অসমীয়া জাতীয় জীৱনৰ পিতৃপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যি সময়ত একশৰণ নামধৰ্মক অৱলম্বন কৰি অসমীয়া জাতিসত্ত্বাৰ বৰভেঁটি বান্ধিব খুজিছিল সেই সময়ৰ অসমীয়া সমাজখন কেনে আছিল অনুমান কৰিব পাৰি৷ সেই সময়ৰ অসমীয়া সমাজখনত শিক্ষিত লোকৰ সংখ্যা আছিল আঙুলিৰ মূৰত লেখিব পৰা৷ শিক্ষিত মানে বৰ্তমান যিদৰে বিভিন্নজনে বিভিন্ন বিষয়ৰ শিক্ষা গ্ৰহণ কৰে তেনেকুৱা অৰ্থত আধুনিক শিক্ষাৰে শিক্ষিত লোকতো এজনো নাছিল৷ সেই সময়ৰ শিক্ষিত লোকৰ অৰ্হতা আছিল পুৰুষানুক্ৰমে হাত বাগৰি অহ কিছু সংখ্যক ধৰ্মগ্ৰন্থ আৰু জ্যোতিষ তথা বুৰঞ্জী পুথি পঢ়িব পৰাটো৷ জনসাধাৰণৰ সংখ্যাৰ হিচাপত তেনে শিক্ষিত লোকৰ সংখ্যাও আছিল খুব কম৷ কেৱল আখৰ পঢ়িব পৰা বহু অৰ্ধশিক্ষিত লোককো সেই সময়ত শিক্ষিত বুলিয়ে ধৰা হৈছিল৷ তেনে ‘শিক্ষিত’সকলে ‘অশিক্ষিত’সকলক শ শ বছৰ ধৰি আধ্যাত্মিকতা, নৈতিকতা আদিৰ দোহাই দি ‘শাস্ত্ৰত থকা’ বুলি চলাই দিয়া কিছুমান অবান্তৰ নিয়ম পলন কৰিবলৈ বাধ্য কৰি শোষণ চলাই আহিছিল৷ আচলতে ‘শাস্ত্ৰ’ নো কি, সেই শাস্ত্ৰতনো কি আছে ব নাই তাক লৈ সৰ্বসাধাৰণৰ মূৰ কামোৰণি নাছিল আৰু সকলো ‘শাস্ত্ৰৰ বিধান’ পালন কৰি কৰি শোষিত হোৱাটো নিজৰ ভাগ্যলিপি বুলি মানি লৈছিল৷ এনেকৈ শাস্ত্ৰ অধ্যয়নৰ অধিকাৰ সাধাৰণতে মধ্যযুগ পৰ্যন্ত ব্ৰাহ্মণসকল আৰু ৰজা-ৰাজন্যৰহে আছিল৷ মধ্যযুগত সৰ্বভাৰতৰে বিভিন্ন অঞ্চলৰ সাধাৰণ মানুহে নিজা নিজা আঞ্চলিক ভাষাতহে কথা-বতৰা পাতিছিল আৰু প্ৰাচীন কালতে সংস্কৃত ভাষাত ৰচনা কৰা শাস্ত্ৰসমূহৰ কাষকে চাপিব পৰা নাছিল বা তেনে কাৰ্যৰ বাবে আগ্ৰহ জন্মিব পৰা পৰিৱেশো সৃষ্টি হোৱা নাছিল৷
তেনে এটা পৰিৱেশত পুৰণি সংস্কৃত গ্ৰন্থসমূহ প্ৰাদেশিক ভাষালৈ অনুবাদ কৰি সেইবোৰ সকলোৱে পঢ়িব পৰা কৰি, শাস্ত্ৰৰ গূঢ় তত্ত্বসমূহ যাতে আটায়ে অনুধাৱন কৰিব পাৰে আৰু ফলস্বৰূপে কোনেও কাকো শোষণ-নিস্পেষণ কৰিব নোৱৰা পৰিৱেশ এটা সৃষ্টি কৰিব পাৰি তাৰে এটা বিপ্লৱ আৰম্ভ হৈছিল সমগ্ৰ ভাৰততে৷ তামিলনাডুৰ আলোৱাড়সকলে আৰম্ভ কৰা এই আধ্যাত্মিক তথা বৌদ্ধিক বিপ্লৱ বিভিন্ন প্ৰাদেশিক অঞ্চলত কবীৰ, ৰামানুজ, গুৰু নানক, চৈতন্য আদি বিভিন্নজন ক্ষণজন্মা ব্যক্তিৰ নেতৃত্বত আৰম্ভ হৈছিল৷ অসমত এই বিপ্লৱৰ সূচনা কৰিছিল শ্ৰীমন্ত শঙ্কৰদেৱে৷
