অসমীয়া অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত
।। বসন্ত বৰ্ণনা ।।
।। অথ বসন্তঃ ।।
হে প্ৰিয়তমা!
নৱবিকশিত আমফুলৰ অতি তীক্ষ্ণ বাণেৰে সজ্জিত
ভ্ৰমৰৰ পংক্তিৰূপী গুণ যাৰ সুশোভন ধনুত
সেই বসন্তৰূপী যোদ্ধা আহি হৈছে সমাগত
সম্ভোগৰসিক কামাসক্তৰ মন কৰিবলৈ বিদ্ধ ।
প্রফুল্লচূতাঙ্কুৰতীক্ষ্ণসায়কোঃ
দ্বিৰেফমালাৱিলসদ্ধনুর্গুণঃ .
মনাংসি ভেত্তুং সুৰতপ্রসঙ্গিনাং
ৱসন্তযোদ্ধা সমুপাগতঃ প্রিয়ে ।। ১।।
গছবোৰ ভৰি উঠিছে ফুলেৰে, পানীত পদুম ফুলিছে
নাৰীৰ মনত জাগিছে কামনা, বতাহত সুৱাস ভাহিছে
ৰমণীয় হৈ পৰিছে দিন আৰু সুখময় হৈছে সন্ধিয়া
মোৰ সোণজনী ! সঁচাই সুন্দৰ বসন্তৰ সকলো হ’ল ধুনীয়া ।
দ্রুমাঃ সপুষ্পাঃ সলিলং সপদ্মং
স্ত্রিয়ঃ সকামাঃ পৱনঃ সুগন্ধিঃ ।
সুখাঃ প্রদোষা দিৱসাশ্চ ৰম্যাঃ
সর্বং প্রিয়ে চাৰুতৰং ৱসন্তে ।। ২।।
জলাধাৰৰ পানী আৰু মণিময় কৰধনী
মনোৰমা নাৰী আৰু জিলমিল জোনালী
কুঁহিপাত আৰু ফুলে ঢাকি ধৰা আম্ৰকানন
বসন্তই এই সকলোকে কৰে সৌভাগ্যপ্ৰদান ।
ৱাপীজলানাং মণিমেখলানাং
শশাঙ্কভাসাং প্রমদাজনানাম্ ।
চূতদ্রুমাণাং কুসুমানতানাং
দদাতি সৌভাগ্যময়ং ৱসন্তঃ ।। ৩।।
সুগোল সুদৌল নিতম্বৰ শুৱনি নাৰী
পৰিধান কৰিছে কুসুম্ভ ফুলেৰে ৰঙোৱা বস্ত্ৰ ৰেচমী।
কুমকুমৰ ৰং সনা সূক্ষ্মবস্ত্ৰ কেশৰৰঙী
অলংকৃত কৰি ঢাকিছে উঠন বুকুখনি ।
কুসুম্ভৰাগাৰুণিতৈর্দুকূলৈৰঃ
নিতম্ববিম্বানি ৱিলাসিনীনাম্ ।
তন্বংশুকৈঃ কুঙ্কুমৰাগগৌৰৈৰ্
অলঙ্ক্রিয়ন্তে স্তনমন্ডলানি ।। ৪।।
কাণত শুৱাই পৰিছে ফুল নৱকৰ্ণিকাৰ
চঞ্চল কুঞ্চিত ক’লা চুলিত কলি অশোকৰ
আৰু পিন্ধিছে বিকশিত ফুল নৱমল্লিকাৰ
প্ৰদান কৰিছে কান্তি লাৱণী নাৰীক।
কর্ণেষু যোগ্যং নৱকর্ণিকাৰং
চলেষু নীলেষ্বলকেষ্বশোকম্ ।
পুষ্পং চ ফুল্লং নবমল্লিকায়াঃ
প্রয়াতি কান্তিং প্রমদাজনানাম্ ।। ৫ ।।
স্তনত দুলিছে শ্বেত চন্দনত আৰ্দ্ৰ মালা
দুবাহুত সুশোভিত বাজুবন্ধ আৰু কংকণ,
শুৱনি কৰি মদনাতুৰা সুন্দৰীৰ জংঘা
জিলিকিছে কাঞ্চন মেখলা সুশোভন ।
স্তনেষু হাৰাঃ সিতচন্দনার্দ্রাঃ
ভুজেষু সঙ্গং ৱলয়াঙ্গদানি ।
প্রয়ান্ত্যনঙ্গাতুৰমানসানাং
নিতম্বিনীনাং জঘনেষু কাঞ্চ্যঃ ।।৬।।
বিলাসিনী সুন্দৰীৰ স্বৰ্ণকমলৰ দৰে
ধুনীয়া মুখশ্ৰীত বিচিত্ৰ পত্ৰলেখা অঁকা
অতি সৌন্দৰ্যময় বিন্দু বিন্দু ঘাম বিৰিঙে
যেন ৰত্নৰ মাজত জিলিকিছে মুক্তা ।
সপত্ত্রলেখেষু ৱিলাসিনীনাং
ৱক্ত্রেষু হেমাম্বুৰুহোপমেষু ।
ৰত্নান্তৰে মৌক্তিকসঙ্গৰম্যঃ
স্বেদাগমো বিস্তৰতামুপৈতি ।। ৭ ।।
কামাতুৰ প্ৰেয়সী বাসনাত হৈ অধীৰ
ঘন নিশ্বাসত শৰীৰৰ বস্ত্ৰবন্ধন হয় শিথিল,
যেতিয়া প্ৰিয়তম যেতিয়া থাকে সমীপত
মিলনোৎসুক হয় এই সময়ত ।
উচ্ছ্বাসয়ন্ত্যঃ শ্লথবন্ধনানি
গাত্রাণি কন্দর্পসমাকুলানি ।
সমীপৱর্তিষ্বধুনা প্রিয়েষু
সমুত্সুকা এৱ ভৱন্তি নার্যঃ ।।৮ ।।
অনংগ কামে কৰে অংগনাসৱৰ দেহবল্লৰী
পাণ্ডুবৰ্ণা, মন্থৰ আৰু কৃশাংগী
