অন্যযুগ/


কলা কি ?

ৰাছিয়ান লেখক লিও টলষ্টয়ৰ ‘What is Art?' গ্ৰন্থৰ 

Aylmer Maude-য়ে কৰা ইংৰাজী ভাঙনিৰ  অসমীয়া অনুবাদ 


 

 অনুবাদকঃ ড˚ বিৰিঞ্চি কুমাৰ দাস


(প্ৰথম অধ্যায়)



আপুনি আমাৰ সাধাৰণ বাতৰি কাকতবোৰৰ ভিতৰৰ যিকোনো এখন লওক, আৰু  ইয়াত নাটক আৰু সংগীতৰ বাবে উৎসৰ্গিত এটা অংশ আপুনি দেখিবলৈ পাবই। প্ৰায় প্ৰতিটো সংখ্যাতে আপুনি বিচাৰি পাব কোনো কলা প্ৰদৰ্শনীৰ, নাইবা কোনো বিশেষ ছবিৰ এটা বিৱৰণী, আৰু  অলপতে ওলোৱা নতুন কোনো কলাকৃতিৰ, কবিতা বা চুটিগল্পৰ সংকলনৰ, অথবা উপন্যাসৰ পৰ্যালোচনাও সদায়ে দেখিবলৈ পাব। 

       অমুক নাটক, বা কমেডি, বা অপেৰাখন ৰূপায়িত হোৱাৰ ঠিক পাছতে, তাৎক্ষণিকভাৱে আৰু বিতংভাৱে সেই অমুক নাটক, কমেডি বা অপেৰাৰ এইটো বা সেইটো চৰিত্ৰত অমুক অভিনেত্ৰীয়ে বা অভিনেতাই কেনে অভিনয় কৰিলে, তাৰ বিৱৰণ প্ৰকাশিত হয়; আৰু লগতে সেই ৰূপায়ণৰ গুণবোৰ,  যাৰ লগত থাকে নতুন নাটক, কমেডি বা অপেৰাখনৰ  বিষয়বস্তুৰ বৰ্ণনাও, ইয়াৰ গুণ আৰু দোষেৰে সৈতে ।  সমান যত্নৰে আৰু বিতংভাৱে, বা তাতোকৈ বেছিকৈহে, আমাক কোৱা হয় এটা বিশেষ সুৰ অমুক শিল্পীয়ে কেনেদৰে গাইছে, বা তাক পিয়ানো বা বেহেলাত কেনেদৰে বজোৱা হৈছে, আৰু সেই সুৰটোৰ আৰু লগতে তাৰ পৰিৱেশনৰ গুণ আৰু দোষবোৰ কি কি। প্ৰতিখন ডাঙৰ চহৰতে নিশ্চিতভাবে কমেও এটা, যদিহে অধিক নহয়, নতুন ছবিৰ প্ৰদৰ্শনী থাকে, যাৰ গুণবোৰ আৰু দোষবোৰ সমালোচক আৰু ৰসজ্ঞসকলৰ দ্বাৰা পুংখানুপুংখভাৱে আলোচিত হয়

       প্ৰায় প্ৰতিদিনেই নতুন উপন্যাস আৰু কবিতা, পৃথক খণ্ড হিচাপে বা আলোচনীৰ পাতত ওলাই থাকে, আৰু বাতৰিকাকতবোৰে তেওঁলোকৰ পঢ়ুৱৈসকলক এই কলাত্মক সৃষ্টিসমূহৰ বিতং বৰ্ণনা দিয়াটো তেওঁলোকৰ কৰ্তব্য বুলি ধৰে।

       ৰাছিয়াত কলাৰ সহায়ৰ বাবে (যিখন দেশত প্ৰতিগৰাকী ব্যক্তিক শিক্ষাৰ সুযোগ দিবলৈ প্ৰয়োজন হোৱা ধনৰ মাত্ৰ এশভাগৰ একভাগ ধনহে জনগণৰ শিক্ষাৰ বাবে ব্যয় কৰা হয়) চৰকাৰে নিযুত নিযুত ৰুবল বিভিন্ন একাডেমী, সংগীত শিক্ষালয় আৰু থিয়েটাৰসমূহলৈ সাহায্য হিচাপে অনুদান দিয়ে। ফ্ৰাঞ্চত বিছ নিযুত ফ্ৰাংক কলাৰ বাবে ৰখা হয়, আৰু জাৰ্মানী আৰু ইংলেণ্ডতো একে ধৰণৰ অনুদান দিয়া হয়।

