মূল : লিও টলষ্টয়ৰ What is Art?
অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস
(১০)
কিন্তু এইটো কেনেকৈ হ’ব পাৰিছিল যে সেইটো কলাকেই, যাক প্ৰাচীন
কালত কেৱল সহ্য কৰা গৈছিল (যদি সঁচাকৈয়ে সহ্য কৰা গৈছিল), আমাৰ সময়ত
যিকোনো ক্ষেত্ৰতে এটা ভাল বস্তু বুলি ধৰি লোৱা হ’ল, যদিহে ই আনন্দ দিব পাৰে?
এইটো ঘটিছিল তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে। কলাৰ মূল্যায়ন (যেনে, ই বিয়পাই দিয়া অনুভূতি) নিৰ্ভৰ কৰে জীৱনৰ অৰ্থ সম্পৰ্কে মানুহৰ ধাৰণাৰ
ওপৰত; ই নিৰ্ভৰ কৰে যাক তেওঁলোকে জীৱনৰ ভাল আৰু বেয়া বুলি গণ্য
কৰে সেইবোৰৰ ওপৰত। আৰু ভাল কি আৰু বেয়া কি সেইটো নিৰ্দ্ধাৰণ কৰে যাক আমি ধৰ্ম বুলি
কওঁ সেইবোৰে।
মানৱ জাতিয়ে অবিৰতভাৱে জীৱন সম্পৰ্কীয় নিম্নতৰ, অধিক আংশিক
আৰু জটিল বোধৰপৰা সাধাৰণ আৰু অধিক সহজবোধ্য বোধলৈকে আগ বাঢ়ি গৈ থাকে। আৰু ইয়াত, প্ৰতিটো গতিৰ দৰেই,
নেতা থাকে - যিসকলে আনতকৈ জীৱনৰ অৰ্থ বেছি পৰিষ্কাৰকৈ বুজিছে, -আৰু এইসকল অগ্ৰৱৰ্তী লোকৰ মাজত সদায়েই এনেকুৱা এগৰাকী থাকে, যিয়ে নিজৰ কথা আৰু নিজৰ জীৱনেৰে এই অৰ্থক আনসকলতকৈ বেছি স্পষ্টভাৱে, বোধগম্যভাৱে, আৰু শক্তিশালীভাৱে প্ৰকাশ কৰিছে। এইগৰাকী ব্যক্তিৰ জীৱনৰ
অৰ্থৰ প্ৰকাশেই, - যাৰ লগত আহে সচৰাচৰ এনেকুৱা এগৰাকী ব্যক্তিৰ স্মৃতিৰ
চৌপাশে গঢ় লোৱা অন্ধবিশ্বাস,
পৰম্পৰা, আৰু আচাৰ, - হ’ল যাক আমি ধৰ্ম বুলি কওঁ সেয়া। ধৰ্ম হৈছে জীৱনৰ উচ্চতম
উপলদ্ধিৰ প্ৰকাশক, যি এখন নিৰ্দিষ্ট সমাজৰ নিৰ্দিষ্ট এটা সময়ৰ শ্ৰেষ্ঠ আৰু সৰ্বাগ্ৰৱৰ্তী
লোকসকলৰ বাবে সহজগম্য; এটা উপলব্ধি, যাৰ পিনে, অপৰিহাৰ্য্যভাবে
আৰু অপ্ৰতিৰোধ্যভাৱে, সেইখন সমাজৰ আন সকলো নিশ্চিতভাবে আগ বাঢ়ি যায়। সেই কাৰণে
কেৱল ধৰ্মই সদায় মানুহৰ অনুভূতিৰ মূল্যাংকনৰ ভিত্তি হিচাপে কাম কৰি আহিছে আৰু
