অন্যযুগ/


কলা কি?

 মূল : লিও টলষ্টয়ৰ What is Art? 

অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস


 (৬)


জাৰ্মানীত এইসকল অধিক প্ৰসিদ্ধ লেখকৰ পাছত কম মৌলিক আৰু কম প্ৰভাৱশালী লেখকসকল আহিল, যেনে হাৰ্টমেন, কাৰ্কমেন, শ্বনাছে, আৰু, কিছু পৰিমাণে, হেল্মহোল্টজ (নন্দনতাত্ত্বিক হিচাপে), বাৰ্গমেন, য়ুংমেন, আৰু অন্য অগণন৷

হাৰ্টমেন (১৮৪২)-ৰ মতে সৌন্দৰ্য বাহ্যিক জগতত নাথাকে, “বস্তুটোৰ নিজৰ মাজতো” নাথাকে, ই মানুহৰ আত্মাতো বাস নকৰে, ই থাকে কলাকাৰে উৎপন্ন কৰা ‘আপাতদৃষ্টিত প্ৰতীয়মান’ৰ (Schein) মাজত৷ বস্তুটো নিজেই সুন্দৰ নহয়, ইয়াক সৌন্দৰ্যলৈ পৰিৱৰ্তিত কৰে কলাকাৰে৷

শ্বনাছে (১৭৯৮-১৮৭৫)-ৰ মতে পৃথিৱীত নিখুঁত সৌন্দৰ্য্ বুলি একো নাই৷ প্ৰকৃতিত ইয়াৰ পিনে এটা পথহে আছে৷ প্ৰকৃতিয়ে যি দিব নোৱাৰে সেয়া কলাই দিয়ে৷ প্ৰকৃতিত নোপোৱা সমন্বয় সম্পৰ্কে সচেতন মুক্ত অহংবোধৰ (ego) শক্তিত সৌন্দৰ্য্ প্ৰকাশিত হয়৷

কিৰ্কমেনে পৰীক্ষামূলক নন্দনতত্ত্বৰ বিষয়ে লিখিছিল৷ তেওঁৰ প্ৰণালীত ইতিহাসৰ আটাইবোৰ পৰিপ্ৰেক্ষিত সম্পূৰ্ণ আকস্মিকতাৰে সংযুক্ত হয়৷ এনেদৰে কিৰ্কমেন (১৮০২-১৮৮৪)-অৰ মতে ইতিহাসৰ ছয়খন ক্ষেত্ৰ থাকে – জ্ঞানৰ, সম্পদৰ, নৈতিকতাৰ, বিশ্বাসৰ, ৰাজনীতিৰ, আৰু সৌন্দৰ্যৰ ক্ষেত্ৰ; আৰু শেষত উল্লেখ কৰা ক্ষেত্ৰখনৰ কাৰ্য হৈছে কলা৷

সংগীতৰ সৈতে সম্পৰ্কিত হিচাপে সৌন্দৰ্যৰ বিষয়ে লিখা হেল্মহোল্টজ (১৮২১)-ৰ মতে সাংগীতিক প্ৰযোজনাত সৌন্দৰ্য আহৰণ কৰা হয় কেৱল অপৰিৱৰ্তনীয় বিধি অনুসৰণ কৰাৰ জৰিয়তে৷ এই বিধিবোৰ কলাকাৰৰ জ্ঞাত নহয়; গতিকে সৌন্দৰ্য প্ৰকাশিত হয় কলাকাৰৰ অসচেতনতাৰ মাজেৰেই, আৰু ইয়াক বিশ্লেষণৰ আওতালৈ অনা নাযায় ৷

বাৰ্গমান (১৮৪০)-ৰ (Ueber das Schöne, ১৮৮৭) মতে বস্তুগতভাবে সৌন্দৰ্যৰ সংজ্ঞা দিয়াটো অসম্ভৱ৷ সৌন্দৰ্যক কেৱল বিষয়গতভাবেহে উপলব্ধি কৰিব পাৰি, আৰু সেয়েহে নন্দনতত্ত্বৰ সমস্যা হৈছে কিহে কাক আনন্দ দিয়ে তাক ব্যাখ্যা কৰাটো৷