       প্ৰতিখন বৃহৎ চহৰত  সংগ্ৰহালয়, শিক্ষা প্ৰতিষ্ঠান, সংগীত শিক্ষালয়, নাটকৰ বিদ্যালয় হিচাপে, আৰু নাট্যাভিনয় আৰু সংগীতৰ অনুষ্ঠান পতাৰ বাবে প্ৰকাণ্ড অট্টালিকা সজা হয়। শত-সহস্ৰ কৰ্মীয়ে  বাঢ়ৈ, ৰাজমিস্ত্ৰী, চিত্ৰশিল্পী, কাঠৰ মিস্ত্ৰী, কাকতেৰে কৰা সজ্জাৰ শিল্পী, দৰ্জী, কেশসজ্জাকাৰী, অলংকাৰ নিৰ্মাতা, সাঁচ দিওঁতা, অক্ষৰস্থাপক– কলাৰ দাবীক সন্তুষ্ট কৰিবলৈকে গোটেই জীৱন ইমানেই কঠোৰ পৰিশ্ৰম কৰি কটায় যে ইমানখিনি শক্তি সামৰিক বাহিনীৰ বাহিৰে মানৱীয় কৰ্মৰ আন কোনো বিভাগেই ব্যয় নকৰে।

       এই কৰ্মত কেৱল যে বৃহৎ পৰিমাণৰ শ্ৰমেই ব্যয় কৰা হয়, তেনেকুৱা নহয়, বৰং ইয়াত যুদ্ধৰ নিচিনাকৈ মানুহৰ জীৱনেই বিসৰ্জন দিয়া হয়। শত-সহস্ৰ লোকে বাল্যকালৰপৰাই তেওঁলোকৰ জীৱন  উৎসৰ্গিত কৰে তেওঁলোকৰ ভৰি দুখন দ্ৰুততাৰে আৱৰ্তিত কৰিবলৈ (নৰ্তক), নাইবা বৰ খৰকৈ স্বৰ আৰু তন্ত্ৰী স্পৰ্শ কৰিবলৈ (সংগীতশিল্পী), নাইবা ৰঙেৰে আঁকিবলৈ আৰু তেওঁলোকে দেখাখিনি চিত্ৰিত কৰিবলৈ (চিত্ৰশিল্পী), নাইবা প্ৰতিটো বাক্যাংশকে লুটিয়াই দিবলৈ আৰু প্ৰতিটো শব্দৰ অন্ত্যমিল বিচাৰিবলৈ। আৰু এইসকল লোকে, প্ৰায়েই বৰ দয়াশীল আৰু চতুৰ, আৰু সকলো ধৰণৰ উপযোগী শ্ৰমৰ বাবে সক্ষম, নিজৰ বিশেষীকৃত আৰু হতচেতনকাৰী বৃত্তিক লৈ বন্য হৈ উঠে, আৰু একপক্ষীয় আৰু আত্মসন্তুষ্ট বিশেষজ্ঞ হৈ উঠে, যি জীৱনৰ আন সকলো গহীন প্ৰপঞ্চৰ প্ৰতি নিৰাৱেগ হৈ ৰয়, আৰু কেৱল দ্ৰুতভাৱে তেওঁলোকৰ ভৰি, জিভা অথবা আঙুলি পকোৱাতহে দক্ষ হয়গৈ।

       কিন্তু আনকি আটাইতকৈ বেয়া কথাটো এই মানৱ জীৱনৰ এই বিকাশ-প্ৰতিৰোধকৰণেই নহয়। এবাৰ মই আটাইতকৈ সাধাৰণ নতুন অপেৰাসমূহৰ এখনৰ আখৰালৈ যোৱাৰ কথা মনত পৰে, যিখন  ইউৰোপ আৰু আমেৰিকাৰ আটাইবোৰ অপেৰাগৃহতে পৰিৱেশিত হৈছিল।

