নৱনীতা ভট্টাচাৰ্য্য
ঘৰখনৰ আহল-বহল পৰিঙ্কাৰ পৰিৱেশটো দেখি মোৰ বৰ ভাল লাগিল৷ তাতকৈও ভাল লাগিল ইমানবোৰ ঘৰ দেখি৷ “একেটা চৌহদতে ইমানবোৰ ঘৰ থাকিলে মানুহক খেলিবলৈ আৰু বেলেগ লগ-সংগৰ প্ৰয়োজনেই নাই দেখোন৷ কেতিয়াবা যদি ইটো ঘৰত, কেতিয়াবা আনটো ঘৰত সোমাই খেলি থাকিলেই হ’ল, সময়বোৰ কেতিয়া পাৰ হ’ব গমেই নাপামচোন! আমনি লগাৰ কথাই নাহে৷ বাহিৰলৈ ফুৰিবলৈও যাব নালাগে!”- মই কথাবোৰ ভাবি ভাবি ঘৰবোৰৰ আশে-পাশে ঘুৰি চাই থাকোঁতেই আইতা আহি ওলালহি৷ আইতাক ওচৰতে পাই মোৰ মনত বাহ লোৱা প্ৰশ্নবোৰ তেওঁক সুধিবলৈ ধৰিলোঁ৷ তেতিয়া তেওঁ ক’লে, “চৌহদৰ ভিতৰত সৰু বৰ কেইবাটাও ঘৰ সজাটো অসমীয়া মানুহৰ এক পৰম্পৰা৷ আমাৰ মানুহবোৰে একেটা ঘৰতে বহা, শোৱা, ৰন্ধা, খোৱা, গোসাই সেৱা কৰা আদি কামবোৰ নকৰে৷ আৱশ্যে এতিয়া নিজে সুবিধা অনুযায়ী এটাই ঘৰ বান্ধি তাত প্ৰয়োজনীয় কোঠালি সাজি লয়৷ আগৰ দিনত প্ৰতিঘৰ মানুহৰে বহুতো মাটি-বাৰী আছিল বাবে এনেদৰে এটা চৌহদতে বহুতো ঘৰ বান্ধিব পাৰিছিল৷ এতিয়া মাটিৰ পৰিমাণ কমি অহাৰ লগে লগে এই প্ৰথাও সলনি হৈছে৷ চহৰ অঞ্চলতটো সৰু ঘৰ এটাতে সকলো কাম কৰা হয়৷”
আইতাৰ কথাখিনিৰ
পৰা মই এটা কথা গ’ম পালোঁ যে সময়ৰ লগে লগে পৰিৱেশৰো সলনি
হৈছে৷ সেইবাবে হয়তো আইতাই ‘দিনবোৰ বহুতো সলনি হ’ল’ বুলি কথাই কথাই কৈ থাকে৷ “কিন্তু
কি সলনি হৈছে!” তাকে জানিবলৈ মোৰ মনটো উত্ৰাৱল হৈ পৰিল৷
সেইবাবে আইতাক আগৰ দিনত ঘৰবোৰৰ কেনেকৈ বন্ধা হৈছিল, বান্ধোতে
কেনেদৰে পৰিকল্পনা কৰিছিল সুধিলো৷ মোৰ প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে,
“আগতে চোতালৰ চাৰিওফালে বেলেগ বেলেগ কামৰ বাবে বেলেগ বেলেগ ঘৰ বান্ধিছিল৷ ঘৰৰ চাৰিওফালে থকা প্ৰতিটো ঘৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে৷ বিভিন্ন কামৰ বাবে বিভিন্ন ঘৰ সজা হয়৷ যেনেঃ চ’ৰা ঘৰ, বৰঘৰ, সৰুঘৰ, মাৰঘৰ, শোৱনিঘৰ, বুলনী চ’ৰা, পাকঘৰ, ঢেঁকীশাল, তাঁতশাল, গোহালিঘৰ, ভঁৰালঘৰ আৰু তাৰ উপৰিও বাটচ’ৰা আৰু নামঘৰ বা গোঁসাই ঘৰ ইত্যাদি। আলহী-দুলহীৰ বাবে চ’ৰাঘৰ সজা হৈছিল৷ এই ঘৰটোত সোমাবলৈ চোতালৰ পৰা দুৱাৰ থাকে আৰু ইয়াৰ পৰা অন্য ঘৰলৈ যাবলৈও বাট থাকে। প্ৰতিটো ঘৰতে ওলোৱা-সমোৱা কৰিবলৈ আগফালে আৰু পিছফালে দুখনকৈ দুৱাৰ থাকে৷ তুমি আমাৰ আলহী বহা ঘৰটোত দেখিছা নহয় ,আগফালৰ চোতাললৈও ওলাব পাৰি আৰু পিছফালৰ চোতালখনলৈও ওলাব পাৰি। আগতে মানুহে চ’ৰাঘৰত বেৰা নিদি মুকলিকৈ ৰাখিছিল যাতে সকলোৱে একেলগে বহি কথা-বতৰা পাতিব পাৰে৷ বাকী ঘৰবিলাকত বেৰ একোখনকৈ দি দুই-তিনিটা কোঠালি কৰা হৈছিল৷ আগৰ দিনত জহকালি চ’ৰাঘৰত জুহাল পাতি পৰিয়ালৰ সকলোৱে কথা-বতৰা পাতি দিনৰ ভাগৰ মাৰিছিল। অৱশ্যে আজিকালি মূল ঘৰ এটা সজা হয় আৰু তাতে বিভিন্ন কোঠালি সাজি দিয়া হয়৷
আগৰ দিনত ৰান্ধনি ঘৰটো দূৰত সজা হৈছিল৷ তুমি মন কৰিছানে, আমাৰ পাকঘৰটোও একেবাৰে একাষৰীয়াকৈ সজা৷ সাধাৰণতে গা ধুই পৰিষ্কাৰ নহোৱাকৈ কাকো পাকঘৰত সোমাবলৈ দিয়া নহৈছিল৷ তদুপৰি কোনো আলহী-দুলহীক ৰান্ধনিশাললৈ যাবলৈ দিয়া নহৈছিল। ৰান্ধনিশাললৈ গ’লে দুৱাৰৰ ওচৰতে চেন্দেল খুলি যাব লাগিছিল৷ বাহিৰৰ পৰা আহিলে কাপোৰ-কানি সলাই হাত-ভৰি ধুইহে পাকঘৰত সোমাব পাৰিছিল৷ ভাত ৰান্ধিবলৈ মাটিৰে চৌকা সাজি লোৱা হৈছিল৷ তাৰ ওচৰতে বাহঁৰ চাং পাতি লাগতিয়াল বস্তুবোৰ থোৱা হৈছিল৷ পাকঘৰটো চাফ-চিকুণকৈ ৰখাটো প্ৰতিগৰাকী গৃহিনীৰ প্ৰধান কাম বুলিয়ে ধৰা হৈছিল৷ ৰাতিপুৱা চৌকা, পাকঘৰৰ মজিয়া আদি ভালদৰে সাৰি-মচি তাৰ পাছতহে খাদ্য তৈয়াৰ কৰা হৈছিল৷ গা নুধুৱাকৈ চৌকা চোৱাৰ নিয়মেই নাছিল৷ সেইবাবে সচৰাচৰ পানী গৰম কৰা বা চাহ কৰাকৈ বাহিৰতে চৌকাৰ ব্যৱস্থা কৰা হৈছিল৷ আমাৰ ঘৰৰ এই নিয়মবোৰ আকৌ বৰ কঠোৰ আছিল, কিয়নো আমাৰ পিতা মানে তোমাৰ ককাৰ দেউতাকে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষ নজৰ দিছিল। তেওঁ সকলো বস্তুৱেই পৰিপাটিকৈ হাততে পোৱাকৈ সজাই ৰাখিছিল আৰু নিয়ম পালনৰ ক্ষেত্ৰত তেওঁ বদ্ধ পৰিপকৰ আছিল। এবাৰ কি হৈছিল জানা, মই চাকৰি কৰি থকা সময়ৰে কথা৷ তেতিয়া তোমাৰ মা একেবাৰে সৰু আছিল৷ সেই সময়ত মোৰ চিনাকি ভণ্টী এগৰাকী মই কাম কৰা স্কুলখনৰ ওচৰৰে চিকিৎসালয়খনলৈ চাকৰি কৰিবলৈ আহিছিল৷ মই ইয়াতে থাকোঁ বুলি গম পাই