বেদান্ত নাথ
১
দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ৷ মণিপুৰৰ দুটামান কথাই মোক বৰকৈ আকর্ষণ কৰিছিল৷ শুধ বগা ধূতি-পাঞ্জাৱী পিন্ধা চন্দনৰ দীঘলকৈ ফোঁট লোৱা শান্ত-সৌম্য স্বভাৱৰ মণিপুৰী বৈষ্ণৱ আৰু পৰিপাটিকৈ ৰিহা- মেখেলা পিন্ধা ধুনীয়া মেইটেই মহিলাসকল৷ আনটো কথা আছিল বিধে বিধে সোৱাদ লগা মণিপুৰী খাদ্য সম্ভাৰ৷ মণিপুৰী আমিষ আৰু নিৰামিষ দুয়োবিধ আহাৰেই মোৰ প্ৰিয়৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ স্বাস্থ্যকৰ পৰিৱেশত কেইদিনমান থাকি অহাৰ এটা সুকীয়া আমেজ আছিল৷ ইম্ফলত ম্যানমাৰৰ পৰা অনা জোতাৰ এখন বজাৰ বহিছিল ৰাস্তাৰ দাঁতিত৷আনকমন ডিজাইনৰ কিন্তু পিন্ধিবলৈ বৰ আৰামদায়ক জোতা এযোৰ কিনিছিলোঁ৷ দীঘলীয়া সময় ধৰি বিচিত্ৰ জোতাযোৰ পিন্ধি ফুৰিছিলোঁ৷ কথাবোৰ পাগুলি থাকোতেই কৰ্কশ শব্দ কৰি বিমানখনে ইম্ফল বিমান বন্দৰত অৱতৰণ কৰিলে৷ নিৰ্দষ্ট বেল্টত লাগেজ সংগ্ৰহ কৰি উঠি অট’ এখন লৈ হোটেল অভিমুখে আগবাঢ়িলো৷ আজি আৰু কাম ক’ৰা নহব৷ ইতিমৈধ্যে তিনিটা বাজিল হোটেলত চেক্ইন কৰি, কোম্পানিৰ স্থানীয় কলিগজনক পাছদিনা পুৱাই আহিবলৈ জনাই ৰুমত সোমালোঁ৷
আগৰ হোৱা হ’লে এপাক ওলাই গ’লো হ’য় কিন্তু এতিয়াৰ কথা সুকীয়া৷ চহৰখনক এক চেঁপা
উত্তেজনাই আবৰি আছে৷ স্বাভাৱিক যেন দেখিলেও এতিয়া একোৱেই স্বভাৱিক নহয়৷ দোকান বজাৰত মানুহৰ সমাগম সেৰেঙা৷ ঠায়ে ঠায়ে অট্টালিকাৰ ভঙা কাঁচ,
পুৰি ছাঁই হোৱা গাড়ীৰ অৱশিষ্ট৷ আধা পোৰা ক’লা ৰং ধৰা ঘৰৰ বেৰ-চালবোৰে মণিপুৰৰ বৰ্বৰতাৰ
সাক্ষী হৈ থিয় দি আছে৷ মণিপুৰে মানৱ সভ্যতাক ভেঙুচালি কৰিছে৷ মণিপুৰে চিঞৰি চিঞৰি
মানৱ সভ্যতাক সকীয়াই দিছে, কিমান বৰ্বৰ হ’ব পাৰে মানুহ৷ জাতিৰ নামত, ঈশ্বৰৰ নামত, ৰাজনীতিৰ নামত মানুহে নিৰ্বিচাৰে
হত্যা কৰিব পাৰে মানুহক৷ জুইলৈ নিক্ষেপ কৰিব পাৰে শিশুক৷ ধৰ্ষণ কৰিব পাৰে৷ জ্বলাই
দিব পাৰে ঘৰবোৰ, স্কুলবোৰ৷ উলংগ কৰি সমদলত ঠিয় কৰাব পাৰে নাৰীক৷ মানুহ হ’ব পাৰে
অমানুহ৷ মানুহেই হৈ উঠিব পাৰে মানৱতাৰ প্ৰধান শত্ৰু৷
মণিপুৰত উপস্থিত
হৈ প্ৰথমটো সমস্যা হ’ল ইণ্টাৰনেট এতিয়াও উপলব্ধ হোৱা নাই৷ হোটেলৰ ৱাই-ফাই বৰ
শ্ল’ হঠাৎ বাহিৰৰ পৃথিৱীখনৰ পৰা সম্পূ্ৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিলোঁ৷ আবেলিৰে পৰা আৱদ্ধ
হৈ পৰা হোটেলৰ কোঠাত হাঁড় কঁপোৱা শীতে নিঃসঙ্গ ৰাতিটো আৰু দীঘল কৰি আনিলে৷
হাতত সময় কম, কাম বেছি৷ দুদিনৰ ভিতৰতে সম্ভৱপৰ দৰকাৰী সকলোকে লগ ধৰি মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত এটা ৰিপ’ৰ্ট প্ৰস্তুত কৰি মুম্বাইলৈ উৰা মাৰিব লাগিব৷ কোম্পানিৰ উৰ্দ্ধতন কৰ্তৃপক্ষই মণিপুৰৰ শেহতীয়া পৰিৱেশ-পৰিস্থিতিৰ সবিশেষ দাঙি ধৰাৰ নিৰ্দেশ দিছে৷ তাৰ ওপৰতে ভিত্তি কৰি কোম্পানিৰ পৰৱৰ্তী ষ্ট্ৰেটেজী নিৰ্ণয় হ’ব৷ বৰ্তমান মণিপুৰত কোম্পানীৰ অৱস্থা শোচনীয়৷ কলিগজনো যথেষ্ট ডিম’টিভেটেড হৈ আছে৷ বহুদিনৰ পিছত মোক দেখা পাই অলপ সকাহ পোৱাৰ দৰে লাগিল, কিজানিবা মই তেওঁৰ বাবে কিবা অলপ কৰি থৈ যাবই পাৰো!
