নৱনীতা ভট্টাচাৰ্য্য
(৩)
আজি পদ্মনাথ গোহাঞি বৰুৱাৰ ভাষণটোৰ দ্বিতীয় খণ্ডটো ক’বলৈ ওলাইছোঁ৷ এই খণ্ডটোত গোহাঞিবৰুৱাদেৱে অসমীয়া ভাষাৰ ইতিহাস সম্পৰ্কেও যি আলোচনা কৰিছিল সেই বিষয়ে অলপ ক’বলৈ ওলাইছোঁ৷ তেওঁ অসমীয়া ভাষাৰ উৎপত্তিৰ বিষয়ে চমু আভাস দিয়াৰ পাছত অসমীয়া ভাষাৰ প্ৰগতিৰ বিষয়ে আলোকপাত কৰিছিল৷ তেওঁ প্ৰথমতে পত্নতত্ত্ববিদ পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ কথা উল্লেখ কৰি কৈছে যে “গোস্বামীদেৱৰ অসমীয়া যুগ-বিভাগ আৰু তাৰ বিচাৰ-ব্যাখ্যা সম্পৰ্কে ক’বলৈ বাকী নাই!” তথাপি তেওঁ নিজাববীয়াকৈ অসমীয়া ভাষা-যুগটোক এনেদৰে বিভক্ত কৰিব বিচাৰে৷ গোস্বামীদেৱে অসমীয়া ভাষা-যুগক এনেদৰে ভগাইছে- প্ৰথমটো হ’ল অসমীয়া ভাষাৰ উৎপত্তিৰ পৰা খ্ৰীঃ ১৪৪৯ চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্মলৈকে। দ্বিতীয় ভাগটো হ’ল, শংকৰদেৱৰ জন্মৰ পৰা ১৮২৬ চনত বৃটিছ আগমনলৈকে। তৃতীয়তে, বৃটিছ আগমনত পৰা তেওঁৰ বৰ্তমান অৰ্থাৎ ১৮৯২ চনলৈকে। ইয়াৰ বিপৰীতে গোহাঞিবৰুৱাদেৱে অসমীয়া ভাষা আৰু সাহিত্যৰ গোটেই কালটোক পাঁচটা ভাগত ভাগ কৰিছে এনেদৰে - (১) অসমীয়া ভাষাৰ উৎপত্তিৰ পৰা অনুমান খ্ৰীঃ সপ্তম আৰু নৱম শতিকাত “দীপিকাছন্দ” আৰু “ডাকৰ বচন” ওলোৱালৈকে। (২) দীপিকা - ডাকৰ সময়ৰ পৰা খ্ৰীঃ ত্ৰয়োদশ শতিকাত আহোম অভ্যুদয় আৰু মাধৱ কন্দলীৰ উদ্ভৱলৈকে৷ (৩) আহোম অভ্যুদয়ৰ পৰা খ্ৰীঃ পঞ্চদশ শতিকাত শংকৰদেৱৰ আবিৰ্ভাৱলৈকে৷ (8) শংকদেৱৰ আবিৰ্ভাৱৰ পৰা খ্ৰীঃ ১৮১৬ চনৰ ‘মানৰ দিন’লৈকে। (৫) ‘মানৰ দিন’ৰ পৰা বৃটিছ ৰজত্বৰ ১৯১৭ চনলৈকে অৰ্থৎ তেওঁৰ বৰ্তমানলৈকে৷
ভাষণটোত
তেওঁ কৈছে যে, খ্ৰীঃ নৱম শতিকাত ‘ডাকৰ-বচন’ পোহৰলৈ আহে৷ তাৰে দুই শতিকামান আগতে ‘দীপিকা ছন্দ’ উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়।
অৱশ্যে ইয়াক লৈ নানা মতবিৰোধ দেখা যায়। এই যুগকে অসমীয়া ভাষাৰ ভাষা-যুগ বুলি
কোৱা হৈছে৷ সাতশ বছৰমান জুৰি চলা এই যুগটোৰ বিষয়ে ক’বলৈ
সমল তেনেই তাকৰ কিয়নো, এই যুগৰ প্ৰধান সমল ডাকৰ বচন আছিল
মৌখিক। সেইবাবে ইয়াক অসমীয়া সাহিত্য বুলি নধৰি অসমীয়া ভাষাৰ চিন বুলিহে ধৰা
হয়৷ কিন্তু সেই ভাষাই যে আধুনিক অসমীয়াৰ ভেঁটি, সি
নিশ্চিত৷ ইয়াৰ পাছত আহে অসমীয়া ভাষাৰ আদি যুগ৷ আহোমৰ ৰাজত্বকালত মাধৱ কন্দলীৰ
উদ্ভৱৰ লগে লহে অসমীয়া ভাষা লিপিবদ্ধ হ’বলৈ ধৰে৷ এয়াই অসমীয়া