তেওঁ এদিন আমাৰ ঘৰলৈ আহিল৷ সিদিনখন আমি দুয়ো কিমান যে কথা পাতিছিলোঁ! কথাৰ মাজতে মই চাহ কৰিবলৈ বুলি পাকঘৰত সোমালোঁ। কথা কৈ কৈ তেওঁ আহি মোৰ ওচৰতে পীৰা এখন পাৰি বহিল৷ পুৰণি কথাবোৰ পাতি আমি দুয়ো আপোনপাহৰা হৈ পৰিলোঁ৷ তাৰ মাজতে মই চাহ কৰিবলৈ ধৰিলোঁ৷ এনেতে পিতা আহি সেইখিনি পালেহি৷ আলহীক পাকঘৰত দেখি তেওঁ হতবাক৷ লগে লগে তেওঁ মোৰ ওচৰলৈ আহি কি ক’লে ‘মা! আলহীক পাকঘৰত বহুৱাইছা যে, কষ্ট পাব নহয়! তদুপৰি দূৰ-দূৰণিৰ পৰা আহিলে হাত-ভৰি ধুই চাফ-চিকুণ হৈ হে পাকঘৰত সোমাব লাগে৷’ পিতাৰ কথা শুনি আমি দুয়ো শিল পৰা কপৌৰ নিচিনা হ’লোঁ৷ সিদিনাখন মই বৰ লাজ পাইছিলোঁ৷ অসাৱধানবশতঃ ঘৰৰ নিয়ম ভঙা বাবে মনতে দুখো লাগিছিল৷ সেই দিনবোৰ যে কেনেকুৱা আছিল!”
আইতাৰ কথা শুনি মোৰ কিন্তু ক’ভিড কালৰ সেই সময়খিনিলৈ মন পৰি গ’ল৷ আমিও যে ক’ৰবালৈ ওলাই গ’লে বাহিৰে বাহিৰে হাত-ভৰি ধুই, কপোৰ-কানি সলাইহে ভিতৰত সোমাইছিলোঁ! কিন্তু আজিহে উপলব্ধি কৰিলোঁ, এই নিয়মবোৰচোন আমাৰ ঘৰবিলাকত আগৰ পৰাই চলি আছিল৷ কথাবোৰ কৈ কৈ আইতা তাহানিৰ পুৰণি দিনবোৰলৈ ঘুৰি গৈছিল৷ দিঠকলৈ ঘুৰি আহি আইতাই পুনৰ ক’বলৈ আৰম্ভ কৰিলে, “আগতে ঘৰবোৰ বাঁহ আৰু খেৰেৰে সজা হৈছিল৷ ঘৰ সাজোঁতে জ্যোতিষীৰ হতুৱাই দিন-বাৰ চাই প্ৰথমতে ঘাইখুটা, বৰখুঁটা বা মূল খুঁটা পোতা হৈছিল৷ সাধাৰণতে ঘৰবোৰত শাল, সোণাৰু, নাহৰ, মজ, পদ্ম, আমৰি, বনচোম, থেকেৰা, কঠাল, নিম, শিলিখা, কৰৈ, আজাৰ, চাম, পমা আদি কাঠৰ খুটা লগোৱা হৈছিল৷ বাঁহৰ ভিতৰত ভলুকা, মকাল বাঁহৰ খুটা লগোৱা হয়৷ প্ৰতিটো ঘৰৰ সজাৰ প্ৰণালীও বেলেগ বেলেগ হয়৷ যেনে ধৰা, থকা ঘৰতকৈ ভঁৰাল ঘৰ সজাৰ প্ৰণালী অলপ সুকীয়া৷ গৰু, ম’হ, ছাগলী আদিৰ কাৰণে সজা গোহালিঘৰটোও আন ঘৰৰ লগত নিমিলে৷ ছাগলীৰ কাৰণে সাধাৰণতে ওখ চাংঘৰ সজা হৈছিল৷ কেতিয়াবা গোহালিৰ ভিতৰতে চাং সাজি দিয়া হৈছিল৷ পাৰচৰাইৰ বাবেও বাহ সাজি ওলোমাই দিয়া হৈছিল৷ হাঁহ-কুকুৰা থ’বৰ বাবে বাঁহৰ কামীৰে ঘৰা বৈ দিয়া হৈছিল আৰু ওপৰত ঢাকনি এখনো দিয়া হৈছিল৷
