অন্যযুগ/


অসমত বৃত্তিমূলক (Vocational) শিক্ষা

 ° বুলজিৎ  বুঢ়াগোহাঁই

 

বৰ্তমান সময়ত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি পাইছে৷ যিসকল যুৱক-যুৱতীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে, তেওঁলোকে বৃত্তিমূলক শিক্ষা গ্রহণ কৰিব পাৰে৷ তেতিয়া নিজ ৰাজ্য বা বহিঃৰাজ্যত সহজে নিয়োজিত হ’ব পাৰিব৷ বিশ্ববিদ্যালয় অনুদান আয়োগে (www.ugc.ac.in) বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰৰ বাবে Bachelor of Vocation (B.Voc.) পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে অনুমোদন জনাইছে৷ উচ্চতৰ মাধ্যমিক বা সমপৰ্যায়ৰ অৰ্হতা সম্পন্ন আগ্ৰহী ছাত্ৰ – ছাত্ৰীয়ে এই  পাঠ্যক্ৰম সমূহত নামভৰ্ত্তিৰ বাবে আবেদন জনাব পাৰে৷  অসমৰ কেইখনমান শিক্ষানুষ্ঠানত থকা বিষয়বোৰ তলত উল্লেখ কৰা হৈছে৷

 ১৷ অভয়াপুৰী মহাবিদ্যালয় (http://www.abhayapuricollege.in)  Information Technology আৰু Tourism আৰু Travel Management ;

২৷ ছয়দুৱাৰ মহাবিদ্যালয় (http://www.chaiduarcollege.org ) ত আগবঢ়োৱা পাঠ্যক্ৰম Paramedical and Health Care আৰু Mass Media ;

৩৷ জাগীৰোড মহাবিদ্যালয় (http://www.jagiroadcollege.co.in) ত Retail Management আৰু Entertainment (Acting);

৪৷ কলিয়াবৰ  মহাবিদ্যালয় (http://www.kaliaborcollege.org) ত Tourism and Service Industry  আৰু Small Tea Garden management;

৫৷ নাজিৰা মহাবিদ্যালয় (http://naziracollege.in ) ত  Fashion Designing আৰু Information Technology;

৬৷ পূব কামৰূপ  মহাবিদ্যালয় (www.pubkamrupcollege.co.in ) ত  Food Processing and Quality Management আৰু Software Development and System Administration;

৭৷ সোণাপুৰ মহাবিদ্যালয় (http://www.sonapurcollege.ac.in ) ত Theater and Stage Craft , Retail Management and IT , Travel and Tourism Management,

৮৷ তেজপুৰ বিশ্ববিদ্যালয়   (http://www.tezu.ernet.in ) ত  Food Processing আছে৷

         অসম চৰকাৰৰ অনুদানত Bachelor of Vocation (B.Voc.) পাঠ্যক্ৰম আৰম্ভ কৰা কেইটামান   পাঠ্যক্ৰম আৰু কেইখনমান শিক্ষানুষ্ঠান হ’ল-

১৷ ভোলানাথ মহাবিদ্যালয়, ধুবুৰী (https://bncollege.co.in ) ত Information Technology (IT),

২৷ শৰাইঘাট মহাবিদ্যালয় (http://saraighatcollege.co.in/ ) ত Tourism and Travel Management (TTM),

৩৷ নলবাৰী বাণিজ্য মহাবিদ্যালয়(http://www.nalbaricommercecollege.ac.in)ত Information Technology (IT),

৪৷ মাজুলী মহাবিদ্যালয় (https://majulicollege.in)ত Information Technology (IT) আদি৷

      অসমত থকা কমিনিউটি কলেজ থকা কেইখনমান আৰু তাত থকা বিভিন্ন  বিষয়বোৰ তলত উল্লেখ কৰা হৈছে৷

 ১৷ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয় ( http://adpcollege.ac.in ) ত  Fashion Designing, Fashion & Dress Designing Technology (FDDT)ডিপ্লমা পাঠ্যক্রম আছে৷

