তপন কুমাৰ শৰ্মা
(৪)
এসময়ত এখন দেশত...
২১ বছৰীয়া যুৱক ভান-বা নামৰ যুৱক আছিল।
তেওঁ ছাইগন বন্দৰত থকা ফৰাচী জাহাজ এখনৰ ৰান্ধনিশালৰ লগুৱা হিচাপে খাটিবলৈ আৱেদন
কৰিলে। জাহাজখনৰ নাম এডমিৰেল-ডে-লাটউচ-ট্ৰেভিলে। জাহাজখনে ১৯১১ চনৰ ৫ জুনত যাত্ৰা
আৰম্ভ কৰিলে, এমাহৰ পাছত ফৰাচী বন্দৰ মাৰ্চেলিত জাহাজখন চাপিল, এইটো দক্ষিণ ফৰাচীৰ বন্দৰ। জাহাজ এইবাৰ ভূমধ্য সাগৰেদি জিব্ৰাইল্টৰ
প্ৰণালী হৈ ফৰাছী
হাৰ্ভে বন্দৰ পালেগৈ, তাৰপৰা আৰু উত্তৰলৈ আগুৱাই শেষ ফৰাচী
বন্দৰ ডুনক্ৰিকত জাহাজ ৰ’লগৈ। সময় ছেপ্তেম্বৰ। তাৰপাছত!
যুৱকজনে ১৯১১ চনৰ পৰা ১৯১৭ চনৰ জাহাজে জাহাজে পৃথিৱীৰ বহু দেশ ঘূৰিলে, এচিয়া, ইউৰোপ আৰু আমেৰিকা।…
নিদ্ৰা দেৱীৰ কোলাত ঢলি পৰিলোঁ।
…
“টুং... টুং...টুং...”- সুন্দৰ পিয়ানোৰ শব্দত সাৰ পালোঁ, ‘মোজাৰ্ট ছ’নাটা’ৰ শব্দ।
পুৱা ৬ বাজিছে, ভাম্যভাষটোৰ পৰা ভাহি অহা সংগীতৰ শব্দত সাৰ পালোঁ, এইটো মই ম’বাইলত দি থোৱা সংগীত। জাঁপ মাৰি শেতেলিৰ পৰা নামিলোঁ।
হাতত কেৱল ডেৰ ঘণ্টা সময় আছে, ম’বাইলটো প্লাগত লগালোঁ, পানী এঢোক খাই, ইলেক্ট্ৰিক কেটলিটো অন্ কৰিলোঁ, কফি একাপ খাব লাগিব, তপত কিবা এটা পেটত পৰিলেহে প্ৰাতঃকৃত সম্পন্ন হ’ব! পানী গৰম হয় মানে গা-ধোৱা কোঠাৰ ‘গিজাৰ’টো অন কৰি দিলোঁ।
খৰধৰ কৰাৰ কাৰণ হ’ল ৭-৩০ বজাত মিন আহিব, তাৰ আগতে ওলাই মেলি অভ্যৰ্থনা
কক্ষত গৈ হোটেলৰ বিল আদি পৰিশোধ কৰি ল’ব লাগিব।
মিনৰ লগত গৈ আজি হো-চি-মিনক লগ ধৰিম। মিন
জীৱন্ত, আনহাতে হো-চি-মিন মামী হৈ এটি গ্লাছৰ কফিনত সোমাই আছে,
তেওঁকে চাবলৈ যাম, হো-দাইতিৰ সমাধি চাবলৈ যাম।
নৱম মহলাৰ পৰা প্ৰথম মহলালৈ নামিলোঁ, তাতে
অভ্যৰ্থনা কক্ষ।
তাত কোনো নাই, উচপিচাই
আছোঁ, গ্লাছৰ মাজেদি তলৰ আলিবাটলৈ চাইছোঁ, যি কোনো মুহূৰ্তত মিন আহিব। উচপিচাই থকাৰ আৰু এটা কাৰণ, তাই যদি কথা দি নাহে কি হ’ব! আমি আধুনিক মানুহ,
অতি-যান্ত্ৰিক যুগৰ মানুহ, উৎকণ্ঠা, দুঃচিন্তা আমাৰ চিৰসংগী। আমি হো-চি-মিনৰ কবৰ চাই বাহিৰে বাহিৰে বিমান বন্দৰলৈ
যাম। বিমানলৈ পলম কৰিব নোৱাৰোঁ।
ৰিচেপশ্বনত মোৰ এখুন্দা
লাগিল। মানুহজন আহিল, ডেকা ল’ৰা,
দেখাই শুনাই ভাল, মৰম লগা। কালি ৰূমৰ ভাৰা
৩২ ডলাৰৰ ঠাইত খুচুৰা নোহোৱাৰ বাবে ৪০ ডলাৰ দিলোঁ, সি ক’লে- ‘হ’ব, খুচৰা নাই, কাইলৈ চেক-আউট’ৰ
সময়ত ল’বি।’ কোনো কথা নাই।
এতিয়া সি ৮ ডলাৰ ঘূৰাই নিদিয়ে, কিয় নিদিয়ে তাকো নকয়, মোৰ খোৱা-বোৱা আদিত অতিৰিক্ত খৰচো হোৱা নাই, বাহিৰতে খাইছোঁ। অনুনয় বিনয় কৰিলোঁ, নুশুনে, নামানে। ‘ৰ’বি অলপ’ বুলি সি ওপৰ মহলালৈ গৈ নোহোৱা হ’ল। উচপিচাই আছোঁ, ৫-৭ মিনিটৰ পাছত আকৌ আহিল, এইবাৰো পইচা ঘূৰাই নিদিওঁ বুলি কয়, কাৰণ নাই।
তেনেতে মেছেজ আহিল, মিনৰ মেছেজ- “গুড মৰ্নিং ডিয়েৰ, উই গ’ টু ভিজিট হো-চি-মিন দেন গ’ টু এয়াৰপ’ৰ্ট এণ্ড নট বেক টু হোটেল।” ৰক্ষা! মিন আহিব, তাই কৰ্মসূচীটো বুজি পাইছে, মই তাৰমানে কালি ভালকৈ বুজাইছিলোঁ! কিন্তু এই কুৱানটো, সি এৰি নিদিয়ে, মই ৮ ডলাৰ এৰি গুচি যাব পাৰোঁ, কিন্তু হাৰিম কিয়? তাক সীমাৰ ভিতৰত থাকি ধমকিও দিলোঁ, পৰৰ দেশত আছোঁ, সীমা পাৰ হ’ব নোৱাৰোঁ। সি ওপৰলৈ যাওঁতে গম পাইছিলোঁ যে ৰূমটো চাই কিবা নষ্ট কৰিছোঁ নেকি চাব, গিলাছ আদি ভাগিছে নেকি, একো নাপালে। কিয় নিদিবি বুলি ধমক লগাওঁতে সি ম’বাইলত ফটো উলিয়ালে, ৰূমৰ ফোনটো দাঙি থোৱা ফটো দেখুৱালে, আৰু মই কফি খাই এৰি অহা গিলাছ দেখুৱালে। সি জানে মই ফোন ব্যৱহাৰ কৰা নাই, কাৰণ কৰিলে ছিষ্টেমত ৰেক’ৰ্ড হৈ থাকিব, আনহাতে ৰূমত কফিখিনি কম্পিমেণ্টৰি হিচাপে খাবলৈ থোৱা আছিল, সিও জানে, তথাপিও অজুহাত উলিয়াইছে, বদমাচি কৰিছে। আকৌ ধমকি দিলোঁ।
