ড° পোনা মহন্ত
টিৰাপ সীমান্ত দেখিলোঁ
মোৰ ওপজা ঠাই চলিহা
বাৰেঘৰ সত্ৰ আৰু বৰ্তমান অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ অধিবাসী নক্তে জনগোষ্ঠীয় লোকসকলৰ
মাজৰ প্ৰায় চাৰিশ বছৰীয়া পুৰণি সামাজিক-সাংস্কৃতিক সম্পৰ্কৰ কথা আগতে
কৈ আহিছোঁ৷ বিদেশী চৰকাৰে ‘ইনাৰ লাইন পাছ’ আইন প্ৰৱৰ্তন কৰাৰ পাছত কি দৰে পাহাৰ-ভৈয়ামৰ মাজৰ এই
সংযোগ বাধাগ্ৰস্ত হৈছিল আৰু কি দৰে সত্ৰৰ এজন ডেকা গোঁসায়ে উক্ত আইন ভংগ কৰি বিনা পাছে
অৰুণাচলত (তেতিয়াৰ ‘নেফা’) প্ৰৱেশ কৰিছিল, সেই সম্পৰ্কেও যথাস্থানত উল্লেখ কৰা হৈছে৷
আইনভংগকাৰী ডেকা গোঁসাই মুনীন্দ্ৰনাথ মহন্ত হ’ল এই লেখকৰ জ্যেষ্ঠ
ভাতৃ– ডাঙৰ দাদা৷
এই কথাও বোধকৰোঁ
কৈ আহিছোঁ যে আইন ভংগৰ অপৰাধত মুনীন্দ্ৰনাথ মহন্তক কুৰিটকাৰ যি দণ্ড বিহা হৈছিল পাহাৰ-ভৈয়ামৰ
সম্পৰ্কৰ কথা জানিব পাৰি আৰু নক্তে গঞাসকলৰ হেঁচাত সেই টকা সসন্মানে ওভতাই দিয়াৰ উপৰিও
দুয়ো পক্ষৰ সুবিধাৰ্থে মহন্তক বাৰ্ষিক পাছ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল৷ তেতিয়াৰ পৰা
দাদা মুনীন্দ্ৰনাথ মহন্তই মন গ’লেই বা নক্তে শিষ্যসকলৰপৰা আহ্বান
পালেই টিৰাপলৈ গৈ নক্তে গাঁওসমূহ ভ্ৰমণ কৰিছিল৷ দাদাক তেনেকৈ গৈ থকা দেখি আৰু তেওঁৰ
মুখে পাহাৰবাসীসকলৰ বিষয়ে নানা কথা শুনি মোৰ মনটোৱেও সেইবোৰ নিজ চকুৰে চাবলৈ লকলকাই
আছিল৷ পিছে ইতিমধ্যে হাইস্কুলৰ ওপৰ শ্ৰেণী পোৱাগৈ বাবে সুযোগ তেনেকৈ মিলা মাছিল৷ মেট্ৰিক
পৰীক্ষাৰ পাছৰ বিৰতিয়ে যেনিবা মোলৈ এই সুযোগ আনি দিলে৷ পৰীক্ষাৰ পিছত মোক পাহাৰলৈ লৈ
যাম বুলি দাদায়ো ইতিমধ্যে কথা দি থৈছিল৷
মোৰ এই প্ৰথম পাহাৰ ভ্ৰমণৰ কথা ক’বলৈ গৈ কলম থমকি ৰ’ব লগা হৈছে৷ অনেক কথা পাহৰিছোঁ; কিছুমান কথা ৰিণিকি ৰিণিকিহে মনত আছে৷ দাদাই সাধাৰণতে লগত এজন বা দুজন সহায়কাৰী বা ভাৰী লৈ গৈছিল৷ সেইবাৰ যিহেতু ময়ো আছিলোঁ, সেয়ে এজন ডেকা ল’ৰাকহে সংগী হিচাপে লোৱা হৈছিল৷ যথা সময়ত প্ৰয়োজনীয় বস্তু-বেহানিৰে সৈতে আমি তিনিও গৈ ওচৰতে থকা মেজেংগা ষ্টেইশ্বনত ট্ৰেইনত উঠিলোঁগৈ৷ উল্লেখযোগ্য যে