(সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী)
প্ৰশান্ত মিশ্ৰ
প্ৰস্তাৱনা
যোৱা শতিকাৰ নৱম দশকৰ আগভাগৰ কথা৷ অসম আন্দোলনৰ (১৯৭৯-১৯৮৫) ভৰপক৷ এক
অস্পষ্ট ধুঁৱলী-কুঁৱলী চিন্তা-চৰ্চাৰে আচ্ছন্ন অসমৰ সামাজিক-ৰাজনৈতিক পৰিৱেশ! ঠিক তেনেকুৱা এটা পৰিৱেশতেই তেতিয়াৰ নলবাৰী চহৰৰ এটা ব্যক্তিগত পুথিভঁৰালত
এজন স্কুলীয়া ছাত্ৰই হঠাতে এখন কিতাপ বিচাৰি পালে৷ কিতাপখনৰ নাম ‘লেনিন, ৰুচবিপ্লৱ আৰু ভাৰত’৷
লেখক শশী শৰ্মা৷ নামটোতে অভিনৱত্ব থকা কিতাপখন হাতত লৈ ছাত্ৰজন পুথিৰ গৰাকীৰ ওচৰ
চাপিল৷ কিতাপখন চাই ছাত্ৰজনক গ্ৰন্থৰ গৰাকীয়ে যিখিনি কথা ক’লে,
তাৰে সাৰমৰ্ম হ’ল এনেকুৱা : এক স্বকীয় ৰাজনৈতিক
দৰ্শনত বিশ্বাসী বিশিষ্ট বুদ্ধিজীৱী শশী শৰ্মা নলবাৰী চহৰতেই বসবাস কৰে৷ আদৰ্শৰ স’তে আপোচ নকৰা শৰ্মা ডাঙৰীয়াই সাহিত্যৰ যোগেদি সমাজৰ ৰূপান্তৰ সাধন কৰিব খোজে৷
গ্ৰন্থৰ গৰাকীজনৰ কথা মন দি শুনাৰ পাছত কিশোৰ ছাত্ৰজনৰ মনত গ্ৰন্থৰ লেখকজনৰ প্ৰতি
গভীৰ শ্ৰদ্ধাৰ জন্ম হ’ল!
সেই স্কুলীয়া ছাত্ৰজন আন কোনো নহয় - আজিৰ এই আলচটিৰ লেখকেই৷ তাৰ পাছতো দুই দশকৰো অধিক কাল ছাৰৰ সৈতে মোৰ পত্ৰ-যোগাযোগ অব্যাহত আছিল৷ আটাইবোৰ পত্ৰৰ মাজতেই পাওঁ ছাৰৰ বলিষ্ঠ আশাবাদ আৰু ভৱিষ্যতৰ সুন্দৰ সমাজ গঢ়াৰ সপোন৷ নিজে লেখি থাকিও সমকালীন সকলো লেখকক উৎসাহ-উদ্দীপনা দিয়া বুদ্ধিজীৱী আমাৰ সমাজত তেনেই তাকৰ! ছাৰ সেই সকলোৰে ভিতৰত আছিল এক ব্যতিক্ৰমী ব্যক্তিত্ব! তেখেত ভাষা জননীৰ এজন অক্লান্ত সাধকেই নাছিল,আছিল জীৱনৰ পথাৰত আদৰ্শৰ অনুশীলন কৰা এজন স্বপ্নদ্ৰষ্টা বিশাল পুৰুষো৷ প্ৰাচীন ঐতিহ্য বহনকাৰী ধুতি-কামিজ পৰিহিত ছাৰ কিন্তু প্ৰকৃত অৰ্থতেই এজন আধুনিক মনৰ মানুহ৷ সেয়েহে, শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজত নাপালেও, শৰ্মাদেৱ মোৰ পৰম আপোন “গুৰু’; আজীৱন প্ৰেৰণাৰ উৎস!
