(৩)
নৱনীতা ভট্টাচাৰ্য্য
আজি ভাষণটোৰ তৃতীয় তথা শেষৰ অংশটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ৷ ভাষণটোৰ শেষৰছোৱাত তেওঁ অসমীয়া ভাষাৰ উন্নতিৰ বাবে কি কৰা উচিত সেই বিষয়ে আলোচনা কৰিছিল৷ তেওঁ প্ৰথমতে অসমীয়া ভাষাৰ উন্নতিৰ হকে কাম কৰা সেই সময়ত প্ৰচলিত আলোচনী আৰু বাতৰিকাকতৰ নামৰ তালিকা এখন ৰাইজৰ আগত দাঙি ধৰিছিল৷ সেই তালিকাখনত তেওঁ মুঠতে ১৮ খন বাতৰিকাকত আৰু আলোচনীৰ নাম উল্লেখ কৰাৰ লগতে সিবিলাক কোন চনত প্ৰকাশ হৈছিল, ক’ৰ পৰা প্রকাশ হৈছিল, সম্পাদক কোন আছিল, কোন চনলৈ প্ৰচাৰ হৈছিল ইত্যাদি সকলো তথ্য দাঙি ধৰিছিল৷ বেছি দীঘলীয়া হ’ব বুলি ভাবিয়ে সেই তালিকাখন ইয়াত নিদিওঁ৷ আলোচনী আৰু বাতৰিকাকত আদিৰ বিষয়ে আলোচনা কৰাৰ পাছত তেওঁ সাহিত্য সন্মিলনীৰ বিষয়ে ব্যাখ্যা কৰিছিল৷ তেওঁ কৈছিল যে, ১৮৮৫ চনত কলিকতাপ্ৰৱাসী অসমীয়া কলেজীয়া ছাত্ৰসকলৰ উদ্যোগত “অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা” গঠন হৈছিল৷ লাহে লাহে এই সভাৰ ঠাল-ঠেঙুলি বাঢ়ি অসমৰ বিভিন্ন ঠাইত ইয়াৰ কেন্দ্ৰ স্থাপন হয়৷ কলিকতাত প্ৰতিষ্ঠিত এই সভাই অসমীয়া ভাষাৰ উন্নতিৰ হকে বহুতো কাম কৰি গৈছে৷ ইয়াৰ পাছত লম্বোদৰ বৰাদেৱৰ উদ্যোগত তেজপুৰত প্ৰতিষ্ঠা কৰা এই সভাই বহু উপকাৰ সাধিছে বুলি তেওঁ ভাষণত উল্লেখ কৰিছে৷ লম্বোদৰ বৰাৰ পাছত পদ্মনাথ গোহাঞিবৰুৱাদেৱে ১৭ বছৰ কাল এই সভাখনৰ সম্পাদক হিচাপে কাম কৰিছিল৷ তেওঁ এইখিনিতে আক্ষেপ কৰি কৈছে যে অসমত শিক্ষিত যুৱকৰ সংখ্যা বাঢ়িছে যদিও এই সভা-সমিতিসমূহৰ শ্ৰীবৃদ্ধি আশা কৰা ধৰণে হোৱা নাই৷ তথাপি ১৮৭২ চনত যেতিয়া অসমৰ বিদ্যালয়, আদালত আদিত পুনৰ অসমীয়া ভাষা প্ৰচলন হ’বলৈ আৰম্ভ হয় তেতিয়া বঙলা ভাষাৰ সমৰ্থকসকলে কাগজে-কলমে তৰ্কযুদ্ধ আৰম্ভ কৰিছিল৷ সেই সময়ত “অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা”বিলাকে অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰিবলৈ এক সবল ভূমিকা পালন কৰিছিল। ফলত অসমীয়া ভাষাৰ ওপৰত অহা সেই ধুমহাৰ অন্ত পৰিছিল আৰু বঙ্গভাষী সাহিত্যিকসকলেও অসমীয়া ভাষাক স্বতস্তৰীয়া ভাষা বুলি মুক্তকণ্ঠে স্বীকাৰ কৰিছিল৷ মাতৃভাষা আৰু জাতীয় সাহিত্যৰ অনুৰাগী অসমীয়া সাহিত্যিকসকলৰ আৰু পৰোপকাৰী পাদ্ৰী চাহাবসকলৰ যত্নত অসমীয়া ভাষা পুনৰ ৰাজভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল যদিও অসমীয়া ভাষাক পতিত অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ ভাষণৰ যোগেদিয়ে আহ্বান জনাইছিল৷ তেওঁ কৈছিল যে শংকৰী যুগৰ সাহিত্য যেনেকৈ সমাজ বন্ধন আৰু জাতীয় জীৱন সংগঠনত কৃতকাৰ্য হৈছিল তেনেদৰে বৰ্তমান যুগৰ সাহিত্যই কৰিব পৰা নাই৷ এই বিষয়ে পৰ্যালোচনা হোৱা দৰকাৰ বুলি কৈ তেওঁ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ কেন্দ্ৰসমূহ পুনৰ সজাগ কৰি তুলিবলৈ আৰু যিবোৰ অঞ্চলত এই অনুষ্ঠান নাই তাত নতুনকৈ স্থাপন