অসমীয়া মানুহৰ ঘৰ নিৰ্মাণ কৰাৰ কৌশলো সুকীয়া আছিল৷ সাধাৰণতে দুছলীয়া ঘৰেই অধিক দেখা গৈছিল৷ বৰষুণৰ পানী বাগৰি যোৱাত যাতে অসুবিধা নহয় তাৰ বাবে দুচলীয়া ঘৰ সজা হৈছিল৷ দুটা ঘৰৰ মাজত বৰষুণৰ পানী নপৰিবলৈ নাওৰা দিয়া হৈছিল৷ নাওৰাৰ পৰা যি ঠাইত পানী জোৰেৰে পৰে তাত গাঁত নকৰিবলৈ বাঁহ পাৰি দিয়া হৈছিল৷ থকা, খোৱা, শোৱা, নামঘৰ আৰু ভঁৰালঘৰৰ বাহিৰে আন ঘৰবোৰত সাধাৰণতে বেৰ দিয়া নহৈছিল৷ অৱশ্যে আজিকালি খেৰ-মাটিৰ সলনি ঘৰবোৰ ইটা-চিমেণ্টেৰে সজোৱা হয়৷ বাঁহৰ ঘৰবোৰত বাঁহৰ চোঁচা, ইকৰা, বাঁহৰ কাঠী আদি গুথি বৈ বা বান্ধি বেৰ তৈয়াৰ কৰা হৈছিল৷ তাত আকৌ গোৱৰ মাটিৰ লেপ দিয়া হৈছিল৷ দুৱাৰবিলাক বান্ধি ৰাখিবলৈ ডাং লগাই দিয়া হৈছিল৷ পাথৰৰ পৰা মাটি আনি ঘৰৰ ভেঁটি ওখকৈ বন্ধা হৈছিল৷ ঘৰৰ ভেঁটিৰ কিছু অংশ বাহিৰত ওলাই থকাকৈ বেৰ দিয়া হৈছিল৷ এই অংশক কাঁথি বা পিৰালি বোলে৷ ইয়াত ঘৰৰ লাগতিয়াল বস্তুবোৰ যতনাই থোৱা হয়৷
আগৰ দিনৰ ঘৰবোৰ মাটিৰে তৈয়াৰ কৰা হৈছিল৷ এই ঘৰবোৰ পৰিষ্কাৰ কৰি ৰখাৰ পদ্ধতিও সুকীয়া৷ পুৱা গধুলি ঘৰ সৰা-মচা কৰাটো আমাৰ সংস্কাৰ৷ ঘৰ সাৰিবলৈ তামোলৰ পাতৰ শোটা, নাৰিকল বা বাঁহৰ বাঢ়নি আদি ব্যৱহাৰ কৰিছিল৷ তদুপৰি ঘৰ মছিবলৈ বগা মাটি আৰু চোতাল মছিবলৈ গৰুৰ গোবৰ ব্যৱহাৰ কৰিছিল৷ ঘৰ মচিবলৈ ফটা কাপোৰ, কলগছ বা মৰাপাটৰ লেচা তৈয়াৰ কৰি লোৱা হৈছিল৷ বিহুৰ সময় বা ঘৰত পূজা-পাৰ্ৱণ পাতিলে, অশৌচ লাগিলে বা অম্বুবাচী আদিৰ পিছত এই বাঢ়নি বা শেতা পেলাই দি নতুন ব্যৱহাৰ কৰিছিল৷ এনেবোৰ সংস্কাৰৰ বাবেই গাৱঁলীয়া মানুহৰ ঘৰ-চোতাল সদায় পৰিষ্কাৰ হৈ থাকে৷
গাঁৱৰ ঘৰৰ এটা
প্ৰধান অংগ হৈছে চোতাল৷| সাধাৰণতে ঘৰবোৰত দুখন চোতাল থাকে--আগচোতাল
আৰু পিছচোতাল৷ পিছচোতালখনত কাপোৰ মেলি
দিয়া, ধান শুকোৱা, চাউল ৰ’দোৱা ইত্যাদি সকলো কাম কৰা হয়৷ পুৱা গধুলি ওচৰ চুবুৰীয়াৰ লগত মেল মৰা,
গৰমকালি বিচনিৰ বা লৈ গা জুৰ পেলোৱা, জাৰকালি
জুই পুৱোৱা, পথাৰৰ ধান আনি থৈ দিয়া, মৰণা
মৰা, আজৰি সময়ত বাঁহ-বেতৰ কাম কৰা, শিশুক
নিচুকোৱা, ল’ৰা-ছোৱালীয়ে খেল-ধেমালি
কৰা ইত্যাদি ইত্যাদি কাম চোতালতে কৰা হয়৷ অৱশ্যে কিছুমান ডাঙৰ ঘৰত দুখনতকৈ বেছিও
