ড০ দীপমণি দাস
মাটিৰ গোন্ধ থকা আৰু সামাজিক বাৰ্তা থকা সাহিত্যৰ প্ৰতি পাঠকৰ অনুৰাগ স্থায়ী হয়। ছেপ্টেম্বৰ মাহৰ ‘সাতসৰী’ত প্ৰকাশিত ‘ধানমালিতা বনমালিতা’ তেনে এটা গল্প। গল্পকাৰ অৰূপ কুমাৰ নাথ সাম্প্ৰতিক কালৰ ছিৰিয়াছ অসমীয়া গল্পকাৰসকলৰ ভিতৰত এজন।
অসমীয়া
লোকজীৱনৰ, কৃষিজীৱি মানুহৰ আত্মা ধাননি পথাৰ। যধে মধে কল-খাৰখানা আৰু ঔদ্যোগিক উন্নয়নবিশ্বাসী এচাম অদূৰদৰ্শী
বস্তুবাদী মানুহৰ কৃষিভূমি অধিগ্ৰহণৰ ফলত কৃষকৰ জীৱনলৈ নামি অহা দীনতাৰ ছবি এই
গল্পটোৰ মূল কথা। কথক অসমীয়া জনজীৱনৰ হিয়াৰ আমঠু ধান শস্য নিজেই। কাহিনীভাগ প্ৰথম
পুৰুষত বৰ্ণিত হৈছে। এই ধাননি পথাৰৰ বিস্ময়কৰ, আৱেগভৰা
নষ্টালজিক বিননিক গল্পকাৰে
ব্যক্তিচৰিত্ৰৰ ৰূপায়ন ঘটাই (কবি কীটছৰ দৰেই) মনোগ্ৰাহী কথকতাৰ সৃষ্টি কৰিছে আৰু
অসমীয়া সাহিত্যজগতত এই অভিনৱ টেক্নিকৰ/কথনশৈলীৰ সূচনা কৰিছে।
ধৰিত্ৰী আইমাতৃৰ
আশিস শিৰত তুলি ধানৰ বীজ এটাক কন্যা শিশুৰ পৰা প্ৰাপ্তবয়স্ক হোৱা নাৰী এগৰাকীৰ দৰেই
চিত্ৰিত কৰিছে গল্পকাৰে। কৃষ্ণ আৰু ৰুকুণীহঁতে কৃষিজীৱি মানুহক প্ৰতিনিধিত্ব
কৰিছে। কৃষিজীৱি মানুহৰ সতে, অসমীয়া জনজীৱনৰ সতে ধানৰ আৰু ধাননি পথাৰৰ যি আত্মিক সম্পৰ্ক তাৰ মহাকাব্যিক বৰ্ণনা গল্পটোত
মূৰ্তমান। বিষয়বস্তুৰ প্ৰাসংগিকতা আৰু ভাষাৰ চমকপ্ৰদ ব্যৱহাৰ গল্পটিৰ বিশেষত্ব।
শ্লেষ, ব্যংগ, ইংগিতধৰ্মিতা, সাংকেতিক ভাষা আৰু ৰূপকৰ প্ৰয়োগে গল্পকাৰৰ সমাজ চেতনা আৰু সুপ্ত প্ৰতিবাদী
চেতনাক পাঠকৰ সন্মুখত তুলি ধৰিছে। নাৰী মনস্তত্ত্ব আৰু কৃষিজীৱনৰ লগত জড়িত
লোকসংস্কৃতিৰ বিশুদ্ধ সমাহাৰে গল্পটিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। মানুহৰ
মূল্যবোধৰ অৱক্ষয়, ভ্ৰষ্টাচাৰ, দীনতা,
কৃষিভূমি অধিগ্ৰহণৰ ফলত হাতীকে ধৰি আন আন জৈৱ-বিচিত্ৰতাৰ ওপৰত ইয়াৰ
বিৰূপ প্ৰভাৱৰ চিত্ৰণো গল্পটিত ফুটি উঠিছে।
ধানমালিতা
বনমালিতা এটা কাব্যিক আৰু ইংগিতধৰ্মী শিৰোনাম। অকল শিৰোনামতে নহয়, গোটেই গল্পটোৰ
কাহিনীবৰ্ণনাত কবিতা মিশ্ৰিত গদ্যশৈলীৰ