       মই যেতিয়া উপস্থিত হৈছিলোঁ, প্ৰথম অংকটো ইতিমধ্যেই আৰম্ভ হৈছিল। প্ৰেক্ষাগৃহ পাবলৈ মই মঞ্চৰ প্ৰৱেশপথৰ মাজেৰে যাবলগীয়া হৈছিলোঁ।  বিভিন্ন প্ৰস্থান আৰু গমন পথৰ কাষেৰে এটা বৃহৎ অট্টালিকাৰ ধেনুভিৰীয়া খিলানৰ মাজেৰে মোক আগ বঢ়াই নিয়া হৈছিল, আৰু মই দৃশ্যপট পৰিৱৰ্তন আৰু আলোক সম্পাতৰ বাবে থকা ডাঙৰ যন্ত্ৰপাতিবোৰ পাৰ হৈ গৈছিলোঁ; আৰু তাৰ অন্ধকাৰ আৰু ধূলিৰ মাজত কৰ্মীসকলক ব্যস্তভাৱে কাম কৰি থকা মই দেখিবলৈ পাইছিলোঁ। সেইসকলৰ মাজৰ শেতা, শীৰ্ণকায়, মলিয়ন এঙাচোলা পৰিহিত,  লেতেৰা কৰ্ম-বিৱৰ্ণ হাত আৰু জঠৰ  আঙুলিৰে দেখদেখকৈয়ে ক্লান্ত আৰু অসন্তুষ্ট এজনে আন এজনক খঙেৰে গালি পাৰি পাৰি মোৰ কাষেৰে পাৰ হৈ গৈছিল। এটা অন্ধকাৰ চিৰি বগাই মই দৃশ্যপটৰ পিছফালে থকা ফলকবোৰ গৈ পাইছিলোঁ। বিভিন্ন খুটা আৰু ঘেৰ আৰু বিক্ষিপ্ত দৃশ্যপট, সাজ-সজ্জা আৰু পৰ্দাৰ মাজত থিয় হৈ আৰু ঘূৰাফিৰা কৰি আছিল এশ নহলেও কেইবাডজনো ৰঞ্জিত আৰু ভাল পোছাক পৰিহিত লোক, তেওঁলোকৰ পোছাকবোৰ তেওঁলোকৰ উৰু আৰু কলাফুলত খাপ খাই পৰা বিধৰ। আৰু আছিল কিছুমান নাৰী, সচৰাচৰ থকাৰ দৰে পৰাখিনিলৈকে নগ্ন হৈ। এইসকল আছিল নিজৰ পাল পৰালৈ অপেক্ষা কৰি থকা গায়ন শিল্পী, অথবা কোৰাছৰ সদস্য, অথবা বেলে নৰ্তক। মোৰ পথ প্ৰদৰ্শকজনে মোক মঞ্চৰ আনটো ফাললৈ নিছিল, আৰু তক্তাৰ সেঁতু এখনেৰে অৰ্কেষ্ট্ৰা (যত সম্ভৱতঃ সৰু নাগাৰাৰপৰা বাঁহী আৰু হাৰ্পলৈকে সকলো ধৰণৰ বাদ্যযন্ত্ৰ বজোৱা শিল্পী বহি আছিল) পাৰ হৈ বাদক বহা কুঠৰীলৈকে লৈ গৈছিল।

       এটা সোপানত, প্ৰতিফলকেৰে সৈতে থকা দুটা চাকিৰ মাজত, আৰু এটা সংগীত থাপনাৰ সম্মুখত থকা এখন আৰামী চকীত বহি আছিল সাংগীতিক অংশৰ পৰিচালকহাতত এডাল সূচক দণ্ড লৈ তেওঁ অৰ্কেষ্ট্ৰা আৰু কণ্ঠশিল্পীসকলৰ, আৰু সাধাৰণভাৱে গোটেই অপেৰাৰ প্ৰযোজনাৰ তদাৰক কৰি আছিল।

       অনুষ্ঠানটো ইতিমধ্যে আৰম্ভ হৈছিল আৰু মঞ্চত একোজনী কইনা লৈ অহা ইণ্ডিয়ান মানুহৰ শোভাযাত্ৰা এটা ৰূপায়িত হৈ আছিল। নাটকীয় সাজ পৰিহিত পুৰুষ আৰু মহিলাসকলৰ বাহিৰেও সাধাৰণ পোছাক পিন্ধা দুজন মানুহে মঞ্চৰ ওপৰত ব্যস্তভাৱে দৌৰাদৌৰি কৰি আছিল; এজন আছিল নাটকীয় অংশৰ পৰিচালক, আৰু কোমল জোতা পিন্ধি অসাধাৰণ তৎপৰতাৰে ইঠাইৰপৰা সিঠাইলৈ গতি কৰি থকা আনগৰাকী হল নৃত্যগুৰু, যাৰ এমাহৰ বেতন দহজন শ্ৰমিকৰ এবছৰৰ উপাৰ্জনতকৈ অধিক।

