ড০ পোনা মহন্ত
কটনৰ কিছু কথা
উজনিৰ এখন মহাপুৰুষীয়া
সত্ৰত উপজি ডাঙৰ হৈ গুৱাহাটী চহৰৰ কটন কলেজৰ পৰিৱেশৰ লগত নিজক খাপ খুৱাই ল’বলৈ কিছু
সময় লাগিছিল৷ সেইকালত ওপৰ শ্ৰেণীৰ জ্যেষ্ঠ ছাত্ৰ আৰু হোষ্টেলৰ আৱাসীসকলে নতুনকৈ অহা
আৱাসীসকলৰ ওপৰত ‘ৰেগিং’ নামৰ যি এক দুষ্কাৰ্য চলাইছিল, তাৰ উৎপাতত দুই-এজনৰ হোষ্টেলত
থাকিব নোৱৰা অৱস্থা হৈছিল৷ এই অপকৰ্ম বন্ধ কৰিবলৈ কলেজ কৰ্তৃপক্ষ বা হোষ্টেলৰ অধ্যক্ষই
(Superintendant) কিবা ব্যৱস্থা লোৱাৰ কথা শুনা নাছিলোঁ৷ যি কি নহওক, মই সেই পৰ্ব নিৰাপদে
পাৰ হ’লোঁ আৰু আনুষ্ঠানিক নৱাগত আদৰণী সভা হৈ যোৱাৰ পাছত ৰেগিং নিজে নিজেই নোহোৱা হ’ল৷
চিনিয়ৰ, জুনিয়ৰ সকলো আৱাসী বন্ধুত্বৰ ডোলেৰে বান্ধ খাবলৈ ধৰিলে৷ এনেতে মোৰ এটা অঘটন
ঘটিল৷ চিচাৰ গিলাচ এটা ভিতৰলৈ হাত সুমুৱাই ঘঁহি-ঘঁহি ধুওঁতে গিলাচ ভাগি আঙুলি দুটা
বেয়াকৈ কাটিলে৷ ঘটনাটো দেখি দুজনমান আৱাসী দৌৰাদৌৰিকৈ আহি এজনৰ ৰুমালেৰে কটা অংশ বান্ধি
লগে-লগে সামান্য দূৰত থকা কলেজ ডিচ্পেন্চেৰীলৈ লৈ গ’ল৷ এওঁলোক আটাইকেইজন জ্যেষ্ঠ
আৱাসী আছিল৷ মোৰ লগৰ জুনিয়ৰ কেইজন নতুন হোৱা বাবে কথাবোৰ সিমান আওভাও পোৱা নাছিল আৰু
কাষৰ হস্পিটেল-ফাৰ্মেচি আদিৰ বিষয়ে ভালকৈ জনাও নাছিল৷ এইদৰে আবাসী বন্ধুসকলৰ সহায়-সহযোগত
মোৰ কটা আঙুলিৰ চিকিৎসা হ’ল যদিও মই ভালেমান দিনলৈ জোকোৱা-জুকুইৰ পৰা হাত সাৰিব পৰা
নাছিলোঁ৷ ‘ইনো ক’ৰ সদাগৰৰ ল’ৰা ওলালহি, গিলাচ এটাও ধুই খাব নেজানে’ – ঠিক এনেধৰণৰ কথা
কিছুদিনলৈ মোৰ কাণত পৰি থাকিল৷ ময়ো বৰ লাজ পাইছিলোঁ যদিও এনেবোৰ কথা নুশুনা ভাও ধৰি
কেতিয়াও কোনো প্ৰতিবাদ কৰা নাছিলোঁ৷ আচল কথাটো হ’ল সেইকালত অৰ্থাৎ আজিৰ পৰা ছয়-সাত
দশকৰ আগত – সত্ৰৰ গোঁসাই-মহন্তৰ ঘৰৰ ল’ৰাই গিলাচ বা কাঁহী-বাতি ধুব লগা হোৱা নাছিল৷
আৰ্থিকভাৱে সাধাৰণ পৰিয়ালৰ ল’ৰা আছিলোঁ যদিও এইবোৰ কাম কৰিবলৈ আমাৰ ঘৰত মানুহৰ অভাৱ
নাছিল৷ কেতিয়াবা পানী বা চাহ খাই বাটিটো আওখালি থ’ব খুজিলেও ‘এইবোৰ ল’ৰাৰ কাম নহয়’
