ড০ পোনা
মহন্ত
পূৰ্বতে উল্লেখ কৰিছোঁ যে মোৰ ওপজা ঠাই চলিহা বাৰেঘৰ সত্ৰখন কালসংহতি মূলৰ মহাপুৰুষীয়া সত্ৰ৷ মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ একান্ত অনুগামী গোপালদেৱ বা গোপাল আতাৰ আজ্ঞাপৰ এই সত্ৰৰ সকলো আনুষ্ঠানিক কাম-কাজ নাম-কীৰ্তনৰ যোগেদি কৰা হয়, কোনো প্ৰকাৰৰ পূজা-পাতল বা যাগ-যজ্ঞৰ স্থান নাই৷ এই ‘নাম গোৱা’ আৰু ‘নাম লোৱা’ কাৰ্যই এসময়ত সকলো সত্ৰবাসীৰ জীৱনশৈলী নিয়ন্ত্ৰণ কৰিছিল বুলিলেও বেছি কোৱা নহয়৷ অইনহে নালাগে বিহুৰ দৰে লোকসংস্কৃতিৰ অনুষ্ঠানকো সত্ৰীয়াকৰণ কৰি নাম-কীৰ্তনৰ মাজেদি অনুষ্ঠিত হৈ আহিছে৷ আমি সৰুকালত যেনেকৈ জাকজমকতাপূৰ্ণ দুৰ্গাপূজা দেখা নাছিলোঁ, সেইদৰে বিহুনাচ, বিহুগীত, হুঁচৰি আদিৰ বিষয়ে একো জনা নাছিলোঁ৷ ভোগালী বিহুত ভেলাঘৰ সাজি নাচি-বাগি, মেজি জ্বলাই ভোজ-ভাত খোৱাৰ কথাও আমাৰ অগোচৰ আছিল৷ আৰ্যসকলে যেনেকৈ ভাৰতৰ ভূমিপুত্ৰ জনগোষ্ঠীসমূহৰ অনেক সাংস্কৃতিক সম্পদ আৰ্যকৰণ কৰি লৈছিল, সেইদৰে অসমৰ সত্ৰসমূহেও— বিশেষকৈ উজনিৰ লোকসকলৰ মাজত পৰম্পৰাগতভাৱে চলি অহা লোক-উৎসৱ, নৃত্য-গীত আদিক পৰম্পৰাগতভাৱে চলি অহা লোক উৎসৱ, নৃত্য-গীত আদিক সত্ৰীয়াকৰণ কৰিছিল৷ যিহেতু অসমৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনৰ এইটো এটা বিশেষ প্ৰপঞ্চ (phenomenon), সেয়ে ইয়াৰ বিষয়ে সামান্যভাৱে কিছু লিখা উচিত হ’ব৷
সত্ৰীয়া বিহু :
বিহু বুলিলেই সাধাৰণতে মাঘ বা ভোগালী বিহুৰ ভোজ-ভাত, মেজি, ভেলাঘৰ, ম’হযুঁজ, ব’হাগ বা ৰঙালী বিহুৰ নাচ-গান, হুঁচৰি, গৰু-ম’হৰ গা-ধুওৱা আৰু কাতি বা কঙালী বিহু বুলিলে তুলসী সেৱাৰ কথা মনলৈ আহে৷ কিন্তু শৈশৱত আমি যিদৰে বিহু পাতিছিলোঁ, তাত ইবিলাকৰ সৰহভাগেই অনুপস্থিত আছিল বা সত্ৰীয়া ধৰণে ‘সংস্কৃত’ বা পৰিৱৰ্তিত ৰূপত পতা হৈছিল৷ উদাহৰণস্বৰূপে, মাঘ বিহুৰ উৰুকাৰ ভোজ খোৱা, মেজি জ্বলোৱা বা ব’হাগ বিহুৰ হুঁচৰিৰ কথালৈ আঙুলিয়াব পাৰি৷ ওপৰত কৈ আহিছোঁ যে ভেলাঘৰ সাজি ৰং-ৰহইচ কৰি