নীৰাজনা মহন্ত বেজবৰা
এই লেখাৰ যোগেদি অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ বিষয়ে সম্পাদিত হোৱা চিন্তা-চর্চাৰ এক ৰূপৰেখা দাঙি ধৰিবলৈ যত্ন কৰা হ’ব। অসমত বা অসমীয়াত তুলনামূলক সাহিত্যৰ চর্চাৰ প্রসঙ্গটো বিশ্বাত্মক তথা ভাৰতীয় প্রেক্ষাপটত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ এক অংশবিশেষ। গতিকে ইয়াৰ গতি-প্রগতিত অন্তর্নিহিত হৈ থকা বিভিন্ন দিশসমূহৰ অনুসন্ধান তথা ব্যাখ্যা-বিবেচনাৰ ক্ষেত্ৰত পৃষ্ঠভূমিৰ ৰূপত তুলনামূলক সাহিত্যৰ মূল গতি-প্রকৃতি আৰু ৰাষ্ট্ৰীয় প্রেক্ষাপটত তুলনামূলক ভাৰতীয় সাহিত্য সম্পর্কীয় চিন্তা-চর্চায়ো সামান্যভাবে স্থান লাভ কৰাৰ অৱকাশ আছে।
তুলনামূলক অধ্যয়ন আৰু তুলনামূলক সাহিত্য
মানুহৰ চিন্তা-চর্চাৰ লগত তুলনা নামৰ বৌদ্ধিক প্রক্ৰিয়াটো সর্বদাই জড়িত হৈ থাকে। এইদৰে চাবলৈ গ’লে মানুহে সাহিত্যৰ লগত জড়িতভাৱে যেতিয়াই চিন্তা-চর্চা আৰম্ভ কৰিছিল, তেতিয়াৰপৰাই তাত এক প্ৰকাৰ তুলনাত্মক প্রক্ৰিয়াই মানুহৰ জ্ঞাতে বা অজ্ঞাতে ক্ৰিয়াশীল হৈ আহিছে। এইদৰে অসচেতনভাৱে তুলনাত্মক প্রক্ৰিয়াৰ প্রয়োগৰ অতিৰিক্ত সম্পূর্ণ সচেতনভাৱেও যেতিয়া সাহিত্যৰ অধ্যয়নত ইয়াৰ প্রয়োগ কৰিবলৈ লোৱা হ’ল, এনে অধ্যয়নে প্রক্ৰিয়াৰ নাম অনুসৰিয়েই ‘সাহিত্যৰ তুলনামূলক অধ্যয়ন’ নাম পালে। সাহিত্য অধ্যয়নৰ বাবে সাধাৰণভাৱে স্বীকৃত তত্ত্বসমূহেই এনে অধ্যয়নৰো মূল আধাৰ। কিন্তু এই তত্ত্বসমূহক আধাৰ কৰি ইয়াত তুলনা অর্থাৎ একাধিক সাহিত্যৰ মাজত সাদৃশ্য-বৈসাদৃশ্যৰ সন্ধানে প্রধান গুৰুত্ব পায়। এনে অধ্যয়নৰ পৰিণাম বা সিদ্ধান্তসমূহ প্রায় ক্ষেত্ৰতে গুণগত (Qualitative) প্রকৃতিতকৈ অধিক পৰিমাণগত (Quantitative) প্রকৃতিৰ হয়। তুলনামূলক অধ্যয়নত অধ্যয়নৰ বাবে গ্রহণ কৰা সাহিত্য বা সাহিত্যিকসকল স্থান, কাল আৰু ভাষাৰ সীমাৰ ভিতৰতো হ’ব পাৰে বা সীমা অতিক্ৰম কৰিও হ’ব পাৰে।
তুলনামূলক সাহিত্য আচলতে এখন বিদ্যায়তনিক ক্ষেত্ৰ। কোনো কোনোৱে ‘সাহিত্য অধ্যয়নৰ দৃষ্টিভঙ্গীবিশেষ’, কোনোৱে ‘সাহিত্য অধ্যয়নৰ পদ্ধতিবিশেষ’ আদি ধৰণেৰে ইয়াৰ পৰিচয় আগ বঢ়ায়। এনে পৰিচয় তুলনামূলক সাহিত্যৰ আংশিক বৈশিষ্ট্যসূচকহে। প্রকৃততে সাহিত্যৰ অধ্যয়ন সম্পর্কীয় দৃষ্টিভঙ্গী, অধ্যয়নৰ ক্ষেত্ৰ বা পৰিসৰ আৰু সেই দৃষ্টভঙ্গীৰে তেনে ধৰণৰ পৰিসৰৰ অন্তর্গত বিষয় অধ্যয়ন কৰি ফলপ্রসূ সিদ্ধান্ত লাভ কৰাৰ বাবে উপযুক্ত পদ্ধতি– এই কেউটা সমল আৰু সঁজুলিৰে তুলনামূলক সাহিত্য এখন স্বতন্ত্ৰ বিদ্যায়তনিক ক্ষেত্ৰ (academic discipline)। সাহিত্যৰ সীমাৰ ভিতৰত হ’লে ইয়াৰ মনোযোগ প্রধানকৈ পৃথক সংস্কৃতিৰ, পৃথক জাতিৰ, পৃথক বিধাৰ সাহিত্যৰ পৰস্পৰ সম্পর্কজড়িত অধ্যয়নত নিবিষ্ট। এইদৰে চাবলৈ গ’লে ইয়াৰ প্রকৃতি আন্তর্সাস্কৃতিক, আন্তর্ভাষিক, আন্তর্জাতিক তথা আন্তর্বিধাগত। অধ্যয়নৰ পৰিসৰৰ ক্ষেত্রত সাহিত্যৰ সীমা অতিক্রম কৰি তুলনামূলক সাহিত্যই সাহিত্য আৰু সঙ্গীত, চিত্ৰ, চলচ্চিত্ৰ আদি মানুহৰ অন্য সাংস্কৃতিক কর্মৰ মাজৰ সম্পর্কৰ অনুসন্ধানৰ প্রতি আগ্ৰহ দেখুৱায়। আন্ত:বিদ্যাৱর্তী (interdisciplina|y) প্রকৃতিৰ বাবে ই অর্থনীতি, ৰাজনীতি, দর্শন, সমাজতত্ত্ব আদি সমাজ বিজ্ঞানকে ধৰি জ্ঞান-বিজ্ঞানৰ বিভিন্ন শাখাৰ লগতো সাহিত্যৰ সম্পর্ক বিশ্লেষণৰ মাধ্যমেৰে জীৱন আৰু জগতৰ লগত জড়িত অনেক ধৰণৰ ধাৰণাগত, কৌশলগত তথা বস্তুগত দিশৰ উদ্ঘাটনৰ ফালে অগ্রসৰ হয়। এনে অধ্যয়ন, বিশ্লেষণ আৰু তাৰ পৰা লাভ কৰা পৰিণাম বা সিদ্ধান্ত সাধাৰণতে উপৰুৱা সাদৃশ্য-বৈসাদৃশ্যৰ লগত জড়িত সংখ্যা বা পৰিমাণগত হোৱাৰ পৰিৱর্তে অধিক ৰূপত গুণগত লক্ষণসমন্বিত হয়।
সাহিত্যৰ অধ্যয়নৰ সময়ত অধ্যয়নকাৰীসকলে অসচেতনভাৱে প্রয়োগ কৰা তুলনাত্মক পদ্ধতি তথা সচেতনভাৱে প্রয়োগ কৰাৰ ক্ষেত্ৰতো তুলনামূলক সাহিত্যৰ প্রকৃতিগত অনুসৰণৰ অবিহনে তাক তুলনামূলক সাহিত্য বুলিব নোৱাৰি। তেনে কৰিবলৈ গ’লে সাহিত্যৰ অধ্যয়ন মাত্ৰকেই কম-বেছি পৰিমাণে তুলনামূলক সাহিত্যৰ ভিতৰুৱা কৰি পেলাব লাগিব। ষোড়শ শতিকাত ইউৰোপত বীজ ৰোপিত হৈ, ঊনবিংশ শতিকাৰ শেষলৈ তুলনামূলক সাহিত্য নামেৰে এক বিদ্যায়তনিক অনুশাসন হিচাপে প্রতিষ্ঠা লাভ কৰি বিংশ শতিকাৰ দ্বিতীয়ার্দ্ধলৈ আনুষ্ঠানিক-অনানুষ্ঠানিক দুয়ো ধৰণেৰে সম্পাদিত সাহিত্যৰ অধ্যয়নত বিশ্ব জুৰি প্রসিদ্ধি আৰু প্রচলন লাভ কৰা বিদ্যায়তনিক ক্ষেত্ৰখনৰ লগত জড়িত অসমীয়া ভাষাত হোৱা চিন্তা-চর্চাকহে এই লেখাৰ বিবেচনীয় বিষয় বুলি ধৰা হ’ব।
অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চর্চাৰ খতিয়ান