ষ্টেইশ্বন বুলিলেও মেজেংগা প্ৰকৃততে এটা ‘ছাইডিং’(Siding)-হে য’ত মূল ৰেইল লাইনৰ কাষত কেইটামান ডবাযুক্ত ট্ৰেইন এখন ৰাখিব পৰাকৈ আন এটা লাইন আছিল৷ আমাৰ অঞ্চলটোত যিহেতু অনেক চাহ বাগিচা আছিল, সেয়ে ইউৰোপীয় মালিকসকলৰ সুবিধাৰ বাবেই বোধকৰোঁ এই ছাইডিং স্থাপন কৰা হৈছিল৷ এনে কৰাৰ বাবে নিয়মীয়া ট্ৰেইনবিলাকৰ গতি বাধাগ্ৰস্ত নকৰাকৈ কাষৰ লাইনত ৰাখি থোৱা ডবাত বাগানত উৎপাদিত চাহপাত বোজাই কৰিবলৈ সুবিধা হৈছিল৷ সেয়ে মেজেংগাত দ্ৰুতগতিৰ ‘এক্সপ্ৰেছ’ জাতীয় ট্ৰেইন ৰখা হোৱা নাছিল, কেৱল কম দূৰত্বত চলা সাধাৰণ ট্ৰেইনহে ৰাখিছিল, তাকো কেইটামান মুহূৰ্তৰ বাবে৷
দাদাই ইতিমধ্যে তিনিটা টিকট লৈ থৈছিল৷ ট্ৰেইন
আহি পাই সামান্য থমাৰ লগে লগে দবাৰ বাছ-বিচাৰ নকৰাকৈ খদমদম কৈ
উঠাৰ কথা এতিয়াও পাহৰা নাই৷ ট্ৰেইনখনে নাজিৰা, শিমলুগুৰি,
লাকুৱা, সাপেখাতী প্ৰভৃতি কেইবাটাও ষ্টেইশ্বনত
ৰৈ ৰৈ যোৱাৰ পাছত এটা সময়ত নাহৰকটীয়া পায়গৈ৷ নাহৰকটীয়াত ৰেইলৰ পৰা আমি জয়পুৰ নামৰ ঠাইডোখৰলৈ
গৈছিলোঁ৷ কেনেকৈ গৈছিলোঁ মনত নাই৷ বোধকৰোঁ খোজ কাঢ়িয়েই গৈছিলোঁ৷ সেইকালত বাছ মটৰৰ চাল-চলন তেনেই সীমিত আছিল; তাতে নাহৰকটীয়া আৰু জয়পুৰৰ মাজৰ
দূৰত্বও বেছি নহয়৷ এইখিনিতে জয়পুৰৰ বিষয়ে দুআষাৰ কোৱা উচিত হ’ব, কাৰণ অসমৰ জয়পুৰ নামৰ ক্ষুদ্ৰ চহৰখনৰ কথা আমাৰ অনেকে
নাজানে৷ গুৰুত্বপূৰ্ণ ভৌগোলিক অৱস্থিতিৰ বাবে ঔপনিৱেশিক শাসনৰ দিনত জয়পুৰ এক সামৰিক
কেন্দ্ৰ আছিল৷ বেপ্য়িষ্ট্ মিশ্বনেৰীসকলেও জয়পুৰক তেওঁলোকৰ কাম-কাজৰ কেন্দ্ৰৰূপে ব্যৱহাৰ কৰিছিল৷ শেহতীয়া লোকপিয়ল মতে আঢ়ৈ হেজাৰমান লোকৰ বসতিৰে
জয়পুৰ এখন সৰু চহৰ৷ এই জয়পুৰৰপৰাই আমাৰ প্ৰকৃত পাহাৰ ভ্ৰমণ আৰম্ভ হয়৷ আগতীয়াকৈ চিঠিৰে
যোগাযোগ কৰা অনুসৰি আমাক সংগ দিবলৈ নক্তে গাঁৱৰ পৰা পঠোৱা দুজন গজগজীয়া নক্তে ডেকা
ইতিমধ্যে জয়পুৰত আহি আছিলহি৷ তেওঁলোকেই হ’ল আমাৰ পথপ্ৰদৰ্শক আৰু
প্ৰায় দুৰ্গম পাহাৰীয়া পথৰ সকলো প্ৰকাৰৰ সহায়ক৷
আমাৰ ভ্ৰমণৰ সময়
১৯৬০-৬১ৰ ভিতৰৰ কোনো এটা মাহ হ’ব৷ যিমান দূৰ মনত পৰে সেয়া
