অন্যযুগ/


কলা কি?

 

    লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদ


অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস


  (৮) 

 

গতিকে সৌন্দৰ্যৰ ওপৰত প্ৰতিষ্ঠিত, নন্দনতত্ত্বই ব্যাখ্যা কৰা, আৰু ম্লান ৰূপৰেখাৰে জনতাই মানি লোৱা কলাৰ তত্ত্ব আন একো নহয়, ই হৈছে সেইটোক ভাল বুলি প্ৰতিষ্ঠা কৰা যিয়ে আমাক, অৰ্থাৎ এটা নিৰ্দিষ্ট শ্ৰেণীৰ মানুহক আনন্দ দিছে আৰু দিয়ে৷

কোনো মানৱীয় কৰ্মক সংজ্ঞায়িত কৰিবলৈ হ’লে ইয়াৰ অৰ্থ আৰু গুৰুত্ব বুজাটো প্ৰয়োজনীয়৷ আৰু তাকে কৰিবলৈ হ’লে সেই কৰ্মটোক ইয়াৰ ৰূপতে, ইয়াৰ কাৰণবোৰৰ ওপৰত ইয়াৰ নিৰ্ভৰশীলতাত, ইয়াৰ ক্ৰিয়াবোৰৰ সৈতে সংযোগত পৰীক্ষা কৰি চোৱাটোহে প্ৰাথমিকভাৱে প্ৰয়োজন, কেৱল ইয়াৰ পৰা আমি কি আনন্দ পাওঁ সেইটো চালেই নহয়৷ 

যদি আমি কওঁ যে কোনো কাৰ্যৰ লক্ষ্য হৈছে কেৱল আমাৰ আনন্দ, আৰু অকল সেই আনন্দৰ ওপৰত ভিত্তি কৰিয়েই আমি তাক সংজ্ঞাবদ্ধ কৰোঁ, তেনেহ’লে আমাৰ সংজ্ঞা দেখদেখকৈয়ে মিছা হ’ব৷ কিন্তু কলাক সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত স্পষ্টকৈ সেয়াই হৈ আছে৷ এতিয়া, আমি যদি খাদ্যৰ কথাই বিবেচনালৈ আনো,  কাৰো মনলৈ এইটো নিশ্চিত কৰাৰ কথা নাহিব যে খাদ্যৰ গুৰুত্ব গঢ়ি তুলিছে আমি খাই থাকোতে পোৱা আনন্দই৷ এইটো প্ৰত্যেকেই বুজি পায় যে আমাৰ জিভাৰ সন্তুষ্টি খাদ্যৰ গুণ সম্পৰ্কত আমাৰ সংজ্ঞাৰ ভিত্তি হিচাপে থিয় হ’ব নোৱাৰে, আৰু সেয়ে এনেকৈ পূৰ্বধাৰণা লোৱাৰ আমাৰ অধিকাৰ নাই যে আমি অভ্যস্ত থকা আৰু আমাক আনন্দ দিয়া ৰঙা জলকীয়া, লিম্বাৰ্গ চীজ, এলকহল ইত্যাদিয়ে  মানুহৰ শ্ৰেষ্ঠ খাদ্য প্ৰস্তুত কৰে৷ 

আৰু ঠিক একে ধৰণে সৌন্দৰ্য, অথবা যিয়ে আমাক আনন্দ দিয়ে সি, কোনো অৰ্থেৰেই কলাৰ সংজ্ঞাৰ ভিত্তি হ’ব নোৱাৰে, আমাক আনন্দ দিব পৰা এলানি বস্তুৱেও কলা কেনেকুৱা হ’ব লাগে তাৰ আৰ্হি হ’ব নোৱাৰে৷ 

