অংগনা চৌধুৰী
প্ৰথমবাৰ যেতিয়া কলেজীয়া দিনত আগ্ৰালৈ আহিছিলোঁ, তেতিয়া পুৱতি নিশাতে দিল্লীৰ পৰা আহি তাজমহল, আগ্ৰা ফ’ৰ্ট আদি চাই ওভতাৰ পথত বৃন্দাবন, মথুৰা দৰ্শন কৰি গৈছিলোঁ৷ নতুন ঠাই দেখিবলৈ পাই আনন্দিত হৈছিলোঁ ঠিকেই, কিন্তু অসম্ভৱ লৰালৰি হৈছিল৷ সেইবাবে এইবাৰ আগ্ৰাতেই দুদিন থাকি, খাই-ফুৰি পৰিৱেশটো পুনৰ ধীৰে-সুস্থিৰে উপভোগ কৰিম বুলি ওলাই গ’লোঁ৷ দুৰ্গাপূজাৰ বন্ধ আৰম্ভ হোৱাৰ দিনাই পুৱা চাৰে পাঁচ বজাৰ বিমানত উঠি আঠ বজাতে আমি দিল্লী পালোঁগৈ৷ আমাৰ চিনাকি ড্ৰাইভাৰ এজন যি আগতেও দুই-এবাৰ দিল্লীত ঘূৰা-ফুৰা কৰোঁতে আমাক অ’লৈ-ত’লৈ লৈ গৈছিল– তেওঁ বিমান বন্দৰৰ বাহিৰত টেক্সিখন লৈ আমাৰ কাৰণে সাজু হৈ আছিল ৷ পুৱাৰ ৰ’দচেৰেঙা গাত সানি যমুনা এক্সপ্ৰেছ ৱে’ৰে আমাৰ গাড়ী তীব্ৰবেগেৰে আগ্ৰা অভিমুখে আগ বাঢ়িল৷ বাটত এঠাইত চাহ খাবলৈ আৰু দুপৰীয়া এঠাইত ভাত খাবলৈ ৰ’লোঁ ৷ যিহেতু সেই সময়ত নৱৰাত্ৰি চলি আছিল, সেয়ে সকলোতে প্ৰায় নিৰামিষ খাদ্যহে চলিছিল৷ মেনুত থাকিলেও হাইৱে’ৰ আশে-পাশে থকা ৰেষ্টুৰেণ্টসমূহত সেই কেইদিন আমিষ খাদ্য ৰন্ধা নাছিল৷ সি যি কি নহওক, একমান বজাত আমি গৈ আগ্ৰাত প্ৰৱেশ কৰিলোঁগৈ ৷ কিছুমান ঠাইত হোটেলতকৈ হোম ষ্টে’ত থাকি বেছি ভাল লাগে ৷ আমিও খুব ভাল বুলি ৰিভিউ থকা দেখি ‘অমন হোম ষ্টে’’ নামৰ এক হোম ষ্টে’ত আগতীয়াকৈ বুকিং কৰি থৈছিলোঁ ৷ ই তাজমহলৰ পৰা প্ৰায় দুই কিলোমিটাৰমান আঁতৰত ৷ সঁচাকৈয়ে ঘৰখনত সোমায়েই এনে লাগিল যেন কোনোবা আপোন মানুহৰ ঘৰতহে বহুত দিনৰ মূৰত ফুৰিবলৈ আহিছোঁ ৷ কি সুন্দৰ আতিথ্য তেওঁলোকৰ ৷ তিনি মহলীয়া ঘৰটোত উনৈছটা সকলো আধুনিক সা-সুবিধা থকা কোঠালি আছে। গোটেই ঘৰটোৱেই বিদেশী ভ্ৰমণকাৰীৰে ভৰ্তি ৷ কোনোৱে বাৰাণ্ডাত বহি আড্ডা মাৰিছে, কোনোৱে পাকঘৰত তৈয়াৰ হৈ থকা খাদ্যৰ ভিডিঅ’ কৰিছে, কোনোৱে শাড়ী বা ঘাগড়া পিন্ধি তাজমহলত ফটো ছে’ছন কৰিবলৈ যাবলৈ সাজু হৈছে ৷ ভাৰতীয় পৰিয়াল বুলিবলৈ একমাত্ৰ আমিয়েই ৷
গা-পা ধুই দুঘণ্টামান
জিৰণি লৈ আমি তাজমহলত সূৰ্যাস্ত চাবলৈ ওলালোঁ ৷ আমাৰ গাইডজন বাহিৰত অপেক্ষা কৰি আছিল ৷
টিকট অনলাইনতে বুক কৰিব পাৰি ৷
তাজমহলৰ প্ৰৱেশদ্বাৰত
আছিল প্ৰচণ্ড ভিৰ ৷ শনিবাৰ আৰু দেওবাৰে তাত
আন দিনবোৰতকৈ বেছি ভিৰ হয় ৷ আমিও ভিৰৰ প্ৰকোপতে পৰিলোঁ ৷ কিন্তু এবাৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত
আৰু একো অসুবিধা হোৱাৰ আশঙ্কা নাই ৷ আমিও বিশাল চৌহদটোত সগৰ্বে থিয় দি থকা সৌন্দৰ্যৰ আকৰ তাজমহলক দেখি
পলকতে বিভোৰ হৈ পৰিলোঁ ৷ ভাবিলোঁ, ছাহজাহানেওতো কতবাৰ বিভোৰ হৈ তাজমহললৈ চাইছিল, সেই
মুহূৰ্তৰ পৰা আজিলৈ কোইবাশ বছৰ পাৰ হৈ গ’ল ৷ এই যে আজি আমি হাতত ধৰাধৰিকৈ তাজমহলটো তথা লাগি চাই
আছোঁ, এই মুহূৰ্তৰো এদিন শ শ বছৰ পাৰ হৈ যাব!
