নৱনীতা ভট্টাচাৰ্য্য
দ্বিতীয় খণ্ড
অসম সাহিত্য
সভাৰ প্রথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো যোৱা খণ্ডত দিয়া
কথা ৰাখি আজি তোমালোকক পদ্মনাথ গোহাঞি বৰুৱাৰ ভাষণটোৰ বিষয়ে অলপ ক’ম
বুলি ভাবিছোঁ ৷ এই ভাষণটি হ’ল অসম
সাহিত্য সভাৰ প্ৰথম অভিভাষণ৷ এই ভাষণটিত তেওঁ অসমীয়া সাহিত্যৰ লগত জড়িত প্রতিটো
কথাই পুংখানুপুংখ ভাবে আলোচনা কৰিছে৷ আলোচনাৰ সুবিধাৰ বাবে ভাষণটোক তিনিটা খণ্ডত
ভাগ কৰি ল’ব বিচাৰিছো৷খণ্ড খণ্ডকৈ শুনিলে আমনিও কমকৈ লাগিব
আৰু তেওঁ আলোকপাত কৰা বিষয়কেইটা বুজিবলৈও সুবিধা হ’ব৷
সভাত উপস্থিত
সকলোকে সম্বোধন কৰি তেওঁ ভাষণৰ আৰম্ভণি এনেদৰে কৰিছিল, “আপোনালোকৰ আগত থিয় দিয়াৰ আগলৈকে দেখনিয়াৰকৈ ক’তো
সভাপতিৰ বাব এই নিচলাই বৈ পোৱা নাই৷ পোনেই সম্পাদকৰ জুহালৰ পৰা টানি আনি, কমাৰশালা নেদেখুৱাকৈ বাজে বাজে এই অনভিজ্ঞজনক আপোনালোকে এই শিৱসাগৰত
সভাপতিৰ সোণাৰিশালত বহুৱাইছেহি, সেইবাবে আপোনালোকে ক্ষতি
স্বীকাৰ নকৰিলে নহ’ব!” এনেদৰে বিনয় ভাবেৰে ক্ষমা প্ৰাৰ্থনাৰে তেওঁ ভাষণৰ আৰম্ভণি কৰিছিল,
যাতে কিবা ভুল হ’লেও সকলোৱে আঙুলিয়াই দিয়ে৷ অৱশ্যে এই কথাও
সত্য যে ছাত্র অৱস্থাৰ পৰাই তেওঁ সভা-সমিতি, ক্লাব-এচোচিয়েচন
আদিৰ লগত জড়িত আছিল৷ সেইবাবে তেওঁ কেইবাবাৰো নানা অনুষ্ঠানৰ সম্পাদকৰ ভাৰ ববলগীয়া
হৈছিল৷ কিন্তু ইয়াৰ আগলৈকে তেওঁ সভাপতিৰ আসনত বহা নাছিল৷ জীৱনত প্ৰথমবাৰৰ বাবে
তাকো এনে এটি মহৎ অনুষ্ঠানৰ সভাপতিৰ ভাৰ মূৰ পাতি ল’ব লগীয়া হোৱা বাবে তেওঁ নিজকে পৰম সৌভাগ্যৱান বুলি ভাবিছিল৷ এইখিনিতে এটা
কথা কৈ থওঁ যে অসম সাহিত্য সভাৰ সভাপতিৰ আসনত বহাৰ পূৰ্বেই
আধুনিক অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা তেওঁৰ অৱদান বিশেষভাৱে স্বীকৃতি লাভ কৰিবলৈ
সক্ষম হৈছিল৷ তথাপিও তেওঁ অযথা সন্মান দিয়া বুলি আক্ষেপ কৰিছিল৷ সেইবুলি তেওঁৰ
