ড০ পোনা মহন্ত
শংকৰদেৱ চৰ্চাৰ আদিপাঠ
উজনিৰ এখন মহাপুৰুষীয়া সত্ৰত জন্ম লাভ কৰি আমি
তেনেই সৰুকালতে পোৱা আটাইতকৈ ডাঙৰ সম্পদ হ’ল মহাপুৰুষ শংকৰদেৱ আৰু
মাধৱদেৱৰ নাম আৰু কৰ্মৰ সৈতে হোৱা সাধাৰণ পৰিচয়৷ ‘কৰ্ম’ মানে দুয়োগৰাকী মহাপুৰুষৰ বিচিত্ৰ ৰচনাৰাজিৰ
কথা কোৱা হোৱা নাই, ইয়াৰ ক্ষুদ্ৰ অংশ নাম-কীৰ্তন, গীত-ভটিমা
আৰু নাট-ভাওনাৰ কথাহে প্ৰধানকৈ বুজোৱা হৈছে৷ অলপ বুজিব পৰা হোৱাৰ
পৰাই ঘৰত আৰু নামঘৰত বৰগীত, গুৰুভটিমা আৰু নাম-কীৰ্তনৰ
সুৰ অৰু ধ্বনি শুনি পুলকিত হৈছিলোঁ৷ আমাৰ শৈশৱৰ আদি ভাগতে দেউতাৰ অকাল বিয়োগ ঘটিছিল যদিও কালান্তক অসুখত পৰাৰ আগলৈকে
তেখেতে ঠগা বা শৰাইত কিবা সাঁচিপতীয়া পুথি থৈ সুৰ লগাই গোৱাৰ কথা এতিয়াও মনত আছে৷
পাছলৈ ডাঙৰ
দাদায়ো ঠিক এনেদৰেই পুথি পঢ়িছিল৷ হাইস্কুলৰ দুটামান শ্ৰেণীলৈ
উঠাৰ পাছত ময়ো এনে পুথি পঢ়িবলৈ চেষ্টা কৰিছিলোঁ যদিও সফল হ’ব
পৰা নাছিলোঁ৷ অভ্যাস আৰু অনুশীলনৰ অভাৱত এতিয়াও সাঁচিপাতৰ পিঠিত থকা পুৰণি অসমীয়া
পঢ়িবলৈ টান পাওঁ৷ আগতে কৈ আহিছোঁ যে আমাৰ ঘৰৰ দুয়ো কাষে মাজু খুৰা আৰু সৰু খুৰাৰ
ঘৰ৷ মাজু খুৰা প্ৰয়াত ঘনকান্ত মহন্তৰ মাতটো বৰ ভাল আছিল৷ তেখেতে ঘৰত থাকিলে দোক্মোকালিতে ‘তেজৰে কমলাপতি পৰভাতে নিন্দ/ তেৰি চান্দ মুখ পেখুঁ উঠৰে
গোৱিন্দ’ বৰগীতটো অতি সুৱদী সুৰত গাইছিল৷ মই শোৱা পাটীত থাকোঁতেই প্ৰায়ে সেই গীত শুনি
কিবা এক বুজিব নোৱৰা পুলক অনুভৱ কৰিছিলোঁ৷ আনহাতেদি সৰুজন খুৰা নৰনাথ মহন্তই মাজে মাজে বজোৱা মৃদংগৰ বিচিত্ৰ বোল শুনিও অপাৰ আনন্দ লভিছিলোঁ৷ ক-মানত
থকাৰ পৰাই বিভিন্ন তিথি-মহোৎসৱ, সবাহ-বৰসবাহ, নাম-কীৰ্তন
আদিত নামঘৰলৈ গৈ জনাই-নজনাই সিবিলাকত ভাগ লৈছিলোঁ৷ মনত আছে, গুৰুজনাৰ তিথিত নাম-কীৰ্তনৰ
উপৰি চৰিত পাঠো কৰা হৈছিল৷ পাছত জানিব পাৰিছিলোঁ এনে চৰিত পাঠ বা ‘চৰিত তোলা’ নিয়ম অসমীয়া বৈষ্ণৱ সমাজত
বহুত দিনৰ আগৰ পৰাই প্ৰচলিত আছিল৷ শিৱসাগৰৰ পিতৃগৃহত ‘চৰিত তোলা’ অনুষ্ঠানৰ কথা সুঁৱৰি
সাহিত্যৰথী বেজবৰুৱাই লিখিছে: “... আমাৰ ঘৰৰ তিথিত এই চৰিত তোলা কাৰ্য পিতৃদেৱতাই
