অন্যযুগ/


উলাহেৰে উভতি চাওঁ-১২

ড° পোনা মহন্ত

আমাৰ আগৰ লেখাত সত্ৰীয়া বিহুৰ কথা কওঁতে ব’হাগ বিহুৰ হুঁচৰি আৰু বোকা ভাওনাৰ দৰে পুৰুষসকলে হালধি-পানীৰ খেলা কৰাৰ কথা উল্লেখ কৰিছিলোঁ৷ এই কথাও কোৱা হৈছিল যে সামাজিক, লৌকিক বা ধৰ্মীয় যি অনুষ্ঠানেই নহওক, সত্ৰৰ সীমাৰ ভিতৰত এই আটাইবিলাক কাম নাম-কীৰ্তনৰ যোগেদিহে পালন কৰা হৈছিল৷ ৰাইজেও এই অনুষ্ঠানসমূহক পৱিত্ৰ জ্ঞান কৰি সাধ্যমতে তামোল-পাণ আৰু মাননিৰে শৰাই আগবঢ়াই সেৱা জনাইছিল৷ এইদৰে মাননিৰূপে যি অলপ টকা-পইছা পোৱা গৈছিল, সেইখিনিও খৰচ কৰা হৈছিল নাম-কীৰ্তন কৰি এক ব্যতিক্ৰমধৰ্মী প্ৰণালীৰে৷ নগদ টকা আৰু সেৱকীয়ে আগবঢ়োৱা গামোচা বেচি পোৱা টকাৰে ভোজ-ভাত খোৱা বা আন কোনো প্ৰকাৰৰ আনন্দ-উৎসৱ কৰা হোৱা নাছিল৷ ইয়াৰ সলনি উক্ত টকাৰে নিমখ কিনা হৈছিল আৰু সেই নিমখ কলপটুৱাৰ খোল বা ডোঙত ভাগ কৰি ৰাইজৰ বিলোৱা হৈছিল৷ ইয়াৰ পৰাই বুজিব পাৰি সেই কালত অসমীয়া বা ভাৰতীয় মানুহৰ দৈনন্দিন জীৱনত নিমখৰ গুৰুত্ব কিমান আছিল৷ এই কথা উপলব্ধি কৰিয়ে গান্ধীজীয়ে ঔপনিৱেশিক চৰকাৰৰ লোণ আইন ভংগ কৰি (১৯৩০ চন) শান্তিপূৰ্ণ সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল৷ ‘যাৰ লোণ খাবা, তাৰ গুণ গাবা’ বুলি আমাৰ লোক সমাজতো অতীজৰে পৰা এটি প্ৰবচন চলি আছে৷ মই যি সময়ৰ কথা কৈছোঁ, অৰ্থাৎ আজিৰপৰা ষাঠি-সত্তৰ বছৰৰ আগতে অসমত— বিশেষকৈ গাঁও অঞ্চলত নিমখ বৰ দুৰ্লভ বস্তু আছিল, অথচ এই সম্পদটো নহ’লে মানুহে এগৰাহ ভাতো খাব নোৱাৰে৷ তেতিয়াৰ দিনত মিহি আয়’ডাইজ্‌ড্‌ (Iodised ) নিমখৰ কথা হয়তো কোনেও শুনাই নাছিল৷ আজিকালি বজাৰত ভিন্ন প্ৰকাৰৰ লোণ বা নিমখ সুলভ যদিও বিহুৰ অন্তত নিমখ বিলোৱা এই পৰম্পৰাগত প্ৰথা এতিয়াও চলি আছে৷ নাম সামৰা অনুষ্ঠানত কোনো খোৱা-বোৱাৰ ব্যৱস্থা নাছিল যদিও সৰুকালত আন সমনীয়াৰ লগত ময়ো তাত উপস্থিত থাকি নামত ভাগ লৈছিলোঁ৷ নামৰ অন্তত আমাৰ ভাগত পৰা এডোং নিমখ লৈ ৰংমনেৰে ঘৰলৈ অহা কথা মোৰ এতিয়াও মনত আছে৷  