Fashion & Dress Designing, Electronic Instrument Maintenance, Human Rights and Duties, Gandhian Studies, Web Designing, Bio-informatics চাৰ্টিফিকেট পাঠ্যক্রম আছে৷

২৷ আমগুৰি মহাবিদ্যালয় (https://www.amguricollege.com)ত  Post Graduate Diploma in Computer Application (PGDCA)  পাঠ্যক্রম আছে৷

৩৷ বাহনা মহাবিদ্যালয় (www.bahonacollege.edu.in) ত Diploma in Computer Application (6 Months), Certificate Course on Domestic Electrical Wiring and Maintenance (30 Days), Six Month Certificate Course on Governance and Leadership (6 Months)

 ৪৷ ছয়দুৱাৰ মহাবিদ্যালয় (http://www.chaiduarcollege.org ) ত Theatre, Stage Craft & Acting আৰু Nursing & Health Care ৰ ডিপ্লমা পাঠ্যক্রম আছে৷ লগতে আছে-Performing Arts আৰু Tea Plantation and Management৷

 ৫৷ দক্ষিণ কামৰূপ  মহাবিদ্যালয়  (http://dkcollegeonline.in) ত  Retail Management & IT আৰু  Banking and Financial Services ডিপ্লমা পাঠ্যক্রম আছে৷

 ৬৷ জাগীৰোড  মহাবিদ্যালয়  (www.jagiroadcollege.co.in ) ত Pulp and Paper Technology (PPT) আৰু Fashion Designing(FT) ডিপ্লমা পাঠ্যক্রম আছে৷ লগতে One Year Advance Diploma in Construction Works (ADCW) আৰু Master of Tourism Management৷

৭৷  উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (https://nlc.ac.in )ত  Sericulture ডিপ্লমা পাঠ্যক্রম আছে৷ লগতে Women’s Studies, Human Rights, Gandhian Thought, Analytical and Computational Chemistry, Performing Arts, Fish Culture & Breeding, Travel & Tourism Management আৰু Yoga ৰ চাৰ্টিফিকেট পাঠ্যক্রম আছে৷

৮৷ ৰহা মহাবিদ্যালয় (http://rahacollege.co.in )ত Pisciculture আৰু Retail Management ডিপ্লমা পাঠ্যক্রম আছে৷

৯৷ ৰূপহী  মহাবিদ্যালয় (https://rupahicollege.ac.in/ ) ত  Computer Application  চাৰ্টিফিকেট পাঠ্যক্রম আৰু Fish and Fishery , Beauty and Wellness আৰু Food and Vegetable Technologyৰ ডিপ্লমা পাঠ্যক্রম আছে৷

১০৷ উত্তৰ কামপীঠ  মহাবিদ্যালয় (http://www.ukmahavidyalaya.org ) ত Fashion Designing আৰু Food Processing ৰ ডিপ্লমা পাঠ্যক্রম আছে৷

১১৷ শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় (https://sbmscollege.org )ত Computer Hardware & Networkingৰ ডিপ্লমা পাঠ্যক্রম আছে৷

Bachelor of Vocation (B.Voc.) পাঠ্যক্ৰম থকা আন কেইখনমান শিক্ষানুষ্ঠান হ’ল-

১৷ ফৰকাটিং মহাবিদ্যালয় (http://www.furkatingcollege.edu.in/ ) ত Hospitality Management ;

২৷ নগাঁও ছোৱালী কলেজ(http://nowgonggirlscollege.edu.in/ ) ত Computer Applications, Geoinformatics, Mass Communication and Journalism আৰু Modern Farming Technology and Nursery Management;

৩৷ খাৰুপেটীয়া মহাবিদ্যালয় (https://kharupetiacollege.in )ত Information Technology (IT) আৰু Retail Management (RMT);

৪৷ শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় (https://sbmscollege.org) ত Animation and Graphic Design   আৰু Fashion Technology ; 

৫৷ মৰিগাঁও মহাবিদ্যালয় (https://www.morigaoncollege.edu.in/) ত  Food Processing Agri;