কলাৰ লক্ষ্য আৰু উদ্দেশ্যক আমি ইয়াৰপৰা পোৱা আনন্দত বিচাৰি পোৱাটো খাদ্যৰ লক্ষ্য আৰু উদ্দেশ্য খাই থাকোঁতে আমি লাভ কৰা আনন্দ বুলি ধৰি লোৱাৰ (যিটো কৰে সৰ্বনিম্ন নৈতিক বিকাশৰ মানুহবোৰে, উদাহৰণস্বৰূপে বৰ্বৰসকলে) নিচিনা কথা৷ 

যেনেকৈ আনন্দকে খাদ্যৰ লক্ষ্য আৰু উদ্দেশ্য বুলি ধাৰণা কৰা মানুহবোৰে খোৱা কাৰ্য্যৰ আচল অৰ্থ অনুধাৱন কৰিব নোৱাৰে, ঠিক তেনেকৈ আনন্দকে কলাৰ লক্ষ্য বুলি বিৱেচনা কৰা মানুহবোৰে ইয়াৰ সঁচা অৰ্থ আৰু উদ্দেশ্য উপলব্ধি কৰিব নোৱাৰে, কাৰণ তেওঁলোকে এটা কাৰ্যত, - যাৰ অৰ্থ নিহিত আছে জীৱনৰ আন প্ৰপঞ্চৰ সৈতে ইয়াৰ সংযোগত, - আনন্দৰ মিছা আৰু ব্যতিক্ৰম লক্ষ্য আৰোপ কৰে৷ মানুহে কেৱল তেতিয়াহে বুজিব ধৰে যে খোৱাৰ অৰ্থ নিহিত আছে শৰীৰৰ পৰিপুষ্টিত, যেতিয়া তেওঁলোকে এই কথাটো বিবেচনা কৰিবলৈ বন্ধ কৰে যে এই কাৰ্যৰ লক্ষ্য হৈছে আনন্দ৷ আৰু কলাৰ ক্ষেত্ৰতো একেই কথা৷ মানুহে কলাৰ অৰ্থ বুজি পাব তেতিয়াহে যেতিয়া তেওঁলোকে এনেকৈ ভাবিবলৈ বাদ দিয়ে যে এই কাৰ্যৰ লক্ষ্য হৈছে সৌন্দৰ্য, অৰ্থাৎ আনন্দ৷ কলাৰ লক্ষ্য হিচাপে সৌন্দৰ্য্যক (অৰ্থাৎ কলাৰপৰা পোৱা এবিধ বিশেষ ধৰণৰ আনন্দক) মানি লোৱাটোৱে যে কেৱল কলা কি তাৰ সংজ্ঞা বিচাৰি পোৱাত আমাক সহায় কৰাতহে ব্যৰ্থ হয়, তেনেকুৱা নহয়, বৰং ইয়াৰ বিপৰীতে, প্ৰশ্নটো কলাৰ সৈতে সম্পৰ্কবিহীন এনেকুৱা এটা ক্ষেত্ৰলৈ (এটা উৎপাদিত বস্তুৱে এগৰাকী ব্যক্তিক কিয় আনন্দ দিয়ে আৰু একে ধৰণৰ আন এটা বস্তুৱে কিয় আন কাৰোবাক নিৰানন্দ বা আনন্দ দিয়ে তাৰ আধিভৌতিক, মনস্তাত্ত্বিক, শৰীৰতাত্ত্বিক, আৰু আনকি ঐতিহাসিক আলোচনালৈ) স্থানান্তৰ কৰাৰ জৰিয়তে এনেকুৱা সংজ্ঞাক অসম্ভৱ কৰি তোলে৷ আৰু যিহেতু কিয় এগৰাকী মানুহে নাচপতি ভাল পায় আৰু আন এগৰাকীয়ে মাংস পছন্দ কৰে এই সম্পৰ্কীয় আলোচনাবোৰে পৰিপুষ্টিৰ কাৰণে আৱশ্যকীয় বস্তু কি এই বিষয়ে সিদ্ধান্ত এটাত উপনীত হোৱাত সহায় নকৰে, কলাৰ ক্ষেত্ৰত ৰুচি সম্পৰ্কীয় প্ৰশ্নবোৰৰ সমিধানে (কলা বিষয়ক আলোচনাবোৰে অনিচ্ছাকৃতভাবে তালৈকেই আহে) আমি কলা বুলি কোৱা মানৱীয় কাৰ্যটো আচলতে কিহেৰে গঠিত এই কথাটো স্পষ্ট হোৱাততো সহায় নকৰেই, আনকি এনেকুৱা বিশদীকৰণক অসম্ভৱেই কৰি তোলে,  যেতিয়ালৈকে আমি এনেকুৱা এটা ধাৰণাৰপৰা নিজকে মুক্ত নকৰোঁ, যিয়ে গোটেই বিষয়টো খেলিমেলি লগোৱাৰ বিনিময়ত সকলো ধৰণৰ কলাক ন্যায্যতা প্ৰদান কৰে৷ 

