ড° ৰাস্না ৰাজখোৱা
উন্নত জীৱন ধাৰণ প্ৰণালীয়ে বৰ্তমান মানুহৰ গড়
আয়ুস প্ৰায় দুগুণলৈ
বৃদ্ধি কৰিছে যদিও বৃদ্ধ বয়সত আমাৰ শৰীৰৰ অংগবোৰৰ কাৰ্যক্ষমতা কমি আহে৷ বেছিভাগ
মানুহৰে বৃদ্ধ বয়সত নতুন অংগৰ প্ৰয়োজন হয়৷ ৰোগ-ব্যাধি অথবা দুৰ্ঘটনাত অংগ বিকল হ’লে
আনকি যুৱ অৱস্থাতো কেতিয়াবা অংগ সংৰোপণৰ প্ৰয়োজন হয়৷ বৰ্তমান আপোনাৰ যদি শৰীৰৰ এটা
অংগ সংৰোপণ কৰিবলগা হয়, তেন্তে অইন এজন ব্যক্তিৰ পৰাহে অংগটো ল’ব
লাগিব৷ অংগ সংৰোপণৰ চাহিদা দিনক দিনে বাঢ়ি অহাৰ বিপৰীতে দাতাৰ সংখ্যা কম আৰু এই সংখ্যাটো বৃদ্ধি
হোৱাৰো কোনো সম্ভাৱনা নোহোৱাৰ কাৰণে বিশ্বব্যাপি দান কৰা অংগৰ অভাৱ
পৰিলক্ষিত হৈছে৷ সাধাৰণতে মানুহে জীৱিতকালত তেওঁলোকৰ অংগ দান কৰাটো পছন্দ নকৰে৷
অংগৰ অভাৱতে বছৰি হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰে আৰু এই সংখ্যাটো
ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে৷ এনে ক্ষেত্ৰত কেতিয়াবা আমি আমাৰ অংগসমূহ প্ৰয়োজনমতে
কোনো অসুবিধা নোহোৱাকৈ প্ৰস্তুত কৰি ল’ব পাৰিম নেকি অথবা কেতিয়াবা
যদি কোনোবা এজন বা এগৰাকীয়ে অংগ বিচাৰিছে, তেন্তে তেওঁৰ বাবে বিশেষভাৱে সেই অংগটো
প্ৰস্তুত কৰি দিব পৰা পৰা যাব নেকি— এনে ধৰণৰ ভাববোৰ মনলৈ অহাটো স্বাভাৱিক৷ বহুতো মানুহৰ বাবে সম্ভৱতঃ এইবোৰ সুবিবেচনাপূৰ্ণ
বিজ্ঞানৰ কল্পকাহিনী যেন লাগিব পাৰে, কিন্তু মাত্ৰ কেইটামান বছৰৰ ভিতৰতে এই কথাবোৰ সঁচা হ’বলৈ
গৈ আছে৷ প্ৰায় এটা দশকৰ আগৰ পৰাই গৱেষকসকলে এই প্ৰচেষ্টা আৰম্ভ কৰিছে আৰু
ত্ৰি-মাত্ৰিক জৈৱমুদ্ৰণযন্ত্ৰৰ (3 D Bioprinter) দ্বাৰা জৈৱচিয়াঁহী
ব্যৱহাৰ কৰি শৰীৰৰ প্ৰয়োজনীয় অংগসমূহ প্ৰস্তুত কৰিবলৈ অবিৰাম চেষ্টা কৰি আছে৷
এনেদৰে প্ৰস্তুত কৰা অংগসমূহক সংশ্লেষিত অংগ বুলিও কোৱা হয়৷ গতিকে সংশ্লেষিত অংগ (Synthesis Organ) হ’ল
শৰীৰত সংৰোপণৰ কাৰণে ত্ৰি-মাত্ৰিক জৈৱ মুদ্ৰণযন্ত্ৰৰে জৈৱচিয়াঁহী
ব্যৱহাৰ কৰি মুদ্ৰিত কৰা কৃত্ৰিম অংগ৷
ক্লেম্ছন বিশ্ববিদ্যালয়ৰ থমাছ ব’লাণ্ড
(Thomas Boland) নামৰ গৱেষক এজনে বহু চেষ্টাৰ অন্তত প্ৰথমবাৰৰ কাৰণে মানুহৰ মূত্ৰাশয় ছপা কৰি
চিকিৎসা বিজ্ঞানত ইতিহাস ৰচনা কৰিলে৷ আৰম্ভণিতে জৈৱ কলা প্ৰস্তুত কৰিবলৈ সংশোধিত ইন্কজেট (Inkjet) প্ৰিণ্টাৰ ব্যৱহাৰ কৰা হৈছিল৷
ত্ৰি-মাত্ৰিক (3D) জৈৱ মুদ্ৰণযন্ত্ৰ সেই সময়ত নাছিল৷ ব’লাণ্ডে এই সকলো প্ৰামাণিক (Standard) ঘৰুৱা ইন্কজেট ত্ৰি-মাত্ৰিক
জৈৱমুদ্ৰণযন্ত্ৰৰ সহায়ত সম্পন্ন কৰে৷ তেওঁ মুদ্ৰণযন্ত্ৰৰ চিয়াঁহীৰ আধাৰটোত (Cartidge) চিয়াঁহীখিনি আঁতৰাই ভাহি থকা
কোষ আৰু স্মাৰ্ট জে’লেৰে ভৰ্তি কৰে আৰু একেটা জে’লেৰে পেপাৰখনতো প্ৰলেপ দিয়ে৷ তাৰ
পাছত চিয়াঁহীৰ আধাৰটো মুদ্ৰণযন্ত্ৰৰ যথাস্থানত ভৰাই মুদ্ৰণৰ কাম আৰম্ভ কৰে৷ কোষ
সংযোজন হৈ সৃষ্টি হোৱা কলাৰ সৈতে প্ৰামাণিক ছপা ন’য্ল