য়াংমান (মৃ: ১৮৮৫)-ৰ মতে প্ৰথমতে, সৌন্দৰ্য হৈছে বস্তুৰ অতিসংবেদনশীল গুণ; দ্বিতীয়তে, কেৱল সৌন্দৰ্য্যৰ মননেই আমাৰ মাজত আনন্দ উৎপন্ন কৰে; আৰু তৃতীয়তে, সৌন্দৰ্য্য হৈছে প্ৰেমৰ বুনিয়াদ৷

সাম্প্ৰতিক সময়ৰ ফ্ৰাঞ্চ, ইংলেণ্ড, আৰু আন ৰাষ্ট্ৰৰ মুখ্য প্ৰতিনিধিসকলৰ নন্দনতত্ত্বসমূহ এনেকুৱা ধৰণৰ : 

এই সময়ছোৱাৰ ফ্ৰাঞ্চৰ নন্দনতত্ত্ব সম্পৰ্কীয় বিশিষ্ট লেখকসকল হৈছে কাজিন, জাফ্ৰ’য়, পিক্টেট, ৰেৱেচন, লিভেক৷

কাজিন (১৭৯২-১৮৬৭) আছিল এগৰাকী সাৰগ্ৰাহী, আৰু জাৰ্মান আধ্যাত্মবাদীসকলৰ এগৰাকী অনুগামী ৷তেওঁৰ তত্ত্বমতে সৌন্দৰ্যৰ সদায়ে এটা নৈতিক বুনিয়াদ থাকে৷ কলা হ’ল অনুকৰণ, আৰু যিয়ে আনন্দ দিয়ে সেয়াই সুন্দৰ বোলা মতবাদৰ তেওঁ বিৰোধ কৰিছিল৷ তেওঁ দৃঢ়ভাবে কৈছিল যে সৌন্দৰ্যক বস্তুগতভাবে ব্যাখ্যা কৰিব পাৰি, আৰু ই মূলতঃ গঠিত হয় একতাৰ মাজত বিভিন্নতাৰে৷

কাজিনৰ পাছত আহে জাফ্ৰ’য় (১৭৯৬-১৮৪২), যি কাজিনৰ শিষ্য আছিল, আৰু লগতে জাৰ্মান নন্দনতাত্ত্বিকসকলৰো অনুগামী আছিল৷ তেওঁ দিয়া সংজ্ঞা অনুসৰি সৌন্দৰ্য হৈছে  সেইবোৰ প্ৰাকৃতিক চিহ্নৰ মাধ্যমেৰে অদৃশ্যৰ প্ৰকাশ যিবোৰে ইয়াক উদ্ভাসিত কৰে৷ দৃশ্যমান পৃথিৱীখন হৈছে পোছাক যাৰ মাধ্যমেৰে আমি সৌন্দৰ্য দেখিবলৈ পাওঁ৷

চুইছ লেখক পিক্টেটে হেগেল আৰু প্লেটোৰ কথাৰেই পুনৰাবৃত্তি কৰিছিল৷ তেওঁ ধৰি লৈছিল যে ইন্দ্ৰিয়ানুভূতিৰ মাজেৰে নিজকে উদঙাই দিয়া দৈৱিক ধাৰণাৰ পোনপটীয়া আৰু মুক্ত প্ৰকাশতেই সৌন্দৰ্য নিহিত থাকে৷

লিভেক আছিল শ্বেলিং আৰু হেগেলৰ অনুগামী৷ তেওঁৰ ধাৰণাত সৌন্দৰ্য হৈছে প্ৰকৃতিৰ আঁৰত অদৃশ্য কিবা এটা – এটা বল অথবা সত্তা, যিয়ে নিজকে প্ৰণালীবদ্ধ শক্তিৰ মাজেৰে প্ৰকাশ কৰে৷