আগৰবাৰ আহোঁতে বেঞ্চত বহি পিছফালে তাজমহলক লৈ সেই ঐতিহাসিক ফটোখন তোলা হোৱা নাছিল ৷ সেয়ে এইবাৰ তুলিলোঁ ৷ সূৰ্যাস্তৰ মনোমোহা দৃশ্যও কেমেৰাত ধৰি ৰাখিলোঁ ৷ কথাই-ব্যৱহাৰে খুবেই ভদ্ৰ আমাৰ গাইডজনে লাহে লাহে বুৰঞ্জীৰ কথাবোৰ কৈ গ’ল ৷ অধিকাংশ কথাকে আগতেই জানিছিলোঁ যদিও সেই সময়ত শুনি শুনি গৈ থাকি কিবা এটা ভাল লাগিল ৷ আবেলিৰ পৰা গধূলি হোৱালৈ অপূৰ্ব সময়খিনি তাত কটাই সাত বজাৰ আগে আগে আমি ওলাই আহিলোঁ ৷ বাহিৰত আশে-পাশে অজস্ৰ চাহ-কফিৰ দোকান ৷ মাটিৰ ভাড়ত চাহ আৰু গৰম গৰম চিংৰা খাই আমি হোম ষ্টে’লৈ উভতিলোঁ ৷ আৰু এটা কথা, তাজমহললৈ আহোঁতে-যাওঁতে আমি নিজা টেক্সিখন লৈ নগৈ বেটেৰী ৰিক্সা এখনহে ব্যৱহাৰ কৰিছিলোঁ ৷ কাৰণ প্ৰাইভেট টেক্সি তাজমহলৰ প্ৰৱেশদ্বাৰৰ সমুখলৈকে নিবলৈ নিদিয়ে ৷ বহু দূৰতে ৰখাবলগীয়া হয় ৷
ৰাতিৰ আহাৰ কৰি উঠি
আমি পাছদিনা কি কৰিম, ক’লৈ যাম সময়-সূচীবোৰ এবাৰ জুকিয়াই ল’লোঁ ৷ আমাৰ কোঠাৰ বাহিৰত কিতাপ-পত্ৰ
পঢ়িবৰ বাবে এখন আৰামী বিছনা আৰু ইংৰাজী গল্প-উপন্যাসৰ কিতাপেৰে ভৰা এখন ৰেক আছিল ৷ কি
কি কিতাপ আছে তাকে অলপ লিৰিকি-বিদাৰি চাই তাৰ পাছত শুবলৈ আহিলোঁ ৷ কাৰণ পাছদিনা দিনজোৰা ভ্ৰমণৰ
কাৰ্যসূচী ৷ সেয়ে ভালকৈ জিৰণিৰ প্ৰয়োজন আছিল ৷
পাছদিনা পুৱা লাহে-ধীৰে উঠি ডাইনিং হললৈ ব্ৰেকফাষ্ট কৰিবলৈ নামি আহিলোঁ ৷ তাত ইংলিছ ব্ৰেকফাষ্ট আৰু ইণ্ডিয়ান ব্ৰেকফাষ্ট দুয়োবিধৰে সুবিধা কৰি ৰাখিছিল ৷ হোম ষ্টে’ৰ মূল গৰাকীজনে দুগৰাকী সহায়কাৰী মহিলা লৈ পুৱা সকলোৰে বাবে পাকৈত হাতেৰে ব্ৰেকফাষ্ট তৈয়াৰ কৰে ৷ লগতে হাঁহিমুখেৰে সকলোৰে লগত সমানে কথাও পাতি থাকে ৷ গৰম গৰম ফুলা ফুলা পুৰী, আলুৰ দম, অমলেট, পায়স, চাহ, ফলমূল আদিৰে পেট ভৰাই ব্ৰেকফাষ্ট কৰি আমি আমাৰ টেক্সিত উঠি ৰাওনা হ’লোঁ ফতেহপুৰ চিক্ৰিলৈ বুলি ৷ আগ্ৰাৰ পৰা ফটেহপুৰ চিক্ৰি মোটামুটি তিয়াল্লিছ কিলোমিটাৰমান হ’ব ৷ তাত আমাৰ বাবে আন এজন নতুন গাইড অপেক্ষা কৰি আছিল ৷ ফটেহপুৰ চিক্ৰিৰ টিকটো আমি আগতীয়াকৈ অনলাইনত বুক কৰি থৈছিলোঁ ৷ মূল প্ৰৱেশদ্বাৰৰ পৰা ভিতৰ চ’ৰালৈ মিনিবাছ কিছুমানত যাব লাগে ৷ খোজকাঢ়ি যোৱা সম্ভৱ নহয় ৷ বহু দূৰ হয় ৷ উভতি আহোঁতেও একেই ব্যৱস্থা ৷
