অন্যযুগ/


শিলৰ সাধু

 প্ৰতীক্ষা বৰা



 

উজুটিটো ঠিক এইখিনিতেই খাবলগীয়া আছিল। মাজৰাস্তাত। শিলটো আগৰে পৰা আছিলে, মই দেখিও নেদেখাৰ ভাও জুৰিলোঁ। বোলো হা দৈ আজিয়েই খাই ল, কাইলৈ বপুৰা মাজ ৰাস্তাত পৰি থাকে নে নাথাকে ঠিক নাই!

সাধাৰণতে এনেকুৱা হয় যে দেখিও নেদেখাৰ ভাও জুৰিলে কথা - কাণ্ডত সেয়া ফুটি উঠে। যিহেতু আন্তৰিকতা বুলিবলৈ তাত বিশেষ নাথাকে, কামটো কৰি নিজৰ লগতে আনক ফাঁকি দিয়াৰ দৰে হৈ যায়। শিলটো সেইখিনিতে আছে বুলি জানিও উজুটিটো খাই চাওঁ বুলি আগবাঢ়ি যোৱা মানুহজনীয়ে আনকালতকৈ কষ্ট কম পাব লাগে, নিয়ম মতে। সিমাখিনি কথাই মোৰ মগজুত ক্ৰিয়া কৰি ঠিকেই আছিল। তাৰোপৰি শিলটো বেছ ডাঙৰো আছিল,  দূৰণিৰ পৰা স্ফটিকৰ দৰে জিলিকি আছিল।

মই তাৰ পৰা চাৰিমিটাৰমান আঁতৰত ৰৈ দুয়োটা চকু মুদি দিলোঁ, মগজুৰ পৰা মচি পেলালোঁ তাৰ অস্তিত্ব, পাহৰি পেলালোঁ যে উজুটি খাই দাঁতে মুখে ভাঙিলে ফলাফল কিমান ভয়ানক হ’ব পাৰে। মোৰ মানত সন্মুখৰ গোটেই ৰাস্তা এতিয়া কণ্টকহীন, সৰলৰৈখিক আৰু নিমজ। আগবাঢ়ি গৈ চিধা মাৰি দিলোঁগৈ। জেগাত পৰিল।

হামখুৰি খাই পৰিলোঁ, আগদাঁত দুটা কথমপি নাভাগিল। বোধকৰোঁ বুঢ়া আঙুলিৰ নখ এটা ছিগিল, ধূলিয়ৰি ৰাস্তাত তেজৰ সৰু ডোঙা এটা বন্ধা দেখিছিলোঁ। বিষত আঙুলিটো ফৰফৰাইছিল। বিষটো চেঁপি মই থৰক বৰক খোজেৰে সেইখিনিতে দুবাৰমান ঘূৰিলো, কিজানি ওচৰত ক’ৰবাত ঔষধিগুণযুক্ত বনৰীয়া গছ পাত পাওঁৱেই, তেজখিনি শুকালেই হ’ব। বিষক লৈ চিন্তা নাই। ওচৰত একো নাছিল, শুকান ৰাস্তাত বন এডালো গজা নাই। সোঁকাষে কোনোবাই আধাভঙা চিঁচাৰ বটল দুটামান আৰু প্লাষ্টিকৰ গিলাচ এসোপা আগৰাতি পেলাই থৈ গৈছিল, সেইবোৰৰ ভিতৰত এতিয়াও ৰঙীন পানীয়ৰ অৱশিষ্ট। দুহাত আঁতৰত পৰি থকা পানীয়খিনিৰ পৰাই সম্ভৱতঃ উৎকট গোন্ধ এটা আহি নাকত লাগিলেহি। গোন্ধটো কি সঁচাকৈয়ে গিলাচ, বটল বোৰৰ পৰাই আহিছে? সেইটো ইমান আঁতৰৰ পৰা আহি নাকত লগা গোন্ধ নহয়। তেন্তে ই কি মোৰ মনৰ ভ্ৰম! হ’বও পাৰে, কাৰণ এবাৰ যমুনামুখৰ পল্লৱ কোঁৱৰে মদ খাই ফোন লগাওঁতে মই সেই নিৰ্দিষ্ট গোন্ধটো ভেকেটকৈ নাকত লগাহি পাইছিলোঁ। দোৰোল খোৱা জিভাৰ মাজেদি পাকঘূৰ্ণি খাই অহা কথাবোৰে মোৰ চিন্তাত যিদৰে আউল লগাইছিল, একে সময়তে আমনি কৰিছিলহি সেই গোন্ধটোৱে। কিজানি মনৰ কোনোবাখিনিত দোৰোল খোৱা জিভাৰ মাতৰ লগত সংপৃক্ত হৈ আছে সেই নিৰ্দিষ্ট গোন্ধটো। শৈশৱৰ ঘৰখনৰ পিছফালে দমাই থোৱা চিঁচাৰ ৰঙীন বটলবোৰৰ স্মৃতিয়ে আমনি কৰিলেও মই সেই গোন্ধটো আহি নাকত লগাহি পাওঁ।