বাৰে বাৰে হামি আহে দিয়ে এঙামুৰি
আৰু কৰি তোলে সসম্ভ্ৰম লাৱণ্যৰে বিলাসময়ী ।
তনূনি পাণ্ডূনি সমন্থৰাণি
মুহুর্মুহুর্জৃম্ভণতত্পৰাণি ।
অঙ্গান্যনঙ্গঃ প্রমদাজনস্য
কৰোতি লাৱণ্যসসংভ্রমাণি ।। ৯ ।।
কামদেৱে এই বসন্তত
কামিনীৰ গাল কৰি তোলে ঈষৎ হালধীয়া
কঁকালত দিয়ে লয়লাস, ভৰপূৰ কৰে জংঘা ।
মদালসা নেত্ৰলৈ আনে চঞ্চল কটাক্ষ
আৰু উঠন বুকুক কৰি তোলে দৃঢ় ।
নাৰীৰ অংগত এনেদৰেই মদন হয় স্থিত ।
নেত্রেষু লোলো মদিৰালসেষু
গণ্ডেষু পাণ্ডুঃ কঠিনঃ স্তনেষু ।
মধ্যেষু নম্রোনিম্নো জঘনেষু পীনঃ
স্ত্রীণামনঙ্গো বহুধা স্থিতোঽদ্য ।। ১০।।
বসন্তৰ আগমনত কামদেৱৰ প্ৰভাৱত
আলস্য আৰু নিদ্ৰাৰ বিভ্ৰম কামিনীৰ সৰ্বাংগত ।
মদালস কথনত কিঞ্চিত চাটুকাৰিতা
দুচকুৰ কটাক্ষ নিক্ষেপত কিযে কুটিলতা !
অঙ্গানি নিদ্রালসৱিভ্ৰমানি
বাক্যানি কিঞ্চিন্মদিৰালসানি ।
ভ্রূক্ষেপজিহ্মানি চ বীক্ষিতানি
চকাৰ কামঃ প্রমদাজনানাম্ ।। ১১।।
প্ৰিয়ংগু কালীয়ক কুমকুম কস্তুৰীযুক্ত
চন্দনলেপ সানিছে নিজৰ গৌৰবৰ্ণ উঠন বক্ষত
মদালসা বিলাসী অংগনাই এই ঋতুত।
প্রিয়ঙ্গুকালীয়ককুঙ্কুমাক্তং
স্তনেষু গৌৰেষু ৱিলাসিনীভিঃ .
আলিপ্যতে চন্দনমঙ্গনাভিৰ্
মদালসাভির্মৃগনাভিযুক্তম্ ।। ১২ ।।
কামনাই অলস কৰা শৰীৰৰ পৰা
সকলোৱে খুলি থৈছে গধুৰ বস্ত্ৰ
পৰিধান কৰিছে শৰীৰত মিহি কাপোৰ
লাক্ষাৰসেৰে ৰঞ্জিত, কৃষ্ণচন্দনেৰে সুৱাসিত ।
গুৰুণি ৱাসাংসি ৱিহায তূর্ণং
তনূনি লাক্ষাৰসৰঞ্জিতানি ।
সুগন্ধিকালাগুৰুধূপিতানি
ধত্তে জনঃ কামমদালসাঙ্গঃ ।। ১৩।।
আম্ৰমঞ্জৰীৰ ৰসৰূপী মদিৰা পান কৰি মদমত্ত কোকিলে,
চুম্বন কৰিছে প্ৰিয়া কোকিলাৰ মুখ অনুৰাগেৰে।
আৰু মধুকৰে বহি পদুমফুলত,
গুণগুণাই চাটুকাৰী কৰে প্ৰিয়া মধুকৰীক।
পুংস্কোকিলশ্চূতৰসাসৱেন
মত্তঃ প্রিয়াং চুম্বতি ৰাগহৃষ্টঃ ।
কূজদ্দ্বিৰেফোঽপ্যয়মম্বুজস্থঃ
প্রিয়ং প্রিয়ায়াঃ প্রকৰোতি চাটু ।।১৪।।
দোঁ-খায় ৰঙচুৱা কুঁহিপাতগুচ্ছ
ডালভৰি ফুলিছে ফুল আমৰ গছত
হালিছে জালিছে বাসন্তী বতাহত
সুন্দৰীসৱৰ মন কামনাৰে কৰি উদ্বেলিত ।
তাম্রপ্রবালাস্তৱকাৱনম্রাঃ
চূতদ্রুমাঃ পুষ্পিতচাৰুশাখাঃ ।
কুর্ৱন্তি কামং পৱনাৱধুতাঃ
পর্যুত্সুকং মানসমঙ্গনানাং ।। ১৫।।
পূৰ্ণ অশোক বৃক্ষ আগৰ পৰা গুৰিলৈ
পোৱালমণিৰ দৰে ৰঙা ৰঙা ফুলেৰে
হৈছে সুপল্লৱা ধাৰণ কৰি ৰক্তিম পুষ্প
দেখি সেই শোকৰহিত কৰা অশোক
বিৰহী প্ৰণয়িনীৰ জাগে উঠে শোক।
আমূলতো ৱিদ্রুমৰাগতাম্রং
সপল্লৱাঃ পুষ্পচয়ং দধানাঃ ।
কুর্ৱন্ত্যশোকা হৃদয়ং সশোকং
নিৰীক্ষ্যমাণা নৱযৌৱনানাম্ ।।১৬।।
উন্মত্ত ভ্ৰমৰে চুম্বন কৰিছে মনোহৰ ফুল
মৃদুমলয়াত আন্দোলিত হৈছে কোমল কিশলয়
কুমলীয়া আগ ওলাইছে অতিমুক্তা লতিকাৰ
দৰ্শন মাত্ৰেই মন-প্ৰাণ হয় উদ্বাউল কামুক পুৰুষৰ।
মত্তদ্বিৰেফপৰিচুম্বিতচাৰুপুষ্পা
মন্দানিলাকুলিতনম্রমৃদুপ্রৱালাঃ ।
কুর্ৱন্তি কামিমনসাং সহসোত্সুকত্বং
বালাতিমুক্তলতিকাঃ সমৱেক্ষ্যমাণাঃ ।। ১৭।।
আৰু শুনা মোৰ প্ৰিয়া !
