মূল : টি. এছ. এলিয়ট
অনুবাদ : এম. কামালুদ্দিন আহমেদ
বাৰুকৈয়ে ৱে'বষ্টাৰ মৃত্যুৰে আছিল আচ্ছন্ন
আৰু দেখিছিল লাওখোলা ছালৰ তলৰ;
আৰু মাটিৰ তলত স্তনহীন জীৱ
পাছফালে হাউলি ওঁঠ নোহোৱা ডাঙৰ হাঁহি৷
গাঁঠিৰ সলনি ডেফ'ডিলৰ ঠাৰিটোৱে
চকুৰ কোটোৰৰপৰা একেথিৰে আছিল চাই;
তেওঁ জানিছিল মৰা ভৰিবোৰত মঙহ সংকুচিত হোৱাৰ দৰে
লালসা-বিলাসৰ চিন্তা লাগি থাকে লেথাৰি নিছিগাকৈ৷
চেতনাৰ বিকল্প বিচাৰি নোপোৱা
মই ভাবোঁ ডান আছিল তেনে এজন অন্য,
খামুচিবলৈ আৰু সোমাই যাবলৈ
অভিজ্ঞতাৰ নিলগত বিশেষজ্ঞ৷
মজ্জাৰ যন্ত্ৰণা তেওঁ জানিছিল
অৰু কঁপনি লাওখোলাৰ;
মাংসৰ সৈতে নহয় সংযোগ সম্ভৱ
কমাইছিল জ্বৰ হাড়ৰ৷
গ্ৰীছখিন ধুনীয়া : তাইৰ ৰুছ চকু
উজলাই তুলিবলৈ তলত আঁচ টনা;
বায়ৱীয় আশীৰ্ৱাদৰ শপত দিয়ে
তাইৰ বন্ধুত্বপূর্ণ ওপৰৰ অংশ কাঞ্চুলী নোহোৱা
উদ্ভাসিত ব্ৰাজিলীয় নাহৰফুটুকী বাঘ
বাধ্য কৰিছে ভিৰাই লৰ মৰা বান্দৰ
মেকুৰীৰ সূক্ষ্মৰেখাৰে
গ্ৰীছখিলৰ আছে এটা ঘৰ৷
মসৃণ ব্ৰাজিলীয় নাহৰফুটুকী বাঘ
আন্ধাৰত নাই তাৰ বৃক্ষৰ
পৰিশোধিত হৈছে মেকুৰীৰ গোন্ধৰ লেখীয়াকৈ
গ্ৰীছখিলৰ দৰে বৈঠকখানাৰ৷
ঘেৰি থাকে তাইৰ সৌন্দর্য
আৰু আনকি বিমূর্ত সত্তা;
কিন্তু আমি বগুৱা বাওঁ কামীহাড়ৰ মাজেৰে
ধৰি ৰাখিবলৈ আধিভৌতিক উষ্ণতা৷