৬৷ অসম বিশ্ববিদ্যালয় (www.aus.ac.in)ত Food Processing (F.P.) আৰু Farm Machinery and Power Technology (FMPT) আদি৷

        ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ লক্ষ্য আৰু উদ্দেশ্য সৰোগত কৰি, লগতে ছাত্ৰ-ছাত্ৰীৰ ক্ৰমাগত বৃত্তিমুখী চাহিদাৰ প্রতি লক্ষ্য ৰাখি, প্ৰধানমন্ত্ৰীৰ কৌশল বিকাশ যোজনাৰ অধীনত, কেন্দ্রীয় মন্ত্রণালয়ৰ অনুমোদনত মহাবিদ্যালয়সমূহত বিভিন্ন বৃত্তিমুখী পাঠ্যক্রম আৰম্ভ কৰিছে৷

      অসম চৰকাৰৰ অন্তর্গত অসম দক্ষতা বিকাশ আচঁনিৰ অধীনতো  মহাবিদ্যালয়সমূহত বিভিন্ন বৃত্তিমুখী পাঠ্যক্রম আৰম্ভ কৰিছে৷

      এই বৃত্তিমুখী পাঠ্যক্রমসমূহৰ শেহতীয়া সবিশেষ তথ্য লাভ কৰিবৰ বাবে শিক্ষাৰ্থীসকলে মহাবিদ্যালয়সমূহত যোগোযোগ কৰিব পাৰে৷

     পলিটেক্‌নিকত শিক্ষা গ্রহণ কৰিব পাৰে৷ পলিটেক্‌নিকবোৰত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রম প্রদান কৰা হয়৷ অসমৰ ৰাজ্য চৰকাৰৰ পলিটেক্‌নিকবোৰত ২০২৪-২৫ বৰ্ষৰ পৰা  হাইস্কুল শিক্ষান্ত বা সমতুল্য পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি  নামভৰ্তি হ’ব৷  হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমতুল্য পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়সহ উত্তীৰ্ণ হ’ব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ৩১ ডিচেম্বৰত  সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ২০ বছৰ ৬ মাহৰ ভিতৰত হ’ব লাগে আৰু অনুসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বয়স ২৩ বছৰ ৬ মাহৰ ভিতৰত হ’ব লাগে৷ এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে৷ ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল- https://dte.assam.gov.in

        অসমত থকা পলিটেক্‌নিক কেইখন হ’ল : ১৷ অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, গুৱাহাটী   ২৷ গাৰ্লছ পলিটেক্‌নিক, গুৱাহাটী ৩৷ বঙাইগাঁও পলিটেক্‌নিক, ৪৷ শিলচৰ পলিটেক্‌নিক, ৫৷ নগাঁও পলিটেক্‌নিক, ৬৷ প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি, যোৰহাট ৭৷ ডিব্রুগড় পলিটেক্‌নিক ৮৷ গাৰ্লছ পলিটেক্‌নিক, গোলাঘাট, ৯৷ অসম টেক্সটাইল ইনষ্টিটিউট, গুৱাহাটী ১০৷ ডিফু পলিটেক্‌নিক , ডিফু৷

       নতুনকৈ আৰম্ভ হোৱা পলিটেক্‌নিক কেইখন হ’ল -১৷ বাক্সা পলিটেক্‌নিক, ২৷ বৰপেটা পলিটেক্‌নিক, ৩৷ ধেমাজি পলিটেক্‌নিক, ৪৷ কৰিমগঞ্জ পলিটেক্‌নিক, ৫৷ লখিমপুৰ পলিটেক্‌নিক, ৬৷ গোলাঘাট পলিটেক্‌নিক, ৭৷ গোৱালপাৰা পলিটেক্‌নিক, ৮৷ নলবাৰী পলিটেক্‌নিক, ৯৷ কামৰূপ পলিটেক্‌নিক, ১০৷ শিৱসাগৰ পলিটেক্‌নিক, ১১৷ শোণিতপুৰ পলিটেক্‌নিক, ১২৷ তিনিচুকীয়া পলিটেক্‌নিক, ১৩৷ মৰিগাঁও  পলিটেক্‌নিক, ১৪৷ ওদালগুৰি  পলিটেক্‌নিক, ১৫৷ হাইলাকান্দি পলিটেক্‌নিক আৰু ১৬৷ চিৰাং  পলিটেক্‌নিক৷

