ড০ পোনা মহন্ত
আজি ১৭ ছেপ্টেম্বৰ৷ বিশ্বকৰ্মা পূজা৷
কল-কাৰখানাৰ শ্ৰমিকসকল আৰু বিভিন্ন যন্ত্ৰ-পাতিৰ সহায়ত কাম কৰি জীৱিকা উলিওৱা লোকসকল এতিয়া নিশ্চয় উৎসৱৰ উখল-মাখলত আত্মহাৰা হৈ আছে৷ কপালৰ ঘাম-মাটিত পেলাই শ্ৰম কৰাৰ
পাছত এইয়া যেন ক্ষণিকৰ জিৰণি৷ অতীতৰ কথা সোঁৱৰণ কৰি এই মুহূৰ্তত মোৰ তাহানিৰ স্কুলীয়া
দিনত পূজা চোৱাৰ কথা মনলৈ আহিছে৷ বিশ্বকৰ্মা পূজা হ’ল অধিকাংশ
ভাৰতীয়ৰ বাবে শাৰদীয় দুৰ্গাপূজাকে ধৰি বিভিন্ন পূজা-উৎসৱৰ বতৰৰ
আৰম্ভণি৷ আমি স্কুলত পঢ়ি থকা কালত বিশ্বকৰ্মা পূজা চোৱাৰ কথা মনত নাই৷ পৰম্পৰাগত ভাৰতীয়
বিশ্বাস মতে বিশ্বখনিকৰ বিশ্বকৰ্মাৰ ছবিখন প্ৰথম বাংলা ডাইৰেক্টৰী পঞ্জিকাতহে দেখিছিলোঁ৷
সেইকালত পূজা মানে কেৱল দুৰ্গাপূজাৰ কথাহে বুজিছিলোঁ৷ জানিবলৈ পোৱা মতে বিশ্বকৰ্মা
পূজা বোলে এই মুলুকত পূৰ্বৰে পৰা নাছিল৷ দেশীয় শ্ৰমিকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে এজন
বগা চাহাবৰ উদ্যোগতহে এই পূজাৰ সূচনা হয়৷ সেয়ে প্ৰতি বছৰ একে মাহৰ একেটা দিনতে এই পূজা
পতা হয়৷ কালক্ৰমত আমাৰ একাংশ উৎসৱপ্ৰিয় ভাৰতীয় তথা অসমীয়াই এই পূজা এনেদৰে আকোঁৱালি
লয় যে বৰ্তমান কল-কাৰখানাৰ শ্ৰমিকৰ কথা নকঁওৱেই, প্ৰায় ঘৰে-ঘৰে এই পূজা অনুষ্ঠিত হয়৷
সত্ৰীয়া
ল’ৰাৰ দুগা পূজা দৰ্শন:
এই কথা আগতে উল্লেখ
কৰা হৈছে যে মই ওপজা সত্ৰখন সম্পূৰ্ণৰূপে মহাপুৰুষীয়া কালসংহতিৰ সত্ৰ৷ মহাপুৰুষ শংকৰদেৱৰ
এক শৰণ নাম আৰু ভক্তি ধৰ্মত বিশ্বাসী সত্ৰখনত কোনো ধৰণৰ পূজা-পাতল,
যাগ-যজ্ঞ আদি অনুষ্ঠিত নহয়৷ বিশেষকৈ দেৱী পূজা
আৰু বলি-বিধানৰ কথাটো সত্ৰবাসীৰ কল্পনাৰো অতীত৷ শংকৰ-মাধৱৰ একমাত্ৰ কৃষ্ণ বা বিষ্ণুকেন্দ্ৰিক নাম ধৰ্মত ৰাধা বা কোনো প্ৰেমাস্পদ
বা প্ৰেয়সীৰ স্থান নাই৷ আমি এনে পৰিৱেশত ডাঙৰ হৈছিলোঁ যে আমাৰ ল’ৰাকালত নাজিৰা চহৰত আৰু কাষৰীয়া চাহবাগিছাবিলাকত উলহ-মালহেৰে পতা পূজা চাবলৈও পোৱা নাছিলোঁ৷ অৱশ্যে ক্লাছ নাইনমানৰ পৰা নিয়ম কিছু
শিথিল কৰি পূজা চাবলৈ অনুমতি দিয়া হৈছিল৷ মন কৰিব, ‘চাবলৈ’হে, পূজামণ্ডপৰ কাষলৈ গৈ ৰঙা ফোঁট লৈ দেৱী বন্দনা
