নাৰীসম্ভোগৰ কামাগ্নি সৰ্বথা ।
চুম্বনে বিপৰিবর্তিতাধৰং হস্তৰোধি ৰশনাবিঘট্টনে |
বিঘ্নিতেচ্ছমপি তস্য সর্বতো মন্মথেন্ধনমভূদ্বধূৰতম্ || ১৯-২৭||
দাপোণৰ আগত ৰৈ চাই থাকোঁতে কামনাৰ পৰিভোগ-চিহ্ন,
গোপনে কামিনীৰ পিছত ৰৈ ৰজাই কৰে পৰিহাস,
হঠাতে তেওঁৰ প্ৰতিবিম্ব দেখি প্ৰেয়সী হয় লজ্জাৱনত ।
দর্পণেষু পৰিভোগদর্শিনীর্নর্মপূর্বমনুপৃষ্ঠসংস্থিতঃ |
ছায়য়া স্মিতমনোজ্ঞয়া বধূর্হ্রীনিমীলিতমুখীশ্চকাৰ সঃ || ১৯-২৮||
চৰণৰ আগেৰে স্পৰ্শ কৰি তেওঁৰ দুভৰি,
কোমল বাহুৰে কণ্ঠলগ্না হৈ প্ৰেয়সীয়ে,
শুই উঠি তেওঁৰ পৰা প্ৰাৰ্থনা কৰে,
এটি শেষ চুম্বন ৰাতিটো শেষ হ’লে ।
কণ্ঠসক্তমৃদুবাহুবন্ধনং ন্যস্তপাদতলমগ্রপাদয়োঃ |
প্রার্থয়ন্ত শয়নোত্থিতং প্রিয়াস্তং নিশাত্যয়বিসর্গচুম্বনম্ || ১৯-২৯||
ইন্দ্ৰকো হাৰ মনাব পৰা নিজৰ ৰাজৱেশ দৰ্পণত দেখি
নৱ-যুৱক অগ্নিবৰ্ণই নাপায় সিমান তৃপ্তি,
যিমান সুখী হয় নাৰীৰ শৰীৰত জিলিকি থকা পৰিভোগ-চিহ্ন দেখি ।
প্রেক্ষ্য দর্পণতলস্থমাত্মনো ৰাজবেষমতিশক্রশোভিনম্ |
পিপ্রিয়ে ন স তথা যথা যুবা ব্যক্তলক্ষ্মপৰিভোগমণ্ডনম্ || ১৯-৩০||
বন্ধুৰ বিশেষ কাম আছে বুলি আঁতৰি যাব খুজিলে ছলেৰে,
চুলিত মুঠি মাৰি ধৰি কয় প্ৰেয়সীয়ে-
হে শঠ, তোমাৰ আঁতৰি যোৱাৰ চাতুৰী বুজোঁ ভালদৰে ।
মিত্রকৃত্যমপদিশ্য পার্শ্বতঃ প্রস্থিতং তমনবস্থিতং প্রিয়াঃ |
বিদ্ম হে শঠ পলায়নচ্ছলান্যঞ্জসেতি ৰুৰুধুঃ কচগ্রহৈঃ || ১৯-৩১||
তেওঁৰ নিৰ্দয় ৰতিশ্ৰমত নাৰী ভাগৰুৱা হৈ,
বৃহৎ দুবাহুৰ মাজত শুই ‘কণ্ঠসূত্ৰ’ নামে আলিংগনৰ আশ্ৰয় লয় ।
আৰু সুডৌল স্তনত লেপিত চন্দন বিমৰ্দনত মচ খায়।
তস্য নির্দয়ৰতিশ্রমালসাঃ কণ্ঠসূত্রমপদিশ্য যোষিতঃ |
অধ্যশেৰত বৃহদ্ভুজান্তৰং পীবৰস্তনবিলুপ্তচন্দনম্ || ১৯-৩২||
ৰাতি সংগমৰ আশাত দূতীয়ে নিৰ্দেশ কৰা গোপন বাটেৰে হওঁতে অগ্ৰসৰ,
সুন্দৰী প্ৰেয়সীসৱে গম পাই তেওঁক টানি আনি কয়,
হে কামুক, আমাক কিয় কৰিছা বঞ্চনা আন্ধাৰৰ সুযোগ লৈ ?