প্ৰিয়তমাৰ মুখৰ জেউতি ধাৰণ কৰা
জাতিষ্কাৰ কুৰবক মঞ্জৰীৰ সৌন্দৰ্যত
কোন প্ৰেমিকোনো নেহেৰুৱাব নিজৰ চেতনা
কামদেৱ কন্দৰ্পৰ বাণ নিক্ষেপত ।
কান্তামুখদ্যুতিজুষামপি চোদ্গতানাং
শোভাং পৰাং কুৰবকদ্রুমমঞ্জীণাম্ ।
দৃষ্ট্বা প্রিয়ে সহৃদয়স্য ভবেন্ন কস্য
কন্দর্পবাণপতনৱ্যথিতং হি চেতঃ ।। ১৮।।
দপদপাই জ্বলি উঠা জুইৰ সমান
বতাহত হালিজালি থকা পলাশবন
সৰ্বত্ৰ বিয়পি পৰিছে ৰঙাফুল ।
সদ্য বসন্তত পলাশ বনেৰে আচ্ছাদিত পৃথিৱী
যেন ৰঙা বস্ত্ৰ পৰিহিতা নৱবধূ আছে জিলিকি ।
আদীপ্তবহ্নিসদৃশৈৰ্মৰুতাৱধূতৈ
সর্বত্র কিংশুকৱনৈঃ কুসুমাৱনম্রৈঃ ।
সদ্যো ৱসন্তসময়েন হি সমাচিতয়ং
ৰক্তাংশুকা নৱৱধূৰিৱ ভাতি ভূমিঃ ।। ১৯।।
সুবদনা প্ৰেয়সীৰ প্ৰতি আসক্ত ডেকাৰ মন
হৈ পৰা নাই জানো এনেয়ো বিদীৰ্ণ
ভাটৌৰ ঠোঁটৰ দৰে ৰক্তিম পলাশৰ ফুল দেখি ।
অথবা কৰ্ণিকাৰ ফুলে কৰা নাই জানো
হৃদয়ক পৰ্যাপ্ত সন্তপ্ত
কুলিয়েও মিঠা কূজন তুলি বাৰে বাৰে যে
প্ৰেমিকৰ মন কৰি তুলিছে ব্যথিত?
কিং কিংশুকৈঃ শুকমুখচ্ছৱিভির্ন ভিন্নং
কিং কর্ণিকাৰকুসুমৈর্ন কৃতং ন দগ্ধম্ ।
যত্ কোকিলঃ পুনৰয়ং মধুৰৈর্ৱচোভি-
ৰ্য়ুনাং মনঃ সুৱদনানিহিতং নিহন্তি ।। ২০ ।।
কোকিলৰ অতি সুখকাৰী সুমধুৰ মাতত
আৰু মত্ত ভোমোৰাৰ মতলীয়া গুঞ্জনত,
ক্ষণিকলৈ বিয়াকুল হয়
কুলীন ঘৰৰ নাৰীৰো লজ্জাশীল বিনয়ী হৃদয় ।
পুংস্কোকিলৈঃ কলৱচোভিৰুপাত্তহর্ষৈঃ
কূজদ্ভিৰুন্মদকলানি ৱচাংসি ভৃঙ্গৈঃ ।
লজ্জান্বিতং সৱিনয়ং হৃদয়ং ক্ষণেন
পর্য়াকুলং কুলগৃহেঽপি কৃতং ৱধূনাম্ ।। ২১।।
কম্পন তুলি ফুলেৰে ভৰা আমৰ ডালত
বিয়পাই কুলিৰ সুমধৰ ধ্বনি সকলো দিশত
হৰণ কৰি মানুহৰ হৃদয়
ৰিব্ ৰিবকৈ বৈছে মলয়া
তুষাৰপাতৰ অন্তত সুভগ বসন্তত ।
আকম্পয়ন্ কুসুমিতাং সহকাৰশাখাঃ
বিস্তাৰয়ন্পৰভৃতস্য ৱচাংসি দিক্ষু ।
ৱায়ুৱিৰ্বাতি হৃদয়ানি হৰন্নৰাণাং
নীহাৰপাতৱিগমাত্ সুভগো ৱসন্তে ।।২২।।
কটাক্ষ আৰু বিভ্ৰমযুক্ত সুন্দৰীৰ হাঁহিৰ দৰে শুভ্ৰ
খৰিকাজাঁইৰ দীপ্ত, মনোহৰ উপবনেৰে শোভিত
নিস্পৃহ ঋষিৰো যি হৰণ কৰে চিত্ত
মোহাৱিষ্ট পুৰুষৰ অন্তৰৰ কথা কিনো ক’ম
আগৰে পৰাই পৱনে কৰিলে অপহৃত ।
কুন্দৈঃ সৱিভ্রমৱধূহসিতাৱদাতৈঃ
ৰুদ্যোতিতান্যুপৱনানি মনোহৰাণি ।
চিত্তং মুনেৰপি হৰন্তি নিবৃত্তৰাগম্
প্রাগেৱ ৰাগমলিনানি মনাংসি য়ুনাম্ ।। ২৩।।
সোণৰ কিংকিণী পিন্ধি বক্ষত ধাৰণ কৰে মালা