এতিয়াও কৰে। যদি অনুভূতিবোৰে মানুহক তেওঁলোকৰ ধৰ্মই ইংগিত কৰা আদৰ্শৰ অধিক কাষ
চপাই নিয়ে, যদি সেইবোৰে ইয়াৰ সৈতে সমন্বয় ৰক্ষা কৰে আৰু ইয়াৰ বিৰোধ নকৰে, তেনেহ’লে
সেইবোৰ ভাল; যদি সেইবোৰে মানুহক ইয়াৰপৰা আঁতৰাই নিয়ে আৰু ইয়াৰ বিৰোধিতা কৰে,
সেইবোৰ বেয়া।
যদি ধৰ্মই এগৰাকী ভগৱানক উপাসনা কৰা আৰু তেওঁৰ ইচ্ছা হিচাপে অভিহিত
কথাবোৰ পূৰণ কৰাটোকে জীৱনৰ অৰ্থ বুলি প্ৰতিষ্ঠা কৰে, যিটো ইহুদিসকলৰ ক্ষেত্ৰত
হৈছে, তেনেহ’লে সেই ভগৱানৰ আৰু তেওঁৰ আইনৰ প্ৰতি প্ৰেমৰ পৰাই প্ৰৱাহিত হৈ থকা
অনুভূতিবোৰ নবীসকলে সৃষ্টি কৰা কাব্যিক কলাৰ মাজেদি, স্তবৰ মাজেদি, অথবা জেনেছিছৰ পুস্তকৰ
মহাকাব্যৰ মাজেদি সফলতাৰে প্ৰৱাহিত হয় আৰু সেয়া হৈছে
ভাল,
উচ্চমানৰ কলা। ইয়াৰ বিপৰীতে যোৱা আটাইবোৰ
কলাক, উদাহৰণস্বৰূপে আচহুৱা দেৱতাৰ প্ৰতি
ভক্তিৰপৰা সৃষ্ট অনুভৱবোৰৰ প্ৰৱাহ, অথবা ভগৱানৰ নিয়মৰ সৈতে সংগতিবিহীন অনুভূতিবোৰৰ
প্ৰৱাহক বেয়া কলা বুলি ধৰি লোৱা হ’ব। নাইবা, যদি, গ্ৰীকসকলৰ ক্ষেত্ৰত হোৱাৰ দৰে,
ধৰ্মই জীৱনৰ অৰ্থ পাৰ্থিৱ সুখ, সৌন্দৰ্য আৰু শক্তিত নিহিত কৰে, তেনেহ’লে কলাই
সফলতাৰে জীৱনৰ আনন্দ আৰু শক্তিক বিয়পাই দিয়ে, আৰু ইয়াক ভাল কলা বুলি কোৱা হয়।,
কিন্তু যি কলাই দুৰ্বলতা আৰু নৈৰাশ্যৰ অনুভূতি বিয়পায়, সেয়া বেয়া কলা। যদি জীৱনৰ
অৰ্থ কাৰোবাৰ জাতিৰ শুভাৱস্থা নাইবা কাৰোবাৰ পূৰ্বপুৰুষক সন্মান জনোৱা, আৰু
তেওঁলোকে যাপন কৰা ধৰণেৰে জীৱন যাপন কৰি থকা বুজায়, যিটো যথাক্ৰমে ৰোমান আৰু
চীনদেশীয়সকলৰ ক্ষেত্ৰত হৈছে, তেনেহ’লে সমূহীয়া উন্নতিৰ বাবে কাৰোবাৰ ব্যক্তিগত
শুভাৱস্থাৰ ত্যাগক, নাইবা কাৰোবাৰ পূৰ্বপুৰুষক মহিমান্বিত কৰা আৰু তেওঁলোকৰ
পৰম্পৰা ৰক্ষা কৰাৰ মাজেৰে আনন্দৰ অনুভূতি বিয়পাই দিয়াটোক ভাল কলা বোলা হ’ব;
কিন্তু ইয়াৰ বিপৰীত ধৰণৰ অনুভূতি প্ৰকাশ কৰা কলাক বেয়া কলা বোলা হ’ব। যদি জীৱনৰ