বুলি আঁতৰাই পঠোৱা হৈছিল৷ তদুপৰি সেই দিনত আমাৰ ঘৰত চিচাৰ গিলাচৰ ব্যৱহাৰ নাছিলেই৷
এইবোৰ কাৰণতে হোষ্টেলত গিলাচ ধোওঁতে এনে দুৰৱস্থা! সেই কালত ‘গোঁসাইৰ ল’ৰাই এইটো কৰিব
নাপায়, সেইটো কৰিব নাপায়’ আদি কথাবোৰ প্ৰায় আটায়ে এনেদৰে মানি লৈছিল যে আমাৰ দৰে ল’ৰাবোৰ
তেনেই আলাইবাদু হৈ পৰিছিল৷ এবাৰ পথাৰত মৈত উঠোঁতে নাঙলৰ মুঠিটোত ধৰি চাব খোজোঁতে ‘ভকত’
হালোৱাজন শংকিত হৈ বাধা দিয়া কথাটো কেনেকৈ পাহৰিম? আটাইৰে বদ্ধমূল ধাৰণা বামুণ মানুহৰ
দৰে গোঁসাই-মহন্তইও হাল বাব নেপায়৷ এই ‘নেপায়’ ধাৰণাটোৱে যে একাংশ অসমীয়াক অধঃপতনত
পেলালে সেই কথা পাছলৈ বুজি পাইছিলোঁ৷
মই হেনো ‘ষ্টেণ্ড’
কৰিলোঁ
কটন কলেজৰ মুকলিমূৰীয়া
পৰিৱেশত দিনবোৰ কেনেকৈ পাৰ হৈ গ’ল গমেই নাপালোঁ৷ ক্লাছ কৰা, পঢ়াৰ উপৰি ছাত্ৰ সমাজে
আয়োজন কৰা আৰু অন্যান্য সভা-সমিতিও অনেক৷ সেইবোৰত যিমান পাৰোঁ উপস্থিত আছিলোঁ৷ ইবোৰৰ
উপৰি সামান্য দূৰত থকা পাণবজাৰলৈ সঘন অহা-যোৱা৷ সেইদিনত পাণবজাৰ মানে কিতাপৰ বজাৰ৷
দুখনমান ৰেষ্টোঁৰা আৰু আন সামগ্ৰীৰ দোকানৰ বাহিৰে কেউফালে কিতাপেই কিতাপ৷ মন থাকিলেও
ধনৰ অভাৱত ইচ্ছামতে কিতাপ কিনিব নোৱাৰিলেও কিতাপবোৰ লিৰিকি-বিদাৰি চায়ে একপ্ৰকাৰ সন্তুষ্টি
অনুভৱ কৰিছিলোঁ৷ অৱশ্যে সেই সময়ত চিনেমা চোৱাৰ নিচাইও বেয়াকৈ লম্ভিছিল৷
এবছৰৰ মূৰত প্ৰাক্-বিশ্ববিদ্যালয়
ফাইনেল পৰীক্ষাত বহিলোঁ৷ পৰীক্ষা শেষ হোৱাত গাঁৱৰ ঘৰত আছিলোঁগৈ৷ সেই সময়ত শৰৎ দাদাই
হাইস্কুলৰ চাকৰিৰ পৰা বিদ্যায়তনিক ছুটি লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত এম.এ. ফাইনেল ইয়েৰত
অধ্যয়ন কৰি আছিল৷ মই ৰিজাল্টৰ অপেক্ষাত উগুল-থুগুল মন এটা লৈ ঘৰত থাকোঁতে এদিন দাদাৰ
পৰা হঠাতে এখন টেলিগ্ৰাম পালোঁ৷ তাত লিখা আছিল 1st Division, Stood 3rd.
Congratulations.৷ মই টেলিগ্ৰামৰ দ্বিতীয় অংশটো ভালকৈ বুজিয়ে পোৱা নাছিলোঁ৷ তাৰ মানে
মই ‘ষ্টেণ্ড’ (Stand) কৰিছোঁ নেকি? বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান পাইছোঁ নেকি?