(১)
অসম আন্দোলনকালীন দিনবোৰ
পাছলৈ ছাৰৰ জীৱনৰ অনেক কথাই মই জানিব পাৰিছিলোঁ৷ ছাৰৰ ল’ৰা মণ্টু (প্ৰয়াত শৰদিন্দু শৰ্মা) মোৰ সহপাঠী হোৱাত
অসম আন্দোলনে সিহঁতৰ পৰিয়াললৈ কিদৰে ভাবুকি কঢ়িয়াই আনিছিল সেই কথাও গম
পাইছিলোঁ৷ ১৯৮৩ চনৰ ২৬ মাৰ্চত ছাৰৰ ঘৰলৈ কোনোবাই নিক্ষেপ কৰা
বোমাত একমাত্ৰ পুত্ৰৰ ভৰি এখন পুৰি গৈছিল! তাৰো আগতেই ১৯৮০
চনৰ ২৫ মে’ তাৰিখৰ পৰা ছাৰৰ পৰিয়ালটো সামাজিকভাৱে বৰ্জিত
হৈছিল! ছাৰক দেখিলেই তলমূৰ কৰি মাটিত ‘‘থু’’ পেলাই যোৱাৰ দৰে গৰ্হিত কামো কৰা হৈছিল৷ অনেক
চিনাকি মানুহেও ভয়তে ছাৰৰ সংগ এৰাই চলিছিল- জনৰোষৰ বাবেই!
১৯৮৩ চনৰ ২০ জানুৱাৰীত ছাৰে নিজৰ হাতেৰে গঢ় দিয়া অনুষ্ঠান ‘পূৰ্বভাৰতী’লৈ যোৱাৰ পথত এচাম ছাত্ৰ স্থানীয় লোকৰ দ্বাৰা ছাৰক শাৰীৰিকভাৱে আক্ৰমণ কৰা
হৈছিল৷ তেখেতৰ নিজৰ ভাষাতেই- “দিন-দুপৰতেই জীৱনবন্তি নুমাই
দিয়াৰ ষড়যন্ত্ৰৰে চলোৱা অপ্ৰৰোচিত আৰু অমানুষিক অত্যাচাৰ নিৰ্যাতনৰ দিনৰে পৰা
আমাৰ শৰীৰ অসক্ত আৰু ৰোগাক্ৰান্ত হৈ পৰিল৷” তথাপি ছাৰ বিচলিত
নহৈ হিমালয়ৰ দৰে মূৰ দাঙি অশুভ শক্তিৰ বিৰুদ্ধে কলম চলাই গ’ল৷ ১৯৮৩ চনৰ ২১ জানুৱাৰীত ছাৰৰ ঘৰত জুই দিয়াৰ এক অপচেষ্টাও চলিল৷ অৱশ্যে
জিলা প্ৰশাসনৰ সময়োচিত তৎপৰতাত ছাৰৰ পৰিয়াল সেইবাৰলৈ ৰক্ষা পৰিল৷ কিন্তু এক কঠোৰ
বাস্তুৱৰ মাজেৰে ছাৰৰ পৰিয়ালে দিন নিয়াব লগাত পৰিছিল৷ ছাৰৰ সুযোগ্যা পত্নী বীণা
বাইদেউৰ ভাষাত- “কি যে ভয়াৱহ দিন আছিল সেইবোৰ! মই ২৪ ঘণ্টাই জাগি থাকিছিলোঁ৷ কোন মুহূৰ্তত প্ৰাণবায়ু যায় ঠিক নাছিল৷
তেখেতৰ লগতে ল’ৰা-ছোৱালীকেইটাৰ ভৱিষ্যতৰ চিন্তাত মই
উন্মাদিনী হৈ পৰিছিলোঁ৷ ঘৰত চৰকাৰৰ ফালৰ পৰা নিৰাপত্তাৰক্ষী এজন আছিল যদিও মোৰ ভয়ৰ
সীমা নাছিল৷ তেখেতৰ কিন্তু সেই ফাললৈ ভ্ৰূক্ষেপেই নাছিল৷ মই ল’ৰা-ছোৱালীকেইটাৰ পঢ়া-শুনাৰ বিষয় লৈও দুঃচিন্তাত সময় পাৰ কৰিছিলোঁ৷ সিহঁতক
নলবাৰীত ৰখাটোৱেই অসম্ভৱ হৈ পৰিছিল৷ বয়স কম আছিল বাবে আৰু দেউতাকৰ আদৰ্শৰ কথা
ভালদৰে বুজিব পৰা হোৱা নাছিল বাবে বাহিৰত দেউতাকৰ বিষয়ে বেয়াকৈ শুনি-শুনি সিহঁতৰ
মনবোৰ বেয়া হৈ পৰিব বুলিয়েই মই সিহঁতক নলবাৰীৰ বাহিৰলৈ পঠিওৱাৰ দিহা কৰিবলগীয়া