 

মূৰৰ ওপৰেদি ধৰফৰাই চৰাই এটা উৰি গ’ল। ইমান ডাঙৰ। কি বা! আকাশলৈ মূৰ তুলি চালোঁ, বহুদিনৰ মূৰত। দুই এঠাইত শুকুলা ডাৱৰে গোট মৰা নীলা আকাশ। উৰি যোৱা চৰাইটোৰ ঘূৰি অহাৰ নাম গোন্ধ নাই। সি অকলেই গোটেইখন ভ্ৰমি ফুৰিছেনে! যি নহওক, আকাশখনৰ কথা পাহৰি থকা হৈছিল ইটো সিটো চিন্তাৰ বোজাত। মূৰৰ ওপৰত লৈ ফুৰা বিশাল, বিস্তৃত সেইখনত অত সম্ভাৱনাৰ পথ মুকলি, যি ফালেই চোৱা সেইফালেই সম্ভাৱনা, অন্তহীন সপোনৰ চামিয়ানা। মহাশূণ‍্যৰ বিশালতা উপভোগ কৰোঁতে এনে লাগিল হাঁহিমুখীয়া ডাৱৰ এডোখৰে অলপ ৰৈ মোৰ ফালে চাই চকু টিপিয়ালে। লাজ লাগিল, হাঁহি দিলোঁইস্ উজুটিটো নোখোৱা হ’লে ক’ত এইবোৰ দেখা গ’ল হেঁতেন। এক্ষন্তেকলৈ বিষটো পাহৰাৰ পৰত মোৰ শিলটোলৈ মৰম উপজিল, চকচকীয়া, মিহি, স্থিতপ্ৰজ্ঞ, নিৰ্মম, দুৰ্দান্ত এটা শিল। কোনে বা আহি মাজৰাস্তাতে পাতি থৈ গ’ল। এতিয়া সি ইয়াতে তাৰ সমস্ত গাম্ভীৰ্যৰে বহি আধিপত‍্য বিস্তাৰ কৰাত লাগিছে।

লাহেকৈ তাক ক’লোঁ – “ইমান অহংকাৰী নহ’বা শিল। কোনোবাই আহি এইখিনিৰ পৰা আঁতৰাই দিলেই তুমি আৰু কাকো হামখুৰি খোৱাই পেলাব নোৱাৰা৷”

শিল নিমাত। শিল যে! এইডাললৈ মোৰ কিয় মৰম উপজিল! ধিক্কাৰ দিলোঁ নিজক, এতিয়া ভৰিৰ তেজডোঙা কোনে ৰখাই? শিলে? তেজডোঙা বহল হৈ গৈ থাকিল, গৈ গৈ সি গোটেই ৰাস্তাটো সোঁৱে বাঁৱে জুৰি পৰিল। আঙুলিৰ বিষটোও সমান্তৰালভাৱে বাঢ়ি গৈ থাকিল, এসময়ত মোৰ এনে লাগিল যেন মোৰ জ্বৰ উঠিছে। জিকাৰ খাই খাই মই সেইখিনিতে বহি পৰিলোঁ, মুখৰ আগত শিলটো নিমাত নিস্তব্ধ হৈ পৰি থাকিল।

শিলবোৰ হেনোঁ পুৰাকথাৰ ভাণ্ডাৰ। সাতপুৰুষে নেদেখা, নজনা কথা শিলে দেখে, শিলে জানে। শিল বোলে ভৱিষ‍্যতদ্ৰষ্টাও, আজিৰ পৰা হাজাৰ বছৰৰ পিছত হ’ব লগীয়া পৰিঘটনাতো শিলৰে অৱদান থাকিব। মই তেজ মঙহৰ জীয়া মানুহজনীয়ে কিয়েইবা পাম এইবোৰ কথাৰ আঁতি গুৰি! যি নিজক বুজাওঁতে, বুজোঁতেই পাৰ কৰি দিছে অতটা বছৰ।