এনে প্ৰশ্নৰ সঠিক উত্তৰ বিচাৰি মোৰ মন উত্ৰাৱল হৈ উঠিল৷ সেই দিনত আমাৰ সত্ৰৰ কথা বাদেই,
কাষৰীয়া গাঁৱতো কোনো মানুহৰ টেলিফোন নাছিল৷ গোটেই নাজিৰা চহৰতো আঙুলিৰ মূৰত লিখিব পৰা
কেইজনমানৰহে আছিল৷ তাতে দাদা তেতিয়া হোষ্টেলত থকা ছাত্ৰহে৷ তেওঁক কেনেকৈ পাম? আজিকালি
হাতে হাতে ম’বাইল ফোন থকাৰ দিনত এনে কথা কল্পনাও কৰিব নোৱাৰি৷ যি হওক, সেইদিনা অনিদ্ৰা
ৰজনী কটাই পিছদিনা পুৱাই চাইকেল মাৰি নাজিৰাৰ নামজ্বলা ব্যৱসায়ী যাদৱ বৰুৱাৰ দোকান
পালোঁগৈ৷ তেওঁ গুৱাহাটীৰ কোনোবা জনা-শুনা মানুহলৈ ফোন কৰি খবৰটো আনি দিলে৷ হয়, ৰিজাল্ট
সেইটোৱেই৷ কেইঘণ্টামানৰ ভিতৰতে গুৱাহাটীৰ পৰা অহা বাতৰিকাকতো নাজিৰা পালেহি৷ প্ৰথম
দহটা স্থানৰ তালিকাৰ তৃতীয় স্থানত নিজৰ নামটো দেখি প্ৰথমে বিশ্বাস কৰিবলৈকে টান পাইছিলোঁ৷
সেই বছৰ কটন কলেজৰ পৰা কলা শাখাত কেৱল এজনেই স্থান লাভ কৰিছিল৷ সেই সময়ত (১৯৬২চন)
অসমকে ধৰি উত্তৰ-পূৱ ভাৰতৰ একমাত্ৰ বিশ্ববিদ্যালয়ৰ (গুৱাহাটী বিশ্ববিদ্যালয়) পৰীক্ষাত
স্থান পোৱাসকলেও তেনেই সীমিত প্ৰচাৰ মাধ্যমৰ বাবে বিশেষ প্ৰচাৰ পোৱা নাছিল, আজিৰ দৰে
ৰৌজাল-বৌজাল হোৱাটো দূৰৰ কথা৷ অৱশ্যে সেই সময়ত অসমত যি তিনিখন নে চাৰিখন বাতৰিকাকত
আছিল, সিবিলাকত মাজে-সময়ে দুই-এজনৰ ফটো নোলোৱা নহয়৷ এই প্ৰসংগত অপ্ৰত্যাশিতভাৱে মোৰ
এটা অথন্তৰ ঘটিল, যিটো কথা সত্যৰ খাতিৰত ক’বই লাগিব৷ ৰিজাল্ট ওলোৱাৰ এমাহ-ডেৰমাহ মানৰ
পাছৰ কথা৷ মই তেতিয়া শ্বিলঙৰ ছেইণ্ট এড্মাণ্ডজ্ (St. Edmund’s)কলেজৰ বি.এ., মহলাত
নামভৰ্তি কৰি ‘নিউ হোষ্টেল’-ত আৱাসী হৈ আছোঁ৷ নতুন আৱাসী৷ হোষ্টেলৰ ৰেগিং খণ্ড শেষ
হৈছেহে মাত্ৰ৷ তেনেতে এদিন The Assam Tribune কাকতত মোৰ এখন ফটো ওলাল; কাষতে স্থান
পোৱা এগৰাকী ছোৱালীৰ ফ’টো৷ মই অবাক৷ তেতিয়া মই ঘৰৰ পৰা বহুত দূৰৈত৷ কোনে, ক’ত, কেনেকৈ
ফ’টো যোগাৰ কৰি কাকতলৈ পঠাইছিল, সেই বিষয়ে একো জনা নাছিলোঁ৷ কিন্তু ফ’টো ওলাবলৈহে পালে
মোৰ বাহিৰলৈ ওলাব নোৱৰা অৱস্থা হ’ল৷ হোষ্টেলৰ আৱাসীবিলাকে – বিশেষকৈ চিনিয়ৰসকলে – মোক