প্ৰয়োগ লক্ষ্য কৰা যায়। কৃষ্ণ আৰু ৰুকুণীৰ মনোজগতত সংপৃক্ত হৈ থকা বিলাপগীত, কাগজীগীত অনুকৃতি আৰু ব্যংগমিশ্ৰিত উত্তৰ আধুনিক প্ৰপঞ্চলৈ পৰ্যবেক্ষিত হৈছে। বিষয়বস্তু আৰু
অভিনৱ কথনশৈলীৰ জৰিয়তে গল্পকাৰে পাঠকৰ উৎসূকতা প্ৰথমৰ পৰা শেষলৈকে বজাই ৰাখিব
পাৰিছে। সেইফালৰ পৰা ধানমালিতা বনমালিতা
শীৰ্ষক গল্পটোৱে আমাৰ দৰে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
ধান/ ধাননি পথাৰ
আৰু কৃষ্ণ ৰুকুণীৰ অভিন্ন সম্পৰ্কটোৰ কথা ক’বলৈ যাওঁতে আধুনিক
অৱক্ষয়ৰ চিত্ৰণ কৰা পুৰোধা কবি টি. এছ. এলিয়টৰ কবিতা এফাকি মনলৈ আহিছে-
Let
us go then,
you
and I,
when
the evening is spread out against the sky
like
a patient etherised upon a table.
টি. এছ. এলিয়টৰ বীক্ষা কবিতাৰ প্ৰসংগত যদিও ই সন্দেহাতীতভাৱে দু:সময়ৰ ৰূপক। সেই প্ৰসংগক অলপ বহল অৰ্থত টানি আনি আমি যদি গল্পটোৰ প্ৰসংগত ৰজিতা খুৱাবলৈ প্ৰয়াস কৰোঁ, আমি দেখিবলৈ পাওঁ উদ্যোগীকৰণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ধাননি পথাৰখন ঠিক মুমূৰ্ষু সন্ধিয়া এটাত অপাৰেশ্বন কৰাৰ আগতে অপাৰেশ্বন বিছনাত পৰি থকা ৰোগীজনৰ দৰেই। লগতে ‘তুমি আৰু মই’ আচলতে এটা অভিন্ন সত্তাৰেই দুটা ভাগ (Dedoublement) যি অভিন্ন সম্পৰ্কৰ কথা কৃষক আৰু ধান/ ধাননি পথাৰখনৰ ক্ষেত্ৰত প্ৰযোজ্য। গতিকে এক বহল প্ৰসংগত আমি এলিয়টৰ সেই কবিতাফাকি গল্পটোত ৰজিতা খুৱাব পাৰোঁ।
ধানমালিতা
বনমালিতা গল্পটোৰ প্ৰথম ভাগত ধানৰ বীজ এটা কঠীয়া সিঁচাৰ পৰা আৰম্ভ কৰি ধান ৰোৱাৰ
পাছৰ পৰা ভৰুণ হৈ ভঁৰালকৈ অহাৰ সপোন এটা
বুকুত বান্ধি থকা ধানৰ বীজৰ সেই পৰিক্ৰমাৰ বাট বুলাৰ কাহিনীৰ নিৰৱচ্ছিন্ন বৰ্ণনা পঢ়িবলৈ পাওঁ। গল্পকাৰে
ধানৰ বীজ এটাত ব্যক্তিচৰিত্ৰ ৰূপায়ণ ঘটাই এজনী নাৰীৰ ৰূপত উপস্থাপন কৰিছে আৰু প্ৰথম পুৰুষৰ কথকতাত জন্মৰ পৰা প্ৰাপ্তবয়স্ক হোৱাৰ আনন্দ-বেদনামিশ্ৰিত সপোনৰ ৰোমাঞ্চকৰ চিত্ৰ এখন প্ৰকাশ কৰিছে আৰু ইয়াৰ
জৰিয়তে কৃষকৰ জনজীৱন আৰু লোকসংস্কৃতিৰ
আভাস দিছে। বৰষুণৰ অনুষংগৰে গল্পটোৰ আৰম্ভণি
