নৱনীতা ভট্টাচাৰ্য্য
দ্বিতীয় খণ্ড
ভিতৰলৈ আহি আইতাই যতনাই দিয়া গাখীৰ আৰু বিস্কুট খালোঁ। মাহঁতে পাকঘৰত সোমাই জলপানৰ যোগাৰ কৰিবলৈ ধৰিলে, মই চোতালৰ কোণত বান্ধি থোৱা ছাগলীটোৰ ওচৰলৈ গ’লোঁ৷ তাইৰ ওচৰতে ওলমাই থোৱা কঁঠালৰ ডালটোৰ পৰা কঁঠালৰ পাত দুখিলামান ছিঙি আনি তাইক খুৱাবলৈ ধৰিলোঁ। অতি কম সময়ৰ ভিতৰতে তাই মোৰ বন্ধু হৈ পৰিল। লগে লগে পোৱালি দুটাও মোৰ ওচৰলৈ আহিল। তাৰে এটাক কোঁচত উঠাই লৈ বাৰাণ্ডাতে বহি লৈ তাইৰ লগত খেলিবলৈ ধৰিলোঁ। তাই জঁপিয়াই জঁপিয়াই মোক কিমান যে খেলা দেখুৱালে, ময়ো উপভোগ কৰি কৰি আপোন পাহৰা হৈ পৰিলোঁ। এনেতে পোৱালিটো এপাকত গৈ কোঠাটোৰ ভিতৰ সোমাল। তাইক অনুসৰণ কৰি ময়ো গৈ থাকিলোঁ, গৈ গৈ পিছফালৰ বাৰাণ্ডা পালোঁগৈ৷ বাৰাণ্ডাৰ ওচৰতে এখন সুন্দৰ ফুলনি। বৰ পৰিপাটিকৈ ফুলৰ গছবোৰ ৰুই থৈছে। বাগিচাখনত সোমোৱাৰ লগে লগে এজোপা গছে মোৰ মন আকৰ্ষণ কৰিলে। সেইজোপা ৰঙাজবা ফুলৰ গছ৷ গছজোপা হয়তো বহুত পুৰণি। ঠাল-ঠেঙুলিৰে ভৰপুৰ গছজোপা দেখি মোৰ সেই বৃহৎ বটগছজোপালৈ মনত পৰিল। এই গছজোপাও কিন্তু কম নহয়, বাগিছাখনৰ এটা কোণ সম্পূৰ্ণ আগুৰি আছে। বট গছজোপাৰ নিচিনা নহ’লেও বাগিছাখনৰ বহুতো কীট-পতংগক ই থাকিবলৈ ঠাই দিছে। বতাহে-বৰষুণে গছজোপাৰ তলত কিছু সময় জিৰাবও পাৰিব৷ কথাবোৰ ভাবি ভাবি মই গছজোপাৰ তলত ঠিয় হৈ থাকোতেই মা আহি সেইখিনি ওলালেহি। মাক দেখি মই গছজোপাৰ বিষয়ে সুধিলোঁ৷ মায়ে মোক গছজোপাৰ বিষয়ে কোৱাৰ লগতে বাগিচাখনত থকা ফুলবিলাকৰ লগত চিনাকি কৰাই দিলে৷ কিমান যে ফুলৰ গছ! শেৱালি, খৰিকাজাঁই, নৱমল্লিকা, মাধৱীলতা, ৰক্তজবা, কাঞ্চন, গোলাপ, নয়নতৰা, গধূলিগোপাল আৰু ক’ত যে কি? ফুলৰ মাজে মাজে ফুৰি আমি কত যে কথা পাতিলো! প্ৰতিজোপা গছৰ লগতে যেন একো একোটা মধুৰ স্মৃতি জড়িত হৈ আছে। সেই যে পদূলিৰ মুখতে থকা শেৱালী গছজোপা, তাকে লৈ মায়ে সুন্দৰ কাহিনী এটা শুনালে। কথাটো সঁচা হ’লেও মোৰ পুৰণি সাধু যেন লাগিল।