তেনেতে তলৰ আলিবাটত দেখিলোঁ- মিন
পাইছেহি। উশাহ ল’লোঁ।
“হ’ব, সোনকালে দিয়াঁ, মোৰ বাবে
বাইক আহি ৰৈ আছে।”- আকৌ ৰূঢ় কণ্ঠৰে ক’লোঁ।
সি অলৰ-অচৰ।
শেষত মই প্ৰস্তাৱ দিলোঁ- “হ’ব, ৮ ডলাৰৰ ঠাইত ৫ ডলাৰেই দে”।
এইবাৰ সি মান্তি হ’ল। ৫
ডলাৰ লৈ একে জাঁপে তল পালোহি।
মন কৰিলোঁ, তাই
কালিৰ দৰে উইন-চেটাৰ সদৃশ আঙুলিলৈকে দীঘল চোলাটো পিন্ধা নাই, তাৰ বদলি ‘অডিডাছ’ৰ বগা চুটি
হাতৰ গেঞ্জী পিন্ধিছে।
“চাও বুই চাং”
(Chào buổi sáng)- মিনে
হাঁহি মুখেৰে সম্ভাষণ জনালে, মই মন্ত্ৰ মতাদি মাতিলোঁ-
“চাও বুই চাং”। কালি তাই মোক শিকাইছিল,
অৰ্থ- “সুপ্ৰভাত”; তাই
মোৰ স্মৃতিও পৰীক্ষা কৰিলে, লগতে ভাষাটোও অলপ উন্নত কৰাবলৈ
যত্ন কৰিলে।
“পুৱাৰ জলপান কৰিলি?”
“নাই কৰা, ব’ল এতিয়া, প্ৰথমে ‘বাক-হো’ৰ সমাধি চাম, তাৰ পাছত বিমান বন্দৰলৈ যোৱা পথত ক’ৰবাত সুমুৱাই দিবি, একেলগে ভিয়েটনামী জলপান কৰিম।” হো-চি-মিনক মিনহঁতে বাক-হো বুলি কয়, মানে হো-দদাইদেউ, হো-খুৰা।
‘‘ও…”- কথা কৈ থাকোঁতে তাই মোক হেলমেটটো পিন্ধালে- “ব’ল।”
স্কুটী চলিবলৈ আৰম্ভ কৰিলে, লক্ষ্যস্থান
বাহ-দিন-স্কোৱাৰ। হানয় যিখন জিলাত অৱস্থিত সেইখনৰ নাম বাহ-দিন। বাহ-দিন-স্কোৱাৰ
হানয়ৰ কেন্দ্ৰস্থল, এইটো বৃহৎ চৌহদ এটা, এই চৌহদৰ ভিতৰত কেইবাটাও উল্লেখযোগ্য স্মাৰক আছে, তাৰে
এটা হো-চি-মিন মৌচেলিয়াম বা সমাধি; মৌচেলিয়াম মানে সমাধি-সৌধ,
সমাধিৰ ওপৰত সজা ঘৰ একোটা, আজিৰ এই মৌচেলিয়ামৰ
ভিতৰত এটি কাঁচৰ ঘৰত/কফিনত হো-দদাইদেউ শুই আছে, দেহটো
বৈজ্ঞানিক পদ্ধতিত সুন্দৰকৈ সংৰক্ষণ কৰা আছে।
স্কুটাৰ পাৰ্কিং এলেকাত আমাৰ স্কুটী ৰ’ল,
পাৰ্কিঙৰ কাগজ এখন সংগ্ৰহ কৰি আমি মূল প্ৰৱেশদ্বাৰৰ ফালে খোজ ল’লোঁ। প্ৰৱেশ মূল্য নাই। মোৰ লগে লগে মিনো গ’ল।
এইটো বৃহৎ চৌহদ, সোমায়েই
বাঁওহাতে এটি যাদুঘৰ, আৰু সামান্য আগুৱাই সমাধি ঘৰটো,
ওখ আৰু বৃহৎ, চৌহদৰ বাহিৰৰ বহু দূৰৰ পৰা চকুত
পৰে। তাৰ পাছত আগুৱাই গ’লে ফৰাচী গৱৰ্নৰ
জেনেৰেল থকা, ফৰাচী আৰ্হিৰ সোণালী ৰঙৰ ঘৰটো, আৰু আছে, হো-চি-মিনে পাছলৈ নিজে থাকিবলৈ ব্যৱহাৰ কৰা
চাংঘৰটো, অফিচ ঘৰ, নিজে ব্যৱহাৰ কৰা
পুৰণা গাড়ীবোৰ, ফলমূলৰ বাগিচা ইত্যাদি।
চৌহদৰ বিশাল পকা চোতালেদি আগবাঢ়িছোঁ, কাষে কাষে মিন, আৰু আছে অন্যান্য পৰ্যটক। সমাধি-ঘৰটোৰ সমুখ পোৱাৰ লগে লগে মিনে মোৰ ম’বাইলটো মোৰ হাতৰ পৰা ল’লে, চকুৰে ইংগিতত ক’লে- “যা সমুখলৈ থিয় হ, ফটো তুলি দিওঁ।” দুখনমান ফটো উঠিলোঁ।
পুৱা ৮-০০ মান বাজিছে।
সময়টো ভাল- কিয়নো ভিতৰলৈ গৈ হো-চি-মিনৰ
সংৰক্ষিত দেহটো চোৱাৰ সময় পুৱা ৭-৩০ বজাৰ পৰা পুৱা ১০-৩০ বজালৈ, সোম আৰু শুকুৰবাৰে বন্ধ; আজি বুধবাৰ।
(কাঁচৰ ঘৰত হো-চি-মিন, অনন্তশয্যাত।) |
“বল, ভিতৰলৈ যাওঁ, হো-দদাইদেউক চাই আহোঁ।”- মিনক ক’লোঁ।
তাই ক’লে- “দেখা নাই, ভিতৰলৈ কোনো যোৱা নাই, বৰ্তমান দৰ্শন বন্ধ।”
সময়টো বেয়া- গম পালো যোৱা বহু মাহ ধৰি
মেৰামতিৰ বাবে ভিতৰলৈ গৈ কাঁচৰ কফিনত শুই থকা হো-চি-মিনক দৰ্শন বন্ধ কৰি ৰখা হৈছে।
হতাশ হ’লোঁ। দুৰ্ভগীয়া। জুলাই ২০১৮ চনত টিয়ানমেন স্কোৱাৰলৈ যাওঁতেও,
অনুৰূপ কাৰণত কফিনত আৱদ্ধ মাও-জে-দুঙৰ কাষ পায়ো দৰ্শন কৰিব
নোৱাৰিলোঁ। ২০১২ চনৰ জুলাইত ৱেষ্টমিনষ্টাৰ এৱেত উপস্থিত হৈও আইজাক নিউটনৰ কবৰটো
দৰ্শন কৰিব নোৱাৰিলোঁ, কাৰণ একেই মেৰামতিৰ বাবে বন্ধ;
জুলাই মোৰ বাবে আহুকলীয়া মাহ! ওহোঁ, জুলাইত মই
বহু ভাল কামো কৰিছোঁ।
…..