সৌন্দৰ্যৰ প্ৰকৃতি সম্পৰ্কে একে ধৰণৰ অস্পষ্ট মত প্ৰকাশ কৰিছে ফৰাচী অধিবিদ্যা বিশাৰদ ৰেৱেচনে, যাৰ ধাৰণাত সৌন্দৰ্য হৈছে বিশ্বৰ চূড়ান্ত লক্ষ্য আৰু উদ্দেশ্য৷  “La beauté la plus divine et principalement la plus parfaite contient le secret du monde.” আৰু পুনৰায়:—“Le monde entier est l’œuvre d’une beauté absolue, qui n’est la cause des choses que par l’amour qu’elle met en elles.”

মই উদ্দেশ্যপ্ৰণোদিতভাৱেই এই অধিবিদ্যামূলক বাক্যকেইটা অনুবাদ কৰাৰপৰা বিৰত আছোঁ, কাৰণ জাৰ্মানসকল যিমানেই অস্পষ্ট নহওক কিয়, ফৰাচীসকলে যদি এবাৰ  জাৰ্মানসকলৰ তত্ত্বসমূহ আত্মভূত কৰিলে আৰু সেইবোৰক অনুকৰণ কৰিবলৈ ল’লে, তেনেহ’লে বিভিন্নতাপূৰ্ণ ধাৰণাবোৰক এটা বাক্যত একত্ৰিত কৰাত, আৰু নিৰ্বিচাৰে কিবা নহয় কিবা অৰ্থ আগ বঢ়াই দিয়াত তেওঁলোকে জাৰ্মানসকলক বহু দূৰলৈকে চেৰাই যায়৷ উদাহৰণ স্বৰূপে, সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰি ফৰাচী দাৰ্শনিক ৰেনুৱিয়েৰে কৈছিল, —“Ne craignons pas de dire qu’une vérité qui ne serait pas belle, ne serait qu’un jeu logique de notre esprit et que la seule vérité solide et digne de ce nom c’est la beauté.”

যিসকল নন্দনতাত্ত্বিক আধ্যাত্মবাদীয়ে জাৰ্মান দৰ্শনৰ প্ৰভাৱত লিখিছিল আৰু এতিয়াও লিখে, তেওঁলোকৰ বাহিৰেও তলত উল্লেখ কৰা সাম্প্ৰতিক লেখকসকলেও ফ্ৰাঞ্চত কলা আৰু সৌন্দৰ্যৰ উপলব্ধিক প্ৰভাৱিত কৰিছে: টেইন, গায়’, চেব্যুলিজ, কষ্টাৰ আৰু ভেৰঁ৷

টেইন (১৮২৮-১৮৯৩)-ৰ মতে সৌন্দৰ্য হৈছে এটা গুৰুত্বপূৰ্ণ ধাৰণাৰ আৱশ্যকীয় বৈশিষ্ট্যসমূহ বাস্তৱত তুলি ধৰাতকৈ বেছি পূৰ্ণতাৰে কৰা প্ৰকাশ৷

গায়’ (১৮৫৪-১৮৮৮)-ই শিকাইছিল যে সৌন্দৰ্য বস্তুৰ নিজৰ বহিৰাৱৰণত থকা কিবা নহয়,  ক’বলৈ গ’লে ই ইয়াৰ ওপৰত গজি উঠা কোনো পৰজীৱীও নহয় – বৰং ই যাৰ ওপৰত দেখা দিয়ে, সেই বস্তুৰেই প্ৰস্ফূটিত অংশকলা হৈছে যুক্তিপূৰ্ণ আৰু সচেতন জীৱনৰ প্ৰকাশ, যিয়ে আমাৰ মনত অস্তিত্বৰ গভীৰ চেতনা আৰু উচ্চতম অনুভৱ তথা মহত্তম চিন্তা জাগ্ৰত কৰে৷ কলাই মানুহক ব্যক্তিগত জীৱনৰপৰা সাৰ্বজনীন জীৱনলৈ উন্নীত কৰে, কেৱল একে ধাৰণা আৰু বিশ্বাসত অংশ গ্ৰহণ কৰাৰ মাজেৰেই নহয়, অনুভৱৰ সাদৃশ্যৰ মাজেৰেও৷