অৰ্থ বিচাৰ কৰা হয় নিজকে পশুত্বৰ কবলৰপৰা মুক্ত কৰা, যিটো বৌদ্ধসকলৰ ক্ষেত্ৰত
প্ৰযোজ্য হয়, তেনেহ’লে সফলতাৰে আত্মাক উৰ্ধ্বমুখী কৰা আৰু শৰীৰক নত কৰা অনুভূতিবোৰ
সফলতাৰে বিয়পোৱা এই কলা ভাল কলা, আৰু শাৰীৰিক আসক্তিক শক্তিশালী কৰা অনুভূতিবোৰ
বিয়পাই দিয়া কলা বেয়া কলা।
প্ৰতিটো যুগতে আৰু প্ৰতিখন মানৱ সমাজতে কি ভাল আৰু কি বেয়া সম্পৰ্কত
একোটা ধৰ্মীয় বোধ থাকে, যিটো গোটেই সমাজখনৰ বাবে একে, আৰু এই ধৰ্মীয় ধাৰণাটোৱেই কলাৰ
মাজেৰে বিয়পাই দিয়া অনুভূতিৰ মূল্য সম্পৰ্কে সিদ্ধান্ত কৰে। আৰু সেয়ে, সকলো জাতিৰ
মাজতে এই সাধাৰণ ধৰ্মীয় বোধৰ দ্বাৰা ভাল বুলি স্বীকৃত অনুভূতিক বিয়পাই দিয়া কলাকেই
ভাল বুলি ধৰি লোৱা হয় আৰু উত্সাহিত কৰা হয়; কিন্তু এই সাধাৰণ ধৰ্মীয় ধাৰণাই বেয়া
বুলি স্বীকৃত কৰা অনুভূতিক যি কলাই বিয়পাই দিয়ে সেই কলাক বেয়া বুলি ধাৰণা কৰা হয়
আৰু তাক প্ৰত্যাখ্যান কৰা হয়। কলাৰ বিশাল ক্ষেত্ৰখনৰ আন আটাইবোৰকেই, যাৰ জৰিয়তে
মানুহে পৰস্পৰৰ সৈতে সংযোগ স্থাপন কৰে, মূল্যায়নেই কৰা নহয়, আৰু কেৱল তেতিয়াহে মন
কৰা হয় যেতিয়া ই ইয়াৰ যুগৰ ধৰ্মীয় ধাৰণাৰ প্ৰতিমুখে গতি কৰে, আৰু তেতিয়া কেৱল
নিন্দা কৰা হয়। সেয়ে ই সকলো জাতিৰ ক্ষেত্ৰতে আছে – গ্ৰীক, ইহুদি, ভাৰতীয়,
ইজিপ্টবাসী, আৰু চীনা, - আৰু গতিকে খ্ৰীষ্টান ধৰ্মৰ আগমনৰ সময়তো কথা এইটোৱেই আছিল।
প্ৰথম শতিকাটোৰ খ্ৰীষ্টান ধৰ্ম স্বীকৃতি হৈছিল ভাল কলাৰ সৃষ্টিৰ বাবে, যেনে
কেৱল কিংবদন্তী, সন্তসকলৰ জীৱন, বাণী, প্ৰাৰ্থনা, স্তুতিগীতৰ গায়ন, যিবোৰে
খ্ৰীষ্টৰ প্ৰতি প্ৰেম, তেওঁৰ জীৱনক লৈ আবেগ, তেওঁৰ উদাহৰণ অনুসৰণ কৰা, পাৰ্থিৱ
জীৱনক প্ৰত্যাখ্যান কৰা, নম্ৰতা, আৰু আন মানুহৰ প্ৰতি প্ৰেমৰ অনুভৱৰ জন্ম দিছিল;
ব্যক্তিগত আনন্দৰ অনুভূতি বিয়পাই দিয়া সকলো ধৰণৰ সৃষ্টিকেই তেওঁলোকে বেয়া বুলি ধৰি