তেতিয়া আছিল আহিন মাহ, মানে পূজাৰ বতৰ। কুঁৱলীসনা সুন্দৰ ৰাতিপুৱা। জঠৰ লগোৱা ঠাণ্ডা নাছিল যদিও গছ-লতাবোৰ নিয়ৰত সেমেকি আছিল। সেই সময়তে বোলে মোৰ জেঠাইৰ জন্ম হৈছিল। জেঠাই মানে মোৰ মাৰ বায়েক আৰু আইতাৰ প্ৰথম সন্তান। ক’বলৈ গ’লে মোৰ সৰু খুৰাৰ পাছত ঘৰখনলৈ অহা নতুন আলহী। সেইবাবে তেওঁৰ জন্মৰ খবৰটোৱে সকলোকে আনন্দিত কৰি তুলিছিল। তেওঁৰ জন্মৰ দিনটো স্মৰণীয় কৰি তুলিবলৈ সিদিনাখন বোলে পথাৰত গছপুলি এটাও ৰোৱা হৈছিল। তেওঁৰ জন্মৰ খবৰ পোৱাৰ লগে লগে গাঁৱৰ মানুহ আহি গোট খাইছিল। আইতাৰ গা বেয়া লগা বুলি গম পোৱাৰ লগে লগে বোলে কাষৰ আয়তীসকল আহি আইতাৰ যত্ন লৈছিল। জেঠাই সৰু হৈ থাকোঁতে ওচৰ-পাজৰৰ সকলোৱে বোলে তেওঁক কোঁচত ল’বলৈ আহিছিল। কথাবোৰ শুনি মোৰ বৰ আচহুৱা লাগিল। ওচৰৰ মানুহ আকৌ কিয় কেঁচুৱা ল’বলৈ আহিব? কেঁচুৱা এটাক অচিনাকি মানুহৰ ওচৰলৈ যাবলৈকে বা কিয় দিব? কথাবোৰে বৰ আউল লগা। সেইবাবে মাক সুধিছিলোঁ, “মা, আমাৰ গাঁৱৰ সকলো মানুহে আমাৰ আপোন নেকি?”
মোৰ কথা শুনি মায়ে কৈছিল, “অকল তেজৰ সম্পৰ্ক থকা মানুহকে আপোন মানুহ বুলি কোৱা নহয়। ওচৰ-পাজৰৰ মানুহো আমাৰ আপোন। আমাৰ গাওঁবোৰৰ এইটোৱে সুকীয়া বৈশিষ্ট্য। গাওঁবিলাকৰ প্ৰধান বৈশিষ্ট্যই হৈছে একতা। গাঁৱৰ সকলো ব্যক্তিয়ে একগোট হৈ থাকি ভাল পায় আৰু ইজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰি চলে। দৈনন্দিন কাৰ্যই হওক বা পূজা-পাৰ্বণৰ সময়তে হওক, সকলো লোকে সহায় সহযোগ কৰে। আগতে বোলে গাঁৱৰ মানুহে নদী বা পুখুৰীত পানী তুলিবলৈ গ’লে বা তাঁত লগালে বা চিৰা-সান্দহ খোন্দোতে চুবুৰীৰ এজনে আনজনক সহায় কৰিছিল। অৱশ্যে এতিয়া ঘৰে ঘৰে দমকল হ’ল বা সকলো সুবিধা হ’ল বাবে তেনে পৰিৱেশ দেখা পোৱা নাযায়। সেইবুলি মিলা-প্ৰীতি নাই বুলি ক’ব নোৱাৰি৷ এতিয়াও বিয়া-সবাহ পাতিলে সকলো কামতে ওচৰ-পাজৰৰ মানুহবোৰে লাগি-ভাগি দিয়ে। দৈনন্দিন কামবোৰো দুই-চাৰিজনী মহিলা লগলাগি মেল মাৰি কৰে। আজৰি সময়তো তেওঁলোকে একেলগে বহি হাতৰ কামবোৰ কৰে। দুপৰীয়া বা আবেলি কোনোবা এঘৰত লগ-লাগি বতৰৰ ফলবোৰ খাই হাঁহি-তামচা কৰিছিল। অৱশ্যে এতিয়া পৰিৱেশ কিছু সলনি হৈছে। কিন্তু এতিয়াও সমিলমিলভাৱে কাম কৰাৰ অভ্যাস আছে।”“
কথাবোৰ শুনি শুনি মই আপোনপাহৰা হৈ পৰিলোঁ। সেইবাবে মাক ৰৈ যোৱা দেখি ক’লো “মা, গাঁৱৰ বিষয়ে শুনি সঁচাকৈয়ে ভাল লাগিছে। তুমি গাঁৱৰ বিষয়ে আৰু অলপ কোৱানা।”
“গাওঁ!