নিজ সত্তাৰ এক অংশক বিচ্ছিন্ন কৰি এৰি দিলোঁ দিক্‌-বিদিক মনিব নোৱাৰা দূৰ অতীতলৈ। সি বৰনৈত জাঁপ দিলে, সাতুঁৰি নাদুৰি গৈ ক’ৰবাৰ পাৰত লাগি ৰ’ল, তাৰপৰা উঠি সি দৌৰিলে -- গাঁও, ভূঁই, পৰ্বত, পাহাৰ, কন্দৰ, গিৰিখাত, উপত‍্যকা, বনাঞ্চল, সকলো অতিক্ৰম কৰি সি বৰফৰ ৰাজ‍্য এখন পালেগৈ, বৰফৰ মাজত গোট মৰা ফচিল খান্দি, ফচিলবোৰক বুকুত সাৱটি সি দৌৰিলে পুনৰ। দুখন টেকটনিক প্লেটে আহি খুন্দা মৰা খিনিতে সি ভূগৰ্ভৰ হিল্লোল শুনিলে, গুৰুম-গাৰাম শব্দ কৰি মাটি ফুটি ক’ৰবাত পানী ওলাল, ক’ৰবাত গিৰিৰাজে মূৰ ডাঙি থিয় দিলে। উৰি যোৱাৰ দৰে গৈ সি এক বিশাল জলাশয়ৰ বুকুত পানী ঘেদালি ফুৰিবলৈ ল’লে। পৃথিৱীৰ আদিমতম জীৱকুলৰ প্ৰাণস্পন্দন শুনি সি জীৱনৰ প্ৰতি আশ্চৰ্যবোধ কৰিলে। জীৱনৰ প্ৰতি হঠাৎ গঢ় লৈ উঠা এক সন্মোহনে তাক জলাশয়ৰ বুকুত বিচৰণ কৰি থকাৰ পৰা উঠাই আনিলে। তাৰ অনুভৱ হ’ল যে দেখিবলগীয়া, জানিবলগীয়া, অনুভৱ কৰিবলগীয়া আৰু কিবা আছে। তেনেতে প্ৰাচীন ৰাজ‍্য এখনে তাক হাত বাউল দি মাতিলে। সি ছঁয়া ময়াকৈ দেখিলে এখন অৰণ‍্য, সূৰ্য‍্যৰ কিৰণ সোমাব নোৱাৰা অৰণ‍্যানীৰ মাজত মুক্ত মনে বিচৰণ কৰিছে বল্কল পৰিহিত এদল মানুহে। সিহঁতৰ হাতত  যাঠি, জোং, কাঁড়, কান্ধত খাদ‍্যৰ বাবে চিকাৰ কৰি অনা জন্তুৰ শ। পুৰুষ নাৰী উভয়ৰে জঁট বন্ধা মদৰুৱা বৰণৰ চুলি, পেশীবহুল শৰীৰ, কঁকালৰ পৰা উপৰভাগ উন্মুক্ত। লজ্জা কেৱল নিম্নাংশত বিৰাজমান। সমাজ আৰু সভ‍্যতা গঠনৰো পূৰ্বৰ এদল মানুহ, মানুহৰ আদিম পৰ্যায়। দলটোক দেখি বিচ্ছিন্ন সত্তাই মুক্ত অনুভৱ কৰিলে, নিয়ম কানুনৰ অধীনত যেন একোৱেই আৰু নাই। সি দৌৰি যোৱাদি জাকটোৰ কাষ চাপি গ’ল।