কামদেৱৰ দৰ্পৰ কৱলত শৰীৰলতাত শিথিলতা
এনেয়ো বসন্তত কোকিলৰ মধুস্বৰ আৰু ভ্ৰমৰীৰ গুণগুণ
তাতে নাৰীৰ এই ৰূপে হঠতাৰে কৰে পুৰুষৰ মন হৰণ।
আলম্বিহেমৰশনাঃ স্তনসক্তহাৰাঃ
কন্দর্পদর্পশিথিলীকৃতগাত্রয়ষ্ট্যঃ ।
মাসে মধৌ মধুৰকোকিলভৃঙ্গনাদৈৰ্
নার্যো হৰন্তি হৃদয়ং প্রসভং নৰাণাম্ ।। ২৪।।
নানান মনোজ্ঞ ফুলেৰে ভূ-প্ৰান্তৰ সুশোভিত
পাহাৰৰ নিম্নদেশ ৰঙিয়াল কুলিৰ মাতত মুখৰিত
পাহাৰীয়া ঔষধিৰ জালত আৱদ্ধ পৰ্বতৰ শিল
দেখি জগতৰ লোকৰ আনন্দৰে মন ভৰি উঠিল ।
নানামনোজ্ঞকুসুমদ্রুম ভূষিতান্তান্
হৃষ্টান্য পুষ্টনিনদাকুলসানুদেশান্ ।
শৈলেয়জালপৰিণদ্ধশিলাতলান্তান্-
দৃষ্ট্বা জনঃ ক্ষিতিভৃতো মদমেতি সৰ্বঃ ।। ২৫।।
দুচকু মুদি ক্ৰন্দন কৰিছে বিৰহীয়ে
নলয় আম্ৰমঞ্জৰীৰ ঘ্ৰাণ ৰুদ্ধ কৰি নাসিকা হাতেৰে
শোকাৰ্ত হৈ কান্দিছে উচ্চৈস্বৰে
মনোৰমা প্ৰিয়াৰ স্মৃতিত হৈ বিহ্বল আতুৰ
যেতিয়া দেখে আমগছত ভৰিপৰা সুৱাসিত ফুল।
নেত্রে নিমীলয়তি ৰোদিতি য়াতি শোকং
ঘ্রাণং কৰেণ ৱিৰুণদ্ধি ৱিৰৌতি চোচ্চৈঃ .
কান্তাৱিয়োগপৰিখেদিতচিত্তবৃত্তিৰ্
দৃষ্ট্বাধ্বগঃ কুসুমিতান্ সহকাৰবৃক্ষান্ ।।২৬।।
পুষ্পিত আম্ৰকানন আৰু কৰ্ণিকাৰ ফুলেৰে
ৰমণীয় এই ফুলাম ঋতু বসন্ত
মদমত্ত ভ্ৰমৰী আৰু কোকিলৰ মধুস্বৰে
মানিনী প্ৰেয়সীৰ হৃদয় কামবিদ্ধ কৰে সুতীক্ষ্ণ বাণৰ দৰে ।
সমদমধুকৰাণাং কোকিলানাং চ নাদৈঃ
কুসূমিতসহকাৰৈঃ কর্ণিকাৰৈশ্চ ৰম্যঃ ।
ইষুভিৰিৱ সুতীক্ষ্ণৈর্মানসং মানিনীনাং
তুদতি কুসুমমাসো মন্মথোদ্দীপনায় ।। ২৭ ।।
আমৰ মনোহৰ মঞ্জৰী যাৰ শ্ৰেষ্ঠতম তীৰ
দৃষ্টিনন্দন ধনু পলাশফুলৰ তাতে গুণ ভোমোৰাৰ
নিষ্কলংক চন্দ্ৰমা যাৰ শুকুলা ছাতি
কুলি যাৰ স্তাৱক, মলয়পৱন যাৰ মতলীয়া হাতী
সেই অতনু বসন্তই জিনিছে সমগ্ৰ সংসাৰ
কামদেৱৰ সংগী সেই বসন্তঋতুৱে কৰক কল্যাণ আপোনাৰ ।
আম্রী মঞ্জুলমঞ্জৰী ৱৰশৰঃ সত্কিংশুকং য়দ্ধনু-
ৰ্জ্যা য়স্যালিকুলং কলঙ্কৰহিতং ছ্ত্রং সিতাংশুঃ সিতম্ ।
মত্তেভো মলয়ানিলঃ পৰভৃতা য়দ্বন্দিনো লোকজিত্
সোঽয়ং ৱো ৱিতৰীতৰীতু ৱিনতুর্ভদ্রং ৱসন্তান্বিতঃ ।। ২৮।।
।।ইতি বসন্তঃ।।
ষষ্ঠ অধ্যায়ৰ ছন্দ সম্পৰ্কে টোকা :
শ্লোক ১ম আৰু ২য় : ৱংশস্থ ছন্দ,
শ্লোক ৩ৰ পৰা ৯ : উপজাতি ছন্দ
শ্লোক ১০ : ইন্দ্ৰৱজ্ৰা ছন্দ
শ্লোক ১১ - ১৪ : উপজাতি ছন্দ
শ্লোক ১৫ ।। বসন্ত বৰ্ণনা ।।
।। অথ বসন্তঃ ।।
হে প্ৰিয়তমা!