এই কলা কি বস্তু, যাৰ বাবে নিযুত লোকৰ শ্ৰম, মানুহৰ জীৱন পৰ্যন্ত, আৰু আনকি নৈতিকতা বস্তুটোকো আগ বঢ়াই দিয়া হৈছে? এই প্ৰশ্নটোৰ আমি প্ৰচলিত নন্দনতত্ত্বৰপৰা উত্তৰ আহৰণ কৰিছোঁ, যিবোৰ ঠিক এনে ধৰণৰ: যে কলাৰ লক্ষ্য হৈছে সৌন্দৰ্য, যে সৌন্দৰ্যক চিনাক্ত কৰা হয় ই দিয়া বিনোদনৰ জৰিয়তে, আৰু কলাত্মক বিনোদন এটা ভাল আৰু গুৰুত্বপূৰ্ণ বস্তু, কাৰণ ই হৈছে বিনোদন৷ এটা শব্দত বিনোদন ভাল, কাৰণ ই বিনোদন৷ সেয়ে, যাক কলাৰ সংজ্ঞা বুলি বিবেচনা কৰা হৈছে সেয়া সংজ্ঞাই নহয়, কেৱল প্ৰচলিত কলাক ন্যায্যতা দিবলৈ কৰা ৰদ-বদল৷ সেয়েহে, ক’বলৈ যিমানেই আচহুৱা যেন নহওক কিয়, যদিও কলাৰ বিষয়ে পৰ্বতসম গ্ৰন্থ ৰচিত হৈছে, কলাৰ কোনো সঠিক সংজ্ঞা নিৰ্মিত হোৱা নাই৷ আৰু ইয়াৰ কাৰণ হৈছে এয়ে যে কলাৰ ধাৰণা গঢ়ি তোলা হৈছে সৌন্দৰ্যৰ ধাৰণাৰ ভিত্তিত ৷

 