সংগমায় নিশি গূঢচাৰিণং চাৰদূতিকথিতং পুৰোগতাঃ |
বঞ্চয়িষ্যসি কুতস্তমোবৃতঃ কামুকেতি চকৃষুস্তমঙ্গনাঃ || ১৯-৩৩||
জোনৰ পোহৰত ওৰে ৰাতি ফুলি থকা
ভেঁটফুলে দিনত পাহি জপোৱাৰ দৰে,
ওৰে ৰাতি সাৰে থাকি ৰমণীৰ সংসৰ্গত,
ৰাজনে শয়ন কৰিছিল দিনত।
যোষিতামুডুপতেৰিবার্চিষাং স্পর্শনিবৃতিমসাববাপ্নুবন্ |
আৰুৰোহ কুমুদাকৰোপমাং ৰাত্রিজাগৰপৰো দিবাশয়ঃ || ১৯-৩৪||
নৰ্তকীসকলে দন্তক্ষত হোৱা ওঁঠৰে বজাব পৰা নাছিল বাঁহী,
নখক্ষত থকা উৰুত লৈ বাদন কৰিব পৰা নাছিল বীণা,
এনে শিল্পকাৰ্যত কষ্ট হওঁতে তাহাঁতে কৰা কটাক্ষত মোহিত হৈছিল ৰজা ।
বেণুনা দশনপীডিতাধৰা বীণয়া নখপদাঙ্কিতোৰবঃ |
শিল্পকার্য উভয়েন বেজিতাস্তং বিজিহ্মনয়না ব্যলোভয়ন্ || ১৯-৩৫||
নৰ্তকীসকলক নিজেই শিকাইছিল অভিনয়ৰ আংগিক, সাত্বিক আৰু সংগীত,
প্ৰয়োগনিপুণ নাট্যাচাৰ্যৰ সৈতে কৰিছিল প্ৰতিদ্বন্দ্বিতা মিত্ৰ-মণ্ডলীৰ উপস্থিতিত ।
অঙ্গসত্ত্ববচনাশ্রয়ং মিথঃ স্ত্রীষু নৃত্যমুপধায় দর্শয়ন্ |
স প্রয়োগনিপুণৈঃ প্রয়োক্তৃভিঃ সংজঘর্ষ সহ মিত্রসংনিধৌ || ১৯-৩৬||
বাৰিষা সজাই লৈ কৃত্ৰিম পাহাৰ
আৰু তাত চতুৰ্দিশে এৰি নৃত্যৰত ময়ূৰ,
পিন্ধি কূটজ আৰু অৰ্জুন ফুলৰ মালা,
প্ৰসাধন কৰিলে কদম্বফুলৰ ৰেণুৰে,
অতি ৰমণীয় সুখে বিহাৰ কৰিলে ।
অংসলম্বিকুটজার্জুনস্রজস্তস্য নীপৰজসাঙ্গৰাগিণঃ |
প্রাবৃষি প্রমদবর্হিণেষ্বভূৎকৃত্রিমাদ্রিষু বিহাৰবিভ্রমঃ || ১৯-৩৭||
তেওঁ অনুনয় নকৰে অভিমান কৰি লগত শুবলৈ অনিচ্ছুক সংগিনীক,
মনতে কামনা কৰে মেঘৰ গৰ্জনত ভীতা হৈ নিজে আহি সোমাওক বাহুবন্ধনত ।
বিগ্রহাচ্চ শয়নে পৰাঙ্মুখীর্নানুনেতুমবলাঃ স তৎবৰে |
আচকাঙ্ক্ষ ঘনশব্দবিক্লবাস্তা বিবৃত্য বিশতীর্ভুজান্তৰম্ || ১৯-৩৮||
সুন্দৰী অংগনাসকলৰ লগত কাতিমাহৰ নিৰ্মল ৰাতি চন্দ্ৰতাপ অঁৰা প্ৰাসাদত,
উপভোগ কৰিছিল সম্ভোগৰ শান্তিহৰণকাৰী প্ৰকাশময় মেঘমুক্ত জোনাক।
কার্তিকীষু সবিতানহর্ম্যভাগ্যামিনীষু ললিতাঙ্গনাসখঃ |
অন্বভুঙ্ক্ত সুৰতশ্রমাপহাং মেঘমুক্তবিশদাং স চন্দ্রিকাম্ || ১৯-৩৯||
