অন্যযুগ/


ৰূপহী কহিমা travelogue-angana-choudhury-september-2024

 অংগনা চৌধুৰী

 

নাগালেণ্ডলৈ এপাক যাবলৈ বহুদিনৰপৰাই মন গৈ আছিল৷ কহিমাই যেন হাতবাউল দি আমাক মাতিহে আছিল৷ সেয়ে এইবাৰ বেছি আগ-পাছ গুণি নাথাকি শনিবাৰৰ দুপৰীয়া এটিত ডিমাপুৰ অভিমুখী ৰেলগাড়ীত স্বামী আৰু পুত্ৰ সহিতে উঠি পৰিলোঁ৷ ৰেল যাত্ৰাৰ আকৌ মাদকতাই সুকীয়া৷ মাজে মজে টোপনিয়াই টোপনিয়াই মাজে মাজে আড্ডা মাৰি আইচক্ৰীম, পুৰি-চব্‌জি, বইল কণী, চাহ-কফি আদিৰ এফালৰ পৰা সোৱাদ লৈ লৈ ৰাতি আঠ বাজো বাজো হওঁতে আমি ডিমাপুৰ পালোঁগৈ৷ গুৱাহাটীৰ পৰাই আগতীয়াকৈ ‘একাচিয়া’ নামৰ হোটেল এখনত ৰূম বুক কৰি থৈছিলোঁ৷ সুন্দৰ চাফ-চিকুণ হোটেল আৰু তাতোকৈও সুবিধাজনক কথাটো হৈছে হোটেলখন ডিমাপুৰ ৰেল ষ্টেশ্বনৰ নিচেই কাষতে৷ হোটেলৰ পৰাই আমাক পাছদিনা কহিমালৈ যাবলৈ বুলি জাইল’ গাড়ী এখন ঠিক কৰি দিলে৷ নিশাৰ অহাৰ গ্ৰহণ কৰি আমি এঘাৰমান বজাত বিছনাত পৰিলোঁ৷ 

পুৱা টোপনিৰ আমেজকণ লৈ শুই থাকিবলৈ মন গৈছিল যদিও সমুখত দিনজোৰা ভ্ৰমণ সূচীখন পৰি আছে যেতিয়া শুই থাকিলেতো নহ’ব৷ সেই ভাবি প্ৰাতঃকৰ্ম সমাপ্ত কৰি হোটেলে কমপ্লিমেণ্টৰি ব্ৰেকফাষ্ট খাই আমি নমান বজাত কহিমালৈ ওলালোঁ৷ আমাৰ তালিকাত আছিল ডিমাপুৰত থকা কছাৰী ৰজাৰ স্থাপত্যৰ শেষ নিদৰ্শনটি চোৱা, তাৰ পাছত ৱাৰ চিমেটেৰি, কিছামা ভিলেজ আৰু কেথেড্ৰেল চোৱা৷ 

ভবামতেই কাম৷ হোটেলৰ পৰা অলপ দূৰ গৈয়ে উপস্থিত হ’লোঁ কছাৰী ৰজাৰ স্থাপত্য সংৰক্ষণৰ স্থানত৷ সোমাই পেলাই বৰ হতাশ হ’লোঁ৷ ইমান অমূল্য স্থাপত্য চিহ্ন ইমান অৱহেলিত হৈ পৰি আছে! ওখ ওখ ঘাঁহ বনেৰে চৌদিশ আগুৰি ধৰিছে৷ আমাৰ দেশত নহৈ বিদেশত হোৱা হ’লে কিমান যে আটোমটোকাৰিকৈ ৰাখিলেহেঁতেন! তথাপি ইমান দূৰৰ পৰা আহি আমি অন্ততঃ চাবলৈকে পালোঁ বুলি মনত সন্তুষ্টি লভি কহিমালৈ বুলি ৰাওনা হ’লোঁ৷ ৰাস্তা ভাল, বতৰো ভাল, তাতোকৈও ভাল ৰাস্তাৰ দুয়োকাষৰ প্ৰাকৃতিক সৌন্দৰ্য৷ ড্ৰাইভাৰ দাদাই ক’লে যে দেওবাৰে কহিমা যাত্ৰা কৰি বোলে আমি বৰ ভাল কাম কৰিছোঁ৷ নহ’লে বোলে সপ্তাহৰ বাকীকেইটা দিনত কহিমাত খুউব ট্ৰেফিক জাম হয়৷ কাৰণ ওপৰত বাট-পথবোৰ খুউব ঠেক আৰু ওখ চাপৰ৷ লগতে অ’ত-ত’ত লেণ্ডশ্লাইডো হৈয়ে থাকে৷ দেওবাৰে অফিচ-স্কুল আদি বন্ধ থাকে বাবে বাট-পথ মুকলি আৰু গাড়ী পাৰ্কিং কৰা ঠায়ো খালী থাকে৷

