তপন কুমাৰ শৰ্মা
‘আপোনাক
কি সহায় লাগে?’
স্কুটাৰৰ
আৰোহীয়ে আথেবেথে সুধিলে। অজান চহৰ, অচিনাকি বাট-পথ, অবুজ ভাষা, অপৰিচিতা নাৰী।
...
৫ জুলাই, পুৱা ৯.৩০ মান বাজিছে।
ৰঙানদীৰ পাৰৰ
ঐতিহাসিক চহৰখনৰ মাজেদি আগ বাঢ়িছোঁ, পদব্ৰজে। ইতিহাসে গৰকা চহৰ। তুলনাৰ বাবে— আমি পাণবজাৰৰ শ্বেইখ
ব্ৰাদাৰ্ছ সমুখৰ পথেদি আগুৱাই ফ্ৰিছফাইৰ ফালে ঘূৰিছোঁ যেনিবা। পুৰণা চহৰ, মোৰ বাবে এশ শতাংশ
অচিনাকি, আজি আহি প্ৰথম
নামিলোঁ, ২ ঘণ্টামান হৈছেহে।
হোটেলৰ পৰা
ডেৰশ মিটাৰমান আহিছোঁ, পিছলৈ ঘূৰি
ঘূৰি চাইছোঁ যাতে পুনৰ হোটেল ওলাবহি পাৰোঁ, লগত হোটেলৰ ঠিকনাটো আছে অৱশ্যে।
চাৰি আলি
এটাত থিয় হওঁতে হঠাতে মোৰ সমুখত ব্ৰেক মাৰি স্কুটাৰ এখন ৰৈ গ’ল, আৰোহী এজনী ছোৱালী, বয়স ২৫-ৰ পৰা ৩৫ হ’ব, অনুমানহে; এটা বয়সৰ পাছত মানুহৰ
বয়স অনুমান কৰা কঠিন, তাতে নাৰী!
মোৰ লগত জিলি
নাই, যাদৱো নাই, দুয়োটাক মই হেৰুৱাইছোঁ। নতুন অচিনাকি
দেশ, অচিনাকি চহৰ, দুয়োটাৰ লগত ফোনত
যোগাযোগ হৈছে অৱশ্যে, ভয় নাই কাইলৈ
লগ হ’ম।
মই বিতচকু
বিচাৰি চহৰৰ গলিত ঘূৰিবলৈ আৰম্ভ কৰিছিলোঁ।
অ’ মই মোৰ বিতচকুযোৰ
বিমানতে খৰধৰত এৰি আহিলোঁ। হোটেলৰ পৰা ওলাই, পথৰ কাষৰ দোকানত
পুৱাৰ জলপান কৰিলোঁ, সেই
ৰেস্তোৰাঁতে সুধিলোঁ— ‘চচ্মাৰ দোকান ক’ত?’ ইংগিতেৰে এটা দিশত
আগুৱাই যাবলৈ দিলে। মই দৰাচলতে
থকা হোটেলৰ অভ্যৰ্থনা কক্ষত চচ্মাৰ কথা সুধিছিলোঁ, তাত থকা লোকজনে ফোন
কৰি ক’লে— ‘হ’ব, পোৱা যাব, ৩০ ডলাৰ লাগিব।’ মনতে ভাবিলে— ‘ধেইৎ, ২৫শ টকা দিব নোৱাৰি, গুৱাহাটীত এশৰ পৰা
দুশ টকাত কিনো।’
পুৱাৰ জলপান
কৰি অচিনাকী চহৰৰ অচিনাকি গলিত চচ্মাৰ সন্ধানত গৈ থাকোঁতে
চাৰিআলিৰ চুকত স্কুটাৰৰ ছোৱালীজনীয়ে সুধিলে, ইংৰাজীতে ক’লে, ‘কি বিচাৰিছে, কেনি যাব, কিবা সহায় কৰিব পাৰোঁ?’