আমাৰ গাওঁ কোনো আৰ্হি বা নিৰ্দিষ্ট আঁচনি অনুযায়ী পতা নহয়। ঘাইকৈ সুবিধাজনক
স্থান এটুকুৰাক নিৰ্বাচন কৰি গাওঁ পতা হৈছিল। বহুতো চুবুৰী লগ-লাগি
গাওঁ একোখন হয়। সাধাৰণতে এখন গাঁৱত ভিন ভিন জাতৰ লোকে বসবাস কৰে। অৱশ্যে প্ৰতিটো
চুবুৰীত একে জাতৰ লোকেই বাস কৰে। গাৱঁত বিভিন্ন সম্প্ৰদায়ৰ
লোক থাকিলেও ইটো আনটোৰ ওপৰত নিৰ্ভৰশীল হোৱা দেখা যায়। এনেদৰে লগ-লাগি কাম কৰে
বাবে গাঁৱৰ প্ৰত্যেকেই প্ৰত্যেক ঘৰকে জানে। এখন ঘৰৰ বৰ্ণনা দিলেই চিনি পায়।
বয়সিয়ালসকলেতো গাঁৱৰ প্ৰতিঘৰৰে আঁতি-গুৰি সকলো জানে। আমাৰ গাঁওসমূহৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্যই হৈছে মানুহৰ মাজত থকা মধুৰ সম্বন্ধ। যি
জাত বা ধৰ্মৰ মানুহে নহওক কিয় ইজনে সিজনক সম্বন্ধ ধৰিহে মাতে আৰু সু-সম্পৰ্ক বজাই
ৰাখিবলৈ চেষ্টা কৰে। উচ্চ-নীচ যি জাতৰেই নহওক কিয় জ্যেষ্ঠজনক ককাই, মোমাই, পেহী, মাহী ইত্যাদি
সম্বন্ধ ধৰি মতা হয়। গাওঁৰ মানুহে সৰু-বৰ সকলো কামতে ইজনে সিজনক সহায় কৰে,
বেমাৰ-আজাৰ হ’লে সহায় কৰে, আনকি কোনোবা আলহী-দুলহী আহিলেও
কাম-বন কৰাত সহায় কৰি দিয়ে। কেতিয়া কাৰবাৰ ঘৰত কিবা অভাৱ-অনাটন
হ’লেও ওচৰৰ মানুহে সহায় কৰে৷ ওচৰৰ ঘৰত সৰু ল’ৰা-ছোৱালী থাকিলে পুৱা গধুলি ফুৰাবলৈ নিয়ে বা কেতিয়াবা ঘৰলৈ আহি কোচত লৈ
হাঁহি-ফুৰ্তি কৰি চাহ-তামোল খাই ঘৰলৈ যায়। বিবাহ আদি অনুষ্ঠানত গাৱঁৰ সকলো জাতৰ
লোকেই সহায় সহযোগ কৰে। তেনেদৰে বেমাৰ-আজাৰ হ’লেও সহায়ৰ হাত
আগবঢ়ায়।
গাৱঁৰ মানুহৰ জীৱিকা আৰ্জনৰ ঘাই উপাই হৈছে কৃষি৷ ধানৰ বাহিৰেও তেওঁলোকে সৰিয়হ, তিল, শাক-পাচলি ইত্যাদিৰ খেতি কৰে। অৱশ্যে ইয়াৰ উপৰি বাঁহ-বেতৰ কাম, মাটিৰ পাত্ৰ তৈয়াৰ কৰা, কাঁহৰ বাচন সজা ইত্যাদি কামবিলাকো কৰে। তদুপৰি কিছুমানে ঢোল-খোল বজোৱা, কাপোৰ বোৱা ইত্যাদি কামো কৰা দেখা যায়৷ আজিকালি অৱশ্যে