অসমীয়া ভাষাত যজ্ঞেশ্বৰ শর্মাই ‘তুলনামূলক সাহিত্য’ শীর্ষকেৰে ‘অসম সাহিত্য সভা পত্ৰিকা’ (চতুস্ত্ৰিংশ বছৰ, ১৯৭৭ চন, প্রথম সংখ্যা)-ত প্রকাশিত এটা প্রবন্ধত এই বিষয়টো সম্পর্কীয় চর্চাৰ পাতনি তৰে। [এই লেখাত জীৱমণি নাথৰ সম্পাদিত ‘অসম সাহিত্য সভা পত্ৰিকাৰ নির্বাচিত প্রবন্ধ : বিষয় সাহিত্য’ নামৰ গ্ৰন্থত (২০১৭ চন) তাৰ পুনৰ প্রকাশিত ৰূপক আধাৰ হিচাপে গ্রহণ কৰা হৈছে] আৰম্ভণি ঘটোৱাৰ অর্থত এই লেখাটোক ‘পাতনি’ বুলি কোৱা হৈছে যদিও আচলতে তুলনামূলক সাহিত্য সম্পর্কে তেতিয়ালৈকে চর্চালৈ অহা প্রায় সমস্ত প্রসঙ্গ লেখাটোত ভুৰুকাত হাতী ভৰোৱাৰ দৰে ভৰাই থোৱা আছে। অন্য প্রকাৰে ক’বলৈ গ’লে এই নির্দিষ্ট বিদ্যায়তনিক ক্ষেত্ৰখনৰ মূল মূল লক্ষণসমূহ সন্নিবিষ্ট হোৱাৰ দৃষ্টিৰে তুলনামূক সাহিত্যৰ অধ্যয়নকাৰী তথা বিষয়টোৰ প্রতি জিজ্ঞাসুসকলৰ কাৰণে ইয়াক আজিও এটা দিগ্দর্শক লেখা বুলি গ্ৰহণ কৰাৰ থল আছে। সহজ ভাষাশৈলী তথা সৰল প্রকাশভঙ্গীৰ লেখাটোৱে পাঠকৰ আগত তুলনামূলক সাহিত্য সম্পর্কে স্পষ্ট কৰা মূল দিশসমূহ এনে ধৰণৰ :
(১) সাহিত্যৰ বিশ্বজনীনতা যে তুলনামূলক সাহিত্যৰ মূল ভেঁটি এই কথাটো লেখাটোত এনেদৰে স্পষ্ট কৰা হৈছে– ‘সাহিত্য বিশ্বজনীন সম্পদ। ভাষাত বা প্রকাশভঙ্গীত দেখাত বেলগ হ’ব পাৰে, কিন্তু ভিতৰৰ প্রাণবস্তু সকলোতে একেটাই’ (পৃ: ৯১)।
(২) তুলনামূলক সাহিত্যৰ (ইউৰোপত) উৎপত্তিৰ পৃষ্ঠভূমিস্বৰূপে লেখাটোত উল্লেখ কৰা নিম্নোদ্ধৃত কাৰণ দুটাই পৃষ্ঠভূমিৰ লগতে পাঠকৰ বাবে তুলনামূলক সাহিত্যৰ মূল ভাৱশক্তি (spirit) উপলব্ধি কৰাত সহায়ক হৈছে– ‘নিজ দেশক অতিক্ৰম কৰি যোৱা উদাৰ সার্বজনীন ভাৱ; আৰু দ্বিতীয়টো হ’ল বৈজ্ঞানিক মনোবৃত্তিৰ বিকাশ’ (পৃ: ৯২)।
(৩) তুলনামূলক সাহিত্যৰ মূল উদ্দেশ্য আৰু প্রয়োজন সম্পর্কে লেখাটোত সহজবোধগম্য ৰূপত দাঙি ধৰা হৈছে– ‘বিভিন্ন দেশ-কালৰ নাট মিলাই চালেহে নাটকৰ সামগ্ৰিক ৰূপ এটা ধৰিব পাৰি আৰু প্রত্যেক নাট্যকাৰ আৰু যুগটোৰ আনৰ লগত বিভিন্নতা আৰু ঐক্য হৃদয়ঙ্গম কৰিব পাৰি। যি অকল অসমকেহে চিনি পায়, তেওঁ অসম-অসমীয়াৰ কথা একোকে নেজানে বুলিব লাগে’ (পৃ: ৯৫)।
(৪) প্রভাৱমূলক অধ্যয়ন, সাহিত্যৰ বিভিন্ন ধাৰাৰ অধয়ন, বিভিন্ন বিধাৰ অধ্যয়ন, সমান্তৰাল অধ্যয়নৰ উল্লেখেৰে তুলনামূলক সাহিত্য অধ্যয়নৰ পৰিসৰ আৰু পদ্ধতি সম্পর্কে লেখাটোত তলত দিয়া ধৰণেৰে প্রকাশ পাইছে- ‘কোন দেশৰ পৰা কোন দেশলৈ সাহিত্যৰ সংক্ৰমণ বা পৰিব্ৰজন হৈছে, কোন সাহিত্যই ক’ত কিমান প্রভাৱ পেলাইছে এইবোৰৰ অধ্যয়নো তুলনামূলক সাহিত্যৰ আলোচনাৰ বিষয় হৈ পৰিছে (পৃ: ৯৩)… সাহিত্যৰ বিভিন্ন ধাৰাৰ আধ্যয়নো বর্তমান কালত তুলনামূলক সাহিত্যৰ একোটা বিশেষ বিষয় হৈ পৰিছে (পৃ: ৯৩)… সাহিত্যিক ৰূপৰ (form) বিকাশ আৰু পৰিবর্তন তুলনামূলক সাহিত্যৰ বিষয় (পৃ: ৯৪) … মানুহৰ দৃষ্টিভঙ্গীৰ এটা ঐক্য আছে, কেতিয়াবা কাৰো প্রভাৱ নোপোৱাকৈয়ে কবিয়ে বা ৰচকে স্বাধীনভাৱে একোটা কথা কয় বা লেখে আৰু দূৰ দেশৰ বা অতীতকালৰ কথাৰ লগত মিলি যায়’ (পৃ: ৯৫)।
তুলনামূলক সাহিত্য সম্পর্কীয় অসমীয়া গ্রন্থৰ ক্ষেত্রত ড: প্রফুল্ল কটকীৰ ১৯৮৯ চনত প্রকাশিত ‘তুলনামূলক সাহিত্য’ নামৰ ৭১ পৃষ্ঠাৰ গ্ৰন্থখন প্রথম। ড: কটকীৰ এই পুথিখনিত সামগ্ৰিকভাৱে তুলনামূলক সাহিত্যৰ লগতে ‘তুলনামূলক ভাৰতীয় সাহিত্য’ (পৃ: ৪৫-৫০) আৰু তাৰ মূল ভেঁটি ভাৰতীয় সাহিত্যৰ সমৰূপতা (পৃ: ৩২) সম্পর্কতো বিচাৰ কৰা হৈছে। তুলনামূলক সাহিত্যৰ স্বৰূপ স্পষ্ট কৰিবলৈ যাওঁতে ইয়াৰ ধাৰণাৰ লগত সততে সংপৃক্ত হৈ থকা ‘সাধাৰণ সাহিত্য’, ‘বিশ্বসাহিত্য’ আৰু ‘শাশ্বত সাহিত্য’ সম্পর্কীয় কিছু বিচাৰ-বিমর্শও গ্ৰন্থখনিত সন্নিবিষ্ট হৈছে (পৃ: ৩৬-৪২)। ইতিহাসমূলক অধ্যয়ন (পৃ: ৩২), বিধাগত (সাহিত্যিক ৰূপৰ) অধ্যয়ন (পৃ: ৩৫), প্রভাৱমূলক অধ্যয়ন (পৃ: ৪২) আদি তুলনামূলক সাহিত্য অধ্যয়নৰ প্রায়কেইটা দিশৰ পৰিচয়েৰে বিষয়টোৰ মূল মূল প্রকৃতি পাঠকৰ দৃষ্টিগোচৰ কৰা হৈছে। তুলনামূলক সাহিত্যৰ অধ্যয়নত সাহিত্যৰ লগত সাহিত্যভিন্ন অন্য কলা তথা বিজ্ঞান আৰু সমাজবিজ্ঞানৰ বিভিন্ন শাখা সম্পর্কজড়িত কৰাৰ প্রসঙ্গ (পৃ: ১৩-১৪)-ও উত্থাপিত হৈছে।
এই নতুন বিদ্যায়তনিক বিষয়টোৰ পৰিসৰ সম্পর্কে ড: কটকীয়ে পুথিখনিৰ কেইবা ঠাইতো আলোচনা কৰিছে। এই ক্ষেত্ৰত অতি প্রাসঙ্গিকভাৱেই পাঠক সঁহাৰি (Reader Response), পৰিবেশ-প্রসঙ্গ (Contextuality) আৰু আন্তঃপাঠগততা (Inter-textuality)-ৰ বিষয়ে (পৃ: ৫৯-৬৬) চর্চা কৰা হৈছে। সাহিত্যৰ যি কোনো ধৰণৰ অধ্যয়নৰ বাবে অধ্যয়নকাৰী এজনৰ ক্ষেত্ৰত প্রয়োজনীয় যোগ্যতাৰ অতিৰিক্ত তুলনামূলক সাহিত্যৰ অধ্যয়নৰ বাবে প্রয়োজন হোৱা যোগ্যতাৰ সম্পর্কতো কিঞ্চিৎ বিচাৰ পুথিখনিত আগবঢ়োৱা হৈছে। তুলনামূলক সাহিত্যত অনুবাদৰ অপৰিহার্যতাৰ প্রতি দৃষ্টি ৰাখি অনুবাদ সম্পর্কীয় (পৃ: ৫০-৫৯) আলোচনাও তাত সন্নিবিষ্ট কৰা হৈছে।
