অজন্ত কুমাৰ বৰা
প্ৰতিজন মানুহেই
জীৱনৰ বিভিন্ন সময়ত বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হয়৷ কিছুমান অভিজ্ঞতা দুখৰ, কিছুমান সুখৰ আৰু কিছুমান অভিজ্ঞতাই চিৰদিনলৈ মানুহৰ জীৱনটোক পোহৰাই ৰাখে৷ আন
কিছুমান অভিজ্ঞতাই জীৱনত বৰ বিশেষ প্ৰভাৱ নেপেলায় যদিও সময়ত মনত পৰিলে হাঁহি উঠে,
দুখ লাগে অথবা শিহৰিত হ’ব লগা হয়৷ এনে
দুটামান সৰু অভিজ্ঞতাৰ বিষয়েই ক’ব খুজিছোঁ৷
২০১০ চনৰ ডিচেম্বৰ মাহৰ শেষ সপ্তাহৰ সোমবাৰটোত অসমীয়া দৈনিক কাকত এখনৰ যোৰহাটস্থিত কাৰ্যালয়ৰ সম্পাদনা বিভাগত যোগদান কৰিছিলোঁ৷ কৰ্তব্যত যোগদান কৰাৰ দিনাৰে পৰা প্ৰতিদিনেই ৰাষ্ট্ৰীয় উপপথেদি কাৰ্যালয়লৈ অহা-যোৱা কৰিছোঁ। বিয়লি ৪-৫ বজাত চহৰৰ পশ্চিম দিশত থকা কাৰ্যালয়লৈ যাওঁ আৰু নিশা ১১-১২ বজাত বালিগাঁৱৰ নিজা ঘৰলৈ উভতি আহোঁ৷ এনেকৈ আহোঁতে-যাওঁতে বহুবাৰ বহু বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ। এবাৰ নৱেম্বৰ মাহৰ হিমসনা নিশা বাৰ বজাত কৰ্তব্য সমাপণ কৰি কাৰ্যালয়ৰ পৰা ঘৰলৈ আহি থাকোঁতে ৰাষ্ট্ৰীয় উপপথৰ মালৌ আলি চাৰিআলিত ৰৈ থকা আউলী-বাউলী ছোৱালী এজনী দেখি কথমপিহে মটৰ চাইকেলৰ পৰা পৰি নোযোৱাকৈ থাকিলোঁ। গছপাত কঁপাৰ দৰে মোৰ সমগ্ৰ শৰীৰটো কঁপিবলৈ ধৰিছিল।
‘দাদা মোক সহায় কৰক, দাদা মোক সহায় কৰক।’ অচিনাকী ছোৱালীজনীয়ে এনেকৈ চিঞৰোঁতেহে হুঁচ আহিছিল গালৈ। ভয়ে ভয়ে মটৰ চাইকেলখন ৰখাইছিলোঁ। তেনেতে দেখিছিলোঁ এজন মানুহ দৌৰি দৌৰি আহি আছে। পলকতে দৌৰি আহি থকা মানুহজন আমাৰ ওচৰ পালেহি৷ মানুহজনক ঘটনাটো কি সুধিলোঁ আৰু লগতে মই সাংবাদিক বুলিও জানিবলৈ দিলোঁ৷ মানুহজনে ঘটনাৰ আদ্যোপান্ত বিৱৰি ক’লে আৰু লগতে মহিলাগৰাকী নিজৰ পত্নী বুলিও জনালে৷ মাজনিশা কিবা কথাত কাজিয়াত লিপ্ত হৈ কম বয়সৰ বোৱাৰীগৰাকী ভোগদৈ নৈত জাঁপ দিবলৈ ঘৰৰ পৰা ওলাই আহিছিল৷ আন্ধাৰৰ মাজেৰেই আউলী বাউলী চুলিৰ বোৱাৰীগৰাকীলৈ চালোঁ। সৰল মুখৰ এগৰাকী ধুনীয়া বোৱাৰী৷ সকলো কথা শুনি ঘৰুৱা কন্দলত লিপ্ত পতি-পত্নী দুয়োকে বুজাই-বঢ়াই ঘৰলৈ পঠাই দিবলৈ সক্ষম হৈছিলোঁ।
তেতিয়ালৈ মোৰ গাৰ কঁপনি
কমিছিল। এতিয়াও মাজে মাজে বোৱাৰীগৰাকীৰ মৰমলগা মুখখনে আমনি কৰে৷ কুশলে
আছেনে বাৰু তেওঁ !