উদ্দেশ্যৰ
কথা কোৱাত ক’লে, ‘আগত পাব, যাব নেকি মোৰ লগত? উঠক।’ এটা দিশলৈ আঙুলি টোঁৱালে। অজান দেশৰ অজান ছোৱালী, কি কৰোঁ! পৰিস্থিতি বুজি ল’লোঁ।
ক’লোঁ—
এইখন ৰঙানদীৰ
পাৰৰ চহৰ। নদীয়ে ঘেৰা
চহৰ, হ্ৰদৰ চহৰ, ইতিহাসৰ হাজাৰ ঘাত-প্ৰতিঘাতৰ
মাজেৰে উত্তীৰ্ণ হৈ অহা চহৰ, চহৰখন, দেশখন আৰু
মানুহবোৰক বুজিবলৈ আহিছোঁ।
ৰঙানদী মানে
ইংৰাজীত কয় ৰে’ড ৰিভাৰ, স্থানীয় নাম ছং-হং, নৈখন চীনৰ ইউনান
প্ৰদেশৰ পৰা ওলাইছে, ১১৭৫
কিলোমিটাৰ বৈ হানৈ চহৰৰ মাজেদি বৈ গৈ টনকিন উপসাগৰত পৰিছে, হালংবে’ৰ ওচৰত। নৈখনে প্ৰচুৰ
পৰিমাণে লোৰ আঁকৰ বহন কৰে বাবে নদীৰ পানীৰ ৰং ৰঙা, সেয়ে নাম ৰঙানদী।
হানৈ নামটো
কেনেকৈ হ’ল?
অঁ, আচল কথা এৰি আহিলোঁ, মই মিনক কি ক’লোঁ, চচ্মা
যোগাৰ কৰিব পাৰিলোনে? মিন হ’ল মোৰ
সমুখত সহায়ৰ হাত আগবঢ়াম বুলি কৈ থকা ছোৱালীজনী।
...
মই এটা ভৰি পদপথত আনটো ভৰি মূলপথত থৈ
সমুখৰ স্কুটাৰত বহি থকা ছোৱালীজনীক সুধিলোঁ— ‘কিমান লাগিব?’, ‘হাও মাচ্ছ চুড আই পে’?’
এতিমধ্যে মই পৰিস্থিতি অনুধাৱন কৰিব
পাৰিছোঁ, ছোৱালীজনীয়ে
স্কুটাৰেৰে ভাৰা মাৰি ফুৰে। মোক আজি পুৱা হোটেলৰ অভ্যৰ্থনাত সুধিছিলেই যে মই চহৰখন ফুৰিব বিচাৰোঁ নেকি, যদি বিচাৰোঁ স্কুটাৰ এখন ঠিক কৰি দিব। তেনে স্কুটাৰৰ গৰাকী এয়া মোৰ সমুখত।
উত্তৰ আহিল— ‘দুই ডলাৰ’, দামটো ভিয়েটনামী টকা ‘ডঙ’ত
নকৈ ডলাৰতে ক’লে। ইতিমধ্যে মই কোন ছোৱালীজনীয়ে মোৰ শৰীৰৰ
ভাষা আৰু অৱয়ব চাই বুজি লৈছে, মই বিদেশী আৰু ভিয়েটনামৰ বুকুত এই অলপতে নামিছোঁ— এইবোৰ বুজি লৈ ডলাৰতে স্কুটাৰ আৰোহীয়ে
দাম-দৰ কৰিলে।
মই খৰকৈ ভাবিছোঁ— যাম নে? দুই ডলাৰ বেছি হ’ল নেকি, মগজুৱে অনুবাদ কৰিলেই— ১৬০ টকা, মোক ৫০০ মিটাৰমান নি
চচ্মাযোৰ কিনি দি আকৌ এইখিনিলৈ আনিব, গুৱাহাটীত অটোৱে বেছিহে ল’লেহেঁতেন। মোক চচ্মাযোৰ নহ’লেই নহয়।
ক’লোঁ— ‘দুই ডলাৰ বেছি হ’ল নেকি?’