        এই তিনিজন পৰিচালকে গায়ন, অৰ্কেষ্ট্ৰা আৰু শোভাযাত্ৰাৰ পৰিচালনা কৰিছিল। শোভাযাত্ৰাটো সচৰাচৰ হোৱাৰ দৰে অভিনীত হৈছিল কান্ধত ৰাংপতাৰ পৰশু লোৱা দম্পতিৰ দ্বাৰা। তেওঁলোকে আটাইয়ে এটা স্থানৰপৰা আহিছিল, গোল গোলকৈ ঘূৰিছিল, আৰু তাৰ পাছত ৰৈ গৈছিল। শোভাযাত্ৰাটো সাজু কৰোঁতে বহুত সময় লাগিছিল: পৰশুধাৰী ইণ্ডিয়ানসকলে প্ৰথমবাৰ আহি পাওঁতে বহু বেছি দেৰি কৰিছিল; তাৰ পাছৰবাৰ বহু বেছি সোনকালে আহিছিল; আৰু তাৰ পাছৰবাৰত আহিছিল একেবাৰে সঠিক সময়ত, কিন্তু প্ৰস্থান পথত একেলগে ভিৰ কৰিছিল; তাৰ পাছৰবাৰ তেওঁলোকে ভিৰ কৰা নাছিল, কিন্তু মঞ্চৰ একাষে নিজকে বিসদৃশ ধৰণে থিয় হৈছিল; আৰু প্ৰতিবাৰতেই অনুষ্ঠানটো বন্ধ কৰা হৈছিল আৰু পুনৰ আৰম্ভণিৰেপৰা চলাই নিয়া হৈছিল। শোভাযাত্ৰাটোৰ প্ৰস্তাৱনা  কৰা হৈছিল এটা সাংগীতিক ভাষণেৰে, যিটো আগ বঢ়াইছিল তুৰ্কসকলৰ কোনোবা এটা উপজাতিৰ নিচিনা পোছাক পিন্ধা এজন লোকে। তেওঁ আচহুৱা ধৰণে মুখখন মেলি গাইছিল, “ঘৰলৈ মই আনিলোঁ ক...ই...না।তেওঁ গাইছিল আৰু আঙ্গৰাখাৰ  তলৰপৰা বাহু জোকাৰিছিল (সেয়া অৱশ্যে উদং আছিল)। শোভাযাত্ৰা আৰম্ভ হ, আৰু এইখিনিতে ভাষণৰ সৈতে সংগত কৰা ফৰাচী শিঙাৰ বাদকজনে কিবা এটা খেলিমেলি  কৰিলে; আৰু এটা বিপৰ্যয় ঘটি যোৱাৰ ভাবত কম্পিত পৰিচালকে থাপনাখনত তেওঁৰ লাঠীডালেৰে শব্দ কৰিলে। সকলো বন্ধ হৈ গ,  পৰিচালকে অৰ্কেষ্ট্ৰাৰ ফালে ঘুৰিলে, আৰু ফৰাচী শিঙাৰ বাদকজনক  ভুল স্বৰ বজোৱা বাবে অত্যন্ত কৰ্কশ শব্দযুক্ত গালিৰে আক্ৰমণ কৰিলে, যেনেকৈ ভাৰাতীয়া গাড়ীৰ চালকসকলে পৰস্পৰক গালি পাৰে। আৰু পুনৰ গোটেইখিনি নতুনকৈ আৰম্ভ কৰা হল। পুনৰ পৰশু লৈ ইণ্ডিয়ানসকলে তেওঁলোকৰ অসাধাৰণ বুটজোতাৰে কোমলকৈ খোজ দি দি আহিল; গায়কজনে পুনৰ গালে, “ঘৰলৈ মই আনিলোঁ ক...ই...না।কিন্তু এইবাৰ দম্পতিবোৰ বেছি ওচৰ চাপি আহিল। আকৌ লাঠিৰ শব্দ, আকৌ গালি, আৰু আকৌ প্ৰথমৰপৰা আৰম্ভণি। আকৌ "ঘৰলৈ মই আনিলোঁ ক...ই...না”, আকৌ আঙ্গৰাখাৰ তলৰপৰা উদং বাহুৰে একে ধৰণৰ অংগীভংগী, আৰু আকৌ কান্ধত পৰশু লোৱা দম্পতিসকলৰ মসৃণ পদচালনা; তেওঁলোকৰ কোনোবাই দুখী আৰু গহীন মুখেৰে, কোনোবাই কথা কৈ আৰু হাঁহি এটা বৃত্তত নিজকে সজাই লয়, আৰু গান গাবলৈ ধৰে। সকলো ঠিকেঠাকে যোৱা যেন লাগে, কিন্তু আকৌ লাঠিৰ শব্দ হয়, আৰু হতাশা আৰু ক্ৰোধ মিহলি কণ্ঠৰে পৰিচালকে কোৰাছৰ পুৰুষ আৰু মহিলাসকলক গালি পাৰিবলৈ ধৰে। দেখা গল যে গান গাই থাকোঁতে মাজে মাজে প্ৰাণময়তাৰ চিন হিচাপে তেওঁলোকৰ হাতবোৰ ওপৰলৈ তুলিবলগীয়া কামটো কৰিবলৈ থাকি গৈছিল। তহঁত আটাইবোৰ মৃত, নে কি? কেনেকুৱা গৰু তহঁত। তহঁত মৃতদেহ নেকি, যে লৰচৰ কৰিব নোৱাৰ?” তেওঁলোকে পুনৰ আৰম্ভ কৰিলে, “ঘৰলৈ মই আনিলোঁ ক...ই...না।আৰু পুনৰ কৰুণ মুখেৰে কোৰাছ গোৱা মহিলাসকলে গাবলৈ ললে, এবাৰ তেওঁলোকৰ এজনীয়ে, আন এবাৰ আন এজনীয়ে হাত দাঙিলে। কিন্তু কোৰাছ দলৰ দুজনী ছোৱালীয়ে নিজৰ মাজত কথা পাতি থাকিল পুনৰ অধিক তীব্ৰতাৰে লাঠীৰ শব্দ হল। তহঁতে  ইয়াত কথা পাতিবলৈ আহিছ? মেলখন ঘৰত কৰিব নোৱাৰ? ঐ ৰঙা পায়জামা পিন্ধাজনী, ওচৰ চাপি আহ। মোলৈ চা। আৰম্ভ কৰ!