পুনৰ মিনৰ নিৰ্দেশত সমুখলৈ খোজ ল’লোঁ;
সমানে খোজৰ তালে তালে কথোপকথন, তায়ে আৰম্ভ
কৰিলে- “দদাইদেউ-হো ঢুকাইছিল ১৯৬৯ চনৰ ২ ছেপ্টেম্বৰত, তাৰ ঠিক ২৪ বছৰৰ আগতে, একেটা
দিনতে, ১৯৪৫ চনৰ ২ ছেপ্টেম্বৰত তেখেতে
স্বাধীনতা ঘোষণা কৰি ঠিক এই ঠাইৰ পৰাই, বাহ-দিন-স্কোৱাৰৰ পৰা
ভাষণ দিছিল। উদাত্ত কণ্ঠত নিগৰিত হৈছিল- ‘সকলো মানুহ জন্মতে সমান: সৃষ্টিকৰ্তাই আমাক অলংঘনীয়
অধিকাৰ দিছে, জীৱন নিৰ্বাহৰ অধিকাৰ, স্বাধীনতা
লাভৰ অধিকাৰ আৰু সুখভোগৰ অধিকাৰ দিছে!” (All men are born equal: the
Creator has given us inviolable rights, life, liberty, and happiness!)”
“আৰু তেখেতৰ জন্ম?”-
মোৰ প্ৰশ্নত তাই ভাৱলেশহীনভাৱে কিছু সময় ৰ’ল,
কেই ছেকেণ্ডমান, তাৰ পাছত ক’লে- “আনুষ্ঠানিকভাৱে স্বীকৃত জন্মদিন ১৯ মে’ ১৮৯০ চন; কিন্তু অন্য কেইটিমান উৎসত জন্ম চন ১৮৯১,
৯২, ৯৩, ৯৪ আনকি ১৮৯৫
চনো উল্লেখ আছে।”
অলপ ৰৈ আকৌ ক’লে- “মানুহজনেই
ৰহস্যময়, দেৱতুল্য।” ক্ষন্তেক ৰৈ-
“তই জাননে হো-চি-মিন তেওঁৰ জন্ম নাম নহয়, এইটো
নাম ৫০ বছৰ পাৰ হোৱাৰ পাছত পুনৰ ভিয়েটনামলৈ অহাৰ সময়ত লোৱা নাম, জগতে আজি তেওঁক এই নামেৰেই জানে; এই নাম লোৱাৰ আগতে
তেওঁৰ কেইবা কুৰিমান নাম আছিল...”
তাইক শেষ কৰিবলৈ নিদি মই ক’লোঁ- “কালি ৰাতি মই হো-চি-মিনৰ কাহিনী পঢ়ি পঢ়িয়েই টোপনি গ’লোঁ। তেওঁৰ জন্ম নাম ঙুয়েন-ছিন-চু নহয় জানো, ২১ বছৰ বয়সত, ১৯১১ চনত ফৰাচী জাহাজত কুলি হিচাপে গুচি গৈছিল, জাহাজে জাহাজে পৃথিৱীৰ বহু দেশ ঘূৰিলে, বহু নাম ল’লে। এই সময়ছোৱাত তেওঁ বোলে আমেৰিকালৈও গৈছিল, যিটো কথা জীৱনীকাৰসকলে নাজানিছিল, কোনো ক্লু নাছিল। শেষত তেওঁৰ এখন চিঠিত উল্লেখ থকাৰ বাবে কথাটো পোহৰলৈ আহে।”
হো-চি-মিনৰ জন্মৰ সময়ত দিয়া নাম
ঙুয়েন-ছিন-চু, অন্যান্য নাম কেইটিমান ঙুয়েন-তাত-থান, লিন, ট্ৰান, ঙুয়েন-আই-কুক,
ওৱাং, বা, হং-কুক,
টুৱান।
আমাৰ বাবে পৰিচিত, আজিৰ
বিশ্বৰ বাবে পৰিচিত নাম হো-চি-মিন সৌ সিদিনা ১৯৪১-৪২ চনত লোৱা নাম, তেখেতৰ ৫২ বছৰ বয়সত ঠিক কৰা নাম!
বহু দেশত বহু সময়ত, বহু
ঘটনাক্ৰমত উক্ত নামবোৰ ব্যৱহাৰ কৰিছিল; সেয়েহে প্ৰত্যেকটো
নামে এক দীঘলীয়া ইতিহাস কয়।
লণ্ডনত মানুহজনৰ নাম আছিল
ঙুয়েন-তাত-থান। পেৰিছত তেওঁ সুকীয়া নাম আছিল, তাত ৬ বছৰ থাকিল,
তেতিয়াই ফৰাচী কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শলৈ আহিল, নাম হৈছিল ঙুয়েন-আই-কুৱক, অনুবাদ কৰিলে অৰ্থটো হ’ব ‘দেশভক্ত ঙুয়েন’। পেৰিছত কমিউনিষ্ট পাৰ্টিত যোগদান কৰি মস্কো পালেগৈ ১৯২৪ চনত, মস্কোত
নাম ল’লে ‘কমৰেড লিন’… তালিকাখন দীঘলীয়া।
“ৰ, মই কওঁ…”- এইবাৰে মিনে মুখ মেলিলে- “সেই ২১ বছৰীয়া ল’ৰাজনে জাহাজত ভিয়েটনাম এৰাৰ পাছত
ইউৰোপ আমেৰিকা ঘূৰি ১৭ বছৰৰ পাছত থাইলেণ্ড পালেহি, মোৰ যদি
ঠিকেই মনত আছে, ১৯২৮ চনৰ জুলাইত বেংকক পায়হি, তাৰপৰা উত্তৰ থাইলেণ্ডত গৈ ভিয়েটনামী লোকসকলক সংগঠিত কৰে, ফৰাচী উপনিৱেশৰ বিৰুদ্ধে যুঁজিবৰ বাবে সাজু কৰে। মই ক’ব খোজা কথাটো হ’ল, সেই
