নৱনীতা ভট্টাচাৰ্য্য
প্ৰথম খণ্ড
অনুসন্ধিৎসু মনৰ প্ৰয়োজন পূৰণ কৰাৰ এটা প্ৰধান উপায় হৈছে ভ্ৰমণ। য’তেই ফুৰিবলৈ নোযোৱাঁ কিয়, কিবা নহয় কিবা নতুন জ্ঞান আহৰণ কৰাৰ সুযোগ পাবাই। সেইবাবে ময়ো ফুৰি ভাল পাওঁ।
প্ৰতিবাৰৰ নিচিনাকৈ এইবাৰো আমি ফুৰিবলৈ গৈছিলোঁ। পিছে এইবাৰৰ ভ্ৰমণ আছিল কিছু সুকীয়া। অৱশ্যে আমি কোনো প্ৰসিদ্ধ ঠাইলৈ ফুৰিবলৈ যোৱা নাছিলোঁ। তথাপি এই ভ্ৰমণ মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব। কিয়নো এই ভ্ৰমণ আছিল বহুতো নতুন নতুন অভিজ্ঞতা আৰু মাদকতাৰে ভৰপূৰ, যিয়ে মোক নিজৰ লগত চিনাকি কৰাই দিছিল। মই যেন মোৰ শিপাডাল বিচাৰি পাইছিলোঁ। মাৰ মুখত এইবাৰ ফুৰিবলৈ যোৱাৰ পৰিকল্পনাটো শুনাৰ লগে লগে মোৰ মনটো পুলকিত হৈ পৰিছল। কিয়নো এইবাৰ ফুৰিবলৈ যোৱা ঠাইখন আছিল মোৰ বাবে এখন বিশেষ ঠাই- মোৰ ককাৰ জন্মস্থান।
য’ত ককা ডাঙৰ দীঘল হৈছিল আৰু পঢ়ি-শুনি এদিন ওলাই আহিছিল। আইতায়ো বোলে কইনা সাজি সেই ঘৰখনলৈয়ে আহিছিল। ককাৰ শৈশৱৰ সেই ঘৰখন বাৰু কেনেকুৱা হ’ব!
কথাবোৰ ভাবি ভাবি মই ভাবত বিভোৰ হৈ পৰিছিলোঁ। কিন্তু কিছুমান কথাই মনটোত এনেদৰে
আউল লগালে যে মনতে ককাৰ শৈশৱৰ ঘৰখনৰ ছৱি এখন আঁকিবলৈ চেষ্টা কৰিও বাৰে বাৰে বিফল হৈছিলোঁ। ইমান পুৰণি ঘৰখন কেনেকুৱা হ’ব মই ঠিক ধৰিব পৰা নাই। মই
যিমানবোৰ গল্প বা পৌৰাণিক কাহিনী জানো সকলোবোৰ মনত পেলাবলৈ চেষ্টা কৰিলোঁ। কিন্তু তাত মই
ককাৰ শৈশৱটো বিচাৰি নাপালোঁ। সেইবাবে অপেক্ষা কৰাৰ বাহিৰে মোৰ হাতত আন কোনো উপায় নাছিল
আৰু মই ৰাতিপুৱালৈকে অধীৰ অপেক্ষাৰে বাট চাই ৰ’লোঁ।
পৰিকল্পনামতে আমি পাছদিনাই ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিলোঁ। গাড়ীৰ চকাটো
ঘুৰাৰ লগে লগে মোৰ টোপনি আহিল। সেইবাবে কিমান দূৰ যাত্ৰা কৰিলোঁ, ৰাস্তাত কি কি
হ’ল মই একো গম নাপালোঁ। গাড়ীখন ঘাই পথৰ পৰা
নামি শিলৰ ওখোৰা-মোখোৰা ৰাস্তাটোত সোমোৱাতহে মোৰ টোপনি ভাঙিল। লুংলুঙীয়া শিলৰ ৰাস্তাটোৰ দুয়োপাৰে
সুবিশাল পথাৰ। আকাশখন গৈ পথাৰখনৰ দুয়োপাৰে লগ-লাগি এটা বৃহৎ নীলা বাটিৰ আকাৰ লৈছে। আইতাৰ সাধুকথাৰ
ভীমৰ জলপান খোৱা বাটিটোতকৈ শতগুণে ডাঙৰ এই