আকৌ ক’লোঁ— ‘চচ্মা কিনি উঠি, মই চহৰখন চাব বিচাৰোঁ।’
এইটো মুহূৰ্তলৈকে মিন ৰৈ আছিল, মুহূৰ্ততে মেপ এখন উলিয়ালে, হানৈ চহৰৰ আলি-গলি, চাবলগীয়া সকলো স্থানসহ
মেপখনত অঁকা আছে, ৰঙীন ছপা মেপ, মেপখনৰ ওপৰেৰে আঙুলি চলাই কৈ গ’ল— ‘মই আপোনাক অমুক দেখুৱাম, তমুক দেখুৱাম, ঘণ্টাত ২৫০ ডং লাগিব’, এইবাৰ উত্তৰটো ডঙত আহিল। নিশ্চিত হ’লোঁ— এইটো তাইৰ পেছা, উপাৰ্জনৰ পথ।
আকৰ্ষিত হ’লোঁ, দুঃচিন্তাও আহিল— ক’ৰবাত নি নঠগেতো, ফচাই নিদিয়েতো? মই ভাৰতৰ পৰা গৈছোঁ, ভাৰতীয় ‘মাইণ্ডছে’টে’ৰে কথাবোৰ ভাৱিছোঁ; নিজকে প্ৰবোধ দিলোঁ— এইবোৰ সৎ আৰু সৰল দেশৰ লোক, আমাৰ দৰে নহয়, ঠগ খাব নালাগে।
এতিমধ্যে মন বান্ধিছোঁ— মিনৰ বোকোচাত উঠি চহৰ ঘূৰিম, পাছে দামটো? ২৫০ ডং মানে ভাৰতীয় টকা ৫০০-তকৈ অলপ বেছি, প্ৰতিঘণ্টাত। দৰাচলতে ২৫০ ডং নহয়, ২,৫০,০০০ ডং, বৃহৎ সংখ্যা হোৱা বাবে চমুকৈ ২৫০ বুলিয়ে কয়।
‘মেক ইট লে’ছ’— হাতখন নিৰ্দিষ্ট উচ্চতাত ৰাখি তললৈ নমাই, দুবাৰ উঠা-নমা কৰি শাৰীৰিক ভাষাৰে জনালোঁ, লগতে মুখেৰে ক’লোঁ, মানে— ‘দাম অলপ কম কৰ্’।
ভাৰতীয় দস্তুৰ, সৰুকালৰে পৰা গঢ় লৈ উঠা অভ্যাস, দৰ-দামত লাগিলোঁ।
তাই ক’লে— ‘২০০ ডনত পাৰিম। চা, মই অমুক অমুক গুৰুত্বপূৰ্ণ ঠাইবোৰ
দেখুৱাম, ৰঙানদীৰ পাৰলৈ নিম।’ তাই বুজাই থাকোঁতে আকৌ ক’লোঁ— ‘আৰু অলপ কমা’।
এইবাৰ উত্তৰ পালোঁ— ‘আই এম পুঅ’ৰ, ছাৰ’।
‘ব’ল
তেন্তে, হ’ব।’— এইবাৰ তাইৰ ‘মই দুখীয়া, ছাৰ’ কথাষাৰে মোৰ অন্তৰ চুলে বোধহয়।
...
তাই তৎক্ষণাত স্কুটাৰৰ ছিটটো দাঙি তলৰ
পৰা অতিৰিক্ত হেলমে’ট এটা উলিয়ালে, এটা তাই নিজে পিন্ধি আছে, সেয়ে তাইৰ মুখৰ অৱয়ব সম্পূৰ্ণ দেখা নাই, তথাপি বুজিব পাৰি ছোৱালীজনী গঢ়ী। হেলমেটটো উলিয়াই আগ বঢ়াই মোৰ মূৰত আথেবেথে পিন্ধাই
দিলে, মই মূৰটো দোঁৱাই দিলোঁ। পিছ ছিটত বহি ল’লোঁ, মোৰ ভৰি দুখন পাওদানিত
সঠিককৈ পৰিছেনে নাই তাই চাই ল’লে।
দুচকীয়াখন চলিবলৈ ধৰিলে, চাৰিআলিৰ এটা দিশত ঘূৰিবলৈ ল’লে।
‘ৰবি, সেইফালে নহয়।’— মই বাধা দি ক’লোঁ— ‘তই প্ৰথমে মোৰ হোটললৈ বল, হোটলৰ সমুখলৈ, হোটেলখন চিনি ল, তাৰ পাছত ফুৰিম, যাতে ঘূৰি আহি মোক হোটেলৰ মুখত নমাব পাৰ।’ আমি হোটেলৰ পৰা ডেৰশ-দুশ মিটাৰ দূৰত আছোঁ, কিন্তু তিনিআলি, চাৰিআলিত দুটা ভাঁজ লোৱাৰ পাছত। মোৰ কথা মানি সেইপিনে ঘূৰালে, ৫০ মিটাৰমান গৈ তিনিআলিৰ মূৰত ক’লোঁ— ‘অ’ই, অ’ই এইপিনি ঘূৰা’। সেইটো হোটেলৰ বাট।
তাই সেইফালে চাই, মটৰ কিন্তু নুঘূৰালে, পোনে পোনে গ’ল।
ক’লোঁ— ‘কি হ’ল? নুঘূৰালি যে’, উত্তৰ আহিল— ‘ৱান ৱে’।
বিশ্বাস কৰিছোঁ, সন্দেহো কৰিছোঁ— মতলব বেয়া নেকি!