সেই ছোৱালীগৰাকীৰ লগত জোকাবলৈ আৰম্ভ কৰিলে৷ আনকি কলেজলৈকে এই ব্যাধি সোঁচৰিল৷ মই যেন
আকৌ এবাৰ ৰেগিঙৰ চিকাৰ হ’লোঁ৷ আজিকালিৰ কথা নেজানো৷ সেইদিনত অলপ সুযোগ পালেই কলেজীয়া
ছাত্ৰ-ছাত্ৰীৰ মাত জোকাৱা-জুকুই বৰ বেছিকৈ চলিছিল৷ সেই ছোৱালীগৰাকীক অনেক বছৰৰ পাছত
পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত লগ পাইছিলোঁ৷ তেতিয়া তেওঁ উজনিৰ এখন কলেজৰ
ইংৰাজীৰ অধ্যাপিকা – আমি ইংৰাজী বিভাগে অনুষ্ঠিত কৰা পৰিশীলন পাঠ্যক্ৰমত
(Refresher’s Course) অংশ গ্ৰহণ কৰিবলৈ গৈছিল৷ মই জনাত বৰ্তমান তেওঁ অৱসৰী জীৱন কটাইছে৷
ফ’টোখনৰ বিষয়ে পাছত ঘৰৰ সৈতে যোগাযোগ কৰি জানিব পাৰিলোঁ যে সাংবাদিকতাৰ লগতো জড়িত আমাৰ
স্কুলৰ শিক্ষাগুৰু এজনে ঘৰত বিচাৰ-খোচাৰ কৰি সেইখন পাই কাকতলৈ পঠাই দিছিল৷ পোনতে ফ’টো
পঠাওঁতালৈ খঙ উঠিছিল যদিও সেই কথা জানিব পাৰি মোৰ প্ৰতি ছাৰগৰাকীৰ মৰম দেখি তেখেতলৈ
শ্ৰদ্ধা বাঢ়িল৷
ইফালে মোৰ ৰিজাল্টৰ
বতৰা জনাজনি হোৱাত আমাৰ স্থানীয় গঞাসকলৰ মাজত আনন্দৰ প্ৰকাশ দেখি মই আচৰিত আৰু অভিভূত
হোৱাই নহয়, সেই বিৰল অভিজ্ঞতা এতিয়াও বুকুত বান্ধি ৰাখিছোঁ৷ দিন-ৰাতি একাকাৰ কৰি খাটিখোৱা
সেই সাধাৰণ, সহজ-সৰল লোকসকলৰ সৰলতা আৰু মহানুভৱতাৰ আভাস দিবলৈহে কথাটো উল্লেখ কৰিছোঁ৷
সেই কালত গাঁৱৰ সামান্য সংখ্যক পুৰুষৰ বাদে জীয়ৰী-বোৱাৰীৰ সৰহভাগ লিখিব-পঢ়িব নজনা অনাখৰী
মানুহ৷ এওঁলোকৰ মাজত যে শিক্ষাৰ প্ৰতি আগ্ৰহ বাঢ়ি আহিছিল স্কুললৈ যোৱা বৰ্ধমান সংখ্যাৰ
ছোৱালীবোৰ দেখি সেই কথা উপলব্ধি কৰিছিলোঁ৷ বোৱাৰী আৰু বৰ্ষীয়ান মহিলাসকলে বিশেষ একো
বুজা নাছিল যদিও ‘আইৰ (মানে মা-ৰ) ল’ৰা এটাই কিবা ভালকৈ’ পৰীক্ষা পাছ কৰা বুলি শুনি
ল’ৰাটোক ‘চাবলৈ’ সদল-বলে আমাৰ ঘৰলৈ আহিল৷ মই লাজতে তেওঁলোকৰ সমুখত ওলাব খোজা নাছিলোঁ
যদিও নোলোৱাকৈ কেনেকৈ থাকিম? তেওঁলোকৰ মাজৰ বয়োজ্যেষ্ঠা দুগৰাকীমানে মোৰ মূৰে-গালে
হাত ফুৰাই জাউৰিয়ে জাউৰিয়ে আশীৰ্বাদ দিলে৷ সেই সময়ত আমাৰ স্বামীহীনা মাতৃয়ে চকুৰ পৰা