সমজুৱাকৈ ভোজ-ভাত খোৱা প্ৰথা নাছিল৷ মেজি জ্বলোৱাৰ নিয়ম-নীতিও সম্পূৰ্ণ বেলেগ৷ মুকলি পথাৰৰ এডোখৰ নিৰ্দিষ্ট ঠাইত তিনিটা মেজি সজা হৈছিল: ল’ৰা মেজি, ডেকা মেজি আৰু বুঢ়া মেজি৷ যেনে নাম তেনেকৈ প্ৰতীকী ৰূপত মেজিকেইটাৰ আকাৰ আৰু উচ্চতাও ভিন্ন আছিল৷ ল’ৰা মেজিটো পাতল ফলা কাঠেৰে কিছু চাপৰকৈ সজা হৈছিল৷ সাধাৰণতে সাত-আঠৰ পৰা চৈধ্য-পোন্ধৰ বছৰীয়া ল’ৰাবোৰে উৰুকাৰ দিনা গধূলি এই মেজি জ্বলাই নাম-গুণ গাই ফূৰ্তি-ফাৰ্তা কৰিছিল৷ কোনো বয়সস্থ মানুহ এই মেজিলৈ যোৱা নাছিল যদিও ইয়াৰ তদাৰক কৰিবলৈ দুজনমান ডেকাক দায়িত্ব দিয়া হৈছিল৷ আন ল’ৰাবোৰৰ দৰে ভাইটি আৰু ময়ো চেলেং বা খনীয়া কাপোৰ গাত মেৰিয়াই অতি হেঁপাহেৰে এই মেজিলৈ গৈছিলোঁ৷ সেই কালত পুৱা-গধূলি মাঘমহীয়া ঠাণ্ডা ইমান বেছি আছিল যে জুই পুৱাওঁতে গাত কাপোৰ নল’লে নহৈছিল৷ উল্লেখযোগ্য যে তেতিয়ালৈ গাঁৱৰ ল’ৰা-ছোৱালীৰ মাজত ছুৱেটাৰৰ প্ৰচলন হোৱা নাছিল বুলিবই পাৰি৷ জাৰৰ মাত্ৰা অনুসৰি গামোচা, চেলেং-চাদৰ বা খনীয়া কাপোৰেৰেই ঠাণ্ডা নিবাৰণৰ প্ৰচেষ্টা চলোৱা হৈছিল৷ এতিয়াও ভালকৈ মনত আছে মেজিৰ জুয়ে কিবা অথন্তৰ ঘটোৱাৰ ভয়ত বৌৱে কেনেকৈ আমাৰ দুয়োটাৰ কাপোৰ দুখন গাৰ চাৰিওপিনে মেৰিয়াই আগ দুটা ওলমি নথকাকৈ ডিঙিৰ পিছফালে সামান্য ঢিলাকৈ বান্ধি দিছিল৷ মেজিৰ উত্তাপ উপভোগ কৰি থকাৰ মাজতে ভজা বুটমাহ বা কোনো গৃহস্থীয়ে আগবঢ়োৱা পিঠা-পনা খাই মেজিৰ শেষত ঘৰলৈ গৈ বিছনাত পৰিছিলোঁগৈ৷ কিন্তু সহজে টোপনি অহা নাছিল, কাৰণ পুৱা জ্বলাবলগীয়া বুঢ়া মেজিলৈ যোৱাৰ আশাত মনটো উগুল-থুগুল হৈ আছিল৷ ডেকা মেজিটো যথেষ্ট ওখকৈ সজাৰ উপৰি চাৰিওফালে দীঘল গোটা বাঁহ বান্ধি দিয়া হৈছিল, যাতে জুই দপ্দপ্কৈ জ্বলাৰ লগে লগে বাঁহবোৰ ফুটি বন্দুক-বাৰুদৰ দৰে শব্দ কৰে৷ আমি বিছনাৰ পৰাই এনে শব্দ শুনাৰ কথা এতিয়াও মনত আছে৷ এই মেজিত কোনো কম বয়সীয়া ল’ৰা বা বয়সস্থ মানুহ উপস্থিত নাথাকে৷ ই আছিল সম্পূৰ্ণভাৱে গাঁৱৰ ডেকাবিলাকৰ মেজি, য’ত