নিজে কৰিছিল, আৰু আমি সকলোৱে অতি সন্তৰ্পণে ভক্তিভাৱে
শুনিছিলো ...৷” বেজবৰুৱাৰ ভাষা ধাৰ কৰি ক’বলৈ
মন গৈছে, গুৰুজনাৰ চৰিত (চৰিত্ৰ) পাঠ শুনি আমিও কিবা অজান আনন্দ
লাভ কৰিছিলোঁ৷ ইবিলাকৰ উপৰি বছৰেকে-ছমাহে
হোৱা ভাওনাৰ কথা আছেই৷
সেই দিনত ভাওনা সাধাৰণতে
মহাপুৰুষৰ তিথি আৰু সত্ৰাধিকাৰ বা কোনো জ্যেষ্ঠ মহন্তৰ তিথিত অনুষ্ঠিত কৰা হৈছিল৷
ইয়াৰ উপৰি কোনো লোকে নাম-কীৰ্তনৰ দৰে ঈশ্বৰৰ নামতত ভাওনাও উৎসৰ্গা
কৰিছিল৷ ইয়াক সত্ৰীয়া ভাষাত ‘আগ
কৰা’ বোলা হৈছিল৷ অৰ্থাৎ ভগৱানৰ নামত ‘ভাওনা এভাগ’ পৰিৱেশন কৰিবৰ বাবে মনষ্কামনা
কৰা হয় আৰু সেইমতে যথা সময়ত ভাওনা অনুষ্ঠিত হয়৷ এইদৰে সত্ৰৰ বৰ নামঘৰত বছৰটোত দুই-তিনিটাকৈ
ভাওনা পৰিৱেশিত হৈছিল৷ ডাঙৰৰ লগতে আমিও প্ৰতিটো ভাওনা চোৱাৰ সুযোগ পাইছিলোঁ৷
উল্লেখযোগ্য যে তেতিয়াৰ দিনত সত্ৰত কেৱল
অংকীয়া বা ব্ৰজাৱলী ভাষাৰ ভাওনাহে হৈছিল৷ ‘মাতৃভাষাৰ ভাওনা’-ৰ কথা বহু পাছতহে
শুনিবলৈ পাইছিলোঁ৷ জানিবলৈ পোৱা মতে সত্ৰৰ এই পৰম্পৰা এতিয়াও চলি আছে৷ নাম-গোৱা
সবাহ, মাঘ বিহুৰ মেজি, ব’হাগ বিহুৰ হুঁচৰি আৰু হালধিপানী লোৱা উৎসৱ ইত্যাদি
অন্যান্য উপলক্ষত শংকৰদেৱৰ কীৰ্তন-দশম আৰু মাধৱদেৱৰ নামঘোষাৰ পদ-ঘোষা গাই
নাম-কীৰ্তন কৰাৰ কথা আগতে উনুকিয়াই অহা হৈছে৷ ইবিলাকত হয় প্ৰত্যক্ষভাৱে অংশগ্ৰহণ
কৰিছিলোঁ, নহয় কাষৰ পৰা চাই আৰু শুনি আনন্দ লভিছিলোঁ৷
এইদৰে নিচেই সৰুকালৰ পৰাই শংকৰ-মাধৱৰ নাম আৰু তেৰাসবৰ সৃষ্টিৰাজিৰ
সৈতে সামান্যভাৱে হ’লেও পৰিচিত হৈছিলোঁ৷ কিন্তু দুখৰ কথা আমাৰ শৈশৱ বা কৈশোৰৰ
আদিছোৱা কালত সত্ৰত গুৰু দুজনাৰ সৃষ্টি নৃত্য-নাট্য বা গীত সংগীত চৰ্চা আৰু
শিক্ষণৰ কোনো আনুষ্ঠানিক বা প্ৰণালীবদ্ধ ব্যৱস্থা নাছিল৷ অইনহে নেলাগে গুৰুজনাৰ
অভিনৱ সৃষ্টি ‘মাটি আখৰা’-ৰ বিষয়েও বহুত পাছতহে জানিবলৈ পাইছিলোঁ৷ সেয়ে আমাৰ শৈশৱ-কৈশোৰত
নৃত্য-নাট্য-সংগীত প্ৰমুখ্যে গুৰুজনাৰ সৃষ্ট কলাসমূহৰ বিষয়ে কোনো ধৰণৰ শিক্ষা বা
প্ৰশিক্ষণ নহ’ল৷ অৱশ্যে নিচেই কাষৰ পৰা দেখি-শুনি আৰু নাম-কীৰ্তন, ভাওনা আদিত