      পলিটেক্‌নিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল : এগ্রিকালচাৰ , চিভিল, মেকানিকেল, কেমিকেল, ইলেক্‌ট্রিকেল , ইলেক্‌ট্রনিকছ এণ্ড টেলিকমিউনিকেশ্বনছ, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেনটেশ্বন, টেক্সটাইল টেক্‌ন’লজি, ফেশ্বন টেক্‌ন’লজি, গাৰমেণ্ট টেক্‌ন’লজি, এগ্রিকালছাৰ, আৰ্কিটেক্ট এছিষ্টেণ্ট, প্ৰিণ্টিং টেকন’লজি, বায়’মেডিকেল ইঞ্জিনিয়াৰিং, মাইনিং ইঞ্জিনিয়াৰিং , মেডিকেল ইলেক্ট্ৰ’নিক্স ইঞ্জিনিয়াৰিং, ফুড প্ৰ’চেছিং টেকন’লজি আদি৷  

      ‘ড ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশ্বন প্ৰতিষ্ঠান(Dr. Bhupen Hazarika Regional Government Film & Television Institute, https://dbhrgfti.assam.gov.in )” ত  তিনি বছৰীয়া ডিপ্ল’মা ইন অডিঅ’গ্ৰাফী আৰু ছাউণ্ড ইঞ্জিনীয়াৰিং (Audiography and Sound Engineering) পাঠ্যক্রম  আছে আৰু এই   পাঠ্যক্রমত আসনৰ সংখ্যা ১১ খন; তিনি বছৰীয়া ডিপ্ল’মা  ইন ম’শ্বন  পিক্‌চাৰ ফটোগ্ৰাফী (Motion Picture  Photography ) পাঠ্যক্রম  আছে আৰু এই   পাঠ্যক্রমত আসনৰ সংখ্যা ১১ খন ৷ এই পাঠ্যক্রম দুটাত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে৷ এইখন নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ(www.aicte-india.org )ৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান৷ আনহাতে, তিনি বছৰীয়া  ডিপ্ল’মা  ইন  ফিল্ম আৰু ভিডিঅ’ (Film and Video Editing ) পাঠ্যক্রমত আসনৰ সংখ্যা ১১ খন   আৰু দুবছৰীয়া ডিপ্ল’মা  ইন  ইন এপলাইড এক্টিং (ফিল্ম আৰু টিভি) [Applied Acting (Film & TV)]ৰ পাঠ্যক্রমত  পাঠ্যক্রমত আসনৰ সংখ্যা ১৭ খন৷ এই পাঠ্যক্রম দুটাত  শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (যিকোনো শাখা) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে ৷ 

      ফুড ক্ৰাফ্ট ইনষ্টিটিউট (https://foodcraftinstituteassam.in )ত পঢ়াৰ সুবিধা থকা ডেৰবছৰীয়া  পাঠ্যক্রমবোৰ হ’ল - Food Production (DFP), Food & Beverage Service (DFBS), Front Office (DFO), Housekeeping (DHK) আৰু Bakery & Confectionery (DBC)৷ এই পাঠ্যক্রমবোৰত নামভৰ্তিৰ বাবে  প্রাৰ্থী যিকোনো শাখাত দ্বাদশ শ্রেণীত উত্তীৰ্ণ হ’ব লাগে৷