কৰা নিষেধ আছিল৷ মই প্ৰথমবাৰ পূজা চাবলৈ যাওঁতে বেদীত উপবিষ্টা দেৱীগৰাকীক আঁতৰৰ পৰা
চোৱাৰ কথা এতিয়াও মনত আছে৷ কিন্তু নাজিৰা হাইস্কুললৈ খোজকাঢ়ি অহা-যোৱা কৰোঁতে মৃৎশিল্পীৰ ঘৰৰ সন্মুখত আৰু পথৰ কাষত ৰ’দাবলৈ
বহুৱাই থোৱা নিৰ্মীয়মান মূৰ্তিসমূহৰ কথা কেনেকৈ পাহৰিম? বাঁহৰ
ফ্ৰেইমত কাপোৰ বান্ধি বোকাৰে লেপি বনোৱা উন্নত বক্ষৰ আৰু সুন্দৰ
মুখাৱয়বৰ সেই অসম্পূৰ্ণ দেৱী মূৰ্তিবিলাকক দেখাত একোগৰাকী আধুনিক যুৱতীৰ মৃন্ময় ৰূপ
যেন লাগিছিল৷ এনে নিষ্প্ৰাণ মূৰ্তি কেনেকৈ যে শিল্পীৰ বুৰুজৰ পৰশ, পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণ আৰু হাজাৰ-হাজাৰ ৰাইজৰ আবেগ,
আগ্ৰহ, আকুলতা আৰু প্ৰাৰ্থনাৰ বলত প্ৰাণ পাই উঠে,
সেই কথা ভাবি আচৰিত হৈছিলোঁ৷ পিছলৈ মানুহৰ সমাগম, উদুলি-মুদুলি, হৰ্ষ-উল্লাস, জাকজমকতা দেখি বিশ্বাস হৈছিল একাংশ অসমীয়া আৰু
অসমবাসীৰ বাবে শাৰদীয় দুৰ্গাপূজা এক জনপ্ৰিয় উৎসৱ হৈ পৰিছিল৷ কিন্তু আন এটা দৃশ্যইহে
মোৰ মনত ব্যথা ওপজাইছিল৷ অনেকৰ হাতত হাঁহ-পাৰ বা ৰচীৰে টানি নিয়া
ছাগলী দেখি মনত প্ৰশ্ন জাগিছিল প্ৰতিমাৰ দেৱীয়ে সঁচাকৈয়ে জীয়া জীৱ-জন্তুৰ কেঁচা তেজ বিচাৰেনে? স্বয়ং দেৱীগৰাকীয়েই যিহেতু
প্ৰতীকী, সেয়ে প্ৰতীক হিচাপে লাউ-কোমোৰা
আদি বস্তু ‘বলি’ দিলেও হয় দেখোন৷ এই কথা
অনেক দিনৰ আগতে স্থানান্তৰত লিখিছিলোঁ৷
সত্ৰত পূজা-পাতল,
যাগ-যজ্ঞ আদি আচাৰানু্ষ্ঠান নিষেধ যদিও শতকৰা এশভাগ
সত্ৰবাসীয়ে যে এই বাধা মানি চলিছিল এনে নহয়৷ প্ৰসংগক্ৰমে কৈ আহিছোঁ কেৱল দুঘৰ মানুহৰ
বাদে আমাৰ সত্ৰবাসীসকল কোচ আৰু কলিতা সম্প্ৰদায়ৰ লোক৷ শৰ্মা উপাধিৰ সেই দুঘৰ আছিল গণক
কুলৰ৷ তেওঁলোকৰ গৃহিণীয়ে আঁচলৰ তলত লুকুৱাই বলিৰ বাবে হাঁহ লৈ যোৱা মই নিজে দেখিছিলোঁ৷
লুকুৱাই নিবলৈ চেষ্টা কৰাৰ কাৰণ আছিল, কোনো গোঁসাই-মহন্তই যাতে নেদেখে, সেইটো নিশ্চিত কৰা৷ মই দেখিছিলোঁ
যদিও নেদেখা ভাও ধৰি আঁতৰি গৈছিলোঁ, যাতে চুবুৰীয়া দেওমতীৰ
(স্পষ্ট মনত আছে যদিও নামটো সামান্য সলনি কৰা হৈছে) পৰিয়ালটো বিপদত নপৰে৷ পাছলৈ আন দুই-একেও যে এনে কৰিবলৈ
ধৰিছিল, সেইটো শুনিছিলোঁ৷ বিশ্বাসক ভেটিব কোনে?
