হিৰণ্য তালুকদাৰ
বৰ লুইতৰ বিশাল বুকু
মাজত চৰা ঢৌ,
দুয়োপাৰে আছে নৈ উপনৈ
পানীত বৰালি, ৰৌ।
উত্তৰে বয় সোৱণশিৰি
বালিত কমায় সোণ,
গাভৰু আৰু ৰঙানৈৰ পাৰত
ৰাতি পূৰ্ণিমাৰ জোন।
বৰনদীত উঠে বাৰিষাৰ ঢল
বৰলীয়াত আহে বান,
পাগলাদিয়াৰ পগলা মেজাজ
মানুহে বুজাই টান।
চম্পাৱতী নৈৰ সাৰুৱা দুপাৰ
বাৰিষা ওফন্দে বুকু,
নোৱা নদী ভৰা মোৱা মাছজাক
থৰ লাগি ৰয় চকু।
জীয়াভৰলী খৰস্ৰোতা বৰ
পাৰত পিছল শিল,
আই নদীত ৰেলৰ সাঁকো
বালিচন্দা জিলমিল।
বেকী নৈৰ আছে একা-বেঁকা সুঁতি
পুঠিমাৰিত পুঠি মাছ,
মানাহৰ পাৰৰ শুকুলা শিলত
ভাগৰ জিৰায় কাছ।
টিপকাই আৰু গদাধৰৰো
আছে আৰু বহু কথা,
নৈপৰীয়াৰ নাওখনেই সাহ
বিচিত্ৰ জীৱন গাথা।
কবিৰ ঠিকনা:
নলবাৰী, ভ্ৰাম্যভাষ: ৭০০২১ ৪৭৪৫৪