(নলীৰ আগ জোঙা মুখ) ব্যৱহাৰ কৰা হৈছিল৷ যেতিয়া গঠনটো সম্পূৰ্ণ হয়, জে’লটো লাহে লাহে ঠাণ্ডা হৈ অদৃশ্য হয়, কেৱল জৈৱ কোষবোৰহে গঠনটোত থাকি যায়৷ যদিও এই
পদ্ধতিৰে তেওঁ অংগটো সঠিকভাৱে ছপা কৰিব নোৱাৰিলে, তথাপি ই শুদ্ধ দিশত এটা খোজ
বুলি ক’ব পাৰি৷ থমাছ ব’লাণ্ডে জৈৱ কোষ ছপা কৰিবলৈ
ত্ৰি-মাত্ৰিক ইন্কজেট প্ৰিণ্টিং ব্যৱহাৰ কৰাৰ পেটেণ্ট্ লাভ কৰে ২০০৩ চনত৷
ব’লাণ্ডৰ সময়ৰ পৰা জৈৱিক গঠনৰ ত্ৰি-মাত্ৰিক
মুদ্ৰণ ব্যৱস্থাৰ যাক জৈৱমুদ্ৰণ (Bioprinting) বুলি কোৱা হয় যথেষ্ট উন্নতি কৰা হৈছে যাতে
জৈৱিক কলা আৰু অংগ গঠন কৰিব পাৰি৷ বৰ্তমানলৈকে এই পদ্ধতিৰে গঠন কৰা কাৰ্যক্ষম
অংগবোৰ হয় চেপেটা (যেনে— ছাল), নহয় ফোপোলা (যেনে— মূত্ৰাশয়)৷ মানৱ শৰীৰৰ যকৃত, বৃক্ক, হৃৎপিণ্ডৰ দৰে জটিল অংগ প্ৰস্তুত কৰিবলৈ তীব্ৰ গতিত
গৱেষণা চলি আছে আৰু কিছু পৰিমাণে সফল হৈছে যদিও এতিয়াও বহুতো জটিলতা আছে৷
ত্ৰি-মাত্ৰিক মুদ্ৰণযন্ত্ৰৰ সহায়ত ক’লাজেনেৰে (এক বিশেষ ধৰণৰ গঠনাত্মক প্ৰ’টিন)
বিশেষ অংগটোৰ গঠন কৰি লোৱা জঁকাটোৰ ওপৰত জৈৱ চিয়াঁহীৰে তৰপৰ ওপৰত তৰপ দি অংগটো
প্ৰস্তুত কৰে৷
শৰীৰৰ প্ৰধান অংগসমূহৰ নাটনিয়েই কৃত্ৰিম অংগ
প্ৰস্তুত কৰাৰ ধাৰণাটো গৱেষকসকলৰ মনলৈ প্ৰথম আনে৷ প্ৰায় এটা দশকজুৰি গৱেষকসকলে
শৰীৰৰ প্ৰধান অংগসমূহৰ অভাৱ পূৰণ কৰিবলৈ যত্ন কৰি আছে আৰু ইতিমধ্যে উল্লেখ কৰা
হৈছে যে তেওঁলোক লক্ষ্যৰ প্ৰায় কাষ চাপিছে৷ যোৱা শতিকাৰ শেষ দশকৰ শেহৰ ফালে আমেৰিকাৰ ৱেক ফৰেষ্ট্ ইন্ষ্টিটিউট
(Wake Forest Institute)-ত প্ৰ’টিনযুক্ত জৈৱ টুকুৰা এটা
প্ৰস্তুত কৰিবলৈ সক্ষম হয়, যিবোৰ মানুহৰ মূত্ৰাশয় (Bladders) প্ৰস্তুত কৰিবলৈ প্ৰয়োজন৷ তাৰ পাছত ২০০৬ চনত তেওঁলোকে মূত্ৰাশয়ৰ ৰোগী
এজনৰ মূত্ৰাশয়ৰ পৰা কোষ সংগ্ৰহ কৰি ‘সংশ্লেষিত মূত্ৰাশয়’ প্ৰস্তুত কৰে আৰু সেই
কৃত্ৰিম মূত্ৰাশয়টো ব্যক্তিজনৰ শৰীৰত সংৰোপণ কৰি তেওঁক আৰোগ্য কৰে৷ উল্লেখযোগ্য
যে যেতিয়া কৃত্ৰিম অংগ সংৰোপণৰ কাৰণে প্ৰস্তুত কৰা
হয়, তেতিয়া যিজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হ’ব, তেওঁৰ নিজৰ কোষৰ দ্বাৰা
জৈৱিক চিয়াঁহী প্ৰস্তুত কৰি অংগটো গঠন কৰা হয়৷
ত্ৰি-মাত্ৰিক মুদ্ৰণযন্ত্ৰৰ আগমনে কৃত্ৰিম অংগৰ
ভৱিষ্যৎ উজ্জ্বল কৰিছে৷ এটা ত্ৰি-মাত্ৰিক প্ৰামাণিক মুদ্ৰণযন্ত্ৰৰে গলিত
প্লাষ্টিক বা অন্য পদাৰ্থৰে তৰপৰ ওপৰত তৰপ সৃষ্টি কৰি প্ৰয়োজনীয় ত্ৰি-মাত্ৰিক আকাৰ
প্ৰস্তুত কৰে যেনেদৰে এখন কাগজৰ ওপৰত আনখন কাগজ আঠা লগাই উলম্ব ত্ৰি-মাত্ৰিক
স্তম্ভৰ সৃষ্টি কৰিব পৰা যায়৷ বিচৰা বস্তুটোৰ এটা অবাস্তৱ বা অসত্য আৰ্হি (Virtual model) প্ৰথমতে কম্পিউটাৰত প্ৰস্তুত
কৰা হয় আৰু তাৰ পাছত মুদ্ৰণযন্ত্ৰৰে তৰপৰ ওপৰত তৰপেৰে বস্তুটো তৈয়াৰ কৰে৷ এই
পদ্ধতি ব্যৱহাৰ কৰি মুদ্ৰণযন্ত্ৰৰে যিকোনো বস্তু ছপা কৰিব পাৰে, প্লাষ্টিকৰ সৰু মূৰ্তিৰ পৰা