এবাৰ কাৰ্যালয়ৰ
পৰা আহি থাকোঁতে ৰাষ্টাতে মটৰ চাইকেলৰ তেল শেষ হ’ল। তেল শেষ হোৱাত
মটৰ চাইকেলখন ঠেলি ঠেলি নিশা ঘৰলৈ আহি আছিলোঁ। ঘপহ কৰে দেখিলোঁ মোৰ আগে আগে বগা ৰঙৰ
কিবা এটা গৈ আছে। সৰুতে আইতাহঁতে কোৱা বগা কাপোৰ পিন্ধা বুঢ়া ডাঙৰীয়াৰ ছবিখনলৈ
মনত পৰি মোৰ ভৰিৰ পৰা মূৰলৈকে মৰঘাম বাহিৰ হৈ গৈছে৷ ইফালে সিফালে চালোঁ ক’লা সাপ এডালৰ দৰে ৰাষ্টাটো দীঘল দি আছে৷ খটক খটক গৈ থকা প্ৰাণীটো কিনো বুলি ভালকৈ
চাওঁতে দেখিলোঁ বুঢ়া ডাঙৰীয়া নহয়, বগা ৰঙৰ দমৰা এটাহে।
মটৰ চাইকেল ঠেলি ঠেলি যোৱা দেখি দমৰাটোৱে অলপ কাষলৈ আহি বাটটো এৰি দিলতহে ময়ো পুনৰ
মটৰ চাইকেল ঠেলি ঠেলি ঘৰমুৱা হ’লোঁ।
এবাৰ নিশা
বাৰমান বজাত বাইপাছৰ মালৌ আলি চাৰিআলিত এখন মাৰুতি ভানক তীব্ৰ বেগী ট্ৰাক এখনে প্ৰচণ্ড জোৰেৰে খুন্দিয়াই পলাই
যোৱা দৃশ্য দেখি বুকু কঁপি উঠিছিল। ট্ৰাকখনে ইমানেই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল
যে মাৰুতি ভানখন ৰাষ্ট্ৰীয় উপপথৰ পৰা বহু দূৰত উফৰি পৰিছিলগৈ৷ লগে লগে
মটৰচাইকেলখন ৰখাই দুৰ্ঘটনাত পতিত লোক কেইজনক
ভানখনৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিলোঁ৷ দুৰ্ঘটনাৰ শব্দ শুনি দুজনমান স্থানীয় লোকো টোপনিৰ পৰা উঠি আহিছিল৷
দুৰ্ঘটনাত পতিত লোক কেইজন পতি-পত্নী আছিল৷
নিশা তেওঁলোক টীয়কৰ পৰা নিজৰ ঘৰলৈ বুলি আহি আছিল৷ ভয়ংকৰ দুৰ্ঘটনাটোত দুয়োগৰাকী আহত হৈছিল
যদিও আঘাত গুৰুতৰ নাছিল৷ কিবা এক অদৃশ্য শক্তিৰ প্ৰভাৱত দুয়োৰে প্ৰাণ ৰক্ষা
পৰিছিল৷ আমি তেওঁলোকৰ পৰিচয় সোধাত মহিলাগৰাকীয়ে সেহাই সেহাই উত্তৰ পশ্চিম
যোৰহাটস্থিত দ গাঁও অনাথ আশ্ৰমৰ সমীপৰ নিৱাসী বুলি জানিবলৈ দিছিল৷
নিশা সংঘটিত তেনেকুৱা দুৰ্ঘটনাৰ সন্মুখীন বহুবাৰ হৈছোঁ৷ তেনে সময়ত দুৰ্ঘটনাত পতিতসকলক যি পাৰোঁ সহায় কৰোঁ৷ আৰক্ষীক খবৰ দিওঁ, ১০৮-অলৈ ফোন কৰোঁ৷ আৰক্ষীৰ মানুহ অহালৈকে দুৰ্ঘটনাস্থলীতে ৰৈ থাকোঁ।
শেহতীয়াকৈ পুনৰ এনে দুটা দুৰ্ঘটনাৰ সন্মুখীন হ’লো।