আছিল জহকালিৰ শেষ আৰু জাৰকালিৰ আৰম্ভণি৷ যিহেতু গৰমৰ সময়ছোৱাত পাহাৰ-ভৈয়াম উভয় অঞ্চলতে প্ৰায়ে ধাৰাষাৰে বৰষুণ হৈ থাকে, সেয়ে
দাদাই সাধাৰণতে জাৰকালিহে নেফা ভ্ৰমণলৈ গৈছিল৷
আমাৰ গন্তব্যস্থান
আছিল টিৰাপৰ সদৰ ঠাই খুন্চা৷ সেইকালত নাহৰকটীয়া আৰু খুন্চাৰ মাজত সুচল পথ নাছিল৷ আমি পাহাৰীয়া লুংলুঙীয়া, ওখোৰা-মোখোৰা আৰু একা-বেঁকা বাটেৰে আগবাঢ়িছিলোঁ৷ তেতিয়া দাদা
আছিল প্ৰায় সাতাইছ- আঠাইছ বছৰীয়া ডেকা; মই মেট্ৰিক দিয়া চেঙেলীয়া ল’ৰা আৰু বাকী তিনিওজন আছিল
গজগজীয়া যুৱক৷ নক্তে ল’ৰা দুজনৰ কথা নকওঁৱেই, মুনীন্দ্ৰনাথ মহন্ত আৰু আমাৰ সহায়কাৰীজনো ইতিমধ্যে এনে পাহাৰীয়া ৰাস্তা বগোৱাত
প্ৰায় অভ্যস্ত হৈছিল৷ মইহে আছিলোঁ একেবাৰে নতুন৷ প্ৰথম অৱস্থাত অত্যন্ত আগ্ৰহ আৰু পাহাৰ
ভ্ৰমণৰ উত্তেজনাৰ বাবে একো পৰোৱা নকৰি নক্তে দুজনৰ পিছে পিছে সহজভাৱেই গৈ আছিলোঁ৷ কাষে
কাষে কুলুকুলু সুৰেৰে সৰ্পিল গতিৰে বৈ যোৱা নিজৰা আৰু পাহাৰীয়া চৰাইৰ অচিনাকি অথচ সুৰীয়া
মাতে মোৰ কিশোৰ মনটো পুলকিত কৰিছিল৷ পাছলৈ যেতিয়া ইংৰাজী সাহিত্য– বিশেষকৈ কবি ৱাৰ্ডজৱাৰ্থৰ (William Wordsworth) The Prelude প্ৰভৃতি কেতবোৰ কবিতা পঢ়োঁ আৰু পঢ়ুৱাওঁ, তেতিয়া সেই দৃশ্য
আৰু ধ্বনিবোৰৰ কথা প্ৰায়ে মনলৈ আহিছিল৷ ইংৰাজ কবিগৰাকীয়ে যেনেকৈ অকলশৰীয়া দাৱনীজনীৰ
গীতৰ সুৰ হৃদয়ত কঢ়িয়াই ফুৰিছিল, মোৰ মনতো যেন তাহানিতে দেখা আৰু
শুনা পাহাৰীয়া জুৰিৰ কুলুকুলু সুৰ আৰু চৰাই-চিৰিকতিৰ সুৰীয়া মাতবোৰ
অনেক দিনলৈ প্ৰতিধ্বনিত হৈ আছিল৷ ৱাৰ্ডজৱাৰ্থে লিখিছিল –
… I listened mothionless and still;
And as I
mounted up the hill
The music in my
heart I bore,
Long after it
was heard no more.
(The Solitary
Reaper)
(…
শুনিছিলোঁ সেই গান
হৈ ধীৰ স্থিৰ,
বগাই গ’লো
পাহাৰৰ শিৰ;
যদিওবা আগুৱাই আহিলোঁ
বহুদূৰ,
হৃদয়ত কঢ়িয়াওঁ সেই
সংগীতৰ সুৰ৷)
প্ৰখ্যাত কবিৰ অনুভৱ-অভিজ্ঞতাৰ
সৈতে এই সামান্য নৰ-মনিচৰ অভিজ্ঞতা-অনুভূতিৰ
মিল দেখি অভিভূত হোৱাৰ লগতে আচৰিতো হওঁ৷ ইয়াকে কয় নেকি কবিতাৰ বিশ্বজনীনতা?