সত্ৰতো অনিয়ম:
মোৰ জন্ম ঠাই সত্ৰৰ
বৰনামঘৰত মণিকূটৰ প্ৰধান সিংহাসনত এজনা চতুৰ্ভূজৰ মূৰ্তি আছে৷ কাষৰ আন এখন সৰু আসনত
আছে বংশীবাদক মূৰ্তি৷ আমি শৈশৱ আৰু কৈশোৰত দেখা কথা কৈছোঁ৷ এতিয়াও নিশ্চয় এনেদৰেই আছে৷
ডাঙৰ হৈ সামান্য পঢ়া-শুনা কৰি জানিব পাৰিছিলোঁ যে মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ ভক্তি ধৰ্মত মূৰ্তিৰ স্থান নাই৷ পাঁচ-সাতখলপীয়া
সিংহাসনত (গুৰু আসন নহয়) একেবাৰে ওপৰত ভগৱানৰ
প্ৰতীক হিচাপে সাধাৰণতে গুৰুজনাৰ ৰচনা কীৰ্তন, দশম বা গুণমালা
স্থাপন কৰা হয়৷ আমাৰ সত্ৰখন মহপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমাধৱদেৱ
আৰু তেৰাসকলৰ একান্ত অনুগামী গোপালদেৱ বা গোপাল আতাৰ নীতি-আদৰ্শমতে চলা এখন সম্পূৰ্ণ
মহাপুৰুষীয়া সত্ৰ৷ অথচ নামঘৰত মূৰ্তি প্ৰতিষ্ঠা কৰি সেৱা-সৎকাৰ,
নাম-কীৰ্তন আদি অনুষ্ঠিত কৰি অহা হৈছে৷ অধিক কি,
আমি স্কুলীয়া দিনত দেখিছিলোঁ জন্মাষ্টমী নে আন কোনো উপলক্ষত বংশীবাদক
মূৰ্তি পুৰোহিতৰ হতুৱাই ধুৱাই-পখলাই আৰু ফুল-তুলসী আৰু গাখীৰেৰে পূজা কৰা হৈছিল৷ পূজাৰ অন্তত কৃষ্ণ গোঁসাইৰ পদজল বুলি সেই
গাখীৰ-পানী উপস্থিত ভকত আৰু অন্যান্যসকলৰ মাজত বিলোৱা হৈছিল৷
সকলোৱে আঁজলি পাতি সেই জল-প্ৰসাদ গ্ৰহণ কৰি মূৰত আৰু মুখত লোৱা
দেখিছিলোঁ৷ সেই কালত আমি এই পূজা নামঘৰত অনুষ্ঠিত সবাহ বা নাম-কীৰ্তনৰ লগৰ বস্তু বুলিয়ে ভাবিছিলোঁ৷ অলপ ডাঙৰ হৈ যেতিয়া কথাবোৰ বুজিব পৰা
হ’লো, তেতিয়া মনত প্ৰশ্ন জাগিছিল মহাপুৰুষীয়া
নামধৰ্মত মূৰ্তি পূজাৰ কথা বাদেই, নামঘৰত দেৱ-দেৱীৰ মূৰ্তিৰ উপস্থিতিও নিষেধ আছিল, তেনে ক্ষেত্ৰত এনে
বিসংগতি কিয়?