নৱবিকশিত আমফুলৰ অতি তীক্ষ্ণ বাণেৰে সজ্জিত
ভ্ৰমৰৰ পংক্তিৰূপী গুণ যাৰ সুশোভন ধনুত
সেই বসন্তৰূপী যোদ্ধা আহি হৈছে সমাগত
সম্ভোগৰসিক কামাসক্তৰ মন কৰিবলৈ বিদ্ধ ।
প্রফুল্লচূতাঙ্কুৰতীক্ষ্ণসায়কোঃ
দ্বিৰেফমালাৱিলসদ্ধনুর্গুণঃ .
মনাংসি ভেত্তুং সুৰতপ্রসঙ্গিনাং
ৱসন্তযোদ্ধা সমুপাগতঃ প্রিয়ে ।। ১।।
বৃক্ষ ভৰি পৰিছে ফুলেৰে, পানীত পদুম ফুলিছে
নাৰীৰ মনত জাগিছে কামনা, বতাহত সুবাস ভাহিছে
ৰমণীয় হৈ পৰিল দিন আৰু সুখময় হৈছে সন্ধিয়া
মোৰ সোণজনী ! সঁচাই সুন্দৰ বসন্ত সকলো হ’ল ধুনীয়া ।
দ্রুমাঃ সপুষ্পাঃ সলিলং সপদ্মং
স্ত্রিয়ঃ সকামাঃ পৱনঃ সুগন্ধিঃ ।
সুখাঃ প্রদোষা দিৱসাশ্চ ৰম্যাঃ
সর্বং প্রিয়ে চাৰুতৰং ৱসন্তে ।। ২।।
জলাধাৰৰ পানী আৰু মণিময় কৰধনী
মনোৰমা নাৰী আৰু জিলমিল জোনালী
কুঁহিপাত আৰু ফুলে ঢাকি ধৰা আম্ৰকানন
বসন্তই এই সকলোকে কৰে সৌভাগ্যপ্ৰদান ।
ৱাপীজলানাং মণিমেখলানাং
শশাঙ্কভাসাং প্রমদাজনানাম্ ।
চূতদ্রুমাণাং কুসুমানতানাং
দদাতি সৌভাগ্যময়ং ৱসন্তঃ ।। ৩।।
সুগোল সুদৌল নিতম্বৰ শুৱনি নাৰী
পৰিধান কৰিছে কুসুম্ভ ফুলেৰে ৰঙোৱা বস্ত্ৰ ৰেচমী।
কুমকুমৰ ৰং সনা সূক্ষ্মবস্ত্ৰ কেশৰৰঙী
অলংকৃত কৰি ঢাকিছে উঠন বুকুখনি ।
কুসুম্ভৰাগাৰুণিতৈর্দুকূলৈৰঃ
নিতম্ববিম্বানি ৱিলাসিনীনাম্ ।
তন্বংশুকৈঃ কুঙ্কুমৰাগগৌৰৈৰ্
অলঙ্ক্রিয়ন্তে স্তনমন্ডলানি ।। ৪।।
কাণত শুৱাই পৰিছে ফুল নৱকৰ্ণিকাৰ
চঞ্চল কুঞ্চিত ক’লা চুলিত কলি অশোকৰ
আৰু পিন্ধিছে বিকশিত ফুল নৱমল্লিকাৰ
প্ৰদান কৰিছে কান্তি লাৱণী নাৰীক।
কর্ণেষু যোগ্যং নৱকর্ণিকাৰং
চলেষু নীলেষ্বলকেষ্বশোকম্ ।
পুষ্পং চ ফুল্লং নবমল্লিকায়াঃ
প্রয়াতি কান্তিং প্রমদাজনানাম্ ।। ৫ ।।
স্তনত দুলিছে শ্বেত চন্দনত আৰ্দ্ৰ মালা
দুবাহুত সুশোভিত বাজুবন্ধ আৰু কংকণ,
শুৱনি কৰি মদনাতুৰা সুন্দৰীৰ জংঘা
জিলিকিছে কাঞ্চন মেখলা সুশোভন ।
স্তনেষু হাৰাঃ সিতচন্দনার্দ্রাঃ
ভুজেষু সঙ্গং ৱলয়াঙ্গদানি ।
প্রয়ান্ত্যনঙ্গাতুৰমানসানাং
নিতম্বিনীনাং জঘনেষু কাঞ্চ্যঃ ।।৬।।
বিলাসিনী সুন্দৰীৰ স্বৰ্ণকমলৰ দৰে
ধুনীয়া মুখশ্ৰীত বিচিত্ৰ পত্ৰলেখা অঁকা
অতি সৌন্দৰ্যময় বিন্দু বিন্দু ঘাম বিৰিঙে
যেন ৰত্নৰ মাজত জিলিকিছে মুক্তা ।
সপত্ত্রলেখেষু ৱিলাসিনীনাং
ৱক্ত্রেষু হেমাম্বুৰুহোপমেষু ।
ৰত্নান্তৰে মৌক্তিকসঙ্গৰম্যঃ
স্বেদাগমো বিস্তৰতামুপৈতি ।। ৭ ।।
কামাতুৰ প্ৰেয়সী বাসনাত হৈ অধীৰ
ঘন নিশ্বাসত শৰীৰৰ বস্ত্ৰবন্ধন হয় শিথিল,
যেতিয়া প্ৰিয়তম যেতিয়া থাকে সমীপত
মিলনোৎসুক হয় এই সময়ত ।
উচ্ছ্বাসয়ন্ত্যঃ শ্লথবন্ধনানি
গাত্রাণি কন্দর্পসমাকুলানি ।
সমীপৱর্তিষ্বধুনা প্রিয়েষু
সমুত্সুকা এৱ ভৱন্তি নার্যঃ ।।৮ ।।
অনংগ কামে কৰে অংগনাসৱৰ দেহবল্লৰী
পাণ্ডুবৰ্ণা, মন্থৰ আৰু কৃশাংগী
বাৰে বাৰে হামি আহে দিয়ে এঙামুৰি
আৰু কৰি তোলে সসম্ভ্ৰম লাৱণ্যৰে বিলাসময়ী ।
তনূনি পাণ্ডূনি সমন্থৰাণি
মুহুর্মুহুর্জৃম্ভণতত্পৰাণি ।
অঙ্গান্যনঙ্গঃ প্রমদাজনস্য
কৰোতি লাৱণ্যসসংভ্রমাণি ।। ৯ ।।
কামদেৱে এই বসন্তত
কামিনীৰ গালক কৰি তোলে ঈষৎ হালধীয়া
কঁকালত দিয়ে লয়লাস, ভৰপূৰ কৰে জংঘা ।
মদালসা নেত্ৰলৈ আনে চঞ্চল কটাক্ষ
আৰু উঠন বুকুক কৰি তোলে দৃঢ় ।
নাৰীৰ অংগত এনেদৰেই মদন হয় স্থিত ।
নেত্রেষু লোলো মদিৰালসেষু
গণ্ডেষু পাণ্ডুঃ কঠিনঃ স্তনেষু ।
মধ্যেষু নম্রোনিম্নো জঘনেষু পীনঃ
স্ত্রীণামনঙ্গো বহুধা স্থিতোঽদ্য ।। ১০।।
বসন্তৰ আগমনত কামদেৱৰ প্ৰভাৱত
আলস্য আৰু নিদ্ৰাৰ বিভ্ৰম কামিনীৰ সৰ্বাংগত ।
মদালস কথনত কিঞ্চিত চাটুকাৰিতা
দুচকুৰ কটাক্ষ নিক্ষেপত কিযে কুটিলতা !