সামগ্ৰিক ৰূপত ক’বলৈ গ’লে ড: কটকীৰ কিতাপখনত তুলনামূলক সাহিত্যৰ ভিন ভিন সম্প্রদায় আৰু ইয়াৰ অধ্যয়নৰ পদ্ধতিৰ বাহিৰে কিতাপখনৰ ৰচনাৰ সময়লৈকে বিষয়টো সম্পর্কে চর্চালৈ অহা প্রায় গোটেইখিনি প্রসঙ্গই সংক্ষিপ্তভাৱে স্থান লাভ কৰিছে। অৱশ্যে উদ্দেশ্য আৰু পৰিসৰৰ ক্ষেত্ৰত বিষয়টোৰ গুণগত পৰিচয়তকৈ বহু সময়ত তুলনামূলক সাহিত্যৰ অন্তর্গতভাৱে স্থান লাভ কৰিব পৰা অধ্যয়নৰ উদাহৰণেহে অধিক স্থান দখল কৰা যেনো বোধ হয়।
ড: কটকীৰ ‘তুলনামূলক সাহিত্য’ৰ পিছত ড: নীৰাজনা মহন্ত বেজবৰাই ৰচনা কৰা ‘তুলনামূলক সাহিত্য আৰু সাহিত্যিক গৱেষণা’ নামৰ পুথিখনে ১৯৯৪ চনৰ মার্চ মাহত প্রকাশ লাভ কৰে। নামটোৰ পৰাই স্পষ্ট হয় যে পুথিখনি সম্পূর্ণৰূপে তুলনামূলক সাহিত্য সম্পর্কীয় নহয়। পুথিখনিত সন্নিবিষ্ট সাতোটি লেখাৰ ভিতৰত সাহিত্যৰ গৱেষণা সম্পর্কীয় দুটা লেখাক বাদ দি বাকী পাঁচোটা লেখাত প্রত্যক্ষ (তুলনামূলক সাহিত্য, ভাৰতীয় সাহিত্যৰ তুলনামূলক গৱেষণা) অথবা পৰোক্ষ (ভাৰতীয় সাহিত্যৰ ঐক্যসূত্ৰ, অনুবাদ : এক পুনঃসৃজন প্রক্ৰিয়া, সাহিত্যৰ অনুবাদ)ভাৱে তুলনামূক সাহিত্য আৰু তুলনামূলক ভাৰতীয় সাহিত্যৰ সম্পর্কত বিচাৰ আগবঢ়োৱা হৈছে।
তুলনামূলক সাহিত্যৰ বিষয়ে প্রকাশ পোৱা তৃতীয়খন অসমীয়া কিতাপ হ’ল ড: নীৰাজনা মহন্ত বেজবৰাৰে ৰচিত ‘তুলনামূলক সাহিত্য : সিদ্ধান্ত আৰু প্রয়োগ’ (নৱেম্বৰ, ১৯৯৪)। তুলনামূলক সাহিত্যৰ পৃষ্ঠভূমিৰ প্রসঙ্গৰে আৰম্ভ কৰা এই কিতাপখন ‘তুলনামূলক সাহিত্যৰ প্রকৃতি আৰু পৰিচয়’, ‘তুলনামূলক সাহিত্য অধ্যয়নৰ কেইটিমান দিশ’ আৰু ‘তুলনামূলক ভাৰতীয় সাহিত্য’ – শীর্ষক তিনিটা অধ্যায়ত বিভক্ত। তুলনামূলক সাহিত্য অধ্যয়নৰ পদ্ধতি আৰু সম্প্রদায় সম্পর্কীয় প্রসঙ্গৰ সংযোজনৰ বাহিৰে এইখন কিতাপৰ প্রথম আৰু দ্বিতীয় অধ্যায়ত ড: কটকীৰ কিতাপত থকা দিশসমূহেই আলোচিত হৈছে। অৱশ্যে তৃতীয় অধ্যায়ত তুলনামূলক সাহিত্যৰ ভাৰতীয় চিনাকি বা ভাৰতীয় স্বৰূপ ‘তুলনামূলক ভাৰতীয় সাহিত্য’ৰ মূল মূল দিশ কেইটা ইয়াত অধিক বিস্তৃতভাৱে দাঙি ধৰা হৈছে। সামগ্ৰিক ৰূপত ক’বলৈ গ’লে বিষয়টোৰ সম্পর্কত সেই সময়লৈকে চর্চালৈ অহা প্রায় সকলো দিশ সামৰি যথাসম্ভৱ শৃংখলাবদ্ধভাৱে উপস্থাপনৰ যত্ন কৰা হৈছে যদিও প্রকাশভঙ্গীৰ জটিলতাৰ বাবে কিতাপখনৰ কিছুমান প্রসঙ্গ পাঠকৰ বাবে সহজবোধগম্য হৈ উঠিব পৰা নাই।
১৯৯৯ চনত প্রকাশিত এই একে লেখিকাই ৰচনা কৰা ‘তুলনামূলক ভাৰতীয় সাহিত্য’ নামৰ পুথিখন অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ চতুর্থখন পুথি। তুলনামূলক সাহিত্য হ’ল অঙ্গী আৰু তুলনামূলক ভাৰতীয় সাহিত্য তাৰ অঙ্গ স্বৰূপ। ড: মহন্ত বেজবৰাৰ এই পুথিখনিত প্রথমতে মূল অঙ্গীৰ ৰূপত তুলনামূলক সাহিত্যৰ সাধাৰণ পৰিচয় আগ বঢ়োৱাৰ পাছত দ্বিতীয় অধ্যায়ত তুলনামূলক ভাৰতীয় সাহিত্যৰ পৰিচয় আৰু প্রাসঙ্গিকতা সম্পর্কে অৱতাৰণা কৰা হৈছে। তৃতীয় অধ্যায়ত চর্চালৈ অনা ভাৰতীয় সাহিত্যৰ তুলনামূলক ইতিহাস, অর্থাৎ তুলনামূলক পদ্ধতিৰে একক ৰূপত ভাৰতীয় সাহিত্যৰ ঐতিহাসিক পৰিচয় প্রস্তুত কৰাৰ প্রচেষ্টা অসমীয়া ভাষাত এয়ে প্রথম। পুথিখনিৰ চতুর্থ অধ্যায়ত একক ৰূপত ভাৰতীয় সাহিত্যৰ ধাৰণা গ্ৰহণৰ দিশত সহায়ক হোৱাকৈ আধুনিক ভাৰতীয় সাহিত্যৰ পৰা প্রতিনিধিত্বমূলকভাৱে কেইটামান গল্প আৰু এখনি উপন্যাসৰ পৰিচয়সূচক আলোচনা আগবঢ়োৱা হৈছে। তুলনামূলক ভাৰতীয় সাহিত্য আৰু লগতে তাৰ মূল উৎস তুলনামূলক সাহিত্যৰো সাধাৰণ ধাৰণা পাঠক সমাজত স্পষ্ট কৰাৰ ক্ষেত্ৰত এইখনি পুথিৰ প্রকাশভঙ্গী ড: কটকীয়ে ৰচনা কৰা তথা একে লেখিকাৰে আগৰ দুখন পুথিৰ তুলনাত সহজ আৰু সৰল।