লৈছিল, আৰু সেয়ে নাকচ কৰিছিল: উদাহৰণ স্বৰূপে, কেৱল প্ৰতীকী অৰ্থত প্লাষ্টিকৰ
উপস্থাপনক সহ্য কৰাৰ বাহিৰে তেওঁলোকে সকলো ধৰণৰ ধৰ্মৰহিত ভাস্কৰ্যকে নাকচ কৰিছিল।
প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ ক্ষেত্ৰত কথাটো এনেকুৱা আছিল, তেওঁলোকে
খ্ৰীষ্টৰ শিক্ষা গ্ৰহণ কৰিছিল, যদি সম্পূৰ্ণৰূপে ইয়াৰ প্ৰকৃত ৰূপত নহয়, অন্ততঃ
ইয়াৰ বিকৃত আৰু ধৰ্মৰহিত ৰূপতো নহয়, যিটো ৰূপ পাছলৈ গৃহীত হৈছিল।
কিন্তু এই খ্ৰীষ্টান ধৰ্মৰ
বাহিৰেও কৰ্তৃত্বশীল ব্যক্তিসকলৰ নিৰ্দেশত জাতিসমূহে বহলভিত্তিত ধৰ্মান্তৰিত হোৱাৰ
সময়ৰপৰাই, যিটো ঘটিছিল কনষ্টাণ্টিন, চাৰ্লেমেন, আৰু ভ্লাদিমিৰৰ দিনত, আন এটা,
গীৰ্জাকেন্দ্ৰিক খ্ৰীষ্টান ধৰ্ম আহি পৰিছিল, যিটো খ্ৰীষ্টৰ শিক্ষাতকৈ অধৰ্মৰ বেছি
ওচৰ চপা আছিল। আৰু এই গীৰ্জাকেন্দ্ৰিক খ্ৰীষ্টান ধৰ্মই, ইয়াৰ নিজস্ব শিক্ষণ
অনুসৰি, মানুহৰ অনুভূতিৰ আৰু এই অনুভূতিক বিয়পাই দিয়া কলাৰ মূল্যাংকন সম্পূৰ্ণ
অন্য ধৰণেৰে কৰিছিল।
এই গীৰ্জাকেন্দ্ৰিক খ্ৰীষ্টান ধৰ্মই যে কেৱল প্ৰকৃত খ্ৰীষ্টান ধৰ্মৰ
মৌলিক আৰু প্ৰয়োজনীয় অৱস্থানকহে – প্ৰতিগৰাকী মানুহৰ ঈশ্বৰৰ সৈতে তাত্ক্ষণিক
সম্পৰ্ক, ইয়াৰ ফল হিচাপে সকলো মানুহৰ মাজত ভাতৃত্ব আৰু সমতা, আৰু নীচাৱস্থাৰ
খাৰিজকৰণ আৰু সকলো প্ৰকাৰৰ হিংসাৰ স্থানত প্ৰেমৰ প্ৰতিষ্ঠা- অস্বীকাৰ কৰিছিল তেনে
নহয়, কিন্তু, ইয়াৰ বিপৰীতে অধৰ্মী কিংবদন্তীত থকাৰ দৰে এটা স্বৰ্গীয় ক্ৰমোচ্চ
শ্ৰেণীবিভাগ প্ৰতিষ্ঠা কৰিছিল, আৰু খ্ৰীষ্টৰ, ভাৰ্জিন মেৰীৰ, দেৱদূতসকলৰ,
প্ৰচাৰকসকলৰ, সন্তসকলৰ, আৰু ছহিদসকলৰ, আৰু এইসকল দেৱত্বপ্ৰাপ্তসকলৰে কেৱল নহয়, তেওঁলোকৰ
প্ৰতিচ্ছৱিসমূহৰো, উপাসনাৰ আগমন ঘটাই ই গীৰ্জাৰ প্ৰতি অন্ধ বিশ্বাস গঢ়ি তুলিছিল,
আৰু ইয়াৰ বিধানসমূহ ইয়াৰ শিক্ষণৰ মূল কথা হিচাপে প্ৰতিষ্ঠিত হৈছিল।