এইদৰে কিমান সময়
আগুৱাই গৈ আছিলোঁ মনত নাই৷ অৱশ্যে পিয়াহ লাগিলে ফটফটীয়া শিলৰ ওপৰেদি তললৈ নামি অহা
দেখাত অতি পৰিষ্কাৰ পানী হাতৰ আজলিৰে বা ওচৰতে পোৱা কৌপাতৰ বাতি বনাই খোৱাৰ কথা পাহৰিব
নোৱাৰোঁ৷ নক’লেও হ’ব যে এই কামবোৰত নক্তে ডেকা
দুজনে সকলো প্ৰকাৰে সহায় কৰিছিল৷ ভোক গুচাবৰ বাবে আমি লগত লৈ যোৱা ফলমূল আৰু নক্তে
দুজনেও হোৰাত ভৰাই অনা কল আৰু কিবাকিবি আছিল৷ এটা সময়ত কিছু ভাগৰুৱা যেন দেখি এজনে
তেওঁৰ হোৰাটো সিজনৰ হাতত দি ‘জৌবানৰ ভাইটোৰ ভাগৰ লাগিছে না?’
বুলি কৈ মোক বোকোচাত উঠাই ল’লে৷ ‘জৌবান’ মানে নক্তে ভাষাত গুৰু বা দেৱতা৷ সি যি নহওক,
এইদৰে কিছুদূৰ গৈ আমি সামান্য সমতল ভূমি পালোঁগৈ; অৰ্থাৎ খুন্চা চহৰত প্ৰৱেশ কৰিলোঁ৷ চহৰ বুলি কৈছোঁ যদিও
সেই সময়ত খুন্চা এখন সামান্য উন্নত গাঁৱৰ লেখীয়াহে আছিল৷ খুন্চাৰ পৰা কিছু দূৰে দূৰে নামচাং, লাপটাং, বৰদুৰীয়া আদি নক্তে গাওঁসমূহ অৱস্থিত৷ নক্তে যুৱক দুজনে আমাক আগবঢ়াই নি এটা
আধুনিক ধৰণৰ ঘৰৰ চৌহদত সুমুৱালেগৈ৷ সেইটো আছিল নক্তেসকলৰ এজন নেতৃস্থানীয় ব্যক্তি ৱাংকাপ
ৰাজকুমাৰৰ ঘৰ৷ ৱাংকাপ হ’ল লাপটাং গাঁৱৰ ৰজাৰ ভাতৃ৷ তেওঁৰ নক্তে
উপাধি লৌৱাং আছিল যদিও ৰাজকুমাৰ বুলিয়েই জনাজাত আছিল৷ ইয়াৰ পৰাই বুজিব পাৰি পাহাৰত
ইতিমধ্যে ভৈয়ামৰ আৰ্য সংস্কৃতিয়ে সামান্যভাৱে হ’লেও প্ৰভাৱ পেলাইছিল৷
ৰাজকুমাৰ ইতিমধ্যে সত্ৰৰপৰা যোৱা তেওঁলোকৰ গুৰুক আদৰিবলৈ সাজু হৈ আছিল৷ আমাক আথে-বেথে আগবঢ়াই নি তেওঁলোকৰ বৈঠকখানা বা ড্ৰইংৰূমত বহুৱালেগৈ৷ গুৰু-শিষ্য পাৰম্পৰ্য অনুসৰি ৰাজকুমাৰ আৰু মুনীন্দ্ৰনাথ মহন্তৰ মাজত কিছু বাৰ্তালাপ
হ’ল৷ মই মাত্ৰ শ্ৰোতা হৈ আছিলোঁ৷ তাৰ পিছত নানা প্ৰকাৰে অপ্যায়িত
কৰি আমাৰ গন্তব্যস্থান লাপটাঙলৈ যোৱাৰ বাবে আমাক সাজু কৰোৱা হ’ল৷ উল্লেখযোগ্য যে কিছু লেখা-পঢ়া জনা ৱাংকাপ ৰাজকুমাৰ
আছিল এজন স্থানীয় চৰকাৰী বিষয়-বাব ভোগ কৰি থকা লোক৷ পিছলৈ তেওঁ
পলিটিকেল অফিচাৰৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ মোৰ সঠিক কৈ মনত নাই যদিও আমি বোধকৰোঁ সেই