আত্মবিশ্বাসৰ অভাৱ নাছিল৷ সেইবাবে পিছ মুহূৰ্ততে তেওঁ এনে গধুৰ দায়িত্ব মূৰ পাতি লোৱাৰ কাৰণ
এনেদৰে বৰ্ণনা কৰি কৈছিল, - “প্ৰতিভাৰ আসন তেওঁৰ নাই যদিও
পৰিশ্ৰমৰ বল অৱশ্যে থাকিব পাৰে আৰু আজি বহুকাল জাতীয়-সেৱাত একেৰাহে লাগি থকা সেই
পৰিশ্ৰমৰ অৰ্জনত কিবা সাৰবস্তু পোৱা যায় নেকি-…৷”
তাৰপিছত তেওঁ
সন্মিলনীৰ বিষয়ে ক’বলৈ গৈ কৈছে যে কাণেৰে শুনা লৈকে আৰু মনত
থকালৈকে ভাষাই গুণ দিয়ে৷ সেইবাবে দূৰৰ আত্মীয়জনৰ আগত মনৰ ভাব ব্যক্ত কৰিবলৈ হ’লে লিপিবদ্ধ কৰিবলগীয়া হয় আৰু তেতিয়াই সাহিত্যই গঢ় লয়৷ সাহিত্যৰ
আলোচনা আৰু পৰিচালনাৰ অৰ্থে সাহিত্যিক আৰু সামাজিক লোক সমবেত হোৱাকে সাহিত্য সন্মিলনী
বোলা হয়৷ সেই সভাখনত অসমীয়া সাহিত্যৰ পৰিচালনা আৰু অসমীয়া সাহিত্যৰ জৰিয়তে
জ্ঞান- বোলা হৈছিল বুলি তেওঁ কৈছিল৷
ইয়াৰ পিছত তেওঁ
সাহিত্যৰ আধাৰ স্বৰূপ ভাষাৰ কথা কৈছে৷ তেওঁ কৈছে যে ভাবতকৈ ভাষা আগেয়ে ব্যক্ত হয়
আৰু ভাষাতকৈ সাহিত্য সদায় এখোজ আগবঢ়া৷ এটা জাতিৰ চিনাকি হ’ল
সেই জাতিৰ ভাষা আৰু সাহিত্য৷ কিয়নো ভাষা আৰু সাহিত্যই হ’ল
জাতীয় চিন্তা, ভাব, তেজ আৰু প্ৰতিভা
প্ৰকাশৰ সুগম পথ৷ সাহিত্যই হ’ল জাতীয়ত্বৰ প্ৰকৃত জীৱন৷ যি
জাতিৰ সাহিত্য নাই সেই জাতিৰ ভাষা দেৱান মাথোন৷ পদ্মনাথ গোহাঞি বৰুৱাই এনে ভাষাক
চৰাই-পহুৰ 'মাত-বোলতকৈ মাত্ৰ এখোপ চৰা বুলি কৈছে৷ তেওঁ আকৌ
কৈছে যে এনে জাতি চুবুৰীয়া জাতিত লয় হৈ অস্তিত্ব হেৰুৱায় পেলায়৷ ই নৈসৰ্গিক
নিয়ম৷ অৱশ্যে এটা জীয়া ভাষাক মাৰি আন এটা জীয়া ভাষাত লয় নিয়াব নোৱাৰি৷ কিয়নো,
ভাষা নৈৰ নিচিনাকৈ আপুনি ওলাই, আপুনি ব্যাপ্ত
হয়৷ ভাষাত বিদেশী শব্দ আৰু বচন-ভংগী প্ৰয়োগ কৰিলেও সাহিত্যৰ সুকীয়াত্ব হানি
কৰিব নোৱাৰে৷ কাৰণ, ব্যাকৰণতহে ভাষাৰ বিশেষত্ব ৰয়, বাক্যাৱলী বা বচনভংগীত নহয়৷ এই বিষয়ে তেওঁ এনেদৰে কৈছে, “ব্যাকৰণৰ মজিয়াত খোপনি লৈ পিটখোৱা সুগঠিত সাহিত্যত যিমানেই বিদেশী বা