তেওঁলোকে মুকলি মনেৰেই হৰ্ষ-উল্লাস কৰিছিল৷ কিন্তু হৰিনাম কীৰ্তনৰ বাদে আন কোনো ধৰণৰ গীত-মাত বা নাচ-গান নচলিছিল৷ থিয়নামৰ দৰে এজনে ঘোষা লগাই দিয়ে আৰু আনবিলাকে হাতচাপৰি বজাই উচ্চস্বৰে গাই যায়৷ সেই কালত, অৰ্থাৎ যেতিয়া আমি সৰু ল’ৰা আছিলোঁ, মোৰ ওপজা ঠাইখনৰ সৰহভাগ ডেকাই আধুনিক শিক্ষা নোপোৱা অনাখৰী মানুহ আছিল, যিসকলৰ প্ৰধান কাম আছিল হাল বোৱা, কোৰ মৰাৰ উপৰি পোহনীয়া গৰু-ম’হৰ বাবে দুই-তিনি মাইল দূৰৰ চাহবাগানৰ পৰা ঘাঁহ কাটি অনা৷ যিহেতু মাঘ বিহুৰ আগে আগে পথাৰৰ পকা ধান চপোৱা কাম শেষ হয়, সেয়ে ডেকাসকলে বিহুৰ দুদিন যিমান পাৰে আনন্দ উপভোগ কৰে৷ বুঢ়া মেজিটো ৰাতিপুৱাই জ্বলোৱা হয়৷ গাঁৱৰ বুঢ়া-মেথাসকলে গা-পা ধুই নতুন বা ধুই থোৱা চোলা-চুৰিয়া-চেলেং চাদৰ পিন্ধি হাতত তামোল-পাণ লৈ মেজিৰ খলালৈ যায়৷ সকলোৱে পৱিত্ৰ মনেৰে সেৱা কৰি ‘‘জয় ৰাম বোল, জয় হৰি বোল’’ ধ্বনিৰ মাজেদি জুইত অগ্নি সংযোগ কৰা হয়৷ যিহেতু মেজি সজা খৰিবোৰ কেঁচা, সেয়ে জুই সহজে জ্বলাব পৰাকৈ আগদিনাই ডেকাসকলে শুকান ডাল-পাত আৰু কলঠৰুৱা আদি লাগনী খৰি যোগাৰ কৰি থয়৷ কিন্তু কোনো ডেকা মানুহ এই মেজিলৈ নাযায়৷ আমাৰ দৰে সৰু ল’ৰাবোৰৰ যোৱাত বাধা নথকা বাবে ৰাতিপুৱা সোনকালে উঠি লৰালৰিকৈ মুখ-হাত ধুই মেজিথলীলৈ ঢপলিয়াইছো৷ আমাৰ বাবে প্ৰধান আকৰ্ষণ মেজিৰ জুইৰ উত্তাপ নাছিল, আছিল তাত বিলোৱা নাৰিকল আৰু চেনি খোৱাৰ হেঁপাহ! পুহমহীয়া পুৱাৰ হাড় কঁপোৱা জাৰত, খালী পেটত নাৰিকল খোৱাৰ কথা আজিকালিৰ ল’ৰা-ছোৱালীয়ে কল্পনা কৰিব পাৰিবনে? মাছ-মঙহৰ ভোজ-ভাতৰ ঠাইত বুটমাহ আৰু চেনি-নাৰিকল; বিহুনাচ, বিহুগীতৰ ঠাইত হৰিনাম শ্ৰৱণ-কীৰ্তন! বহুতৰ বাবে এইটো অবিশ্বাস্য আৰু ভাবিব নোৱৰা কথা৷ এই পৰম্পৰা এতিয়াও চলি আছে বুলি জানিবলৈ পাইছোঁ৷ এয়ে সত্ৰীয়া বিহু৷
হুঁচৰিও সত্ৰীয়া :