জোতালৈকে, শতৰঞ্জৰ (দবা) ব’ৰ্ডখনৰ পৰা বৈদ্যুতিক
বৰ্তনীৰ ব’ৰ্ডলৈ সকলো প্ৰস্তুত কৰিব পাৰে৷
যদিও অংগ আৰু কলা প্ৰকৃততে একে নহয়, সিহঁতৰ ছপা পদ্ধতি কিন্তু একে৷
কিবা এটা ছপা কৰিবলৈ, এটা আৰ্হিৰ সদায় প্ৰয়োজন, যাতে অংগটোৰ
প্ৰস্তুত কৰাৰ পৰিকল্পনা বা যোজনা (Blueprint) পদ্ধতি এটাৰ (যেনে: চুম্বকীয় অনুনাদ
প্ৰতিবিম্বন (Magnetic Resonance
Imaging-MRI) বা কম্পিউটাৰ ট্ৰ’ম’গ্ৰাফি
স্কেন (Computer Tomography Scan-CT scan)) মাজেৰে কৰিব পাৰি৷ এই পদ্ধতিবোৰে অংগৰ
ত্ৰি-মাত্ৰিক আৰ্হি (3 D model) প্ৰস্তুত কৰাত সহায় কৰে আৰু গৱেষকসকলক অংগটোৰ
গঠনটোত বিভিন্ন অংশত বিভিন্ন কোষৰ সংযোজন চিত্ৰিত কৰাত সহায় কৰে৷ জৈৱ চিয়াঁহীত
ব্যৱহাৰ কৰা কোষ ৰুগীয়া ব্যক্তিজনৰ পৰা সংগ্ৰহ কৰে আৰু নিয়ন্ত্ৰিত কৰে৷ তাৰ পাছত গৱেষণাগাৰত কোষবোৰৰ কৰ্ষণ কৰে আৰু এবিধ ‘জৈৱ
চিয়াঁহী’ প্ৰস্তুত কৰে, যিটো চিয়াঁহীৰ কোষবোৰ প্ৰায় গোলাকৃতিৰ আৰু ইন্কজেট
মুদ্ৰণযন্ত্ৰৰ চিয়াঁহীৰ আধাৰতে সাধাৰণ চিয়াঁহী জমা কৰি থোৱাৰ দৰে ভৰোৱা হয়৷ ইয়াৰ কাৰণে
এটা বিশেষ মুদ্ৰণযন্ত্ৰৰ প্ৰয়োজন, যিহেতু প্লাষ্টিক আৰু জৈৱকোষ একেবাৰে একে বস্তু
নহয়৷ এই মুদ্ৰণযন্ত্ৰসমূহ অবিশ্বাস্যভাৱে কাৰিকৰী দিশৰ পৰা এনে ধৰণে উন্নত যে অংগৰ
দৰে জটিল কিছুমান বস্তুও ছপা কৰিবলৈ সক্ষম৷ সিহঁতে কোষবোৰ বেয়া নহ’বৰ
কাৰণে তাৰ ওপৰত বেছি চাপ প্ৰয়োগ কৰিব নোৱাৰে৷ মধ্যমীয়া উষ্ণতা ৰক্ষা কৰিব লাগিব
যাতে কোষবোৰ নষ্ট নহয় বা কাম কৰা বন্ধ নকৰে৷ এবাৰ গঠন অনুযায়ী মুদ্ৰণ কৰাৰ পাছতেই
এটা অংগৰ দৰে কাম কৰিবলৈ আৰম্ভ নকৰে যে সিহঁতক পৰীক্ষা কৰিব পাৰি বা মানুহৰ শৰীৰত
সংৰোপণ কৰিব পাৰি৷ সিহঁতক ইন্কুবেটৰত (যাক কোৱা হয় বায়’ৰিয়েক্টৰ)
কিছু সময়ৰ কাৰণে ৰাখিব লাগিব, যাতে কোষবোৰৰ সংযোজন হয় আৰু সুকীয়া এটা গোটৰ দৰে কাম
কৰে৷ যদিও পদ্ধতিটো কম-বেছি পৰিমাণে পোনপটীয়া, বৰ্তমান ই ভবাতকৈ বহুত জটিল আৰু এতিয়াও বহুত
পৰিমাণে মানুহৰ হস্তক্ষেপৰ প্ৰয়োজন৷
সফল জৈৱমুদ্ৰণৰ কাৰণে বহুত পদ্ধতি আছে৷ কিন্তু
সেইবোৰ পদ্ধতি আৰু মুদ্ৰণযন্ত্ৰসমূহ অত্যন্ত জটিল, যিটো অকলে পৰিচালনা কৰাটো
সম্ভৱ নহয়৷ অৱশ্যে সেই পদ্ধতিবোৰ গৱেষকৰ বিভিন্ন দলে প্ৰত্যেক
দিনাই বেছি নিখুঁত আৰু বলিষ্ঠ কৰিবলৈ যত্ন কৰি আছে৷
জৈৱমুদ্ৰণৰ আঁৰত দুটা প্ৰধান
কৌশল আছে— পৰোক্ষ আৰু
প্ৰত্যক্ষ মুদ্ৰণ৷ পৰোক্ষ মুদ্ৰণত প্ৰথমতে এক প্ৰকাৰ মুদ্ৰণ কৰা হয় সাঁচ বা জঁকা৷
তাৰ পাছত কোষবোৰ তাৰ ওপৰত স্থাপন কৰা হয়৷ এই প্ৰযুক্তিৰ প্ৰাৰম্ভিক পৰ্যায়ত কোষবোৰ
হাতেৰে সাঁচত ৰখা হৈছিল, যিটো কষ্টদায়ক (সৰ্তকতাৰে কৰিবলগা হয়) আৰু
পদ্ধতিটোৰ জটিলতা তথা সীমাবদ্ধতা আছিল৷ এতিয়া যি কি নহওক, শক্তিশালী মুদ্ৰণযন্ত্ৰ আৰু
কম্পিউটাৰেৰে মিলিমিটাৰ জোখৰ ব্যাসৰ নলী এই পদ্ধতিত প্ৰস্তুত কৰিব পাৰি৷ ক’লাজেন