এনে ক্ষেত্ৰত আমি
ল’ৰাবোৰক (ছোৱালীৰ কথা নকওঁৱেই) শাৰদীয়
পূজা চাবলৈ মানা কৰাৰ কিবা যুক্তি থাকিব পাৰেনে?
‘নামগোৱা’
আৰু বৰসবাহ:
নামঘৰত চলা উপৰিউক্ত
আচাৰানুষ্ঠানৰ বিপৰীতে সত্ৰৰ অমহন্ত ‘ভকত’ সকলে – অৰ্থাৎ কোচ-কলিতা মানুহখিনিয়ে
কোনো প্ৰকাৰৰ পূজা আদি পালন কৰা দেখা নাছিলোঁ বা শুনাও নাছিলোঁ৷ তেওঁলোক আছিল শতকৰা
এশভাগ মহাপুৰুষৰ নামধৰ্মত বিশ্বাসী৷ শ্ৰৱণ-কীৰ্তনকে ঈশ্বৰ আৰাধানাৰ
মূল পথ বুলি তেওঁলোকে গ্ৰহণ কৰিছিল৷ ইয়াৰ ভিতৰত কোনোবাই লুকাই-চুৰকৈ পূজাত হাঁহ-পাৰ বলি দিবলৈ নিছিল যদিও সেয়া আছিল
ব্যতিক্ৰম৷ আমি স্কুলত পঢ়ি থকা কালত দেখিছিলোঁ সত্ৰৰ ৰাজহুৱা বৰমানঘৰত পতা নাম-কীৰ্তন, ভাওনা আদি অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ উপৰিও প্ৰায়ে
সকলো অমহন্ত সত্ৰবাসীয়ে তেওঁলোকৰ নিজৰ ঘৰত প্ৰতি বছৰে নহ’লেও
অন্ততঃ দুই-তিনি বছৰৰ মূৰত নাম-কীৰ্তনৰ
অনুষ্ঠান বা সবাহ পাতিছিল৷ মোৰ মনত থকা মতে ঘৰখনৰ আৰু সমাজৰ মংগল কামনা কৰি পতা এনে
শ্ৰৱণ-কীৰ্তনৰ অনুষ্ঠানক ‘নামগোৱা’
বোলা হৈছিল৷ নামটোৰ পৰাই উমান পাব পাৰি কেনেকৈ কীৰ্তন, দশম, নামঘোষা প্ৰমুখ্যে মহাপুৰুষ দুজনাৰ ৰচনাৰ পঠন-পাঠনৰ যোগেদি একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণ নাম-গুণৰ শ্ৰৱণ-কীৰ্তন কৰা হয়৷ গুৰুজনাই ভগৱানৰ প্ৰতি ভক্তি প্ৰকাশৰ মাধ্যমৰূপে শ্ৰৱণ-কীৰ্তনৰ শ্ৰেষ্ঠত্বৰ কথা অনেকবাৰ উল্লেখ কৰাৰ উপৰিও ‘নাম’ৰ মহত্বৰ বিষয়ে ভাগৱতত এইদৰে কোৱা হৈছে:
নামেসে সাধিবে সব
মনোৰম সিদ্ধি ৷
জানিবা হৰিৰ নামেসে নৱনিধি ৷৷
নাম তপ জপ যজ্ঞ, নাম যোগধ্যান৷
নাম দান পুন্য, নাম কোটি তীৰ্থস্নান ৷৷
নাম ধনজন বন্ধু, নাম পিতামাতা ৷
নামে নিজ সুহৃদ, নামেসে গতিদাতা ৷৷
ইহ পৰলোকে নাম বিনে
আন নাই ৷
চাৰিও বেদৰ ইসে মুখ্য
অভিপ্ৰায় ৷৷
(ভাগৱত,
১০ম স্কন্ধ, ৫৬৩-৫৬৫)