ভাষা সাহিত্যৰ আৰম্ভণি৷ এই যুগৰ ব্যপ্তি প্ৰায় তিনিশ বছৰমান আছিল৷ মাধৱ কন্দলীকে অসমীয়া ভাষাৰ জন্মদাতা বুলি ক’ব
পাৰি৷ তেওঁৰ পদকে অনুসৰণ কৰি শংকৰদেৱে অসমীয়া সাহিত্যৰ জগতখনত খোজ পেলাইছিল৷ অসম
দেশত জ্ঞানৰ পোহৰ বিলাবলৈ মাধৱ কন্দলীয়ে ৰাময়ণৰ অযোধ্যা কাণ্ড আৰু সুৰন্দা-কাণ্ড
অসমীয়ালৈ ভাঙনি কৰিছিল৷ তেওঁৰ সাহিত্যসম্ভাৰ পদ্যময় আছিল৷ তেওঁৰ সমসাময়িক লেখক
হ’ল হেম সৰস্বতী৷
ইয়াৰ পাছৰ
যুগটো হ’ল অসমীয়া সাহিত্যৰ পোহৰ-যুগ অৰ্থাৎ মধ্য যুগ৷ এই
যুগটোৰ ব্যাপ্তি চাৰি শমান বছৰ হ’ব৷ ভগৱানৰ ইচ্ছাত এক মহৎ উদ্দেশ্য সাধনৰ বাবে পৃথিৱীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল৷ গুৰুজনাৰ আবিৰ্ভাৱৰ ফলতেই এই যুগত অসমীয়া
সাহিত্যই পূৰ্ণ ৰূপ লৈছিল৷ জ্ঞানৰ অভাৱত সেই সময়ত অসমীয়া জাতীয়
জীৱন একেবাৰে অধঃপাতে গৈছিল৷ অসমীয়া সমাজখনক এই অৱস্থাৰ পৰা
উদ্ধাৰ কৰিবলৈ তেওঁ এটা অভিনৱ অসমীয়া সাহিত্য গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল৷ তেওঁ
ধৰ্ম, সমাজ আৰু সাহিত্যক একেডাল সূতাৰে এনেদৰে গাঁথিছিল যে
এটাক ধৰিলে আনটো এৰিব নোৱৰা হয়৷ শংকৰদেৱে এই ধাৰা য়ুৰোপীয় আহিৰ লগত একে যেন
লাগিলেও তাৰ কোনো ভিত্তি নাই বুলি গোহাঞিদেৱে উল্লেখ কৰি
কৈছে যে, “য়ুৰোপৰ উন্নত সাহিত্যবোৰ যেনেদৰে ধৰ্মৰ সাঁচত মৰা হৈছিল
ঠিক তেনেদৰে শংকৰীয়া অসমীয়া সাহিত্যও ধৰ্মৰ সাঁচত উঠিছিল৷ কিন্তু মহাপুৰুষ
শংকৰদেৱে পৰ্য্যটনলৈকো ওলোৱা নাই, আৰু
য়ুৰোপীয় গ্ৰন্থাদিৰ সাহায্য তাৰ চানেকী ল’বলৈ তেওঁ
য়ুৰোপীয় ভাষা সমূলি নাজানিছিল!” তেওঁ অপূৰ্ব কৌশলেৰে এহাতে
ধৰ্ম আৰু ইহাতে সাহিত্যক সাৰথি কৰি সমাজ গঢ় দিবলৈ আগবাঢ়িছিল৷ তেওঁৰ সংস্কৃত শাস্ত্ৰৰ পৰা সমল সংগ্ৰহ কৰি অসমীয়া ভাষাত সুললিত পদ ৰচনা
কৰি ভাগৱতী ধৰ্মৰ মূল শাস্ত্ৰ “কীৰ্তন-পুথি” ৰচনা কৰি প্ৰচাৰ কৰিছিল৷ অকল সেয়াই নহয় তেওঁ পৌৰাণিক সমাজৰ আদৰ্শ চৰিত্ৰসমূহ প্ৰতিফলিত হোৱাকৈ নাটকো ৰচনা কৰিছিল সেই যুগতে মাধৱদেৱ, অনন্তকন্দলী, ৰামসৰস্বতী আদি প্ৰতিভাশালী লেখকে
অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছিল৷ এই সময় চোৱাত ভাৰতৰ আন প্ৰাদেশিক ভাষা
অসমীয়া ভাষাৰ শব্দাৱলীত সোমাই ভাষাটো শুৱনি আৰু চহকী কৰি তুলিছিল৷ ইয়াৰ প্ৰথম