সামান্যভাৱে হ’লেও ভাগ লৈ মহাপুৰুষ দুজনাৰ সৃষ্টিসমূহৰ মহত্ত্ব আৰু গুৰুত্ব অনুভৱ
কৰিছিলোঁ আৰু সেয়ে স্ৰষ্টা আৰু সৃষ্টিৰ বিষয়ে জানিবলৈ মনত কৌতূহল জাগিছিল৷
হাইস্কুলৰ ওপৰ শ্ৰেণীলৈ গৈ কথাবোৰ কিছু বুজিব পৰা হোৱাত শংকৰ-মাধৱৰ বিষয়ে ক’ৰবাত
কিবা লেখা পালেই আগ্ৰহেৰে পঢ়িছিলোঁ৷ সেই কালত আজিকালিৰ দৰে কাকত-পত্ৰ বা
কিতাপ-আলোচনী পোৱা নগৈছিল৷ আমি হাইস্কুলত থকাৰ দিনত অসমত যি দুখন নে এখন দৈনিক
বাতৰি কাকত আছিল আমি ঢুকি পোৱা নাছিলোঁ৷ সাপ্তাহিক ‘অসমবাণী’-খন সকলো শ্ৰেণীৰ
পাঠকৰ মাজত বেচ জনপ্ৰিয় আছিল, কিন্তু নাজিৰাৰ বাতৰিকাকত যোগনিয়াৰে সীমিত কাকত নিয়া
বাবে সহজে পোৱা নগৈছিল৷ শুকুৰবৰীয়া কাকতখন দেওবাৰে মানে নাজিৰা পাইছিলগৈ আৰু
সোমবাৰৰ দিনা স্কুল ছুটীৰ পাছত আহোঁতে দোকানত পালেই আগ্ৰহেৰে কিনিছিলোঁ৷ কাকতখনত
অন্যান্য বিষয়ৰ লগতে গুৰু দুজনাৰ বিষয়ে কিবা লেখা পালে গো-গ্ৰাসে পঢ়িছিলোঁ৷ সেই
সময়ত— অৰ্থাৎ ১৯৫০-৬০ ৰ কালছোৱাত ছপা হৈ ওলোৱা অসমীয়া কিতাপ তেনেই সীমিত আছিল৷
ভাষা-সাহিত্য-সংস্কৃতি আদি গহীন বিষয়সমূহক লৈ গ্ৰন্থ ৰচোঁতাসকল আছিল প্ৰধানকৈ ড০ বাণীকান্ত কাকতি, ড০ বিৰিঞ্চিকুমাৰ
বৰুৱা, ড০ মহেশ্বৰ নেওগ, ড০ সত্যেন্দ্ৰনাথ
শৰ্মা, ড০ প্ৰফুল্লদত্ত গোস্বামী আদি কেইগৰাকীমানহে৷ তেতিয়া নাজিৰাত কিতাপৰ
দোকান এখনেই আছিল— বৰ্মন বুক ষ্টল৷ দাদা শৰৎ মহন্তই বি.এ. পাছ কৰি নাজিৰা
হাইস্কুলত শিক্ষকৰূপে যোগদান কৰাৰ কথা আগতে কৈ আহিছোঁ৷ দাদা বেচ গ্ৰন্থপ্ৰিয় আছিল৷ বৰ্মনৰ
দোকানলৈ সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক আদি বিষয়ৰ কিবা নতুন কিতাপ অহা গম পালেই তেওঁ
কিনি আনিছিল৷ মোৰ এতিয়া মনত পৰাৰ ভিতৰত ড০ কাকতিৰ
পুৰণি অসমীয়া সাহিত্য, পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, সাহিত্য আৰু প্ৰেম; ড০ বিৰিঞ্চিকুমাৰ বৰুৱাৰ বৌদ্ধ ধৰ্ম আৰু সাহিত্য, অসমীয়া ভাষা আৰু
সাহিত্য, ড০ নেওগৰ শ্ৰীশ্ৰীশংকৰদেৱ, পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি; ড০ প্ৰফুল্লদত্ত গোস্ৱামীৰ সাহিত্য আৰু জীৱন, অসমীয়া জন-সাহিত্য, Bihu