দুশ মিটাৰৰ ঠাইত মিনে মোক এক
কিলোমিটাৰমান নিলে, চহৰৰ মাজেদি একা-বেঁকা পথত চাৰিটামান দিশত ঘূৰালে, সেই সময়ত বহুত ভাবনা-দুৰ্ভাবনাই খেলাই গ’ল। শেষত আহি হোটেলৰ মুখত ৰ’লহি।
‘এইখন আপোনাৰ হোটেল হয়নে?— ওপৰলৈ ফলকখন চাই
নিশ্চিত হ’লোঁ
হোটেল পালোঁহি। ইতিহাসত হাজৰ-বিজাৰ প্ৰৱঞ্চনাৰ কাহিনী
পঢ়িছোঁ, আড্ডাবোৰত শুনিছোঁ, বাতৰি কাকত-আলোচনীত পঢ়িছোঁ, তথাপি মই বিশ্বাস কৰোঁ, গভীৰভাৱে বিশ্বাস কৰোঁ— মানুহ মূলতঃ সৎ।
‘ব’ল, এইবাৰ চচ্মা চাম। তাৰ পাছত তোৰ ইচ্ছাত, তোৰ মতে হানৈ চহৰখন ফুৰাই দে, মোৰ বাবে নতুন, সম্পূৰ্ণ অচিনাকি।’
... পৃথিৱীৰ সকলো চহৰ একে, দুইফাল ঘৰ, দোকান, শ্বৰূম ইত্যাদি, মটৰ আগুৱাই গৈ আছে।
ইতিহাসে গৰকা চহৰ হানৈ। ইতিহাসৰ হাজাৰ বিজাৰ উত্থান-পতনৰ মাজেদি আজিৰ হানৈ
হৈছেহি, ই ইতিহাসৰ তৰপে তৰপে
গঢ় লৈ উঠা চহৰ।
ই ভিয়েটনামৰ ৰাজধানী। হানৈ এহেজাৰ বছৰ পুৰণি চহৰ। সঠিককৈ ক’লে এহেজাৰ বাৰ বছৰ পুৰণি চহৰ এইখন। খ্ৰী: ১০১০ চনত গঢ় লোৱা চহৰখনৰ তেতিয়াৰ নাম
আছিল ‘থাং লং’, অৰ্থ ‘উৰণীয়া ড্ৰেগন’। হানৈ নামটো কালি-পৰহিৰ। ইতিহাসৰ বিভিন্ন সময়ত চহৰখনৰ নাম আছিল ‘ভিতৰুৱা চহৰ’ বা ‘গিয়াও চি’; ‘সঠিক ঘৰ’ বা টং-বিন; ‘প্ৰশান্ত দক্ষিণ’ বা ‘আন-নাম’। আৰু এটা নাম ‘ডাই লা’ বা গড়েৰে আবৃত চহৰ। অন্য দুটা নাম ‘ডং ড’ আৰু ‘ডং কোৱান’ এই দুটা নামৰ অৰ্থ ‘ৰাজধানী’।
হানৈৰ আন এটা নাম আছিল— ‘ডং কিন’ অৰ্থ পূবৰ ৰাজধানী, এইটো নামক ফৰাচীসকলে ‘টন্কিন’ বুলি ব্যাখ্যা কৰিছিল। আৰু হানৈ নামটো! হানৈ নামটো সৌ সিদিনাৰ, দুশ বছৰো সম্পূৰ্ণ হোৱা নাই।
হানৈ নামটো কেতিয়া হ’ল?
হানৈ নামৰ আধুনিক চহৰখনে মূৰ দাঙি উঠিছিল
১৮৮৮ চনত, যেতিয়া ফৰাচীসকলে
ভিয়েটনামৰ উত্তৰ অংশ দখল কৰিলে তাৰ পাছত। আৰু হানৈত ইন্দোচীনৰ ৰাজধানী পাতে ১৯০১ চনত। অ’, ইন্দোচীন মানে
বৰ্তমানৰ ভিয়েটনাম, কম্বোদিয়া আৰু লাওচ— এই সমগ্ৰ অঞ্চল ফৰাচীসকলে নিজৰ অধীন কৰি ইন্দোচীন নামেৰে শাসন কৰিছিল। ফৰাচীসকলে ‘ঙান বংশ’ৰ শাসকসকলক পৰাজিত কৰি ভিয়েটনাম দখল কৰিছিল, তেওঁলোকক হৰুৱাই ১৮৮৪
চনত ফৰাচীয়ে সন্ধিত চহী কৰোৱাইছিল।
ঙান বংশ শাসনলৈ আহিছিল ১৮০২ চনত আৰু
ৰাজধানী তুলি নিছিল ‘হুই’ চহৰলৈ, এইখন বৰ্তমান ভিয়েটনামৰ একেবাৰে মধ্য
অংশত। আৰু এই ঙান বংশৰ ৰজাই থাং-লং (উৰণীয়া ড্ৰেগন, পাছলৈ হানৈ) চহৰক হানৈ বুলিবলৈ আৰম্ভ কৰিছিল ১৮৩১ চনৰ
পৰা; পাছে থাং-লং নামটো ফৰাচীয়ে হানৈ
নামেৰে ৰাজধানী পতাৰ পাছতো মানুহৰ মুখে মুখে চলি আছিল। হানৈ শব্দটোৰ অৰ্থ হ’ল...
