নৱনীতা ভট্টাচাৰ্য্য
খণ্ড-৫
শীতকালৰ দিনবোৰ যে ইমান চুটি, ৰিণিৰ একেবাৰে ভাল নালাগে৷ স্কুলৰ পৰা আহি ভাত-পানী খাই জিৰাই-শতাই লোৱা মানে সূৰ্য বুৰ যাবৰে হয় আৰু তাৰ লগে লগে শীত নামি আহে৷ খেলিবলৈ সময়েই নাপায়৷ ইফালে সাজ লাগে কি নালাগে, মাকে আকৌ তাইক নানা অজুহাত দেখুৱাই ভিতৰলৈ মাতি আনে৷ 'মূৰত নিয়ৰ পৰিব, কাণত বতাহ সোমাব' ইত্যাদি কিমান যে অজুহাত! সুন্দৰ আবেলিটো উপভোগ কৰিবলৈকে নাপায়৷ ৰিণিয়ে আকৌ এই কথাটো একেবাৰে ভাল নাপায়৷ এই সময়ত কাৰ নো ভিতৰত সোমাই থাকিবলৈ মন যাব! বিশেষকৈ বাগিচাখনত সোমালে ওলাবলৈ মন নাযায়৷ ৰং-বিৰঙৰ ফুলবোৰৰ মাজে মাজে উৰি ফুৰা পখিলাবোৰ চাই কিমান যে ভাল লাগে! সেইবাবে সুযোগ পালেই ৰিণিয়ে বাগিচাখনত ঘূৰি ফুৰে৷ সিদিনাখনো তাই স্কুলৰ পৰা আহি ভাত খাই উঠিছেহে মাত্ৰ৷ মাকে তেতিয়া বাগিচাৰ ফুলবোৰত পানী দি আছিল৷ মাকক দেখি ৰিণিও বাগিছালৈ সোমাই গ’ল৷ তাই গছৰ পাতবোৰত ওলমি থকা পানীবোৰ হাতত গোটাব ধৰিলে৷ পানী চুই থকা দেখি মাকে সুধিলে, “জানমা, কি কৰি আছা?”
“মা, গছৰ পাতত লাগি থকা নিয়ৰকণাবোৰ চুই আছোঁ৷”-ৰিণিয়ে ক’লে৷
ৰিণিৰ উত্তৰটো শুনি মাকৰ হাঁহি উঠি গ’ল৷ তেওঁ হাঁহি হাঁহি ৰিণিক সুধিলে, “নিয়ৰ! এতিয়াই নিয়ৰ পৰিছেনে?”
“অঁ পৰিছে! এয়া চোৱাঁ গছপাতবোৰত কি সুন্দৰকৈ ওলমি আছে৷”-ৰিণিয়ে গছৰ পাতত লাগি থকা পানীবোৰ দেখুৱাই মাকক ক’লে৷
“নিয়ৰবোৰ গছৰ পাতত লাগি থাকে হয়, কিন্তু গছৰ পাতত পানীৰ টোপাল ওলমি থাকিলেই তাক নিয়ৰ বুলি নকয় নহয়?”
মাকৰ কথা শুনি ৰিণিয়ে অলপ আচৰিত হৈ ক’লে, “কিয়! শীতকালত গছৰ পাতত ওলমি থকা পানীত টোপালবোৰক নিয়ৰ বুলি নকয়?
ৰিণিৰ কথা শুনি মাকৰ হাঁহি উঠি গ’ল৷ ইফালে মাকৰ হাঁহি দেখি তাইৰ খং উঠি গ’ল৷ সেইবাবে মুখখন ওন্দোলাই ক’লে, “তেনেহ’লে নিয়ৰ কাক বোলে?”