ব’হাগ বিহুৰ হুঁচৰি বুলিলে ঢোল, পেঁপা, বিহুগীত, বিহুনাচ আৰু নাচনীৰ ছবিখন মনলৈ আহে৷ কিন্তু শৈশৱৰ সত্ৰীয়া জীৱনধাৰাত আমি এনে হুঁচৰি দেখা নাছিলোঁ৷ মানুহ বিহুৰ দিনা সাঁজ লগাৰ পাছত সত্ৰৰ ডেকা আৰু আদহীয়া লোকসকল লগ হৈ পোনতে বৰনামঘৰৰ সন্মুখত হৰিধ্বনিৰে হুঁচৰি আৰম্ভ কৰি সত্ৰাধিকাৰৰ ঘৰৰ চোতালত গায়গৈ৷ ‘‘জয় হৰি বোল, জয় ৰাম বোল’’ ধ্বনি দি গৃহস্থক সজাগ কৰি গুৰুজনাৰ কীৰ্তনৰ ঘোষা-পদেৰে হুঁচৰি আৰম্ভ কৰা হয়৷ উল্লেখযোগ্য যে হুঁচৰি গাওঁতাসকলৰ হাতত খোল-তালজাতীয় কোনো বাদ্য নাথাকে৷ কেৱল হাততালিৰ দ্বাৰা সৃষ্টি কৰা সাংগীতিক ধ্বনি আৰু থিয় নামৰ পদ-চালনাৰ নাটকীয়ত্বই এক মোহময় আৰু আনন্দদায়ক পৰিৱেশ সৃষ্টি কৰে৷ হুঁচৰিৰ সামৰণি পৰিলে ঘৰৰ সকলোৱে শৰাইত গুৱা-পাণ আৰু সাধ্যমতে মাননি আগবঢ়াই হুঁচৰি গোৱা ‘ভকতসকল’-ৰ পৰা আশীৰ্বাদ লয়৷ সাধাৰণতে মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ খেদ, প্ৰাৰ্থনা আদিৰ পদ আওৰাই আশিস প্ৰদান কৰাৰ পিছত ‘‘গৃহস্থৰ মংগলৰ অৰ্থে হৰি বোল, হৰি বোল’’ ধ্বনিৰে হুঁচৰি দল আঁতৰি যায়৷ ইয়াৰ পাছত ডেকা সত্ৰাধিকাৰকে ধৰি জ্যেষ্ঠানুক্ৰমে বা পদমৰ্যাদা অনুসাৰে পোনতে গোসাঁই-মহন্তকেইঘৰত হুঁচৰি গোৱা হয়৷ আমাৰ দেউতা ইতিমধ্যে প্ৰয়াত হোৱাৰ বাবে আমাৰ ঘৰলৈ হুঁচৰি দলটি আহে মানে ৰাতি ভালেখিনি হৈছিল৷ হ’লেও হুঁচৰি চোৱা আৰু লগতে হাতচাপৰি বজাই নাম গোৱাৰ আশাত সেই ৰাতি ভালকৈ টোপনি নহা কথা মোৰ এতিয়াও ভালকৈ মনত আছে৷ হুঁচৰিনো কি, নাচ-গান নথকা কেৱল নাম-কীৰ্তন আৰু হাততালিহে! তথাপিওচোন সেইকালত এনে হুঁচৰিৰ প্ৰতিয়েই ইমান টান আছিল৷ আমাৰ ঘৰত বৌ থকালৈকে হুঁচৰিৰ অন্তত দলটিক চ’ৰাঘৰৰ ভিতৰত বহুৱাই পিঠা-পনা, পকামিঠৈ আৰু চাহপানীৰে অপ্যায়িত কৰাৰ কথা ভালকৈ মনত আছে৷ পূৰ্বতে কোৱা হৈছে যে এনে পকামিঠৈ সেইকালত গুৰুঘৰৰ নিৰ্মালি বুলি আটায়ে সসন্মানে গ্ৰহণ কৰিছিল৷
বোকাপানী : হালধিপানী