এতিয়া পুনৰ সেই সময়ৰ সাধাৰণ অসমীয়া মানুহৰ দৈনন্দিন জীৱননো কেনেকুৱা আছিল সেই সম্পৰ্কে এটা ধাৰণা কৰিবলৈ যত্ন কৰা হওক৷ খেতিৰ বতৰত ৰাতিপুৱাই হালখন লৈ পথাৰলৈ যোৱা, দুপৰীয়া হাল মেলি আলিপাহ কটা আদি কাম কৰি ঘৰলৈ আহি গা-পা ধুই ভাত-পানী খাই পাটীত পৰি ভাত ঘুমতি মৰা; তাৰ পাছত আকৌ আবেলি খৰি-খেৰ সংগ্ৰহ কৰা, পথাৰত কঠিয়া তোলা, গৰু-গাইক ঘৰলৈ আনি বান্ধি-কুন্ধি পুনৰ চাফ-চিকুণ হৈ খাই-বৈ বিছনাত পৰাই আছিল ঘাইকৈ পুৰুষসকলৰ কাম৷ মহিলাসকলে ঘৰ-চোতাল সৰা, গা-পা ধুই ঘৰৰ সকলোকে জলপান-পাতি খুৱাই দুপৰীয়াৰ ভাতসাজৰ যোগাৰ কৰা; মাজে মাজে তাঁত-সূত এজুতি বোৱা, ঢেঁকীত ধান বানি চাউল উলিওৱা বা আন জা-জলপান কৰা, কেঁচুৱা প্ৰতিপালন কৰা, আটাইকে সময় মতে খাবলৈ যতনাই দিয়া আদিয়ে আছিল মূল কাম৷ কেৱল নমৰালৈকে খাই-বৈ জীয়াই থাকিবলৈ কৰা যত্নই আছিল সেইকালৰ অসমীয়া মানুহৰ জীৱন৷ তাত কোনো সাংস্কৃতিক বা অধ্যাত্মিক চিন্তা-চৰ্চাৰ পৰিৱেশ নাছিল৷ পূৰ্বাপৰ প্ৰচলিত বিভিন্ন দেৱ-দেৱতাৰ পূজা-সেৱাবোৰ অৱশ্যে আছিল৷ সেইবোৰো আছিল কুসংস্কাৰেৰে আচ্চন্ন আৰু সেইবোৰতেই ব্ৰাহ্মণ্যবাদীসকলে সুবিধাবাদী কৌশল অৱলম্বন কৰিছিল৷
শঙ্কৰদেৱে অসমীয়া মানুহৰ সেই জীৱন-শৈলী সলনি কবিলৈ যত্ন কৰিছিল৷ একশৰণ নামধৰ্মৰ ধাৰণা তেওঁৰ বাবে আছিল হাজাৰ বছৰে সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক তথা বৌদ্ধিকভাৱে শোষিত অসমীয়া মানুহৰ মুক্তিৰ একমাত্ৰ উপায়৷ সেয়ে তেওঁ বিভিন্ন পূজা-পাৰ্বণ, দান-দক্ষিণাৰ পৰিৱৰ্তে কেৱল অন্তঃকৰণেৰে ভগৱানৰ নাম ল’লেই বা শুনিলেই মানুহে মুক্তিলাভ কৰিব বুলি প্ৰচাৰ কৰিছিল৷ কিন্তু হাজাৰ বছৰীয়া ব্ৰাহ্মণ্যবাদৰ শিপা উভলাটোও ইমান সহজ নাছিল৷ ইফালে নিজা অন্তদৃৰ্ষ্টিৰ যোগেদি অসমীয়া সমাজত কিছুমান সাংস্কৃতিক উপকৰণৰ অভাৱ অনুভৱ কৰি শঙ্কৰদেৱে তেনে কিছুমান উপকৰণৰ যোগেদি অসমীয়া মানুহক জীৱনৰ প্ৰকৃত আনন্দ আৰু সত্যৰ সন্ধান দিব পৰা যাব বুলি পতিয়ন গৈছিল৷
গতিকে শঙ্কৰদেৱে উদ্ভাৱন কৰিছিল কিছু সংস্কৃতিক উপায় আৰু সেই উপায়বোৰক আধ্যাত্মিকতাৰ প্ৰলেপ দি মানুহক সেইবোৰৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তেওঁ যত্ন কৰিছিল৷ গীত-নাটৰ গায়ন আৰু অভিনয়, মাটি আখৰাৰে শৰীৰ চৰ্চা আৰু নৃত্যাভিনয়ৰ প্ৰস্তুতি, বাদ্য নিৰ্মাণ আৰু বাজনা, সাজ-পোছাক প্ৰস্তুতি আৰু মুখা নিৰ্মাণ, অন্য বাস্তুবিদ্যা যেনে কাঠত ফুল