পুনৰ, “ঘৰলৈ মই আনিলোঁ ক...ই...না।আৰু এনেকৈয়ে ই এঘণ্টা, দুঘণ্টা, তিনিঘণ্টাধৰি চলি থাকিল। গোটেইখিনি আখৰা একেৰাহে ছঘণ্টা ধৰি চলিল। লাঠিৰে কৰা শব্দ, পুনৰাবৃত্তি, সুৰ তোলন, কণ্ঠশিল্পীসকলৰ শুধৰণি, অৰ্কেষ্ট্ৰাৰ শুধৰণি, শোভাযাত্ৰাৰ শুধৰণি, নৃত্যশিল্পীসকলৰ শুধৰণি– এই সকলোবোৰকে পূৰ্ণতা দিছে ক্ৰোধমিহলি গালি-গালাজে। এঘণ্টাৰ ভিতৰত কমেও চল্লিছবাৰ বাদ্যযন্ত্ৰী আৰু কণ্ঠশিল্পীসকলক গাধ’, ‘মূৰ্খ’, ‘নিৰ্বোধ’, ‘গাহৰিআদি শব্দেৰে সম্বোধন কৰা মই শুনিবলৈ পাইছিলোঁ।  আৰু যিসকলৰ উদ্দেশ্য এই গালিবোৰ নিক্ষেপ কৰা হৈছিল সেই অসুখী ব্যক্তিসকলে– বাঁহীবাদক, শিঙাবাদক অথবা কণ্ঠশিল্পী,– শাৰীৰিক আৰু মানসিকভাৱে হতোদ্যম হৈ কোনো উত্তৰ নিদিয়াকৈ থাকে, আৰু নিজৰপৰা বিচৰাখিনি কৰে। সেই একেটা বাক্যাংশ ঘৰলৈ মই আনিলোঁ ক...ই...নাকুৰিবাৰ পুনৰাবৃত্তি কৰা হয়, আৰু কুৰিবাৰেই কান্ধত পৰশু লৈ হালধীয়া জোতাৰে দীঘল দীঘলকৈ খোজ কাঢ়ি ফুৰা হয়। পৰিচালকে জানে, এইসকল লোক ইমানেই হতোদ্যম যে এওঁলোক ট্ৰাম্পেট বজোৱা আৰু পৰশু লৈ আৰু হালধীয়া জোতা পিন্ধি খোজ কঢ়াৰ বাহিৰে আন কোনো কামৰে উপযুক্ত হৈ থকা নাই, আৰু এওঁলোক নিজৰ চৌখিন, সহজ জীৱন যাপনত এনেদৰে অভ্যস্ত হৈ পৰিছে যে এই বিলাসী জীৱন হেৰুৱাতকৈ এওঁলোকে বৰং যিকোনো কথাকে সহি যাব। সেই কাৰণেই তেওঁ তেওঁৰ ৰুক্ষতাৰ মুক্ত প্ৰকাশ ঘটাইছে, বিশেষকৈ যিহেতু তেওঁ পেৰিছ আৰু ভিয়েনাতো তেনেকুৱা কৰা দেখিছে, আৰু জানে যে শ্ৰেষ্ঠ পৰিচালকসকলে তেনেকুৱা আচৰণেই কৰে। তেওঁলোকে ইয়াকো জানে, তেওঁলোকৰ কলাৰ মহৎ কৰ্মৰ দ্বাৰা এনেদৰে আত্মহাৰা হোৱাটো ডাঙৰ শিল্পীসকলৰ এনে এটা সাংগীতিক পৰম্পৰা যে তেওঁলোকে আৰু আন শিল্পীৰ অনুভূতিৰ কথা বিবেচনা কৰিবলৈ ৰৈ দিব নোৱাৰে।