বৈ অহা পানী লুকুৱাই ৰাখিব পৰা নাছিল৷ এইদৰে খবৰ ল’বলৈ অহাসকলক ডাঙৰ নবৌৱে চাহ আৰু
পকামিঠৈৰে অপ্যায়ন কৰা দেখিছিলোঁ৷ এতিয়া মই অনুভৱ কৰোঁ, আজিকালি বাতৰিকাকত আৰু বিভিন্ন
চেনেলত গামোচা পিন্ধাই প্ৰচাৰ কৰাতকৈ আমাৰ গঞাসকলে দেখুওৱা সেই মৰম কোনোগুণেই কম নাছিল৷
কটনৰ পৰা ছেইণ্ট
এড্মাণ্ডজলৈ
ৰিজাল্টৰ পাছত দিনচেৰেক
ঘৰত থাকি ইতিমধ্যে বি.এ-ৰ এড্মিশ্বনৰ সময় কাষ চাপি অহাত গুৱাহাটীলৈ গ’লোঁ৷ ইংৰাজীত
অনাৰ্জ লৈ (আজিকালি মেজৰ) কটনতে পঢ়িম বুলি ছেকেণ্ড মেছত আছিলোঁগৈ৷ এনেতে ঘটনাই বেলেগ
মোৰ ল’লে৷ ইংৰাজীত অনাৰ্জ ল’বলৈ হ’লে শ্বিলঙৰ ছেইণ্ট এড্মাণ্ডজ (Saint Edmund's) কলেজলৈ যাবলৈ জনচেৰেক শুভাকাংক্ষীয়ে পৰামৰ্শ দিলে৷
এই কথা ক’বই লাগিব যে হাইস্কুলত পঢ়ি থাকোঁতে যিদৰে কটন কলেজৰ প্ৰতি প্ৰবল হাবিয়াস জন্মিছিল,
সেইদৰে গুৱাহাটীত থাকি শ্বিলঙৰ মিশ্বনেৰী কলেজৰ প্ৰতিও একপ্ৰকাৰ আগ্ৰহ আৰু কৌতুহল জন্মিছিল৷
অৱশ্যে মই কটন কলেজ এৰাৰ কথা কেতিয়াও ভবা নাছিলোঁ যদিও বিষয়টোৱে মোৰ মনত ক্ৰিয়া কৰিবলৈ
ধৰিলে৷ মই কটনৰ প্ৰায় আটাইবোৰ কথাই ভাল পাইছিলোঁ যদিও হোষ্টেলত একেটা কোঠাত তিনিজন
থাকিব লগা হোৱাত কিছু অসুবিধা পাইছিলোঁ৷ ইয়াৰ বিপৰীতে এড্মাণ্ডছ্ কলেজৰ হোষ্টেল যথেষ্ট
উন্নত বুলি শুনিছিলোঁ৷ মোৰ উগুল-থুগুল অৱস্থা হ’ল৷ এফালে কটনৰ প্ৰতি এৰাব নোৱৰা টান,
আনফালে শ্বিলঙৰ হাতবাউলি৷ এনে দোধোৰ-মোধৰৰ মাজতে পিছৰটো কৰাৰে সিদ্ধান্ত লোৱা হ’ল৷
পিছে খবৰ কৰি জানিব পাৰিলোঁ যে ইতিমধ্যে ইংৰাজী অনাৰ্জৰ এড্মিশ্বনৰ লাষ্ট ডেইট্ পাৰ
হৈ গৈছে, অৱশ্যে ৰিজাল্টৰ ভিত্তিত মোৰ এড্মিশ্বন হ’ব পাৰে৷ সেয়ে কলেজৰ পৰা চাৰ্টিফিকেট
এখন লোৱা ভাল হ’ব বুলি ভাবি মই অলপো সময় অপব্যয় নকৰি প্ৰশাসনিক কাৰ্যালয়ৰ নিৰ্দিষ্ট
শাখাৰ বিষয়াজনৰ কাষ চাপিলোঁ৷ তেওঁ প্ৰয়োজনীয় তথ্য-পাতি চাই এঘণ্টামানৰ ভিতৰতে চাৰ্টিফিকেট
প্ৰস্তুত কৰি দিলে৷ অধ্যক্ষ মহোদয়ৰ চহীৰ বাবে বিষয়াগৰাকীৰ সন্মতিসাপেক্ষে মই নিজে সেইখন