কাব্যিক আৰু নাটকীয় পৰিৱেশত- ‘ওৰে ৰাতি চিপ্ চিপ্ চিপ্ চিপ্
বৰষুণ’। গল্পটোত কৃষ্ণই কেনেদৰে বীজ সংৰক্ষণ কৰি গোটেই নিশা
পৰিষ্কাৰ পানীত তিয়াই থৈ পাছদিনা গজালি
ওলাবৰ বাবে কলপাতৰ ছাঁ দি বস্তাত ভৰাই থৈছিল আৰু তাৰ পাছত কঠীয়া সিঁচিছিল আৰু
তাৰ পাছত পথাৰত সেই কঠীয়াবোৰ সংৰোপণ কৰিছিল- আৰু সেইবোৰ আঘোণত ভৰুণ হ’ব ধৰিছিল, তাৰ বৰ্ণনা ছোৱালী এজনীৰ কন্যাকাল আৰু
কন্যাকালৰ পৰা গৰ্ভৱতী হোৱাৰ অৱস্থাক ৰূপক হিচাপে লৈ ব্যক্তিচৰিত্ৰ ৰূপায়ণৰ জৰিয়তে প্ৰকাশ কৰিছে। বৰ্ণনাসমূহত লোকসংস্কৃতিৰ উপাদানৰ সমাহাৰ ঘটাই নেৰেটিভটোক
জীপাল কৰি তুলিছে। কন্যাকালৰ পৰা পুষ্পিতা হোৱা ছোৱালী এজনীক অন্ধকাৰ কোঠালিত
থাকিবলৈ দিয়া লোকাচাৰৰ প্ৰসংগও নেৰেটিভটোত তলসুঁতীয়াভাৱে মূৰ্তমান। কৃষক আৰু
ধানশস্যৰ যি আত্মিক সম্পৰ্ক আছে তাৰ মহাকাব্যিক বৰ্ণনা গল্পটোত বিদ্যমান- ‘কৃষ্ণ- মোৰ প্ৰাণৰ দেৱতা। মোৰ পিতা। মোৰ প্ৰেমিক। মোৰ ভগৱান। মোৰ আত্মা।
মোৰ পৰমাত্মা। মোৰ আইৰ প্ৰেমিক কৃষ্ণ। আইৰ পিতৃ কৃষ্ণ। ভগৱান কৃষ্ণ। জীৱন কৃষ্ণ।’
এই মহাকাব্যিকতা অসমীয়া লোকজীৱনত কৃষিৰ/ ধানখেতিৰ বিশাল তাৎপৰ্যৰ
প্ৰকাশ। কৃষ্ণ আৰু ৰুকুণীৰ বুকুত ধানডৰা কিদৰে সুৰক্ষিত সেইকথাও গল্পটোত
প্ৰাণৱন্তভাৱে বৰ্ণিত য’ত আমি কিছু নাৰীমনস্তত্ত্বৰ উমান
পাওঁ। মূলত এটা কৃষিভিত্তিক গল্পৰ দৰেই কাহিনীভাগ আগবাঢ়িছে। ‘সৌ পশ্চিমৰ পাহাৰ টিঙত অকণমানি নাওখন হৈ ওলোৱা জোনটোৰ দৰেই একলা-দুকলাকৈ
বাঢ়ি আহিছে ভিতৰৰ সপোন। মই আই হ’বলৈ ওলাইছোঁ’। কাতিবিহুৰ সময়ত আকাশবন্তি জ্বলাই কীট-পতংগৰ পৰা খেতিডৰাক বচাই ৰখাৰ
পৰম্পৰাৰো উল্লেখ আছে গল্পটোত। ‘সৌৱা কলপাতৰ মাটিৰ চাকিত
পাহাৰৰ টিঙত ওলমি থকা জোনটো জ্বলাই ৰুকুণী আহিছে। লখিমী দুহাত শিৰত থৈ ৰুকুণীয়ে
প্ৰাৰ্থনা কৰিছে। নাহক কীট-পতংগ। নাহক চৰাই-চিৰিকটি। মদমত্ত
হাতীৰ নালাগক চকু মোৰ সোণালী দেহত। দূৰতে বিদূৰ হওক অপায় অমংগল।’ এইদৰে কাহিনীভাগ আগবাঢ়িছে বীজটোৰ উমাল সপোনক দিঠক কৰাৰ বাটত। লগত ৰুকুণীৰ
‘ইমান আশিস! ইমান শুভকামনা! ইমান হেঁপাহ!’