হৈছিল৷ অৱশ্যে এনে এগৰাকী আদৰ্শনিষ্ঠ মানুহৰ পত্নী হ’ব পৰাটো
মোৰ বাবে গৌৰৱৰে বিষয়!” অকল এয়াইনে? ১৯৮৩
চনৰ পৰা ১৯৮৫ চনলৈ নলবাৰী কলেজত তেখেতৰ ক্লাছো ছাত্ৰই বৰ্জন কৰিছিল! তাৰ ফল
ছাত্ৰসমাজৰ বাবে মুঠেই সুখকৰ নাছিল৷ তথপি শৰ্মাদেৱ আদৰ্শৰ পৰা আঁতৰি নাহিল৷ এখন
বৃহত্তৰ প্ৰগতিশীল সাম্যবাদী অসমীয়া সমাজৰ সপোন দেখা
মানুহজনে ক’ৰ পৰা পাইছিল এই অদম্য সাহস? কি আছিল ইয়াৰ নেপথ্যৰ প্ৰেৰণা শক্তি? তেখেতৰ জীৱন
পৰিক্ৰমা আৰু কাৰ্যাৱলীৰ মাজতেই আমি সেই প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব৷
(৩)
জীৱন পৰিক্ৰমা
এক দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত ১৯৩২ চনৰ ৩ অক্টোবৰত নলবাৰী জিলাৰ কৰেবাৰী গাঁৱত জন্ম হোৱা শৰ্মাদেৱৰ পিতৃয়ে কোচবিহাৰত যাজনিক বৃত্তিত ব্যস্ত থকা বাবে শিশুকালত পিতৃৰ স’তে কদাচিতহে তেখেতৰ সাক্ষাৎ হৈছিল৷ পিতৃ সৰ্বানন্দৰ অনুপস্থিতিত অনাখৰী মাতৃ লক্ষ্মীদেৱীৰ উমাল সান্নিধ্যতে শৰ্মাদেৱ ডাঙৰ হৈছিল৷ মাক আছিল সাধুকথাৰ ভঁৰাল৷ তদুপৰি বিধবা বায়েক সুভদ্ৰা দেৱী আৰু জেঠায়েক ৰাজেশ্বৰী দেৱীৰ মুখত শুনা লোকগীত, সাধুকথা, মন্ত্ৰ, ফকৰা-যোজনাই শৰ্মাদেৱক শৈশৱতে লোকজীৱনৰ প্ৰতি আকৰ্ষিত কৰিছিল৷ তাৰ উপৰি, ককায়েক ৰামচন্দ্ৰ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় কৰ্মী৷ ফলস্বৰূপে, শিশু অৱস্থাতেই ব্ৰিটিছৰ শোষণৰ বিষয়ে শৰ্মাদেৱ অৱগত হৈছিল৷ ইফালে দাৰিদ্ৰ্যৰ হেতু ঘৰত ‘লেম্প-চাকী’ জ্বলাবলৈও সম্বল নোহোৱা শৰ্মাদেৱে পঞ্চম শ্ৰেণীৰ পৰাই ‘গৃহশিক্ষক’ ৰূপে অৱতীৰ্ণ হৈ স্বাৱলম্বী হ’ব লগাত পৰিছিল৷ এনেদৰেই বি. এ.-ৰ বাছনি পৰীক্ষা পাছ কৰি চান্দকুছি পাব্লিক হাইস্কুলত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে৷ তাৰো আগতে দশম শ্ৰেণীত থাকোঁতেই অময়াপুৰকে আদি কৰি বিভিন্ন স্কুলত তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল৷ আই. এ. পাছ কৰাৰ পাছতে গংগাপুখুৰী হাইস্কুলত তেখেতে সপ্তম শ্ৰেণীৰপৰা দশম শ্ৰেণী পৰ্যন্ত পাঠদান কৰিছিল৷ সেই স্কুলবোৰত অতি কম সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল যদিও, শিক্ষকতাৰ প্ৰতি সেই অভিজ্ঞতাই শৰ্মাদেৱৰ ধাউতি বঢ়াইছিল৷ অংকশাস্ত্ৰত বুৎপত্তি থকা বাবে ওচৰৰ গাঁওবিলাকৰ স্কুলসমূহত শৰ্মাদেৱক সকলোৱে শিক্ষক হিচাপে বিচাৰিছিল৷ ১৯৫৪ চনত বি. এ. পাছ কৰাৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত নামভৰ্তি কৰে যদিও অৰ্থৰ অভাৱত দিনটো ৩-৪ টা টিউশ্যন কৰিব লগীয়া অৱস্থাত পৰিছিল৷ সেই সময়ত শমাৰ্দেৱৰ আৰ্থিক অৱস্থা ইমান বেয়া আছিল যে টংলা হাইস্কুলত এটি শিক্ষক পদৰ বাবে গুৱাহাটীৰ উজান বজাৰৰ এজন পাণ দোকানী, বাঁহজানী গাঁৱৰ ৰমেন চৌধুৰীৰ পৰা পইচা ধাৰলৈ লৈ পোষ্টকাৰ্ডত দৰ্খাস্ত দিছিল৷ অৱশেষত টংলা হাইস্কুলত চাকৰি পাই তাতে তেখেতে ১৪ মাহ শিক্ষকতা কৰে৷ ১৯৫৬ চনৰ ১৫ মাৰ্চত হৰিনাৰায়ণ দত্তবৰুৱাই তেখেতক দেৱীৰাম পাঠশালা হাইস্কুললৈ মাতি পঠিয়ায়৷ ১৯৫৭ চনৰ ১৫ আগষ্টলৈকে তেখেত সেই স্কুলতেই শিক্ষাদানত ব্ৰতী হয়৷ সেই সময়তেই শমাৰ্দেৱ সমাজবাদী চিন্তাধাৰাৰ প্ৰতি আকৃষ্ট হয়৷ ১৯৫৭ চনৰ ১৭ আগষ্টত তেল শোধনাগাৰ আন্দোলনত যোগ দি তেখেতে কাৰাবৰণ কৰে৷ ফলত তেখেতে দেৱীৰাম হাইস্কুলৰ চাকৰিটো হেৰুৱাব লগাত পৰে৷ জেইলত শৰ্মাদেৱ কবি হীৰেন ভট্টাচাৰ্যৰ পিতৃ তীৰ্থনাথ ভট্টাচাৰ্যৰ সান্নিধ্যলৈ আহে৷ ভট্টাচাৰ্যই তেতিয়া তাত জেইলাৰ হিচাপে কাৰ্যনিৰ্ৱাহ কৰি আছিল৷ তীৰ্থনাথ ভট্টাচাৰ্যৰ উৎসাহতে তেখেতে অসমীয়া বিষয়ত এম. এ. পৰীক্ষা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু জেইলৰ ভিতৰতেই পৰীক্ষাৰ বাবে নিজক প্ৰস্তুত কৰে৷ সেইমতে কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পাছতে তীৰ্থনাথ ভট্টাচাৰ্যই সাজি থকা ঘৰতে থাকি এম. এ. পৰীক্ষাত অৱতীৰ্ণ হৈ উচ্চ পৰ্যায়ৰ দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হয়৷ ১৯৫৮ চনৰ ২৯ জানুৱাৰীত এম. এ. পৰীক্ষাৰ ফলাফল ঘোষণা নৌ হওঁতেই তেখেতে শিৱসাগৰৰ বৰহাট হাইস্কুলৰ চাকৰিত যোগ দিয়ে৷ কিছুদিনৰ পাছত এম. এ. পাছ কৰি ১৯৫৮ চনত বৰহাট স্কুলৰ চাকৰি বাদ দি তেখেত অভয়াপুৰী কলেজলৈ আহে৷ পুনৰ ১৯৫৯ চনত ডিগবৈলৈ আহি তাৰ কলেজত নিযুক্ত হয় যদিও, ১৯৬১ চনৰ ২৭ ফেব্ৰুৱাৰিত সেই চাকৰিও বাদ দি তেওঁ নলবাৰী কলেজৰ সেই সময়ৰ অধ্যক্ষ স্বনামধন্য সাহিত্যিক ঐলোক্য নাথ গোস্বামীৰ পৰামৰ্শ মতে নলবাৰী কলেজৰ চাকৰিত যোগ দিয়ে৷ নানান ঘাত-প্ৰতিঘাতৰ মাজেৰে সুদীৰ্ঘ ৩২ বছৰ কাল নলবাৰী কলেজত অধ্যপনা কৰি ১৯৯৩ চনৰ ১ মাৰ্চত শৰ্মাদেৱে অৱসৰ গ্ৰহণ কৰে৷ মুঠতে শমাৰ্দেৱৰ শিক্ষকতা জীৱনো নানান অভিজ্ঞতাৰে সমৃদ্ধ৷ অৰ্থসংকটৰ বাবেই ছাত্ৰাৱস্থাৰ পৰাই শিক্ষকতা বৃত্তি গ্ৰহণ কৰা শৰ্মাদেৱক যথাৰ্থভাৱেই ‘আজন্ম শিক্ষক’ আখ্যা দিব পৰা যায়৷ তদুপৰি, শিক্ষাদান কাৰ্যত জড়িত হৈ শমাৰ্দেৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰি লোকজীৱনক ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিল৷ পৰৱৰ্তী কালত ইয়েই তেখেতক জনজীৱনৰ সমস্যাসমূহৰ সমাধানৰ পথ নিৰ্ণয় কৰাত সহায় কৰিছিল৷
ঘাইকৈ ঐলোক্যনাথ গোস্বামীৰ দ্বাৰা অনুপ্ৰাণিত হৈ শৰ্মাদেৱে প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিত যোগ দিছিল যদিও তেখেতে ১৯৬৩ চনত সেই দল ত্যাগ কৰে৷ ত্ৰমশঃ মাক্সৰ্বাদৰ প্ৰতি আকৰ্ষণ বাঢ়ি আহে৷ অকল গ্ৰন্থ অধ্যয়নৰ যোগেদিয়েই তেখেতৰ সেই আকৰ্ষণ বাঢ়িছিল বুলি ক’ব নোৱাৰি; বৰং জীৱনৰ অভিজ্ঞতাই শমাৰ্দেৱক কমিউনিজ্মৰ ফালে টানি নিছিল৷ অভাৱে জুৰুলা কৰা পৰিয়ালত ডাঙৰ-দীঘল হোৱা শশীনাথে উপলব্ধি কৰিছিল অৰ্থনীতি কি বস্তু! এফালে নিজৰ ঘৰৰ দৰিদ্ৰতা, আনফালে, মহাজনী শোষণ নীতিত বিপন্ন গাঁৱলীয়া অৰ্থনীতি- দুয়োটাকে শশীনাথে শৈশৱৰ পৰাই দেখিছিল৷ স্বাভাৱিকতেই শশীনাথে গাঁৱলীয়া জনসাধাৰণৰ পক্ষ লৈছিল৷ কিন্তু তেখেতৰ পৰিণত ৰাজনৈতিক চেতনা তেতিয়ালৈ অহা নাছিল৷ ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰিলে যদিও, দেশৰ আন বহুতো নেতাৰ লগতে অসমতো বিষ্ণুৰাভা প্ৰমুখ্যে অনেকেই কংগ্ৰেছৰ এই স্বাধীনতাক ‘ভুৱা’ আখ্যা দি বিদ্ৰোহৰ অগনি জ্বলাইছিল৷ শশীনাথ এই আটাইবোৰৰ বিষয়ে জ্ঞাত আছিল৷ ইতিমধ্যে কংগ্ৰেছ দলেও স্বাধীনতাৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালনত চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিছিল৷ ফলস্বৰূপে, জনতাৰ প্ৰকৃত উন্নতিৰ কাৰণে সেই সময়ছোৱাত