ব্যৱহাৰ কৰি আধাৰ বা জঁকাটো প্ৰস্তুত কৰি ল’ব পাৰি, যিটো জৈৱ প্ৰক্ৰিয়াৰে
পৰিৱেশত লীন হ’ব পৰা জৈৱ পদাৰ্থ আৰু ই সময়ত, কোষসমূহৰ পৰস্পৰ সংযোজন
হোৱাৰ পাছত অদৃশ্য হৈ পৰে৷
প্ৰত্যক্ষ মুদ্ৰণত, জৈৱ চিয়াঁহীৰে জে’লৰ
সৈতে প্ৰত্যক্ষভাৱে তৰপৰ ওপৰত তৰপ সৃষ্টি কৰি বস্তুটোৰ গঠন সম্পূৰ্ণ কৰে৷ যেতিয়ালৈকে কোষবোৰ পৰস্পৰ
সংযোজন নহয়, তেতিয়ালৈকে জে’ল ব্যৱহাৰ কৰি গঠন কৰা বস্তুটো একে স্থানত লৰচৰ
নকৰাকৈ ৰাখিব লাগে৷ এই পদ্ধতিৰে বেছি নিখুঁত গঠন প্ৰস্তুত কৰিব পাৰি
যদিও ই বেছি জটিল আৰু বেছি সময়ৰ প্ৰয়োজন হয়৷
এই দুইটা পদ্ধতিৰ সংযোজনেৰে এটা পদ্ধতি ব্যৱহাৰ
কৰি সম্পূৰ্ণ কাৰ্যক্ষম আৰু সংবহনীয় নলিকা প্ৰণালী প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা
হৈছে, য’ত মূলতঃ অংগৰ ৰক্ত ধমনী জালিকা থাকিব যিয়ে নিউট্ৰন, অক্সিজেন ইত্যাদি ইয়াৰ
মাজেৰে যাবলৈ অনুমতি দিব৷ পৰোক্ষ পদ্ধতিটো অংগৰ প্ৰধান গঠন সম্পূৰ্ণ কৰিবলৈ
ব্যৱহাৰ কৰিব পাৰি আনহাতে প্ৰত্যক্ষ পদ্ধতিটোত ভিতৰৰ সূক্ষ্ম
ৰক্তবাহী নলী প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিব পাৰি৷ গৱেষকসকলে দুয়োটা
পদ্ধতিক একেলগ কৰি মূল্যৱান, ক্ৰিয়াশীল কৰিবলৈ যিমান পাৰে সিমান যত্ন কৰি
আছে৷
কৃত্ৰিম অংগ প্ৰস্তুত কৰিবলৈ বিভিন্ন প্ৰকাৰৰ
মুদ্ৰণ ব্যৱহাৰ কৰা হৈছে৷ টোপাল আধাৰিত জৈৱমুদ্ৰণ (Drop-based bio printing) আৰু নিৰ্গমক জৈৱমুদ্ৰণ (Extrusion bio
printing)৷
জৈৱ চিয়াঁহীৰ তৰপবোৰ গঠন কৰিবলৈ নিৰ্গমক মুদ্ৰণযন্ত্ৰত এটা সৰু ফিচকাৰী ব্যৱহাৰ
কৰে৷ এইবোৰে খুব সৰু অতি বেছি নিখুঁত গঠন প্ৰস্তুত কৰিব পাৰে৷ প্ৰাৰম্ভিক পৰ্যায়তে
কোষৰ প্ৰিণ্ট্ ল’বলৈ ব’লাণ্ডে ইন্কজেট মুদ্ৰণযন্ত্ৰৰো ব্যৱহাৰ
কৰিছিল৷ নিৰ্গমক মুদ্ৰণযন্ত্ৰৰে ঘৰুৱা মুদ্ৰণযন্ত্ৰৰ সৈতে একে পদ্ধতিৰে জৈৱ চিয়াঁহীত
সৰু সৰু বায়ুৰ বুদ্বুদ্ সৃষ্টি কৰি চাপ সৃষ্টি কৰে৷ যি কি নহওক, ভৱিষ্যতে এই পদ্ধতিবোৰ বা মুদ্ৰণযন্ত্ৰবোৰ
এটাও ব্যৱহাৰ নহ’ব পাৰে, হয়তো এটা নতুন ৰোমাঞ্চকৰ প্ৰযুক্তিৰ উদ্ভাৱন হ’ব
পাৰে, যিটো বৰ্তমান কল্পবিজ্ঞানৰ কাহিনী যেন লাগিব পাৰে৷ লে’জাৰে
জৈৱ মুদ্ৰণযন্ত্ৰক সহায় কৰাটোৱেই তাৰ এটা উদাহৰণ৷ গৱেষকসকলে কম্পনশীল চাপযুক্ত
বায়ুৰ বুদ্বুদ্ সৃষ্টি কৰিবলৈ লেজাৰ ৰশ্মি ব্যৱহাৰ কৰে৷ এই
পদ্ধতিটোৰে কোষবোৰক বেছি নিখুঁতভাৱে কামবোৰ সমাধা কৰিবলৈ
দৃঢ়তা আনি দিয়ে৷ যদিও বৰ্তমানে এইটো সম্পূৰ্ণ ব্যৱহাৰযোগ্য
নহয়, তথাপি এইটোৱেই হ’বগৈ পাৰে ভৱিষ্যতে অংগ মুদ্ৰণ কৰাৰ মুখ্য
পথ৷
যি কি নহওক সম্পূৰ্ণ কাৰ্যক্ষম জটিল অংগ এটা
ৰুগীয়া ব্যক্তি এজনৰ শৰীৰত ব্যৱহাৰ কৰিব পৰাকৈ বৰ্তমানলৈকে প্ৰস্তুত কৰিব পৰা হোৱা
নাই, গৱেষকসকল এতিয়াও যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে৷ বৰ্তমান