চেব্যুলিজৰ মতে, কলা হৈছে এটা কৰ্ম, যিয়ে (১) আমাৰ গঠনৰ (ৰূপ) প্ৰতি থকা সহজাত প্ৰেমক সন্তুষ্ট কৰে, (২) এই গঠনবোৰক ধাৰণা প্ৰদান কৰে, (৩) একেদৰে আমাৰ ইন্দ্ৰিয়, হৃদয় আৰু যুক্তিক আনন্দ প্ৰদান কৰে ৷ সৌন্দৰ্য বস্তুত সহজাত হিচাপে নাথাকে, ই হৈছে আমাৰ আত্মাৰ কৰ্ম৷ সৌন্দৰ্য্য হৈছে এটা ভ্ৰম; পৰম সৌন্দৰ্য বুলি একো নাই৷ কিন্তু যাক আমি বৈশিষ্ট্যপূৰ্ণ আৰু সংগতিপূৰ্ণ বুলি ভাবোঁ, সেয়াই আমাৰ সম্মুখত ধুনীয়া হিচাপে ধৰা দিয়ে৷

ক’ষ্টাৰে মত প্ৰকাশ কৰিছিল যে সুন্দৰ, সাধু আৰু সত্যৰ ধাৰণাবোৰ সহজাত৷ এই ধাৰণাবোৰে আমাৰ মন প্ৰদীপ্ত কৰে, আৰু ই ঈশ্বৰৰ সৈতে অভিন্ন, যি ঈশ্বৰ হ’ল সাধুতা, সত্য আৰু সৌন্দৰ্য৷ সৌন্দৰ্যৰ ধাৰণাত নিহিত থাকে সাৰবস্তুৰ একত্ৰিকৰণ, গঠনকাৰী উপাদানৰ বিভিন্নতা, আৰু শৃংখলা, যিয়ে জীৱনৰ বিভিন্ন প্ৰকাশৰ মাজত একতা আনি দিয়ে৷

সম্পূৰ্ণতাৰ খাতিৰত মই আৰু কিছুমান একেবাৰে শেহতীয়া কলা বিষয়ক লেখাৰ পৰা উদ্ধৃতি দিম৷

মাৰিও পিলোই ৰচনা কৰা La psychologie du Beau et de l’Art (১৮৯৫)-ত কোৱা হৈছে যে সৌন্দৰ্য হৈছে আমাৰ বাহ্যিক অনুভৱৰ ফচল৷ কলাৰ লক্ষ্য হৈছে আনন্দ, কিন্তু এই আনন্দ (কিছুমান কাৰণত) তেওঁৰ মতে অৱশ্যম্ভাবীৰূপে উচ্চ ধৰণেৰে নৈতিক৷

ফিয়েৰেন্স জেভাৰ্টে  ৰচনা কৰা The Essai sur l’art contemporain (১৮৯৭)-অত কোৱা হৈছে যে কলা নিহিত থাকে অতীতৰ সৈতে ইয়াৰ সংযোগত, আৰু বৰ্তমানৰ ধৰ্মীয় আদৰ্শত, যাক শিল্পীয়ে নিজৰ কৰ্মক তেওঁৰ ব্যক্তিত্বৰ ৰূপ দিয়াৰ সময়ত বহন কৰি থাকে৷