কটা, কাঠৰ শৰাই-থাপনা-মূৰ্তি আদি কটা, বয়নশিল্প, প্ৰাকৃতিক উপাদানৰ সহায়ত বিবিধ ৰং সৃষ্টি কৰা আদি সৰু-ডাঙৰ এশ এবুৰি অনুশীলনৰ পথ তেওঁ উদ্ভাৱন কৰিছিল আৰু প্ৰথমে একেবাৰে মুষ্টিমেয় সংখ্যক ভকত-বৈষ্ণৱৰ যোগেদি সেইসমূহৰ চৰ্চা আৰম্ভ কৰিছিল৷ সমান্তৰালকৈ তেওঁ অসমীয়া ভাষালৈ সংস্কৃত ধৰ্মগ্ৰন্থসমূহ অনুবাদ কৰা বাবে ব্ৰাহ্মণ্যবাদীসকলৰ চকুৰ কূটা দাঁতৰ শাল হৈ পৰিছিল৷ গতিকে প্ৰথম অৱস্থাত শঙ্কৰদেৱৰ কাষলৈ আহিবলৈ ব্ৰাহ্মণ্যবাদীসকলৰ ভয়ত সাধাৰণ মানুহে সাহস কৰা নাছিল৷ কিন্তু লাহে লাহে শঙ্কৰদেৱৰ কাষত ভকতৰ সংখ্যা বাঢ়িবলৈহে ধৰিলে৷
এনে অৱস্থাত উপৰি উক্ত সাংস্কৃতিক তথা বৌদ্ধিক অনুশীলনৰ কাৰণে এখন ৰাজহুৱা স্থান আৱশ্যকীয় হৈ পৰিছিল৷ সম্ভৱতঃ তেনে অৱস্থাতে গুৰুজনে নামঘৰৰ ধাৰণাটো কাৰ্যতঃ বাস্তৱায়িত কৰিবলৈ আগ বাঢ়িছিল৷ আৰু দিন যোৱাৰ লগে লগে এনে অৱস্থা হ’লহি যে নামঘৰ একোটা হৈ পৰিল একোখন অসমীয়া গাঁৱৰ এটা এৰাব নোৱৰা অঙ্গ৷ একোটা নামঘৰেৰে সমৃদ্ধ আৰু অলঙ্কৃত পৰিকল্পিত ঘৰ-বাৰীৰে অসমীয়া গাঁৱৰ নিচিনা শুৱনি গাঁও ভাৰতবৰ্ষৰ আন কোনো ঠাইতে দেখা নাযায়৷
এতিয়া এটা পৃথক প্ৰসঙ্গলৈ অহা যাওক৷ সাম্প্ৰতিক সময়ত আমাৰ গাঁওসমূহত নামঘৰত কি কৰা হয়? অথবা, প্ৰশ্নটো এনেকুৱাও হ’ব পাৰে – নামঘৰক সাম্প্ৰতিক সময়ৰ অসমীয়াই কেনেদৰে ব্যৱহাৰ কৰি আছে? বহু গাঁৱৰ নামঘৰৰ থাপনাত কেৱল সন্ধিয়া বন্তি একোগছি জ্বলোৱাৰ বাহিৰে আন একো কৰা নহয়৷ অৱশ্যে বছৰেকৰ মূৰত বৰ সবাহ-ভাওনা একোভাগ বহু গাঁৱৰে একোটা বিশেষত্ব হৈ এতিয়াও বৰ্তি আছে৷ তদুপৰি প্ৰায়বোৰ গাঁৱৰে নামঘৰত ভাদমাহত ওৰেটো মাহ নাম লোৱাৰ অনুশীলন একোটাও চলি থকা দেখা যায়৷ গাঁৱৰ মানুহৰ কিবা বিশেষ সমস্যা হ’লেও [সাধাৰণতে ইতিবাচকৰ পৰিৱৰ্তে নেতিবাচকৰ সংখ্যাই অধিক] নামঘৰতে আলোচনা-বিলোচনা কৰাও দেখা যায়৷
কিন্তু গুৰুজনাই নামঘৰক লৈ যিবোৰ সম্ভাৱনা দেখুৱাই থৈ গ’ল সেইবোৰৰ প্ৰায়বোৰেই সম্প্ৰতি অসমীয়াই এক প্ৰকাৰ ত্যাগ কৰা বুলিয়েই ক’ব পাৰি৷ আনহে নালাগে যিটো নামঘৰক একোখন গাঁৱৰ মানুহ এমুঠিক বান্ধি ৰখাৰ প্ৰতীক বুলি ভবা উচিত সেইটো নামঘৰকে সামান্য সামান্য কথাতে ভাগ ভাগ কৰি খেলৰ সৃষ্টি কৰাও দেখা যায়৷ এনে বহু গাঁৱৰ কথা আমি জানো যিবোৰত দুটা-তিনিটা খেলৰ সৃষ্টি কৰি নামঘৰটোক সম্পত্তিৰ নিচিনাকৈ দুদিনমান এটা খেলৰ অধিকাৰত, আন