        ইয়াতকৈ জঘন্য দৃশ্য বিচাৰি পোৱাটো কঠিন। যেতিয়া বয়বস্তু নমোৱা হয়, তেতিয়া এজন শ্ৰমিকৰ ওপৰত জাপি দিয়া ওজন দঙাত সহায় নকৰা বাবে তেওঁ আন এজন শ্ৰমিকক গালি পৰা, নাইবা খেৰ দম কৰাৰ সময়ত গাঁওবুঢ়াই স্তূপটো সঠিককৈ নকৰাৰ বাবে খেতিয়কক গালি পৰা, আৰু মানুহজনে নীৰৱে বশ্যতা স্বীকাৰ কৰা মই দেখিছোঁ। আৰু দৃশ্যটোৰ সাক্ষী হোৱাটো যিমানেই অপ্ৰীতিকৰ নহওক কিয়, এই অপ্ৰীতিকৰ অনুভৱ হ্ৰাস কৰিছিল এই সচেতনতাই যে কৰিবলৈ লোৱা কামটো প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ, আৰু যিটো দোষৰ বাবে মুখিয়ালজনে শ্ৰমিকজনক গালি পাৰিছিল সেইটো এটা প্ৰয়োজনীয় কাৰ্যক নষ্ট কৰিব পৰা বিধৰ দোষ আছিল।

        কিন্তু ইয়াত কি কৰি থকা হৈছিল? কিহৰ বাবে, আৰু কাৰ বাবে?  খুব সম্ভৱতঃ পৰিচালকজন অতিশয় ক্লান্ত হৈ পৰিছিল, মই ধেনুভিৰীয়া খিলানত পাৰ হৈ অহা শ্ৰমিকজনৰ দৰেই; আনকি এইটো স্পষ্টই আছিল যে তেওঁ ক্লান্ত; কিন্তু কোনে তেওঁক নিজকে ক্লান্ত কৰিবলৈ বাধ্য কৰিছিল? আৰু কিহৰ বাবে তেওঁ নিজকে ক্লান্ত কৰিছিল? তেওঁ আখৰা কৰা অপেৰাখন আছিল আটাইতকৈ সাধাৰণ অপেৰাবোৰৰ মাজৰ এখন, এইবোৰৰ সৈতে অভ্যস্ত মানুহৰ বাবে কৰা, কিন্তু এইখন সম্ভৱতঃ উদ্ভাৱন কৰিব পৰা আটাইতকৈ বৃহৎ অযৌক্তকতাবোৰৰ ভিতৰৰ এটাও আছিল। এগৰাকী ইণ্ডিয়ান ৰজাই বিয়া কৰাব বিচাৰে; তেওঁলোকে তেওঁৰ বাবে কইনা এজনী আনিলে; তেওঁ এগৰাকী চাৰণৰ ভেশ ধৰিলে; কইনাই চাৰণৰ প্ৰেমত পৰিল আৰু হতাশাত ভুগিলে, কিন্তু পাছত গম পালে যে চাৰণগৰাকীয়েই ৰজা, আৰু প্ৰত্যেকেই বৰ সুখী হল।