        তদুপৰি, ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত প্রশিক্ষণ শিক্ষা গ্রহণ কৰিব পাৰে৷ ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত পঢ়িবলৈ বাবে শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয়৷  আই.টি.আই.ত নামভৰ্তিৰ বাবে আবেদন অনলাইন যোগেদি কৰিব লাগে৷ ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল – www.itiassam.nic.in  আবেদন কৰোঁতে এটা ই-মেইল আই.ডি. আৱশ্যক হয়৷ গতিকে, প্রাৰ্থীসকলে এটা ই-মেইল আই.ডি. খোলা প্রয়োজন আছে৷ এই পাঠ্যক্রমত নামভৰ্তিৰ হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ১৪ বছৰৰ কম হ’ব নালাগে৷ নম্বৰৰ ওপৰত ভিত্তি কৰি  নামভৰ্তি হয়৷ 

       অষ্টম শ্রেণী উত্তীৰ্ণ সকলে এবছৰীয়া পাঠ্যক্রম ৱেল্ডাৰ, প্লাম্বাৰ, ড্রেছ মেকিং, ছুয়িং টেকন’লজী, এমব্র’ইডাৰী আৰু দুবছৰীয়া  পাঠ্যক্রম ৱায়াৰমেন ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে নামভৰ্তি কৰিব পৰা এবছৰীয়া পাঠ্যক্রমবোৰ হ’ল –ষ্টেনোগ্রাফাৰ এণ্ড ছেক্রেটেৰিয়েল এছিছটেণ্ট (ইংৰাজী)[Stenographer & Secretarial Assistant (English)], ফেশ্বন ডিজাইন এণ্ড টেকনলজী (Fashion Design & Technology), ডেক্সটপ পাব্লিচিং  (ডি টি পি) অপাৰেটৰ [Desk Top Publishing (DTP) Operator], মাল্টি মিডিয়া এনিমেচন এণ্ড এছপিচিয়েল এফেক্ট (Multi Media Animation and Special Effects), ডিজিটেল ফটোগ্ৰাফাৰ, (Digital Photographer), অ’ট্র ব’ডি পেণ্টিং মেকানিক (Mechanic Auto Body Painting), ছেক্রেটেৰিয়েল প্রেকটিচ (ইংৰাজী) [Secretarial Practice (English)], ক’চমেট’ল’জী (Cosmetology), ফ্রণ্ট   অফিচ এছিছটেণ্ট Front Office Assistant, ফায়াৰ  টেক্‌ন’লজী এণ্ড  ইণ্ডাষ্টিয়েল  ছেফ্টি মেনেজমেণ্ট (Fire Technology & Industrial Safety Management), কম্পিউটাৰ অপাৰেটৰ এণ্ড প্রগ্রেমিং এছিছটেণ্ট (Computer Operator & Programming Assistant)৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজ্ঞান আৰু গণিত বিষয়সহ  উত্তীৰ্ণ হোৱা সকলে নামভৰ্তি কৰিব পৰা দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল: ইলেকট্রিচিয়ান ( Electrician), মটৰ ভেহিকল মেকানিক,  (Mechanic Motor Vehicle), ড্রাফটমেন মেকানিক( Draughtsman Mechanical), ফিটাৰ ( Fitter), মেচিনিষ্ট  (Machinist), টাৰ্ণাৰ ( Turner), ড্রাফ্টমেন চিভিল (Draughtsman Civil), চাৰ্ভেয়ৰ (Surveyor), চিভিল ইঞ্জিনিয়াৰিং এছিছটেণ্ট (Civil Engineering Assistant), ইলেক্‌ট্র’নিকচ মেকানিক ( Electronics Mechanic),  ইনষ্ট্ৰুমেণ্ট মেকানিক (Instrument Mechanic), ৰিফ্রিজেৰেশ্বন এণ্ড এয়াৰ কণ্ডিশ্বনাৰ মেকানিক (Refrigeration & Air Conditioner Technician), ইনফৰ্মেশ্বন এণ্ড কমিউনিকেশ্বন টেক্‌ন’লজী মেইনটেনেন্স (Information & Communication Technology System Maintenance), মেইনটেনেন্স মেকানিক কেমিকেল প্লাণ্ট  (Maintenance Mechanic Chemical Plant), এগ্রিকালশ্বাৰেল মেচিনাৰি মেকানিক (Mechanic Agricultural Machinery )৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজ্ঞান আৰু গণিত বিষয়সহ উত্তীৰ্ণ হোৱাসকলে নামভৰ্তি কৰিব পৰা এবছৰীয়া  পাঠ্যক্রম : ডিজেল ইঞ্জিন মেকানিক (Mechanic Diesel), পাম্প অপাৰেটৰ কাম মেকানিক(Pump Operator cum Mechanic), প্লাষ্টিক প্রচেছিং অপাৰেটৰ (Plastic Processing Operator), ট্রেক্টৰ মেকানিক (Mechanic Tractor), ছয়ল টেছটিং এণ্ড ক্র’প টেকনিচিয়ান (Soil Testing and Crop Technician), অ’ট্র ব’ডি ৰিপেয়াৰ মেকানিক( Mechanic Auto Body Repair), সৌলাৰ টেকনিচিয়ান (ইলেক্ট্রিকেল)[Solar Technician (Electrical)]৷  ছয়মহীয়া ( এটা  চিমেষ্টাৰ)  বড়ো ট্রাইপৰাইটিং  পাঠ্যক্রমৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে৷