বাটিটো কেতিয়া শেষ হ’ব মই ধৰিবই পৰা নাই। যিমানে
আগুৱাই গৈছোঁ বাটিটোৰ মাজভাগতে থকা যেনেই লাগিছে, যেন কিবা যাদুকাৰী বাটিহে। মোৰ মন গ’ল যেন দৌৰি
গৈ পথাৰখনৰ সিটো পাৰে থিয় হৈ নীলা বাটিটো মানে আকাশখন চুই চাম। কঁহুৱা বনৰ দৰে কোমল
আকাশখন চুই কেনেকুৱা লাগিব তাকে ভাবিব লওঁতেই মাৰ মাতত উচপ খাই উঠিলোঁ। মাৰ নিৰ্দেশমতে
মই পিছফালে ঘূৰি হাতযোৰ কৰি মন্দিৰটোত সেৱা কৰিলোঁ। মন্দিৰটোৰ তোৰণখনত কি ছবি অঁকা আছে তাক ভালদৰে চাবলৈ চেষ্টা কৰোঁতেই গাড়ীখন আহি ঘৰ এটাৰ
সম্মুখত ৰ’লহি। আমি সকলো নামিলোঁ। মায়ে টোপোলাবোৰ ঠিক-ঠাক কৰি থাকোঁতেই মই দৌৰি জপনাখন খুলিব ধৰিলোঁ। এনেতে মায়ে মোক
ক’লে- “এইফালে নহয়, আমি সেইখন জপনাৰেহে সোমাই যাম।”
মই বেলেগৰ ঘৰৰ জপনা খোলা বুলি ভাবি লাজতে ওঁঠ দুটা ঢাকি মিচিকিয়াই হাঁহি জপনাখন লাহেকৈ জপাই
মাক ক’লোঁ- “অ’ এইটো বেলেগৰ ঘৰ নেকি?”
“নহয়! নহয়! এইটোৱেই ঘৰ, কিন্তু সেইফালেৰে গ’লে আমি ভিতৰৰ চোতালখন
পাম।”
“এটা ঘৰৰ দুখন জপনা!”- মনতে ভাবিলোঁ, পুৰণি ঘৰ যেতিয়া হ’বও পাৰে।
জপনাখন খুলি মাৰ হাতত ধৰি লুংলুঙীয়া ৰাস্তা এটাৰে ভিতৰলৈ
সোমাই গ’লোঁ। ৰাস্তাটোৰ এফালে এটা ডাঙৰ ঘৰ। ঘৰটোৰ বগা বেৰবোৰত ক’লা ৰঙৰ কাঠেৰে বিভিন্ন
আকৃতিৰ চতুৰ্ভূজ কিছুমান সাজি থোৱা আছে। দুৱাৰ-খিৰিকিবোৰতো বিশেষ ৰূপত ইংৰাজীৰ
বৰ্ণ কেইটামান সাজি থোৱা দেখি মোৰ কিতাপ থোৱা মোনাটোলৈ মনত পৰিল। এফালে যদি চাওঁ অংক, আনফালে আকৌ ইংৰাজী আৰু বা কি
আছে! কথাবোৰ ভাবি থাকোঁতে ক’ৰবাৰ পৰা পাৰ চৰাই দুটা মোৰ ওচৰেৰে উৰা মাৰি গ’ল। সিহঁতৰ পাখিৰ শব্দত মই পুনৰ দিঠকলৈ
ঘুৰি আহিলোঁ। পাৰ দুটা গৈ ৰাস্তাটোৰ আনটো ফালে থকা শাকনিখনত পৰিল। এই
শাকনিখনৰ পোনে পোনে এটা মন্দিৰ আৰু মন্দিৰটোৰ গাতে লাগি এখন ফুলনি। এইবোৰৰ মাজতে
এইখন প্ৰকাণ্ড চোতাল। আমি গৈ প্ৰথমতে ঘৰটোৰ বাৰাণ্ডাতে বহি পানী খালোঁ। তাৰ পাছত মায়ে মোক
শাকনিখনৰ দাঁতিতে থকা দমকলটোৰ ওচৰলৈ লৈ গ’ল। দমকলটোৰ কাষতে কেইজোপামান নাৰিকল
গছ আৰু তাৰ ওচৰতে মই কাহানিও নেদেখা আচৰিত ধৰণৰ বস্তু এটা দেখি মাক শুধিলো, “মা, এইটো
কি?”