এক তীব্ৰ চাপ আনুভৱ কৰিলোঁ আগতে কেতিয়াও নকৰা৷ ইফালে চূড়াচান্দপুৰ, উখৰূলৰ দৰে আউট ষ্টেশ্বন ইম্ফলৰ পৰা বিচ্ছিন্ন হৈ পৰিছে৷ কুকি অধ্যুষিত এলেকাত মেইটেই সকলৰ প্ৰৱেশ নিষিদ্ধ৷ দেখা মাত্ৰেই হত্যা কৰিব৷ কুকিসকল ইম্ফললৈ আহিব নোৱাৰে৷ নিতৌ চহৰৰ বাহিৰত দুই ফৈদৰ সীমান্তত মানুহ মৰিব লাগিছে৷ নিতৌ ফায়াৰিং৷ ইম্ফলবাসীৰ পৰিধি এতিয়া চল্লিছ কিল’মিটাৰৰ ভিতৰতে সীমাৱদ্ধ৷ দোকান, বজাৰ হোটেল, ৰেস্টোৰাঁ, ম’ল, চিনেমা হ’ল, হস্পিতাল সকলো খালী৷ এনে অৱস্থাত কিমান দিনলৈ ব্যৱসায় অস্থিৰ হৈ থাকিব তাৰ কোনো নিশ্চয়তা নাই৷ দুখ আৰু হতাশাৰ চাদৰ এখনে মণিপুৰক মেৰিয়াই লৈছে৷ ইয়াৰ অৱসান কেতিয়া হ’ব কোনেও নাজানে৷ কিছুদিন আগত মুম্বাইত আমি থকা হোটেলখনত কৰ্মৰত কুকি ল’ৰা এজনক লগ পাইছিলো৷ মণিপুৰৰ কথা কৈ তাৰ চকু দুটা সেমেকি উঠিছিল৷ মণিপুৰ মানৱ সভ্যতাৰ ইতিহাসত এটুকুৰা ক’লা দাগ হৈ থাকি যাব চিৰদিনলৈ৷
যিমান দূৰ সম্ভৱ
কামখিনি শেষ কৰি উভতি অহাৰ চিন্তা কৰিছো, তেনেকুৱাতে কোনোকালে নঘটা কাণ্ড এটা ঘটি
গ’ল মোৰ লগত৷ ধামখুমীয়াৰ মাজতে গুৱাহাটী অভিমুখী বিমানখনৰ সময় সূচীটো মই আগদিনাই
ভুলকৈ চাই থ’লো৷ বিমান বন্দৰ পোৱালৈ দুপৰীয়া দুই বজাৰ গুৱাহাটী বাংগালোৰ অভিমুখী ইনডিগ’ বিমানখন ইতিমধ্য উৰা মাৰিছে৷
এতিয়া সন্ধ্যাৰ একমাত্ৰ এয়াৰ এচিয়া বিমানখনেই শেষ ভৰষা৷ সন্ধ্যাৰ বিমানখনৰ টিকট
এটা কাটিবলৈ দি গধুৰ মন এটাৰে বিমান
বন্দৰতে অপেক্ষা কৰিলো৷
২.