কৃষিতকৈ চাকৰিৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰা দেখা যায়। আমাৰ গাঁওবিলাকত আকৌ প্ৰত্যেক ঘৰে ঘৰে একোখনকৈ বাৰী থাকে। এই বাৰীবোৰত নানা গছ-গছনি ৰোৱা হয়। ইয়ে এখন ঘৰক কাষৰ ঘৰৰ পৰা আঁৰ কৰি ৰাখে। প্ৰত্যেক ঘৰৰ আগপিনে আৰু পিছপিনে তামোল-পাণ, নাৰিকল, আম, কঠাল ইত্যদি গছ ৰোৱা হয়। তদুপৰি শাক-পাচলি, লাও-কোমোৰা, বেঙেনা-জলকীয়া ইত্যাদিও ৰোৱা হয়। ঘৰৰ সম্মুখত বাগিচা একেখনিও থাকে। আমাৰ গাঁওবিলাকৰ চাৰিওফালে সাধাৰণতে ধাননি পথাৰ থকা দেখা যায়। সাধাৰণতে ধাননি পথাৰ, হাবি, নদী ইত্যাদিয়ে এখন গাওঁৰ পৰা আনখন গাওঁক পৃথক কৰি ৰাখে।
গাঁৱৰ মানুহবোৰ বৰ মিলা-প্ৰীতিৰে বসবাস কৰে।
অ’ গাঁৱৰ কথা কৈ থাকোঁতে জেঠাইৰ কাহিনীটো ক’বলৈ পাহৰিয়ে থাকিলোঁ নহয়। তুমি জানানে তোমাৰ জেঠাইক গাঁৱৰ সকলো মানুহে শেৱালি বুলিহে মাতে৷ কিয়নো তেওঁৰ জন্মৰ দিনাখন ঘৰৰ পদূলিমুখখন শেৱালি ফুলেৰে ভৰি আছিল হেনো। পদূলিমুখতো শেৱালি, চোতালৰ আগতো শেৱালি ফুল তলভৰি আছিল। তেনেতে কোনোবাই ছোৱালী এজনী জন্ম হোৱাৰ খবৰ দিলেহি। খবৰটো শুনিয়ে কোনোবা এজনে বোলে ক’লে, তাইৰ নাম শেৱালিয়ে হ’ব দিয়াঁ আৰু সকলোৱে তেওঁক শেৱালি বুলিয়ে মাতিবলৈ লৈছিল। আইতা-ককাই বেলেগ নাম দিলেও গাৱঁত সকলোৱে তেওঁক এতিয়াও শেৱালি বুলিয়েই মাতে।
“কিন্তু মা, জেঠাইৰ এই নামটো আমি নাজানোৱেই দেখোন। জেঠাইৰ নাম বেলেগ বুলিহে জানো।”
মোৰ প্ৰশ্ন শুনি মায়ে ক’লে, “এয়া, মই এইমাত্ৰ ক’লোঁৱেই দেখোন। এইটো গাঁৱৰ মানুহে দিয়া নাম৷ সেই নামটো হ’ল আইতা-ককাই দিয়া নাম যিটো তুমি জানা বা আন সকলোৱে মাতে।”
মাৰ কথা শুনি মই
সঁচাকৈ বৰ আচৰিত হ’লোঁ। মনতে ভাবিলোঁ মই থকা ঠাইখনতকৈ এই গাঁওখন কিমান ভাল, কিমান
সহজ-সৰল মানুহবোৰ য’ত আপোন-পৰৰ কোনো চিনাকি নাই।
(আগলৈ)
ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০