         এয়া সন্দেহাতীত যে এনেকুৱা কোনো ইণ্ডিয়ান কেতিয়াও নাছিল, অথবা নাথাকে, আৰু তেওঁলোক কেৱল ইণ্ডিয়ানৰ সৈতে সাদৃশ্যবিহীনেই নহয়, তেওঁলোকে যি কৰিছিল সেয়া অন্য অপেৰাৰ বাহিৰে পৃথিৱীৰ যিকোনো বস্তুৰ সৈতেই সাদৃশ্যবিহীন; মানুহে এই সাংগীতিক ভাষণত কৰা ধৰণেৰে কথা নাপাতে, আৰু নিজকে নিৰ্ধাৰিত দূৰত্বত, এটা চতুষ্কত নাৰাখে, ৰপৰা তেওঁলোক নিজৰ আৱেগ প্ৰকাশ কৰিবলৈ বাহু জোকাৰে; থিয়েটাৰৰ বাহিৰে আন কতো মানুহে এনে ধৰণে, জোৰ পাতি, ৰাংপতাৰ পৰশু লৈ আৰু ফানটি  পিন্ধি ঘূৰি নুফুৰে; এনে ধৰণে কোনো কেতিয়াও ক্ৰোধান্বিত নহয়, নাইবা এনেকৈ প্ৰভাৱান্বিত নহয়, নাইবা এনেদৰে নাহাঁহে, নাইবা এনে ধৰণেৰে নাকান্দে; আৰু এনে ধৰণৰ অভিনয়ৰ দ্বাৰা পৃথিৱীৰ কোনো লোক বিচলিত নহয়; এই আটাইবোৰ কথা সন্দেহৰ সম্ভাৱনাৰ বাহিৰত।

         প্ৰবৃত্তিগতভাৱে প্ৰশ্নটোৱে নিজকে প্ৰকাশ কৰে কাৰ বাবে এয়া কৰিবলৈ লোৱা হৈছে? কাক ই সন্তুষ্ট কৰিব পাৰিব? যদি কদাচিৎ অপেৰাখনত ভাল সংগীত থাকে, যি শুনি ভাল লগা বিধৰ, সেইবোৰ সৰলভাৱে গাব পৰা গলহেঁতেন, সেই অৰ্থহীন পোছাকবোৰ আৰু সকলো শোভাযাত্ৰা আৰু সাংগীতিক ভাষণ আৰু হাত জোকাৰণি অবিহনেও।

           বেলে নৃত্য, ত অৰ্দ্ধনগ্ন মহিলাই কামুক অংগীভংগী কৰে, বিভিন্ন যৌনতাপূৰ্ণ ভংগীত দেহা ভাজ লগায়, সেয়া কেৱল এটা অশ্লীল অনুষ্ঠান।

        গতিকে এইবোৰ কামনো কাৰ বাবে কৰা হয়, তাকে লৈ বৰকৈ বিবুদ্ধিত পৰা যায়। সংস্কৃতিৰ মানুহ এইবোৰক লৈ সম্পূৰ্ণৰূপে বিৰক্ত, আনহাতে প্ৰকৃত শ্ৰমিক মানুহৰ বাবে এইবোৰ তেনেই দুৰ্বোধ্য। এইবোৰ বস্তুৰ দ্বাৰা কোনোবাই যদি সন্তুষ্ট হয় (সেয়া সন্দেহজনক), সেয়া হব পাৰে কোনোবা ডেকা চাপ্ৰাচী অথবা বিকৃত ৰুচিৰ কাৰিকৰ, যিয়ে উচ্চ শ্ৰেণীৰ লোকৰ মন-মেজাজৰ সংস্পৰ্শলৈ আহিছে কিন্তু তেওঁলোকৰ আমোদ-প্ৰমোদৰ দ্বাৰা এতিয়াও পৰিতৃপ্ত হব পৰা নাই, আৰু নিজৰ লালন-পালন প্ৰদৰ্শন কৰিবলৈ ইচ্ছুক।

           আৰু এই গোটেই কদৰ্য বাতুলতাক প্ৰস্তুত সৰলভাৱে বা সদয় উল্লাসেৰে কৰা নহয়, কৰা হয় ক্ৰোধ আৰু বৰ্বৰোচিত নিষ্ঠুৰতাৰে।