নামগোৱা অনুষ্ঠানলৈ
সাধাৰণতে সত্ৰৰ মহন্তসকলক নিমন্ত্ৰণ কৰা হোৱা নাছিল৷ অৱশ্যে কেতিয়াবা দুই এঘৰে কম বয়সীয়া
মহন্ত ল’ৰাক মাতি নিছিল৷ এইদৰে এবাৰ নামগোৱালৈ যোৱাৰ কথা মোৰ স্পষ্টকৈ মনত আছে৷ আমাৰ
সত্ৰৰ পৰা সামান্য আঁতৰত পদুমনি বুলি এখন গাওঁ আছে৷ তেতিয়াৰ দিনত বঁকিয়াৰ দৰে ঠেক আলি
এটাৰে গাওঁখনক মূল সত্ৰৰ সৈতে সংলগ্ন কৰা হৈছিল৷ আজিকালি গাড়ী-মটৰ চলিব পৰা আহল-বহল পকী ৰাস্তা হৈছে৷ আলিটোৰ দুয়ো কাষে
আছিল পথাৰ আৰু এটা ডাঙৰ হোলা৷ খৰালি পথাৰ শুকালে আৰু হোলাটোৰো পানী কমি আহিলে তেতিয়া
তাত ৰাতি বাঁক আৰু যখিনী ওলাই বুলি শুনিছিলোঁ৷ এই দুবিধ ভূত-ভূতুনীৰ
কথা শুনিলেই সৰু কালত আমাৰ গাৰ নোম সিয়ঁৰি উঠিছিল৷ ‘ৰাম-কৃষ্ণ’ বুলি চিঞৰি চিঞৰি ভগৱানৰ নাম ল’লে ইহঁত তৎক্ষণাত আঁতৰি যায় বুলিও শুনিছিলোঁ৷ পিছত জানিবলৈ পাইছিলোঁ পশ্চিমৰ
মানুহৰ মাজতো এনে বিশ্বাস বা অন্ধবিশ্বাস আছিল৷ ভগৱান বা যীশুখ্ৰীষ্টৰ নাম শুনিলেই
বোলে চয়তানবোৰ পলাই পত্ৰং দিয়ে৷ ক’বলৈ পাহৰিছিলোঁ, নামগোৱা অনুষ্ঠান সাধাৰণতে সন্ধিয়া আৰম্ভ কৰা হৈছিল আৰু শেষ হয় মানে ৰাতি ভালেখিনি
আগবাঢ়িছিল৷ এদিনৰ কথা৷ পদুমনি গাঁৱৰ এঘৰত নামগোৱা ‘খাই’
ঘৰলৈ উভতি আহিছোঁ৷ মোৰ লগত হাতত লেম্প লৈ দুই-তিনিজন
ডেকা মানুহ৷ হোলাটো পাইছোঁহিহে হঠাতে মই ‘সৌটো ওলালে ঔ’
বুলি চিঞৰাৰ পাছত মুখৰ মাত নাইকিয়া হ’ল৷ ডেকা কেইজনে
‘কতা, কি, একো নাই’
বুলি কৈ ৰাম নাম ল’বলৈ ধৰিলে৷ লগে লগে মোৰ চকুৰ
আগৰ পৰা দীঘলঠেঞীয়া বাঁকটো নাইকিয়া হ’ল৷ পিছত বুজিছিলোঁ প্ৰকৃততে
বাঁক, যখ-যখিনী, কন্ধ
আদি কোনো প্ৰাণী নাই৷ এনে ভূত-ভূতুনী বা অপদেৱতাবোৰ মানুহৰ কল্পনা
মাত্ৰ৷ মই দেখা বাঁকটোও মনৰ ভূতহে৷ সেই ঠাইত বাঁক ওলায় বুলি আগৰ পৰা শুনি থকা বাবেই
বোধকৰোঁ ভয় আৰু শংকাত মোৰ শৈশৱৰ মনৰ চকুৰ সমুখত কল্পনাৰ বাঁক এটা ভাঁহি উঠিছিল৷