দুদিনমান আন এটা খেলৰ অধিকাৰত ৰখাৰো ব্যৱস্থা প্ৰচলিত হ’ল! সিমানতো সন্তুষ্ট নহ’লে একাধিক নামঘৰকে সাজি লোৱাৰ অনুশীলনো সম্প্ৰতি সুলভ হৈ পৰিছে৷ এইবোৰ বাৰু কেনে যুগধৰ্ম? আটাইতকৈ ডাঙৰ কথা, একোটা নামঘৰৰ একেখন চালিৰ তলতে যুগ যুগ বসবাস কৰা ককাই-ভাইবোৰে আজিকালি সামান্য কথাতে নামঘৰকে সলনি কৰি পেলাবলৈ লৈছে, নতুনকৈ নামঘৰ গঢ় দিবলৈ লৈছে৷ নামঘৰৰ আদৰ্শ কিন্তু এনেকুৱা কাহানিও নাছিল৷
যি সময়ত সত্ৰীয়া নৃত্যশৈলীক ৰাষ্ট্ৰীয় নৃত্যশৈলীৰ মৰ্যাদা দিয়া হ’ল সেই সময়ৰপৰাই অসমৰ নগৰবোৰত সত্ৰীয়া নৃত্যৰ লগতে খোল আদি বাদ্যৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সংখ্যা বাঢ়ি গ’ল৷ নগৰৰ ল’ৰা-ছোৱালীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি মঞ্চই মঞ্চই সত্ৰীয়া নৃত্য প্ৰদৰ্শন, ভাওনাৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন আদিক জীৱিকাৰ উপায় হিচাপেও আদৰি লৈছে৷ কিন্তু আমাৰ গাঁওসমূহত নামঘৰক কেন্দ্ৰ কৰি তেনে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব নোৱৰাটো নিশ্চিতভাৱে উদ্বেগজনক৷ একেদৰেই গাঁওসমূহৰ নামঘৰৰ আসন, গৰুড়ৰ মূৰ্তি, জয়-বিজয়ৰ মূৰ্তি আদি আজিকালি নগৰ অঞ্চলত থকা শিল্পীৰদ্বাৰা নিৰ্মাণ কৰোৱা হয়৷ ইয়াৰ তাৎপৰ্য কি? নিশ্চয় গাঁৱৰ মানুহৰ শিল্পবিমুখিতা৷ অৰ্থাৎ বছৰৰ পাছত বছৰ ধৰি আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলৈ ভাল পোৱা অসমীয়া জাতিৰ ‘টিপিকেল’ চৰিত্ৰটো আজিও আমি আমাৰ গাঁওসমূহত বৰ্তাই ৰাখিছোঁ৷ পিছে এই ‘টিপিকেল’ ‘জাতীয় চৰিত্ৰটোৱেই’ ক্ৰমে ক্ৰমে অসমীয়া জাতিসত্তাক মৃতপ্ৰায় কৰি আনিছে৷
গতিকে, ‘নামঘৰ’ৰ নিচিনা অতুলনীয় অমূল্য উপকৰণবিধ আমাক দি গুৰুজনাই যি আদৰ্শ দেখুৱাই থৈ গ’ল সেই আদৰ্শ যে আমি মানি চলিব পৰা নাই সি সত্য৷ প্ৰকৃততে সেই আদৰ্শত নতুন নতুন অনুষঙ্গ সংযোজন কৰি আমি তাৰ পৰিসৰ বৃদ্ধি কবিে পাবি লাগিছিল৷ গতিকে কথাবোৰ আকৌ এবাৰ গুৰিৰপৰাই ভাবিবৰ হ’ল৷ কাহানিও নোহোৱাতকৈ পলমকৈ হ’লেও হোৱা ভাল (Better late than never)৷
বিভিন্ন শক্তিয়ে সামাজিক স্তৰত ঘৃণা বিয়পোৱা বৰ্তমানৰ সময়ত অসমীয়া মানুহৰ স্বাভিমানস্বৰূপ নামঘৰে দিব পাৰে এক অতুলনীয় বক্তব্য– কবিৰত্ন নীলমণি ফুকনৰ ভাষাত–
‘... পৃথিৱীৰ আটাইবোৰ মানুহ মাতি আনি
একে ঠাইতে
যদি একেলগে থাকিব পাৰিলোঁহেঁতেন৷’