Man proposes, God disposes.(মেন প্ৰপ’জেজ, গ’ড ডিচপ’জেজ)। সপোনৰ বাটত কেতিয়া অমানিশা নামে, তাৰ ঠিকনা নাই। হঠাৎ কৃষ্ণ-ৰুকুণীহঁতৰ জীৱনলৈ অমানিশা নামি আহিছে। কৃষিভূমি কৌশলপূৰ্বক দখল কৰিবলৈ খেতিপথাৰত বন্দুক-বাৰুদেৰে সুসজ্জিত এচাম মানুহে আহি কৃষ্ণ- ৰুকুণীহঁতৰ/ ধাননিডৰাৰ সপোন ধুলিস্যাৎ কৰাৰ প্ৰসংগৰ অৱতাৰণা কৰি গল্পটোৰ কাহিনীভাগক এটা দ্বন্দ্বাত্মক পৰিস্থিতিৰ সন্মুখত অৱস্থান কৰাইছে। ‘হিৰ্ হিৰ্-গিৰ্ গিৰ্ দুপ্ দুপ্ ধাপ্ ধাপ্....এয়া সপোন নে দিঠক?’ কাহিনীভাগৰ নিৰৱচ্ছিন্ন লয় নিমিষতে ভাঙি দিছে পূঁজিপতিৰ প্ৰতিনিধিৰ আগমনত। ‘হিৰ্ হিৰ্ গিৰ্ গিৰ্ দুপ্ দুপ্ ধাপ্ ধাপ্’- এই শব্দগুচ্ছৰ প্ৰয়োগত তাৰেই উমান। এই দ্বন্দ্ব যেন গল্পটোৰ পাতনিতে বৰ্ণিত বৰষুণৰ চিপ্ চিপ্ চিপ্ চিপ্ শব্দগুচ্ছৰ স’তে দ্বন্দ্ব। ‘সৌৱা দৈত্য কেইটামানে লহ লহ জিভা মেলি আগুৱাই আহিছে...এসোপা বুটজোতাই ওলট পালট কৰিছে মোৰ শেতেলি। গছপাতৰ কাপোৰ পিন্ধা এজাক বন্দুকধাৰী মানুহে আগুৰি ধৰিছে মোৰ শেতেলিৰ চৌপাশ...তাতে ভৰভৰাই পুতি গৈছে পকাৰ খুটাবোৰ। আঁৰি দিছে কাঁটাতাঁৰবোৰ।’ গল্পকাৰে দ্বন্দ্বৰ উপস্থাপনৰ জৰিয়তে নেৰেটিভটোক/কথকতাত গতি প্ৰদান কৰিছে আৰু ই সামাজিক বাস্তৱতাৰ ওচৰ চাপিছে। এই ধৰণৰ পৰিঘটনা সমাজত ঘটি থাকে যদিও সাহিত্যৰ পাতত জিলিকি উঠাৰ নিদৰ্শন বিৰল।
গল্পটোত কৃষ্ণ-ৰুকুণীহঁতে বাধা দিছে যদিও সেই বাধা ওফৰাই পেলাইছে পুঁজিপতিৰ সবল প্ৰতিনিধিবোৰে। ভোকৰ জ্বালাত খেতিয়কৰ ল’ৰাবোৰকেই কোম্পানীৰ খুঁটা পোতাৰ কামত নিয়োজিত হৈছে আৰু তেওঁলোকো এইক্ষেত্ৰত অসহায় । এনেকুৱা ঘটনাৰাজিৰ সমাহাৰে দ্বন্দ্বৰ ঘনত্ব বঢ়াই তোলাৰ লগতে কাহিনীটোত এটা কৰুণ ৰসৰ সোৱাদ দিছে। কৃষিভূমি অধিকাৰ কৰাৰ কাৰণে এচাম সুবিধাবাদী পুঁজিপতি শ্ৰেণীৰ মানুহে কিদৰে