হালধিৰ, বিশেষকৈ কেঁচা হালধিৰ ঔষধী গুণৰ বিষয়ে আজিকালি প্ৰায় সকলোৱে জানে৷ ছালৰ ৰোগকে ধৰি বিভিন্ন অসুখৰ বাবে ই বেচ উপকাৰী বুলি আধুনিক চিকিৎসা বিজ্ঞানৰ পৰা আমি জানিবলৈ পাইছোঁ৷ কিন্তু শ শ বছৰৰ আগতেই আমাৰ লিখি-পঢ়িব নজনা উপৰিপুৰুষসকলে এই কথা ভালকৈ জানিছিল বাবে অসমীয়াৰ অন্যতম প্ৰধান লোক উৎসৱ ব’হাগ বিহুত হালধি পানীৰে গা-ধোৱা নিয়ম প্ৰৱৰ্তন কৰিছিল৷ সৰুকালৰ পৰাই বৌৱে যতনাই দিয়া কেঁচা হালধি আৰু পটাত পিহা মাটিমাহ বতা পানীত মিহলাই গা ধোৱাৰ কথা কেনেকৈ পাহৰিম? পাছলৈ নগৰীয়া জীৱন কটালেও আমি এই বিজ্ঞানসন্মত পৰম্পৰা পালন কৰি আহিছোঁ৷ ডিব্ৰুগড়-গুৱাহাটী য’তেই নাথাকোঁ মানুহ বিহুৰ দিনা হালধি-পানীৰে গা ধোৱাটো আমাৰ এক অৱশ্যে পালনীয় কাম৷
মনত পৰিছে আজিৰ পৰা কিছু দিনৰ আগলৈকে এই হালধি-পানী লোৱা প্ৰথাটো আমাৰ সত্ৰীয়া পৰম্পৰাত এক প্ৰকাৰৰ লোক-উৎসৱ ৰূপেই পালন কৰা হৈছিল৷ সত্ৰৰ অধিকাৰৰ চ’ৰাঘৰৰ সমুখৰ চোতালখন ভালকৈ চাফ-চিকুণ কৰি লৈ তাত পানী ঢালি পিছল কৰি লোৱা হয়৷ সমান্তৰালভাৱে চ’ৰাঘৰৰ ভিতৰত দুটামান প্ৰকাণ্ড টৌত হালধি-পানী প্ৰস্তুত কৰি ৰখা হয় আৰু অধিকাৰ, ডেকা অধিকাৰ প্ৰমুখ্যে সত্ৰৰ মুখিয়াল গুৰু আৰু ভকতসকলে নাম-কীৰ্তন কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ যথা সময়ত স্থানীয় ইচ্ছুক যুৱক আৰু মধ্যবয়সীয়া পুৰুষসকল হালধি-পানী ল’বৰ বাবে চোতালত গোট খায়হি৷ পিন্ধনত চুটিকৈ পিন্ধা চুৰিয়াৰ বাহিৰে তেওঁলোকৰ সমস্ত শৰীৰ উদং হৈ থাকে যাতে ডেকাসকলে মূৰে-গায়ে হালধিপানী লৈ ভাওনাৰ যুদ্ধৰ দৰে পিছল চোতালখনত হতাহতি আৰু বগৰা-বাগৰি খেলিব পাৰে৷ হালধিপানী লোৱা এই নাটকীয় দৃশ্য উপভোগ কৰিবলৈ গাঁৱৰ তিৰোতা, বয়সিয়াল লোক আৰু আমাৰ দৰে ল’ৰা-ছোৱালীবোৰ চোতালৰ তিনিওকাষে গোট খায়হি৷ যথাসময়ত নাম-প্ৰসংগ শেষ যোৱাৰ পাছত চ’ৰাঘৰৰ সমুখৰ দুৱাৰমুখৰ পৰা চৰিয়াই চৰিয়াই হালধি-পানী বাহিৰলৈ ঢালি দিয়া হয় আৰু ডেকাসকলে এক প্ৰকাৰ শক্তিপৰীক্ষাৰ যুঁজৰ দৰে ঠেলা-হেঁচা কৰি মূৰে-গায়ে ভালকৈ হালধিপানী পোৱাৰ আশাত সমুখলৈ আগবাঢ়ে৷ কিছু পৰৰ পাছত আদবয়সীয়াসকল একাষৰীয়া হৈ উচ্চ কণ্ঠে থিয়নাম গাবলৈ আৰম্ভ কৰে আৰু ডেকাসকলে