সম্ৰাট আকবৰে ১৫৭১-১৫৮৫-অৰ ভিতৰত ফটেহপুৰ চিক্ৰি নিৰ্মাণ কৰোৱাইছিল ৷ ফটেহপুৰ চিক্ৰি মানে হ’ল The City of Victory ৷ তাত এফালে আছে আকবৰৰ ৰাণীসকলৰ মহল, টকা-পইচা, ধন-সোণ থোৱা কোঠালি, তানসেনে সংগীত পৰিৱেশন কৰা মঞ্চ, আকবৰৰ জিৰণি কোঠা, আলোচনা কক্ষ, পুৱা-গধূলি তহল দিয়া বাগিচা আদি । আৰু আনফালে আছে হজৰত চেলিম চিস্তিক দৰগাহ, য’ত দেশ-বিদেশৰ পৰা মানুহে মনোকামনা পূৰণৰ বাবে আশীৰ্ৱাদ ল’বলৈ আহে ৷ হজৰত চেলিম চিস্তিক আকবৰে গুৰু হিচাপে মানি চলিছিল আৰু কোৱা হয় যে তেওঁৰ প্ৰতিটো ভৱিষ্যতবাণী সত্যত পৰিণত হোৱাত তেওঁৰ প্ৰতি মানুহৰ আস্থাও বাঢ়ি আহিছিল ৷ আমাৰ অমায়িক, মৃদুভাষী গাইডজনে সুন্দৰকৈ কথাবোৰ বৰ্ণনা কৰি কৈ গৈ আছিল ৷ ৰাণী যোধাৰ বাবে সম্ৰাট আকবৰে নিৰ্মাণ কৰাই দিয়া আচুতীয়া পাকঘৰ, পূজাঘৰ, তুলসীৰ ভেটি আদি দেখি এটা কথা মনলৈ আহিছিল যে শ-শ বছৰৰ আগতে হ’লেও আকবৰে এই ক্ষেত্ৰত যি ধৰ্মীয় উদাৰতাৰ পৰিচয় দিছিল, সেয়া হয়তো এতিয়াৰ যুগৰ অধিকাংশ লোকেই দিব পৰা নাই ৷ হজৰত চেলিম চিস্তিৰ দৰগাহলৈ যাওঁতে বুলন্দ দৰৱাজাখন দেখি অবাক হ’লোঁ ৷ বুলন্দ দৰৱাজাক পৃথিৱীৰ ভিতৰতে ওখ দৰজা বুলি কোৱা হয় ৷ সঁচাকৈয়ে বৰ ওখ ৷ দৰগাহৰ চৌহদত হজৰত চেলিম চিস্তিৰ পৰিয়ালৰ মানুহৰ কবৰসমূহো আছে ৷ চৌহদৰ ভিতৰত দৰগাহত দিবলৈ নানৰঙী সৰু-বৰ চাদৰ, ‘মন্নত কী ধাগা’ আৰু গোলাপৰ পাপৰি বিক্ৰী কৰে ৷ চাদৰসমূহ বহুত বেছি দামৰ পৰা তুলনামূলকভাৱে কম দামলৈকে আছে ৷ অৱশ্যে কিনিবই লাগিব বুলি কোনেও জবৰদস্তি নকৰে ৷ চাদৰসমূহ উছৰ্গা কৰাৰ পাছত দুখীয়া লোকক দান কৰা হয় যাতে তেওঁলোকে ঘৰুৱা উৎসৱ-পাৰ্বন বা বিয়া-বাৰুত ব্যৱহাৰ কৰিব পাৰে ৷ আমি দৰগাহত চাদৰ দি মন্নত কী ধাগা বান্ধিলোঁ ৷ তাত কিছু সংখ্যক লোকে চুফী সংগীত পৰিৱেশন কৰি