অন্যযুগ/


ওমলা-পদ্য

 অৰুণ গগৈ

                

আমৈৱে জাকৈ বায়

ধৰে কাৱৈটিলা

ততাতৈয়াকৈ তাৱৈ যায়

পিন্ধি কপাহী চোলা ৷

 

বৰদেউতাই গাত লয়

বগা কপাহী চেলেং

চাইকেল চলাই যায়

মধুপুৰ মেলেং ৷

 

কণ ল’ৰাই কলকলাই

মাতে  মা-দেউতা

মইনাই মুখস্থ কৰে

পূৰণৰ বৰ নেওতা ৷

 

হিংসা কপট নকৰিবা

পঢ়াত দিবা মন

সকলোৱে আদৰ কৰে

থাকিলে বিদ্যাধন ৷

 

ঠিকনা:

মৰিয়নী, যোৰহাট

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