লৈ গ’লোঁ আৰু যথা নিয়মে অধ্যক্ষৰ কক্ষত প্ৰৱেশ কৰি কাগজখন ছাৰলৈ আগবঢ়াই দিলোঁ৷ তেখেতে
চাৰ্টিফিকেটখন পঢ়ি চহী কৰি সেইখন টেবুলৰ ওপৰত থৈ মোৰ ফালে ঠেলা মাৰি দিলে৷ এই গোটেই
সময়ছোৱাত অধ্যক্ষ মহোদয়ে মোক কিবা এষাৰ কোৱাৰ দূৰৰ কথা ভালকৈ মূৰ তুলিয়ে নাচালে৷ মই
‘থেংক ইউ ছাৰ’ বুলি কৈ মুহূৰ্তৰ ভিতৰতে ওলাই আহিলোঁ যদিও এই ঘটনাটোৱে মোৰ তেতিয়াৰ ডেকা
মনটোক বেচ আঘাত দিয়া যেন অনুভৱ কৰিলোঁ৷ মই আশা কৰিছিলোঁ সেই বছৰ প্ৰাক্-বিশ্ববিদ্যালয়
পৰীক্ষাত (কলা শাখা) স্থান লাভ কৰা কটন কলেজৰ একমাত্ৰ ছাত্ৰজন বুলি জানি অধ্যক্ষ মহোদয়ে
অন্ততঃ কিবা এষাৰ ক’ব – “তুমি দেখোন ইয়াতে ভাল কৰিছা, কিয়নো আন কলেজলৈ যোৱা?’ এনেধৰণৰ
কিবা এটা৷ কিন্তু মোৰ আশাত চেঁচাপানী পৰিল৷ হয়তো কটনৰ দৰে ডাঙৰ চৰকাৰী শিক্ষানুষ্ঠানৰ
মূৰব্বীজনৰ পৰা এনে আশা কৰাটো মোৰেই ভুল আছিল৷ বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ অনুষ্ঠানৰ
ক্ষেত্ৰত নিশ্চয় এনে নহ’লহেতেন৷ ঘটনাটোৱে মোৰ মনৰ পূৰ্বৰ দোধোৰ-মোধোৰ ভাব আঁতৰালে৷
শ্বিলঙৰ ছেইণ্ট এড্মাণ্ডজ কলেজত পঢ়িবলৈ যাব খোজা সিদ্ধান্তটো যেন ঠিকেই আছিল, মোৰ
মনত এনে ভাব হ’ল৷ সেইকালত এইখন কলেজৰ নাম ঠিক কটনৰ পিছতে আছিল৷
শ্বিলংমুখী যাত্ৰা
পিছদিনা ধলপুৱাতে
উঠি পল্টনবজাৰ বাছ আস্থানত শ্বিলংমুখী ৰঙা চৰকাৰী বাছত উঠিলোঁগৈ৷ মনটো উগুল-থুগুল;
বুকুখনো যেন দুৰুদুৰুকৈ কঁপিছে৷ সেয়া আছিল মোৰ প্ৰথম শ্বিলং যাত্ৰা৷ ৰাজ্যৰ ৰাজধানী
হ’লেও পাহাৰৰ ওপৰৰ চহৰখন যেন গুৱাহাটীৰ পৰাই বহুত দূৰ – মনত এনে ভাব৷ তাতে আক’ জীৱনৰ
বাটত পেলাবলৈ ওলাইছোঁ এটা নতুন খোজ৷ যি হওক, দুপৰীয়া বাৰ বজাৰ আগে আগে ছেইণ্ট এড্মাণ্ডজ্
কলেজৰ চৌহদ পালোঁগৈ৷ অধ্যক্ষৰ কক্ষৰ প্ৰায় গাতে লাগি থকা কাৰ্যালয়ৰ এজনৰ লগত কথা-বতৰা
পাতি তেওঁৰ দিহামতে অধ্যক্ষ মহোদয়ক সাক্ষাৎ কৰিবলৈ আগবাঢ়িলোঁ৷ উল্লেখযোগ্য যে তেতিয়ালৈকে
মই কোনো ব্ৰিটিছ বা য়ুৰোপীয়ান মানুহৰ সৈতে ইংৰাজীত কথা পতাৰ সুযোগ পোৱা নাছিলোঁ৷ মোৰ