           কোৱা হয় যে এই গোটেইবোৰ কৰা হয় কলাৰ বাবে, আৰু  কলা এটা বৰ গুৰুত্বপূৰ্ণ বস্তু। কিন্তু এইটো সঁচা জানো, যে কলা ইমানেই গুৰুত্বপূৰ্ণ যে ইয়াৰ বাবেই এই ত্যাগখিনি স্বীকাৰ কৰা উচিত? এই প্ৰশ্নটো বিশেষভাৱে জৰুৰী, কাৰণ কলা, যাৰ বাবে নিযুত লোকৰ শ্ৰম, মানুহৰ জীৱন, আৰু সৰ্বোপৰি, মানুহৰ সৈতে মানুহৰ প্ৰেমক ত্যাগ কৰা হৈ থাকে এই কলা বস্তুটো মানৱ বোধগম্যতাৰ বাবে অধিকৰ পৰা অধিক অস্পষ্ট আৰু অনিশ্চিত হৈ গৈ আছে।

           সমালোচনা, যাৰ মাজত কলাপ্ৰেমীসকলে নিজৰ মতৰ সমৰ্থন বিচাৰি পাইছিল, শেহতীয়াভাৱে ইমানেই স্ব-বিৰোধী হৈছে যে আমি যদি কলাৰ ক্ষেত্ৰৰপৰা সেই আটাইবোৰ বস্তু আঁতৰাই দিওঁ যিবোৰক সমালোচকৰ বিভিন্ন গোষ্ঠীসমূহে নিজেই অভিধাটো দিবলৈ অস্বীকাৰ কৰিছে, তেনেহ'লে কলা বুলিবলৈ বিশেষ একোৱেই নৰয়।

             শিল্পীসকলৰ বিভিন্ন গোটে, ধৰ্মতত্ত্ববিদসকলৰ বিভিন্ন গোটৰ দৰেই, পাৰস্পৰিকভাৱে নিজকে বৰ্জন আৰু ধ্বংস কৰে। আমাৰ সময়ৰ শিল্পীগোষ্ঠীসমূহৰ কথাবোৰ শুনা, আৰু তুমি গম পাবা, সকলো শাখাতে  প্ৰত্যেক শিল্পীদলে আনসকলক প্ৰত্যাখ্যান কৰে। কবিতাৰ ক্ষেত্ৰত পূৰণি ৰমন্যাসবাদীসকলে পাৰ্নেছিয়ান আৰু অৱপাতবাদীসকলক অগ্ৰাহ্য কৰে;  পাৰ্নেছিয়ানসকলে ৰমন্যাসবাদী আৰু অৱপাতবাদীসকলক প্ৰত্যাখ্যান কৰে;  অৱপাতবাদীসকলে প্ৰত্যাখ্যান কৰে তেওঁলোকৰ আটাইবোৰ পূৰ্বসুৰীক তথা প্ৰতীকবাদীসকলক; প্ৰতীকবাদীসকলে তেওঁলোকৰ সমস্ত পূৰ্বসুৰীৰ লগতে লে মাজসকলক প্ৰত্যাখ্যান কৰে ; আৰু লে মাজসকলে তেওঁলোকৰ সকলোবোৰ পূৰ্বৱৰ্তীকে প্ৰত্যাখ্যান কৰে। ঔপন্যাসিকসকলৰ মাজত আমি পাওঁ স্বাভাৱিকতাবাদী, মনস্তত্ত্ববাদী আৰু প্ৰকৃতিবাদীসকলক, সকলোৱেই পৰস্পৰক নাকচ কৰে। আৰু নাট্যকলা, চিত্ৰকলা আৰু সংগীতৰ ক্ষেত্ৰতো একেই কথা। গতিকে কলা, যিয়ে মানুহৰপৰা ইমান ভীষণ শ্ৰম-ত্যাগ দাবী কৰে, যিয়ে মানুহৰ জীৱনৰ বিকাশ ৰুদ্ধ কৰে আৰু মানৱ প্ৰেমৰ সীমা উলঙ্ঘন কৰে, ই যে কেৱল স্পষ্ট আৰু দৃঢ়ভাৱে সংজ্ঞাবদ্ধ বস্তু নহয়, তেনেকুৱা নহয়, ইয়াক ইয়াৰ ভক্তসকলে এনেকুৱা স্ববিৰোধী উপায়েৰে বুজে যে এইটো কোৱাটো টান কলাই কি বুজায়, আৰু বিশেষকৈ ভাল, উপযোগী কলা কি, কলা যাৰ বাবে আমি ইয়াৰ মন্দিৰত অৰ্পণ কৰি থকা ধৰণৰ ত্যাগ মানি লওঁ।

(আগলৈ)


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