      অসমত থকা ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই.টি.আই. কেইখনৰ নাম হ’ল : ১৷ আই.টি.আই. কৰিমগঞ্জ, ২৷ আই.টি.আই. কোকৰাঝাৰ, ৩৷ আই.টি.আই. গড়গাঁও, ৪৷ আই.টি.আই. গোৱালপাৰা, ৫৷ আই.টি.আই. গুৱাহাটী, ৬৷ আই.টি.আই. ডিব্রুগড়, ৭৷ আই.টি.আই. তেজপুৰ, ৮৷ আই.টি.আই. তিনিচুকীয়া, ৯৷ আই.টি.আই. দক্ষিণ শালমাৰা, ১০৷ আই.টি.আই. নগাঁও, ১১৷ আই.টি.আই. বঙাইগাঁও, ১২৷ আই.টি.আই. বৰপেটা, ১৩৷ আই.টি.আই. যোৰহাট, ১৪৷ আই.টি.আই. শিলচৰ, ১৫৷ আই.টি.আই. ধনশিৰি, ১৬৷ আই.টি.আই. ধেমাজি, ১৭৷ আই.টি.আই. নলবাৰী, ১৮৷ আই.টি.আই. ভেৰগাঁও, ১৯৷ আই.টি.আই. মৰিগাঁও, ২০৷আই.টি.আই.হাইলাকান্দি, ২১৷ আই.টি.আই.মাজুলী, ২২৷ আই.টি.আই. ডিফু, ২৩৷ আই.টি.আই. হাফলং, ২৪৷ আই.টি.আই.   বিশ্বনাথ চাৰিআলি, ২৫৷ আই.টি.আই. বকো, ২৬৷ আই.টি.আই. দুধনৈ, ২৭৷ আই.টি.আই.   গোলাঘাট, ২৮৷ আই.টি.আই. কাজলগাঁও, ২৯৷ আই.টি.আই. পাঠশালা, ৩০৷ আই.টি.আই. ৰঙিয়া, ৩১৷ আই.টি.আই. তিতাবৰ, ৩২৷ আই টি আই বল্লামগুৰি, ৩৩৷ আই টি আই  পাৰ্বতিজৰা, ৩৪৷   আই টি আই   শুকলাই, ৩৫৷ আই টি আই বোকাজান, ৩৬৷ আই.টি.আই. ডিব্রুগড় (দিব্যাং)৷

      মহিলাৰ বাবে সংৰক্ষিত আই.টি.আই. কেইখন হ’ল: ১৷ আই.টি.আই. শিলচৰ, ২৷ আই.টি.আই. গুৱাহাটী, ৩৷ আই.টি.আই. তিনিচুকীয়া, ৪৷ আই.টি.আই. মাজবাট, ৫৷ আই.টি.আই. উত্তৰ লখিমপুৰ, ৬৷ আই.টি.আই. নলবাৰী৷