বনবিভাগ আৰু কৃষিবিভাগৰ পৰা আওপকীয়াকৈ যাৱতীয় আপত্তিবিহীন নথি পত্ৰ যোগাৰ কৰি আনিব পাৰে সেই ধৰণৰ ভ্ৰষ্টাচাৰৰো ছবি এখন অংকণ কৰিছে গল্পকাৰে- ‘এই চা, ফৰেষ্টে দিয়া চাৰ্টিফিকেট। এই চা, চৰকাৰক টকা দি মই কিনা পট্টা। নামজাৰী’। কৃষকগোষ্ঠী নিঃসহায়। গল্পকাৰে সহমৰ্মিতা প্ৰকাশ কৰিছে যদিও প্ৰতিবাদী চৰিত্ৰ শ্লেষৰ ৰূপ লৈছে
‘দপদপাই
ধুনীয়া মানুহটো গাড়ীখনত উঠি গুচি গ’ল।’
কৃষক ৰাইজে সংঘবদ্ধ প্ৰতিবাদ কৰা সত্তেও কাম নিসিজিল। হাতী চৰি ফুৰা অঞ্চল হিচাপে ৰাতি ৰাতি হাতীবোৰ চৰিবলৈ আহি পকা খুঁটাবোৰ ভাঙি পেলায় যিবোৰ খুঁটাক গল্পকাৰে ‘ধৰ্ষকৰ উত্থিত লিংগ’ বুলি ব্যংগ কৰিছে। হাতীবোৰক জুইৰে খেদি পঠাইছে আৰু সিঁহত বন্দুকৰ গুলীৰ চিকাৰ হৈছে। এনে পৰিৱেশত কাহিনী আগবাঢ়িছে নষ্টালজিয়া আশ্ৰিত কথকতাৰে। ধাননি বিনষ্ট হোৱাৰ পিছত ৰুকুণীয়ে চোতালতে বস্তাত ভৰায়- ভঁৰাল গৈ নাপালে। বিলাপগীতৰ জৰিয়তে কৃষকৰ দীনতাৰ ছবি আঁকিছে। ধান ভঁৰালৰ পৰিবৰ্ত বজাৰে বজাৰে বস্তাই বস্তাই ঘূৰি ফুৰিছে য’ত মধ্যভোগীৰ লাভালাভৰ প্ৰসংগৰ ইংগিত আছে। কথকে কৃষ্ণই চাউল কিনিবলৈ যাওঁতে কাহিনীটোত কৃষ্ণ-ৰুকুণীহঁতৰ সৈতে পুনৰ লগালগি হৈ ধানডৰাৰ ঠাইত কল-কাৰখানা দেখি চৰাই-চিৰিকটি জীৱ-জন্তুৰ দুৰৱস্থাত অধীৰ অপ্ৰস্তুত আৰু আশ্চৰ্য প্ৰকাশ কৰিছে - ধানৰ এই আকুলতাক আমি জৈৱ-বিচিত্ৰতালৈ নামি অহা ভাবুকি আৰু প্ৰত্যাহ্বানৰ প্ৰতি সচেতনতাৰ প্ৰতীক বুলি ক’ব পাৰোঁ
গল্পকাৰৰ ভাষা
কবিতাময়,
শ্লেষ-ব্যংগ মিশ্ৰিত আৰু ৰূপকধৰ্মী যিয়ে কাহিনীটোৰ ব্যঞ্জনা আৰু অৰ্থৰ ব্যাপ্তি ঘটাইছে। নাৰী মনস্তত্ত্বৰ
দিশৰ পৰা নাৰীৰ সুৰক্ষা আৰু ধৰ্ষণৰ প্ৰসংগও গল্পকাৰৰ ৰূপকধৰ্মী/ প্ৰতীকধৰ্মী ভাষাৰ
প্ৰয়োগত ব্যঞ্জনাময় ৰূপত ধৰা দিয়াৰ অৱকাশ আছে তলসুঁতীয়া/ছিৰিয়াছ পঠনত। গল্পকাৰে যি শব্দচয়ন কৰিছে তাৰ জৰিয়তে