“খেৰেক্কৈ ব্ৰেক মাৰি আমাৰ স্কুটাৰ ৰৈ গ’ল।”
কথাবোৰ মনৰ মাজত যুগুতাই আছিলোঁ, কালি ৰাতি কিছু কথা পঢ়িছিলোঁ।
“নামক...।”— মিনে মোক নিৰ্দেশ দিলে— “ইয়াতেই আপোনাৰ চচ্মা পাব। চাই লওক।”
সোঁহাতে এইখন মজলীয়া আকাৰৰ চচ্মাৰ দোকান, মেৰামতি কৰে, বিক্ৰীও কৰে।
...
মোৰ অতিৰিক্ত চচ্মাযোৰ লগত নাই। দুৰ্ভাগ্য!
চচ্মা নোহোৱাকৈ মই খোজ কাঢ়িব পাৰোঁ, কিন্তু পঢ়িব নোৱাৰোঁ, ম’বাইল চাব নোৱাৰোঁ। দ্বিতীয়টো কাৰণত চচ্মা নহ’লে চলিবই নোৱাৰোঁ। দোষ-গুণ পাছৰ কথা— হাতত ম’বাইল থাকেই, ফোন কাৰোবালৈ লগোৱা, কাৰোবাৰ পৰা গ্ৰহণ কৰা, অচিনাকি চহৰত খোজ কাঢ়োঁতে গুগ্ল মেপৰ
সহায় লোৱা, হোৱাটচ্এপত ঠিকনা আদি
খোচৰা ইত্যাদি; আৰু ভ্ৰমণৰ সৰু-বৰ তথ্যবোৰ ম’বাইলতে টুকি ৰাখোঁ, নট-পে’ডত
লিখাৰ পৰিৱৰ্তে জিলিলৈ হোৱাটচ্এপ কৰি থওঁ। ভ্ৰমণত, দূৰ ভ্ৰমণত, বিশেষকৈ বিদেশ ভ্ৰমণত পিন্ধি থকাযোৰ বাদ দি অতিৰিক্ত এযোৰ বা দুযোৰ মোৰ লগত
যায়।
কি হ’ব, দুৰ্ভাগ্য। মোৰ লগত মোৰ ছুটকেছটো নাই, অতিৰিক্ত চচ্মাযোৰ তাতে থাকিল। সেইটো জিলিৰ লগত থাকি গ’ল, তাইক কাইলৈ পাছবেলাহে লগ পাম। আজি তিনি-চাৰি দিন যোগাযোগ
বিচ্ছিন্ন। আজি এই মুহূৰ্তত যাদৱ আৰু জিলি ডা-নঙত— সাগৰৰ পাৰৰ পৰ্যটকৰ
বাবে গঢ় লৈ উঠা চহৰ।
“মোক এযোৰ চচ্মা দিয়ক, চচ্মা দিয়ক +২.৫ পাৱাৰৰ”— কৈ থাকোঁতে হাত দুখন
চচ্মাৰ
আকৃতি কৰি চকুত লগাই দেখুৱালোঁ। মিনে তাই নিজৰ ভাষাত দোকানীক ক’লে। দামটো লৈ ভয় খাই আছিলোঁ, ৯০,০০০ ডং, হিচাপ কৰি দেখিলোঁ— আমাৰ ৩০০ টকামান হ’ব; সন্তুষ্টিৰে হাত পাতি
ল’লোঁ। পইচা দিবৰ সময়ত ওপৰ জেপত থকা আটাইবোৰ ভিয়েটনামী ন’ট (ডং) দোকানীৰ সমুখত ধৰিলোঁ, মোৰ ন’টবোৰ ভালকৈ পৰিচিত হোৱা
নাই, জুমি থাকিবৰ মন নাই, কোনটো নট ৫,০০০, কোনটো ৫০,০০০, কোনটো ৫০০,০০০ ঘপহকৈ ধৰিব নোৱাৰোঁ, কষ্ট কিয় কৰোঁ!