যিমানেই ওপৰলৈ গৈ থাকিলোঁ লাহে লাহে বাটটো ঠেক হ’বলৈ ধৰিলে আৰু বতৰটোও পাতলীয়াকৈ ঠাণ্ডা হ’বলৈ ধৰিলে৷ কিন্তু কিবা এটা ভাললগা ঠাণ্ডা৷ চুৱেটাৰ, জেকেট নালাগে; মাথো দেহা-মন জুৰ পেলোৱা শীতল বতাহ৷ 

ডিমাপুৰৰ পৰা কহিমা পাওঁতে প্ৰায় আঢ়ৈ ঘণ্টা মানেই লাগিল৷ প্ৰথমেই আমি ৱাৰ চিমেটেৰিলৈ গ’লোঁ৷ দ্বিতীয় বিশ্বযুদ্ধত নিহত দ্বিতীয় বৃটিছ ডিভিজনৰ এলাইড ফ’ৰ্চৰ সৈনিকসকলৰ ইয়াত সমাধি আছে৷ ১৯৪৬ চনত এই সমাধিক্ষেত্ৰ মুকলি কৰা হৈছিল৷ নানান ফুলেৰে  সুসজ্জিত আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন বিশাল সমাধিক্ষেত্ৰত সোমায়েই মনটো ভৰি পৰিল৷ তাত কত যে দূৰ-সুদূৰৰ বীৰ সৈনিকসকলৰ বীৰত্বৰ কাহিনী বিলীন হৈ আছে! যি শেষ সময়ত এবাৰো লগ নাপালে পৰিয়ালক, এবাৰো মাত নুশুনিলে পত্নী বা প্ৰেমিকাৰ! চুই চাব নোৱাৰিলে সন্তানক! বৰ দুখ লগা, বৰ কষ্টকৰ...! এই যুদ্ধ শব্দটোৱেই বৰ নিষ্ঠুৰ. শূন্যতাৰ বাহিৰে ই মানুহক আচলতে একোৱেই নিদিয়ে৷ কিছুপৰ ৱাৰ চিমেটেৰিতে আমি বহি থাকিলোঁ৷ তাৰপৰা গোটেই কহিমাখন এখন ছবিৰ দৰে দেখি৷ চিমেটেৰিৰ পৰা আমি ৰাওনা হ’লোঁ নগা হেৰিটেজ্‌ ভিলেজ্‌ কিছুমানলৈ৷ তাতেই প্ৰতি বছৰে হৰ্নবিল ফেষ্টিভেল অনুষ্ঠিত হয়৷ ই মূল চহৰৰ পৰা কেই কিলোমিটাৰমান আঁতৰত৷ বাটতে পালো লেণ্ডশ্লাইড৷ অৱশ্যে লাহে লাহে এখন এখনকৈ গাড়ী যাবলৈ অনুমতি দিছে৷ কিছামা ভিলেজত চৌদিশে নগাসকলৰ পৰম্পৰাগত শৈলীৰ ঘৰবোৰ সাজি থোৱা আছে৷ ধুনীয়া ধুনীয়া তোৰণ, অকণমানি এটি গীৰ্জা ঘৰ আৰু কিছুমান তেওঁলোকৰ নিজা শৈলীৰ স্থাপত্য৷ পৰিৱেশটো বেছ ভাল লগা৷ যিহেতু সেই সময়ত একো উৎসৱ চলি থকা নাছিল সেয়ে ভিলেজৰ ভিতৰত কোনো চাহ-কফি খাব পৰা দোকান-পোহাৰ নাছিল৷ হেৰিটেজ ভিলেজখন বহুদূৰলৈকে বিস্তৃত৷ যিখিনি পাৰোঁ আমি ঘূৰি-পকি চালোঁ৷ এটা কথাই বেয়া লাগিল, তাত যি ৰাজহুৱা প্ৰস্ৰাৱাগাৰ আছে তাৰ অৱস্থা ইমানেই শোচনীয় যে ভিতৰলৈ সোমোৱাৰ সাধ্য নাই৷ অকল বোলে হৰ্নবিল ফেষ্টিভেলৰ সময়তহে চৌহদটো ভালদৰে চাফ-চিকুণ কৰি সজাই-পৰাই থয়৷ কথাটো শুনি বেয়া লাগিল৷ তাৰ পৰা ওভতাৰ বাটত পুনৰ সেই লেণ্ডশ্লাইড হোৱা অংশটো  যেতিয়া পালোঁ, তেতিয়া আৰক্ষীয়ে আন এটা বাটেদি ওলাই যাবলৈ বুজাই দিলে৷ সেই বাটেদি গৈ আমি ‘নিৰামায়া ৰিট্ৰিট’ নামে বৰ ধুনীয়া ৰিজৰ্ট এখন পাই তাতেই দুপৰীয়াৰ আহাৰ খাবলৈ সোমালোঁ৷ তাত খুব তৃপ্তিৰে দুপৰীয়াৰ ভাতসাঁজ খালোঁ৷ ড্ৰাইভাৰদাদাকো জোৰকৈ আমাৰ লগতে খুৱালোঁ৷ গোটেই ৰিজৰ্টটো নগা পৰম্পৰাগত কাপোৰ আৰু কাঠ, বাঁহ আদিৰ পৰা তৈয়াৰী বস্তুৰে সুসজ্জিত৷ খোৱামেজৰ কাষত থকা খিৰিকীয়েদি পাহাৰ, একাবেকা পথ, ৰৎ-বিৰঙৰ ঘৰ, ওপৰৰ পৰা কল্‌কল্‌কৈ বৈ অহা পানীৰ মিহি স্ৰোত, মাজে মাজে ডাৱৰে ঢাকি ধৰা গছ-গছনিৰ যি মনোমোহা দৃশ্য দেখি সেই দৃশ্য চাই চাই আপোনপাহৰা হৈ পৰিছিলোঁ৷ 