অন্য কোনো বাস্তৱিক দৰ্শনৰ সন্ধানত শশীনাথ ব্যস্ত হৈছিল৷ সাহিত্য চৰ্চাৰ প্ৰতি ধাউতিও তেখেতৰ সৰুৰে পৰা আছিল৷ বৰদেউতাকৰ ল’ৰা, এসময়ৰ মেধাবী ছাত্ৰ দীনেশ মিশ্ৰৰ কৰুণ স্মৃতিত তেখেতে প্ৰকাশ কৰি উলিয়াইছিল দীনেশ চন্দ্ৰ মিশ্ৰৰ জীৱনী (১৯৫৬)৷ কালক্ৰমত আন কেবাখনো গ্ৰন্থ তেখেতৰ কাপৰ পৰা ওলাবলৈ ধৰিলে৷ সমাজত তেখেতৰ এক নিজা পৰিচয়ো সৃষ্টি হ’ল৷ কিন্তু ১৯৬৮ চনত প্ৰকাশিত ‘মেক্মিম গৰ্কী’ শীৰ্ষক গ্ৰন্থখন প্ৰকাশৰ আগলৈকে শৰ্মাদেৱৰ আটাইবোৰ গ্ৰন্থই পৰম্পৰাগত পদ্ধতি আৰু চিন্তাৰ আছিল৷ মূলতঃ নিজৰ জীৱনৰ স’তে গৰ্কীৰ জীৱনৰ মিল বিচাৰি পাইছিল শৰ্মাদেৱে৷ দৰিদ্ৰতাৰ লগত আহৰহ যুঁজ দিয়া শৰ্মাদেৱৰ বাবে সেয়ে গৰ্কী আছিল আদৰ্শ পুৰুষ৷ গৰ্কীৰ সাহিত্যিক দৰ্শন সমাজতান্ত্ৰিক বাস্তৱবাদেই কালক্ৰমত শৰ্মাদেৱৰো ৰচনাৰ মূল দৰ্শন হৈ পৰিছিল৷ শশী শৰ্মাৰ মাক্সৰ্বাদৰ প্ৰতি থকা অগাধ আস্থা ‘গৰ্কী’ ৰচনাৰ সময়ৰ পৰাই গাঢ় হয় বুলি ভাবিবৰ থল আছে৷ কাৰণ ‘মেক্মিম গৰ্কী ৰচনাৰ সময়ত ৰুছিয়াৰ সমাজ, সাহিত্য, সংস্কৃতি, বিজ্ঞানৰ উন্নতি, যাৰ-উত্তৰ মানুহৰ বিকাশ আদিৰ বিষয়ে ব্যাপক পঢ়া-শুনা কৰিবলগীয়া হৈছিল আৰু সিয়েই তেখেতৰ মন সাম্যবাদৰ ফালে ঢাল খুৱাইছিল৷ এই গ্ৰন্থ ৰচনাৰ পাছৰে পৰা শমাৰ্দেৱৰ লেখাত মাক্সৰ্বাদী দৃষ্টিকোণ পৰিস্ফূট হয় আৰু সাহিত্য-সমাজ, সংস্কৃতি সন্দৰ্ভত তেখেতৰ বস্তুবাদী দৃষ্টিভংগীয়ে এক নতুন আয়তন লাভ কৰে৷ অৰ্থাৎ ক’বলৈ গ’লে ‘মেক্সিম গৰ্কী’ শমাৰ্দেৱৰ লেখক জীৱনৰ ‘টাৰ্নিং পইণ্ট’৷ এই গ্ৰন্থৰ বাবে তেখেতে ‘ছোভিয়েট দেশ নেহৰু বঁটা’ও লাভ কৰে৷ ১৯৭১ চনত তেখেতৰ কাপৰ পৰা ওলায় ‘লেনিন, ৰুচবিপ্লৱ আৰু ভাৰত’ নামৰ গ্ৰন্থখন৷ গ্ৰন্থখনে অসমৰ ভিতৰে-বাহিৰে কমিউনিজ্মৰ আৰ্দশৰ প্ৰচাৰক হিচাপে বিপুল খ্যাতি অৰ্জন কৰে৷ সেই সময়ৰ নলবাৰীৰ নিচিনা এখন ঠাইত এনে পুথি ৰচনাৰ কামত হাত দিয়াটোৱেই বিস্ময়জনক বুলি বিবেচিত হৈছিল! এনেকৈ শৰ্মাদেৱৰ নেক গ্ৰন্থ প্ৰকাশ পাবলৈ ধৰিলে৷ আটাইবোৰ গ্ৰন্থতেই শমাৰ্দেৱে মাক্সৰ্বাদী দৃষ্টিকোণ গ্ৰহণ কৰিলে৷ অৱশ্যে শৰ্মাদেৱে যে গ্ৰন্থ ৰচনাৰ কামতেই নিজকে ব্যস্ত ৰাখিছিল এনে নহয়- সমসাময়িক