ৰিণিৰ ফুলা মুখখন দেখি মাকে নিজকে সংযত কৰি লৈ ক’লে, “শীতকালত নিয়ৰ পৰে হয়৷ কিন্তু নিয়ৰ নিৰ্দিষ্ট সময়তহে পৰে৷ ৰাতিপুৱা বা নিশা গছৰ পাতত ওলমি থকা পানীৰ টোপালবোৰকে নিয়ৰ বুলি কোৱা হয়৷ অৱশ্যে নিয়ৰ অকল গছৰ পাতবোৰতহে যে ওলমি থাকে তেনেকুৱা নহয়৷ ঘৰৰ চাল, কাপোৰ মেলি দিয়া ৰচী, লাইটৰ তাঁৰ আদিতো নিয়ৰকণাবোৰ ওলমি থাকে৷”
“অ’ বুজিলোঁ! নিয়ৰ তাৰমানে ৰাতি আৰু ৰাতিপুৱাহে পৰে৷ কিন্তু মা, এই পানীৰ টোপালবোৰ ক’ৰ পৰা আহে৷”
ৰিণিৰ প্রশ্নটোৰ শলাগ লৈ মাকে ক’বলৈ আৰম্ভ কৰিলে, “বৰ সুন্দৰ প্রশ্ন৷ নিয়ৰ হৈছে এক প্ৰাকৃতিক পৰিঘটনা৷ ঘনীভৱনৰ ফলত নিয়ৰৰ সৃষ্টি হয়৷ জলীয়ভাপ পানীলৈ পৰিৱৰ্তন হোৱা প্রক্ৰিয়াটোক ঘনীভৱন বোলা হয়৷ দিনত সূৰ্যৰ তাপত নদী, সাগৰ, মহাসাগৰ, খাল, বিল ইত্যাদিৰ পানীবোৰ জলীয় বাষ্প হৈ উৰি যায়৷ উৰ্ধ্বগামী বায়ুৰাশি যদি চৌপাশৰ বায়ুৰ তুলনাত বেছি শীতল হয় তেতিয়া তাৰ ঘনত্ব বাঢ়ি যায়৷ শীতকালত বায়ুমণ্ডল চেঁচা হৈ পৰিলে গছ-বননি আৰু আমাৰ চৌপাশৰ সকলো বস্তু চেঁচা হৈ পৰে৷ তেতিয়া বায়ুত থকা জলীয় বাষ্পই গছৰ পাত, ঘাঁহ-বন ইত্যাদিত ঘনীভূত হৈ সৰু সৰু পানীৰ টোপালৰ সৃষ্টি কৰে৷ পানীৰ এই টোপালবোৰকে নিয়ৰ বুলি কোৱা হয়৷ অৰ্থাৎ নিয়ৰ পৰিবলৈ হ’লে বায়ুমণ্ডল শীতল হোৱাটো প্রয়োজনীয়৷ ফৰকাল দিনত জলীয় বাষ্প বায়ুমণ্ডললৈ বাষ্পীভৱন হয় আৰু ৰাতি তাপ বিকিৰণ কৰি ঠাণ্ডা হয়৷ গতিকে জলীয়বাষ্প ঘনীভূত হৈ নিয়ৰ গঠন কৰে৷”
“তাৰমানে শীতকাল হ’লেই নহ’ব, নিয়ৰ পৰিবলৈ বতৰো ফৰকাল হ’ব লাগিব!”
“তুমি ঠিকেই কৈছা, ডাৱৰীয়া ৰাতি নিয়ৰ নপৰে, কিয়নো তেতিয়া মাটিৰ দ্বাৰা বিকিৰিত তাপ পুনৰ মাটিলৈ নামি আহে সেয়েহে জলীয় বাষ্প ঘণীভূত হ’ব পৰাকৈ ঠাণ্ডা নহয়৷ ফলত নিয়ৰৰ সৃষ্টি হ’ব নোৱাৰে৷”
“বায়ুমণ্ডলৰ ৰহস্য ভেদ কৰাটো ইমান সহজ নহয় দেই! বায়ুমণ্ডলত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপালৰ পৰা বৰষুণ, নিয়ৰ আৰু কিমান যে কি সৃষ্টি হয়? বায়ুমণ্ডলত সকলো সময়তে পানী জমা হৈ থাকেনে?”
ৰিণিৰ কথা শুনি মাকে পুনৰ ক’বলৈ আৰম্ভ কৰিলে, “তুমি জানানে বৰষুণ, তুষাৰপাত, নিয়ৰ বা হিম ইত্যাদি সকলোখিনি হৈছে নিৰ্মল পানীৰ উৎস৷ বায়ুমণ্ডলৰ সহায়ত ধাৰাপৃষ্ঠত জলভাগৰ পুনৰ বিতৰণ ঘটে৷ পৃথিৱীত যিমান পানী আছে তাৰে সামান্য অংশ পানী বায়ুমণ্ডলত থাকে৷ বাষ্পীভৱনৰ ফলত পৃথিৱীৰ পৰা পানী বায়ুমণ্ডললৈ উৰি যায়৷ জলীয়ভাপ ডাৱৰলৈ ঘনীভুত হয় আৰু অধঃক্ষেপনৰ ৰূপত পুনৰ ধৰাপৃষ্ঠলৈ নামি আহে৷ যাক আমি বৰষুণ বুলি কওঁ৷ এই জলভাগৰ এটা অংশ মাটিৰ ভিতৰলৈ প্রৱেশ কৰে আৰু অৱশেষত ধৰাপৃষ্ঠীয় জলপ্রৱাহ, নদী জলপ্ৰৱাহ আৰু ভুগৰ্ভীয় জলপ্রৱাহৰূপে পুনৰ মহাসাগৰলৈ ঘূৰি যায়৷ পানীৰ এই নিৰৱচ্ছিন্ন পৰিসংচাৰী প্রক্ৰিয়াকে জলচক্ৰ বুলি কোৱা হয়৷