তাৰপৰা আমি আহিলোঁ কহিমা কেথেড্ৰেল চাৰ্চলৈ৷ ১৯৮৯ চনতে ই স্থাপিত হৈছিল যদিও বেলেগ বেলেগ সময়ত ইয়াৰ সৌন্দৰ্যবৰ্ধন কৰি অহা হৈছে৷ মূল চাৰ্চটো আৰু চৌহদটো ইমান সুন্দৰকৈ সজোৱা হৈছে যে ঘণ্টাৰ পাছত ঘণ্টা তাত বহি থাকিব পাৰি৷ এই চাৰ্চটি ইয়াৰে মুখ্য পৰ্যটন স্থলী৷ চাৰিওফালে ফুলে-পাতে জাতিষ্কাৰ এক মন ভাল লগা পৰিৱেশ৷ 

ভালেখিনি সময় চাৰ্চত কটাই আমি লাহে লাহে উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ৷ ডিমাপুৰলৈ নামি আহি থাকোঁতে ছবিৰ দৰে কহিমাখন দূৰৈত এৰি থৈ অহাৰ দুখে থিতাপি ল’লেও অতদিনে নাগালেণ্ডলৈ আহিম বুলি ভাবি থকা ইচ্ছাটি যে পূৰণ হ’ল সেই কথাই আনন্দও দিলে অপৰিসীম৷ ৰাতিটো ডিমাপুৰত কটাই পাছদিনা দুপৰীয়া আমাৰ গুৱাহাটীলৈ যাত্ৰা কৰাৰ কথা৷ ডিমাপুৰ পোৱাৰ সময়ত জিৰ্‌জিৰ্‌কৈ দিয়া এজাক বৰষুণে আমাক আদৰিলে৷ ৰূমত গা-পা ধুই আজৰি হৈ হাতত গৰম গৰম কফি একাপ লৈ খিৰিকীৰে বাহিৰলৈ চাই চাই ভাবিলোঁ ডাৱৰৰ মাজত ওলমি থকা কহিমা নামৰ অকমাণি সৰগ এখনৰ পৰা আহিলোঁ আজি; এয়াওনো কম সুখৰ কথানে!   

          

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