ৰাজসৌধৰ গৱাক্ষৰে চাইছিল,
নাৰীৰ নিতম্ব সদৃশ নদীতীৰত ৰাজহংসৰ কিকিংণী পিন্ধা
নিজৰ প্ৰিয়াৰ দৰে সৌন্দৰ্যময়ী সৰযূনদীৰ শোভা ।
সৈকতং স সৰয়ূং বিবৃণ্বতীং শ্রোণিবিম্বমিব হংসমেখলম্ |
স্বপ্রিয়াবিলসিতানুকাৰিণীং সৌধজালবিবৰৈর্ব্যলোকয়ৎ || ১৯-৪০||
,
অগৰুধূপৰ সুৱাসিত ধোঁৱাত ৰুণুজুনু ধ্বনিৰ সুবৰ্ণময় কঁকালবন্ধনী
আৰু হেমন্তকালত পিন্ধা বস্ত্ৰ সামান্য নমাই শৰীৰ প্ৰদৰ্শন কৰি,
সৰু সুগঠিত কঁকালৰ সুন্দৰীয়ে প্ৰলোভিত কৰিছিল ৰজাক,
যিজন আছিল মেখলা শিথিল কৰা আৰু বন্ধন কৰাত অতিকে আগ্ৰহী ।
মর্মৰৈৰগুৰুধূপগন্ধিভির্ব্যক্তহেমৰশনৈস্তমেকতঃ |
জহ্ৰুৰাগ্রথনমোক্ষলোলুপং হৈমনৈর্নিবসনৈঃ সুমধ্যমাঃ || ১৯-৪১||
নিথৰ বায়ুৰ কোঠাত অন্তেষপুৰৰ,
অকম্পিত প্ৰদীপ জ্বলা শীতৰ ৰাতিবোৰ সাক্ষী হৈছিল,
তেওঁৰ কামক্ৰীড়াৰ সকলো কৌশলৰ ।
অর্পিতস্তিমিতদীপদৃষ্টয়ো গর্ভবেশ্মসু নিবাতকুক্ষিষু |
তস্য সর্বসুৰতান্তৰক্ষমাঃ সাক্ষিতাং শিশিৰৰাত্রয়ো যয়ুঃ || ১৯-৪২||
দক্ষিণা সমীৰত ফুলি উঠা আমৰ ফুল দেখি,
বিৰহ সহিব নোৱাৰি প্ৰেয়সীসকলে অভিমান এৰি
অনুনয় কৰিলে তেওঁৰ সান্নিধ্য বিচাৰি ।
দক্ষিণেন পবনেন সংভৃতং প্রেক্ষ্য চূতকুসুমং সপল্লবম্ |
অন্বনৈষুৰবধূতবিগ্রহাস্তং দুৰুৎসহবিয়োগমঙ্গনাঃ || ১৯-৪৩||
এগৰাকী অংগনাক কোলাত লৈ দোলনাত বহে
দোলাই দিয়ে পৰিচাৰকে,
দোলনাৰ ৰচী তেওঁ কৌশলেৰে এৰি দিয়ে,
যাতে ভয়তে সুন্দৰীয়ে সজোৰে সাবটি ধৰে ।
তাঃ স্বমঙ্কমধিৰোপ্য দোলয়া প্রেঙ্খয়ন্পৰিজনাপবিদ্ধয়া |
মুক্তৰজ্জু নিবিডং ভয়চ্ছলাৎকণ্ঠবন্ধনমবাপ বাহুভিঃ || ১৯-৪৪||
অংগনাসকলে গ্ৰীষ্মত বক্ষত সানি চন্দন,
আকৰ্ষণীয় মুকুতাৰ অলংকাৰ কৰি পৰিধান,
নিতম্বত পিন্ধি মণিময় মেখলা, কৰে তেওঁৰ মনোৰঞ্জন।
তং পয়োধৰনিষিক্তচন্দনৈর্মৌক্তিকগ্রথিতচাৰুভূষণৈঃ |
গ্রীষ্মবেষবিধিভিঃ সিষেবিৰে শ্রোণিলম্বিমণিমেখলৈঃ প্রিয়াঃ || ১৯-৪৫||
বসন্তৰ শেষত মনলৈ অহা ক্লান্তি নাশি আনে নতুন উৎসাহ ঘূৰাই,
তেওঁ পান কৰা আম্ৰপল্লৱ আৰু তেজৰঙা পাটলফুলৰ ৰেণুৰ সুৰাই ।