সমূহীয়াকৈ পতা নামগোৱা
অনুষ্ঠানক বৰসবাহ বোলা হৈছিল৷ নামগোৱা হওক, বৰসবাহ হওক বা নামঘৰত
‘শৰাই দিয়া’ অনুষ্ঠানেই হওক, সকলোতে নাম-কীৰ্তনৰ বাহিৰে আন কোনো আচাৰ
(ritual) বা বাহ্যিক জাক-জমকতা নাছিল বা এতিয়াও
নাই৷ বুট, মগু, চাউলেৰে প্ৰস্তুত কৰা প্ৰসাদ,
কল, কুঁহিয়াৰ, মাটিকঠাল,
তিয়ঁহ, মধুৰী আম, নাৰিকল
আদি স্থানীয় ফল-মূলেৰে সজোৱা শৰাই – এয়াই
হ’ল ভগৱানৰ নামত আগবঢ়োৱা নৈবেদ্য৷ নাই কোনো ভজা-পোৰা, আমিষ বা গুৰু খাদ্যৰ সম্ভাৰ৷ জলবায়ু, স্বাস্থ্য, পাৰিপাৰ্শ্বিকতা আৰু মানুহৰ আৰ্থিক অৱস্থাৰ
কথা চিন্তা কৰি উদ্ভাৱন কৰা মহাপুৰুষৰ কি অপূৰ্ব সৃষ্টি! এটা
বিশেষ কথাৰ বাবে প্ৰতি বছৰে বৰনামঘৰত পতা ৰাজহুৱা বৰসবাহৰ কথা কেতিয়াও পাহৰিব নোৱাৰিম৷
আমি প্ৰাইমেৰী স্কুলত পঢ়ি থকা কণকণ ল’ৰা-ছোৱালীবোৰৰ বাবে সেই সবাহৰ প্ৰধান আকৰ্ষণ আছিল প্ৰসাদৰ সৈতে আগবঢ়োৱা পকা মিঠৈ৷
এইবিধ মিঠৈ আগতে উল্লেখ কৰি অহা সত্ৰৰ পৰা শিষ্য-ভকতক নিৰ্মালি
হিচাপে প্ৰদান কৰা পকামিঠৈৰ পৰা বেলেগ৷ পূৰ্বৰ বিধ বেচ টান হোৱাৰ বিপৰীতে এইবিধ কোমল
আৰু আকাৰত ডাঙৰ৷ নিৰ্মালি মিঠৈ কেনেকৈ বনোৱা হয়, সেই বিষয়ে যথাস্থানত
কৈ আহিছোঁ৷ এই বিধ প্ৰস্তুতিকৰণৰ বিষয়ে বিশেষ নাজানো যদিও নৈৱেদ্যবিধক যে বিশেষ গুৰুত্ব
সহকাৰে সকলোৱে কৰিছিল, সেইটো মনত আছে৷ এটা কথা বোধকৰোঁ বৰ্তমানৰ
প্ৰজন্মই বিশ্বাস নকৰিব বা হাঁহি উৰুৱাই দিব৷ সমূহীয়া এই সবাহৰ বাবে সংগ্ৰহ কৰা বৰঙণি
ঘৰ-মূৰি আছিল যদিও এখন ঘৰ বা এটা পৰিয়ালৰ সদস্যৰ সংখ্যা অনুপাতে
বৰঙণিৰ পইচা নিৰ্ধাৰণ কৰা হৈছিল আৰু সেই মতে মিঠৈ সহ প্ৰসাদ বিতৰণ কৰা হৈছিল৷ কোনোৱে
যদি প্ৰাপ্য মিঠৈতকৈ অধিক বিচাৰিছিল, সেইটো আগতীয়াকৈ জনাই সেইমতে
বৰঙণি দিব লাগিছিল৷ যিহেতু ভগৱানৰ প্ৰসাদ হিচাপে মিঠৈবিধক অতি পৱিত্ৰ আৰু গুৰুত্বপূৰ্ণ