*****

যদি আমি সৌন্দৰ্যৰ ধাৰণাটোক আঁতৰাই থওঁ, যিটোৱে গোটেই বিষয়টো খেলিমেলি কৰি পেলায়, তেনেহ’লে কলানো কি? সৌন্দৰ্যৰ ধাৰণাটোৰ বাহিৰেও একেবাৰে শেহতীয়া আৰু আটাইতকৈ বোধগম্য কলাৰ সংজ্ঞাসমূহ হৈছে : - (১ ক) কলা হৈছে এনে এক কাৰ্য, যি আনকি জন্তুৰ জগতখনতো সৃষ্টি হয়, আৰু ই যৌনাকাংক্ষা আৰু খেলাৰ প্ৰৱণতাৰপৰা উদ্ভূত হয় (শ্বিলাৰ, ডাৰউইন, স্পেন্সাৰ), আৰু (১ খ) স্নায়ুতন্ত্ৰৰ আনন্দদায়ক উত্তেজনাই ইয়াক সংগ দিয়ে (গ্ৰাণ্ট এল্যান)৷ এয়া হৈছে শৰীৰতাত্ত্বিক - বিৱৰ্তনমূলক সংজ্ঞা৷ (২) কলা হৈছে বাহ্যিক প্ৰকাশ, ৰেখা, ৰং, গতি, ধ্বনি, অথবা শব্দ, আৰু মানুহে অনুভৱ কৰা আৱেগৰ মাধ্যমেৰে (ভিৰঁ)৷ এয়া হৈছে পৰীক্ষামূলক সংজ্ঞা৷ একেবাৰে শেহতীয়া সংজ্ঞা (চাল্লি) অনুসৰি, (৩) কলা হৈছে “কিছুমান স্থায়ী বস্তুৰ, অথবা পাৰ হৈ যোৱা কাৰ্যৰ উৎপাদন, যিয়ে কেৱল উৎপাদকক সক্ৰিয় আমোদ যোগান ধৰাতে জড়িত নহয়, বহু দৰ্শক অথবা শ্ৰোতাকো আনন্দদায়ক অনুভূতি দিয়ে, ইয়াৰপৰা কোনো ব্যক্তিগত সুবিধা আহৰণ কৰা কথাটোৰপৰা বহু নিলগত ৷” 

সৌন্দৰ্যৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰা অধিবিদ্যামূলক সংজ্ঞাতকৈ অধিক ওপৰত থাকিলেও এই সংজ্ঞাবোৰো সঠিক নহয়৷ (১ক) প্ৰথম, শৰীৰতাত্ত্বিক - বিৱৰ্তনমূলক সংজ্ঞাটো বেঠিক, কাৰণ ঢুকি পোৱাতে থকা বাস্তৱ অস্তিত্বসম্পন্ন  কলাত্মক কাৰ্য্যটোৰ বিষয়ে কোৱাৰ পৰিৱৰ্তে ই কৈছে কলাৰপৰা আহৰণ কৰিবলগীয়া বস্তুৰ বিষয়েহে৷ মাননীয় জীৱসত্তাৰ ওপৰত শৰীৰতাত্ত্বিক প্ৰভাৱৰ ভিত্তিত গঢ় লৈ উঠা ইয়াৰ পৰিৱৰ্তিত ৰূপটোও  (১ খ) বেঠিক, কাৰণ এনেকুৱা সংজ্ঞাৰ সীমাৰ ভিতৰত আন অজস্ৰ মানৱীয় কাৰ্য্যক অন্তৰ্ভূক্ত কৰিব পাৰি, যিটো ঘটিছে নব্য নন্দনতত্ত্বৰ ভিতৰত, যিয়ে সুন্দৰ বস্ত্ৰ, আনন্দদায়ক সুগন্ধি, আৰু আনকি খাদ্যদ্ৰব্যৰ প্ৰস্তুতকৰণকো কলা হিচাপে গণ্য কৰে৷ 

পৰীক্ষামূলক সংজ্ঞাটো (২) - যাৰ মতে কলা গঢ় লৈ উঠে বিভিন্ন আৱেগৰ প্ৰকাশত, - সঠিক নহয়, কাৰণ এজন মানুহে তেওঁৰ আৱেগ প্ৰকাশ কৰিব পাৰে ৰেখা, ৰং, ধ্বনি, অথবা শব্দৰে, আৰু তৎসত্ত্বেও সেই প্ৰকাশেৰে আনক প্ৰভাৱিত কৰিব নোৱাৰিব পাৰে; আৰু তেতিয়াহ’লে তেওঁৰ আৱেগৰ প্ৰকাশ কলা নহয় ৷ 