তাৰ পাছত আকৌ চাৰ পেলাডানৰ L’art idéaliste et mystique (১৮৯৪) –এ কৈছে যে কলা হৈছে ঈশ্বৰৰ বিভিন্ন প্ৰকাশৰ ভিতৰৰ এটা৷Il n’y a pas d’autre Réalité que Dieu, n’y a pas d’autre Vérité que Dieu, il n’y a pas d’autre Beauté, que Dieu(পৃঃ ৩৩) এই কিতাপখন বৰ কল্পনাপ্ৰসূত আৰু শিক্ষাৰহিত, কিন্তু ই গ্ৰহণ কৰা স্থিতি বৈশিষ্ট্যপূৰ্ণ, আৰু ফ্ৰাঞ্চৰ যুৱ প্ৰজন্মৰ মাজত লাভ কৰা কিছু সাফল্যৰ বাবে ই দৰ্শনীয়ও৷

ফ্ৰাঞ্চত বৰ্তমান সময়লৈকে পৰিব্যাপ্ত হৈ থকা আটাইখিনি নন্দনতত্ত্ব একে ধৰণৰ, কিন্তু তাৰ মাজতে ভেৰঁৰ L’esthétique (১৮৭৮) ইয়াৰ যুক্তিবাদিতা আৰু স্পষ্টতাৰে সৈতে কিছু ব্যতিক্ৰম৷ যদিও এই গ্ৰন্থখনে কলাৰ একেবাৰে সঠিক সংজ্ঞা নিদিয়ে, অন্ততঃ ই এটা পৰম সৌন্দৰ্যৰ অস্পষ্ট ধাৰণাৰপৰা নন্দনতত্ত্বক মুক্ত কৰিছে৷

ভেৰঁ (১৮২৫-১৮৮৯)-ৰ মতে কলা হৈছে ৰেখা, আকৃতি, ৰঙৰ একত্ৰিকৰণেৰে, অথবা নিৰ্দিষ্ট ছন্দৰ দ্বাৰা পৰিচালিত গতি, ধ্বনি আৰু শব্দৰ ক্ৰমেৰে বাহ্যিকভাবে বিয়পি পৰা আবেগৰ প্ৰকাশ৷

ইংলেণ্ডত এই সময়ছোৱাত নন্দনতত্ত্ব বিষয়ক লেখকসকলে বহু বেছি সঘনাই সৌন্দৰ্যক ব্যাখ্যা কৰিছে, ইয়াৰ নিজৰ গুণৰ মাধ্যমেৰে নহয়, বৰং ৰুচিৰ মাধ্যমেৰে, আৰু ৰুচি সম্পৰ্কীয় আলোচনাই সৌন্দৰ্য বিষয়ক আলোচনাক অতিক্ৰম কৰি গৈছে৷

সৌন্দৰ্যক সম্পূৰ্ণৰূপে দেখোতাৰ ওপৰত নিৰ্ভৰশীল বুলি কোৱা ৰীড (১৭০৪-১৭৯৬)-অৰ পাছত এলিচনে তেওঁৰ Essay on the Nature and Principles of Taste (১৭৯০)-অত   একে কথাই প্ৰমাণ কৰিছিল৷ আন এটা দিশৰপৰা এই একেটা কথা প্ৰসিদ্ধ চাৰ্লছ ডাৰউইনৰ ককাদেউতাক ইৰাচমাচ ডাৰউইনেও (১৭৩১-১৮০২) দৃঢ়ভাৱে উত্থাপন কৰিছিল৷

তেওঁৰ মতে আমি সেইটোক সুন্দৰ বুলি কওঁ যিটো আমাৰ ধাৰণাত আমি ভাল পোৱা বস্তুৰ সৈতে সংলগ্ন হৈ থাকে৷ ৰিচাৰ্ড নাইটৰ  An Analytical Inquiry into the Principles of Taste  গ্ৰন্থখনেও একেই পথ লৈছে৷