গৱেষকসকলে সম্পূৰ্ণ কাৰ্যক্ষম সৰু আৰু প্ৰতিৰূপ অংগ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে
যদিও অযোগ্য ৰক্ত সংবহনীয় নলিকা জালিৰ কাৰণে সেই অংগৰ আয়ুস খুব কম৷ শল্য চিকিৎসকক
সহায় আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ অনুশীলনৰ বাবে প্ৰতিৰূপ অংগসমূহ কিছুমান
হস্পিটেল আৰু স্কুলত মুদ্ৰণ কৰা হয়৷ ত্ৰি-মাত্ৰিক মুদ্ৰণযন্ত্ৰ (3D Printer) ইতিমধ্যে ৰুগীয়া লোকসকলক
সহায় কৰিবৰ বাবে ব্যৱহাৰ কৰা হৈছে৷ বৰ্তমান কৃত্ৰিম ধাতু আৰু প্লাষ্টিকৰ হাড়ৰ গঠন
যেনে হনু (jaw), নিতম্ব (hips) আৰু আনকি ধাতু আঙুলিৰ গাঁঠি (যিটো সঁচাকৈয়ে
যুদ্ধত খুবেই প্ৰয়োজন) মুদ্ৰণ কৰাটো
সম্ভৱ হৈছে৷ ছপা কৰা ছাল, জুয়ে পোৰা বা বেয়া হৈ যোৱা ছালৰ ঠাইত ব্যৱহাৰ
কৰিব পৰা গৈছে৷ প্ৰসাধন দ্ৰব্য প্ৰস্তুতকৰোঁতা কিছুমান কোম্পানিয়ে প্ৰতি বছৰে
বৃহৎ পৰিমাণে ত্ৰি-মাত্ৰিক মুদ্ৰিত গাৰ ছাল ব্যৱহাৰ কৰে, যাতে তেওঁলোকৰ প্ৰসাধন
সামগ্ৰীসমূহ পৰীক্ষা কৰিবলৈ তেওঁলোকৰ গ্ৰাহকক সেই সামগ্ৰীসমূহ নিৰ্ভয়ে বিক্ৰী কৰিব
পাৰে৷ বৰ্তমান বহুতো গাইগুটীয়া ফাৰ্ম আৰু কোম্পানী আছে, যিবোৰে এই প্ৰযুক্তিত কাম
কৰি আছে৷ কঠিন কোষীয় গঠনৰ প্ৰয়োজন
হোৱা বেছি জটিল অংগবোৰৰ বিষয়ে বৰ্তমান গৱেষণা চলি আছে৷ দ্য আমেৰিকান হেলথ্কেয়াৰ
কোম্পানি, জন্ছন এণ্ড্ জন্ছনে তেনেকুৱা ফাৰ্মত অত্যন্ত ব্যয় কৰিছে৷
অৰগেন’ভ’ (Organovo) বায়’প্ৰিণ্টিং
কোম্পানিয়ে ইতিমধ্যে মানুহৰ যকৃতৰ কলা (কোষৰ সমষ্টি) ব্যৱহাৰ কৰি যকৃত (Liver) প্ৰস্তুত কৰি নিগনিৰ দেহত
সংৰোপণ কৰে আৰু ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হয়৷ মানুহৰ দেহত সংৰোপণৰ ক্ষেত্ৰত
ৰক্তবাহী নলিকাৰ জালিকাৰ বাবে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদিও অৰগেন’ভ’ই দাবী কৰে যে অহা তিনিৰ পৰা পাঁচ
বছৰৰ ভিতৰত মুদ্ৰিত যকৃত কলা সংৰোপণ কৰি পুৰণা যকৃতৰ ৰোগ নোহোৱা কৰিবলৈ সক্ষম হ’ব।
তোওঁলোকে কাৰ্যক্ষম যকৃত প্ৰস্তুত কৰি সংৰোপণৰ প্ৰথমটো পৰীক্ষা কৰি চোৱাৰ
সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে অদূৰ ভৱিষ্যতে এইটো হোৱাটো নিশ্চিত৷
২০১৬ চনত হাৰ্ভাৰ্ডৰ জেন্নিফাৰ লিউছ গৱেষণাগাৰত
(Jennifer Lewis lab) অভিনৱ মুদ্ৰণ পদ্ধতি ব্যৱহাৰ কৰে, য’ত চিয়াঁহীত বৃক্কৰ (Kidney) কোষ আৰু তাৰ পাৰিপাৰ্শ্বিক
পদাৰ্থ আছিল৷ এই চিয়াঁহীটোৰ গাঢ়তা টুথ্পেষ্টৰ গাঢ়তাৰ
সৈতে সামঞ্জস্য আছে, যাৰ বাবে কোঠাৰ উষ্ণতাতে চিয়াঁহীখিনি আধাৰৰ পৰা নিৰ্গত হয় আৰু
জটিল কলাৰ আকাৰ প্ৰস্তুত কৰে৷ গৱেষকসকলে বৃক্কৰ সক্ৰিয় গোট নেফ্ৰন (Nephron)-ৰ অংশ এটা গঠন কৰিবলৈ সক্ষম হয়, যিটো বৃক্কৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ৷
বায়’লাইফ ৪ডি (Biolife
4D)
এটা জৈৱ প্ৰযুক্তি। গৱেষকসকলে আশা কৰে এই