চোতাল থাকে৷
অসমীয়া
গাঁৱলীয়া মানুহৰ ঘৰ-দুৱাৰ সামাজিক, জলবায়ু, আৰু ভৌগোলিক পৰিস্থিতিৰ সমাহাৰ৷ তেওঁলোকে নিজৰ সা-সুবিধা
আৰু সামৰ্থ্য অনুযায়ী ঘৰ-দুৱাৰ নিৰ্মাণ কৰে৷ ঘৰ সজাৰ আগতে
সঠিক ঠাই, দিশ ইত্যাদি নিৰ্ধাৰণ কৰি শুভ
দিন এটা চাই আৰম্ভ কৰা হয়৷ তাৰোপৰি ভাদ, কাতি, মাঘ আৰু চ’ত মাহত ঘৰৰ কাম কৰা নহয়৷ অৱশ্যে ঘৰ নিৰ্মাণ
কৰাৰা সময়ত অভিজ্ঞ বয়োজেষ্ঠ জনৰো সহায় লোৱা হয়৷ ডাকৰ বচনটো ঘৰৰ দিশ নিৰ্ণয়
কৰাৰ কথা উল্লেখ কৰা আছে-_
পূবা পশ্চিমাকৈ
সাজিবা ঘৰ৷
অকাল মৃত্যুক
নাহিকে দৰ৷৷
পূবে ভঁড়াল
পছিমে গড়াল৷
উত্তৰে চৰু
দক্ষিণে গৰু।৷
পছিমে বাঁহ পূবে
বেত।
উত্তৰে তামোল দক্ষিণে খেত৷৷
ঘৰৰ লগত বহুতো বিশ্বাসো জড়িত হৈ আছে৷ যেনে ধৰা- ঘৰৰ দুৱাৰ-দলিত বহিব নাপায়, দুৱাৰ ভৰিৰে গুৰিয়াব নাপায় ইত্যাদি৷ কিয়নো এনেবোৰ ঠাইত ঘৰৰ লক্ষী থাকে বুলি বিশ্বাস কৰা হয়৷ ঘৰত কি কি গছ ৰুব লাগে বা ক’ত ৰুব লাগে তাৰো কিছুমান নিয়ম আছে৷ আমাৰ কথাতে কয়, “আগফালে তেতেলি পিছফালে ঔ, সেইঘৰৰ মানুহ মৰিলনে নৌ!” ঘৰটোলৈ যাতে কোনো অপায়, অমংগল নাহে তাৰ বাবে বহাগ মাহৰ প্ৰথম দিনা নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ কোনো কোণত খুচি থোৱা হয়। এনে কৰিলে বোলে ধুমুহা, অগ্নি আদিৰ ভয় নাথাকে৷
অসমৰ সৰহভাগ মানুহে খেতিয়ক। আমাৰ ঘৰবোৰতো সৰল জীৱন-যাপনৰ আহি প্রকাশ পায়। কিন্তু ঠাই ভেদে ঘৰবোৰৰ মাজত কিছু পাৰ্থক্য থকা দেখা পোৱা যায়৷ যেনে ধৰা, নদীৰ পাৰত বহা গাঁওবিলাকত প্ৰায়ে বানপানীয়ে অসুবিধাৰ সৃষ্টি কৰে সেইবাবে এই ঠাই সমূহত সহজতে পোৱা বাঁহ, খেৰ আৰু ইকৰা ইত্যাদিৰে ঘৰ সজা হয়৷ কিছুমান লোকে আকৌ বাঁহৰ চাংঘৰ সাজে৷ পাহাৰীয়া ঠাইবিলাকত আকৌ কাঠৰ চাংঘৰ সজা হয়৷ আজিকালি অৱশ্যে গাঁৱে-ভূঞে সকলোতে পকী ঘৰে পোৱা যায়৷ আগৰ সেই গছ-গছনিৰে ভৰপূৰ ডাঙৰ চৌহদৰ শুৱনী ঘৰবোৰ লাহে লাহে নাইকিয়া হৈ গৈছে৷
বাৰু ব’লা এতিয়া ভিতৰলৈ যাওঁ৷ কথা পাতিলে ওলায়ে থাকিব৷ কথাষাৰ কৈ আইতা খোজ ল’লে, তাৰ পিছে পিছে মইও আগবাঢ়িলোঁ৷
ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০