সময়ছোৱাত হো-খুৰা বৌদ্ধ সন্যাসীৰ ৰূপত আছিল, টকলামূৰীয়া আৰু
গাত গেৰুৱা পোছাক, আৰু নাম লৈছিল থাও-চিন।
(উত্তৰ থাইলেণ্ডৰ ফিচিট প্ৰদেশৰ বনদং, ফটো- ভিয়েটনাম নিউজ এজেঞ্চি।) |
বৰ্তমান থাইলেণ্ডত থকা ভিয়টনামীসকলে হো-চি-মিন থকা ঠাইখিনি সংৰক্ষণ কৰিছে, ই পৰ্যটকৰ ঠাই।”
“ৰ, কালি ৰাতি এইবোৰেই পঢ়ি আছিলোঁ...”- মিনৰ পৰা কাঢ়ি মই
আৰম্ভ কৰিলোঁ- “১৯২৯
চনত হো থাইলেণ্ডৰ পৰা হংকং পালেহি, তাতে কমিউনিষ্টসকলক একগোট
কৰিবলৈ যত্ন কৰিলে, আৰু ইন্দোচীন কমিউনিষ্ট পাৰ্টি গঠন কৰিলে। তই জানই যে ‘ভিয়েটনাম-কাম্বোচিয়া-লাওচ’ক একত্ৰে ইন্দোচীন বুলি ফৰাচীসকলে শাসন কৰিছিল। মজাৰ কথাটো হ’ল- সেই সময়ত ফৰাচী শাসকে হো-ক তেওঁৰ অবৰ্তমানতে মৃত্যুদণ্ড ঘোষণা কৰে। হংকং
তেতিয়া ব্ৰিটিছৰ অধীন, হো-ক গ্ৰেপ্তাৰ কৰা হ’ল। মই দুই ধৰণেৰে পঢ়িলোঁ। (১) হোৱে বন্দীশালৰ
ৰখীয়াক ফুচুলাই জেলৰ পৰা পলাল, ৰখীয়াক কোৱা হ’ল- মই যোৱাৰ পাছত মই মৰিলোঁ বুলি জনাই দিবা। (২) হংকঙত তেওঁক ছমাহৰ বাবে
বন্দী কৰিছিল, ব্ৰিটিছ উকীল এজনে তেওঁৰ হৈ ওকালতি কৰি কৈছিল
যে হো-ক দেশান্তৰ কৰিব পাৰি। তেওঁৰ বিশেষ একো অপৰাধ নোপোৱাৰ কাৰণে শাস্তিও দিব পৰা
নাছিল, আনহাতে তেওঁক তেওঁৰ অভাৱনীয় জনপ্ৰিয়তাৰ বাবে এৰি
দিবলৈও মন কৰা নাছিল। শেষত সিদ্ধান্ত হ’ল হো-ক এৰি দিয়া যাব
আৰু তেওঁ ইচ্ছা কৰা দেশ এখনলৈ যাব পাৰিব। মুক্তি পোৱাৰ পাছত ব্যৱসায়ীৰ বেশত তেওঁ
মূল চীনদেশলৈ গুচি যায়।”
১৯৩০ দশকত হো ৰাছিয়া আৰু চীনৰ বিভিন্ন
অঞ্চলত সাংগঠনিক কাম-কাজ কৰে। দ্বিতীয় মহাযূদ্ধ আৰম্ভ হোৱাৰ পাছত ইন্দোচীন, হংকং
আদি সমস্ত এলেকা জাপানীসকলৰ দখললৈ যায়। সুন্দৰ সুযোগ আহিল। সেই সময়তে ১৯৪২ চনত
তেওঁ উত্তৰ ভিয়েটনামত পাহাৰ অঞ্চলত সংগঠন কৰে। তেতিয়াই তেওঁ হো-চি-মিন নামটো গ্ৰহণ
কৰে।
“সেইবোৰ এৰ, দেৰি হ’ব, বিমানলৈ পলম হ’ব”- তাই খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। “আগত (দূৰলৈ আঙুলিয়াই) সৌৱা ফৰাচী গৱৰ্নৰ জেনেৰল বাস কৰা সুন্দৰ ঘৰটো,
তাত প্ৰেছিডেণ্ট হো-চি-মিন নাথাকি কাষৰ জুপুৰীৰ দৰে ঘৰত আছিল,
ঘৰটো চাব পাৰিবি, তেওঁৰ অফিচ, গাড়ী, বাগিচা সকলো আছে, ১৫-২০
মিনিটত শেষ কৰিবি।”
কথা পাতি পাতি ‘ৰাষ্ট্ৰপতিৰ
প্ৰসাদ’টো পালোহি, সোণ বৰণীয়া ফৰাচী
স্থাপত্যৰ বিশাল ৩ মহলীয়া ঘৰ। ঘৰটো পৰ্যটকৰ বাবে বন্ধ, ১৩০০
বৰ্গ মিটাৰৰ ঘৰ, ৩০টা কোঠা আছে। ব’ল
সোনকালে, এনেয়েও ‘প্ৰেছিডেণ্ট-হো’
এইটো ঘৰত নাথাকি কাষৰ সৰু চাংঘৰ এটাতহে আছিল।”- তাইৰ
মাতত খৰধৰৰ সুৰ। ১৯০০-০৬ চনত নিৰ্মিত ভৱনটোত ১৯৪৫ চন পৰ্য্যন্ত ২৯জন ফৰাচী গৱৰ্নৰ
জেনেৰেল বাস কৰিছিল। ১৯৫৪ চনৰ ১০ অক্টোবৰৰ ‘বাহ-দিন-ফু যুদ্ধ’ৰ পাছত হানয় পুনৰ উদ্ধাৰ হয়, আৰু হো-চি-মিন চৰকাৰৰ
হাতলৈ ৰাজভৱনটো আহে, তেতিয়াৰ পৰাই ই শাসনৰ কেন্দ্ৰ বিন্দু;
কিন্তু হো ইয়াত বাস নকৰি কাষতে থকা সামান্য চাংঘৰত আছিল।