Songs of Assam; ড০ সত্যেন্দ্ৰনাথ শৰ্মাৰ (সম্পা:) ঊষা পৰিণয়, কথা ৰামায়ণ, গীত গোবিন্দ আদি
কিতাপ দাদাই বিভিন্ন সময়ত কিনিছিল৷ তেতিয়া মই ক্লাছ এইটৰ পৰা টেনৰ ভিতৰত আছিলোঁ৷
এই আটাইবোৰ কিতাপ পঢ়ি বুজিব পৰা নাছিলোঁ যদিও বিষয়সমূহৰ লগত সাধাৰণভাৱে হ’লেও
পৰিচয় হৈছিল৷ কিন্তু সেই সময়ত শংকৰদেৱ বা মহাপুৰুষীয়া সাহিত্য-সংস্কৃতি সম্পৰ্কীয়
কিতাপ তেনেই তাকৰ আছিল৷ উল্লিখিত পণ্ডিতসকলৰ এই বিষয়ৰ গ্ৰন্থসমূহ পৰৱৰ্তী সময়তহে
ওলাইছিল৷ সাহিত্যৰথী বেজবৰুৱাই বহুত আগতেই শংকৰদেৱ-মাধৱদেৱৰ জীৱনী আৰু কৰ্ম
সম্পৰ্কে গ্ৰন্থ লিখিছিল যদিও আমি তেতিয়া সেইবিলাক পঢ়িবলৈ পোৱাটো বাদেই দেখাই
নাছিলোঁ৷ সেই সময়ত অসমীয়া দৈনিক কাকত কি আছিল মনত পেলাব পৰা নাই৷ যোৰহাটৰ পৰা
ওলোৱা ‘জনমভূমি’-খন পোনপ্ৰথম প্ৰকাশ পাই মানে মই স্কুল এৰি কলেজ পালোঁগৈ দাদাই
‘আছাম্ ট্ৰিবিউন’-খন নিয়মীয়াকৈ লৈছিল বাবে সেইখন ঘৰতে পঢ়াৰ সুযোগ পাইছিলোঁ৷
কিন্তু মই সততে বিচাৰি থকা শংকৰদেৱ সম্পৰ্কীয় লেখা সেই ইংৰাজী কাকতখনত কিবা পোৱাৰ
কথা মনত নাই৷
যেই কি নহওক, এইদৰে হাইস্কুলত থকা সময়ছোৱাতে দেখি, শুনি, পঢ়ি
শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ সম্পৰ্কে কিছু ধাৰণা আৰু সামান্য জ্ঞান হৈছিল৷
ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি গুৰুজনাৰ বিষয়ে কিবাকিবি লিখিবলৈ লৈছিলোঁ যদিও তেতিয়ালৈকে
কোনো লেখা ছপাৰূপত ওলোৱা নাছিল৷ তেনে সুযোগ-সুবিধাও নাছিল৷
আকাশবাণী-ত মোৰ কথিকা
সেই দিনত প্ৰচাৰ আৰু জনশিক্ষাৰ মাধ্যম হিচাপে আকাশবাণী বা All India
Radio (AIR)–ৰ জনপ্ৰিয়তা আছিল আটাইতকৈ ওপৰত৷ প্ৰকৃততে ক’বলৈ গ’লে বাতৰি কাকতৰ
বাহিৰে আন প্ৰচাৰ মাধ্যম নাছিলেই৷ অসূচল যাতায়ত ব্যৱস্থা, নগণ্য সংখ্যক পাঠক আৰু
কাকতৰ সংখ্যাও তেনেই সীমিত হোৱাৰ বাবে বাতৰি কাকতৰ ভূমিকাও আছিল সীমিত৷ আনহাতেদি
আকাশবাণী এনেবোৰ সীমাবদ্ধতাৰ পৰা মুক্ত আছিল৷ আমি হাইস্কুলত থাকোঁতে আকাশবাণী,
গুৱাহাটী কেন্দ্ৰই বিদ্যাৰ্থীসকলৰ বাবে এক বিশেষ কাৰ্যক্ৰম প্ৰচাৰ কৰিছিল৷ ইয়াক