অঙ্গানি নিদ্রালসৱিভ্ৰমানি
বাক্যানি কিঞ্চিন্মদিৰালসানি ।
ভ্রূক্ষেপজিহ্মানি চ বীক্ষিতানি
চকাৰ কামঃ প্রমদাজনানাম্ ।। ১১।।
প্ৰিয়ংগু কালীয়ক কুমকুম কস্তুৰীযুক্ত
চন্দনলেপ সানিছে নিজৰ গৌৰবৰ্ণ উঠন বক্ষত
মদালসা বিলাসী অংগনাই এই ঋতুত।
প্রিয়ঙ্গুকালীয়ককুঙ্কুমাক্তং
স্তনেষু গৌৰেষু ৱিলাসিনীভিঃ .
আলিপ্যতে চন্দনমঙ্গনাভিৰ্
মদালসাভির্মৃগনাভিযুক্তম্ ।। ১২ ।।
কামনাই অলস কৰা শৰীৰৰ পৰা
সকলোৱে খুলি থৈছে গধুৰ বস্ত্ৰ
পৰিধান কৰিছে শৰীৰত মিহি কাপোৰ
লাক্ষাৰসেৰে ৰঞ্জিত, কৃষ্ণচন্দনেৰে সুবাসিত ।
গুৰুণি ৱাসাংসি ৱিহায তূর্ণং
তনূনি লাক্ষাৰসৰঞ্জিতানি ।
সুগন্ধিকালাগুৰুধূপিতানি
ধত্তে জনঃ কামমদালসাঙ্গঃ ।। ১৩।।
আম্ৰমঞ্জৰীৰ ৰসৰূপী মদিৰা পান কৰি মদমত্ত কোকিলে,
চুম্বন কৰিছে প্ৰিয়া কোকিলাৰ মুখ অনুৰাগেৰে।
আৰু মধুকৰে বহি পদুমফুলত,
গুণগুণাই চাটুকাৰী কৰে প্ৰিয়া মধুকৰীক।
পুংস্কোকিলশ্চূতৰসাসৱেন
মত্তঃ প্রিয়াং চুম্বতি ৰাগহৃষ্টঃ ।
কূজদ্দ্বিৰেফোঽপ্যয়মম্বুজস্থঃ
প্রিয়ং প্রিয়ায়াঃ প্রকৰোতি চাটু ।।১৪।।
দোঁ-খায় ৰঙচুৱা কুঁহিপাতৰ গুচ্ছ
ডালভৰি ফুলিছে ফুল আমৰ গছত
হালিছে জালিছে বাসন্তী বতাহত
সুন্দৰীসৱৰ মন কামনাৰে কৰি উদ্বেলিত ।
তাম্রপ্রবালাস্তৱকাৱনম্রাঃ
চূতদ্রুমাঃ পুষ্পিতচাৰুশাখাঃ ।
কুর্ৱন্তি কামং পৱনাৱধুতাঃ
পর্যুত্সুকং মানসমঙ্গনানাং ।। ১৫।।
পূৰ্ণ অশোক বৃক্ষ আগৰ পৰা গুৰিলৈ
পোৱালমণিৰ দৰে ৰঙা ৰঙা ফুলেৰে
হৈছে সুপল্লৱা ধাৰণ কৰি ৰক্তিম পুষ্প
দেখি সেই শোকৰহিত কৰা অশোক
বিৰহী প্ৰণয়িনীৰ জাগে উঠে শোক।
আমূলতো ৱিদ্রুমৰাগতাম্রং
সপল্লৱাঃ পুষ্পচয়ং দধানাঃ ।
কুর্ৱন্ত্যশোকা হৃদয়ং সশোকং
নিৰীক্ষ্যমাণা নৱযৌৱনানাম্ ।।১৬।।
উন্মত্ত ভ্ৰমৰে চুম্বন কৰিছে মনোহৰ ফুল
মৃদুমলয়াত আন্দোলিত হৈছে কোমল কিশলয়
কুমলীয়া আগ ওলাইছে অতিমুক্তা লতিকাৰ
দৰ্শন মাত্ৰেই মন-প্ৰাণ হয় উদ্বাউল কামুক পুৰুষৰ।
মত্তদ্বিৰেফপৰিচুম্বিতচাৰুপুষ্পা
মন্দানিলাকুলিতনম্রমৃদুপ্রৱালাঃ ।
কুর্ৱন্তি কামিমনসাং সহসোত্সুকত্বং
বালাতিমুক্তলতিকাঃ সমৱেক্ষ্যমাণাঃ ।। ১৭।।
আৰু শুনা মোৰ প্ৰিয়া !
