নিৰু দত্ত
ক ই ভাল পাই কল
খাবলৈ
খ য়ে
পালেই দিয়ে খেদা
গ
য়ে গবামাৰি ধৰে
ঘ য়ে দিয়ে ঘনাই ঘোচা ।
ঙ থাকে পাগুৰি মাৰি
চ থাকে
উচপ খাই
ছ
ৰ খহু উঠিছে
বিষত তত নাই।
জ ই ভাজিছে পঁকোৱা জেলেপি
ঝ ই আছিল ঝাড়ু মাৰি
ঞ
ই মাতিলে চিঞৰি চিঞৰি
বাহিৰত কাকো নেদেখি।
ট বৰ তজবজীয়া
ঠ ৰ কি চাবা
ভাঁজ
ড ৰ'ল ডৰক মাৰি
ডবাৰ কোবত লাগিল সাঁজ ।
ঢ
ৰ ঢোল বাদন শুনি
ণ ই কাণত লগায় ঠিলা
ত ওলাল তিলনি খাবলৈ
মিটিৰ
দূৰণিবটীয়া ।
থ ৰ
হাতত থৈলাটো দেখি
দ য়ে দকাহকা দিয়ে
উখনা উখনি সহিব নোৱাৰি
ধ য়ে ধমক দিলে
দুয়োকে ।
ন গৈছিল ন-ভূঁই ৰুবলৈ
প হঁতৰ
পথাৰত বোকা
পৰিল
পিচে পিচল খাই
ফ ৰ ফকটীয়া কথা চোকা ।
ব ই বহাতে কৰিলে বমি
ভ ৰো ভীষণ
জ্বৰ
ম ই
খুৱালে দৰৱ-জাতি
কাৰো নালাগক নজৰ।
য পালেগৈ যমুনামুখ
ৰ য়ে চলোৱা
ৰথত উঠি
ল আহিল
লৱৰি-ধাপৰি
হাতত এখন চিঠি।
ৱ ই মৰমতে ধৰিলে
সাৱতি
শ আছিল
শৱাসনত পৰি
ষ
আছে ষাঁড়ৰ ছবিত
শতেক বছৰ ধৰি ।
স ই বোলে কামটো সহজ
হ ক হেঁচুকি
নিয়া
ক্ষ ৰ
ঘৰত ক্ষীৰ পগাইছে
যিমান পাৰা খোৱা।
ড় গাড়ীৰ পাছত বহে
ঢ় ই পঢ়ে
চিঞৰি
অকণমান যদি
যতি পৰে
য় ই দিয়ে
সিঁয়াৰি ।
তৎ ভৎ খাই দৌৰে হসন্ত ৎ
অনুস্বৰে
পেংলাই কৰে
উঃ
আঃ গেলা গৰমত
বৰষুণত শাঁত পৰে ।
নামৰ আগত ছন্দ
বিন্দু ঁ
পৰলোকত পালে
ঠাই
নাকি সুৰীয়া মাত দিবা
আখৰৰ
ওপৰত পাই।
মাত্ৰা
নিদিবা য'তে ত'তে
ব্যঞ্জন
বৰ্ণ বিধি মানি
ভাষাৰ কালিকা সঠিক উচ্চাৰণ
তেহে কাললৈ থাকিব জিনি ।
সৱদি সুৰীয়া ভাষা
অসমীয়া
যুক্তাক্ষৰে
ৰহণ চৰায়
ঊৰ্ধ কমা স্থানত নপৰিলে
শব্দটিয়ে অৰ্থ সলায় ।
***
সৰুপথাৰৰ
-৭৮৫৬০১
গোলাঘাট
৭০০২২৪১১৪৫