আত্মবিশ্বাস আছিল যদিও মই যথেষ্ট সষ্টম হ’লোঁ৷ যথা নিয়মে অনুমতি লৈ অধ্যক্ষৰ কোঠাত
সোমালোঁ৷ মই সন্মুখত যিজন ব্যক্তিক দেখিলোঁ নিমিষতে যেন মোৰ মনৰ পৰা ভয়-শংকাৰ ভাব আঁতৰিল৷
শুধবগা সাজ পৰিহিত, হাঁহিমুখীয়া, গুৰু-গম্ভীৰ এগৰাকী পুৰুষ৷ মোক সন্মুখৰ চকী এখনলৈ
আঙুলিয়াই বহিবলৈ কৈ তেখেতক লগ পাবলৈ যোৱাৰ উদ্দেশ্যৰ কথা সুধিলে৷ মই সকলো কথা বিবৰি
ক’লোঁ আৰু লগত লৈ যোৱা প্ৰমাণ-পত্ৰ দেখুৱালোঁ৷ অৱশ্যে অধ্যক্ষৰ প্ৰকাণ্ড টেবুলখনৰ গ্লাছৰ তলত
সন্মুখভাগতে বিশ্ববিদ্যালয়ৰ ৰিজাল্ট শ্বীট আছিলেই৷ ‘তোমাৰ হোষ্টেল ছীটৰ বিষয়ে এঘণ্টামানৰ
ভিতৰতে খবৰ পাবা’ বুলি কৈ প্ৰিন্সিপাল ছাৰে কাৰ্যালয়ৰ এজন কৰ্মচাৰীক মতাই আনি এড্মিশ্বনৰ
কামত সহায় কৰি দিবলৈ মোৰ লগ লগাই দিলে৷ মই কিংকৰ্তব্যবিমূঢ় হোৱাদি হ’লোঁ৷ উত্তৰ-পূব
ভাৰতৰ এখন আগশাৰীৰ কলেজৰ প্ৰিন্সিপেল এগৰাকীৰ পৰা মোৰ দৰে সাধাৰণ ছাত্ৰই কেনেকৈ এনে
ব্যৱহাৰ আশা কৰিব? আগদিনাৰ কটনৰ অভিজ্ঞতাৰ কথা বাৰে বাৰে মোৰ মনলৈ আহিল৷ দুঘণ্টামানৰ
ভিতৰতে মোৰ ক্লাছ আৰু হোষ্টেল দুয়োটাৰে এড্মিশ্বনৰ কাম সম্পূৰ্ণ হ’ল৷ মই কটনীয়ানৰ
ঠাইত এড্মাণ্ডিয়ান হ’লোঁ আৰু ছেকেণ্ড মেছৰ সলনি নিউ হোষ্টেলৰ আৱাসী হ’লোঁ৷ কিন্তু
কটন কলেজৰ স্মৃতিয়ে মোৰ মনত এতিয়াও খুন্দিয়াই থাকে৷
মই জীৱনত পাহৰিব নোৱৰা এই শিক্ষাগুৰু অধ্যক্ষগৰাকী
হ’ল ব্ৰাডাৰ ফলি (Br. Foley)৷ আমাৰ কলেজসমূহৰ অধ্যক্ষসকলক সাধাৰণতে ক্লাছ লোৱা দেখা
নাযায়৷ তেখেতসকল প্ৰশাসনিক কাম-কাজ আৰু সভা-সমিতি আদিতে ব্যস্ত থকা দেখা যায়৷ ব্ৰাডাৰ
ফলিয়ে অধ্যক্ষৰ দায়িত্ব অতি দক্ষতাৰে পালন কৰাৰ উপৰি আন অধ্যাপকসকলৰ দৰেই ক্লাছ লোৱা
দেখিছিলোঁ৷ তেখেতে ইংৰাজী সাহিত্যৰ উপৰি আন বিষয়ো পঢ়াইছিল৷ এগৰাকী আইৰিশ্ব পণ্ডিত আৰু
শিক্ষাবিদ ব্ৰাডাৰ ফলি কেথ’লিক ধৰ্মাৱলম্বী হ’লেও ‘কৰ্মই ধৰ্ম’ এই কথাতহে তেখেতে বিশ্বাস
কৰিছিল যেন লাগে৷ হাঁহিমুখীয়া, অথচ গুৰু-গম্ভীৰ আৰু অনবদ্য ব্যক্তিত্বৰ এই শিক্ষাগুৰুগৰাকীৰ
কথা মনলৈ আহিলেই শ্ৰদ্ধাত মূৰ দোঁ খায়৷