আমি ‘ৰেডিঅ’ ক্লাছ’ বুলি কৈছিলোঁ৷ সেই কালত ৰেডিঅ’ মানে একোটা ডাঙৰ বাকচৰ লেখীয়া
যন্ত্ৰ, যিটো আছিল সৰ্বসাধাৰণ লোকে কিনিব পৰা সামৰ্থ্যৰ বাহিৰত৷ ট্ৰেন্জিষ্টৰ
বোলা সৰু শব্দ যন্ত্ৰটো তেতিয়ালৈকে বোধকৰোঁ ওলোৱাই নাছিল৷ সি যি কি নহওক, চৰকাৰৰ
শিক্ষা বিভাগৰ উদ্যোগত প্ৰতিখন চৰকাৰী বা চৰকাৰী সাহায্যপ্ৰাপ্ত স্কুলত একোটা
ৰেডিঅ’ দিয়া হৈছিল, যাতে শিক্ষাৰ্থীসকলে সপ্তাহত বা পষেকত প্ৰচাৰিত হোৱা অনাতাঁৰ
শ্ৰেণীসমূহত উপস্থিত থাকিব পাৰে৷ এই কাৰ্যসূচীত অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীয়ে
পাঠদান কৰাৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলকো তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়া হৈছিল৷
অনাতাঁৰ শ্ৰেণীসমূহ বোধকৰোঁ হাইস্কুলৰ ওপৰ শ্ৰেণীকেইটাৰ বাবেহে নিৰ্দিষ্ট কৰা
হৈছিল৷ কাৰণ মোৰ ভালকৈ মনত আছে, এনে শ্ৰেণীত উপস্থিত থাকিব পৰা আটাইবোৰ ল’ৰা
ৰেডিঅ’ থকা ডাঙৰ কোঠাটোত একেলগে বহিছিল৷ স্কুলৰ আটাইবোৰ শ্ৰেণীৰ ছাত্ৰসকল তেনেকৈ
একে ঠাইতে বহাটো সম্ভৱ নাছিল৷ যেই কি নহওক, মূল কথাটো হ’ল অনাতাঁৰ শ্ৰেণীত প্ৰচাৰ
কৰিবৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ পৰাও প্ৰাসংগিক বিষয় সম্পৰ্কত লেখা আহ্বান কৰা
হৈছিল৷ লেখাসমূহ নিৰ্দিষ্ট দৈৰ্ঘ্যৰ হ’ব লাগিব আৰু স্কুলৰ প্ৰধান শিক্ষকৰ যোগেদি
আকাশবাণী, গুৱাহাটী কেন্দ্ৰলৈ পঠাব লাগিব৷ নিৰ্বাচিত ৰচনাসমূহ কোনদিনা কিমান সময়ত
প্ৰচাৰ কৰা হ’ব সেইটো আগতীয়াকৈ জনোৱা হৈছিল৷ মই অলপতে কৈ আহিছোঁ যে শংকৰদেৱৰ বিষয়ে
কিবাকিবি লিখি আছিলোঁ যদিও প্ৰকাশ কৰাৰ সুবিধা পোৱা নাছিলোঁ৷ আকাশবাণীয়ে আগবঢ়োৱা
এই সুযোগ গ্ৰহণ কৰি গুৰুজনা সম্পৰ্কে সৰু প্ৰবন্ধ এটা যুগুত কৰি ভয়ে ভয়ে হেড্ছাৰৰ
হাতত দিলোঁ যথা স্থানলৈ প্ৰেৰণ কৰিবৰ বাবে৷ ইয়াৰ পাছত কিছু দিন গ’ল৷ এদিন অনাতাঁৰ
শ্ৰেণীৰ শেষৰ পিনে পৰৱৰ্তী শ্ৰেণীৰ কাৰ্যসূচী ঘোষণাৰ মাজতে শুনিলোঁ, নাজিৰা
হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ পোনা মহন্তৰ প্ৰবন্ধ পাঠ কৰা হ’ব৷ সেইদিনাৰ পৰা মোৰ