বেছিভাগ ইংৰাজী নন্দনতত্ত্ব একে পথৰেই পথিক৷ বৰ্তমানৰ শতিকাটোত ইংলেণ্ডৰ খ্যাতনামা নন্দনতত্ত্বৰ লেখকসকল হ’ল চাৰ্লছ ডাৰউইন (কিছু পৰিমাণে), হাৰ্বাৰ্ট স্পেঞ্চাৰ, গ্ৰাণ্ট এলেন, কেৰ, আৰু নাইট৷

চাৰ্লছ ডাৰউইনৰ (১৮০৯-১৮৮২ -- Descent of Man, ১৮৭১) মতে সৌন্দৰ্য এনে এটা অনুভৱ, যিটো কেৱল মানুহৰ ক্ষেত্ৰতেই নহয়, জন্তুৰ ক্ষেত্ৰতো, আৰু ফলস্বৰূপে মানুহৰ পূৰ্বপুৰুষৰ ক্ষেত্ৰতো,  স্বাভাৱিক ৷ চৰাইবোৰে সিহঁতৰ বাহবোৰ সুশোভিত কৰে আৰু নিজৰ সংগীসকলৰ সৌন্দৰ্যক মূল্য দিয়ে৷ বিৱাহৰ ক্ষেত্ৰত সৌন্দৰ্যৰ প্ৰভাৱ থাকে৷ সৌন্দৰ্যই  বিভিন্ন মিল নথকা ধাৰণাক সাঙুৰি লয়৷ সংগীতৰ কলাৰ মূল হৈছে মতাবোৰে মাইকীবোৰলৈ জনোৱা প্ৰণয়ৰ আহ্বান৷

হাৰ্বাৰ্ট স্পেঞ্চাৰৰ (জন্ম ১৮২০) মতে কলাৰ আৰম্ভণি হৈছে ক্ৰীড়া, যিটো চিন্তা ইয়াৰ আগতে শ্বিলাৰেও প্ৰকাশ কৰিছিল৷ তলখাপৰ জন্তুবোৰৰ জীৱনৰ সমস্ত শক্তি ব্যয় হৈ যায় জীৱনৰ প্ৰতিপালন আৰু বংশৰ প্ৰতিপালনত; আনহাতে মানুহৰ ক্ষেত্ৰত এই আটাইবোৰ প্ৰয়োজনীয়তা পূৰণ হৈ যোৱাৰ পাছতো কিছু অতিৰিক্ত শক্তি ৰৈ যায়৷ এই অতিৰিক্ত শক্তিখিনি খৰচ কৰা হয় ক্ৰীড়াত, যিয়ে কলালৈ ৰূপান্তৰিত হয়৷ ক্ৰীড়া হৈছে বাস্তৱ কাৰ্যৰ অনুকৰণ, কলাও তেনেকুৱাই৷ নান্দনিক আনন্দৰ উৎসবোৰ হৈছে তিনি ধৰণৰ - (১) যে "যিয়ে সেইবোৰ কাৰ্যক্ষমতা ব্যৱহাৰ কৰে যিবোৰ আটাইতকৈ সম্পূৰ্ণ ধৰণেৰে প্ৰভাৱিত হয়, ব্যৱহাৰৰ মাত্ৰাধিক্যই অনা ন্যূনতম অপূৰ্ণতাৰে সৈতে", (২) "প্ৰচুৰ পৰিমাণত এটা উদ্দীপকৰ প্ৰভেদ, যিয়ে গ্ৰহণযোগ্য অনুভূতিৰ জিলিকণিক জগাই তোলে" (৩) একেটা বস্তুৰ আংশিক পুনৰুত্থান, বিশেষ সংযোগেৰে সৈতে৷

