অংগনা চৌধুৰী
বৰ্ষণমুখৰ এটি দেওবাৰ৷ ডাৱৰবোৰ পাহাৰৰ চূড়াত আহি ওলমিছেহি৷ পুৱা আঠ বজাত আমি গাড়ীখন লৈ ঘৰৰ পৰা ওলালোঁ দিনটোৰ বাবে৷ গুৱাহাটীৰ পৰা ক’ৰবালৈ যাবলৈ হ’লে যানজঁটৰ পৰা বাচিবলৈ অলপ সোনকালেই ওলাই যোৱা শ্ৰেয়ঃ৷ চাৰে নমান বজাত মংগলদৈৰ ওচৰৰ ৰিপ’জ ৰিজ’ৰ্টৰ খাৰখোৱা নামৰ ৰেষ্টুৰেণ্টখনত পুৱাৰ আহাৰ খাবলৈ সোমালোঁ৷ তাৰ পৰিৱেশটো বৰ ভাল লাগে৷ আচলতে ৰিজ’ৰ্টখনৰ খাদ্যবস্তুৰ মান উন্নত হোৱাৰ লগতে গছ-লতিকা আৰু ফুলেৰে জাতিষ্কাৰ হৈ থকা ধুনীয়া পৰিৱেশটোৱেও মানুহক আকৰ্ষিত কৰে ৷
তাৰ পাছত পুনৰ ধীৰ গতিত আমাৰ গাড়ী আগ বাঢ়িল৷ ৰৌতাৰ ওচৰত আমাৰ কিছু ব্যক্তিগত কাম আছিল৷ সেইখিনি কৰি উঠি দুপৰীয়াৰ ভাতসাঁজ ধাবা এখনতে খাই ল’লোঁ৷ তাৰ পাছত পোনাই দিলোঁ ভৈৰৱকুণ্ডৰ ফালে৷ পাতলকৈ ৰ’দ দিছিল৷ গছ-গছনিবোৰে পুৱাৰ বৰষুণজাকত তিতি যেন প্ৰাণ পাই উঠিছিল৷ ভৈৰৱকুণ্ডলৈ যোৱা বাটটো খুউব মসৃণ, ফিন্ফিনিয়া, গাড়ী চলাবলৈ ভাল আৰু চৌপাশৰ সৌন্দৰ্যও চাবলগীয়া৷ মাজে মাজে দেওবৰীয়া হাট বহিছিল, তাত বাৰীত লগা সতেজ শাক-পাচলিৰ পয়োভৰ৷
আমি ওভতোঁতে ভৈৰৱকুণ্ডত ৰোৱাৰ কথা৷ সেয়ে প্ৰথমে ভূটান গে’টলৈ আগ বাঢ়ি গ’লোঁ৷ গে’টত আধাৰ কাৰ্ড বা ভোটাৰ আই. ডি. দেখুৱাই এটা এগ্জিট নম্বৰ ল’ব লাগে, যিটো উভতি আহোঁতে গে’টত পুনৰ কৈ আহিব লাগে- প্ৰমাণস্বৰূপে যে আপুনি সেইখন দেশৰ পৰা ঘূৰি আহিছে৷ ভিতৰলৈ গৈ ভূটান গে’টৰ ওচৰত থকা অফিচত পুনৰ নাম-ঠিকনা ৰেজিষ্ট্ৰেশ্বন কৰাব লাগে৷ চৈধ্য বছৰৰ তলৰ শিশুৰ বাবে বাৰ্থ চাৰ্টিফিকেট দেখুওৱাটো বাধ্যতামূলক৷ যি কি নহওক, যাৱতীয় কামখিনি কৰি আমি ভিতৰ সোমাওঁতে প্ৰায় আবেলিয়েই হৈছিল৷ ভূটানৰ এই সৰু চহৰখনৰ নাম হৈছে জমতচংখা৷ জনসংখ্যা প্ৰায় এহেজাৰতকৈও কম৷ পৰিষ্কাৰ-পৰিচ্ছন্ন বাট-পথ আৰু দুয়োকাষে নিচেই সৰু সৰু দোকান৷ মাজে মাজে দুই এক দুই-তিনি মহলীয়া বিল্ডিঙো আছে৷ ঘৰবোৰৰ ডিজাইন একে- সম্পূৰ্ণৰূপে ভূটানিজ ষ্টাইলৰ৷ বেৰ আৰু খুটাত নানৰঙী কাৰুকাৰ্য কৰা আৰু ওপৰভাগ চেপেটাকৈ বাহিৰফালে আগ বঢ়া৷ অলপ দূৰ গাড়ীৰে গৈ আমি এঠাইত গাড়ী ৰখাই খোজকাঢ়ি ঘূৰা-ফুৰা কৰিম বুলি আগ বাঢ়িলোঁ৷ জৰ্জৰকৈ শব্দ কৰি পাহাৰীয়া নৈ এখন বৈ আহিছিল আৰু তাৰ ওপৰত থকা দলংখনক বৌদ্ধ ধৰ্মৰ ৰঙা-নীলা সৰু সৰু পতাকাৰ শাৰীয়ে চামিয়ানাৰ দৰে ঢাকি ধৰিছিল৷ এই ধুনীয়া দৃশ্য দেখি আমি ফটো তোলাত ব্যস্ত হৈ পৰিলোঁ৷ আমাক দেখি বাটত খোজকাঢ়ি থকা ককা এজন কথা পাতিবলৈ আগুৱাই আহিল৷ স্থানীয় বয়সস্থ লোক এজনৰ সৈতে কথা পাতিবলৈ পাই আমিও ভাল পালোঁ৷ তেওঁ অসমৰ বা-বাতৰি ল’লে আৰু আমি তেওঁলোকৰ৷ তেওঁৰ পৰা বিদায় লোৱাৰ পাছত আমি ভাবিলোঁ চাহ একাপকে খোৱা যাওক ওচৰে-পাজৰে যদি পোৱা যায়৷ ফাষ্ট ফুড্ বুলি লিখি থোৱা সৰু সৰু ঘৰ কিছুমান দেখিলোঁ৷ দেখাত কিন্তু সেইবোৰ ৰেষ্টুৰেণ্টৰ দৰে নহয়৷ অৱশ্যে ভিতৰত সোমাই দেখিলোঁ বহাৰ ভাল ব্যৱস্থা আছে আৰু চাফ-চিকুণ৷ কি কি আছে সোধাত পাকঘৰত ব্যস্ত হৈ থকা বাইদেউগৰাকীয়ে ম’ম’, ঘূগুণী, বয়ল কণী সকলোখিনি আমাৰ ফালে আগ বঢ়াই দি বিক্ৰীৰ আশাত মুখলৈ চালে৷ ভোক লগা নাছিল যদিও গোটেই কেইবিধৰে একো প্লেটকৈ আমি অৰ্ডাৰ দিলোঁ৷ লগত দুকাপ ডাঠকৈ গাখীৰ চাহ৷ কাৰণ আশাৰে মুখলৈ চোৱা বাইদেউ গৰাকীক নিৰাশ কৰিব খোজা নাছিলোঁ৷ কিন্তু সেই নিচেই সৰু ফাষ্টফুড্খনৰ ভেজ ম’ম’ আৰু চাট্নিখিনি ইমানেই সুস্বাদু আছিল যে আমি টকালি পাৰি পাৰি খালোঁ৷ খোৱা-বোৱা শেষ হোৱাত আৰম্ভ হ’ল ওভতনি যাত্ৰা৷ ভূটান গে’টৰ পৰা অলপ দূৰ ওলাই আহিয়েই পোৱা যায় ভৈৰৱকুণ্ড৷ বহুদিনৰ পৰা নাম শুনি আছিলোঁ, কিন্তু যোৱা হোৱা নাছিল৷ ভৈৰৱকুণ্ডত ভূটানৰ পৰা নামি অহা জামপানী নৈৰ লগত ভৈৰৱী নৈ লগ হৈ ধনশিৰি নৈৰ সৃষ্টি হৈছে৷ চৌদিশে পাহাৰ আৰু খৰস্ৰোতা নৈৰ শিলত ঠেকা খাই খাই আগুৱাই যোৱাৰ মনোৰম দৃশ্যই আমাক মুগ্ধ কৰিলে৷ কিছু সময় তাত কটাম বুলি আমি নৈৰ দাঁতিত বহিবলৈ আগুৱাই গ’লোঁ৷ পিছে এটা কথাইহে বৰ অশান্তি দিলে৷ কথাটো হ’ল তালৈ গাড়ী, বাইক লৈ অজস্ৰ মানুহ আহিছে৷ কোনোৱে পিক্নিক্ খাবলৈ, কোনোৱে এনেয়ে সময় কটাবলৈ৷ তাৰে অধিকাংশ লোকেই চিপ্চৰ খালী পেকেট, ক’ল্ড ড্ৰিংকছ্ বা সুৰাৰ খালী বটল য’তে ত’তে পেলাই ঠাইখিনি কদৰ্য কৰি তুলিছে৷ মনটো এইবোৰ দেখি খুব বেয়া লাগি গ’ল৷ তাৰ পৰা মাত্ৰ সামান্য দূৰত্বত থকা ভূটানৰ পৰিষ্কাৰ-পৰিচ্ছন্ন সৰু চহৰখনৰ পৰা আমি উভতিছোঁহে মাত্ৰ, নিজৰ দেশত দেখা পালোঁ এই অৱস্থা৷ অহৰহ পৰ্যটক আহি থকা ভৈৰৱকুণ্ডত উন্নত মানৰ ডাষ্টবিনৰ ব্যৱস্থাও চকুত নপৰিল৷ হয়তো অ’ত-ত’ত দুই এটা আছে৷ আমাৰ দেশৰ একাংশ মানুহৰ মানসিকতা যে কেতিয়া সলনি হ’ব ভাবি ওৰ নাপালোঁ৷ চৰকাৰেও আচলতে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱা উচিত৷
গধূলি বেলি পৰোঁ পৰোঁ হওঁতে আমি তাৰ পৰা ঘৰমুৱা হ’লোঁ৷ বাটতে ছিপাঝাৰ পাৰ হৈ নাৰিকলী মন্দিৰত বাহিৰৰ পৰাই মূৰ দোঁৱাই আহিলোঁ৷ জমতচংখাৰ ধুনীয়া আবেলিটো আৰু ভৈৰৱকুণ্ডৰ খৰস্ৰোতা নৈৰ কলকলনিৰ শব্দ বুকুত সামৰি ব্যস্ততাপূৰ্ণ গুৱাহাটী মহানগৰীত আমি প্ৰৱেশ কৰোঁতে নিশা ভালেখিনি হৈছিল৷