যৎস লগ্নসহকাৰমাসবং ৰক্তপাটলসমাগমং পপৌ |
তেন তস্য মধুনির্গমাৎকৃশশ্চিত্তয়োনিৰভবৎপুনর্নবঃ || ১৯-৪৬||
এনেদৰেই সকলো কৰ্মৰ প্ৰতি বিমুখ হৈ,
অত্যধিক কাম-বাসনা আৰু ইন্দ্ৰিয়সুখত বুৰ গৈ,
অতিৱাহিত কৰিলে সকলো ঋতু বাসনাত মত্ত হৈ ।
এবমিন্দ্রিয়সুখানি নির্বিশন্নন্যকার্যবিমুখঃ স পার্থিবঃ |
আত্মলক্ষণনিবেদিতানৃতূনত্যবাহয়দনঙ্গবাহিতঃ || ১৯-৪৭||
যদিও আছিল বিষয়ভোগত প্ৰমত্ত,
তেতিয়াও তেওঁৰ ৰাজশক্তি আছিল দৃঢ়,
সেয়েহে অন্য ৰজাই আক্ৰমণ কৰিব পৰা নাছিল তেওঁৰ ৰাজ্য,
পিছে দক্ষৰ শাপে চন্দ্ৰক আক্ৰান্ত কৰাৰ দৰে
অতিমাত্ৰা কাম-সম্ভোগৰ ৰোগত তেওঁ হ’ল আক্ৰান্ত ।
তং প্রমত্তমপি ন প্রভাবতঃ শেকুৰাক্রমিতুমন্যপার্থিবাঃ |
আময়স্তু ৰতিৰাগসংভবো দক্ষশাপ ইব চন্দ্রমক্ষিণোৎ || ১৯-৪৮||
জানিও নেৰিলে দূষিত আসক্তি অমান্য কৰি বৈদ্যৰ নিৰ্দেশ ,
এবাৰ আকৃষ্ট হ’লে বৰ কঠিন ত্যাগ কৰা ৰমণীয় ইন্দ্ৰিয়সুখ।
দৃষ্টদোষমপি তন্ন সোঽত্যজৎসঙ্গবস্তু ভিষজামনাশ্রবঃ |
স্বাদুভিস্তু বিষয়ৈর্হৃতস্ততো দুঃখমিন্দ্রিয়গণো নিবার্যতে || ১৯-৪৯||
তেওঁৰ মুখ হ’ল শেঁতা হালধীয়া,
ক্ষীণ শৰীৰত কমকৈ পিন্ধে অলংকাৰ,
অৱলম্বন লৈ কৰে গমন, ভগ্ন কণ্ঠস্বৰ ।
ৰাজযক্ষ্মাত ভূগি কামুকৰ দশা কামনাতে হ’ল ভংগুৰ ।
তস্য পাণ্ডুবদনাল্পভূষণা সাবলম্বগমনা মৃদুস্বনা |
ৰাজয়ক্ষ্মপৰিহানিৰায়য়ৌ কাময়ানসমবস্থয়া তুলাম্ || ১৯-৫০||
ক্ষয়ৰোগ আক্ৰান্ত ৰজাক লৈ সেই বংশৰ পৰিণতি হ’ল -
পশ্চিমত চন্দ্ৰৰ শেষ কলাৰ জিলিঙনি থকা আকাশৰ দৰে,
গ্ৰীষ্মৰ তাপত শুকাই সামান্য বোকা ৰৈ যোৱা জলাধাৰৰ দৰে,
নুমাওঁ নুমাওঁ যেন হোৱা প্ৰদীপৰ শিখাৰ দৰে ।
ব্যোম পশ্চিমকলাস্থিতেন্দু বা পঙ্কশেষমিব ঘর্মপল্বলম্ |
ৰাজ্ঞি তৎকুলমভূৎক্ষয়াতুৰে বামনার্চিৰিব দীপভাজনম্ || ১৯-৫১||
মন্ত্ৰীবৰ্গই গোপনে ৰাখিলে ৰজাৰ অসুস্থতা,
অমংগলৰ আশংকাত ভোগে বুলি প্ৰজা,
বাৰম্বাৰ জনালে, পুত্ৰলাভৰ বাবে দিনটো ধৰ্ম-কৰ্মত ব্যস্ত ৰজা ।
বাঢমেষ দিবসেষু পার্থিবঃ কর্ম সাধয়তি পুত্রজন্মনে |