কাৰণটো আগতে উনুকিয়াই থৈছোঁ। দ্বিতীয়টো হ’ল, শংকৰদেৱ প্ৰমুখ্যে এই যুগৰ দূৰদৰ্শী আৰু প্ৰতিভাশালী কবি-সাহিত্যিকসকলে
পুৰী, গয়া, মথুৰা, প্ৰয়াগ আদি তীৰ্থ ভ্ৰমণৰ পাছত উড়িয়া, ব্ৰজবুলি,
মৈথিলী আদি ভাষাৰ পৰা উপযোগী সংস্কৃতমূলক শুৱলা শব্দ আনি অসমীয়া
শব্দাৱলীত সুমুৱাইছিল৷ শংকৰদেৱে এই শব্দবোৰ অসমীয়া সাহিত্যত এনেদৰে ব্যৱহাৰ
কৰিছিল যে ই একেবাৰে ৰজিতা খাই মিলি গৈ তাৰ লালিত্য বঢ়াই তুলিছিল৷ অসমীয়া ভাষাত
সংগীতৰ প্ৰথম সৃষ্টি এই যুগতে হৈছিল৷ অৱশ্যে সংগীতৰ ক্ষেত্ৰত মাধৱদেৱৰ অধিকাৰ অধিক
আছিল৷ গুৰুদুজনাৰ অনবদ্য সৃষ্টি বৰগীত অসমীয়া সাহিত্যৰ সুকীয়া সম্পত্তি। শংকৰদেৱৰ ৰচনা আছিল লালিত্যপ্ৰধান আৰু মাধৱদেৱৰ ৰচনা আছিল গাম্ভীৰ্যপ্ৰধান৷
পাছত আহিল, অসমীয়া সাহিত্যৰ বৰ্তমান-যুগ৷ মানৰ উপদ্ৰৱত অসমীয়া সাহিত্যৰ ভঁৰালত জুই লাগিছিল৷ শংকৰী যুগৰ অকাল অৱসান ঘটিছিল৷ ১৮১৬ চনৰ পৰা ১৮২৬ চনলৈকে অসমীয়া সাহিত্য একেবাৰে নিম্নগামী হ’বলৈ ধৰিছিল৷ য়াণ্ডাবু সন্ধি মতে বৃটিছে মানৰ পৰা অসমক উদ্ধাৰ কৰিছিল যদিও অসমীয়া সাহিত্যই ঠন ধৰি উঠা নাছিল। অৱশ্যে এই ক্ষেত্রত বৃটিছসকলে যত্নৰ ত্ৰুটী কৰা নাছিল৷ অসমীয়া ভাষাক ৰাজভাষাৰ মৰ্যাদা দি ইয়াৰ উন্নতিৰ পথ সুগম কৰি দিছিল৷ কিন্তু এদল স্বাৰ্থপৰ অসমপ্ৰৱাসী বঙালীয়ে অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিত ভেটা দি থিয় দিছিল৷ অসমীয়া ভাষাৰ সুকীয়া সাহিত্য নাই, ই বঙলা ভাষাৰ অপভ্ৰংশ মাথোন ইত্যাদি নানা কথা কৈ তেওঁলোকে অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষাক ৰাজভাষা কৰাই লৈছিল৷ ৩৫ বছৰ কাল বঙলা ভাষাই অসমত একাধিপত্য বিস্তাৰ কৰিছিল৷ ভাষণত তেওঁ ১৮১৬ চনৰ পৰা ১৯০৩ চনলৈকে ৮৭ বছৰ কাল অসমীয়া সাহিত্যৰ মহা আপদৰ কাল বুলি কৈছে৷ তাৰ ভিতৰত ১৮৩৬ চনৰ পৰা ১৮৭১ চনলৈকে এই ৩৫ বছৰ অসমীয়া সাহিত্যৰ একেবাৰে মৰামুৱা অৱস্থা আৰু তাৰ পৰা ১৯০৩ চনলৈকে ৩২ বছৰ কাল ই ভালকৈ কঁকাল পোনাব নোৱৰাভাৱেই কটাবলগীয়া হয় বুলি উল্লেখ কৰিছিল৷ এই আপদৰ কালত ১৮৩৮ চনত আমেৰিকা দেশীয় খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক পাদ্ৰী চাহাবসকল ঈশ্বৰপ্ৰেৰিত দূত হিচাপে অসমত প্ৰৱেশ কৰে৷ তেওঁলোকে নিজৰ ধৰ্ম প্ৰচাৰৰ সুবিধাৰ্থে বেইবেলৰ লগতে গোটাচেৰেক ধৰ্ম পুথি অসমীয়া ভাষালৈ ভাঙনি কৰি প্রচাৰ কৰিছিল৷ ১৮৪৭ চনত অসমৰ সৰ্বপ্ৰথম অসমীয়া মাহেকীয়া আলোচনী আৰু বাতৰিকাকত “অৰুণোদয়” উলিয়াই নুমাবলৈ ধৰা অসমীয়া সাহিত্যক তুলি ধৰিবলৈ চেষ্টা কৰিছিল৷ তাৰ পাছত শিক্ষাৰ উপযোগী কেইখনমান কিতাপ মুদ্ৰণ কৰে৷ ইয়াৰ ভিতৰত “ৰৱিনছন অসমীয়া ব্যাকৰণ”, “পখিলা কিতাপ”, “গণনাৰ কিতাপ” উল্লেখনীয়৷