তৃতীয় সংজ্ঞাটো (চাল্লিয়ে আগ বঢ়োৱা) বেঠিক, কাৰণ তেনেকুৱা বস্তুৰ নতুবা কাৰ্য্যৰ উৎপাদনত, - যিয়ে উৎপাদকক আনন্দ দিবলৈ, আৰু দৰ্শক অথবা শ্ৰোতাক ব্যক্তিগত সুবিধা অবিহনে এটা আনন্দদায়ক অনুভূতি দিবলৈ সক্ষম - অন্তৰ্ভূক্ত হ’ব পাৰে ভেল্কিবাজিৰ কৌশল অথবা জিমনাষ্টিকছৰ ব্যায়াম, আৰু আন কাৰ্য, যিবোৰ কলা নহয়৷ আৰু, তদুপৰি, বহু বস্তু, যাৰ উৎপাদনে উৎপাদকৰ বাবে আনন্দ আনিব নোৱাৰে, আৰু যাৰপৰা লাভ কৰা অনুভূতি নিৰানন্দময়, - উদাহৰণস্বৰূপে বিষাদপূৰ্ণ, হৃদয়-বিদাৰক দৃশ্য যাক এটা কাব্যিক বিৱৰণত অথবা এখন নাটকত দাঙি ধৰা হৈছে, - তৎসত্ত্বেও ই নিঃসন্দেহে কলাৰ কৰ্ম হ’ব পাৰে ৷ 

এই আটাইবোৰ সংজ্ঞাৰ অযথাযথতা এই কথাৰপৰাই আহিছে যে এই আটাইবোৰত (যেনেকৈ অধিবিদ্যামূলক সংজ্ঞাবোৰতো) বিৱেচিত বিষয়টো হয় কলাই দিয়া আনন্দহে মানুহৰ আৰু মানৱ জাতিৰ জীৱনত  সাধিত কৰা উদ্দেশ্যটো নহয়৷ 

শুদ্ধকৈ কলাক সংজ্ঞায়িত কৰিবলৈ হ’লে প্ৰয়োজনীয় হৈছে, প্ৰথমতে, ইয়াক আনন্দ লাভৰ উপায় হিচাপে বিৱেচনা কৰাটো বন্ধ কৰা, আৰু ইয়াক মানৱ জীৱনৰ অৱস্থাসমূহৰ এটা বুলি বিৱেচনা কৰা৷ ইয়াক এই দিশৰপৰা চালে আমি এইটো লক্ষ্য কৰাত ব্যৰ্থ নহওঁ যে কলা হৈছে মানুহৰ স’তে মানুহৰ সংযোগৰ বিভিন্ন উপায়সমূহৰ এটা৷ 

প্ৰতিটো কলাত্মক বস্তুৱে ইয়াৰ গ্ৰহীতাক এটা বিশেষ ধৰণৰ সম্পৰ্কত লিপ্ত কৰায় যিয়ে কলা সৃষ্টি কৰিলে বা কৰি আছে তেওঁৰ লগতো, আৰু সেই আটাইবোৰ মানুহৰ লগত যিসকলে একে সময়তে, আগতে বা পাছত একে কলাত্মক প্ৰভাৱ লাভ কৰিছে৷ 

কথাই  মানুহৰ চিন্তা আৰু অভিজ্ঞতাক বিয়পাই দি মানুহৰ মাজত মিলনৰ উপায় হিচাপে কাম কৰে, আৰু কলায়ো একে ধৰণেৰেই কাম কৰে৷ মিলনৰ এই পাছৰটো উপায়ৰ বিশেষত্ব, - নিজকে শব্দৰ মাধ্যমেৰে হোৱা সম্পৰ্কৰ পৰা পৃথককৈ ৰাখি, - এই কথাটোৰদ্বাৰা গঢ় লয়, যে যিস্থলত শব্দৰ জৰিয়তে মানুহে নিজৰ চিন্তা আন এজনলৈ বিয়পায়, তেনেদৰে কলাৰ জৰিয়তে তেওঁ নিজৰ অনুভূতিবোৰ বিয়পায়৷

 

  (আগলৈ)

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