“এইটোক পুঁজি বুলি কয়। ঘৰত
গৰু আছে নহয়, গৰুক কেতিয়াবা খেৰ খুৱাবলগীয়াও হয়। খেৰবিলাক বেয়া হৈ নাযাবৰ বাবে
এনেকৈ জাপি থৈছে।”
ডাঙৰ পীৰা এখনত মস্ত পেটুৱা মানুহ এটা বহি থকাৰ দৰে দেখা পুঁজিটো দেখি মোৰ
হাঁহি উঠি গ’ল। পুঁজিটোৰ ওচৰতে কজলা বৰণৰ গৰু এজনীয়ে পোৱালিটোক চেলেকি চেলেকি মৰম কৰি আছে। “আঃ কি অপৰূপ
দৃশ্য!” লগে লগে মোৰ ছবিৰ বহীত অঁকা প্ৰাকৃতিক দৃশ্যটোলৈ মনত পৰি গ’ল। “ছবিবোৰো
তাৰ মানে সঁচা!” পোৱালিটোৰ প্ৰতি মাকৰ মৰম দেখি মনটো ভাল লাগি গ’ল। কিন্তু পিছ মুহূৰ্ততে
কি হৈ গ’ল মই টলকিবই নোৱাৰিলোঁ। দৰাচলতে মই গৰুহালৰ ওচৰতে মস্ত ডাঙৰ ক’লা কেৰাহী এখন দেখি
তাত কিনো আছে তাকে চাবলৈ বুলি ওচৰলৈ গৈছিলোঁ। মোক ওচৰলৈ যোৱা দেখি গৰুজনীয়ে মূৰটো জোকাৰি মোক এনেদৰে
খেদি আহিল যে ভয়তে দৌৰি আহি মাক সাবটি ধৰিলোঁ। ইমান মৰমিয়াল গৰুজনীৰ হঠাৎ খং উঠা দেখি মই আচৰিত হ’লোঁ। ভয়তে মই ইমান জোৰেৰে দৌৰি আহিলোঁ যে মোৰ চেণ্ডেলৰ শব্দত কেৰ্কেটুৱা দুটাই ভয় খাই গছজোপাত বগাই ওপৰ পালেগৈ
আৰু কপৌহালো ভুৰুংকৈ উৰা মাৰি গুচি গ’ল। মোৰ অৱস্থা দেখি মায়ে মোক সাবটি ধৰি অভয় দি ক’লে,
“গৰুজনীয়ে, পোৱালিটো লৈ যাবা বুলি ভাবিহে তোমালৈ চোঁচা লৈছে। ভয় নাখাবা, তাইৰ ডিঙিত পঘা বন্ধা আছে। বেছি দূৰলৈ যাব নোৱাৰে।” কথাষাৰ কৈ তেওঁ মোক তাৰপৰা
কিছু নিলগত থকা আমগছজোপাৰ তললৈ লৈ গ’ল। তাৰপৰা মই কেৰাহীখন ভালকৈ দেখা পালোঁ। তাত খেৰ, পাচলি আদি সিজাই থোৱা
আছে। বাঃ গৰুৰ বাবেও সোৱাদ ব্যঞ্জন ৰন্ধা হয়। মই কিতাপত গৰুৱে ঘাঁহ খায় বুলিহে পঢ়িছিলোঁ। পিছত মাক সুধি গম পালোঁ যে গাইগৰুজনীৰ পোৱালিটো সৰু হৈ আছে বাবে
পথাৰলৈ লৈ যোৱা নাই। পোৱালিটোৰ পৰা মাকক আঁতৰাই ৰাখিলে কষ্ট পাব বুলিয়ে ঘৰতে ৰাখি