একে দিনাই লাপটাঙলৈ যোৱা নাছিলোঁ, কাৰণ ইতিমধ্যে বেলি পৰি আহিছিল
আহিছিল আৰু লাপটাঙলৈ দূৰত্বও কম নাছিল৷
আমাৰ লাপটাং গাঁৱলৈ
যাত্ৰাও আগৰ দৰেই আছিল৷ অৱশ্যে এইবাৰ আমাৰ সংগীৰ সংখ্যা বাঢ়িল৷ ৱাংকাপ ৰাজকুমাৰে টালি-টোপোলাৰ
সৈতে আৰু দুজনমান মানুহ আমাৰ লগত পঠালে৷ পিছত জানিব পাৰিলোঁ সেই টোপোলাবোৰত আমাৰ বাবে
নতুন কম্বল আৰু বিচনাৰ বাবে প্ৰয়োজনীয় বিচনা চাদৰ আদি আছিল৷ যিহেতু সেই সময়ত গাড়ী-মটৰ চলিব পৰা ৰাস্তা হোৱাই নাছিল, সেয়ে তেওঁ এই ক্ষেত্ৰত
সহায় কৰিব নোৱৰা বাবে দুখ প্ৰকাশ কৰিলে৷ যথা সময়ত আমি আগৰ দৰে একা-বেঁকা, লুংলুঙীয়া বাটেৰে পাহাৰ বগাই লাপটাং গাঁৱৰ আমাৰ
বাবে নিৰ্দিষ্ট কৰি থোৱা ঠাই পালোঁগৈ৷ আঁতৰৰ পৰাই দেখিলোঁ পাহাৰীয়া বাঁহ-বেত, কৌপাত আদিৰে এটা
চকুত পৰা ‘পৰ্ণকুটীৰ’ গুৰুৰ ‘বাহৰ’ হিচাপে বনাই থোৱা আছে৷ ওচৰ পাই কাষত আন এটা সাধাৰণ
ঘৰ দেখিলোঁ, যিটো নক্তে গঞাসকলৰ নামঘৰ বুলি জানিব পাৰিলোঁ৷ ইতিমধ্যে
তাত কেইজনমান মানুহ গোট খাইছিলহি৷ নক্তে গাওঁসমূহৰ জনসংখ্যা অতি সেৰেঙা আছিল৷ সেই হিচাপত
সেই কেইজন মানুহেই যথেষ্ট আছিল বুলি পাছত জানিব পাৰিছিলোঁ৷ তেওঁলোকে যি ধৰণে তেওঁলোকৰ
জৌবানক আদৰ-সাদৰ কৰি আগবঢ়াই নিছিল, সেয়া
দেখি মই একপ্ৰকাৰ আচৰিত হৈছিলোঁ৷ সেই প্ৰক্ৰিয়া সেই কালত (হয়তো
এতিয়াও) ভৈয়ামৰ কোনো গাঁৱৰ শিচ-ভকতে তেওঁলোকৰ
গাঁৱত চহৰ ফুৰিবলৈ যোৱা সত্ৰাধিকাৰ বা গুৰুক সম্ভাষণ জনোৱা আচাৰানুষ্ঠানৰ সৈতে সাইলাখ
একে – প্ৰৱেশ পথৰ মূৰত ভৰি ধুৱাই গামোচা জাতীয় জনগোষ্ঠীয় কাপোৰৰ
ওপৰেদি খোজকঢ়াই নি গুৰুক যথাস্থানত বহুৱালেগৈ৷ গুৰু-ভাতৃ হিচাপে
মোকো একেধৰণে নিব খুজিছিল যদিও কিয় জানো মোৰ মনটোৱে তেনে কৰাত বাধা দিলে৷ মই কাপোৰ
নগচকাকৈ কাষে কাষে গৈ যথাস্থানত বহিলোঁগৈ৷ গুৰুক এইদৰে স্বাগতম জনোৱা সমস্ত কাৰবাৰটো
মোৰ ভাল লগা নাছিল যদিও নক্তেসকলেও যে ভাৰতীয় আৰ্যসমাজত পৰম্পৰাগতভাৱে চলি অহা প্ৰথা
এটাহে অনুসৰণ কৰিছিল, সেইটো স্বীকাৰ নকৰি নোৱাৰি৷ ৰজা-মহাৰজাৰ কথা নকওঁৱেই, স্বয়ং ভগৱান কৃষ্ণইও কোনো ঋষি-মুনিয়ে তেওঁক দেখা কৰিবলৈ আহিলে অতিথিক ভগৱান জ্ঞান কৰি নিজ হাতে ভৰি ধুৱাই