২০০২ চনত প্রকাশ পোৱা অসমীয়া ভাষাৰ তুলনামূলক সাহিত্য সম্পর্কীয় পঞ্চমখন গ্ৰন্থ ‘পটভূমিকাত তুলনামূলক সাহিত্য’ত বিষয়টো সম্পর্কত পূর্বতকৈ বিশ্লেষণধর্মী তথা কার্য্যকৰী চিন্তা-চর্চা পৰিলক্ষিত হয়। তিনিটা খণ্ডত বিভক্ত গ্ৰন্থখনৰ প্রথমটো খণ্ডত ভাৰতীয় তথা অসমীয়া সাহিত্যৰ বিশেষ সন্দর্ভত তুলনামূলক সাহিত্যৰ প্রাসঙ্গিকতা আৰু দায়বদ্ধতা, তুলনামূলক সাহিত্যৰ প্রকৃত স্বৰূপ আৰু তাৰ ভাৱশক্তি বা মেজাজৰ শুদ্ধ আৰু সঙ্গত উপলব্ধিৰ অভাৱৰ বাবে বিদ্যায়তনিক জগতত সৃষ্টি হ’ব পৰা পৰিণাম, সাহিত্য শিক্ষাৰ প্রকৃত উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত তুলনামূলক সাহিত্যৰ অপৰিহার্য্যতা, তুলনামূলক সাহিত্যৰ হাতত হাত ধৰি আগবঢ়া এক বিশেষ বিদ্যায়তনিক বিষয় ‘সাহিত্যৰ সমাজশাস্ত্ৰ (সমাজতত্ত্ব), তুলনামূলক দৃষ্টিভঙ্গীৰে বিভিন্ন যুগৰ অসমীয়া অনুবাদ সাহিত্যৰ গতিবিধি নিৰীক্ষণ আদি প্রসঙ্গই ঠাই পাইছে। গ্ৰন্থৰ দ্বিতীয় খণ্ডত প্রস্তুত কৰা ভাৰতীয় সাহিত্যৰ তুলনামূলক অধ্যয়নে তুলনামূলক সাহিত্যত প্রয়োগ হোৱা বিভিন্ন অধ্যয়ন-পদ্ধতিৰ প্রয়োগিক গতি-বিধি পোহৰলৈ আনিছে আৰু তৃতীয় খণ্ডত ভাৰতীয় সাহিত্যৰ বিভিন্ন ধাৰা, সাহিত্যিক তথা সাহিত্যৰূপ সম্পর্কীয় আলোচনা সন্নিবিষ্ট হৈছে। এইখন গ্ৰন্থও ড: নীৰাজনা মহন্ত বেজবৰাই ৰচনা কৰা।
২০০৩ চনত ক্ৰমে এপ্ৰিল আৰু নৱেম্বৰ মাহত তুলনামূলক সাহিত্য সম্পর্কে দুখন গ্ৰন্থ প্রকাশ পায়। প্রথমখন ড: কৰবী ডেকা হাজৰিকাই আৰু আনখন ড: দিলীপ বৰাই ৰচনা কৰিছে। ‘তুলনামূলক সাহিত্য আৰু অনুবাদ কলা’ নামেৰে ‘ক’ ‘খ’ আৰু’গ’ তিনিটা অধ্যায়ত ভাগ কৰা প্রথমখন গ্ৰন্থৰ অধ্যায়-‘ক’ত তুলনামূলক সাহিত্য সম্পর্কীয় আলোচনা আগবঢ়োৱা হৈছে। ১০-টা শীর্ষকত বিভক্ত এই অধ্যায়টিত ‘পৰিভাষাৰ প্রয়োগ’ শীর্ষকেৰে তুলনামূলক সাহিত্যত প্রয়োগ হোৱা পৰিভাষা সম্পর্কীয় চিন্তা-চর্চা এই বিষয়ৰ পূর্বতে প্রকাশিত গ্ৰন্থসমূহত বাদ পৰি যোৱা আৰু নিঃসন্দেহে নতুন তথা আৱশ্যকীয় সংযোজন। কিন্তু তুলনামূলক সাহিত্যৰ লগত জড়িত বাকী আলোচনাত অনেক ক্ষেত্ৰতে পুথিখনত কিছু অস্পষ্টতা আৰু ঠায়ে ঠায়ে বিষয়টোৰ মূল বৈশিষ্ট্যৰ পৰা ফালৰি কাটি যোৱা ধৰণৰ ব্যাখ্যা দৃষ্টিগোচৰ হয়। বহু ঠাইত সাধাৰণ তুলনামূলক অধ্যয়ন আৰু ‘তুলনামূলক সাহিত্য’ একাকাৰ কৰি পেলোৱাৰ কাৰণে তুলনামূলক সাহিত্যৰ নিজস্ব ব্যক্তিত্ব স্পষ্ট হৈ উঠাত বাধা আহি পৰিছে। ‘এই কথা ঠিক যে জিলিকি থকা নাম আৰু প্রতিভাৰ অবিহনে তুলনামূলক অধ্যয়ন সার্থক হৈ নুঠে’ (পৃ: ৩) আৰু তেনেকৈয়ে তুলনামূলক সাহিত্যৰ বাবে ‘উচ্চ পর্যায়ৰ শ্ৰেষ্ঠ লেখকৰ ৰচনা’ (পৃ: ৩), ‘জনপ্রিয় আৰু প্রতিষ্ঠিত কবিৰ কবিতা’ (পৃ: ৭) আদি ধৰণৰ ধাৰণা তুলনামূলক সাহিত্যত গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত গ্ৰন্থখনত (পৃ: ৩) ‘Charles Augustin Sainte Beuve’ নামৰ ফৰাচী সমালোচকজনে শ্ৰেষ্ঠ (তথাকথিত?) লেখক কিছুমানৰ তালিকা কৰি তেনে লেখকৰ মাজতহে তুলনা সম্ভৱ বুলি কোৱাৰ প্রসঙ্গ উল্লেখ কৰা হৈছে। কিন্তু স্মৰণযোগ্য যে তুলনামূলক সাহিত্য সম্পর্কে স্পষ্ট ধাৰণাৰ উদ্ভৱ ঘটা(১৮৮৬ চনত Hutcheson Macaulay Posnett নামৰ সাহিত্য আলোচকৰ ‘Comparative Literature’ নামৰ গ্ৰন্থখনৰ প্রকাশ)-ৰ ১৭ বছৰৰ পূৰ্বেই সেইজন লেখকৰ মৃত্যু ঘটিছিল।
তুলনামূলক সাহিত্যৰ দ্বাৰা লেখক বা ৰচনাৰ উৎকৃষ্টতা-নিকৃষ্টতা বিচাৰি উলিওৱাৰ নিচিনা এটা সুৰ গ্ৰন্থখনিত অনুৰণিত হোৱা যেন লাগে (একে বিধা বা সাহিত্যৰূপৰ চহকী অথবা হীন অৱস্থা সহজে জুখি উলিয়াব পৰা যায় পৃ: ৩)। তুলনামূলক সাহিত্য সম্পর্কে এইটো ধাৰণাও উচিত ধাৰণা নহয়। গ্ৰন্থখনত আন কিছুমান ধাৰণাইও বিদ্যায়তনিক জগতক বিভ্ৰান্তিত পেলায়। উদাহৰণ স্বৰূপে ‘কেতিয়াবা সম্পূর্ণ যোগসূত্ৰ নথকা দুবিধ বিষয়ৰ মাজতো তুলনা কৰা হয়’ (পৃ: ৫) বুলি তুলনামূলক সাহিত্যৰ সাদৃশ্য সম্বন্ধমূলক পদ্ধতিৰ মূল প্রয়োগ ক্ষেত্ৰক (parallel) ‘কেতিয়াবা’ৰ পর্য্যায়লৈ লৈ যোৱা; ‘সাহিত্যৰ কেইটামান তত্ত্ব কেৱল তুলনামূলক অধ্যয়ন পদ্ধতিৰদ্বাৰাহে বুজি পাব পাৰি, যেনে- অনুবাদতত্ত্ব’ (পৃ: ৭) বুলি ‘অনুবাদতত্ত্ব’ক ‘সাহিত্যৰ তত্ত্ব’ৰ অন্তর্ভুক্ত কৰা তথা ‘অনুবাদতত্ত্ব’ ‘কেৱল তুলনামূলক অধ্যয়ন পদ্ধতিৰ দ্বাৰাহে বুজি পাব’ পৰা বুলি কোৱা আদি ধৰণৰ উক্তি বা ধাৰণাই তুলনামূলক সাহিত্য তথা অনুবাদতত্ত্ব দুয়োটা বিষয় সম্বন্ধীয় চিন্তাত আউল লগায়।
ড: দিলীপ বৰাৰ ‘তুলনাত্মক সাহিত্য’ নামৰ পুথিখন দুটা ভাগত বিভক্ত। প্রথম ভাগত তুলনামূলক সাহিত্যৰ তাত্ত্বিক দিশত আলোকপাত কৰি দ্বিতীয় ভাগত বাংলা আৰু হিন্দী সাহিত্যৰ কেইটিমান আলোচনা সন্নিবিষ্ট কৰা হৈছে। বিষয়টোৰ সংজ্ঞা, পদ্ধতি, ইয়াৰ অন্তর্গত সম্প্রদায়সমূহ, সাহিত্যৰ অধ্যয়নত ইয়াৰ কার্য্যকৰী প্রয়োগ, ভাৰতীয় সাহিত্যৰ প্রেক্ষাপটত তুলনামূলক সাহিত্য, অনুবাদ আদি প্রসঙ্গসমূহ প্রায় পূর্বতে প্রকাশিত গ্ৰন্থ কেইখনৰ নিচিনাকৈয়ে আলোচিত হৈছে। কিন্তু গ্ৰন্থৰ আৰম্ভণিতে ‘তুলনাত্মক সাহিত্য : ঐতহাসিক প্রেক্ষাপট’ শীর্ষকেৰে তুলনামূলক সাহিত্যৰ উৎপত্তি, বিকাশ আৰু প্রতিষ্ঠাক সমাজ পৰিবর্তনৰ লগত জড়িতভাৱে চোৱাৰ প্রয়াস বিষয়টোৰ কাৰণ-কার্য্যকে ধৰি মূল স্বৰূপটো স্পষ্ট কৰি তোলাৰ ক্ষেত্ৰত অধিক সহায়ক যেন হৈছে। সেইদৰে ‘তুলনাত্মক সাহিত্য : সংকট আৰু সম্ভাৱনা’ শীর্ষকত তুলনামূলক সাহিত্যত থকা কিছুমান অস্পষ্টতা আৰু অব্যাৱহাৰিকতা সত্ত্বেও তাৰ লক্ষ্য আৰু পদ্ধতিত নিহিত হৈ থকা গুৰুত্ব আৰু আৱশ্যকতা সম্পর্কে উপযুক্ত বিশ্লেষণ আগ বঢ়োৱা হৈছে।