প্ৰিয়তমাৰ মুখৰ জেউতি ধাৰণ কৰা
জাতিষ্কাৰ কুৰবক মঞ্জৰীৰ সৌন্দৰ্যত
কোন প্ৰেমিকোনো নেহেৰুৱাব নিজ চেতনা
কামদেৱ কন্দৰ্পৰ বাণ নিক্ষেপত ।
কান্তামুখদ্যুতিজুষামপি চোদ্গতানাং
শোভাং পৰাং কুৰবকদ্রুমমঞ্জীণাম্ ।
দৃষ্ট্বা প্রিয়ে সহৃদয়স্য ভবেন্ন কস্য
কন্দর্পবাণপতনৱ্যথিতং হি চেতঃ ।। ১৮।।
দপদপাই জ্বলি উঠা জুইৰ সমান
বতাহত হালিজালি থকা পলাশবন
সৰ্বত্ৰ বিয়পি পৰিছে ৰঙাফুল ।
সদ্য বসন্তত পলাশ বনেৰে আচ্ছাদিত পৃথিৱী
যেন ৰঙা বস্ত্ৰ পৰিহিতা নৱবধূ আছে জিলিকি ।
আদীপ্তবহ্নিসদৃশৈৰ্মৰুতাৱধূতৈ
সর্বত্র কিংশুকৱনৈঃ কুসুমাৱনম্রৈঃ ।
সদ্যো ৱসন্তসময়েন হি সমাচিতয়ং
ৰক্তাংশুকা নৱৱধূৰিৱ ভাতি ভূমিঃ ।। ১৯।।
সুবদনা প্ৰেয়সীৰ প্ৰতি আসক্ত ডেকাৰ মন
হৈ পৰা নাই জানো এনেয়ো বিদীৰ্ণ
ভাটৌৰ ঠোঁটৰ দৰে ৰক্তিম পলাশৰ ফুল দেখি ।
অথবা কৰ্ণিকাৰ ফুলে কৰা নাই জানো
হৃদয়ক পৰ্যাপ্ত সন্তপ্ত
কুলিয়েও মিঠা কূঁজন তুলি বাৰে বাৰে যে
প্ৰেমিকৰ মন কৰি তুলিছে ব্যথিত?
কিং কিংশুকৈঃ শুকমুখচ্ছৱিভির্ন ভিন্নং
কিং কর্ণিকাৰকুসুমৈর্ন কৃতং ন দগ্ধম্ ।
যত্ কোকিলঃ পুনৰয়ং মধুৰৈর্ৱচোভি-
ৰ্য়ুনাং মনঃ সুৱদনানিহিতং নিহন্তি ।। ২০ ।।
কোকিলৰ অতি সুখকাৰী সুমধুৰ মাতত
আৰু মত্ত ভোমোৰাৰ মতলীয়া গুঞ্জনত,
ক্ষণিকলৈ বিয়াকুল হয়
কুলীন ঘৰৰ নাৰীৰো লজ্জাশীল বিনয়ী হৃদয় ।
পুংস্কোকিলৈঃ কলৱচোভিৰুপাত্তহর্ষৈঃ
কূজদ্ভিৰুন্মদকলানি ৱচাংসি ভৃঙ্গৈঃ ।
লজ্জান্বিতং সৱিনয়ং হৃদয়ং ক্ষণেন
পর্য়াকুলং কুলগৃহেঽপি কৃতং ৱধূনাম্ ।। ২১।।
কম্পন তুলি ফুলেৰে ভৰা আমৰ ডালত
বিয়পাই কুলিৰ সুমধৰ ধ্বনি সকলো দিশত
হৰণ কৰি মানুহৰ হৃদয়
ৰিব্ ৰিবকৈ বৈছে মলয়া
তুষাৰপাতৰ অন্তত সুভগ বসন্তত ।
আকম্পয়ন্ কুসুমিতাং সহকাৰশাখাঃ
বিস্তাৰয়ন্পৰভৃতস্য ৱচাংসি দিক্ষু ।
ৱায়ুৱিৰ্বাতি হৃদয়ানি হৰন্নৰাণাং
নীহাৰপাতৱিগমাত্ সুভগো ৱসন্তে ।।২২।।
কটাক্ষ আৰু বিভ্ৰমযুক্ত সুন্দৰীৰ হাঁহিৰ দৰে শুভ্ৰ
খৰিকাজাঁইৰ দীপ্ত, মনোহৰ উপবনেৰে শোভিত
নিস্পৃহ ঋষিৰো যি হৰণ কৰে চিত্ত
মোহাৱিষ্ট পুৰুষৰ অন্তৰৰ কথা কিনো ক’ম
আগৰে পৰাই পৱনে কৰিলে অপহৃত ।
কুন্দৈঃ সৱিভ্রমৱধূহসিতাৱদাতৈঃ
ৰুদ্যোতিতান্যুপৱনানি মনোহৰাণি ।
চিত্তং মুনেৰপি হৰন্তি নিবৃত্তৰাগম্
প্রাগেৱ ৰাগমলিনানি মনাংসি য়ুনাম্ ।। ২৩।।
সোণৰ কিংকিণী পিন্ধি বক্ষত ধাৰণ কৰে মালা
কামদেৱৰ দৰ্পৰ কৱলত শৰীৰলতাত শিথিলতা
এনেয়ো বসন্তত কোকিলৰ মধুস্বৰ আৰু ভ্ৰমৰীৰ গুণগুণ