টড হাণ্টাৰৰ Theory of the Beautiful  (১৮৭২) –অত লিখা হৈছে যে সৌন্দৰ্যহৈছে সীমাহীন লাৱণ্য, যাক আমি যুক্তি আৰু প্ৰেমৰ উদ্যম উভয়েৰে উপলদ্ধি কৰোঁ৷ সৌন্দৰ্যক এনে ৰূপত স্বীকৃতি দিয়াটো নিৰ্ভৰ কৰে ৰুচিৰ ওপৰত; ইয়াৰ কোনো নিৰ্ণায়ক নাই৷ সংজ্ঞাৰ একমাত্ৰ পথ পোৱা যায় কেৱল সংস্কৃতিত৷ (সংস্কৃতিনো কি, সেইটোৰ ব্যাখ্যা দিয়া হোৱা নাই৷) অন্তৰ্নিহিতভাৱে, কলা – যিয়ে ৰেখা, ৰং, ধ্বনি, অথবা শব্দেৰে আমাক প্ৰভাৱিত কৰে – কোনো অন্ধ শক্তিৰ নহয়, যুক্তিপূৰ্ণ শক্তিৰহে সৃষ্টি, যিয়ে পাৰস্পৰিক সহায়ৰ মাজেৰে এটা যুক্তিপূৰ্ণ লক্ষ্যৰ হকে কাম কৰে৷ সৌন্দৰ্য হৈছে অসংগতিসমূহৰ সংগতিকৰণ৷

গ্ৰাণ্ট এলেন হ’ল স্পেঞ্চাৰৰ অনুগামী, আৰু তেওঁৰ Physiological Æsthetics (১৮৭৭) –অত তেওঁ কৈছে যে সৌন্দৰ্যৰ এটা বাহ্যিক উৎস আছে৷ নান্দনিক আনন্দ আহে সুন্দৰ বস্তুৰ পৰ্যবেক্ষণৰ পৰা, কিন্তু সৌন্দৰ্যৰ ধাৰণা আহৰণ কৰা হয় এটা শৰীৰতাত্ত্বিক প্ৰক্ৰিয়াৰ মাজেৰে৷ কলাৰ উৎস হৈছে ক্ৰীড়া; যেতিয়া শাৰীৰিক শক্তিৰ আধিক্য হয়, মানুহে নিজকে ক্ৰীড়াত নিয়োজিত কৰে; যেতিয়া গ্ৰহণ ক্ষমতাৰ আধিক্য হয়, মানুহে নিজকে কলাত নিয়োজিত কৰে৷ সুন্দৰ বস্তু হৈছে সেয়া যিয়ে ন্যুনতম অপব্যয়েৰে সৰ্বাধিক উদ্দীপনা প্ৰদান কৰিব পাৰে৷ সৌন্দৰ্যৰ হিচাপত প্ৰভেদ আহি পৰে ৰুচিৰ বাবে৷ ৰুচিক শিক্ষিত কৰিব পৰা যায়৷ আমাৰ "আটাইতকৈ ভাল ধৰণেৰে প্ৰতিপালিত আৰু আটাইতকৈ সঠিকভাৱে প্ৰভেদ চিনাক্ত কৰিব পৰা" মানুহৰ বিচাৰৰ ওপৰত বিশ্বাস ৰাখিব লাগিব৷ এইসকল মানুহেই পৰৱৰ্তী প্ৰজন্মৰ ৰুচি গঢ়ি তোলে৷

Essay on the Philosophy of Art (১৮৮৩) ৰচনাত কেৰে লিখা অনুসৰি সৌন্দৰ্যই আমাক বাহ্যিক পৃথিৱীখনৰ অংশক ইয়াৰ আন অংশৰ প্ৰসংগেৰে ক্লিষ্ট নোহোৱাকৈ, যিটো বিজ্ঞানৰ বাবে অপৰিহাৰ্য,  আমাৰ নিজৰ বাবে বোধগম্য কৰি তুলিবলৈ সক্ষম কৰি তোলেগতিকে কলাই এক আৰু বহুৰ মাজৰ, বিধি আৰু ইয়াৰ প্ৰকাশৰ মাজৰ, বিষয় আৰু ইয়াৰ বস্তুৰ মাজৰ বিৰোধ এইবোৰক একত্ৰিত কৰাৰ মাধ্যমেৰে মষিমূৰ কৰি পেলায়৷  কলা হৈছে স্বাধীনতাৰ উন্মোচন আৰু সমৰ্থন, কাৰণ ই সসীম বস্তুৰ অন্ধকাৰ আৰু দুৰ্বোধ্যতাৰ পৰা মুক্ত৷