কাৰ্যালয়লৈ সন্ধ্যা ৭ মান বজাত গৈ থাকোঁতে ৰাষ্ট্ৰীয় উপপথৰ জিৰণি ৰেষ্টুৰেণ্টৰ সন্মুখত এজন মটৰ চাইকেল আৰোহীয়ে পথচাৰী এজনক খুন্দা মাৰি পকীপথত বাগৰি পৰে। চকুৰ সন্মুখতে সংঘটিত ঘটনাটো দেখি লগে লগে যোৰহাটৰ আৰক্ষীক অধীক্ষক অৱগত কৰোঁ৷ এজন যুৱকে পিন্ধি থকা গেঞ্জীটো খুলি অত্যধিক ৰক্ত ক্ষৰণ হোৱা আঘাতপ্ৰাপ্ত যুৱকজনৰ মূৰত বান্ধি দিলে৷ অলপ সময়ৰ পাছতে আৰক্ষীৰ মানুহ আহিল আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োকে চিকিৎসালয়লৈ লৈ গ’ল৷ সেইদিনাই ৰাতি নিশা এঘাৰ বজাত ঘৰলৈ আহি থাকোঁতে বাইপাছৰ মালৌ আলি চাৰিআলিৰ সমীপত পুনৰ আন এটা দুৰ্ঘটনা সংঘটিত হয়৷ কোনোবা অচিনাক্ত বাহন এখনে স্থানীয় এজন লোকক খুন্দিয়াই থৈ যোৱাত লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয়। দুজনমানে মৃতদেহটো ৰখি আছিল। সেই সময়ত বৰষুণ দি থকাত মৃতদেহৰ জীয়া তেজবোৰ বৰষুণৰ পানীৰ লগত মিহলি হৈ উটি যোৱা দৃশ্যটো দেখি শোক এটাই বুকুখনত হেঁচা মাৰি ধৰিছিল৷ মনলৈ ভাব আহিছিল - মানুহৰ জীৱনটো যে কিমান ক্ষণস্থায়ী৷ ইতিমধ্যে এজন যুৱকে আৰক্ষীক অৱগত কৰিছিলেই। ময়ো আৰক্ষী অধীক্ষকক ঘটনাৰ বিষয়ে অৱগত কৰিলোঁ৷ অলপ সময়ৰ পাছতে আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণৰ যো-জা কৰে৷ ভায়েকৰ মৃতদেহটোলৈ ককায়েকে অতি কৰুণভাবে চাই থকা চকুযুৰি দেখি বকুখন হাহাকাৰ কৰি উঠিছিল৷
দুটামান আন ধৰণৰ
অভিজ্ঞতাও লাভ কৰিছোঁ৷ অবৈধ মদ সম্পৰ্কীয় বাতৰি এটা কৰাৰ বাবে এবাৰ অজন্তা চিনেমা
হ’লৰ সমীপৰ পৰা ৰাষ্ট্ৰীয় উপপথৰ বালিগাঁও চাৰিআলিলৈকে এখন মটৰ চাইকেলত অহা
দুজন অচিনাক্ত যুৱকে পিছে পিছে খেদি আহিছিল৷ অশ্লীল মাত মাতি ‘সাংবাদিক ওলাইছ, তোক মাৰি পেলালে কোনে নিউজ কৰিব’
ইত্যাদি কথাৰে ভাবুকি দিয়াৰ উপৰি আগচি ধৰাৰ চেষ্টা কৰিছিল। মাজনিশা
অলপ ভয় খাইছিলোঁ যদিও সাহসেৰে অচিনাক্ত যুৱকদ্বয়ৰ পৰা বাচি আহিছিলোঁ। ৰাষ্ট্ৰীয়
উপপথৰ পৰা জগন্নাথ বৰুৱা পথলৈ মই মটৰ চাইকেলখন সুমুৱাই দিয়াত মটৰ চাইকেলসহ যুৱকদ্বয়
পূব দিশেৰে গুচি যাবলৈ বাধ্য হয়৷ ঘটনাৰ বিষয়ে পাছদিনা আৰক্ষীক অৱগত কৰা হৈছিল আৰু বহুকেইখন
কাকতত বাতৰিও প্ৰকাশ পাইছিল। পুনৰ যোৱা ২ মে’ত ৰাষ্ট্ৰীয় উপপথৰ এন আৰ এল তেল ডিপোৰ সন্মুখত
দুজন অচিনাক্ত লোকে মোক আগচি ধৰিবলৈ চেষ্টা কৰিছিল। এই ঘটনাৰ বিষয়েও আৰক্ষীক এজাহাৰ
দাখিল কৰা হয়৷ কি কাৰণে লোককেইজনে আগচি ধৰিবলৈ চেষ্টা কৰিছিল মোৰ বাবে আজিও সাঁথৰ হৈয়ে ৰ’ল৷
এনে ধৰণৰ সৰু সৰু
অভিজ্ঞতাৰে বোধহয় সকলোৰে জীৱন ভৰপূৰ হৈ
আছে৷ যিবোৰ অভিজ্ঞতা বৰ প্ৰয়োজনীয়ও নহয়, অথচ দলি মাৰি পেলাই দিবও
নোৱাৰি৷
লেখকৰ ভ্ৰাম্যভাষ: : ৭৬৩৬৮২২৯৮৫