উপযুক্ত আসনত বহুৱাই অপ্যায়িত কৰিছিল৷ আধুনিক যুগতো ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট আৰু প্ৰভাৱশালী
ব্যক্তিক ‘ৰেড কাৰ্পেট ৱেলকাম’ প্ৰদান কৰা
প্ৰথা চলি থকা দেখিছোঁ৷ এইখিনি কথা উল্লেখ কৰা বাবে মই ওপৰত উল্লিখিত গুৰু আদৰা প্ৰণালীটো
সমৰ্থন কৰিছোঁ বুলি যেন কোনেও নাভাবে৷ প্ৰথাটো মোৰ সেই সময়ৰ পোন্ধৰ-ষোল্ল বছৰীয়া কিশোৰ মনটোৱে পচন্দ নকৰা বাবেই তেওঁলোকে ধুৱাবলৈ বিচৰা মোৰ ভৰি
দুটা আগবঢ়াই নিদিলোঁ আৰু কাপোৰৰ ওপৰেদি খোজ নিদি কাষেদি আগবাঢ়িলোঁ৷
আমাক থাকিবলৈ দিয়া
অস্থায়ী বাহৰটো নামঘৰৰ কাষতে বা প্ৰায় গাতে লগাকৈ বনোৱা হৈছিল, যাতে গুৰুৱে সহজে সেৱা-সৎকাৰ আৰু নাম-কীৰ্তন কৰিব পাৰে৷ নামঘৰ মানে পাহাৰীয়া বাঁহ-বেত,
কৌপাত আদিৰে সজা এটা একোঠলীয়া সাধাৰণ ঘৰ৷ নামঘৰৰ অস্তিত্বই প্ৰমাণ কৰে
যে ৰজা নৰোত্তমৰ দিনৰেপৰাই নক্তেসকলে মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ পৰম্পৰা জীয়াই ৰাখিছিল৷
সত্ৰৰ পৰা যোৱা গোঁসাই বা দায়িত্বপ্ৰাপ্ত ভকতৰ অবিহনে তেওঁলোকে নাম-কীৰ্তন আদি কৰিব নোৱাৰিছিল যদিও এগচ চাকি সদায় জ্বলাই ৰাখিছিল বুলি জানিবলৈ
পাইছিলোঁ৷ ব্ৰিটিছে ইনাৰ লাইন পাছ প্ৰৱৰ্তন কৰাৰ পৰা সত্ৰ আৰু নক্তেসকলৰ মাজৰ যোগাযোগ
ব্যাহত হোৱাৰ কথা আগতে কৈ আহিছোঁ৷ সত্তৰৰ দশকত মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহাৰ পৃষ্ঠপোষকতা
আৰু সত্ৰাধিকাৰ গোপালকৃষ্ণ দেৱ গোস্বামী আৰু ডেকা গোঁসাই মুনীন্দ্ৰনাথ মহন্তৰ উদ্যোগত
কেনেকৈ পকী নামঘৰ সজোৱা হৈছিল, সেই সম্পৰ্কেও আগৰ লেখাত উল্লেখ
কৰা হৈছে৷ মই জনাত লাপটাং, নামচাং, বৰদুৰীয়া,
পানীদুৰীয়া আদি পাঁচখনমান গাঁৱৰ ওপৰত টিন পাতৰ চালেৰে পকী নামঘৰ নিৰ্মাণ
কৰা হৈছিল আৰু সিবিলাকত সত্ৰৰপৰা মানুহ নি ভাওনা কৰাও হৈছিল৷
লাপটাঙত দুই-তিনিদিনমান
থকাৰ পাছত আমি নামচাং আৰু বৰদুৰীয়ালৈ গৈছিলোঁ৷ পাহাৰ বগাই যোৱাৰ অভিজ্ঞতা আৰু বাহৰত
থকা-মেলা ব্যৱস্থা আদি যিহেতু প্ৰায় একেই সেইবোৰ কথা বহলাই কৈ