মিন আৰু দোকানীয়ে মোৰ হাতৰ তলুৱাৰ পৰা
বাছি বাছি ৯০,০০০ ডং সংগ্ৰহ কৰিলে, শাৰীৰিক ভাষাত বুজি পাইছোঁ, একাণপতীয়াকৈ বিশ্বাসযোগ্যভাৱে লৈছে। নঠগে বুলি মই এশ শতাংশ নিশ্চিত। বোধহয় বুৰ্বকামি! এনে বুৰ্বকামি মই সচেতনভাৱেই কৰোঁ, গুৱাহাটীতো কৰোঁ, কাৰোবাক বাৰ টকা দিব লাগে, জেপত এসোপামান খুচুৰা থাকিলে গোটেইখিনি
আগ বঢ়াই দিওঁ— দোকানীয়ে এটা এটাকৈ বাৰ টকা লৈ লয়। আজি হানৈ বিমানবন্দৰৰ পৰা হোটেললৈ ৩২ কিলোমিটাৰ আহোঁতে টেক্সি চালকজনক, আৰু পুৱাৰ জলপান কৰি উঠোঁতেও দোকানীক একে
ধৰণেৰে টকা দিছিলোঁ। এনে কৰোঁতে ঠগ খোৱাৰ সম্ভাৱনা ০.০০০১% বা তাতকৈ কম, মানে দহহেজাৰজনক এনেকৈ পইচা দিলে এজনে
ঠগিব! কিন্তু সিমানখিনি
সম্ভাৱনা মই উজুটি খোৱা বা অন্য অঘটন ঘটাতো থাকে, তাক লৈ ভাবি নাথাকো, ৰিস্ক্ লওঁ।
চচ্মাযোৰ পিন্ধি মিনক নিৰ্দেশ দিলোঁ— “বল, চহৰৰ গুৰুত্বপূৰ্ণ
ঠাইবোৰ যিমানখিনি পাৰ দেখুৱাই দিবি, দুঘণ্টা-তিনিঘণ্টা যি লাগে।” খন্তেক ৰৈ ক’লোঁ— “হো-চি-মিনৰ কবৰটো নাপাহৰিবি।” মনে মনে অনুচ্চ স্বৰত ভোৰভোৰালোঁ— ‘এইজন হো-চি-মিনৰ বাবেই বাট কুৰি বাই তোৰ দেশলৈ আহিছোঁ, নেদেখুৱালে সুদাই
নেৰোঁ।”
...
তৰোৱাল হ্ৰদৰ চহৰ।
এইখন নৈপৰীয়া চহৰ।
হানৈ। ভিয়েটনামী ভাষাত দুটা শব্দ ‘হা নৈ’, ইংৰাজীত এটা কৰি লিখে।
হা মানে নদী আৰু নৈ মানে আবৃত। নৈৰে ঘেৰা, নৈৰে আবৃত, নৈপৰীয়া চহৰ এনে অৰ্থ। চহৰখনৰ মূল নৈখন ৰঙানদী, ইংৰাজীত ৰে’ড ৰিভাৰ, তেওঁলোকে কয়— ‘ছং-হং’। চহৰখনৰ মাজত কেইবাটাও জলাশয়, চহৰখনত এই হ্ৰদবোৰৰ সংখ্যা এক ডজনৰ ওপৰ হ’ব; পাছত তথ্য খোচৰোঁতে
২০-টা হ্ৰদ থকা বুলি পালোঁ। কেৱল ঐতিহাসিক দিশৰ পৰা নহয়, সৌন্দৰ্যৰ ফালৰ পৰাও ই পৃথিৱীৰ প্ৰথম ২০-খন চহৰৰ
ভিতৰতে পৰিব, এনে এটা পৰিসংখ্যাও ক’ৰবাত পঢ়িছিলোঁ। এই সৌন্দৰ্যৰ ধাৰণাটো অৱশ্যে আপেক্ষিক। জলাশয় আৰু বোৱতী নদৰে ঘেৰা হানৈ নিজেই নিজা কাৰণতেই
অপৰিসীমভাৱে সুন্দৰ। হানৈ চহৰৰ মাজেদি মিনৰ স্কুটাৰ দৌৰিছে, পিছ ছিটত মই।
হঠাৎ আমাৰ গাড়ী ৰ’ল।
“নাম। এইটো হ্ৰদ। ফটো-চটো ল”।
পথৰ বাঁওহাতে বিশাল জলাশয়, পাৰটো পকা, পথৰ পৰা পানীলৈকে এই ২০-৩০ মিটাৰ পকাৰ মজিয়া। পথৰ সোঁহাতে অফিচ আদি ঘৰ, বিশেষকৈ পুৰণা ডাকঘৰটো ইয়াতেই।
“এইটো কি হ্ৰদ?”