ড: প্রফুল্ল কুমাৰ নাথে ৰচনা কৰা ‘তুলনামূলক ভাৰতীয় সাহিত্য : বিচাৰ আৰু বিশ্লেষণ’ নামৰ পুথিখন প্রকাশ পায় ২০০৫ চনত। দুটা খণ্ডত বিভক্ত পুথিখনিৰ প্রথম খণ্ডটি ‘তুলনামূলক সাহিত্য : বিচাৰ আৰু বিশ্লেষণ’ বুলি নামকৰণ কৰি তাকো আকৌ তিনিটা অধ্যায়ত ভাগ কৰা হৈছে। প্রথম অধ্যায়ত বিষয়টোৰ সম্পর্কে মূল মূল তাত্ত্বিক প্রসঙ্গ কেইটাৰ অৱতাৰণা কৰি পিছৰ দুটা অধ্যায়ত ভাৰতীয় সাহিত্যৰ পৰা মুঠ আঠোটা তুলনামূলক অধ্যয়ন আগবঢ়োৱা হৈছে। কিন্তু এই অধ্যয়নকেইটাত তুলনামূলক সাহিত্যৰ অধ্যয়ন-পদ্ধতিৰ প্রয়োগৰ পৰিৱর্তে সাধাৰণভাৱে সাদৃশ্য-বৈসাদৃশ্যৰ অনুসন্ধানহে কৰা হৈছে। দ্বিতীয় খণ্ডৰ নামকৰণ ‘ভাৰতীয় সাহিত্য সংকলন’ বুলি কৰা হৈছে। নামকৰণে ভাৰতীয় সাহিত্যৰ এক নির্বাচিত সংগ্ৰহৰ অর্থ বহন কৰে যদিও অৱশ্যে ছটা অধ্যায়ত বিভক্ত এই খণ্ডটিত কার্যক্ষেত্ৰত কিন্তু নির্বাচিত ভাৰতীয় সাহিত্যৰ আলোচনাহে আগ বঢ়োৱা হৈছে। সি যি কি নহওক, পুথিখনিৰ ‘গ্ৰন্থকাৰৰ নিবেদন’ৰ পৰা ধৰি তুলনামূলক সাহিত্যৰ পৰিচয় তথা স্বৰূপ নির্ণয়ৰ ক্ষেত্ৰত কিছু অস্পষ্টতা আৰু বেমেজালি [তুলনামূলক সাহিত্যৰ বিষয়ে ‘দৰাচলতে ই সাহিত্যৰ এটা স্বতন্ত্ৰ বিভাগ’ (গ্ৰন্থকাৰৰ নিবেদন) বুলি লিখা আদি ধৰণৰ] দৃষ্টিগোচৰ হয়।
২০০৮ চনত প্রকাশ পোৱা ‘তুলনামূলক সাহিত্য : বিকাশ আৰু বিবর্তন’ নামৰ গ্ৰন্থখন ড: কৰবী ডেকা হাজৰিকা আৰু ড: পল্লৱী ডেকা বুজৰবৰুৱাই যুটীয়াভাৱে ৰচনা কৰিছে। গ্ৰন্থখন ক্ৰমে ‘তুলনামূলক সাহিত্য’, ‘তুলনামূলক ভাৰতীয় সাহিত্য’, ‘অনুবাদ’ আৰু ‘তুলনামূলক বিচাৰ পদ্ধতি : প্রয়োগ কৌশল’ শীৰ্ষক চাৰিটা খণ্ডত বিভক্ত। এইখন গ্ৰন্থত অতি উপযুক্তভাৱেই ‘তুলনামূলক সাহিত্য আৰু আন্তঃসাংস্কৃতিক সম্পর্ক’ (প্রথম খণ্ড), ‘বিশ্ব সংস্কৃতি আৰু বিশ্ব সাহিত্যৰ লগত ভাৰতীয় সংস্কৃতিৰ সম্পর্ক’ (দ্বিতীয় খণ্ড), ‘বিশ্বসাহিত্য আৰু ভাৰতীয় চিন্তা’ (দ্বিতীয় খণ্ড) আৰু ‘পাশ্চাত্যৰ প্রভাৱ আলোকিত তুলনামূলক ভাৰতীয় সাহিত্য’ (দ্বিতীয় খণ্ড) শীর্ষক আলোচনাকেইটা সন্নিৱিষ্ট কৰি অসমীয়া ভাষাৰ তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তাক পূর্বতকৈ অধিক পৰিপুষ্টি দিবলৈ বিচৰা হৈছে। কিন্তু গ্ৰন্থখনৰ অধিকাংশই লেখকৰ ফালৰ পৰা ধাৰণাগত অস্পষ্টতা আৰু পাঠকৰ বাবে দুবোর্ধ্যতাৰে আক্ৰান্ত। ধাৰণাৰ অস্পষ্টতাৰ বাবেই সম্ভৱতঃ তুলনামূলক সাহিত্যৰ পাৰিভাষিক শব্দ কিছুমান [ঐতিহাসিকতামূলকতা-Historiographic, সংগ্ৰহণমূলক- Receptiveness, ইতিবাচক সঁহাৰিমূলক– Constructive responseable (পৃ: ১৫); সামাজিক ভাষিকতা–Socio-linguistic, সাহিত্যিক সুদৃশ্যতা– Literary stylistic (পৃ: ৬৩)] পাঠকক বিষয়ৰ ধাৰণা স্পষ্ট কৰাৰ সলনি ধাৰণাত আউল লগোৱা ধৰণৰ হৈছে। গ্ৰন্থখনত বিষয়বস্তু, থিম (theme), মটিফ (motif) আদি সম্পর্কীয় ধাৰণাৰ ক্ষেত্ৰতো খেলিমেলি দেখা যায়। গ্ৰন্থখনৰ শেষ অধ্যায়ত সংযোজিত ‘তুলনামূলক বিচাৰ পদ্ধতিৰ প্রয়োগ কৌশল’-এ তুলনামূলক সাহিত্যৰ অধ্যয়ন পদ্ধতি প্রয়োগৰ কোনো সুস্থ আর্হি দেখুৱাব পৰা নাই।
২০১৩ চনত ড: পল্লৱী ডেকা বুজৰবৰুৱাই ৰচনা কৰা ‘তুলনামূলক সাহিত্যতত্ত্ব’ নামৰ এখন গ্ৰন্থ প্রকাশ পায়। ‘সাহিত্যতত্ত্ব’ [অর্থাৎ সাহিত্যশাস্ত্ৰ অথবা কাব্যতত্ত্ব (poetics)] বিশেষ্য শব্দৰ আগত থকা ‘তুলনামূলক’ বিশেষণ শব্দটোৱে কিতাপখন ‘Comparative poetics’ সম্পর্কীয় হোৱাৰ কথাটোহে সূচায় যদিও কার্যক্ষেত্ৰত কিতাপখনৰ ভিতৰত ‘তুলনামূলক সাহিত্য’ সম্পর্কীয় বিষয় সন্নিবিষ্ট হোৱাৰ কাৰণে অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ চর্চাৰ অন্তর্গতভাৱে গ্ৰন্থখনক আলোচনালৈ অনা হৈছে। চাৰিটা অধ্যায়ত বিভক্ত গ্ৰন্থখনত প্রথমতে তুলনামূলক সাহিত্যৰ তাত্ত্বিক দিশৰ চর্চা আগ বঢ়াই দ্বিতীয় অধ্যায়ত তুলনামূলক ভাৰতীয় সাহিত্য সম্পর্কীয় চিন্তা-চর্চা সন্নিৱিষ্ট কৰা হৈছে। প্রথম অধ্যায়ৰ অন্তর্গত ‘তুলনামূলক সাহিত্য ধাৰণাৰ উৎস আৰু ইতিহাস’ শীর্ষকত অসমীয়া গ্ৰন্থত আগতে আলোচনালৈ নহা কিছুমান নতুন প্রসঙ্গও সংযোজিত হৈছে। সৰল প্রকাশভঙ্গীৰে বর্ণিত এইখিনি কথা তুলনামূলক সাহিত্য সম্পর্কীয় ধাৰণা গ্ৰহণৰ ক্ষেত্ৰত পাঠকৰ বাবে যথেষ্ট সহায়ক হ’ব পৰা ধৰণৰ। কিন্তু এই শীর্ষকৰে শেষৰ ফালৰ পৰা ক্ৰমে পাছৰ অধ্যায়ৰ আলোচনালৈকে বুলি তুলনামূলক সাহিত্য আৰু সাধাৰণ তুলনামূলক অধ্যয়ন দুয়োটাকে একাকাৰ কৰি পেলোৱাৰ লগতে ক্ষেত্ৰবিশেষে তুলনামূলক সাহিত্যক যেন একেবাৰে কাহানিও ভাঙিব নোৱৰা নাৰিকলত পৰিণত কৰি পেলোৱা হৈছে– ‘বর্তমান কেতিয়াও অননুবাদ্য ভিন্ন ভাষা, সংস্কৃতি, ইতিহাস পৰিৱেশৰ স্বতন্ত্ৰতা উদ্ধাৰত তুলনামূলক সাহিত্যই গুৰুত্ব দিবলৈ ধৰিছে। তুলনামূলক অধ্যয়নে আনকি শিল্পকলাৰ বিভিন্ন প্রকাৰ (Genre)সমূহৰ মাজত সৃষ্টি হোৱা পৰস্পৰ বিচ্ছিন্নতাৰ জাগৰণৰ লগতে কোনো বিশেষ শিল্পীৰ ব্যক্তিগত প্রতিভা, অভিজ্ঞতা আৰু যোগ্যতা চিহ্নিত কৰা স্বতন্ত্ৰতা, অর্থাৎ ষ্টাইল আৰু প্রত্যেকৰে স্বতন্ত্ৰ বৈশিষ্ট্য সাব্যস্ত কৰিব পৰা সূক্ষ্ম পৃথকতাৰ বিন্দুবিলাককো উদ্ঘাটন কৰি প্রতিষ্ঠা কৰাৰ প্রয়াস কৰিছে’ (পৃ: ১৬)।
গ্ৰন্থখনৰ পাছৰ বিভিন্ন শীর্ষকৰ আলোচনাত অনেক ঠাইত অনেক প্রসঙ্গই পাঠকক তুলনামূলক সাহিত্যৰ ক্ষেত্ৰৰ পৰা আঁতৰাই কেনিবা লৈ যোৱাগৈ যেন বোধ হয়। যেনে, ‘বহল অর্থত ক’বলৈ গ’লে, তুলনামূলক সাহিত্য এটি সীমামুক্ত সাহিত্য অধ্যয়নৰ পদ্ধতি। উদাহৰণ স্বৰূপে –ভাৰতৰ সাক্ষৰতা আৰু ইয়াৰ সামাজিক স্থিতিৰ অধ্যয়ন’ (পৃ: ১৮)। এইষাৰ কথাৰ পৰা পাঠকে নিশ্চয় সাহিত্যৰ প্রসঙ্গ নোহোৱাকৈয়ে তুলনামূলক সাহিত্যৰ অধ্যয়ন হ’ব পাৰে বুলিয়ে বুজিব। ‘তুলনামূলক সাহিত্যৰ অধ্যয়নত ব্যৱহাৰ হোৱা কেইটিমান পদ্ধতি’ শীর্ষকৰ অন্তর্গতভাৱে ‘বিষয়সাৰ তত্ত্ব (Thematology) অধ্যয়ন পদ্ধতি’, ‘প্রকাৰতত্ত্ব (Genology)-ৰ অধ্যয়ন পদ্ধতি’ আদিবিলাক সন্নিবিষ্ট কৰা হৈছে (পৃ: ৬০-৮১)। কিন্তু এইবিলাক আচলতে, তুলনামূলক সাহিত্যৰ অধ্যয়ন-পৰিসৰৰ ভিতৰুৱা কিছুমান ক্ষেত্ৰ (subfield)-হে আৰু তুলনামূলক সাহিত্যত ব্যৱহৃত এক বা একাধিক পদ্ধতিৰে এইবিলাক ক্ষেত্ৰৰ অধ্যয়ন হ’ব পাৰে। এইবোৰ স্বয়ং পদ্ধতি নহয়। পদ্ধতি সম্পর্কীয় ধাৰণাৰ এনে খেলিমেলিৰ বাবেই গ্ৰন্থখনৰ তৃতীয় আৰু চতুর্থ অধ্যায়ত আগ বঢ়োৱা অধ্যয়নসমূহে তুলনামূলক সাহিত্যৰ অধ্যয়নৰ প্রতিনিধিত্ব কৰিব পৰা নাই।
ড: প্রফুল্ল কুমাৰ নাথে ৰচনা কৰা ‘তুলনামূলক সাহিত্য : তত্ত্ব আৰু প্রয়োগ’ নামৰ এখন পুথি ২০১৫ চনত প্রকাশ পায়। ‘তুলনামূলক সাহিত্য সংজ্ঞা আৰু স্বৰূপ’ নামৰ লেখাটোৰে আৰম্ভ কৰা পুথিখনিত পিছত আৰু ১৭টি লেখা সন্নিবিষ্ট কৰা হৈছে। এই পুথিত থকা তাত্ত্বিক প্রসঙ্গখিনি এই একেজন লেখকৰ পূর্বতে প্রকাশিত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ত থকা প্রসঙ্গৰে সৈতে প্রায় একে আৰু অন্তর্ভুক্ত বাকী লেখাখিনিক তুলনামূলক সাহিত্যৰ স্বৰূপ প্রকাশ কিম্বা অধ্যয়নৰ আর্হি প্রস্তুতকৰণ কোনো দিশতেই বিশেষ লক্ষণসমন্বিত বুলিব পৰা নাযায়।
একোজন লেখকে এককভাৱে ৰচনা কৰাৰ উপৰি ধ্ৰুৱজ্যোতি নাথৰ সম্পাদনাত ২০১৭ চনত ‘তুলনামূলক সাহিত্য : পটভূমিকাত অসম’ নামেৰে এখন তুলনামূলক সাহিত্য সম্পর্কীয় গ্ৰন্থ প্রকাশ পায়। পাঁচোটা ‘পৰিচ্ছেদ’ত বিভক্ত গ্ৰন্থখনিৰ আৰম্ভণিতে তুলনামূলক সাহিত্য আৰু তুলনামূলক ভাৰতীয় সাহিত্যৰ চমু পৰিচয়ৰ পাছত অসমৰ বিশেষ পৰিপ্রেক্ষিতত তুলনামূলক সাহিত্য সম্পর্কীয় চর্চাৰ ইতিহাস, ক্ষেত্ৰ আৰু পদ্ধতিসহ অধ্যয়নৰ গতি-প্রকৃতি, প্রয়োজন আৰু সম্ভাৱনা সম্পর্কে সম্পাদক ড: নাথে ‘সম্পাদকীয়’ত বিস্তৃত আলোচনা কৰিছে। গ্ৰন্থখনৰ প্রথম পৰিচ্ছেদত তিনিটা তুলনামূলক সাহিত্যৰ তাত্ত্বিক দিশৰ লগত জড়িত, দুটা বিশ্বসাহিত্যৰ লগত আৰু আন দুটা অনুবাদৰ লগত জড়িত লেখা আছে। ইয়াৰে নগেন শইকীয়াই ৰচনা কৰা ‘তুলনামূলক সাহিত্য : এটি অনুসন্ধান’ নামৰ স্থানান্তৰত পূর্বতে প্রকাশিত লেখাটোত বিষয়টোৰ এক সামগ্ৰিক পৰিচয় আগবঢ়োৱা হৈছে। নীৰাজনা মহন্ত বেজবৰাই ‘তুলনামূলক সাহিত্যৰ পদ্ধতি বিজ্ঞান’ নামৰ লেখাটোত তুলনামূলক সাহিত্যৰ দৃষ্টিভঙ্গী আৰু লক্ষ্যৰ আধাৰত তাৰ পদ্ধতি বিজ্ঞান সম্বন্ধীয় বিচাৰ-বিশ্লেষণৰ প্রয়াস কৰিছে। ‘তুলনামূলক সাহিত্যৰ স্কুল : ইতিহাস আৰু বর্তমান’ নামেৰে গ্ৰন্থখনত সন্নিবিষ্ট হোৱা পল্লৱী ডেকা বুজৰবৰুৱাৰ লেখাটো একে লেখিকাৰ ওপৰত আলোচিত ‘তুলনামূলক সাহিত্যতত্ত্ব’ নামৰ গ্ৰন্থত আগতে প্রকাশ পাইছে। মদন শর্মা আৰু কৃষ্ণকুমাৰ মিশ্ৰই ক্ৰমে ‘বিশ্বসাহিত্যৰ ধাৰণা আৰু সাহিত্যত বিশ্বজনীন ধাৰণা’ তথা ‘বিশ্বসাহিত্য : সংজ্ঞা, উপকৰণ, বৈশিষ্ট্য’; একেদৰেই প্রফুল্ল কুমাৰ নাথ আৰু সুৰেন তালুকদাৰে ক্ৰমে ‘অনুবাদ : সংজ্ঞা আৰু স্বৰূপ’ তথা ‘অনুবাদৰ সমস্যা’ শীর্ষকত তুলনামূলক সাহিত্যৰ লগত সম্বন্ধজড়িত বিশ্বসাহিত্য আৰু অনুবাদৰ কিছুমান দিশত আলোকপাত কৰিছে।