ৰজনৈতিক ঘটনাক্ৰমৰ সৈতেও তেখেত জড়িত হৈ পৰিছিল৷ ১৯৬৪ চনত ভাৰতৰ কমিউনিষ্ট পাটি চি. পি. আই. আৰু চি. পি. আই. (এম) নামেৰে দুভাগত বিভক্ত হয়৷ শৰ্মাদেৱে চি. পি. আই. (এম)-ৰ ঘোষিত আৰ্দশৰ প্ৰতি আকৃষ্ট হয়৷ ১৯৭২ চন মানৰেপৰাই চি. পি. আই. (এম)-ৰ স’তে তেখেতৰ সম্পৰ্ক স্থাপন হয়৷ ইতিমধ্যে আন ঘটনা কিছুমানে শমাৰ্দেৱৰে চি. পি. আই. (এম)-ৰ ঘনিষ্ঠতা বঢ়াই তুলিছিল৷ ইয়াৰ অন্যতম হ’ল জৰুৰীকালীন অৱস্থা৷ ১৯৭৫ চনৰ ২5 জুনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়৷ এই ঘোষণাৰ নেপথ্যত অৱশ্যেই তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৰাজনৈতিক তৎপৰতা সক্ৰিয় আছিল৷ সেই সময়তেই শাসকপক্ষক তোষামোদ কৰি অসমৰ এচাম কবি-সাহিত্যিক, শিল্পী, বিজ্ঞানী স্তাৱকত পৰিণত হৈছিল৷ বঁটা, বক্চিচ লাভৰ উদ্দেশ্যেৰেই এই বুদ্ধিজীৱীৰ দলটো শাসকৰ বন্দনাত মুখৰ হৈ উঠিছিল৷ এই সকলো বুদ্ধিজীৱীৰেই মুখা খুলি শশী শৰ্মাই ১৯৭৭ চনত লিখি উলিয়ালে ৩৭ পৃষ্ঠাৰ এখনি অকণমানি গ্ৰন্থ ‘জৰুৰীকালীন অৱস্থাত অসমীয়া বুদ্ধিজীৱীৰ ভূমিকা’৷ লগে লগে গ্ৰন্থখনে বামপন্থী মহলত এক আলোড়নৰ সৃষ্টি কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে গ্ৰন্থখনে অসমৰ উপৰি বংগৰ কমিউনিষ্ট সমাজৰ মাজতো শশী শমাৰ্ৰ গুৰুত্ব বৃদ্ধি কৰে৷ ফলস্বৰূপে, চি. পি. আই. (এম)-ৰ সদস্য পদ গ্ৰহণ কৰিবৰ বাবে শৰ্মাদেৱৰ ওপৰত পৰোক্ষ হেঁচা পৰে৷ শৰ্মাদেৱেও চি. পি. আই. (এম)-ৰ জৰিয়তেই ভাৰতত কমিউনিষ্ট আন্দোলনে গা কৰি উঠিব বুলি আশা কৰি ১৯৭৮ চনৰ নিবাৰ্চনত চি. পি. আই. (এম)-ক মুকলিকৈ সমৰ্থন জনায় আৰু সেই বছৰতেই দলৰ সদস্য পদ লাভ কৰে৷ ইয়াৰ পাছত শৰ্মাদেৱে কেবাখনো ৰাজনৈতিক ৰচনা প্ৰকাশ কৰে৷ অসম আন্দোলনৰ সময়ত ৰচিত ‘মানৱ বিদ্বেষ (১৯৮০), ‘আমি কি বিচাৰো’ (১৯৮১), অনুবাদ গ্ৰন্থ ‘লাগে, আমূল পৰিৱৰ্তন লাগে’ (১৯৭৮, মূল বাংলা- ৰঞ্জন চৌধুৰী) আৰু লি চাউ চি-ৰ ‘প্ৰকৃত কমিউনিষ্ট কেনেকৈ হ’ব পাৰি’ (১৯৮৩) ইত্যাদি গ্ৰন্থই শৰ্মাদেৱক বামপন্থী মহলৰ মাজত বিপুল জনপ্ৰিয় কৰি তোলাৰ বিপৰীতে অসম আন্দোলনকাৰীসকলৰ মাজত ‘মূৰৰ বিষ’ৰূপে পৰিগণিত কৰাইছিল!