তাতে নাৰীৰ এই ৰূপে হঠতাৰে কৰে পুৰুষৰ মন হৰণ।
আলম্বিহেমৰশনাঃ স্তনসক্তহাৰাঃ
কন্দর্পদর্পশিথিলীকৃতগাত্রয়ষ্ট্যঃ ।
মাসে মধৌ মধুৰকোকিলভৃঙ্গনাদৈৰ্
নার্যো হৰন্তি হৃদয়ং প্রসভং নৰাণাম্ ।। ২৪।।
নানান মনোজ্ঞ ফুলেৰে ভূ-প্ৰান্তৰ সুশোভিত
পাহাৰৰ নিম্নদেশ ৰঙিয়াল কুলিৰ মাতত মুখৰিত
পাহাৰীয়া ঔষধিৰ জালত আবদ্ধ পৰ্বতৰ শিল
দেখি জগতৰ লোকৰ আনন্দৰে মন ভৰি উঠিল ।
নানামনোজ্ঞকুসুমদ্রুম ভূষিতান্তান্
হৃষ্টান্য পুষ্টনিনদাকুলসানুদেশান্ ।
শৈলেয়জালপৰিণদ্ধশিলাতলান্তান্-
দৃষ্ট্বা জনঃ ক্ষিতিভৃতো মদমেতি সৰ্বঃ ।। ২৫।।
দুচকু মুদি ক্ৰন্দন কৰিছে বিৰহীয়ে
নলয় আম্ৰমঞ্জৰীৰ ঘ্ৰাণ ৰুদ্ধ কৰি নাসিকা হাতেৰে
শোকাৰ্ত হৈ কান্দিছে উচ্চ স্বৰে
মনোৰমা প্ৰিয়াৰ স্মৃতিত হৈ বিহ্বল আতুৰ
যেতিয়া দেখে আমগছত ভৰিপৰা সুবাসিত ফুল।
নেত্রে নিমীলয়তি ৰোদিতি য়াতি শোকং
ঘ্রাণং কৰেণ ৱিৰুণদ্ধি ৱিৰৌতি চোচ্চৈঃ .
কান্তাৱিয়োগপৰিখেদিতচিত্তবৃত্তিৰ্
দৃষ্ট্বাধ্বগঃ কুসুমিতান্ সহকাৰবৃক্ষান্ ।।২৬।।
পুষ্পিত আম্ৰকানন আৰু কৰ্ণিকাৰ ফুলেৰে
ৰমণীয় এই ফুলাম ঋতু বসন্ত
মদমত্ত ভ্ৰমৰী আৰু কোকিলৰ মধুস্বৰে
মানিনী প্ৰেয়সীৰ হৃদয় কামবিদ্ধ কৰে সুতীক্ষ্ণ বাণৰ দৰে ।
সমদমধুকৰাণাং কোকিলানাং চ নাদৈঃ
কুসূমিতসহকাৰৈঃ কর্ণিকাৰৈশ্চ ৰম্যঃ ।
ইষুভিৰিৱ সুতীক্ষ্ণৈর্মানসং মানিনীনাং
তুদতি কুসুমমাসো মন্মথোদ্দীপনায় ।। ২৭ ।।
আমৰ মনোহৰ মঞ্জৰী যাৰ শ্ৰেষ্ঠতম তীৰ
দৃষ্টিনন্দন ধনু পলাশফুলৰ তাতে গুণ ভোমোৰাৰ
নিষ্কলংক চন্দ্ৰমা যাৰ শুকুলা ছাতি
কুলি যাৰ স্তাবক, মলয়পৱন যাৰ মতলীয়া হাতী
সেই অতনু বসন্তই জিনিছে সমগ্ৰ সংসাৰ
কামদেৱৰ সংগী সেই বসন্তঋতুৱে কৰক কল্যাণ আপোনাৰ ।
আম্রী মঞ্জুলমঞ্জৰী ৱৰশৰঃ সত্কিংশুকং য়দ্ধনু-
ৰ্জ্যা য়স্যালিকুলং কলঙ্কৰহিতং ছ্ত্রং সিতাংশুঃ সিতম্ ।
মত্তেভো মলয়ানিলঃ পৰভৃতা য়দ্বন্দিনো লোকজিত্
সোঽয়ং ৱো ৱিতৰীতৰীতু ৱিনতুর্ভদ্রং ৱসন্তান্বিতঃ ।। ২৮।।
।।ইতি বসন্তঃ।।
ষষ্ঠ অধ্যায়ৰ ছন্দ সম্পৰ্কে-
শ্লোক ১ম আৰু ২য় : ৱংশস্থ ছন্দ
শ্লোক ৩ৰ পৰা ৯ : উপজাতি ছন্দ
শ্লোক ১০ : ইন্দ্ৰৱজ্ৰা ছন্দ
শ্লোক ১১ - ১৪ : উপজাতি ছন্দ
শ্লোক ১৫ : ইন্দ্ৰৱজ্ৰা ছন্দ
শ্লোক ১৬ : উপজাতি ছন্দ
শ্লোক ১৭- ২৬ : বসন্ততিলকা ছন্দ
শ্লোক ২৭ : মালিনী ছন্দ
শ্লোক ২৮ : শাৰ্দুলৱিক্ৰীড়িত ছন্দ
শ্লোক ১৬ : উপজাতি ছন্দ
শ্লোক ১৭ - ২৬লৈ : বসন্ততিলকা ছন্দ
শ্লোক ২৭ : মালিনী ছন্দ
শ্লোক ২৮ : শাৰ্দুলৱিক্ৰীড়িত ছন্দ