সহৃদয় পাঠকক আমনি দিব খোজা নাই৷ এতিয়া মনত পেলাবলৈ চেষ্টা কৰিছোঁ আমি নক্তে গাঁৱত সেই
দিনবোৰ বাৰু কেনেকৈ কটাইছিলোঁ? সত্ৰৰপৰা যোৱা গুৰু হিচাপে দাদা
মুনীন্দ্ৰনাথ মহন্তক বেচ ব্যস্ত হৈ থকা দেখিছিলোঁ৷ তেওঁ কাহিলি পুৱাতে উঠি গা-পা ধুই নামঘৰত সেৱা-সৎকাৰ কৰি বাহৰৰ নিৰ্দিষ্ট আসনত বহিছিলগৈ৷
ইতিমধ্যে দুই-এজনকৈ নক্তে গঞা গুৰুৰ কাষলৈ অহা দেখিছিলোঁ৷ সেই
কালত বয়সীয়াল পুৰুষসকলৰ অনেকে লেংটি বা কৌপীন পিন্ধিছিল যদিও গুৰুক দেখা কৰিবলৈ আহোঁতে
চুৰিয়াৰ দৰে চুটি কাপোৰ পিন্ধি আহিছিল৷ তেওঁলোকে সাধাৰণতে তামোল-পাণ বা ছালি, ক’লা নিমখ,
বাঁহৰ চুঙাত বিশেষ ধৰণে প্ৰস্তুত কৰা শুকান খৰিচা আৰু লগতে যি যেনেকৈ
পাৰে দুই-চাৰি পইচা আগবঢ়াই গুৰু সেৱা কৰিছিল৷ গুৰুৱেও আশীৰ্বাদ
দি সত্ৰৰ পৰা লৈ যোৱা পকামিঠৈ নিৰ্মালি হিচাপে প্ৰদান কৰিছিল৷ গাঁৱৰ বুঢ়া-মেথা বা বিষয়ববীয়াসকলক গামোচা পিন্ধোৱাও দেখিছিলোঁ৷ গুৰুৰ পৰা বিদায় লৈ তেওঁলোকে
গুৰু বা নামঘৰৰ ফালে পিঠি নিদিয়াকৈ ওলোটাকৈ খোজ কাঢ়ি ওলাই অহা দেখিছিলোঁ৷ ভৈয়ামৰ অসমীয়া লোকসকলে এনে কৰা দেখা নাছিলোঁ৷ মই নিজে দেখা নাছিলোঁ
যদিও পাছত শুনিবলৈ পাইছিলোঁ গঞা-প্ৰজাসকলে তেওঁলোকৰ ৰজাৰ কাষৰ
পৰা আহোঁতেও এনো এইদৰে আহে৷ হয়তো ৰজা, গুৰু আদিৰ প্ৰতি সন্মান
প্ৰদৰ্শন কৰা ই তেওঁলোকৰ জনজাতীয় পৰম্পৰা হ’ব পাৰে৷ ওপৰত উল্লিখিত
পকা মিঠৈৰ বিষয়ে দু-আষাৰ ক’ব লাগিব৷ ভজা
পিঠাগুড়িত পগোৱা গুড় সানি সামান্য পৰিমাণৰ জালুকৰ গুড়ি দি বনোৱা ই এবিধ লাড়ু৷ দাঁতেৰে
সহজে ভাঙিব নোৱৰাকৈ টান আৰু এবাৰ ভাঙি লোৱাৰ পাছত খাবলৈ বেচ ভাল এই মিঠৈবিধ সকলোৱে
বনাব পৰা নাছিল বাবে আজিৰ পৰা পাঁচ-ছয় দশকৰ পূৰ্বে ই বৰ দুৰ্লভ
বস্তু আছিল৷ তদুপৰি ডেৰ-দুমাহ পৰ্যন্ত নষ্ট নোহোৱাকৈ ইয়াক ৰাখিব
পৰা হৈছিল৷ সত্ৰ গোঁসাইসকলে শিচ-ভকতক নিৰ্মালি হিচাপে প্ৰদান
কৰিবলৈ ব্যৱহাৰ কৰাৰ বাবেই হয়তো সাধাৰণ লোকসকলে এনে মিঠৈ বনাবলৈ চেষ্টা কৰা নাছিল৷
আজিকালি গুৱাহাটীৰ বজাৰত এনে মিঠৈ দেধাৰ কিনিবলৈ পোৱা যায়৷ মই অৱশ্যে তাহানি বৌ আৰু
দাদাই বনোৱা পকা মিঠৈৰ জুতি এইবোৰত নেপাওঁ৷
(ক্ৰমশঃ)