শিলটো ইয়াতো আছিল। তেতিয়া সি শিললৈ ৰূপান্তৰ হোৱাৰ প্ৰক্ৰিয়াৰ মাজেদি অদ্ভুত কিছুমান সময়প্ৰবাহৰ সাক্ষী হ’ব লগীয়াত পৰিছিল। তেতিয়া সি সম্পূৰ্ণ ৰূপে শিল হৈ পৰা নাছিল। সেই যে দলটো, তাৰ নেত্ৰী যিগৰাকী মহিলা, তেওঁ সন্তানসম্ভৱা। সন্তানটি কাৰ তেওঁ নাজানে, জনাৰ প্ৰয়োজনো অনুভৱ নকৰে। এই লৈ তেওঁ দলটোৰ এজনৰো উৎসুকতা নাই। সম্পূৰ্ণ এক জৈৱিক প্ৰক্ৰিয়াক লৈ কোনে প্ৰশ্ন তুলিব পাৰে! মহিলাগৰাকী ইতিমধ‍্যে ভিন্ন ঔৰজাত পাঁচটা সন্তানৰ মাতৃ, পাঁচোটাকৈ সন্তান জন্ম দিও তেওঁৰ দেহ কি আটিল, আকৰ্ষণীয়! শাৰিৰীক পৰিশ্ৰম আৰু সুষম আহাৰে তেওঁক সুশ্ৰী কৰি ৰাখিছে। শুনা মতে ছয় নম্বৰ সন্তানটি তেওঁৰ বৰ্তমানৰ প্ৰেমিকৰ ফালৰ হোৱাৰ সম্ভাৱনাই অধিক, যি তেওঁৰে অধীনত থকা দলটোৰ এক সদস‍্য। দলটোৰ আন সদস‍্যসকলৰ এই লৈ কোনো আখেজ বা হীনমন‍্যতাবোধ নাই। কাৰণ দলটোৰ প্ৰত‍্যেক গৰাকী নাৰীয়ে এজন বা তাতোধিক প্ৰেমিক নিজ ইচ্ছামতে ৰাখিব পাৰে। সেইদৰে পুৰুষেও পাৰে। মৰম যে নিয়মবহিৰ্ভূত বস্তু এয়া তেওঁলোকে জীৱন ধাৰণৰ মাজেদি বহুত সুন্দৰকৈ আয়ত্ব কৰি পেলাইছে। আজি যদি নেত্ৰী তেওঁৰ বৰ্তমানৰ প্ৰেমিকৰ, কাইলৈ ইচ্ছা কৰিলে তেওঁ আন পুৰুষসকলৰ মাজৰো এজনৰ।

সম্পূৰ্ণৰূপে শিল হৈ পৰালৈ সি আন এখন জগতৰ মুখামুখি হ’ব লগা হ’ল। এতিয়া সমাজ নিৰ্ধাৰিত কিছুমান নিয়ম শৃংখলাৰ মাজেদি মানুহে জীৱন নিৰ্বাহ কৰে। কিছুমান আনুষ্ঠানিকতা পালন নকৰাকৈ কেতবোৰ কাম কৰাৰ পৰা বিৰত থাকে। থকা, খোৱা, বিচৰণ কৰাৰ কিছুমান বিশিষ্ট শৈলীৰ আৱিৰ্ভাৱ হ’ল। এতিয়া মানুহ সভ‍্য হ’ল। যুদ্ধ - শান্তি, জয় - পৰাজয়, প্ৰেম - প্ৰত‍্যাখ‍্যান, উচ্চ - নীচ, ভিন্ন মতাদৰ্শ, সাহিত‍্য, দৰ্শন, জ্ঞান - বিজ্ঞানৰ নিত‍্য নতুন লহৰৰ সৈতে বাট বুলোঁতে সি মোকাবিলা কৰিলে শত বসন্তৰ কোমলতা, গ্ৰীষ্মৰ প্ৰখৰ উত্তাপ কিম্বা ঠেৰেঙা লগা শীত। কেতিয়াবা সি পোত গ’ল এহাত মাটিৰ তলত, আন কেতিয়াবা পানীয়ে ধুৱাই তাক নৈত পেলালেগৈ। ৰওঁ ৰওঁতে তাৰ আধা ক্ষয় গ’ল, শীত তাপে অগা-পিছাকৈ সঘনাই খুন্দোতে সি কোনোমতে গুৰি নোহোৱাৰ পৰা বাচিল। সি দেখিলে মানুহবোৰ যান্ত্ৰিক হোৱা, সম্পৰ্কৰ মাত্ৰাবোৰ সলনি হোৱা, অহা আৰু যোৱাৰ এই চিৰন্তন প্ৰক্ৰিয়াটোৰ সি অবোধ সাক্ষী হৈ ৰ’ল।

 