জীয়াই থকাৰ অন্য নাম কাম

এই কথা ইতিমধ্যে কৈ অহা হৈছে যে মোৰ ওপজা ঠাইখন এখন মহাপুৰুষীয়া সত্ৰ হ’লেও উজনি অসমৰ সাধাৰণ গাঁও এখনৰ লগত ইয়াৰ বিশেষ পাৰ্থক্য নাছিল আৰু এতিয়াও নাই৷ সত্ৰবাসী বা গঞাসকল আটায়ে সংসাৰী৷ মহন্ত হওক, অমহন্ত হওক সকলো মানুহ সাংসাৰিক জীৱনৰ আশা-নিৰাশা, পোৱা-নোপোৱা, হা-হুতাশাৰ দ্বাৰা জৰ্জৰিত৷ সৰুতে দেখিছিলোঁ, কেনেকৈ কৃষিজীৱী গঞাসকলে কঠোৰ পৰিশ্ৰম কৰি ঘৰ-সংসাৰ চলাবলগা হৈছিল৷ আমাৰ ঘৰৰ সমুখৰ আৰু ইকাষে-সিকাষে থকা কোচ-কলিতা উপাধিৰ গৃহস্থকেইজনে পুৱাৰে পৰা সন্ধিয়ালৈকে এনেদৰে পৰিশ্ৰম কৰা দেখিছিলোঁ যে অসমীয়া মানুহে যে ইমান কষ্ট কৰিব পাৰে সেই কথা আজিকালিৰ মধ্যবিত্তীয় অসমীয়াই বিশ্বাস নকৰিব৷ যিহেতু প্ৰায় আটাইবোৰ মানুহেই খেতি-বাতি কৰি চলিব লাগিছিল, সেয়ে প্ৰাপ্তবয়স্ক পুৰুষসকলে হাল বোৱা, কোৰ মৰা, কঠীয়া আৰু পকা ধানৰ ডাঙৰি কঢ়িওৱা, গৰু-ম’হৰ বাবে খেৰ-ঘাঁহ গোটোৱা, দা-কুঠাৰেৰে খৰি ফলা আদি এশ-এবুৰি কাম দিনটোৰ ভিতৰত কৰিব লাগিছিল৷ ইয়াৰ উপৰি মাছ মৰা, বাৰীত শাক-পাচলিৰ খেতি কৰা, মৰণা মৰা, গৰু-ছাগলীৰ আল-পৈচান ধৰা আদি অন্যান্য উপৰুৱা কামবোৰ আছেই৷ ইমানবোৰ কামৰ মাজত তেওঁলোকে পুৱাৰ চাহপানী বাতি বা দুপৰীয়াৰ ভাতকাঁহীও নাকে-কাণে খাই আন কামৰ বাবে লৱৰিব লগা হৈছিল৷ কান-মাৰিৰে প্ৰায় প্ৰতিদিন ধান, ঘাঁহ, খেৰ আদিৰ বোজা কঢ়িওৱাৰ বাবে প্ৰায়বিলাক কৰ্মঠ মতা মানুহৰ কান্ধৰ দুয়ো কাষৰ ছাল ছি‍গি বগা পৰি যোৱা দেখিছিলোঁ৷ উল্লেখ কৰা উচিত হ’ব যে সেই কালত নিজৰ বুলি থকা মাটিকেইডৰাত ধান খেতি কৰি জীৱিকা নিৰ্বাহ কৰাৰ বাহিৰে লোকসকলৰ আন কোনো আয়ৰ পথ নাছিল৷ মই প্ৰাইমেৰি‍ স্কুলত পঢ়ি থকা দিনত আমাৰ গোটেই গাঁওখনত মাত্ৰ এজনেই চাকৰি কৰা মানুহ আছিল৷ ওচৰৰ চাহ বাগানত কাম কৰা কলিতা উপাধিৰ এই মানুহজন ‘মহৰী’ নামেৰে সকলোৰে মাজত পৰিচিত আছিল৷ তেওঁৰ ককায়েকজন গাঁওখনৰ গাঁওবুঢ়া আছিল যদিও তেতিয়াৰ দিনত হয়তো ইয়াক চৰকাৰী চাকৰি বুলি ধৰা হোৱা নাছিল৷ দাঢ়ি-গোঁফেৰে ভোবোকাৰ এই মানুহজনক প্ৰায় ঘৰতে থকা দেখিছিলোঁ৷ আৰু সেই কালত গাঁওবুঢ়াৰনো কাম কি সেই বিষয়েও জনা নাছিলোঁ৷ সি যি নহওক, এই দুজন মানুহৰ বাহিৰে মোৰ জন্মস্থানৰ প্ৰায়বোৰ পুৰুষ মানুহেই ওপৰত উল্লেখ কৰা ধৰণে ঘৰ-সংসাৰ চলাবলৈ অন্তহীন পৰিশ্ৰম কৰিবলগা হৈছিল৷ পুৰুষসকলৰ সমানে সমানে মহিলাসকলকো পুৱাৰ পৰা ৰাতি বিছনাত পৰালৈকে কামেই কৰি থকা দেখিছিলোঁ৷ ন খেতিৰ সময়ত বোকা-পানীৰে লুতুৰি-পুতুৰি হৈ পথাৰত হৈ পথাৰত ভূঁই ৰোৱা, পকা ধান দোৱা, ৰন্ধা-বঢ়া, ঘৰ-চোতাল সৰা-মচা, ল’ৰা-ছোৱালীৰ আল-পৈচান ধৰা, ঢেঁকীত ধান বনা, জাকৈ-জুলুকীৰে মাছ-পুঠি ধৰা, ভাত-পানী ৰান্ধিবলৈ লাগনী খৰি আদি গোটোৱা, ঘৰখনৰ সকলোৰে বাবে সময়মতে জা-জলপান, পিঠা-পনাৰ যোগাৰ কৰা ইত্যাদি এশ-এবুৰি কাম এখন ঘৰৰ এগৰাকী গৃহিণীয়ে চম্ভলা দেখিছিলোঁ৷ ইমানৰ পাছতো কোনো কোনো তিৰোতাই ঘৰখনৰ মতা মানুহবিলাকৰ মন যোগাব পৰাকৈ অতি সাৱধানে কাম-বনবোৰ কৰি চলিব লাগিছিল৷ পঢ়ুৱৈ‍সকলে যেন মনত ৰাখে, মই যিসকল তিৰোতাৰ কথা কৈছোঁ, সেইসকল মোৰ বৌ অৰ্থাৎ মাৰ প্ৰজন্মৰ মানুহ৷ অৱশ্যে ইয়াৰ ঠিক পাছৰ প্ৰজন্মৰ বেলিকাও অৱস্থা সিমান উন্নত হোৱা বুলিব নোৱাৰি৷ তেতিয়ালৈকে গাঁৱৰ ছোৱালীবোৰক স্কুলত পঢ়িবলৈ পঠোৱা নিয়ম হোৱা নাছিল বুলিবই পাৰি৷ আমাৰ দিনৰ পৰাহে পিতৃ-মাতৃ বা অভিভাৱকে কন্যা সন্তানক গাঁৱৰ কাষত থকা এল.পি. স্কুলত নামভৰ্তি কৰাবলৈ ধৰে৷ হ’লেও সৰহভাগ ছোৱালীয়ে দুশ্ৰেণীমান পঢ়িয়ে পঢ়াশালি এৰি দিছিল বা এৰি দিবলৈ বাধ্য কৰোৱা হৈছিল৷