মণিপুৰলৈ কিছু পৰিমানে শান্তি আহিছে৷ কুকিসকল ইম্ফল এৰি গুচি গৈছে৷ মেইটেইসকলে ভৈয়ামত আৰু কুকিসকলে পাহৰত নিজৰ সীমা নিৰ্ধাৰণ কৰি লৈছে৷ ৰাজ্যখনক দুভাগ কৰি সীমান্তত দুই জনগোষ্ঠীয়ে অতীন্দ্ৰ প্ৰহৰী হৈ থিয় হৈ আছে৷ কোনো বিদেশী শত্ৰুৰ বিৰুদ্ধে নহয়৷ নিজৰেই জনগোষ্ঠীয় ভাই-ভনীৰ বিৰুদ্ধে৷
মণিপুৰী সকলৰ পৰস্পৰৰ প্ৰতি সৃষ্টি হোৱা ঘৃণা বুকুৰ ইমান গভীৰলৈ শিপাইছে যে এশ বছৰেও যে ইয়াৰ
নিবৃত্তি হ’ব তাক লৈ সন্দেহ আছে৷ কুকিসকল মিজোসকলৰ সমগোষ্ঠীয় হোৱাত ব্যৱসায়িকভাৱে
কুকিসকলে আইজলৰ লগত সম্পৰ্ক স্থাপন কৰাটোৱে ইম্ফলৰ অৰ্থনীতিত প্ৰচুৰ ক্ষতি কৰিছে৷ আমি
আকৌ প্ৰায় নিয়মীয়াকৈ ইম্ফললৈ যাবলৈ লৈছোঁ৷ এতিয়া ইম্ফলক বিষাদৰ চাদৰ এখনে অনবৰতে
মেৰিয়াই ৰাখে৷ শুধ বগা সাজযোৰ আৰু চন্দনৰ দীঘল ফোঁটটোৱেও মেইটেইসকলৰ মুখৰ ক’লা ডাৱৰ চপৰাক লুকুৱাই ৰাখিব নোৱাৰে৷ মাজে মাজে
অস্থিৰ সময়ৰ দুই-এটা ৰহস্য হঠাতে আন্ধাৰ ফালি ওলাই আহে৷ তেতিয়া চহৰখন পুনৰ অশান্ত
হৈ উঠে৷ ইণ্টাৰনেট কৰ্তন হ’য়৷ ৰাস্তাবোৰ নিজম পৰে৷ কেম’ফ্লেজ পিন্ধা জোৱানবোৰে ফ্লেগমাৰ্চ
কৰে৷ গোটেই চহৰখন কেইবাদিনলৈ কাৰ্ফিউৰ আন্ধাৰত ডুব যায়৷ কুকিসকলৰ মাজেদি ইম্ফললৈ
সামগ্ৰী কঢ়িওৱা ৰাস্তা বন্ধ হৈ যায়৷ ইম্ফল অভিমূখী ট্ৰাকবোৰে ৰাস্তাত শাৰী পাতে৷
মুহূৰ্ততে স্থবিৰ হৈ পৰে সময়৷
অস্থিৰতাৰ আন্ধাৰ
ফালি জীৱন আৰু জীৱিকাৰ তাড়নাত চহৰখন পুনৰ স্বাভাৱিক হ’বলৈ চেষ্টা
কৰে৷ তাৰ মাজতে চলি থাকে প্ৰেম-বিবাহ৷ মৈথুন৷ ঈশ্বৰৰ উপাসনা...
ভাষণ৷ নিৰ্বাচন৷ উন্নয়নৰ ইস্তাহাৰ ...
মেইটেইসকলৰ বুকুত তৰপে তৰপে জমা হ’য় ক্ষোভ৷ ৰাজনীতিৰ চক্ৰবূহ্যত সৰল মণিপুৰীসকল বিপৰ্যস্ত৷ মেইটেইসকলে এতিয়া যুদ্ধ নিবিচাৰে৷ মণিপুৰলৈ শান্তি আহক৷ পুৱা-দুপৰীয়া কীৰ্তনৰ ধ্বনিৰে ইম্ফলৰ আকাশ আকৌ মুখৰ হওক৷ বিষাদৰ ডাৱৰ আতৰাই চাংঙ্গাই উৎসৱত মণিপুৰে প্ৰাণঢালি নাচক৷ কিন্তু শান্তি জানো ইমান সহজ৷ সুবিধা পালেই পাহাৰীয়া কুকিসকলে ভৈয়ামৰ মেইটেইসকলক আক্ৰমণ কৰিবলৈ নেৰে৷ সীমান্তৰ সিপাৰৰ পৰা শত্ৰু ৰাষ্ট্ৰৰ অহৰহ উচটনি৷ শাসকসকলৰ নিস্পৃহতা৷ হিমালয় সদৃশ ঘৃণা আৰু অবিশ্বাসে মণিপুৰক শান্তিৰ পথৰ পৰা শ শ যোজন দূৰলৈ লৈ গৈছে৷
কেইদিনমানৰ পৰা ইম্ফল পুনৰ অশান্ত হৈ উঠিছে৷ জাকে জাকে মানুহবোৰ ৰাস্তালৈ ওলাই আহিছে৷ প্ৰতিবাদত ইম্ফলৰ আকাশ-বতাহ আলোড়িত হৈ উঠিছে৷ ক্ষোভিত মানুহবোৰ দল বান্ধি সচিবালয়ৰ ফালে আগবাঢ়ি গৈছে৷ লাঠি চাৰ্জ, কন্দুৱা গেছ, পানী হিলৈ...
আকৌ ৰাস্তাবোৰ নিজম পৰিছে৷ ইণ্টাৰনেট কৰ্তন হৈছে৷ কেম’ফ্লেজ পিন্ধা জোৱানবোৰ ৰাস্তাত
ঘূৰি ফুৰিছে৷ ইম্ফল অভিমুখী ট্ৰাকবোৰ স্থবিৰ হৈছে৷ কাৰ্ফিউৰ আন্ধাৰত চহৰখন পুনৰ ডুব গৈছে...
ঠিকনা :
জালুকবাৰী
ভ্ৰাম্যভাষ : ৭০৯৯০০৬৬৯২