বিভাষী শব্দ আৰু বচন-ভংগী সোমাওক লাগে, সি কেতিয়াও সাহিত্যৰ
সুকীয়াত্ব হানি কৰিব নোৱাৰে, - মুঠেই সেই শব্দ আৰু বচন ভংগী
গ্ৰহণ কৰিব আৰু নিজৰ সাঁচত মাৰি লব জানিব লাগিব|” এই কথাৰ
উচিত প্ৰমাণো তেওঁ এনেদৰে দিছে- শ্ৰীমন্ত শংকৰদেৱে হিন্দী, মগধী,
বজ্রবুলি, উড়িয়া আদি ভাষাৰ শব্দ আৰু
বচন-ভংগী আমাৰ ভাষাত সুমুৱাৰ পৰা আমাৰ সাহিত্যৰ সুকীয়াত্বত কোণো হানি হোৱা নাই
বৰঞ্চ শ্ৰীবৃদ্ধিহে হৈছে৷ ভাষণত তেওঁ ইয়াকো কৈছে যে আহোমৰ অভ্যুদয়ৰ লগে লগেই
অসমীয়া ভাষাই লিখিত সাহিত্য লাভ কৰি, ক্ৰমোন্নতিৰ ফলত আজিৰ
এই অৱস্থা পাইছে৷
তেওঁ ভাষণত কৈছে
যে,
জীৱনৰ উন্নতি সাধি সভ্যতাৰ সপোনত উধাৱলৈ হ’লে,
জাতীয় সাহিত্য গঢ়ি তাৰ উন্নতিলৈ লক্ষ্য ৰাখিব লাগিব৷ সেইবাবে তেওঁ
কৈছে যে সাহিত্যত ভাষা সদায় প্ৰাঞ্জল আৰু সৰ্ব সাধাৰণৰ বোধগম্য হোৱা উচিত৷ কিয়নো
ভাষা হ’ল জনসাধাৰণৰ সম্পত্তি৷ যি জাতিৰ সাহিত্য কোৱা-ভাষাৰ
পৰা নিলগলৈ যায় সেই জাতিৰ অস্তিত্বও লোপ পায়৷ তেওঁ আকৌ কৈছে যে সাহিত্যই “ধৰ্মৰো বাট লগায়৷” সাহিত্যই ধৰ্মক মানুহৰ ওচৰ চপাই
অনাত সহায় কৰে৷ তেওঁ ইয়াকো কৈছে যে ধৰ্ম গ্ৰন্থ সমূহ বিভিন্ন ভাষাত ভাঙনি কৰি
তাক প্ৰচাৰ কৰা উচিত৷ তেনে কৰিলেহে সকলোৱে সমানে ধৰ্মৰ প্ৰকৃত মৰ্ম আয়ত্ব কৰিব
পাৰিব আৰু তেতিয়া জনসাধাৰণৰ মাজত প্ৰচলিত অন্ধবিশ্বাস সমূহ আঁতৰি যাব৷ তেওঁ আকৌ
কৈছে যে ধৰ্ম কেতিয়াও ভাষাত আবদ্ধ হ’ব নোৱাৰে৷ যি ভাষাত
মানুহে নিজৰ অন্তৰৰ ভাব প্রকাশ কৰিব পাৰে, সেই ভাষাতে সেই
জাতিৰ বা সম্প্রদায়ৰ ধৰ্মশাস্ত্ৰ লিপিবদ্ধ হোৱা উচিত৷ এই কথা বুজাবলৈ গৈ তেওঁ
লুথাৰৰ প্ৰসংগ টানি আনি কৈছে যে- মহাত্মা লুথাৰৰ ধৰ্মসংস্কাৰৰ ফল স্বৰুপে যেতিয়া
বাইবেল নানা ভাষালৈ অনুবাদিত হৈ জনসাধাৰণৰ মাজত প্ৰচলিত হ’বলৈ