এইখন সমাজতে একৈশ বছৰীয়া ডেকা এজনে একত্ৰিশ বছৰীয়া বাঁৰী তিৰোতা এগৰাকীৰ প্ৰেমত মত্ত হ’ল। তিৰোতাগৰাকী এজনী তিনি বছৰীয়া ছোৱালী মাতৃ। বহুত ভাবি গুণি তেওঁ নতুনকৈ গঢ় লৈ উঠা সম্বন্ধটোক ন ধৰালে, টুলুং ভুটুং নাৱত উঠি প্ৰেম আগবাঢ়িল। নাৱত মাজে সময়ে বলা জুৰীয়া বতাহজাকৰ আঁত ধৰি এদিন তেওঁ আৱিষ্কাৰ কৰিলে, গৰ্ভৰ উৰ্বৰতাত সঞ্চাৰিত হৈছে নতুন বীজ। জেং লাগিল। একৈশ বছৰীয়া ডেকাই এতিয়া বিয়া পাতি প্ৰেমিকাৰ নাকটো বচাবনে সন্মুখত পৰি থকা বিস্তৰ জীৱন এটাক সংসাৰ ধৰ্ম পালনৰ স্বাৰ্থত জলাঞ্জলি দিব। পিছৰটো হোৱা কোনেও নিবিচাৰে; না ডেকাই না প্ৰেমিকাই। ফলত, সেইটো অধ‍্যায়ৰ সামৰণি সিমানতে পৰিল। ৰাতিলৈ প্ৰেমিকাই ঔষধ খালে। কলংক আঁতৰিল।

দৈহিক আৰু আন্তৰিকৰ পৰিসীমা মাপোতে সমাজখনৰ খেলিমেলি লাগিল, কিছুমান কথা গাপ দিয়া হ’ল, নিষিদ্ধ ৰূপ লৈ চেঁপা কণ্ঠেৰে নিগৰিল সৎ - অসৰ দস্তাবেজ। অহুকাণে পহুকাণে ৰসোত্তীৰ্ণ মেলত কথাবোৰৰ গোপন আলচ চলিল। পোৱাবোৰক হানি খুঁচি নোপোৱাবোৰে সকাহ পালে। বান্ধি দিয়া নিয়মবোৰ আৰামদায়ক আৰু মধ‍্যবিত্তীয় জীৱনচেতনাই সাৰ পানী দিয়া সহজাত মানুহখিনিৰ বাবে আৰাম সূচল অৱস্থান। অতীত পাহৰি একৈশ বছৰীয়া তৰুণে জীৱন গঢ়াত মনোনিবেশ কৰিলে। এগালমান আঙুলি বন্দুকৰ নলীৰ দৰে নিজৰ ফালে পোন হৈ থকাৰ স্বত্বেও তিনি বছৰীয়া ছোৱালীটিক লৈ যুৱতী ব‍্যস্ত হৈ পৰিল। লাওপাত কচুপাত মুখ এখন আৰু কাকো খাতিৰ নকৰা মনোভাৱক ঢাল বনাই তাই যুঁজিবলৈ সাজু হ’ল। যুঁজৰ মাজতে নিশ্চয় তাই পুনৰ প্ৰেমত পৰিছিল, নপৰিলে হ’বনে! তাইৰ জীৱনৰ আগন্তুকসকলক মোৰ চাই থাকিবৰ নহ’ল। শিলটোৱে জানি থোৱা সকলো কথা মই নাজানিলেও হ’ব।

জ্ঞানপূৰ্ণ, অভিজ্ঞতাপুষ্ট এটা শিলৰ বাবে অহংকাৰ শিৰৰ ভূষণ। ইহকাল পৰকাললৈ সি আধিপত‍্য বিস্তাৰ নকৰি কিয়েইবা কৰিব!

অনাই বনাই ফুৰা সত্তাক একে আঁজোৰে টানি আনি থান-থিত লগালো। শিল এটাক কেন্দ্ৰ কৰিনো কিমান গল্প কৰিম। নীৰৱ সাক্ষী হৈ ৰোৱাৰ বাহিৰে যাৰ এই বিচিত্ৰ জীৱকুলৰ প্ৰতি লেখমাত্ৰও অৱদান নাই।

আঙুলিৰ বিষটোৰ অৱস্থিতিয়ে পুনৰ উক দিলে। জ্বৰ জ্বৰ ভাৱটো মূৰলৈকে উঠি বহিল। হাত ভৰিবোৰত কঁপনি অনুভৱ কৰিলোঁ। তুমি মোক কষ্ট দিছা শিল৷” মোৰ চকুপানীত শিলটো ধূসৰ হৈ আহিল। মূৰৰ ওপৰেদি আৰু এটা চৰাই ধৰফৰাই পাৰ হৈ গ’ল, তাৰ দুপাখিৰ শীতল বা মোৰ মূৰত লাগিল। অলপ জিৰালোঁ, এসোঁতা কান্দিলো, অলপ অনুশোচনা হ’ল। তেজডোঙা আগবাঢ়ি গৈয়েই থাকিল, গৈয়েই থাকিল।

: চৰাই, মোৰ ঘাঁ টুকুৰা শুকাবনে?