খোজৰ তালে তালে আমি আহি আহি বাক-হো বাস কৰা ঘৰটো পালোঁহি। সৰল সাধাৰণ. নিপোটল চাংঘৰটিয়ে মানুহজনৰ মহত্ত্ব ঘোষণা কৰে, শ্ৰদ্ধাত মূৰ দোঁ খাই যায়। ঘৰটোত হো ১৯৫৮ চনৰ পৰা ১৯৬৯ চনৰ মৃত্যু পৰ্যন্ত বাস কৰিছিল। ১৯৫৪ চনৰ পৰা ১৯৫৮ চনলৈ হো ‘হাউছ নং ৫৪’ নামৰ কাষতে থকা ঘৰ এটিত আছিল, এইটো ঘৰ অফিচ হিচাপেও ব্যৱহাৰ হৈছিল; এইটো তিনিটা কোঠালিৰ ঘৰ, এসময়ত ৰাজভৱনৰ বিদ্যুতৰ কাম চোৱা-চিতা কৰা ইলেক্টিচিয়ান এজন ইয়াত বাস কৰিছিল। বৰ্তমান হো-চি-মিনৰ অফিচৰ আচবাব, ফাইল ইত্যাদি পৰ্যটকে চাব পৰাকৈ সজোৱা আছে।
হঠাতে ক’ৰবাত পঢ়া মনত পৰিল-
“যদিও তেওঁ দেশৰ
ৰাষ্ট্ৰপতি আছিল, তেওঁ থকা ঘৰটোত তেওঁ কেৱল এটা টাইপ-ৰাইটাৰ
আৰু দুসাজ কাপোৰ ৰাখিছিল, এসাজ পিন্ধিবলৈ আৰু আন সাজ ধুবলৈ। তেওঁ
কৈছিল- যেতিয়ালৈকে দেশত প্ৰত্যেকজন ব্যক্তিৰ অৱস্থা ইয়াতকৈ উন্নত নহয়, তেতিয়ালৈকে তেওঁ দুসাজ কাপোৰেৰেই চলিব।”
কোনে বা কৈছিল, হাতখন মূৰৰ লৈ গ’ল, চুলিৰ ফাকেদি মূৰ খজুৱাওঁতেই মনত পৰিল, অমৃতা প্ৰীতমৰ লেখা। মিনক ওচৰলৈ মাতি কথাষাৰ ক’লোঁ, লগতে উনুকিয়ালোঁ- “অমৃতা প্ৰীতমে কৈছিল যে বাক-হো ৰাজৰ্ষি, ৰজা অথচ ঋষি, এখন দেশৰ ৰাষ্ট্ৰপতি হৈও বাস কৰে এটি পঁজাঘৰত।”- তাই মোলৈ চাই ৰ’ল, চকুত কৃতজ্ঞতাৰ চিন। অমৃতা প্ৰীতম আৰু হো-চি-মিনৰ সংযোগটো, ক’ৰবাত অন্য স্থানত ক’ম।
(হাউচ নং ৫৪) |
হো বাস কৰা চাংঘৰটিৰ দুয়োটা মহলাত হোৰ বিছনা, চকী-মেজ, কিতাপ সকলোখিনি বৰ সুন্দৰকৈ সজোৱা আছে৷ |
চাংঘৰৰ এটি কোঠা। চাংঘৰটো আৰু ইয়াৰ আচবাব নিৰ্মিত কাঠৰ নাম ‘মেংহুন্দৰ’ বুলি গম পালোঁ, ইন্দোচীনত এইবিধ বৰ মূল্যবান কাঠ। কাষতে এটি পুখুৰী আৰু এখন ফলমূলৰ বাগিচা।
৩০০০ বৰ্গ মিটাৰৰ পুখুৰীটো চাংঘৰটোৰ বিপৰীতে অৱস্থিত। মোক মিনে কোৱামতে ইয়াত কাৰ্প, টিলাপিয়া জাতীয় মাছ আছে। হোৱে ইয়াত মাছক খাদ্য খুৱাবলৈ নিয়মীয়াকৈ গৈছিল, হাত চাপৰি বজাই দিলে মাছবোৰ পাৰৰ কাষলৈ চাপি আহিছিল আৰু খুদ চাউল জাতীয় আহাৰ দলিয়াই দিছিল।
চাংঘৰ কাষতেই আছে এখন ফলমূলৰ বাগিচা। বাগিচা আৰু পুখুৰী মিলি মাটি কালি প্ৰায় ৬৫০০০ বৰ্গমিটাৰ হ’ব।
...
এইবাৰ উভতিবলৈ আৰম্ভ কৰিলোঁ। ওলাই
আহোতে সমুখৰ যাদুঘৰটোৰ মুখ পালোহি। তাই ৰৈ ক’লে- “ভিতৰলৈ সোমাবি নেকি?, টিকট ল’ব
লাগিব।” ঘড়ী চাই দেখিলোঁ, সময় মূৰামূৰি
হ’ব।
“হ’ব, এতিয়া বিমান বন্দৰলৈ ব’ল।
নহ’লে পলম হ’ব।”
“চিন্তা নকৰিবি, তোক সময়মতে পোৱাই দিম।”
“ৰচোন, কথা এটা সোধোঁ, এই সমাধিত হো-ৰ দেহটো আছে, সেইটো...”
“বুজিছো তই কি সুধিবি,
কৈছোঁ, শুন।” মিনে ক’বলৈ আৰম্ভ কৰিলে
....
হো-চি-মিনৰ মৃতদেহটো নকল নেকি?
এইটো দাবী পশ্চিমীয়া বিশ্বৰ বহু লোকে কৰিব খোজে। প্ৰশ্নটো মই মিনক আওপকীয়াকৈ সুধিব খুজিছিলোঁ। পোনপটীয়াকৈ সুধিবলৈ সত নগ’ল, ভিয়েটনামী ছোৱালী এজনীক মনত আঘাত দিওঁ কিয়! নোসোধাকৈ তাই কৈছিল- “দ্যা ব’ডী প্ৰিজাৰ্ভড্ হিয়েৰ ইজ ৰিয়েল ওৱান।”
কাহিনীটো এনেকুৱা।
বাক-হো ওৰফে দদাইদেউ-হো ওৰফে হো-চি-মিন, ভিয়েটনামৰ
অবিসম্বাদী নেতাজনে ইচ্ছা প্ৰকাশ কৰিছিল যে মৃত্যুৰ পাছত তেওঁৰ চিতাভষ্ম তিনিভাগ
কৰি উত্তৰ, দক্ষিণ আৰু মধ্য ভিয়েটনামত স্থাপন কৰা হ’ব। তেওঁ ঢুকাইছিল ১৯৬৯ চনত, তেতিয়া উত্তৰ আৰু দক্ষিণ
ভিয়েটনামৰ একত্ৰিকৰণ সম্পন্ন কৰা হোৱা নাছিল, আমেৰিকা
