অন্যযুগ/


এটা পুথিভঁৰালৰ মৃত্যু

 মূল (ইংৰাজী) : ৱেল্ডন কীজ (Weldon Kees, ২৪ ফেব্ৰুৱাৰি, ১৯১৪- ১৮ জুলাই, ১৯৫৫ )

অনুবাদ : প্ৰশান্ত মিশ্ৰ


যেতিয়া কয়লা

জ্বলোৱা শেষ হ'ল, আমি 

এখন এখনকৈ কিতাপবোৰ পুৰিবলৈ আৰম্ভ কৰিলোঁ;


প্ৰথমেই বুলৱাৰ-লিটনৰ ৰচনাৱলী

আৰু তাৰ পাছত ৱাল্টাৰ স্কট

কিতাপবোৰে আমাক যথেষ্ট উম দিলে।


শেহলৈ, ফেব্ৰুৱাৰি মাহত


জুইকুৰাই গ্ৰীক ট্ৰেজেদি

আৰু ব'ডলেয়াৰ,

প্ৰাউষ্ট, ৰ'বাৰ্ট বাৰ্টন

আৰু প'-চু-আই খাই শেষ কৰিলে।


গোট মৰা বৰফৰ টুকুৰাবোৰ

খিৰিকিৰ কাষত জমা হৈছিল।

মেকুৰীজনীৰ বাবে আৰু উমৰ প্ৰয়োজন হৈছিল।


আমি ক'লোঁ, আমাতকৈও

তাইৰহে থকথককৈ কঁপনি আহিছিল,

চিমনিটোৰ ওচৰত

গোটেই শীতৰ কালছোৱা।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