চৰাইৰ নাম গোন্ধ নাই, উৰি গ’ল।

: ডাৱৰ, শুকাবনে এই ঘাঁ?

ডাৱৰ খহি পৰিল বৰষুণ হৈ, মোৰ গা তিতিল।

দোষ কাৰ আছিল? বৰষুণৰ টোপালবোৰে ফুচফুচাই  সোধে। লাহেকৈ হেঁচুকি দিয়ে -- ‘বুদ্ধুজনী ক’ৰবাৰ? আপদ চপাই মজা লাগে হাঁ?"

আপদেইতো সকলো। শিল এটাৰ অদৃশ‍্য হাতখন ধৰি যি ওপৰ তল কৰি ফুৰিলোঁ, সেইবোৰ নকৰা হ’লেওনো কোনখন শাস্ত্ৰ অশুদ্ধ হ’ল হেঁতেন! ভূ-পৃষ্ঠত এনে কত সদা সতৰ্ক মানৱ-মানৱী আছে, যি আপদ আঁতৰত দেখিলেই চাইড কাটি দিয়ে, যথোপযুক্ত চেনিটাইজাৰ, মাস্ক পৰিধান কৰি আপদৰ দ্বাৰা হ’ব পৰা যিকোনো বেমাৰৰ পৰা বাচি থাকে। আমি হ’লোঁ হিতে বিপৰীত জীৱ, আমি কাহিনী বিচাৰি নৰ্দমাত ভৰি দিওঁ, উজুটিত তেজৰ ডোঙা বন্ধাওঁ, দিন ৰাতিৰ হিচাপ হেৰুৱাওঁ, অঁকৰা মৈত উঠাৰ দৰে হকা বাধা নামানি চৰি ফুৰোঁ। অৱশ‍্যে এই আপদবোৰৰ সৈতে ল’ৰা ধেমালি কৰাৰ যি মাদকতা, সেয়া চাইড কাটি পাৰ হৈ যোৱাসকলৰ বোধৰ বাহিৰত।

বৰষুণৰ টোপালে পখালি পেলালে ঘাঁ, ধুই নিকা কৰিলে তেজৰ ডোঙা। ছাটিফুটি গৰমটোও কমিল।

এক গভীৰ ভ্ৰমৰ মাজৰ পৰা আকস্মাৎ সাৰ পোৱা যেন লাগিল। বৰষুণ দিয়াৰ ফলত ৰাস্তাৰ ধূলিবোৰ মাৰ গ’ল, গছ-বিৰিখত ধূলিৰ চামনি আঁতৰি পৰিষ্কাৰ হ’ল। শুকান মাটিত প্ৰথমজাক বৰষুণ পৰিলে যি জেকা গোন্ধে নাকৰ বিন্ধাইদি সোমাই আমনি কৰেহি, সেই গোন্ধ উজাই লওঁতে দিনটোৰ সমস্ত অৱসাদ দূৰ হোৱা যেন লাগিল।

: শিল, শিল ক’ত?

: আমি বৰষি থাকোতেই কোনোবা আহিছিল, বাটত পাই শিলটোক একে গোৰে খালত পেলাই দিলে।

: কিয়!

: আমনি কৰিছিল শিলে। ওভটগোৰে নাচিছিল।

: মৰম লাগিছিল তালৈ।

: নহয়, তোমাৰ জঁক উঠিছিল। এতিয়া সামৰা।

সামৰি-সুতৰি ঘৰ পাওঁ মানে আন্ধাৰ নামিল। জঁক উঠা মানুহে বোলে সেইখিনি সময়ৰ কথা একো মনত নাৰাখে, মনত ৰাখে আনে। কিন্তু মোৰ ক্ষেত্ৰত তেনে নহ’ল। শিলৰ সাধুটো এতিয়া মই অ’ত একামোৰ, ত’ত একামোৰ মাৰি চোবাই চোবাই লদিয়াই থাকোঁ।

(সমাপ্ত)

ভ্ৰাম্যভাষ : ৮০৭৬৭৬৪৮৪১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