যুক্তৰাষ্ট্ৰই দক্ষিণ ভিয়েটনামত খুঁটি পুতি ভয়ানক আক্ৰমণ চলাই আছিল; কিন্তু...।
১৯৬৭ চনৰ মে’ মাহৰ
পৰা হো-ৰ শৰীৰ ক্ৰমে ভাগি পৰিছিল। কমিউনিষ্ট পাৰ্টিৰ পলিটব্যুৰোৱে বিশেষ বৈঠক এখন
আহ্বান কৰিলে, হো-ৰ স্বাস্থ্যৰ বাবে সকলো ব্যৱস্থা লোৱা হ’ব- এই সিদ্ধান্তৰ বাহিৰেও অন্য এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ল; মৃত্যুৰ পাছত বাক-হো-ৰ দেহটো স্বায়ীভাৱে সংৰক্ষণ
কৰা হ’ব। এই সিদ্ধান্ত বৰ্তমান সম্পূৰ্ণ গোপনে ৰখা হ’ব, যাতে জনসাধাৰণে অন্যথা নলয়, বা হো-ৱেও প্ৰতিবাদ কৰিব পাৰে। ইয়াৰ বাবে, দেহ
সংৰক্ষণৰ বিজ্ঞান জানিবলৈ, এটি দল ছোৱিয়েট ৰাছিয়ালৈ পঠিয়াবলৈ
ঠিক কৰা হয়, প্ৰতিৰক্ষা মন্ত্ৰণালয়ক এই দায়িত্ব দিয়া হৈছিল।
অৱশেষত পুৱা ৯-৪০
বজাত ১৯৬৯ চনৰ ২ ছেপ্টেম্বৰত ‘বাক-হো’-ৱে চকু মুদিলে, তাৎক্ষণিক কাৰণ হৃদযন্ত্ৰৰ হঠাতে
বিকল হোৱাৰ বাবে। ৩ ছেপ্টেম্বৰত চৰকাৰীভাৱে মৃত্যুৰ বাতৰি
সদৰি কৰা হ’ল।
মৃতদেহটো সংৰক্ষণ কৰি নিদিষ্ট ঠাইত
থোৱা এক ডাঙৰ সমস্যা আছিল। সেই সময়ত ভিয়েটনামৰ আকাশত ঘনাই আমেৰিকাই বোমা নিক্ষেপ
কৰি আছিল, দেহটো বোমা পৰি নষ্ট হোৱাৰ ভয়ৰ উপৰি, আমেৰিকাৰ চোৰাংচোৱাই মৃতদেহ চুৰি কৰাৰ ভয়ো আছিল, চুৰি
মৃতদেহৰ বিনিময়ত আমেৰিকাৰ চৰকাৰে তেওঁলোকৰ যুদ্ধবন্দী বিনিময় কৰাৰ প্ৰস্তাৱ
দিলেহেঁতেন।
১৯৬৯-৭৫ সময়ছোৱাত দেহটো ৬ বাৰ বিভিন্ন
ঠাইলৈ নিছিল, সকলো সময়তে গোপনে ৰখা হৈছিল, প্ৰতিবাৰে
গভীৰ অৰণ্যত বোমা-বাৰুদৰ পৰা নিৰাপদে ৰাখিছিল।
হো-চি-মিনৰ সমাধি-ঘৰটোৰ নিৰ্মাণ ১৯৭২
চনৰ খৰালি সময়ত আৰম্ভ কৰি ১৯৭৩ চনৰ খৰালি মাহত শেষ কৰাৰ পৰিকল্পনা কৰা হৈছিল। সেই
সময়তে আমেৰিকাৰ বোমা নিক্ষেপ বেছি হোৱাৰ বাবে কামটো পিছুৱাই দিয়া হৈছিল। পাছত
নিৰ্মাণৰ কাম ২ ছেপ্টেম্বৰ ১৯৭৩ চনত আৰম্ভ কৰা হয়,
সেই সময়ত পেৰিছ শান্তি চুক্তি (২৭ জানুৱাৰী ১৯৭৩)-ৰ জৰিয়তে যুদ্ধৰ
অৱসান ঘটে।
৩০ এপ্ৰিল ১৯৭৫ত ‘ছাইগন
পতন’ হয় আৰু উত্তৰ আৰু দক্ষিণ ভিয়েটনাম একত্ৰিকৰণ সম্পূৰ্ণ
হয়। ২৯ আগষ্ট ১৯৭৫ চনত বাক-হো-ৰ সংৰক্ষিত দেহটো সমাধি-ঘৰলৈ অনা হয়; সেই সময়ত দেহটো হানয় চহৰৰ পৰা ৫০ কিলোমিটাৰ আঁতৰত ডা-ছং নামৰ ঠাইত আছিল।
…
কিমান যে ইতিহাস!
কথা পাতি পাতি আমি পাৰ্কিং পালোহি, মোৰ হাতৰ পৰা ৩০ ডং লৈ মিনে পাৰ্কিঙৰ ভাৰা দিলে। “ব’ল, প্ৰথমতে আমি পুৱাৰ জলপান কৰিম। তাৰ পাছত বিমান বন্দৰলৈ যাম।” নৈ-বাই আন্তৰ্জাতিক বিমান বন্দৰ আমাৰ লক্ষ্য। দূৰত্ব ৩০ কিলোমিটাৰ। চানমাৰিৰ পৰা বৰঝাৰতকৈ বেছি দূৰ, আমাৰ এই দূৰত্ব ২৫ কিলোমিটাৰ মাত্ৰ।
আমাৰ বাইক দৌৰিছে, পিছফালে
হানয় চহৰখনক ক্ৰমে এৰি আহিছোঁ; মনৰ ভাববোৰো দৌৰিছে, ঠিক দৌৰা নাই মনত দোলা দি আছে; সৰলৰৈখিক গতি নহয়,
অহা-যোৱা কৰা পেণ্ডুলামৰ গতিত৷ এই মুহূৰ্তৰ
চিন্তা কেইটা- সময়মতে বিমান বন্দৰ পামগৈনে, জলপান কি কৰিম
এতিয়া, মিনে জলপান কৰাৰ কথা পাহৰিছে নেকি? যোৱাৰ পথতে এখন বিয়াগোম, অত্যাধুনিক চকুৰ দৃষ্টি
কাঢ়ি নিয়া দলং পাম, সেইখনো পোৱাহি নাই, বাট ভুল হৈছে নেকি?