নাইটৰ Philosophy of the Beautiful, দ্বিতীয় খণ্ড (১৮৯৩) অনুসৰি সৌন্দৰ্য হ’ল (শ্বেলিঙে কোৱাৰ দৰেই) বস্তু আৰু বিষয়ৰ মাজৰ মিলন, প্ৰকৃতিৰ পৰা সেইটো বস্তু উলিয়াই অনা যিটো মানুহৰ সৈতে পৰস্পৰ-সম্পৰ্কিত, আৰু নিজৰ মাজত সেই বস্তুটোক স্বীকৃতি দিয়া যিটো সমস্ত প্ৰকৃতিৰ বাবেই  সাধাৰণ৷

ইয়াত উল্লেখ কৰা সৌন্দৰ্য সম্পৰ্কীয়, আৰু কলা সম্পৰ্কীয় অভিমতবোৰ বিষয়টোৰ ওপৰত লিখা সম্পূৰ্ণ কথাবোৰৰ পৰা বহুত নিলগত৷ আৰু প্ৰতি দিনেই নন্দনতত্ত্ব সম্পৰ্কত নতুন লেখকৰ আগমন ঘটে, যাৰ বিস্তাৰিত ৰচনাত সৌন্দৰ্যৰ সংজ্ঞা দিয়াৰ ক্ষেত্ৰত একে ধৰণৰ মন্ত্ৰমুগ্ধ বিভ্ৰান্তি আৰু দ্বন্দ্ব দেখা যায়৷ কিছুমানে জড়তাবশতঃ বিভিন্ন বৈচিত্ৰ্যসহ ব’মগাৰ্টেন আৰু হেগেলৰ ৰহস্যময় নন্দনতত্ত্বকে অব্যাহত ৰাখিলে; অন্য কিছুমানে প্ৰশ্নটোক ব্যক্তিনিষ্ঠতাৰ ক্ষেত্ৰলৈ হস্তান্তৰিত কৰিলে; আৰু সুন্দৰৰ ভিত্তি বিচাৰিলে ৰুচিৰ প্ৰশ্নত; অন্য কিছুমানে – একেবাৰে শেহতীয়া গঠনৰ নন্দনতাত্ত্বিকসকলে – সৌন্দৰ্যৰ মূল বিচাৰিলে শৰীৰতত্ত্বৰ মাজত; আৰু অৱশেষত, আন কিছুমানে সৌন্দৰ্যৰ ধাৰণাৰ পৰা নিজকে একেবাৰে মুক্ত ৰাখি পুনৰ প্ৰশ্নটোৰ উত্তৰৰ সন্ধান কৰিলে৷ এনেকৈয়ে চাল্লিয়ে তেওঁৰ Sensation and Intuition: Studies in Psychology and Æsthetics (১৮৭৪) গ্ৰন্থত সৌন্দৰ্যৰ ধাৰণাটোক সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে। তেওঁৰ সংজ্ঞাত কলা হৈছে কিছুমান স্থায়ী বস্তুৰ নাইবা ক্ষণস্থায়ী কাৰ্যৰ সৃষ্টি, যিয়ে সৃষ্টিকৰ্তালৈ সক্ৰিয় আমোদৰ, আৰু ভালেখিনি দৰ্শক আৰু শ্ৰোতালৈ এটা সুখদায়ক অনুভূতিৰ, যোগান ধৰিবলৈ  সক্ষম,  ইয়াৰ পৰা আহৰণ কৰা যিকোনো ব্যক্তিগত সুবিধাৰ ব্যতিৰেকে৷


***

                                                                                                                        (আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