ধৰিছিল, তেতিয়াৰে পৰা খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰ বহুল ভাবে হ’বলৈ ধৰিছিল৷ ইয়াৰ আগলৈকে বাইবেলখন হীব্ৰু আৰু গ্ৰীক সাহিত্যৰ পৰা লেটিনলৈ
ভাঙি তাৰে পূজা-অৰ্চনা আদি কৰি আহিছিল৷ লেটিন নজনা লোক সকলে ভাঁটোৰ নিচিনাকৈ সেইবোৰ আওৰাইছিল৷ ইয়াৰ
ফলত ধৰ্মৰ বান্ধ দিনক দিনে দুৰ্বল হৈ পৰিছিল৷ সেইবাবে পদ্মনাথ গোহাঞি বৰুৱাই তেওঁৰ
ভাষণত বিভিন্ন ধৰ্ম গ্ৰন্থ সমূহ অনুবাদ কৰি সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে জাতিৰ
উন্নতি সাধনৰ ওপৰতো গুৰুত্ব দিছিল৷
তেওঁ ভাষণটোত
সাহিত্যৰ বিভিন্ন দিশ সাঙুৰি লৈ কৈছিল যে, কাব্যই সাহিত্য আৰু
সাহিত্যৰ উদ্দেশ্য অকল সৌন্দৰ্য্য সৃষ্টিয়ে নহয়৷ কিয়নো মানুহৰ মনোভাব ব্যক্ত হ’লেই ভাষাৰ সৃষ্টি হয় আৰু ভাষা লিপিবদ্ধ হ’লেই
সাহিত্যৰ সৃষ্টি হয়| তেওঁৰ মতে যিহেতু মনোভাবৰ বিষয়বস্তু
বিভিন্ন হ’ব পাৰে সেইবাবে সাহিত্যৰ বিষয়ো বিভিন্ন হোৱা উচিত|
অৰ্থাৎ সাহিত্যৰ বিষয়বস্তু দৰ্শন, বিজ্ঞান,
ইতিহাস, পুৰাতত্ব, মানৱতত্ব
ইত্যাদি হোৱাটো স্বাভাৱিক। সেইবাবে সাহিত্যত এফালে যেনেকৈ কাব্য, উপন্যাস, নাটক আদিৰ বিকাশ, আনফালে
তেনেকৈ বিজ্ঞান, ইতিহাস, পুৰাতত্ব,
মানৱতত্ব ইত্যাদিও প্ৰকাশ পাব লাগে৷ এনে সাহিত্যইহে জাতীয় জীৱন সবল
কৰি তুলিব পাৰে৷ সাহিত্যৰ মূল উদ্দেশ্য হ’ল জ্ঞান বিস্তাৰ
কৰা৷ আকৌ বৈজ্ঞানিক প্ৰণালীৰে বিদ্যা উপাৰ্জন কৰিলেহে, জনসাধাৰণৰ
মাজত জ্ঞান বিস্তাৰ সম্পূৰ্ণ হয়৷ কিন্তু পৰিতাপৰ বিষয় এই যে আমাৰ দেশত ইয়াৰ আদৰ
নাই৷ আটাইতকৈ ডাঙৰ কথা হ’ল আমাৰ সমলৰ অভাব৷ সেইবাবে বিভিন্ন
বিষয়ৰ গ্ৰন্থ আৰু প্ৰৱন্ধ আদি ৰচনা কৰি সাহিত্য, সমাজ আৰু
জাতীয় জীৱনৰ যথাৰ্থ উন্নতি কৰা উচিত।
পদ্মনাথ গোহাঞি
বৰুৱাই ভাষণত উল্লেখ কৰা আন এটি গুৰুত্বপূৰ্ণ দিশ হ’ল অসমীয়া ভাষাৰ
উৎপত্তি। তেওঁ কৈছিল যে অসমীয়া ভাষাৰ মূল হ’ল সংস্কৃত৷
সংস্কৃত হ’ল আৰ্য্য জাতিৰ ভাষা৷ আৰ্য্য-উপনিৱেশ সংস্থাপন