দ্বিতীয় পৰিচ্ছেদত শৈলেন ভৰালীৰ ‘ভাৰতীয় সাহিত্যৰ তুলনামূলক অধ্যয়ন’ নামৰ লেখাটোত ভাৰতীয় ভাষাসমূহৰ সাহিত্যৰ মাজত তুলনামূলক অধ্যয়নৰ প্রয়োজন আৰু সম্ভাৱনাৰ লগতে লেখাটোৰ শেষৰ ফালে তুলনামূলক সাহিত্যৰ লক্ষ্য আৰু গুৰুত্ব সম্পর্কীয় দিশতো আলোকপাত কৰিছে। তনুজা বৰা আৰু ধ্ৰুৱজ্যোতি নাথে ‘অসমত তুলনামূলক সাহিত্য : ইতিহাস আৰু অনুশীলন’ নামেৰে লিখা এই পৰিচ্ছেদৰ দ্বিতীয়টো লেখাত অসমত বিশ্ববিদ্যালয়ী স্তৰত ডিগ্ৰী লাভৰ বাবে আৰু অনানুষ্ঠানিকভাৱেও অসমত এতিয়ালৈকে হোৱা তুলনামূলক সাহিত্যৰ তাত্ত্বিক তথা প্রায়োগিক উভয়ধর্মী চিন্তা-চর্চাৰ সামগ্ৰিক খতিয়ান দাঙি ধৰিছে। এই পৰিচ্ছেদৰ তৃতীয়টো লেখা হ’ল অতুল চন্দ্ৰ গোস্বামীৰ ‘অসমত অনুবাদৰ প্রাসঙ্গিকতা’।
গ্ৰন্থখনৰ বাকী তিনিওটা পৰিচ্ছেদত ক্ৰমে অসমীয়া সাহিত্যৰ ভাৰতৰ বাহিৰৰ সাহিত্যৰ লগত আঠোটি, ভাৰতৰ বিভিন্ন ভাষা আৰু প্রদেশৰ লগত আঠোটি আৰু অসমৰ ভিতৰতে ভিন্ন ভাষা-সংস্কৃতিৰ মাজত সম্পাদিত তিনিটি- এইদৰে ভিন ভিন লেখকে কৰা সর্বমুঠ ঊনৈছটি তুলনামূলক অধ্যয়ন আগ বঢ়োৱা হৈছে।
২০১৮ চনত ড: প্রাণজিৎ বৰাৰ ‘তুলনামূলক সাহিত্য : তত্ত্ব আৰু বিচাৰ’ তথা ড: অনুৰাধা শর্মাৰ ‘তুলনাত্মক ভাৰতীয় সাহিত্য : প্রকল্প আৰু প্রয়োগ’ নামেৰে ক্ৰমে তুলনামূলক সাহিত্যৰ তত্ত্ব সম্পর্কীয় তথা তুলনামূলক ভাৰতীয় সাহিত্যৰ প্রয়োগিক অধ্যয়নসমন্বিত দুখনি গ্ৰন্থ প্রকাশ পায়। প্রথমখন গ্ৰন্থত সন্নিবিষ্ট ১২-টি লেখাৰ ভিতৰত ‘উত্তৰ-ঔপনিৱেশিক প্রেক্ষাপটত তুলনামূলক সাহিত্য’ তথা ‘তুলনামূলক পোএটিক্চ্’ শীর্ষক লেখা দুটিৰ যোগেদি উপস্থাপিত প্রসঙ্গকেইটা তুলনামূলক সাহিত্য সম্পর্কীয় চর্চাত অতি প্রয়োজনীয় আৰু অসমীয়া ভাষাৰ এই সম্পর্কীয় চর্চাৰ ক্ষেত্ৰত নতুন সংযোজন। তুলনামূলক সাহিত্যশাস্ত্ৰৰ নির্মাণ তুলনামূলক সাহিত্যৰ অধ্যয়নৰ বাবে আৱশ্যকীয় কর্ম হোৱাৰ লগতে ইয়াক তুলনামূলক সাহিত্যৰ এক লক্ষ্যৰ ৰূপতো বিবেচনা কৰা হয়। তুলনামূলক সাহিত্যৰ ক্ষেত্ৰত থকা ইউৰোপ কেন্দ্ৰিকতা কিম্বা ঔপনিবেশিক ভাৱগ্ৰস্ততাৰ বিৰুদ্ধে তথা তাৰ বিপৰীতে প্রাচ্য, মধ্যপ্রাচ্য আৰু আফ্ৰিকাক সামৰি লৈ সকলোকে সম গুৰুত্ব প্রদানৰ প্রৱণতাটো উত্তৰ-ঔপনিবেশিক চিন্তাৰ লগত জড়িত। এই প্রৱণতা বা জাগৰণ আকৌ তুলনামূলক সাহিত্যশাস্ত্ৰ নির্মাণৰ বাবে প্রণোদিত কৰাৰ দিশত মুখ্য কাৰকৰ নিচিনা হৈ পৰিছে। ড: বৰাৰ উল্লিখিত লেখা দুটাত এই সম্পর্কীয় আলোচনাই ঠাই পাইছে। ‘নতুন তুলনামূলক সাহিত্য’ শীর্ষকৰ লেখাটোতো এই পাশচাত্য কেন্দ্ৰিক ‘পুৰণি মার্কা তুলনামূলক সাহিত্য’ (পৃ: ৩৯)-ৰ ঠাইত বহুসাংস্কৃতিক প্রেক্ষাপটত ‘নতুন তুলনামূলক সাহিত্য’ৰ প্রসঙ্গ অনা হৈছে। গ্ৰন্থখনৰ বাকী ৯টি লেখাত চর্চিত প্রসঙ্গসমূহে পূর্বতে প্রকাশিত একাধিক গ্ৰন্থত ইতিমধ্যে স্থান লাভ কৰিছে।
ড: অনুৰাধা শর্মাৰ গ্ৰন্থখনিতো মুঠ ১২-টি লেখা সন্নিবিষ্ট হৈছে। প্রথমটি লেখাত ভাৰতীয় সাহিত্যৰ ধাৰণা দিয়াৰ পাছত দ্বিতীয় লেখাত ভাৰতৰ বহুভাষিক আৰু বহু সাংস্কৃতিক পৰিচয় স্পষ্ট কৰাৰ ক্ষেত্ৰত আঞ্চলিক ভাষা-সাহিত্য-সংস্কৃতিৰ আন্তঃসম্পর্ক বিশ্লেষণেৰে তুলনামূলক ভাৰতীয় সাহিত্যই ল’ব পৰা ভূমিকা সম্পর্কে আলোচনা কৰা হৈছে। পাছৰ ১০টি লেখাত ভাৰতীয় সাহিত্যৰ তুলনামূলক অধ্যয়নৰ প্রায়োগিক উদাহৰণ আগ বঢ়োৱা হৈছে। অধ্যয়ন কৰা লেখক কিম্বা ৰচনাৰ সাধাৰণ সাদৃশ্য-বৈসাদৃশ্যৰ ঠাইত নিজা নিজা সামাজিক-সাংস্কৃতিক-বৌদ্ধিক পৰিৱেশ-প্রসঙ্গৰে সৈতে ভাৰতীয় চিন্তা-চেতনা, সৃজনীশক্তিৰ কিছুমান উমৈহতীয়া বিন্দু পোহৰলৈ অনাৰ ক্ষেত্ৰত লেখিকা সফল হৈছে। কেউটি আলোচনাতে সাধাৰণতে হৈ থকাৰ দৰে গতানু্গতিক তুলনাকে তুলনামূলক সাহিত্যৰ খোলাত সুমুৱাই পৰিবেশন নকৰি আলোচনাৰ বাবে লোৱা মূল বিষয়-ক্ষেত্ৰৰ লগত সঙ্গতি ৰাখি তুলনামূলক সাহিত্যৰ দৃষ্টিভঙ্গীৰে অধ্যয়নৰ দিশত খোজ আগবঢ়োৱা হৈছে।
শেহতীয়াভাবে ২০১৯ চনত প্রকাশ পোৱা ড: নীৰাজনা মহন্ত বেজবৰাৰ ‘তুলনামূলক সাহিত্য : কি, কিয় কেনেকৈ’ নামৰ গ্রন্থখন একে আষাৰতে ক’বলৈ গ’লে তুলনামূলক সাহিত্য সম্পর্কীয় একে লেখিকাৰ আগতে প্রকাশিত চাৰিখন পুথি আৰু অন্য বিদ্বান লেখক-লেখিকাসকলৰদ্বাৰা প্রণীত পুথিসমূহত চর্চালৈ অনা প্রসঙ্গসমূহৰ সৰলীকৰণ তথা স্পষ্টীকৰণৰ প্রয়াস। অৱশ্যে কিছুমান ক্ষেত্রত পুথিখনে অসমীয়াত আগতে হোৱা তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ পৰিপূৰকৰ কামো কৰিছে। সাহিত্য অধ্যয়নৰ ক্ষেত্রত বৈশিষ্ট্যপূর্ণ দৃষ্টিভঙ্গী, পৰিসৰ আৰু পদ্ধতিৰ এক ৰসায়নৰ ৰূপত তুলনামূলক সাহিত্যৰ পৰিচয় দাঙি ধৰিবলৈ যত্ন কৰা পুথিখনিয়ে ‘সামৰণী মন্তব্য’ শীর্ষকত ‘নতুন তুলনামূলক সাহিত্য’ৰ আলোকত অসমীয়া সাহিত্যৰ লগত জড়িতভাবে উপযোগী আৰু কার্যকৰী হোৱাকৈ তুলনামূলক সাহিত্যৰ পৰিসৰ-পদ্ধতিৰ দিশতো কিছু চিন্তা-চর্চা আগ বঢ়াইছে।