১৮৬৮ চনত
সাহিত্য-বিশাৰদ পণ্ডিত ব্ৰন্সন চাহাবে অসমীয়াৰ পৰা অসমীয়া আৰু ইংৰাজী অভিধান এখন
সংগ্ৰহ কৰি প্ৰচাৰ কৰিছিল৷ ১৮৩৯ চনত যাদুৰাম ডেকাবৰুৱাই অসমীয়াৰ পৰা বঙলা অভিধান
এখন গোটাই গৱৰ্ণমেণ্টক দিছিল যদিও সেইখন ছপা হৈ নোলাল৷ কিন্তু সেইখনৰ সহায় লৈয়ে ব্ৰন্সন চাহাবে অভিধান ছপা কৰি উলিয়াইছিল৷
পৰোপকাৰী
খ্ৰীষ্টান মিছনেৰী ছ’চাইটিৰ সদস্যসকলে অসমীয়া ভাষাৰ উন্নতিৰ
বাবে আৰু অসমীয়া ভাষাক পুনঃ ঠাই দিয়াৰ বাবে তেওঁলোকে গৱৰ্ণমেণ্টক আৱেদন-নিৱেদন
জনাইছিল৷ পাদ্ৰী চাহাবসকলৰ বল পাই সেই সময়ৰ অসমীয়া ডেকাসকলো আগবাঢ়ি আহিছিল।
এওঁলোকৰ ভিতৰত আনন্দৰাম ঢেঁকিয়াল ফুকনৰ নাম আটাইতকৈ আগত ল’ব
লাগিব৷ তেওঁ অসমীয়া সাহিত্যৰ উন্নতিৰ বাবে একান্ত মনে কাম কৰিছিল৷ তেওঁ “অসমীয়া ল’ৰাৰ মিত্ৰ” নামৰে
দুখন পাঠ্যপুথি লিখাৰ লগতে “A Few Remark on Assamese Language and
Vernacular Education” নামে এখন কিতাপ লিখি অসমীয়া সাহিত্যৰ
অস্তিত্ব ডাঠি প্ৰমাণ কৰিছিল৷ ইয়াৰ পাছত আহিল হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম
বৰুৱা৷ পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ ভাষণত এই দুজন সাহিত্যিকক দুখন সুকীয়া স্কুল
বুলি কৈছিল৷ ইয়াৰে হেমচন্দ্ৰ বৰুৱাৰখন খাচ অসমীয়া আৰু গুণাভিৰাম বৰুৱাৰখনত
সংস্কৃতীয়া শব্দৰ প্ৰয়োগ বেছি আছিল। অৱশ্যে খাচ অসমীয়া স্কুলখন বেছি জনপ্ৰিয়
হৈ উঠে৷ হেম বৰুৱাই “হেমকোষ” ৰচনা কৰি
অসমীয়া ভাষাৰ নাম জিলিকাই তোলাত সহায় কৰিছিল৷ তেওঁলোকৰ অনুগামী হ’ল, লম্বোদৰ বৰা, পানীন্দ্ৰ নাথ
গগৈ, ৰত্নেশ্বৰ মহন্ত৷ পদ্মনাথ গোহাঞিবৰুৱাদেৱে এনেদৰে অসমীয়া
ভাষাৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ই কেনেকৈ সাহিত্যৰ সাঁচত উঠিছিল তাৰ বিৱৰণ দাঙি ধৰিছিল৷ তেওঁৰ সেই দীঘলীয়া ভাষণটোৰ পৰা তোমালোকৰ বাবে
প্ৰয়োজনীয় বুলি ভবা কথাখিনি তেওঁৰ ভাষাৰেই তোমালোকক ক’বলৈ
চেষ্টা কৰিলোঁ, যাতে তোমালোকে পঢ়ি মাতৃভাষাৰ উন্নতিৰ হকে
কাম কৰিবলৈ অনুপ্ৰাণিত হোৱা৷
আজিলৈ সামৰিছোঁ৷ ভাষণৰ শেষ অংশটো লৈ আকৌ আহিম৷