ইত্যদর্শিতৰুজোঽস্য মন্ত্রিণঃ শশ্বদূচুৰঘশঙ্কিনীঃ প্রজাঃ || ১৯-৫২||
অলেখ নাৰীৰে সংসৰ্গ কৰিও অগ্নিবৰ্ণই
নেদেখিলে কুলসন্তানৰ মুখ পিতৃঋণ সুজিবলৈ,
তাৰ পাছত দীপে যেনেকৈ নোৱাৰে এৰাব বায়ু,
ৰোগ অতিক্ৰম কৰিব নোৱাৰি,
বৈদ্যৰ যতন ব্যৰ্থ কৰি আঁকোৱালি ল’লে মৃত্যু ।
স ৎবনেকবনিতাসখোঽপি সন্পাবনীমনবলোক্য সংততিম্ |
বৈদ্যয়ত্নপৰিভাবিনং গদং ন প্রদীপ ইব বায়ুমত্যগাৎ || ১৯-৫৩||
অন্ত্যেষ্টিক্ৰিয়াত কুশলী পুৰোহিতেৰে,
ৰোগশান্তি কৰা বুলি প্ৰাসাদৰ উপবনতে,
মন্ত্ৰীসকলে ৰজাৰ দাহকাৰ্য কৰিলে গোপনে।
তং গৃহোপবনএব সংগতাঃ পশ্চিমক্রতুবিদা পুৰোধসা |
ৰোগশান্তিমপদিশ্য মন্ত্রিণঃ সংভৃতে শিখিনি গূঢমাদধুঃ || ১৯-৫৪||
সাধুজনে দেখিলে অগ্নিবৰ্ণৰ সহধৰ্মিনী মহিষী সঁচাই শুভগৰ্ভলক্ষণা,
তাৰ পাছত মন্ত্ৰীসকলে মুখ্য পৌৰপতিসকলৰ সৈতে কৰি মন্ত্ৰণা,
সেই মহিষীকে ৰাজসিংহাসনত কৰিলে অধিষ্ঠিতা ।
তৈঃ কৃতপ্রকৃতিমুখ্যসংগ্রহৈৰাশু তস্য সহধর্মচাৰিণী |
সাধু দৃষ্টশুভগর্ভলক্ষণা প্রত্যপদ্যত নৰাধিপশ্রিয়ম্ || ১৯-৫৫||
ৰজাৰ এনে কৰুণ মৃত্যুত তপত চকুলোত উত্তপ্ত হৈ উঠা তেওঁৰ গৰ্ভ,
সোণৰ কলহ নিসৃত শীতল বংশাভিষেক জলত স্নান কৰি হ’ল শান্ত ।
তস্যাস্তথাবিধনৰেন্দ্রবিপত্তিশোকা-
দুষ্ণৈর্বিলোচনজলৈঃ প্রথমাভিতপ্তঃ |
নির্বাপিতঃ কনককুম্ভমুখোজ্ঝিতেন
বংশাভিষেকবিধিনা শিশিৰেণ গর্ভঃ || ১৯-৫৬||
তাৰ পাছত,
প্ৰজাই কৰিলে মাথোঁ প্ৰসৱৰ অপেক্ষা ।
মানুহৰ বাবে পৃথিৱীয়ে যিদৰে শাওনত ৰোপণ কৰা শস্য ধাৰণ কৰে বক্ষত,
তেনেদৰে সগৰ্ভা ৰাজমহিষীয়ে স্বামীৰ ৰাজ্য শাসন কৰিলে যথাবিধি,
সোণৰ সিংহাসনত বহি অভিজ্ঞ মন্ত্ৰীগণৰ সহায়ত ।
তেওঁৰেই আজ্ঞা সৰ্বত্ৰ হৈ থাকিল অব্যাহত ।
তং ভাবার্থং প্রসবসময়াকাঙ্ক্ষিণীনাং প্রজানা-
মন্তর্গূঢং ক্ষিতিৰিব নভোবীজমুষ্টিং দধানা |
মৌলৈঃ সার্ধং স্থবিৰসচিবৈর্হেমসিংহাসনস্থা
ৰাজ্ঞী ৰাজ্যং বিধিবদশিষদ্ভর্তুৰব্যাহতাজ্ঞা || ১৯-৫৭||
( উনবিংশ অধ্যয় সমাপ্ত )
*ৰঘুবংশম্ মহাকাব্য সমাপ্ত*