তেখেতৰ সুপ্ত প্ৰতিবাদী চেতনা জাগ্ৰত হৈছে আৰু সচেতন পাঠকৰ বাবে গল্পটোৰ আৱেদন বৃদ্ধি পাইছে।
গল্পকাৰ
সাম্প্ৰতিক সমাজখনৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰতি সচেতন। এই
গল্পটোত পৰিপাৰ্শ্ব সমালোচনাৰ দিশৰ পৰাও অধ্যয়ন কৰিবপৰাকৈ সমল আছে। ধাননিখন ধৰিত্ৰী আইৰ অংশ। কথকো নাৰীয়েই। ধাননিখনো ইয়াত বিনষ্ট হৈছে মানুহৰ দ্বাৰা। এই
প্ৰকৃতি বিনাশ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি প্ৰত্যাহ্বান। প্ৰত্যক্ষভাৱে হাতীয়ে চলাচল কৰাত
বাধাপ্ৰাপ্ত হোৱাৰ কথা বৰ্ণিত হৈছে। হাতীক বন্দুকেৰে গুলীয়াই মৰাৰ ইংগিত আছে।
পৰিপাৰ্শ্ব সমালোচনাত গল্পকাৰ গোবিন্দ প্ৰসাদ শৰ্মাৰ ‘হে
অৰণ্য হে মহানগৰ’ গল্পটোৰ কথাও উনুকিয়াব পাৰি। অৰূপা পটংগীয়া
কলিতাৰ ‘বগা মাটি থানৰ ভোগী’ গল্পটো নৰবলি প্ৰথা কেন্দ্ৰবিন্দু হ’লেও সেই গল্পটোতো অৰণ্য ধ্বংসৰ কথা আমি পঢ়িবলৈ পাওঁ। আলোচিত গল্পটোত
কৃষিভূমি দখলৰ ফলত প্ৰকৃতি ধ্বংসৰ কাহিনী আছে। গতিকে গল্পটোত পৰিপাৰ্শ্ব অধ্যয়নত
বৰঙণি যোগাব পাৰে।
প্ৰকৃতিৰ
প্ৰতিটো বিষয়ত মানৱীয় চৰিত্ৰৰ আৰোপকৰণ- এই গল্পটোৰ আন এটা
দিশ। কুঁৱলিয়ে ধানক গা ঢাকিবলৈ কোৱা, কুঁৱলিৰ বগা লেপ লৈ
বেলিটো দেৰিলৈকে শুই থকা, পথাৰৰ পানীত মাছৰ লগত ধানৰ
সখী বন্ধোৱা কথোপকথন, কাউৰীৰ জৰিয়তে গাঁৱৰ মানুহক খবৰ দিয়া
ইত্যাদি গল্পৰ দিশবোৰে গল্পকাৰৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি মানৱীয় দৃষ্টিভংগীৰ কথা
প্ৰতীয়মান কৰিছে।
উত্তৰ আধুনিক দৃষ্টিৰে চালে খেতিয়ক চৰিত্ৰৰ নামৰ
ক্ষেত্ৰত ‘কৃষ্ণ’ নামটো নিৰ্বাচনৰ আঁৰত
উত্তৰ আধুনিক সংশয় যেন লাগে। কৃষ্ণই ধাননিখনক বচাব নোৱাৰিলে। স্বয়ং ভগৱান কৃষ্ণই পাৰিবনে পৰিৱৰ্তিত সমাজ ব্যৱস্থাত?