মূল পথৰ পৰা সোঁহাতে সৰু পথত বাইক
নামিল; কি বা হ’ল! অনবৰতে দুঃচিন্তা! অঁ, ৰক্ষা, বাইক আহি
এখন ৰেষ্টোৰাঁৰ সমুখত ৰ’ল। মেনুখন লৈ মিনে সুধিলে- “কি খাবি?”, কৃপণে ক’ব
খুজিছিলোঁ- “চাবি যি মন যায় এসোপা নল’বি”,
মুখৰ পৰাও ওলাল- “তোৰ খুচি মতে অৰ্ডাৰ দে,
তই যি খুৱাৱ তাকে খাম।”, ভোকতকৈও ভিয়েটনামী
খাদ্যৰ জুতি লোৱা আৰু বুজ লোৱাটো মোৰ মূল উদ্দেশ্য।
ভিয়েটনামৰ কথা নাজানো, মিনৰ
কথাও নাজানো, কিন্তু কালিৰে পৰা মই ভিয়েটনামী খাদ্যৰ প্ৰেমত
পৰিছোঁ। সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ খাদ্য মোৰ প্ৰিয়, কিন্তু
তাৰে ভিতৰত ভিয়েটনামী খাদ্যৰ জুতি আৰু অলপ প্ৰিয়। মোৰ ভাৰতৰ মূল ভূখণ্ডলৈ গ’লে খাদ্যৰ বাবে চিন্তাত পৰোঁ, তেল-জলা-মছলা এইবোৰ
প্ৰিয় নহয়, বৰং বিতৃষ্ণা। অসমৰ
চহৰবোৰতো এনেবোৰ খাদ্যৰ ভিৰ বেছি, অথচ এশ বছৰৰ আগেয়ে এইবোৰ
আমাৰ খাদ্যাভ্যাসত নাছিল। ভিয়েটনামী খাদ্যত তেল আৰু গাখীৰৰ
ব্যৱহাৰ নাই, চেনিও ব্যৱহাৰ নকৰে। সমগ্ৰ দক্ষিণ-পূব এছিয়াত
দাইলৰ ব্যৱহাৰ নাই।
ৰেষ্টোৰাঁৰ কৰ্মী কেইগৰাকী মহিলা, চকী-টেবুল
কাঠৰ, পৰিস্কাৰ সুন্দৰ পৰিৱেশ। মিনৰ অৰ্ডাৰ মৰ্মে আমাৰ সমুখত
তিনি ধৰণৰ আহাৰ পৰিল।
আমাৰ তিল পিঠা সদৃশ কিবা এবিধ প্লেটত সজোৱা আছে, আৱৰণটো তিলপিঠাৰ দৰে শুকান নহয়, বৰং ভিজা কাপোৰৰ দৰে। পাছত গম পালোঁ পাতল চাউলৰ আৱৰণ, ‘চাউল-কাগজ’ বুলি জনা যায়, ভিতৰত শাক আৰু আঁহ আঁহ যেনকৈ প্ৰস্তুত কৰা মঙহ, মঙহখিনি কফি ৰঙৰ, সম্ভৱতঃ গোমাংস। এই বিষয়ত খা খবৰ নল’লোঁ, মোৰ বাবে প্ৰয়োজনো নাই; এনে চাউলৰ কাগজৰ ভিতৰত বিভিন্ন পাচলি দি ‘ৰোল’ প্ৰস্তুত কৰে। খাদ্যখিনি কেমেৰাত বন্দী কৰিবলৈ যত্ন কৰোঁতে মিনো ফ্ৰেমত ৰৈ গ’ল; ভালেই হ’ল, কালি আৰু আজি সৰহখিনি সময় তাইৰ লগতে কটালোঁ, কিন্তু সচেতনভাৱে ফটো লোৱা নহ’লেই।
মনত খৰধৰ ভাব এটা আছিল। সমুখত খাদ্য পৰাৰ লগে লগে আৰম্ভ কৰিলোঁ, ‘পাবা চৰাই ভাঙিবা পাখি, বহা ভাত নথ’বা ৰাখি।’, তাইক ইংৰাজীতে অৰ্থটো ভাঙি দিলোঁ। তাই ক’লে- “আমাৰ ভিয়েটনামী প্ৰভাৰ্ব শুন- ‘লাহে লাহে খাবা, পেটৰ কাৰণে ভাল; দকৈ হাল বাবা, খেতিৰ বাবে ভাল।” পাছত গম পাইছিলোঁ- খোৱা-বোৱা আৰু খাদ্য সম্পৰ্কীয় যোজনা ভিয়েটনামী ভাষাত প্ৰচুৰ।
অঁ, ভিয়েটনামৰ খাদ্যৰ কথা।
তেওঁলোকৰ মূল খাদ্য ভাত আৰু নুড্যুলছ্; চাউলক ‘কম’ বোলে, নুড্যুলছ্ক ফো বুলি কয়;
আমাৰ বগা ভাতক কম-ট্ৰাং বুলি কয়। চাউলৰ দেশ, ঘেঁহুৰ
ব্যৱহাৰ নাই, নুড্যুলছো চাউলৰ পৰা তৈয়াৰ কৰে। মছলা হিচাপে
‘লেমন-গ্ৰাছ’, আদা, ভিয়েটনামী-পদিনা,
মান-ধনিয়া, ছাইগন-দালচেনি ইত্যাদি। মাংসৰ
ভিতৰত কুকুৰা, গাহৰি আৰু গোমাংস সকলো ৰেষ্টোৰাঁত থাকেই। হাঁহ
আৰু কুকুৰাৰ মাংসও ভিয়েটনামীসকলৰ প্ৰিয়। নুড্যুলছ্ বিভিন্ন প্ৰকাৰে তৈয়াৰ কৰে।
যেনে- পনীয়া নুড্যুলছৰ লগত শাক/পাচলি আৰু মাংস, মাংস বিভিন্ন
প্ৰকাৰৰ হ’ব পাৰে, হাড় নথকা আঁহৰ দৰে
প্ৰস্তুত কৰা মাংস। মাৰ-ভাত বা নিসনিযুক্ত ভাতো খাদ্য হিচাপে পৰিৱেশন কৰা মন
কৰিছোঁ।
সাগৰীয়া খাদ্য উভৈনদী। অক্টোপাছ আৰু
মিছামাছৰ ব্যৱহাৰ সঘন। তাত থকা কেইদিন আঙুলিটোৰ জোখৰ মিছামাছ হেঁপাহ পলুৱাই খালোঁ, শেহলৈ
বেজাৰ লগা হৈছিল গৈ! মিছামাছৰ উপৰি মাছৰ ব্যৱহাৰ আছে, মেকং
নদীৰ মোহনাত প্ৰচুৰ মাছ উৎপাদন হয়।
শুনিছোঁ- উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনামৰ খাদ্যৰ কিছু প্ৰভেদ আছে। ভিয়েটনামীসকলৰ মাজৰ এষাৰ কথা প্ৰচলিত আছে- ‘উত্তৰৰ দৰে খাবা, দক্ষিণৰ দৰে পিন্ধিবা।’ প্ৰমাণ পাম বাৰু, আজি পাছবেলা দক্ষিণ ভিয়েটনামত ভৰি থ’ম।
“উইকি উৎস” ত গৈ গম পালোঁ।
১৮ মাৰ্চৰ ‘ফাইনেঞ্চিয়েল
টাইমছ্’ত এণ্টনী বউৰডাইন নামৰ লোক এজনে লিখিছে- শীৰ্ষ লাইন
“হাংৰী ফৰ ম’ৰ অৱ ভিয়েটনাম”
“ভিয়েটনামত তুমি ভাল
খাদ্য বিচাৰি ফুৰিব নালাগে, ভাল খাদ্যই তোমাক বিচাৰি উলিয়াব।