থৈছে। ঠিকেই কৰিছে, সন্তানক মাকক প্ৰয়োজন হয়। ময়ো মা ঘৰত নাথাকিলে বৰ বেয়া পাওঁ। তদুপৰি
মাকৰ খোৱাৰ বিশেষ যত্ন ল’লে বোলে গাখীৰো বেছিকৈ পোৱা যায়। সেইবাবে গাইজনীক বিভিন্ন
পুষ্টিকৰ খাদ্য ৰান্ধি খুওৱা হয় আৰু সেইবাবেই দিনত গাইজনীক পোৱালিটোৰে সৈতে ইয়াতে বান্ধি থয়।
আমগছজোপাৰ পোনে পোনে এইখন আকৌ গছ-গছনিৰে ভৰপূৰ ডাঙৰ বাৰী। শাৰী শাৰী তামোলগছৰ দুয়োকাষে আমলখি, জলফাই, বগৰী আদি নানা গছ। ওপৰলৈ চালে নীলা আকাশৰ সলনি সেউজীয়া পাতবোৰহে দেখা যায়। আমি তামোলৰ তলে তলে গৈ বাঁহৰ বেৰ এখনৰ ওচৰত ৰ’লোঁ। বেৰখনৰ সিটো পাৰে এটা পুখুৰী আৰু তাৰ পাৰে পাৰে বাঁহৰ গছ। এইখিনিক নিশ্চয় বাঁহনি বুলি ক’ব! এই ঠাইখিনিৰ সুন্দৰ পৰিৱেশ দেখি মোৰ বৰ ভাল লাগিল।
গছবিলাক হ’ল বিভিন্ন চৰাইৰ বাসস্থান। নিৰ্ভয়ে চৰাইবোৰে মানৰ আনন্দতে গান গাই গাই আহা-যোৱা কৰি আছ। সঁচাকৈয়ে চৰাইবোৰ বৰ ভাগ্যৱান, সুখ-আনন্দৰে ভৰপূৰ জীৱন। কিমান কষ্ট কৰি যে অকণমান আহাৰ সংগ্ৰহ কৰে, তাৰে অকণমান খাই অকণমান পোৱালিকেইটাৰ বাবে লৈ আহে। তাতেই আনন্দৰ সীমা নাই। অকল চৰাইবোৰেহেনে? সৰু সৰু পোকবোৰেও কিমান ব্যস্ততাৰে কামবোৰ কৰি আছে।
বাৰীখনৰ পৰা ওলাই আহি
আমি পুনৰ আম গছজোপাৰ তল পালোঁ। এইবাৰ আমি দমকলৰ পাৰলৈ নগৈ গছজোপাৰ পোনে পোনে গোলাপফুল
জোপাৰ কাষেৰে আহিলোঁ। মূল চোতালখনলৈ অহা এইটো আন এটা ৰাস্তা। পুৰণি ৰজাৰ দুৰ্গৰ নিচিনা বহুত ৰাস্তা থকা ঘৰ। যেন শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈহে নানা লুকাই থকাৰ ঠাই তৈয়াৰ কৰি থৈছে
আৰু পলাবৰ বাবে নানা ৰাস্তা। সেই ৰাস্তাটোৰ ওচৰতে অৰ্থাৎ চোতালৰ আন এটা কোণত আকৌ
এটা ঘৰ। দুটা কোঠালিৰ ঘৰটোৰ এটা গোহালি আৰু আনটো কোঠাত গৰু বান্ধিব পৰাকৈ খুটা