সামৰণি :
তুলনামূলক সাহিত্য সম্পর্কে অসমীয়া ভাষাত গ্ৰন্থৰ ৰূপত হোৱা চর্চাৰ সম্পর্কতহে ওপৰত কিঞ্চিত পৰিচয়সূচক আলোচনা আগবঢ়োৱা হৈছে। এইখিনিৰ উপৰিও গৰীয়সীকে ধৰি বিভিন্ন আলোচনী আৰু সাহিত্য আলোচনা অথবা সাহিত্যতত্ত্ব সম্পর্কীয় বিভিন্ন গ্ৰন্থৰ অন্তর্গতভাৱেও বিষয়টোৰ বিভিন্ন দিশ সামৰি হোৱা ভালেসংখ্যক অধ্যয়ন-অন্বেষণ, পৰিচয়-বিৱৰণ প্রবন্ধৰ ৰূপত সন্নিবিষ্ট হৈছে। কিন্তু পূর্ণাঙ্গ গ্ৰন্থৰ ৰূপতে হওক বা গাইগুটীয়া লেখাৰ ৰূপতে প্রকাশ পাওক, এই সকলোৰে বিষয়ে সামগ্ৰিকভাৱে ক’বলৈ গ’লে সাহিত্যৰ ব্যতিক্ৰমী অধ্যয়নৰ ৰূপত তুলনামূলক সাহিত্যক স্পষ্ট কৰা কিম্বা অধ্যয়নকাৰীসকলক প্রায়োগিক ক্ষেত্ৰত দিগ্দর্শন কৰা- ইয়াৰ কোনোটো ক্ষেত্রতে এই অধ্যয়নসমূহ তেনেকৈ সমর্থ হ’ব পাৰিছে যেন নeলাগে। বহু সময়ত তুলনামূলক সাহিত্যৰ ব্যাৱহাৰিক প্রয়োগৰ ক্ষেত্ৰত লেখকসকল নিজেই বিবুধি বা বিভ্ৰান্ত যেনো লাগে। এনে কিছুমান কাৰণত তুলনামূলক সাহিত্যৰ তত্ত্ব আৰু পদ্ধতিৰ উপযুক্ত প্রয়োগেৰে অসমীয়া ভাষাৰ সাহিত্য অধ্যয়নক নতুন অর্থ আৰু শক্তি প্রদান কৰাৰ কথাটো হৈ উঠিব পৰা নাই। বাস্তৱ ক্ষেত্ৰত চাবলৈ গ’লে দেশ-বিদেশৰ অধ্যয়নকাৰীসকলৰ পৰা উদ্ধৃতিৰ ৰূপত বা অন্য ধৰণেৰেই হওক, তুলনামূলক সাহিত্যৰ তত্ত্ব আৰু পদ্ধতি সম্পর্কীয় প্রসঙ্গসমূহ আনি এঠাইত আৰু এইবিলাকৰ লগত সঙ্গতি নৰখাকৈয়ে তুলনামূলক সাহিত্যৰ প্রায়োগিক অধ্যয়নৰ নামত সম্পাদিত অধ্যয়নসমূহ আন এঠাইত ৰখাৰ বাবে আমাৰ তুলনামূলক সাহিত্য সম্পর্কীয় চর্চা যেন এঠাইত তেল, আন এঠাইত পানীৰ দৰে মিল নোহোৱাকৈ ৰৈ গৈছে। এইদৰে তত্ত্ব নোহোৱাকৈ প্রয়োগ আৰু উদাহৰণ নোহোৱাকৈ তত্ত্ব আৰু পদ্ধতিৰ পৰিণাম স্বৰূপে বিষয়টো যেন অসমৰ বৌদ্ধিক জগতত উপযুক্তভাৱে ফট্ফটীয়াকৈ জিলিকি উঠিবগৈ পৰা নাই। অসমত বা অসমীয়া ভাষাত তুলনামূলক সাহিত্য অধ্যয়নৰ প্রায়োগিক উপযোগিতা লাভ কৰিবৰ বাবে বিষয়টোৰ বোধ আৰু প্রয়োগৰ ক্ষেত্ৰত পৰনির্ভৰশীলতা (তুলনামূলক সাহিত্য সম্পর্কীয় বহির্বিশ্বৰ পাণ্ডিত্য আৰু ধাৰণাৰ পুনৰাবৃত্তি)-তকৈ নিশ্চয় স্বকীয় ক্ষেত্ৰৰ লগত সঙ্গতি ৰাখি খোজ আগবঢ়োৱাৰ প্রয়োজন অধিক।
***
সংযোজন :
অসমীয়া ভাষাত প্রকাশিত তুলনামূলক সাহিত্য সম্পর্কীয় গ্ৰন্থৰ তালিকা *
১. তুলনামূলক সাহিত্য, ড: প্রফুল্ল কটকী, ১৯৮৯
২. তুলনামূলক সাহিত্য আৰু সাহিত্যিক গৱেষণা, ড: নীৰাজনা মহন্ত বেজবৰা, ১৯৯৪
৪. তুলনামূলক সাহিত্য : সিদ্ধান্ত আৰু প্রয়োগ, ড: নীৰাজনা মহন্ত বেজবৰা, ১৯৯৪
৫. তুলনামূলক ভাৰতীয় সাহিত্য, ড: নীৰাজনা মহন্ত বেজবৰা, ১৯৯৯
৬. পটভূমিকাত তুলনামূলক সাহিত্য, ড: নীৰাজনা মহন্ত বেজবৰা, ২০০২
৭. তুলনামূলক সাহিত্য আৰু অনুবাদ কলা, ড: কৰবী ডেকা হাজৰিকা, ২০০৩
৮. তুলনাত্মক সাহিত্য, ড: দিলীপ বৰা, ২০০৩
৯. তুলনামূলক ভাৰতীয় সাহিত্য : বিচাৰ আৰু বিশ্লেষণ, ড: প্রফুল্ল কুমাৰ নাথ, ২০০৫
১০. তুলনামূলক সাহিত্য : বিকাশ আৰু বিৱর্তন, ড: কৰবী ডেকা হাজৰিকা আৰু ড: পল্লৱী ডেকা বুজৰবৰুৱা, ২০০৮
১১. তুলনামূলক সাহিত্যতত্ত্ব, ড: পল্লৱী ডেকা বুজৰবৰুৱা, ২০১৩
১২. তুলনামূলক সাহিত্য : তত্ত্ব আৰু প্রয়োগ, ড: প্রফুল্ল কুমাৰ নাথ, ২০১৫
১৩. তুলনামূলক সাহিত্য : পটভূমিকাত অসম, ড: ধ্ৰুৱজ্যোতি নাথ(সম্পা.), ২০১৭
১৪. তুলনামূলক সাহিত্য : তত্ত্ব আৰু বিচাৰ, ড: প্রাণজিৎ বৰা, ২০১৮
১৫. তুলনাত্মক ভাৰতীয় সাহিত্য : প্রকল্প আৰু প্রয়োগ, ড: অনুৰাধা শর্মা, ২০১৮
১৬. তুলনামূলক সাহিত্য : কি, কিয়, কেনেকৈ, ড: নীৰাজনা মহন্ত বেজবৰা, ২০১৯
* ২০১৯ চনলৈকে প্রকাশিত কিতাপৰ এই তালিকাখনে নিশ্চয় সম্পূর্ণতাৰ দাবী কৰিব নোৱাৰে। ক'ভিড পৰিস্থিতিৰ বাবে ইয়াৰ পাছত আৰু কিতাপ ছপা হৈছে যদিও আমাৰ হাতত পৰাহি নাই। তুলনামূলক সাহিত্য সম্পর্কীয় ইয়াত নথকা অসমীয়া ভাষাৰ যি কোনো কিতাপ আমাৰ হাতত পৰিলে বা কোনোবাই ?যোগান ধৰাৰ ব্যৱস্থা কৰিলে আমি এই আলোচনাত অতিৰিক্ত সংযোজন হিচাপে সেই চিন্তা-চর্চাখিনিও সামৰি ল’বলৈ আগ্রহ প্ৰকাশ কৰিম।
** লেখাটিত প্রকাশ পোৱা লেখিকাৰ মতামত সম্পর্কে বিজ্ঞজনে অমত প্রকাশ কৰিলে লেখিকাই নিজৰ ধাৰণা সলনি কৰাৰ সুযোগ লাভ কৰিব। সমান্তৰালভােৱ তেতিয়া ‘তুলনামূলক সাহিত্য’ নামৰ বিদ্যায়তনিক অনুশাসনটোৱে অসমীয়া ভাষাৰ সাহিত্য অধ্যয়নৰ ক্ষেত্রখনত উপযুক্ত গতি লাভ কৰাৰ বাটো অধিক সুগম হ’ব।