সুস্বাদু আহাৰ সকলোতে আছে। ৰেষ্টোৰাঁ, কাফে, সৰু দোকান, পদপথ সকলোতে। পোহাৰীসকলে কঢ়িয়াই ফুৰা
চাইকেলৰ আহাৰবোৰ। আপুনি উঠা ‘চাইকেল’ৰ
চালকজনে আপোনাক আহাৰৰ বাবে তেওঁৰ ঘৰলৈকে মাতিব; তোমাৰ গাইডে
জনপ্ৰিয় ঠাইলৈ লৈ যাবই। অচিনাকী এজনেও হঠাতে কাষ চাপি নতুন কিবা যাচিব, যিটো খুৱাই তেওঁ গৌৰৱ অনুভৱ কৰে, যিটো আনক জনালে ভাল
হ’ব বুলি ভাবে। এইখন ভাল ৰান্ধনী আৰু ভোজনবিলাসীৰ দেশ।”
ৰেষ্টোৰাঁৰ বিল দি উঠিলোঁ, উৎকণ্ঠাত
আছোঁ, বিমান বন্দৰ কমেও এক ঘণ্টাৰ আগতে পাবগৈ লাগে। আৰু ২৫
কিলোমিটাৰ মান বাট, হিচাপ কৰি চালোঁ ৪০ মিনিট লাগিব। মিনে-
“ওহোঁ, নহয়, মই ২৫
মিনিটত পোৱাই দিম।” মই অবিশ্বাস কৰা দেখি তাই ক’লে- “ষ্টিয়েৰিং মোৰ হাততহে থাকিব।” বাঃ কি প্ৰৱল আত্মবিশ্বাস! প্ৰতিবাৰৰ দৰে মোক হেলমেটটো পিন্ধাই তাই বাইক এৰি
দিলে।
৪ লেনৰ বহল পথ, সৰু
বাইকৰ গতি বেগ ৮০-লৈ উঠিছে। পেটে পেটে ভাবিছোঁ- ভুলেই কৰিলোঁ
নেকি, মইতো গাড়ী এখনে ল’ব
পাৰিলোঁহেঁতেন ৩০ কিলোমিটাৰ কম দূৰত্ব নহয়, এইৰ পাল্লাত কিয়
পৰিলোঁ! নাই, আকৌ ভাবিছোঁ- তাই নোহোৱা হ’লে আজি পুৱা হো-চি-মিনৰ সমাধি সৌধ চোৱাই নহ’লহেঁতেন,
হানয় চহৰলৈ আহিলে অন্য একো নাচালেও কেৱল এইটোকে চাব লাগে। মই শংকা
প্ৰকাশ কৰি লাহে লাহে চলাবলৈ কোৱাত ক’লে- “চিন্তা নকৰিবি, মই সদায় চলাওঁ।” তাইৰ বিশ্বাসত আচৰিত হ’লোঁ।
ৰক্ষা সমুখত সেইখন ৰঙানদীৰ অত্যাধুনিক
দলংখন। আগৰে পৰা কৈ থকা বাবে মিনে স্কুটাৰ ৰখালে, নিৰ্দেশ দিলে-
“ফটো তোল।”
জাপানৰ সহায়ত নিৰ্মিত নাট-টান দলংখন |
নাট-টান দলংখন ৪ লেনৰ, বহল ৩৩ মিটাৰ আৰু সৰ্বমুঠ দৈৰ্ঘ্য ৮.৩ কিলোমিটাৰ, দলঙৰ মূল অংশ ৩.৭ কিলোমিটাৰ। ওপৰফালে ওলোটা ইউ/ভি(U/V) আকুতিৰ পাঁচটা খুটাৰ ৰচী/কেব’লে দলংখন ধৰি ৰাখিছে, এই ৫টা তোৰণ সদৃশ খুঁটা পুৰণি হানয় চহৰৰ ৫ টা প্ৰৱেশ পথৰ প্ৰতীক। কালি পুৱা বিমান বন্দৰৰ পৰা চহৰ সোমাওঁতে ইয়াৰ সৌন্দৰ্যই চকু টানি ধৰিছিল, কেইবাখনো ফটো লৈছিলোঁ। গম পালোঁ দলংখন ২০১৫ চনৰ ৪ জানুৱাৰিত মুকলি কৰা হৈছিল। দলংখন জাপান চৰকাৰৰ সহযোগত নিৰ্মিত আৰু দুবছৰৰ পাছত ইয়াৰ পোহৰৰ ব্যৱস্থা কৰা হৈছিল ওলন্দাজ কোম্পানি এটাৰ সহযোগত; ৰাতি বিজুলী চাকিৰ পোহৰ পৰি দলংখন অপূৰ্ব সুন্দৰ হৈ পৰে।
দৌৰি আছোঁ।
৭০-৮০ কিলোমিটাৰ প্ৰতি ঘণ্টা
বেগত স্কুটীয়ে চেঁকুৰ ধৰিছে। লক্ষ্য ‘হো-চি-মিন নগৰ’, পুৰণা নাম ছাইগন, দূৰত্ব ১৬৪৪ কিলোমিটাৰ। দক্ষিণ
ভিয়েটনামৰ ই কেন্দ্ৰস্থল, হানয়তকৈ বহুত ডাঙৰ মহানগৰ, বেছি জাকজমকীয়া। গুগল মেপে কৈছে- এনেকৈ মিনৰ স্কুটীত গৈ থাকিলে ৩১ ঘণ্টা
লাগিব। পাছে তাইৰ লগত আৰু ২৫ কিলোমিটাৰ, তাৰ পাছত উৰিম,
২ ঘণ্টাত ছাইগন পামগৈ।
বিদায়ৰ মুহূৰ্তটো বেদনাদায়ক যেন লাগিল।
৩০ কিলোমিটাৰ কম দূৰত্ব নহয়,
এই পাম এই পাম বুলি ভাবি থাকোঁতে নাপাওঁ নাপাওঁ যেন লাগে। আহি আহি শেষত তাই স্কুটীখন পদপথত
ভৰি এটা ৰখালে, তাৰ পৰা ৩০ ফুট আঁতৰত বিমান বন্দৰলৈ সোমোৱা
পথ। নামিলোঁ, আজিৰ দিনটোৰ সেৱাৰ বাবদ তাইক কি দিব লাগিব
সুধিলোঁ, কালি ১০০ ডং মই দিবলগীয়া আছিল, ইয়ালৈ ভাৰা ৩০০ ডং বন্দবস্ত কৰিছিলোঁ। মই ৫০০ ডং মান দিলোঁ। তাই আৰু অলপ
‘টিপছ’ বিচাৰিলে। মই নিদিওঁ বুলি ক’লোঁ, সম্ভমেৰেই ক’লোঁ।
তাই ক’লে- “মই দুখীয়া ছোৱালী (আই এম পুৱৰ)
মোৰ পলমো হৈছে, ‘চেক-ইন’ত বহুত সময় লয়। তাতে বিমান বন্দৰটোৰ তলা-নলাও নাজানো। তাইৰ পিঠিত মৃদুভাৱে হাত দি ক’লোঁ- “হ’ব যা, বেয়া নাপাবি, আকৌ আহিম।”-
পলম হোৱাৰ বাবে খৰ খোজত বিমান বন্দৰলৈ ঢপলিয়ালোঁ; মিনৰ ওচৰৰ পৰা পলালোঁ, মোৰ নিজৰ ওচৰৰ পৰাও যেন
পলালোঁ!
“আই এম পুৱৰ।” বাক্যটো মোৰ কাণত আজিও বাজি আছে। দোষী দোষী ভাব এটাও মনলৈ আহি থাকে। ভাবি
আছোঁ- ভিয়েটনামৰ অৰ্থনীতি কেনেকুৱা। কোৱা প্ৰয়োজন যে কালি পুৱা মিনৰ লগত প্ৰথম
ভেদাভেদি হওঁতে, পৰিচয় পৰ্বতে তাই কৈছিল- ‘মই দুখীয়া’, সেই একেটা বাক্য ইংৰাজীতে কৈছিল-
“আই এম পুৱৰ।”
(আগলৈ)