বায়ুমণ্ডলত বায়ুৰ লগত পানীবোৰো উৰি ফুৰে৷ বায়ুত থকা জলীয় ভাপৰ পৰিমাণকে ইয়াৰ আৰ্দ্ৰতা বুলি কোৱা হয়৷ নিৰ্দিষ্ট উষ্ণতাত বায়ুৱে নিৰ্দিষ্ট পৰিমাণৰ পানী ধৰি ৰাখিব পাৰে৷ বিভিন্ন কাৰণত বায়ুমণ্ডলত থকা জলীয় ভাপখিনিৰ অৱস্থাৰ পৰিৱৰ্তন হয়৷ ঘনীভৱন, তুষাৰীভৱন বা উৰ্ধ্বপাতন ইত্যাদি প্রক্ৰিয়াৰ ফলত জলীয় ভাপৰ অৱস্থাৰ পৰিৱৰ্তন হয় আৰু উষ্ণতা আৰু চাপ অনুসৰি কুঁৱলী, ডাৱৰ, নিয়ৰ অথবা হিমত পৰিণত হয়৷”
“তাৰমানে নিয়ৰ, কুঁৱলী, ডাৱৰ এইবোৰক পানীৰে আন এটা ৰূপ বুলি ক’ব পাৰোঁ।”
ৰিণিৰ বিশ্লেষণ শুনি মাকে ক’লে, “তুমি জানানে, বায়ুমণ্ডল কেতিয়াও বিশুদ্ধ অৱস্থাত নাথাকে, ইয়াতে কোটি কোটি পদাৰ্থকণিকা অনৱৰতে ভাহি ফুৰে৷ ইয়াৰে কিছুমানে পানীৰ কণিকা আকৰ্ষণ কৰে৷ জলীয় বাষ্প প্রথমতে জলাকৰ্ষী কোষকেন্দ্ৰক আশ্ৰয় কৰি ঘণীভূত হয় আৰু সৰু সৰু পানীৰ টোপাললৈ ৰূপান্তৰিত হয়৷ ইয়াৰ পৰাই মেঘ বা ডাৱৰৰ সৃষ্টি হয়৷ মেঘবোৰ অনবৰতে বিৱৰ্তনশীল অৱস্থাত থকে৷ সেইবাবে ডাৱৰবোৰে আকাশত বিভিন্ন বিচিত্ৰ আকাৰ, আয়তন আৰু গঠনৰ মনোৰম পৰিঘটনাৰ সৃষ্টি কৰে৷ ফৰকাল আকাশলৈ চালে তুমি ডাৱৰৰ বিভিন্ন চানেকি দেখা পাবা৷ কিছুমান ডাৱৰ দেখাত থুপ কৰি থোৱা কপাহৰ দৰে হয়, এনে ডাৱৰক পুঞ্জ মেঘ বোলা হয়৷ আকৌ আকাশত দেখা পোৱা অনুভূমিকভাৱে বিয়পি পৰা সুস্থিৰ ডাৱৰক স্তৰ মেঘ বোলা হয়৷ আকৌ আকাশ ওপঙি ফুৰা ৰেচমী কপাহৰ টুকুৰাৰ দৰে লগা ডাৱৰক ছিৰিফৰম বা অলক মেঘ বোলা হয়৷ আকৌ আকাশত দেখা পোৱা গাঢ় ধূসৰ আকাৰহীন বৃষ্টিবাহী ডাৱৰক নিম্বাচ মেঘ বা বাঞ্জা মেঘ বোলা হয়৷ এই মেঘে অবিৰতভাবে ধাৰাসাৰ বৰষুণ দিয়ে৷
বায়ুমণ্ডলত থকা পানীৰ আন এটা ৰূপ হ’ল কুঁৱলী৷ কুঁৱলী ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপালেৰে গঠিত৷ ইয়াক ভূপৃষ্ঠ চুই থকা ডাৱৰ বুলিব পাৰি৷ বায়ুমণ্ডলৰ দৃশ্যতাৰ ওপৰত কুঁৱলীক বিভিন্ন ভাগত ভাগ কৰা হয়, যেনেঃ পাতল কুঁৱলী, ডাঠ কুঁৱলী ইত্যাদি৷ আন ঠাইৰ পৰা প্রৱাহিত হৈ অহা বা গৰম সেমেকা বায়ু শীতল পৃষ্ঠভাগত ওপৰেদি বৈ অহাৰ ফলত সৃষ্টি হোৱা কুঁৱলীক অভিবহন কুৱঁলী বোলা হয়৷ পাহাৰীয়া ঠাইত আমি সেইবাবে ঘৰৰ খিৰিকিৰে ডাৱৰ ভিতৰলৈ কুঁৱলীৰ ৰূপত সোমাই অহা দেখা পাওঁ৷ নগৰীয়া আৰু উদ্যোগপ্ৰধান অঞ্চলত কুঁৱলী ধোঁৱাৰ লগত মিহলি হ’লে তাক স্ম’গ (smog) বোলা হয়৷ স্ম’গৰ দৰে ধুঁৱলী-কুঁৱলী অৱস্থাই স্বাস্থ্যৰ বাবে সংকটৰ সৃষ্টি কৰে৷ শীতকাল অহা বাবেহে এইবোৰ সম্ভৱ হৈ উঠে৷”
মাকৰ
কথা শুনি তাইৰ মনত শীতকালৰ প্রতি এক বিশেষ আকৰ্ষণৰ সৃষ্টি হ’ল৷ চাবলৈ গ’লে সকলো খ৷তুৰে
একোটা বিশেষ বৈশিষ্ট্য আছে আৰু আমি তাক সেইদৰে আঁকোৱালি লোৱা উচিত৷