ওপৰত উল্লেখ কৰা পৰিশ্ৰমী পুৰুষ-মহিলাসকলৰ ভিতৰত মহন্ত উপাধিধাৰী লোকসকল নপৰে৷ মোৰ শৈশৱকালত ডেকা বা প্ৰাপ্তবয়স্ক, গোঁসাই-মহন্ত ব্যক্তিসকলক বিশেষ কোনো শাৰীৰি‍ক শ্ৰম কৰা দেখা নাছিলোঁ৷ সেই সময়লৈকে বংশ বৃদ্ধি হৈ মহন্ত মানুহ কেইবাঘৰো হৈছিল৷ যি কেইঘৰৰ মাটি-বাৰী বুজন পৰিমাণৰ আছিল, তেওঁলোকে হয় ঘৰত হালোৱা ৰাখি খেতি কৰাইছিল, নহয় আন কৃষকক আধিলৈ দিছিল৷ কিন্তু ককাই-ভাইৰ সংখ্যা বৃদ্ধি হৈ ভূ-সম্পত্তি ভাগ ভাগ হৈ থকাৰ বাবে কোনো কোনো মহন্তৰ পানীত হাঁহ নচৰা হৈছিল৷ পুৰুষানুক্ৰমে দৈহিক শ্ৰমৰ পৰা আঁতৰি পৰনিৰ্ভৰশীল হৈ থকা বাবে আৰু কোনো প্ৰকাৰৰ নিৰ্দিষ্ট পেছাত আত্মনিয়োগ নকৰা বাবেই এনে হৈছিল৷ ভালকৈ মনত আছে আমি প্ৰাইমেৰি স্কুলত পঢ়ি থকা দিনত মোৰ খুৰা বা দাদা সম্পৰ্কীয় দুজনমান  ডেকা মহন্তই  কোনো প্ৰকাৰৰ পৰিশ্ৰম নকৰাৰ বাবে পুৱা-গধূলি ইঘৰ-সিঘৰত ফুৰি সময় কটাইছিল৷ তদুপৰি, তেওঁলোকৰ মাজত সত্ৰীয়া নৃত্য-নাট্য, শিল্প-কলা আদিৰ কোনো চৰ্চা থকাও দেখা নাছিলোঁ৷ ইয়াৰ বিপৰীতে অ-মহন্তসকলৰহে গুৰুজনাৰ নাম ধৰ্মৰ প্ৰতি বেছি আগ্ৰহ থকা দেখিবলৈ পাইছিলোঁ৷ কাৰোবাৰ বাবে অপ্ৰিয় হ’লেও এইটো মোৰ শৈশৱৰ দিনবোৰৰ কথা সুঁৱৰি পোৱা একান্ত ব্যক্তিগত অনুভৱ৷