প্ৰযুক্তি ব্যৱহাৰ কৰি এবছৰৰ ভিতৰত সৰু হৃৎপিণ্ড গঠন কৰি সৰু প্ৰাণীৰ ক্ষেত্ৰত পৰীক্ষা কৰি চাব
পৰা যাব৷ পদ্ধতিটো খণ্ড খণ্ডকৈ কেইবাটাও গৱেষকৰ দলে প্ৰস্তুত কৰিছে৷
(ক)
প্ৰথমতে এম আৰ আই মেচিনৰ (MRI) সহায়ত ৰোগীৰ হৃৎপিণ্ড তন্ন তন্নকৈ নিৰীক্ষণ কৰি হৃৎপিণ্ডৰ আকাৰ আৰু ৰূপ সাংখ্যিক
মানলৈ (Digital render) ৰূপান্তৰিত কৰা হয়৷
(খ)
ইয়াৰ পাছত ৰোগীৰ তেজৰ নমুনা (Sample) সংগ্ৰহ কৰি তেজৰ কোষবোৰ শৰীৰৰ কোষলৈ ৰূপান্তৰ
কৰা হয় আৰু তাৰ পাছত আকৌ হৃৎপিণ্ডৰ কোষলৈ ৰূপান্তৰ কৰা হয়৷ এই মিশ্ৰণটোক জৈৱিক চিয়াঁহী
হিচাপে ত্ৰি-মাত্ৰিক মুদ্ৰণযন্ত্ৰত ব্যৱহাৰ কৰা হয়৷
(গ)
পৰিৱেশত জৈৱিকভাৱে জীণ যোৱা আধাৰ বা জঁকাৰ ওপৰত জৈৱিক চিয়াঁহীৰে তৰপৰ ওপৰত তৰপ
সৃষ্টি কৰি ৰোগীৰ হৃৎপিণ্ডৰ প্ৰকৃত আকাৰ গঠন কৰা হয়৷
কিছু দিনৰ ভিতৰত হৃৎপিণ্ডৰ কোষবিলাকৰ সংযোজন হৈ এটা
সুকীয়া গোট হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে আৰু হৃৎপিণ্ডৰ দৰে সংকোচন-প্ৰসাৰণ হৈ
কম্পনৰ সৃষ্টি কৰে৷ জৈৱিক আধাৰটো অদৃশ্য হৈ পৰে৷ ইয়াৰ পাছত হৃৎপিণ্ডটো সংৰোপণৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হয়৷
ৰোগীৰ নিজৰ কোষ ব্যৱহাৰ কৰাৰ কাৰণে ৰোগীৰ শৰীৰটোৱে ইয়াক গ্ৰহণ কৰাৰ সম্ভাৱনাই
বেছি থাকে৷
আনহাতে কোটি কোটি মানুহ চকুৰ কৰ্নিয়াৰ
অসুস্থতাৰ বাবে অন্ধ হয় আৰু কৰ্নিয়া সংৰোপণ কৰিবলগা হয়৷ কিন্তু চকু দান কৰা মানুহৰ
সংখ্যা সীমিত হোৱাৰ বাবে কৰ্নিয়াৰ নাটনি হোৱা পৰিলক্ষিত হয়৷ নিউ কেছ্ল
বিশ্ববিদ্যালয়ৰ Che
Connon’s গ্ৰুপে প্ৰথমবাৰৰ বাবে দহ মিনিটতকৈও কম সময়ৰ ভিতৰত ত্ৰি-মাত্ৰিক মুদ্ৰণযন্ত্ৰৰ
সহায়ত মানুহৰ কৰ্নিয়া প্ৰস্তুত কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে এনেদৰে প্ৰস্তুত
কৰা কৰ্নিয়া মানুহৰ চকুত সংৰোপণ কৰিবলৈ আৰু বহুত সংশোধন আৰু পৰীক্ষা-নিৰীক্ষাৰ
প্ৰয়োজন হ’ব৷ কিন্তু Che Connon’s গ্ৰুপৰ পৰীক্ষাটোৱে এনেদৰে যে কৰ্নিয়া প্ৰস্তুত কৰিব পাৰি, সেই কথাকে প্ৰমাণ
কৰিলে৷
২০১৭ চনত গ্লাছ্গ’ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে
এটা নতুন প্ৰযুক্তি “নেন’কিকিং” (Nanokicking) ব্যৱহাৰ কৰি প্ৰথমবাৰৰ কাৰণে
ত্ৰি-মাত্ৰিক মুদ্ৰণযন্ত্ৰৰ সহায়ত হাড় প্ৰস্তুত কৰে৷ এই পদ্ধতিত গৱেষকসকলে শৰীৰৰ
কোষ ব্যৱহাৰ কৰি হাড় প্ৰস্তুত কৰে৷ এনে ধৰণে প্ৰস্তুত কৰা হাড় মানুহৰ দেহত ২০২০
চনৰ প্ৰথম ভাগতে লগাব পৰা যাব বুলি গৱেষকসকলে আশা প্ৰকাশ কৰিছিল (অৱশ্যে ক’ৰ’নাভাইৰাছৰ
মহামাৰী ৰূপৰ কাৰণে এই উদ্যোগটো কিছু পলম হৈছে)৷ ইতিমধ্যে অইন এটা গৱেষকৰ দলে
কৃত্ৰিম হাড় প্ৰস্তুত কৰি কুকুৰৰ ভৰিত স্থাপন কৰি সফলতা অৰ্জন কৰিছে৷
চীনৰ ছিচুৱান ৰ’ৱ’টেকে
(Sichuan Rovotech) মানুহৰ মুদ্ৰিত ধমনীৰ অংশ সফলভাৱে বান্দৰৰ শৰীৰত সংৰোপণ কৰিব পাৰিছে৷ যদিও এয়া অভিনৱ সফলতা যেন