কৰিবলৈ কৈছিল৷ এই শাখা-প্ৰশাখাবোৰে সাহিত্যৰ উন্নতিৰ হকে কাম কৰি যাব লাগে আৰু যিবোৰ বিষয়ত সদৌ অসমৰ মত আৱশ্যক হয় সেইবোৰ সাহিত্য সন্মিলনীৰ বছেৰেকীয়া সভালৈ সাঁচি থ’ব লাগে বুলি কৈছিল৷ এনেদৰে তেওঁ জাতীয় সাহিত্যক বৰ্তমানৰ পতিত অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ কি লাগে তাক পৰ্যালোচনা কৰা উচিত বুলি উল্লেখ কৰিছে৷ তেওঁ নবীন আৰু প্ৰবীণ সাহিত্যিকসকলকো সাহিত্যৰ-ভঁৰালৰ অভাৱবোৰ গুচাবলৈ দেহে-মনে কাম কৰিবলৈ অনুৰোধ কৰি কৈছিল, “আহক, আমি প্ৰত্যেকে নিজৰ শক্তি আৰু ৰুচি অনুযায়ী ভাগে ভাগে আমাৰ সাহিত্যৰ বেলেগ বেলেগ জ্ঞান-বিভাগৰ অভাব পূৰাবলৈ লাগি যাওঁহঁক। আমাৰ সাহিত্য-ভঁড়াললৈ কাব্য, অলংকাৰ, ইতিহাস, পুৰাতত্ত্ব, দৰ্শন, বিজ্ঞান, মনৱতত্ত্ব ইত্যাদি বিষয়ক গ্রন্থৰ সৰু-বৰ ডাঙৰি কঢ়িয়াই তাক বাহিৰে-ভিতৰে ডাঙৰ কৰিবলৈ দেহ-মন উছৰ্গি দিওঁহঁক, যাৰ প্ৰতিভা আছে মৌলিক গ্ৰন্থ প্ৰণয়ন কৰি আৰু যাৰ অধ্যৱসায় আছে তেওঁ অনুবাদ প্ৰচাৰ কৰি জাতীয় সাহিত্য চহকী কৰিবলৈ প্ৰতিশ্ৰুত হওঁহঁক৷”
ইয়াৰ পাছত তেওঁ সাহিত্যৰ উন্নতিৰ বাবে পুঁজিৰ প্ৰয়োজনীয়তাৰ কথা কৈছে৷ তেওঁ ভাষণত কৈছে যে অসমত ‘আকালো নাই ভঁৰালো নাই’৷ তেওঁ কৈছে যে অসমত ধনী লোকৰ সংখ্যা কম যদিও তেওঁলোকক সাধ্য অনুসাৰে অসমীয়া সাহিত্যৰ উন্নতিৰ হকে কাম কৰিবলৈ তেওঁ আহ্বান জনাইছে৷ দেশহৈতৈষী ধনী লোকৰ পৰা উৎসাহ পালে আমাৰ সাহিত্য দিনক দিনে সবল হৈ উঠিব৷ তাৰ লগতে তেওঁ অসমীয়া পাঠকসকলক নিজৰ উন্নতি আৰু সমাজৰ উপকাৰৰ উদ্দেশ্যে আৰু জাতীয় সাহিত্যৰ ভেঁটি গঢ়িবৰ মানসৰে মাতৃভাষাত ৰচিত সকলো বিধৰ পুথি কিনি পঢ়িবলৈ অনুৰোধ কৰিছে৷ তেওঁ লেখকসকলক উদ্দেশ্যি কৈছে যে তেওঁলোকে এনে গ্ৰন্থ ৰচনা কৰা উচিত, যিয়ে জনসাধাৰণৰ মন আকৰ্ষণ কৰিব পাৰে, আমাৰ সাহিত্যৰ পুষ্টিসাধন হয় আৰু জাতীয় জীৱন সুগঢ়িত হোৱা সম্ভৱ হয়৷ তেওঁ আকৌ কৈছে যে ধনেই ধৰ্মৰ মূল৷ অৰ্থাৎ অকামিলাকৈ ধন সাঁচি থোৱা মানে অধৰ্ম কৰাহে হয়৷ সেইবাবে ধনৰ সজ ব্যৱহাৰ কৰিব লাগে৷ জাতীয় সাহিত্যৰ উন্নতিত লগোৱাতকৈ সজ কাম কি হ’ব পাৰে? ইতিহাসেও কয় সাহিত্যসেৱীসকলে সততে ধনীসকলৰ আশ্ৰয়ত উদগতি লাভ কৰি আহিছে৷ এনে উদাহৰণ আমাৰ সমাজত বহুতো আছে৷ বিক্ৰমাদিত্যৰ আশ্ৰয়ত নৱৰত্ন, ৰজা কৃষ্ণচন্দ্ৰৰ আশ্ৰয়ত ভাৰতচন্দ্ৰ, মহাৰাজ নৰনাৰায়ণৰ আশ্ৰয়ত শংকৰ-মাধৱ, ৰামসৰস্বতী আদি জ্বলন্ত উদাহৰণ৷ তেওঁ সেই সময়ৰ তেনে দেশহিতৈষী ধনী লোকৰ কথাও উল্লেখ কৰিছে৷ ইয়াৰ পাছত তেওঁ আমাৰ ছাত্ৰ সমাজ সাহিত্যৰ উন্নতিৰ হকে কাম কৰিবলৈ উঠি অহাটো এটা অতি শুভ লক্ষণ বুলি কৈছে৷ আৰু জাতীয় জীৱনৰ উন্নতি সাধিবলৈ যথেষ্ট বল পোৱা যাব বুলি কৈছে৷ সেইবাবে তেওঁ হতাশ নহৈ সকলোকে একেলগে আগ বাঢ়িবলৈ কৈছে৷ তেহে পূৰ্বৰ গৌৰৱ ঘূৰি আহিব, সমাজ আগৰ দৰে সুগঠিত হ’ব আৰু আমাৰ সমাজ জীৱন আগৰ তেজেৰে তেজীয়ান হৈ জিলিকিব৷ এনেদৰে তেওঁ ভাষণৰ সামৰণি মাৰিছে৷