এই শিক্ষণখিনি প্ৰকৃত খ্ৰীষ্টানধৰ্মৰ সৈতে যিমানেই সম্বন্ধবিহীন নহওক
কিয়, যিমানেই ই কেৱল প্ৰকৃত খ্ৰীষ্টান ধৰ্মৰ সৈতেই নহয় আনকি ৰোমানসকলৰ, যেনে
জুলিয়ান আৰু অন্যসকলৰ, জীৱন সম্পৰ্কীয় ধাৰণাৰ সৈতে তুলনামূলকভাবে নিম্নমানৰ নহওক
কিয়,
তৎসত্ত্বেও ইয়াক গ্ৰহণ কৰা বৰ্বৰসকলৰ বাবে
তেওঁলোকৰ পূৰ্বৰ দেৱতা, নায়ক, আৰু ভাল আৰু বেয়া আত্মাৰ উপাসনা কাৰ্যতকৈ ই এটা
উচ্চতৰ মতবাদ আছিল। সেই কাৰণেই এই শিক্ষণেই তেওঁলোকৰ বাবে এটা ধৰ্ম হৈ পৰিছিল, আৰু
সেই ধৰ্মৰ ভিত্তিতেই সেই সময়ৰ কলাৰ মূল্যায়ন কৰা হৈছিল। আৰু সেইবোৰ কলা যিয়ে
কুমাৰী মেৰী, যীশু, সন্তসকল আৰু দেৱদূতসকলৰ উপাসনা, গীৰ্জাৰ প্ৰতি অন্ধ বিশ্বাস
আৰু সমৰ্পণ, মৃত্যুৰ পাছৰ এটা জীৱনত যন্ত্ৰণাৰ প্ৰতি ভয় আৰু আশিসৰ আশা বিয়পাই
দিয়ে, সেই কলাকেই তেওঁলোকে ভাল বুলি ধৰি লৈছিল; ইয়াৰ বিপৰীতে যোৱা সকলো কলাকে বেয়া
বুলি ধৰা হৈছিল।
যি শিক্ষণৰ ভিত্তিত এই কলাৰ
সৃষ্টি হৈছিল সেয়া আছিল খ্ৰীষ্টৰ শিক্ষাৰ বিকৃতি, কিন্তু এই বিকৃত শিক্ষণৰপৰা সৃষ্টি হোৱা কলা তৎসত্ত্বেও এটা প্ৰকৃত কলাই আছিল, কাৰণ যাৰ
মাজত এই কলাৰ জন্ম হৈছিল তেওঁলোকে ধাৰণ কৰা জীৱনৰ সেই ধাৰ্মিক দৃষ্টিভংগীৰ সৈতে ই সংযুক্ত
হৈ আছিল ।
মধ্যযুগৰ যিসকল শিল্পীয়ে সাধাৰণ জনতাৰ দৰেই অনুভূতিৰ একে উৎসৰদ্বাৰা – ধৰ্ম – উদ্বুদ্ধ হৈছিল, আৰু তেওঁলোকে লাভ কৰা সেই অনুভূতি আৰু
মনৰ অৱস্থা তেওঁলোকে বিয়পাই দিছিল স্থাপত্য, ভাস্কৰ্য, চিত্ৰশিল্প, সংগীত, কবিতা
অথবা নাটকৰ মাজত, তেওঁলোক প্ৰকৃত শিল্পী আছিল; আৰু তেওঁলোকৰ যুগৰ সাপেক্ষে সহজলভ্য
আৰু সকলো মানুহৰ বাবে সাধাৰণ উচ্চতম ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত এই কলা, যদিও আমাৰ
সময়ৰ সাপেক্ষে এয়া নিম্নস্তৰৰ, তৎসত্ত্বেও সেয়া প্ৰকৃত কলাই আছিল আৰু তাত গোটেই
সম্প্ৰদায়ে অংশ লৈছিল।
(আগলৈ)