      National Council for Vocational Training (NCVT)ৰ অধীনৰ পাঠ্যক্রমত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এনচিভিটি(NCVT) প্ৰমাণপত্ৰ প্রদান কৰে আৰু State Council for Vocational Training (SCVT)ৰ অধীনৰ পাঠ্যক্রমত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এছচিভিটি(SCVT) প্ৰমাণপত্ৰ প্রদান কৰে৷ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানৰ পৰা প্রশিক্ষণ গ্রহণ কৰিলে সেই প্রতিষ্ঠানখন National Council for Vocational Training (NCVT) বা State Council for Vocational Training (SCVT)ৰ স্বীকৃতিপ্রাপ্তিৰ মর্যাদাৰ সবিশেষ জানি ল’লে ভাল হয়৷ অধ্যয়ন কৰা ট্রেডৰ ওপৰত ভিত্তি কৰি চৰকাৰী আৰু বেচৰকাৰী খণ্ডত নিযুক্তি লাভ কৰিব পাৰে৷  ইয়াৰ উপৰিও স্ব-নিয়োজনৰ ব্যৱস্থা কৰিব পাৰে৷

     অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রস্তুত কৰা বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্রমসমূহ হ’ল –

1.     General Foundation Course                        

2.     Accountancy and Auditing                          

3.     Automobile Engineering Technology                          

4.     Commercial Art                      

5.     Commercial Garment making and Designing                     

6.     Computer Technique                   

7.     Horticulture                

8.     Inland Fisheries                

9. Maintenance and Repairing of Electrical & Domestic Appliances                  

10.    Mechanical Engineering Technology                        

11.    Office Management

12.    Office Secretary ship

13.    Repair and Maintenance of Radio & TV Receiver

14.    Repair and Maintenance of Power Driven Farm machinery

15.    Textile Designing

     ছাত্র-ছাত্রী তথা অভিভাৱকসকলে বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্রমসমূহৰ সবিশেষ তথ্য লাভৰ  বাবে গুৱাহাটীৰ বামুণীমৈদামস্থিত ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ৰ কাৰ্য্যালয়ত খবৰ কৰিব পাৰে৷

      উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা সকলে পেৰামেডিকেলৰ বিভিন্ন বিভাগত (Medical Laboratory Technology, Medical Radiographic Technology, Cardiac Care Technology, Physiotherapy, ICU Technology, Physicians Assistance Course , Emergency & First Aid, O.T. Technology (O.T. + Anaesthesia+ Endoscopy), Dialysis Technician Course ) ডিপ্লমা শিক্ষা গ্রহণ কৰিব পাৰে৷ ইয়াৰ বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে৷ পেৰামেডিকেল পাঠ্যক্রমৰ বিভিন্ন বিভাগত ডিপ্ল’মা শিক্ষা গ্রহণ কৰিব বাবে সুবিধা থকা অসমৰ চৰকাৰী শিক্ষানুষ্ঠান কেইখন হ’ল : ১৷ ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ , ডিব্রুগড়; ২৷ ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ , গুৱাহাটী; ৩৷ ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ , শিলচৰ; ৪৷ ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ, যোৰহাট ; ৫৷ ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ, বৰপেটা৷ ইয়াৰ উপৰিও আমাৰ ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ কেইবাখনো শিক্ষানুষ্ঠানত পেৰামেডিকেলৰ বিভিন্ন বিভাগত  অধ্যয়ন কৰিব পৰা সুবিধা আছে আৰু এই শিক্ষানুষ্ঠানবোৰ নাম জানিবৰ বাবে শিক্ষাৰ্থীসকলে অসমৰ শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৱেবছাইট(www.ssuhs.in) আৰু অসম চৰকাৰৰ ‘চিকিৎসা শিক্ষা সঞ্চালকালয়’ৰ   ৱেবছাইট (https://dme.assam.gov.in )ত   চাব পাৰে৷

    শিক্ষানুষ্ঠানবোৰৰত বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে৷


ঠিকনা:

     বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