‘মানৱ বিদ্বেষ’ নামৰ গ্ৰন্থখনত তেখেতে অন্যায় অনাচাৰ,
শোষণ-নিপীড়ণ, ভয়-ভাবুকিক চিৰদিনৰ কাৰণে
নাইকীয়া কৰি সমাজতন্ত্ৰ গঢ়াৰ হেঁপাহৰ সৰল বৰ্ণনা দিছে৷ ‘আমি
কি বিচাৰোঁ শীৰ্ষক গ্ৰন্থতো শোষণ-নিস্পেষণহীন বিশ্ব গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ বাবে
সমাজতান্ত্ৰিক বিপ্লৱৰ সূচনা কৰিবলৈ সকলোকে আহ্বান জনাইছে৷
‘ফেচীবাদ বনাম বাম-গণতান্ত্ৰিক মৰ্চা’ (১৯৮১)
গ্ৰন্থখন অসম আন্দোলনৰ সময়ৰ গুৰুত্বপূৰ্ণ ৰচনা৷ এই গ্ৰন্থত লেখকে ফেচীবাদৰ সৈতে
সমাজতন্ত্ৰৰ বিৰোধ সমূহ আঙুলিয়াই দিছে৷ ‘সংখ্যালঘু সমস্যা
সমাধানৰ গতিপথ’ (১৯৮০) শীৰ্ষক আন এখন ৰচনাত শমাৰ্দেৱে ‘সমাজতন্ত্ৰতহে সংখ্যালঘুসকলৰ দুখমোচন হ’ব’ বুলি মত প্ৰকাশ কৰিছে৷ মুঠতে, শৰ্মাদেৱৰ জীৱন পৰিক্ৰমা আলোচনা কৰিলে এই ৰচনাসমূহৰ মাজেৰে ফুটি উঠা
তেখেতৰ ৰাজনৈতিক দৰ্শন আমি আওকান কৰিব নোৱাৰোঁ৷ কাৰণ এই দৰ্শনেই হ’ল তেখেতৰ জীৱনৰ মূল চালিকা শক্তি৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা শিক্ষা
আহৰণ কৰি মাৰ্ক্সবাদত দীক্ষিত হৈ সৰ্বহাৰাৰ একনায়কত্ববাদ প্ৰতিষ্ঠাৰ সংগ্ৰামত
ব্ৰতী হোৱা শৰ্মাদেৱৰ জীৱন দৰ্শন সেয়েহে ঠুনুকা আৰু অলপতে বিচলিত হোৱা বিধৰ নহয়৷
ইয়াৰ ভেটি সুদৃঢ় আৰু সেইবাবেই সমাজৰ বিৰোধ, লাঞ্চনা,
গঞ্জনা সহ্য কৰিও লক্ষ্যপূৰণৰ বাবে শৰ্মাদেৱে কাম কৰি গৈছিল৷ এই
কথা আমি লাহে-লাহে বুজিব পাৰিম৷
(ক্ৰমশঃ)