হালধি-পানী আৰু বোকাপানীৰে লুতুৰি-পুতুৰি হৈ ইয়াৰ তালে তালে বোকা ভাওনা কৰাৰ লেখীয়াকৈ হতাহতি বা বগৰা-বাগৰি খেলে৷ খেলৰ অন্তত গা ধুবৰ বাবে সকলোৱে ‘‘মধুদানৱদাৰণদেৱবৰম/ বৰবাৰিজলোচনচক্ৰধৰম’’— টোটয় ছন্দৰ গুৰুজনাৰচিত দেৱভটিমাটি গাই গাই খোজৰ তালে তালে হাত চাপৰি বজাই ইতিমধ্যে একাধিকবাৰ উল্লিখিত গড়খাৱৈ নৈলৈ যায়৷ হালধি-পানী লোৱা দলটি গা ধুই উভতি আহোঁতে প্ৰায় প্ৰতিঘৰ মানুহে পদূলিমুখত গুৱা-পাণৰ শৰাই আৰু যথাসাধ্য মাননি আগবঢ়াই সেৱা কৰি আশীৰ্বাদ লয়৷ দলটোৱে শেষত বৰ নামঘৰৰ সন্মুখত নাম সামৰি ঘৰাঘৰি যায়৷
কাতি বিহুত পালন কৰা তুলসী সবাহলৈও আমি ল’ৰা-ছোৱালীবোৰ বৰ আগ্ৰহেৰে বাট চাই আছিলোঁ৷ মন কৰিব তুলসী ‘সবাহ’-হে, পূজা নহয়৷ এইটোও বিহু সত্ৰীয়াকৰণৰ আন এটা উদাহৰণ৷ আগচোতালৰ এডোখৰ চাফ-চিকুণ কৰি তুলসী গছৰ পুলি এটা ৰোৱা হয় আৰু ঠিক সন্ধ্যাৰ আগে আগে চাকি-বন্তি জ্বলাই মাহ-চাউল, কল-কুঁহিয়াৰ আদিৰে শৰাই সজাই পুলিটিৰ কাষত স্থাপন কৰা হয়৷ যথাসময়ত ঘৰৰ আৰু কাষৰীয়া দুজনমান জ্যেষ্ঠ লোকে নাম-প্ৰসংগ আৰম্ভ কৰে আৰু আমি কণ কণ ল’ৰা-ছোৱালীবোৰেও তালত তাল মিলাই নাম গাই, হাত চাপৰি বজাই কিবা এক অজান আনন্দ অনুভৱ কৰিছিলোঁ৷ বয়স হোৱাত বুজিব পাৰিছিলোঁ যে আমাৰ এয়া তুলসীগছৰ ‘বৃক্ষপূজা’ নহয়, ই প্ৰকৃততে হৰি বা কৃষ্ণৰ নাম লোৱা শ্ৰৱণ-কীৰ্তন অনুষ্ঠানহে৷ তদুপৰি তুলসী হ’ল লক্ষ্মীদেৱীৰ এটা নাম৷ যিহেতু লক্ষ্মী ভগৱান বিষ্ণুৰ ভাৰ্যা, সেইফালৰ পৰাও ইয়াক আওপকীয়াকৈ বিষ্ণু বা হৰিনাম শ্ৰৱণ-কীৰ্তনৰ অনুষ্ঠান বুলিব পাৰি৷
এইদৰে অসমীয়াৰ বাপতিসাহোন লোক উৎসৱ বিহুক সত্ৰীয়াকৰণ কৰি এক বিশেষ ৰূপ প্ৰদান কৰাটো অসমীয়া সংস্কৃতিৰ এক বিৰল সংঘটন৷ সময়ৰ সোঁতত নানা পৰিৱৰ্তন হৈছে যদিও বিহুৰ এই ‘সত্ৰীয়া’ ৰূপ মোৰ ওপজা ঠাইখনত কম-বেছি পৰিমাণে এতিয়াও বৰ্তি আছে৷ সাহিত্য-সংস্কৃতি ক্ষেত্ৰৰ আলোকসন্ধানীসকলে এই বিষয়ে অধ্যয়ন কৰাৰ যথেষ্ট থল আছে বুলি আমাৰ বিশ্বাস৷
(আগলৈ)