নালাগে, তথাপি বৃহৎ উদ্দেশ্য সফল কৰাৰ ক্ষেত্ৰত এটা সৰু খোজ বুলি অভিহিত কৰিব পাৰি৷
যোৱা দহটা বছৰত জৈৱ মুদ্ৰণৰ দ্ৰুত উন্নতি হোৱা সত্ত্বেও
এতিয়াও গৱেষকসকলে অত্যন্ত প্ৰত্যাহ্বানৰ মুখামুখি হৈছে৷ কৃত্ৰিম
অংগ প্ৰস্তুত কৰোঁতে ৰক্তবাহী নলিকাৰ গুৰুত্ব অপৰিসীম৷ এটা অংগ কেতিয়াও কাৰ্যক্ষম
হৈ থাকিব নোৱাৰে, যদিহে তাৰ ৰক্তবাহী নলিকা নাথাকে৷ বৰ্তমান ছপা
কৰা অংগসমূহত আংশিকভাৱেহে ৰক্তবাহী জালিকা থাকে, কিন্তু যিমানখিনি থাকিলে মানুহৰ
শৰীৰৰ ভিতৰত সিহঁত কাৰ্যক্ষম হৈ থাকিব পাৰিব, সিমানখিনি নাথাকে৷ এটা জটিল অংগ যেনে যকৃতত কোটি কোটি সৰু সৰু ৰক্তবাহী নলিকা
থাকে, তাৰে কিছুমান নেন’মিটাৰ ব্যাসৰ (১০-৯ মিটাৰ)৷ বৰ্তমান প্ৰস্তুত কৰা জটিল অংগৰ আয়ুস
খুব কম আৰু সেই কাৰণে জীৱিত ব্যক্তি এজনৰ শৰীৰৰ ভিতৰত ইয়াক সংৰোপণ কৰিব পৰা হোৱা
নাই৷ বৰ্তমান কম্পিউটাৰৰ কোনো ছফ্টৱেৰ নাই যিটোৱে যকৃতৰ নিচিনা অংগ সম্পূৰ্ণ
চিত্ৰিত কৰিব পাৰে আৰু কোনো মুদ্ৰণযন্ত্ৰৰে ইয়াক সম্পূৰ্ণ মুদ্ৰণ কৰিব পাৰে৷
বৰ্তমান গৱেষকসকলৰো আমাৰ শৰীৰৰ অংগৰ লগত সামঞ্জস্য
থকা অংগৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন পৃথক কোষৰ বিন্যাসৰ অনুমান কৰিবলৈ প্ৰয়োজনীয়
জ্ঞানৰ অভাৱ হৈ আছে৷
জৈৱমুদ্ৰণ হ’ল
সাংখ্যিক আৰ্হিমতে স্বয়ংক্ৰিয় কম্পিউটাৰৰ সহায়ত স্ব-সংযোজন কলা ব্যৱহাৰ কৰি জৈৱ চিয়াঁহীৰে
ত্ৰি-মাত্ৰিক অংগ প্ৰস্তুত বা মুদ্ৰণ কৰা৷ অংগ মুদ্ৰণ জৈৱ চিকিৎসাৰ উল্লেখযোগ্য
সহায়কাৰী নিৰ্মাণ প্ৰযুক্তি৷ নিঃসন্দেহে সাংখ্যিক আৰ্হি নোহোৱাকৈ জৈৱ-মুদ্ৰণ
কৰাটো অসম্ভৱ, সৰল ভাষাত কবলৈ গ’লে
যোজনা (Blueprint) অবিহনে জৈৱ-মুদ্ৰণ অসম্ভৱ৷ ছফ্টৱেৰ, তথ্য প্ৰযুক্তিৰ এটা ধ্ৰুপদী (Classical) উদাহৰণ৷ এই দৃষ্টিভঙ্গীৰ পৰা
চাবলৈ গ’লে ত্ৰিমাত্ৰিক জৈৱ-মুদ্ৰণক তথ্য-প্ৰযুক্তিৰ অন্তৰ্ভুক্ত
কৰিলেও আচৰিত হ’বলগা নাই৷
জৈৱ মুদ্ৰণ দ্ৰুত গতিত উন্নতিৰ পথত আগবঢ়া জীৱবিদ্যা আৰু অভিযান্ত্ৰিক বিভাগক পৰস্পৰ
সম্পৰ্কিত কৰা জৈৱ চিকিৎসা (Biomedical) প্ৰযুক্তি৷ জৈৱিক অভিযান্ত্ৰিকত (Biological Engineering), কৃত্ৰিম অংগৰ ত্ৰি-মাত্ৰিক মুদ্ৰণ এটা প্ৰধান বিষয়৷ বৰ্তমান ত্ৰি-মাত্ৰিক মুদ্ৰণযন্ত্ৰ বজাৰত উপলব্ধ৷
মানুহৰ কলা আৰু অংগৰ জটিলতা বিভিন্ন স্তৰৰ৷ কিছুমান অংগৰ কলা আছে, য’ত
ৰক্তবাহী নলিকাৰ জালিকা নাই (উদাহৰণস্বৰূপে— কৰ্নিয়া, উপাস্থি ইত্যাদি)৷
অংগ মুদ্ৰণ প্ৰযুক্তি উন্নতিৰ লগে লগে অংগৰ
সাংখ্যিক সংস্কৰণৰ চাহিদাও বাঢ়ি গৈছে৷ এই ক্ষেত্ৰত অবাস্তৱ বা অসত্য (Virtual) মানৱ প্ৰকল্পৰ প্ৰতি আগ্ৰহ
বৃদ্ধি পাইছে, যিয়ে অবাস্তৱ মানৱ অংগ প্ৰস্তুত কৰিবলৈ অনুমতি প্ৰদান কৰে৷ কেইবা
দশকৰ আগতে এন আই চি (National Information
Center-NIC)-ৰ
বিত্তীয় সাহায্যত আমেৰিকাই প্ৰথম অবাস্তৱ মানৱ প্ৰস্তুত কৰিছিল৷ বৰ্তমান চীন, দক্ষিণ কোৰিয়া আৰু জাপানত