গৃহতে থাকিয়া হৰিক স্মৰিয়া...

শৈশৱৰ দিনবোৰলৈ উভতি চাই অনুভৱ হৈছে যে মোৰ ওপজা ঠাই বাৰেঘৰ সত্ৰ ভকত গাঁৱৰ লোকসকলৰ জীৱনশৈলী মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত একশৰণ নামধৰ্মৰ দ্বাৰা বিস্তৰভাৱে প্ৰভাৱিত হৈছিল৷ প্ৰায় সকলো মানুহ সংসাৰী আছিল যদিও সেই কালত তেওঁলোকে উক্ত ধৰ্মৰ আদৰ্শ আৰু মূল নীতিবোৰ কম-বেছি পৰিমাণে মানি চলিছিল বুলি মোৰ এতিয়া বিশ্বাস হৈছে৷ গুৰুজনাই যে কৈছে সংসাৰী হৈও, গৃহস্থালিৰ সকলো কাম পালন কৰিও কেৱল কৃষ্ণনাম বা হৰিনাম শ্ৰৱণ-কীৰ্তনৰ যোগেদি ভগৱানক আৰাধানা কৰিব পাৰি— এই কথা যেন তেওঁলোকৰ জীৱনত সুন্দৰভাৱে প্ৰতিফলিত হৈছিল৷ নাম-কীৰ্তনৰ বাহিৰে তেওঁলোকে কোনো প্ৰকাৰৰ পূজা-সেৱা, যাগ-যজ্ঞ আদি পালন কৰা নাছিল৷ সত্ৰৰ কেন্দ্ৰীয় বা বৰ নামঘৰত যথা সময়ত অনুষ্ঠি‍ত মহাপুৰুষ আৰু গুৰুসকলৰ তিথি-মহোৎসৱ, নাম-কীৰ্তন, অংকীয়া ভাওনা আদিৰ উপৰি প্ৰায় প্ৰতিঘৰ মানুহে নিজৰ ঘৰত বছৰেকীয়া নাম গোৱা বা নাম লোৱা অনুষ্ঠান পাতিছিল তেওঁলোকে ঘৰত পতা নাম-প্ৰসংগ অনুষ্ঠানলৈ জ্যেষ্ঠ মহন্তসকলক নিমন্ত্ৰণ কৰা প্ৰথা নাছিল যদিও মোৰ দৰে কণ কণ মহন্ত ল’ৰাক নি সমাজত বহুৱাইছিলগৈ৷ মই গাঁৱৰ পঢ়াশালিত পঢ়ি থকালৈকে কেইবাবাৰো এনে নাম গোৱা অনুষ্ঠানত উপস্থিত থকাৰ কথা মনত আছে৷ জন্মসূত্ৰে মহন্ত হোৱা বাবে সৰু ল’ৰা হৈও অমহন্তসকলৰ এনে ঘৰুৱা অনুষ্ঠানত গাঁৱৰ একেবাৰে মুখিয়াল ভকতসকলৰ শাৰীত বহিবলৈ পাইছিলোঁ৷ কীৰ্তন, দশম আৰু নামঘোষা পাঠ কৰা নাম-অনুষ্ঠানৰ আমাৰ দৰে সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে আটাইতকৈ হেঁপাহৰ বস্তু আছিল প্ৰসাদৰ লগত আগবঢ়োৱা পকা মিঠৈ৷ এনে মিঠৈ ব্যক্তিগত নাম গোৱা অনুষ্ঠানত আৰু সত্ৰৰ বৰনামঘৰত  পতা বাৰ্ষিক ৰাজহুৱা সবাহৰ বাহিৰে আন ক’তো দিয়া হোৱা নাছিল৷ এইদৰে মহন্ত হওক, অমহন্ত হওক, সেই কালত মোৰ ওপজা ঠাইখনৰ আটায়ে সংসাৰ-ধৰ্ম পালন কৰিও মহাপুৰুষীয়া একশৰণ নামধৰ্মৰ মূল বস্তু শ্ৰৱণ-কীৰ্তনৰ যোগেদি একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ নাম-গুণ গাই আনন্দ আৰু সন্তুষ্টি লাভ কৰিছিল৷ এনেহে লাগে তেওঁলোকে যে মহাপুৰুষৰ এই বাণী আখৰে আখৰে মানি চলিছিল:

 

মোক্ষ পাইবা গৃহবাসে থাকি

জানি হৰি হৰি বোলা ডাকি

বা

গৃহতে থাকিয়া হৰিক স্মৰিয়া

মোক্ষ সাধা হৰি নামে৷

ইমানখিনি কোৱাৰ পাছতো মই শৈশৱত দেখা কিন্তু তেতিয়া বুজি নোপোৱা দুটামান কথা উল্লেখ কৰিবই লাগিব৷ মহাপুৰুষীয়া একশৰণ নাম ধৰ্মত শ্ৰৱণ-কীৰ্তনেই মূলবস্তু হ’লেও, কোনো প্ৰকাৰৰ পূজা-পাতল, যাগ-যজ্ঞ আদি ব্যয়বহুল বাহ্যিক কৰ্ম-কাণ্ডৰ প্ৰয়োজন নাই বুলি মহাপুৰুষে বাৰে বাৰে দোহৰা সত্ত্বেও মোৰ ওপজা ঠাইখনৰ গোসাঁই-মহন্ত, কোচ-কলিতা আদি সকলো মানুহেই দেখোন বিয়া-বাৰু আৰু মৃতকৰ সকাম-নিকাম সম্পূৰ্ণ বৈদিক আচাৰানুষ্ঠানৰ মাজেদি পালন কৰিছিল৷ বিয়াৰ হোমত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু অগ্নিত ঘিউৰ আহুতি প্ৰদান বা অন্ত্যেষ্টিক্ৰিয়াৰ পৰৱৰ্তী দিনসমূহত পুৰোহিতৰ দ্বাৰা কৰোৱা কেতবোৰ পূজা-পাতল সম্পূৰ্ণৰূপে ব্ৰাহ্মণ্য ধৰ্মৰ ভিতৰুৱা আচাৰ-অনুষ্ঠান, যিবিলাকৰ বিৰুদ্ধে মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱে অনেকবাৰ সঁকিয়াইছে:

নালাগে দেৱ দ্বিজ হৈবে৷

নালাগে সমস্ত শাস্ত্ৰ জানিবে৷৷

মিছাতে মৰে আন কৰ্ম কৰি৷

হোৱন্ত ভকতিতে তুষ্ট হৰি৷৷

কীৰ্তন ঘোষা, পাষণ্ড মৰ্দন

জ্ঞানত কৰ্মত কৰি     ভকতিহে মহাশ্ৰেষ্ঠ,

    ভকতি মধ্যত মুখ্য দুই,

শ্ৰৱণ-কীৰ্তন ইটো     আক ধৰিলেক যিতো

    বিধিৰ কিংকৰ সিটো নুই৷

ভাগৱত, দ্বাদশ স্কন্ধ, ৫২৯

সত্যযুগে ধ্যান    ত্ৰেতা যুগে যজ্ঞ

    দ্বাপৰ যুগত পূজা

কলিত হৰিৰ    কীৰ্তন বিনাই

    অৱৰ নাহিকে দুজা

কলিত হৰিৰ    কীৰ্তন বিনাই

    অন্যত্ৰ ধৰ্ম আচাৰে৷

মিছাতে কেৱল    শ্ৰম মাত্ৰ পাৱে

    একোৱে ফল নধৰে৷৷

-মাধৱদেৱ, নামঘোষা, ৩৯৯, ৪০০

সমস্ত তীৰ্থত স্নান    কৰিলেক সৰ্ব যজ্ঞ

    দীক্ষিত ভৈলেক সিটোজন৷

সমস্তে দানৰ ফল    সি সি জনে পাইলে আতি

    যিটো কৰে হৰিৰ কীৰ্তন৷৷

-নামঘোষা, ৮৫

মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আাৰু তেৰাসকলৰ এগৰাকী প্ৰধান শিষ্য কালসংহতিৰ আদিপুৰুষ ভৱানীপুৰীয়া গোপাল আতাৰ একান্ত অনুগামী বুলি পৰিচয় দিয়া মোৰ ওপজা ঠাই বাৰেঘৰ সত্ৰ ভকত গাঁৱৰ লোকসকলৰ মাজত এনে বৈদিক আচাৰানুষ্ঠান এতিয়াও চলি থকা বুলি জনা যায়৷ যি সময়ত মহাপুৰুষীয়া একশৰণ নামধৰ্মত বিশ্বাসী সৰহভাগ অসমীয়া মানুহে সকলো প্ৰকাৰৰ ব্ৰাহ্মণ্যবাদী কৰ্ম-কাণ্ড ত্যাগ কৰি একমাত্ৰ হৰি নাম শ্ৰৱণ-কীৰ্তনতে মনোনিৱেশ কৰিছে, সেই সময়ত সত্ৰৰ নাম লৈ একাংশই এনে বৈদিক আচাৰ অনুষ্ঠান চলাই থকাটো চিন্তা কৰিবলগীয়া কথা৷ সাম্প্ৰতিক সময়ত মহাপুৰুষ শংকৰদেৱৰ নামত নানা প্ৰকাৰৰ প্ৰচাৰ চলিছে৷ স্কুল-কলেজ-বিশ্ববিদ্যালয়-চিকিৎসালয় প্ৰভৃতি নানা অনুষ্ঠান-প্ৰতিষ্ঠান, আলি-পদূলি আদি আধুনিক কালৰ অনেক সম্পদ গুৰুজনাৰ নামত নামাংকিত কৰি দেখাত মহাপুৰুষজনাক ব্যাপক স্বীকৃতি দিয়া হৈছে৷ কিন্তু তথাকথিত সৰ্বভাৰতীয় বৈদিক সনাতনী আৰু ব্ৰাহ্মণ্যবাদী হিন্দু ধৰ্মৰ হেঁচাত যেন শংকৰদেৱ-মাধৱদেৱৰ ভক্তিধৰ্মৰ মানৱতাবাদী আৰু গণতান্ত্ৰিক আদৰ্শ তল পৰাৰ উপক্ৰম হৈছে৷ সেয়ে নিজৰ জাতীয় বৈশিষ্ট্য আৰু স্বাভিমান ৰক্ষা কৰিবলৈ হ’লে অসমীয়া মানুহ সজাগ হ’বৰ হ’ল৷

(আগলৈ) 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