আৰম্ভণৰ পৰাই প্ৰাচীন কামৰূপ দেশত সংস্কৃত ভাষা আছিল বুলি অনুমান কৰিব পাৰি৷
বিখ্যাত এঁতিহাসিক পণ্ডিত মিঃ বেইনৰ ভাষাৰ পৰা কালক্ৰমত প্ৰাকৃত, পালি, মগষী, সৈন্ধবী, কামৰূপী ইত্যাদি ভাষাৰ সৃষ্টি হৈছিল৷ পুৰণি কালত আমাৰ দেশৰ নাম কামৰূপ
আছিল বাবে এই দেশৰ লোকৰ ভাষাৰ নাম ‘কামৰূপীয়া ভাষা’ আছিল৷ পিছতহে ইয়াৰ নাম অসমীয়া হয়৷
এইখিনিতে তেওঁ ‘অসমীয়া’
নামৰ উৎপত্তিৰ কথা উল্লেখ কৰি কৈছে যে, কামৰূপৰ
সৌমাৰ খণ্ডৰ পৰা আৰম্ভ কৰি এতিয়াৰ গোটেই অসম উপত্যকাত আহোম সকলে আধিপত্য বিস্তাৰ
কৰাৰ পিছৰ পৰা এই দেশৰ নাম অসম হয় আৰু
তেওঁলোকৰ প্ৰজাৰ ভাষা “অসমীয়া ভাষা”
নামেৰে অভিহিত হয়৷ “আহোম” বা “অহম” শব্দৰ পৰাই অসম বা অসমীয়া
ভাষাৰ নাম হৈছে যদিও ই আহোম ভাষাৰ পৰা সম্পূৰ্ণ পৃথক৷ আহোম সকলে দেশ-শাসনৰ
সুবিধাৰ্থে নিজৰ ভাষা ৰাজকীয় কাৰ্য্যত নলগাই প্ৰজাৰ ভাষা অৰ্থাৎ অসমীয়া ভাষাহে
ব্যৱহাৰ কৰিছিল৷ আহোমসকলে নিজৰ ভাষাক কেৱল বুৰঞ্জী আৰু ধৰ্মপুথিত সীমাবদ্ধ ৰাখি
অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্রহণ কৰিছিল৷ সেইবাবে হয়তো অসমীয়া ভাষাত নানা
আৰ্য্য আৰু অনাৰ্য্য ভাষাৰ সমাগম দেখা যায় কিন্তু অসমীয়া ভাষাৰ সঁচ মুঠেই নাই৷
আহোম ৰাজে দিগ্বিজয় কৰি ৰাজ্য বিস্তাৰৰ বাবে ভালেমান অসমীয়া আদিমবাসীৰ লগত
সংঘৰ্ষ ঘটিছিল৷ ফলত সেইবিলাক জাতিৰ ভাষাৰ ভালেমান শব্দ অসমীয়া ভাষাত সোমায়৷
এইখিনিতে তেওঁ পণ্ডিত ব্ৰাউন চাহাবৰ অসমীয়া ভাষাৰ বিশ্লেষণ এটা দাঙি ধৰে৷ ব্ৰাউন
চাহাবৰ মতে অসমীয়া ভাষাত ৬৩টাকৈ সংস্কৃত, ২৩টাকৈ মিচিমি,
৭টাকৈ অকা, ৫টাকৈ মান, ১টাকৈ
আবৰ, ১টাকৈ খমতী ভাষা সোমাই আছে৷ এনেদৰে তেওঁ অসমীয়া ভাষাৰ
উৎপত্তি সম্পৰ্কে ৰাইজৰ আগত দাঙি ধৰিছিল৷
আজি বাৰু
এইখিনিতে সামৰিছোঁ। পিছৰ খণ্ডত তেওঁৰ ভাষণৰ আন এটা দিশ আলোচনা কৰিম।
ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০