আছিল৷ অলপ সময় তাতে বহি সংগীত উপভোগ কৰিলোঁ ৷ তাৰ পৰা ওলাই আহি পুনৰ মিনিবাছত উঠি আমি মূল প্ৰৱেশদ্বাৰ পালোঁহি৷ তাতে আমাৰ টেক্সিখন ৰৈ আছিল ৷ ওভতাৰ সময়ত হাইৱে’ৰ কাষত থকা হোটেল এখনত আমি দুপৰীয়াৰ ভাতসাঁজ খাই ল’লোঁ ৷ আগ্ৰা পেঠা, ডালমোঠ, চামৰাৰ বেগ, জেকেট আদি আৰু মাৰ্বলৰ বস্তু বিখ্যাত ৷ বেম্বুশাড়ী নামে এবিধ শাড়ীও বোলে খুব জনাজাত ৷ সেয়ে চিনস্বৰূপে দুই-এপদ বস্তু কিনো বুলি ভাবিলোঁ ৷ বজাৰৰ পৰা আহি গধূলিটো হোম ষ্টে’ৰ চাদৰ ওপৰত যি বহাৰ ব্যৱস্থা আছে তাতেই অলসভাৱে কটাম বুলি ভাবিলোঁ ৷ মুখ-হাত ধুই চাহ-কফি খাই আমি চাদলৈ গ’লোঁ ৷ চাদৰ পৰা গোটেই আগ্ৰা চহৰখন দেখি ৷ তেতিয়া বিজুলী বাতিৰে গোটেইখন জলমলাই উঠিছিল ৷ হট এয়াৰ বেলুনো উৰা দেখিলোঁ ৷ ৰাতিৰ আগ্ৰাখন হেঁপাহ পলুৱাই আমি বহুপৰ ধৰি চাই থাকিলোঁ ৷
পাছদিনা পুৱা হোম ষ্টে’ৰ পৰিয়ালটোক বিদায় জনাওঁতে মোৰ মনটো সেমেকি উঠিছিল ৷ তেওঁলোকে কেতিয়াবা সুযোগ মিলিলে মা কামাখ্যাৰ মন্দিৰত সেৱা কৰিবলৈ গুৱাহাটীলৈ আহিব বুলি জনালে ৷
দিল্লীলৈ ওভতাৰ বাটত অলপ সময়ৰ বাবে হ’লেও আমি গোকুলৰ মূল মন্দিৰত সোমাই সেৱা কৰিলোঁগৈ ৷ অক’মানি অক’মানি ল’ৰাবোৰে ওচৰলৈ আহি আমাৰ কপাল আৰু গালত সেন্দূৰ আৰু চন্দনেৰে ‘ৰাধে ৰাধে’ লিখি দিলে ৷ তাৰপৰা আমি আহিলোঁ মথুৰালৈ৷ কিন্তু তাত দুপৰীয়া এক বজাৰ পৰা আবেলি চাৰে চাৰি বজালৈ মন্দিৰৰ দ্বাৰ বন্ধ থাকে বাবে আমি বাহিৰৰ পৰাই সেৱা কৰি মথুৰাৰ বিখ্যাত পেৰাৰ টোপোলা এটা কিনি দিল্লীলৈ বুলি ৰাওনা হ’লোঁ ৷ দিল্লীত আমি ৰাতিটো থাকি পাছদিনা আবেলি গুৱাহাটীলৈ বিমানেৰে যাত্ৰা কৰাৰ কথা ৷
ওভতনি যাত্ৰা সদায়ে সুখ আৰু দুখৰ মিশ্ৰণ ৷ এফালে নিজৰ ঘৰখন সুকলমে গৈ পোৱাৰ হাবিয়াস, আনফালে এৰি অহা ঠাইখিনিলৈ
আৰু নো পুনৰ ক’ত অহা হ’ব তেনে ধৰণৰ এক অনুভৱ ৷ তাৰ মাজত সোণসেৰীয়া কথা এইটোৱেই যে প্ৰতিটো
ভ্ৰমণে যি অভিজ্ঞতা দিয়ে সি কাহানিও পুৰণি নহয় ৷ মনৰ মাজত ভ্ৰমণৰ অভিজ্ঞতাসমূহ সদায়ে সজীৱ হৈ
থাকি যায়৷