বুলি ভবা হৈছিল, সেয়ে সামৰ্থ থকাসকলে আত্মীয়-কুটুম্বৰ বাবে প্ৰয়োজনীয় মিঠৈ সংগ্ৰহ কৰিছিল৷ সেই কালত আমিও এই পকামিঠৈ গো-গ্ৰাসে খোৱাৰ কথা এতিয়াও পাহৰা নাই৷
টিৰাপৰ পৰা
ওভতনি যাত্ৰা:
প্ৰৱেশিকা পৰীক্ষাৰ
পাছৰ বিৰতিত বৰ্তমান অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ নক্তেসকলৰ গাওঁ ভ্ৰমণ কৰাৰ কথা আগৰ
লেখাত কৈ আহিছোঁ৷ পাহৰি যোৱা অনেক ঘটনাৰ ভিতৰত হঠাতে এটাৰ কথা মনলৈ আহিল৷ আমাৰ ভ্ৰমণৰ
শেষৰ ফালে পাহাৰত ঠাণ্ডা যথেষ্ট বাঢ়িছিল৷ সেই সময়ত খুন্ছাৰ
প্ৰশাসনিক বিষয়াজনৰ বঙলাৰ চিমনীৰ কাষত বহি চাহ-জলপান খোৱাৰ কথা
কেনেকৈ পাহৰিম? বিষয়াজনৰ পদবীটো আজিকালিৰ জিলাৰ ডেপুটি কমিশ্বনাৰ
বা কালেক্টৰ পৰ্যায়ৰ আছিল৷ তেওঁৰ নামটো এই মুহূৰ্তত মনলৈ অহা নাই৷ কে. কে. ৰাজাও হ’ব পাৰে৷ পাছলৈ তেওঁৰ
যথেষ্ট ওপৰলৈ প্ৰমোশ্বন হোৱা বুলি শুনিছিলোঁ৷ মানুহজন বৰ মৰমিয়াল আছিল৷ ময়ো তেওঁৰ সৈতে
ভুলে-শুদ্ধই ইংৰাজীত কথা পাতি বেচ তৃপ্তি পাইছিলোঁ৷ ঠাণ্ডা অনুপাতে
মোৰ যথেষ্ট গৰম কাপোৰ নথকা বুলি জানিব পাৰি তেওঁ মোক এটা প্ৰায় নতুন ছুৱেটাৰ পিন্ধিবলৈ
দিছিল৷ ডিঙিলৈকে ঢাক খোৱা – অৰ্থাৎ ‘ফুল
নেক’ ৰ ঊলৰ ডাঠ ছুৱেটাৰটো পিন্ধি মই ইমানেই আৰাম পাইছিলোঁ যে
সেইটো আচল গৰাকীজনক ওভতাই দিবলগীয়া কথাটো যেন ভাবিবই পৰা নাছিলোঁ৷ সি যি নহওক, মই পাহাৰীয়া জাৰত
বাকী দিনকেইটা পাৰ কৰিবলৈ সেই ছুৱেটাৰটোৱে ইমান সহায় কৰিছিল যে অফিচাৰজনৰ প্ৰতি মোৰ
মন কৃতজ্ঞতাৰে ভৰি পৰিছিল৷ পাছত জানিব পাৰিছিলোঁ এনে ছুৱেটাৰক হেনো ‘পুলঅ’ভাৰ’ বুলি কোৱা হয়৷ কেইবা
বছৰৰো পাছত চাকৰিৰ দৰ্মহাৰে শ্বিলং নে গুৱাহাটীৰ বজাৰত এনে ধৰণৰ পুল-অ’ভাৰ এটা কিনিছিলোঁ৷
নক্তে গাওঁ ফুৰি
উভতি অহাৰ
পাছত ঘৰত বেছি দিন থাকিবলৈ নাপালোঁ৷ মেট্ৰিকৰ ৰিজাল্ট ওলাল আৰু মোৰ স্কুলীয়া
জীৱনৰো অন্ত পৰিল৷ সত্ৰৰ ঘৰত থকা সময়ো উকলিবলৈ ধৰিলে৷
(ক্ৰমশঃ)