মনটো উগুল-থুগুল লাগি থাকিল৷ নিৰ্দিষ্ট দিনটো আহিল৷ অনাতাঁৰ বাকচটোৰ ভিতৰৰ পৰা
কোনে কি কৈ আছে বা কি বিষয়ে শিক্ষা আগবঢ়াইছে সেইবোৰলৈ মোৰ কাণসাৰ নাছিল৷ মই মাথোন
ভাল ল’ৰাৰ দৰে সকলো শুনি থকাৰ ভাও জুৰি ব্যাকুলভাৱে ৰৈ আছিলোঁ মোৰ কথিকা পাঠ
শুনিবলৈ৷ ওচৰত বহি থকা ল’ৰাবোৰেও ছাৰে টলকিব নোৱৰাকৈ মোলৈ মাজে মাজে চাই আছিল৷
ইপিনে মোৰ বুকুৰ ধপ্ধপনি বাঢ়িবলৈ ধৰিছিল৷ যথা সময়ত নাৰীকণ্ঠৰে বতাহত ভাহি আহি
মহাপুৰুষ শংকৰদেৱ সম্পৰ্কে লিখা মোৰ কথিকা ৰেডিঅ’টোৰ মুখেদি আমাৰ শ্ৰেণীকোঠাত
ধ্বনিত হ’ল৷ শ্ৰেণীটোৰ দায়িত্বত থকা ছাৰগৰাকীকে ধৰি উপস্থিত সকলোৱে মন দি শুনা
যেনেই লাগিল৷ কথিকা শেষ হোৱাৰ লগে লগে সকলোৱে স্বতঃস্ফূৰ্তভাৱেই হাত চাপৰি বজালে৷ ছাৰেও
কোনো ধৰণৰ বাধা নিদিলে৷ ইতিমধ্যে মোৰ বুকুৰ কঁপনি নাইকিয়া হ’ল৷ নিজকে লেখক লেখক
লাগিছিল!
এই কথিকা এতিয়া মোৰ হাতত নাই৷ যিমান দূৰ মনত পৰে মোৰ বাল্যকালৰ সেই
লেখা মহাপুৰুষ শংকৰদেৱৰ শিশুকালৰ লৌকিক-অলৌকিক ঘটনাবোৰেহে বেছি ঠাই পাইছিল৷
মহাপুৰুষজনা কেঁচুৱা অৱস্থাতে মাতৃহাৰা হোৱা, শিশুকালতে ব্ৰহ্মপুত্ৰ নদ সাঁতুৰি
ইপাৰ-সিপাৰ হোৱা, পানীৰ তলত বুৰ মাৰি ভালেমান পৰ থকা, পানীৰ তলৰ পৰা শিহু ধৰি আনি
পুনৰ এৰি দিয়া, উন্মত্ত ষাঁড়ৰ সৈতে যুঁজা, ৰ’দত শুই থাকোঁতে ফেঁটী সাপে ফণা মেলি
ছাঁ দিয়া ইত্যাদি কথাবোৰ লিখিছিলোঁ৷ সত্ৰীয়া পৰিৱেশত প্ৰায়ে শুনি থকা এই
কাহিনীবোৰৰ সত্যাসত্য বিচাৰ কৰাৰ শক্তি বা মানসিকতা সেই সময়ত আমাৰ নাছিল৷ ইবোৰৰ
উপৰি গুৰুজনা ক্ৰমাৎ ডাঙৰ হৈ তেৰাৰ জীৱনত ঘটা অন্যান্য কেতবোৰ কাহিনী বা ঘটনাৰ
বিষয়েও লিখা হৈছিল৷
অৱশ্যে কেৱল নাম উল্লেখ কৰাৰ বাদে শংকৰদেৱৰ বিচিত্ৰ ৰচনাৰাজি আৰু অন্যান্য
কৰ্মাৱলীৰ বিষয়ে বিশেষ একো লিখিব পৰা নাছিলোঁ৷ এইবোৰ বিষয়ে লিখিব পৰাটো তেতিয়া মোৰ
জ্ঞান আৰু সাধ্যৰ বাহিৰত আছিল৷ অৱশ্যে এতিয়াও ভালকৈ মনত আছে, এটা বিশেষ বাক্য বাদ
দিয়াৰ বাহিৰে মোৰ মূল লেখাটোত তেনেকৈ কাট-কুট কৰা হোৱা নাছিল৷ বাক্যটো আছিল
