পম্পি বৰা বৈশ্য
বিহু, অসমীয়াৰ প্ৰাণৰ উৎসৱ। অসমৰ তিনিওটা বিহুয়েই কৃষিভিত্তিক। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা বিহুটি হৈছে “মাঘ বিহু”৷ আঘোণ, পুহ মাহত অসমীয়া কৃষকে বছৰৰ শস্য চপাই ভঁৰাল ভৰায়। এই সময়ত খেতিৰ ফচলে ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহুৰূপে প্ৰচলিত৷ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা-বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে-ঘৰে উপচি পৰে। সেয়ে এই বিহু ভোগৰ বিহু ‘ভোগালী’।
মাঘৰ বিহুৰ আন এক আকৰ্ষণ
হৈছে, উৰুকা
আৰু মেজি। বিহুৰ আগৰ দিনটো অৰ্থাৎ সংক্ৰান্তিৰ আগদিনা “উৰুকা”।
সেইদিনা সকলোৱে মেজিৰ তলত লগে ভাগে এসাঁজ খায়।
বাঁহ, খেৰ, নৰা, কলপাত আদিৰে মেজি সজা হয়। আঘোণৰ ধান দাই শেষ
কৰা উদং পথাৰসমূহত গাঁৱৰ ৰাইজে মিলি মেজি সজা প্ৰথাও বহু পুৰণি। পুহ মাহৰ পৰাই
মেজি আৰু ভেলাঘৰ সজাৰ কাম আৰম্ভ হয়। পৰম্পৰাগত মেজিসমূহ দীঘলীয়া আকৃতিৰ আৰু ভেলাঘৰসমূহ নৰা
খেৰৰ সৰু চালি দি বনোৱা হয়। অৱশ্যে বৰ্তমান সময়ত সেই পৰম্পৰাগত আকৃতিৰ সলনি ন ন
ডিজাইনৰ মেজি ভেলাঘৰেহে পথাৰ শুৱনি কৰিছে। সেই ভেলাঘৰতেই মাছ, মঙহ, শাক পাতেৰে সকলোৱে ৰং-ৰহইছেৰে উৰুকাৰ নিশা ভোজ ভাত
খায়। উৰুকাৰ প্ৰধান আকৰ্ষণ এই ভোজভাত। বাঁহ, খৰি জ্বলাই জুই পুৱাই পুহমহীয়া শীতক সেই উৰুকাৰ নিশা বিদায় দিয়া হয়। এই উৰুকা একতাৰ উৎসৱ।
সকলোৰে মাজত মিলা-প্ৰীতি, সদভাৱ বৰ্তাই
ৰখাত এনে উৎসৱে অনন্য ভূমিকা পালন কৰি আহিছে।
উৰুকাৰ
নিশা ভোজৰ বাবে মাছ অপৰিহাৰ্য। অসমীয়া লোকৰ মাছ প্রিয় খাদ্যৰ প্ৰথমেই থাকে। অসমৰ
জলাশয়সমূহ মাছৰ বাবে উপযোগী। বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী,
জান জলাশয় আদিত একোটা চুবুৰি বা একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ
ধৰাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে৷ জাতি-ধৰ্ম নিৰ্বিশেষে
সকলো লোকে এই মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে ৷ এই প্ৰথা অনুসৰি, বিল, নদী, পুখুৰী আদিত জাল,
পল, জুলুকিলৈ মাছ মাৰি ৰাইজে সেই মাছেৰে
উৰুকাৰ ভোজ খায় ৷ প্ৰকৃততে সমূহীয়াভাৱে চিকাৰ কৰা প্ৰথা
অতি প্ৰাচীনকালৰে পৰাই প্ৰচলিত। মানৱ সমাজৰ যুগৰ লগে লগে উত্তৰণ ঘটিল যদিও সমূহীয়া
চিকাৰ প্ৰথা নাইকিয়া নহ’ল। তাৰ ফলস্বৰূপে ই মধ্যযুগৰ শেষৰ ফালৰ পৰাই এই মাছ চিকাৰ পৰম্পৰাৰ সৃষ্টি
হল।
উৰুকাৰ নিশাৰ আন এক ঠাইভিত্তিক
পৰম্পৰা আছে। অৱশ্যে এতিয়া সেইয়া দেখিবলৈ পোৱা নাযায়। এই সময়ত আগতে গাঁৱৰ ঘৰে ঘৰে
মূলা, বন্ধা
কবি, বিলাহী আদি বতৰৰ শস্য উভৈনদী হৈ থাকে। উৰুকাৰ ৰাতি ঘৰৰ
গিৰিহঁত পিঠা-পনা ব্যস্ত থকাৰ সুযোগ লৈ বা ৰাতি শোৱাৰ পিছত
গাঁৱৰে ডেকা কেইটামান লগ হৈ তাৰে কিছু চুৰ কৰি নিয়ে। গৰালৰ হাঁহ, বাৰীৰ জপনা এইবাৰো সেইদিনা সাৰি নাযায়। এইয়া এক ফূৰ্তি।
ইয়াত কোনো অপৰাধ নাথাকে। সেইদিনা সেয়ে সকলো সজাগ হৈ শুৱে। সম্প্ৰীতিৰ মিলনৰ এইয়া
মাথোঁ এক প্ৰকাশ। সময়ৰ লগে লগে এইবোৰ এতিয়া পাহৰণিৰ গৰ্ভত পৰিবলৈ ধৰিছে।
মাঘ বিহুৰ উৰুকা এইবোৰ
কাৰণতেই বহাগ বিহু আৰু কাতিবিহু উৰুকাতকৈ অধিক আপোন আৰু আকৰ্ষণীয়। মাঘ বিহুৰ উৰুকাৰ পিছদিনা পুৱা
অৰ্থাৎ বিহুৰ দিনা গাঁৱৰ সকলো ডেকা বুঢ়া, জীয়ৰী বোৱাৰী মেজিৰ
তলত গোট খায়। কোনো এজনে ভগৱানৰ নাম স্মৰণ কৰি সকলোৰে হৰিধ্বনিত মেজিত অগ্নি সংযোগ
কৰে। মেজিৰ জুইয়ে সকলো অপায় অমংগল দূৰ কৰিব বুলি জনবিশ্বাস প্ৰচলিত হৈ আহিছে।
মেজিৰ জুইৰ উত্তাপত মাঘৰ পিঠা, লাড়ু, জলপানৰ
জুতি লৈ সকলোৱে আনন্দ কৰে। আধুনিকতাৰ ধামখুমীয়াত মাঘবিহু আৰু
উৰুকায়ো আগৰ মাদকতা হেৰুৱাইছে যদিও পৰম্পৰাসমূহ নতুন
প্ৰজন্মৰ আগত দাঙি ধৰাৰ ক্ষেত্ৰত আমাৰো কৰ্তব্য আছে।
আশা
কৰো, এইবাৰৰ
উৰুকাৰ মেজিয়ে সকলোলৈ কঢ়িয়াই আনিব সুখ-শান্তি আৰু সম্প্ৰীতিৰ
বতৰা।
ঠিকনা:
হেঙেৰাবাৰী, গুৱাহাটী