“বুংবাংবিং”— মিনে কিবা এটা ক’লে, অচিনাকি, অপৰিচিত ভাষা হোৱা বাবে মোৰ মগজুৱে
শব্দটো ইণ্টাৰ্পিট/ ব্যাখ্যা কৰিব পৰা নাই।
“কি কলি? আকৌ ক”— এইবাৰ তাই লাহে লাহে ক’লে— “হোৱান কিয়েম লে’ক”, তাৰ পাছত হ্ৰদৰ মাজত কিছু দূৰলৈ থকা ঘৰ এটালৈ দৃষ্টি আকৰ্ষণ কৰিলে, আগ্নেয় শিলৰ দৰে ক’লা-মলা
ৰঙৰ ঘৰটো। ম’বাইলটো উলিয়াই ফটো ল’লোঁ, কিছু ঝুম কৰিও ল’লোঁ। তড়িৎ গতিত মনৰ মাজেদি
এলানি প্ৰশ্ন, হ্ৰদৰ মাজত এইটো কি ঘৰ, কিমান পুৰণি, ইয়াৰ ইতিহাস কি? মিনক সুধি কিবা লাভ হ’বনে? তাই জানেনে? ভাষাও এটা সমস্যা। মিনে ইংৰাজী জানে, কাম চলা ইংৰাজী, কিন্তু ইতিহাসৰ কিবা এটা কাহিনী সলসলীয়াকৈ কৈ যাব নোৱাৰিব; আৰু সময়! কৰবাত ঘণ্টা যুৰি বহিলে ইতিহাস শুনিব
পাৰিলোঁহেঁতেন, কিন্তু আগন্তুক দুই-তিনি ঘণ্টাত সমগ্ৰ হানৈ ঘূৰিব লাগিব, প্ৰায় অসম্ভৱ, নেক্সট টু ইম্প’ছিব’ল!
গুগ্ল মেপ চাই দেখিলোঁ, আমি হানৈৰ কেন্দ্ৰীয় অঞ্চলতে আছোঁ, এইখিনিয়েই পুৰণা হানৈ। এই হোৱান কিয়েম লে’কৰ চাৰিওফালে ঘেৰি থকা
অঞ্চলটো ‘অ’ল্ড কোৱাৰ্টাৰ’ নামে জনা যায়, আমাৰ গুৱাহাটী পাণবজাৰ-উজানবজাৰৰ দৰে, পুৰণা গুৱাহাটীৰ দৰে ‘অ’ল্ড কোৱাৰ্টাৰ, অৱস্থানৰ ফালৰ পৰা লে’কটো যেনিবা দীঘলীপুখুৰী; অৱশ্যে হোৱান কিয়েম লে’কটোৰ উৎপত্তি প্ৰাকৃতিকভাৱে হোৱা। মই থকা হোটেলৰ পৰা এই হ্ৰদলৈ খুব বেছি এক কিলোমিটাৰ
বা তাতকৈ কম, অৱশ্যে চচ্মা কিনি ঘূৰি-পকি বেচ কিছু দূৰ আহিলোঁ।
সপ্তদশ শতিকালৈ হ্ৰদটো ইয়াতকৈ ডাঙৰ আছিল
আৰু ই ৰঙানদীৰ সতে সংযোজিত আছিল, ঠিক আমাৰ দীঘলীপুখুৰী ব্ৰহ্মপুত্ৰৰ লগত এসময়ত সংযোগ হৈ থকাৰ দৰে। অষ্টাদশ শতিকালৈ ইয়াৰ চৌপাশে থকা বহুতো সম্পদৰ চিন
নোহোৱা হ’ল আৰু
আজি! আজি-কালি, বিশেষকৈ মোৰ সমুখত থকা হ্ৰদটোৰ আকাৰ
মাত্ৰ ৩০ একৰ। হ্ৰদটোৰ নাম ‘হু গুৱম’ বা ‘হু হোৱান কিয়েম’, অৰ্থ— ‘তৰোৱাল হ্ৰদ’ বা ‘পুনৰুদ্ধাৰ কৰা তৰোৱাল
হ্ৰদ’।
‘হ্ৰদটোৰ নাম কেনেকৈ হ’ল?’— মিনক সুধিলোঁ। মোৰ মনে কৈছে নামটোৰ পিছফালে এটা কাহিনী আছে।