এটাত পঘা এডাল ওলোমাই থৈ দিয়া আছে। ঘৰটোত পাতেৰে সৈতে গছৰ ডাল কিছুমান সজাই থোৱা
আছে আৰু তাৰ ওচৰতে প্ৰকাণ্ড পেটেৰে কিবা এটা দেখি মোৰ আলিবাবা আৰু চল্লিছ চোৰৰ
কাহিনীটোৰ তেল ভৰাই থোৱা পাত্ৰটোলৈ মনত পৰিল। মনলৈ ভয়লগা চিন্তাবোৰ অহাৰ আগতে মই মাৰ
ওচৰলৈ আহি সেইটোনো কি সুধিলোঁ। মায়ে কথাবোৰ বুজাই দিয়াতহে মুখলৈ পানী আহিল। সেইটোক ডুলি
বুলি কয়। তাত তুঁহগুৰিবোৰ থোৱা আছে। জাৰৰ দিনত বা বৰষুণ দিলে গৰুকেইটাক তুঁহৰ জুই ধৰি উম দিয়া
হয়। গধূলি গৰুকেইটাক তাতে বন্ধা হয়। কিয়নো তুঁহৰ ধোঁৱাত মহ আহিব নোৱাৰে বাবে গৰুকেইটাই তুঁহৰ উমত ঘাঁহ পাগুলি
পাগুলি আৰাম লয়।
“বাঃ কি মজা! গৰুৰ জিৰণি কোঠা।”
গৰুৰ জিৰণি কোঠাটোৰ কাষতে আকৌ এটা ঘৰ। ঘৰটোৰ বেৰখনত আকৌ ডলা-কুলা, চালনি আদি ওলমাই থৈ দিয়া আছে। ঘৰটোৰ একাষত দীঘলীয়াকৈ বাঁহৰ চাং এখন সজাই থোৱা আছে। তাৰ ওপৰত
খৰাহি, পাচি আদি সজাই থোৱা আছে আৰু আনফালে গছৰ ডালবোৰ ফালি ধুনীয়াকৈ সজাই থোৱা
আছে। মাক সুধি গম পালোঁ যে এই ডালবোৰ জুই জ্বলাবলৈ ব্যৱহাৰ কৰে, যাক খৰি বুলি কোৱা হয়। এই খৰিবোৰ শুকুৱাই
সাজু কৰি থৈছে, যাতে বৰষুণ দিলে বা ৰ’দ নাথাকিলে ব্যৱহাৰ কৰিব পাৰে। ঘৰটোৰ বেৰত পাৰ
চৰাইৰ বাহ দুটামানো আছে। ঘৰটো দেখি মোৰ “ওলট-পালট” কবিতাটোলৈ মনত পৰিল। এইটো যেন সেই
বুঢ়া-বুঢ়ীহাল থকা ঘৰটোহে। এইখন বাৰাণ্ডাতে বহি হয়তো তেওঁলোকে কাজিয়া কৰিছিল। মই মনতে কবিতাটো আঁওৰাই আঁওৰাই সেই ছবিখন
আঁকিবলৈ চেষ্টা কৰিলোঁ। এনেতে মায়ে ভিতৰলৈ যাবলৈ লগ ধৰাত এক নিমিষতে সকলো
নিজৰ নিজৰ ঠাইত সোমাই পৰিল আৰু মই মাৰ পিছে পিছে ভিতৰলৈ খোজ ললোঁ৷
(আগলৈ)
লেখিকাৰ ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০