লগতে নাৰী সুৰক্ষা আৰু ধৰ্ষণৰ প্ৰসংগটোও গল্পটোত তলসুঁতীয়াভাৱে
ভূমুকি মাৰে সাম্প্ৰতিক সমাজ সচেতন পাঠকৰ মনোজগতত!
বিভিন্ন লোকাচাৰৰ সমলেৰে গল্পটো চহকী। গল্পকাৰৰ ‘বিলাপ গীত’ আৰু ‘কাগজী গীত’ৰ সংযোজনৰ টেকনিক অসমৰ লোক-জীৱনত ধানৰ মৰণা মৰাৰ সময়ত হোৱা ৰং-ৰইচৰ বিপৰীতে কৃষ্ণ-ৰুকুণীৰ বিলাপগাথাক মূৰ্ত কৰিবলৈ গৈ কাৰনিভেলেক্স (carnivalesque) টেক্নিকেৰে সেই মৰণা মৰাৰ সময়ৰ গীতবোৰৰ ব্যংগাত্মক ৰূপ এটা তুলি ধৰি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে। অলপ শিথিল যদিও এই টেকনিকে উত্তৰ আধুনিক চৰিত্ৰ বজাই ৰাখিছে।
কৃষি অসমীয়া
জনজীৱনৰ মেৰুদণ্ডস্বৰূপ। গল্পকাৰে মূলতঃ কৃষিভূমি
দখলৰ ফলত অসমীয়া জনজীৱনত আৰ্থ-সামাজিক
সাংস্কৃতিক আৰু পাৰিপাৰ্শ্বিক চৰিত্ৰৰ কিদৰে সলনি হ’ব পাৰে- তাৰ
মৰ্মস্পৰ্শী বৰ্ণনা দিছে আৰু ব্যক্তিচৰিত্ৰ আৰোপণৰ জৰিয়তে শ্লেষাত্মকআৰু ৰূপকধৰ্মী শব্দচয়নেৰে সাম্প্ৰতিক
সমাজখনৰ প্ৰতি থকা সচেতনতা আৰু দায়ৱদ্ধতাৰ পৰিচয় দিছে।
টেকনিক নিৰ্মাণৰ
ক্ষেত্ৰত গল্পটোত উত্তৰ আধুনিকতাৰ ছাঁ পৰিছে বুলি আমাৰ মনে ধৰিছে। পৰিপাৰ্শ্ব সাহিত্যৰ
ফালৰ পৰাও গল্পটো অধ্যয়ন/ বিন্যাস কৰাৰ থল আছে। গল্পকাৰৰ চং নামৰ
আন এটা গল্পও আছে য’ত প্ৰব্ৰজন কৰা দেওহাঁহৰ কাহিনী এই গল্পটোৰ
দৰেই প্ৰথম পুৰুষতেই বৰ্ণনা কৰা হৈছে। মুঠতে বিষয়বস্তু নিৰ্বাচন আৰু সেই
বিষয়বস্তুৰ সাম্প্ৰতিক সমাজত যি প্ৰাসংগিকতা আৰু টেকনিকৰ ক্ষেত্ৰত কৰা নতুন
সম্পৰীক্ষাৰ ফালৰ পৰা গল্পটোক এটা সফল গল্প বুলি ক’ব পাৰি
আৰু এনেকুৱা গল্প আমি গল্পকাৰৰ পৰা আগলৈও পাম বুলি আশাবাদী। এই লেখাটো এজন পাঠকৰ
দৃষ্টিৰে লিখা হৈছে। এই আলোচনাই স্বয়ংসম্পূৰ্ণ বুলি দাবী নকৰে।
....
ঠিকনা :
বৰপেটাৰোড
ভ্ৰাম্যভাষ : ৮১৩৩০৫৯৫৬১