“চাইনিজ ডাইনেষ্টি... ৱাৰ... ছ’ৰ্ড...”— মিনে কিবা এটা ক’লে, ভালকৈ নুবুজিলোঁ। কেইটিমান শব্দ কাণত সোমাল। পাছত ভিয়েটনামৰ ইতিহাস পঢ়ি থাকোঁতে কাহিনীটো গম পালোঁ।
পঞ্চদশ শতিকাৰ আৰম্ভণিতে ভিয়েটনামৰ এই
অঞ্চল মিং বংশই শাসন কৰিছিল, চীনৰ মিং সাম্ৰাজ্যৰ কথা ‘নি-হাও-মা’ত সবিস্তাৰে লিখিছিলোঁ। এই মিংসকলক ওফৰাবলৈ স্থানীয় ভিয়েটনামী ৰজাই যুঁজ-বাগৰ চলাই আছিল। ৰজা ‘লি-লই’ মিংসকলৰ বিৰুদ্ধে
প্ৰায় ১০ বছৰ যুঁজিলে; শেষত এই হ্ৰদৰ মাজৰ পৰা এটা সোণালী কাছই ৰজাক দেখা দি এখন তৰোৱাল উপহাৰ
দিলে। সেই তৰোৱালৰ সহায়ত ৰজাই মিংসকলক পৰাভূত কৰে। ৰজাই যুদ্ধজয়ৰ উৎসৱ পালন কৰি থাকোঁতেই সোণালী কাছই পুনৰ দেখা দিলে আৰু ৰজাক
তৰোৱালখন ঘূৰাই বিচাৰিলে। ৰজাই কাছটো স্বৰ্গীয় শক্তিৰ প্ৰতিভূ বুলি
তৰোৱালখন ঘূৰাই দিলে। অন্য এঠাইত লিখা মতে ৰজাই যুদ্ধজয়ৰ পাছত
জলকেলি কৰি থাকোঁতে বৃহৎ কাছ এটাই তৰোৱালখন কাঢ়ি নিছিল।
যি নহওক, সেয়ে হ্ৰদটোৰ নাম— ‘পুনৰ উদ্ধাৰ কৰা তৰোৱাল
হ্ৰদ’— হোৱান কিয়েম লে’ক। মিনে মোৰ দৃষ্টি আকৰ্ষণ কৰা হ্ৰদৰ মাজৰ ঘৰটো সোণালী কাছৰ নামত উৎসৰ্গিত; সোণালী কাছ বহু ভিয়েটনামী ৰজাৰ ‘গাৰ্জিয়ান স্পিৰিট’ আৰু টোটেম আছিল।
সেই বৃহৎ সোণালী কাছটোৰ দৰে ডাঙৰ কাছ
বৰ্তমান ইয়াত আছেনে? আছে বোলে, সংখ্যাত কম, কাচিৎহে দেখা যায়। ক’ৰবাত লিখিছে— এনে কাছ বোলে বৰ্তমান
এটাহে আছে। ২০১১ চনত এটা এনে কাছ ধৰিছিল আৰু চিকিৎসা প্ৰদান কৰি
এৰি দিছিল। মুঠতে এনে তিনিটা কাছ জীয়াই থকাৰ জনা গৈছে, তাৰে এটা ভিয়েটনামৰ চিৰিয়াখানাত আৰু অন্য
দুটা চীনৰ কোনোবা এখন চিৰিয়াখানাত আছে। এই হ্ৰদত থকাটোৰ ওজন ২০০ কেজি মানৰ আৰু বয়স ৮০ পৰা ১০০ বছৰৰ ভিতৰত।
হ্ৰদৰ ভিতৰত যিটো পৌৰাণিক ঘৰলৈ আমি চাই
আছোঁ— তাৰ নাম ‘ঙক চন মন্দিৰ’, এইটো ১৮ শতিকাত
নিৰ্মিত আৰু সৰু দ্বীপটোৰ নাম ‘জেদ দ্বীপ’।...
‘হ’ল
নে? আহক যাওঁ।’
মিনৰ আহ্বানত গম পালোঁ, হাতত সময় কম, বহু চাবলৈ বাকী।
মোক হেলমেটটো পিন্ধাই দিলে তাই, থুঁতৰিৰ তলত হুকটো লগাওতে যুঁজি থাকিব
লাগে, সময়বাচক বুলি তাই
নিজেই লগাই দিলে, আৰু পাওদানিত ভৰি দুটা ঠিকেই পৰিছেনে চাই লৈ স্কুটাৰ এৰি দিলে।...
(ক্ৰমশঃ)