অবাস্তৱ মানৱ প্ৰস্তুতকৰণ প্ৰকল্প আছে৷ শেহতীয়াকৈ লণ্ডন আৰু নিউজিলেণ্ডৰ গৱেষকৰ দল
এটাই উন্নত মানৰ অবাস্তৱ মানৱ প্ৰস্তুত কৰিবলৈ পৰিকল্পনা কৰিছে৷ অবাস্তৱ মানৱৰ পৰা পোৱা কিছুমান
সাংখ্যিক প্ৰতিবিম্ব যেনে-কিড্নিৰ ধমনী বৃক্ষ বা বহিঃকৰ্ণৰ সাংখ্যিক প্ৰতিবিম্ব
ত্ৰি-মাত্ৰিক মুদ্ৰণত ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে৷
জৈৱ মুদ্ৰণ এটা ৰোমাঞ্চকৰ কাৰিকৰী প্ৰযুক্তি৷
এই কাৰিকৰী প্ৰযুক্তিৰ সঁচাকৈয়ে পৃথিৱীক পৰিৱৰ্তন কৰিব পৰা ক্ষমতা আছে আৰু ই অংগৰ
বিকলতা বা দুৰ্বলতাত ভোগা কোটি কোটি মানুহক সহায় কৰিব পাৰে৷ সন্মুখত এতিয়াও বহুত
প্ৰত্যাহ্বান আছে আৰু সম্পূৰ্ণ কাৰ্যক্ষম অংগ প্ৰস্তুত কৰাটো এতিয়াও
এটা সপোন হৈ আছে৷ কিন্তু এই ক্ষেত্ৰত হোৱা দ্ৰুত উন্নতিয়ে দেখুৱাইছে যে ই নিশ্চিতভাৱে
অসম্ভৱ নহয়৷ এই প্ৰযুক্তিৰ প্ৰগতি এনেদৰে থাকিলে আমি অনুমান কৰিব পাৰোঁ যে মানৱ
শৰীৰত প্ৰথম কৃত্ৰিম অংগ সংৰোপণৰ পৰা আমি কেৱল ৫-১০
বছৰৰ আতঁৰতহে আছোঁ৷ অৱশ্যে যেতিয়া সংশ্লেষিত অংগ পৰ্যাপ্ত পৰিমাণৰ হ’ব, সম্ভৱতঃ তেতিয়াও ই বৰ্তমান
অংগ দানৰ ক্ষেত্ৰত মুখামুখি
হৈ থকা সকলো সমস্যাৰ সমাধান কৰিব নোৱাৰিব আৰু ই দীঘলীয়া সময়ৰ বাবে খৰচী প্ৰক্ৰিয়া
হ’বগৈও পাৰে৷
তথ্যসূত্ৰ :
11. Mironov, V. et al. Organ printing: tissue spheroids as building blocks. Biomaterials 30, 2164–2174 (2009).
22. Mironov, V. et al. Biofabrication: a 21st century manufacturing paradigm. Biofabrication 1, 022001 (2009).
33.Skardal, A. et al. Bioprinted amniotic fluid-derived stem cells accelerate healing of large skin wounds. Stem Cells Transl. Med. 1, 792–802 (2012).
44. Cui, X., Breitenkamp, K., Finn, M.G., Lotz, M. & D’Lima, D.D. Direct human cartilage repair using three-dimensional bioprinting technology. Tissue Eng. Part A 18, 1304–1312 (2012).
55. Brian Derby. Printing and Prototyping of Tissues and Scaffolds. Science, Vol. 338 no. 6109 (2012) pp. 921-926.
66. Mironov V., V. Kasyanov, C. Drake, R.R. Markwald. Organ printing: promises and challenges. Regen Med. Jan;3(1) (2008) 93-103.
77. Mironov V, Boland T, Trusk T, Forgacs G, Markwald RR. Organ printing: computer-aided jet-based 3D tissue engineering. Trends
Biotechnol. Apr;21(4) (2003) 157-61
88. Tolga K. C., Pandzic, I.S., Noser, H., Thalmann, N.M., Thalmann, D. Virtual Human Representation and Communication in VLNET Networked Virtual Environment.Published in VLNET, IEEE Computer Graphics and Applications, Vol. 17, N°2 (1997) pp42-53.