কেঁচুৱা শংকৰদেৱ মাতৃদুগ্ধৰ পৰা বঞ্চিত হোৱা সম্পৰ্কে৷ মই লিখা বাক্যটো এতিয়াও মনত
আছে যদিও বৰ্তমান উল্লেখ কৰাৰ পৰা বিৰত থাকিলোঁ৷ আকাশবাণীত পাঠ কৰা এই কথিকাই মোক
লিখিবলৈ উৎসাহিত কৰাৰ লগতে মহাপুৰুষজনাৰ বিষয়ে অধিক জানিবলৈ অনুপ্ৰেৰণা যোগাইছিল৷
কাৰেংঘৰত শংকৰদেৱ
ঠিক তেনে সময়তে মই ছাত্ৰ একতা সভাৰ আলোচনী ‘কাৰেংঘৰ’-ৰ সম্পাদক
নিৰ্বাচিত হৈছিলোঁ৷ এই ঘটনাই মোলৈ লিখাৰ সুযোগ কঢ়িয়াই আনিলে৷ আগৰ লেখাত কৈ আহিছোঁ
আলোচনীৰ বাবে গল্প-কবিতাহে সৰহকৈ পাইছিলোঁ, প্ৰবন্ধৰ সংখ্যা আছিল তেনেই সামান্য৷
তাকো উপদেষ্টা ছাৰ দুগৰাকীৰ বিচাৰৰ তুলাচনীত উঠাটো কঠিন আছিল৷ অন্ততঃ দুটামান অলপ
গহীন ধৰণৰ প্ৰবন্ধ নাথাকিলে আলোচনীখনৰ গুৰুত্ব আৰু গাম্ভীৰ্য নাথাকিব বুলি সম্পাদক
হিচাপে মোৰ বিশ্বাস হৈছিল৷ মনত আশংকা আছিল যদিও মই মহাপুৰুষ শংকৰদেৱ সম্পৰ্কে
প্ৰবন্ধ এটা যুগুতাবলৈ থিৰাং কৰিলোঁ৷ ইতিমধ্যে আকাশবাণীত প্ৰচাৰিত কথিকাই মনত
যথেষ্ট সাহস যোগাইছিল৷ সেইটোকে আধাৰৰূপে লৈ অনেক পৰিশ্ৰম কৰি ‘অসমীয়া সংস্কৃতি আৰু
শংকৰী সাহিত্য’ শিৰোনামেৰে প্ৰবন্ধ এটা যুগুতাই উলিয়ালোঁ৷ সেইটোৱেই আছিল মোৰ ছপা
ৰূপত ওলোৱা প্ৰথম লেখা৷ এতিয়া মই আলোচনীখনৰ পাত মেলি প্ৰবন্ধটোত চকু ফুৰাই দেখিছোঁ
যে গুৰুজনাৰ বিষয়ে দেখি-শুনি লাভ কৰা প্ৰাৰম্ভিক জ্ঞানৰ বাহিৰে মোৰ লেখাৰ প্ৰধান
আধাৰ গ্ৰন্থ আছিল ড০ বাণীকান্ত কাকতি আৰু ড° বিৰিঞ্চিকুমাৰ বৰুৱাৰ
ৰচনা৷ দুয়োগৰাকী পণ্ডিতৰ দুটা মন্তব্যও লেখাটোত উদ্ধৃত কৰা হৈছে৷ আজিৰ পৰা প্ৰায়
তিনিকুৰি বছৰৰ আগতে (১৯৫৯-৬০) মোৰ অপৈণত জ্ঞান আৰু বুদ্ধিৰে ইমান গহীন বিষয়বস্তু
এটা সম্পৰ্কে কি লিখিছিলোঁ ইয়াত দোহাৰিব খোজা নাই৷ এনে কৰিলে সহৃদয় পাঠক সমাজ
স্বাভাৱিকতে বিৰক্ত হ’ব৷ গুৰুজনাৰ কীৰ্তন-দশম, বৰগীত, ভাওনা, সত্ৰ আদি বিচিত্ৰ
সৃষ্টিসমূহৰ কথা উল্লেখ কৰি লিখিছিলোঁ: “শ্ৰীমন্ত শংকৰদেৱে আমাক বহুত দিলে৷ এইবোৰ
কৈ অন্ত পেলাব নোৱাৰি৷ কবিৰ ভাষাতে—
বোৱালা ভক্তিৰ সোঁত দিলা ধৰ্ম দিলা জ্ঞান
দিলা ভাষা অসমক কৰিলা জীৱন দান৷”
কাৰেংঘৰ (১৯৫৯-৬০), পৃ: ১৬
(আগলৈ)