নৱনীতা
ভট্টাচাৰ্য্য
কিছু দিনৰ পৰা টিটি ঘৰতে সোমাই আছে৷ বাহিৰলৈ
যোৱাটো দূৰৰে কথা এই আপদীয়া ৰ’দৰ উৎপাতত সি চকু মেলি
বাহিৰলৈকে চাব পৰা নাই৷ এই দিনকেইটা সি কেনেকৈ কটাইছে সিহে বুজিছে৷ ঘূৰি-ফুৰি ভাল পোৱা
টিটিৰ বাবে ই কিমান কষ্টকৰ কোনেনো বুজি পাব৷ কিন্তু কি কৰিব, এই প্ৰখৰ ৰ’দ
যে তাৰ সহ্য নহয়৷ সেইবাবে দিনৰ দিনটো ঘৰতে পেট পেলাই পৰি আছে৷ অৱশ্যে আজি
ৰাতিপুৱাৰে পৰা মেঘে ওন্দোলাই থকা বাবে বতৰটো অলপ ঠাণ্ডা যেন অনুভব হৈছে৷ সেইবাবে
সিও অলপ সকাহ পাইছে৷ তথাপি সি বাহিৰলৈ ওলাই অহা নাই মানে ওলাই যাবলৈ সাহস কৰা নাই৷
ওলাই যাবলৈ মন নাই বুলি ক’লেও ভুল নহ’ব৷ কথাতে কয় নহয়— শৰীৰ সুস্থ থাকিলেহে মনটো ভালে
থাকে বুলি৷ টিটিৰো সেই একেই অৱস্থা৷ সি মাজে মাজে মূৰটো তুলি চালেও উঠি যাবলৈ মনে
যোৱা নাই৷ এনেতে এজাক শীতল বতাহ আহি তাৰ মনটো চঞ্চল কৰি তুলিলেহি। সি এইবাৰ ভিতৰত
শুই থাকিব নোৱৰা হ’ল৷ দীঘলকৈ এঙামুৰি এটা কাঢ়ি লাহে লাহে সি
বাহিৰলৈ ওলাই আহিল৷ বহুত দিনৰ মূৰত শীতল বতাহজাক পাই তাৰ মনটো
পুলকিত হৈ উঠিল৷ মনৰ আনন্দতে সি তাৰ সেই গানটো জুৰিলে৷ আচৰিত গান গোৱা হাঁহ
পোৱালিটোক দেখি জিঞা কেইটামান আহি গানৰ তালে তালে ওপৰ-তল, ইকাটি-সিকাটি কৰি উৰি উৰি
নাচিবলৈ ধৰিলে৷ জিঞাজাকৰ আনন্দ দেখি টিটিয়ে ক’লে, “মোৰ
নিচিনাকৈ তোমালোকেও চাগে বতৰৰ আমেজ ল’বলৈ ওলাই আহিছা, নহয়নে?”
টিটিৰ কথা শুনি জাকৰ মাজৰে জিঞা এটাই ক’লে, “এই
সুন্দৰৰ বতৰৰ বতৰা আমিয়েতো কঢ়িয়াই আনিছোঁ। এই আনন্দৰ বাতৰি বিলাই
বিলাই আহি এইখিনি পাইছোঁহি। এনেতে তোমাৰ সুন্দৰ গান শুনি তাৰ তালে তালে
এপাক নাচি তোমাকো অলপ আনন্দ দিলোঁ।”
“অ’ তাৰ মানে তোমালোকে বৰষুণৰ
বতৰা বিলাবলৈকে আহিছা?”
“ঠিকে
ধৰিছা আমাক ওচৰে-পাঁজৰে দেখিলেই গম পাবা যে বৰষুণ অহাটো নিশ্চিত৷”
জিঞাটোৰ কথা শুনি টিটিয়ে ক’লে, “তোমালোক
সঁচাকৈয়ে বৰ বিশেষ গুণৰ অধিকাৰী! তেনেহ’লে তোমালোক মোৰ অতিকে আপোন।
বৰষুণ বিচাৰি হাবাথুৰি খোৱাতকৈ তোমালোকক ওচৰলৈ মাতি অনাটোৱে উত্তম হ’ব, নহয়নে বাৰু?”
টিটিৰ কথা শুনি জিঞাটো গপতে ওফন্দি উঠিল৷ এনে
সুযোগ জানো হাতৰ পৰা যাবলৈ দিব পাৰি৷ সেইবাবে সি আৰু অলপ বঢ়াই ক’লে, “এইটোৱে
নহয়৷ আমাৰ তেনে বহুতো বিশেষ গুণ আছে, যাৰ বাবে আমি সকলোৰে আদৰৰ৷ আমাৰ এই সন্মান
মাত্ৰ বননিখনৰ মাজতে সীমাবদ্ধ নহয়৷ মানৱ সমাজতো আমি
সমানে আদৰ বুটলিবলৈ সক্ষম হৈছোঁ৷ তেওঁলোকে কলা, সাহিত্য, সংস্কৃতি, সাহিত্য সকলোতে আমাক বিশেষ স্থান দিছে!”
জিঞাৰ কথাত ভোল গৈ টিটিয়ে ক’লে, “তোমাৰ
সুন্দৰ দীঘল দেহটো দেখিলেই তোমাৰ বিশেষত্ব গম পোৱা যায়৷ তাতে সোণত সুৱগা চৰোৱা
তোমাৰ স্বচ্ছ পাখি দুযোৰ৷ দেখিলেই মন মুহি যায়৷ সঁচাকৈয়ে তোমাৰ ৰূপৰ তুলনা নাই৷”
টিটিৰ কথা শুনি জিঞাটো গপতে উফন্দি উঠি ক’লে, “ষোল্ল
অনাই সঁচা কৈছা৷ তুমি কোৱাৰ নিচিনাকৈ আমাৰ শৰীৰৰ প্ৰতিটো অংগই সুকীয়া৷ চকুজুৰিলৈ
চোৱাচোন! আমাৰ মূৰটোৰ গুৰি অংশ এই চকুজুৰিয়ে আগুৰি থকা নাইনে? এই চকুজুৰিৰে আমি বৃত্তটোৰ
দৰে চাৰিওফালে চাব পাৰোঁ৷ তদুপৰি আমি ডিঙিটোও অতি সহজতে
চাৰিওফালে ঘূৰাব পাৰোঁ৷ এইটোও আমাৰ বিশেষত্ব নহয়নে বাৰু? আমি এই চকুজুৰিৰ বাবেই
যিকোনো ৰং বা কোনো গতিশীল বস্তু তৎক্ষণাৎ ধৰিব পাৰোঁ৷
এই দীঘল দেহটোৰ কথা নকলোঁৱে বা৷ ভৰি ছখনলৈ
চোৱাচোন! ই আমাক খোজ কঢ়াত সহায় নকৰিলেও গছৰ ডাল বা তেনে কোনো বস্তুত খামুচি ধৰি
ৰখাত সাহয় কৰে৷ আৰু তুমি যে কৈছা আমাৰ পাখি দুযোৰ, বৰ ধুনীয়া বুলি! এই পাখি
দুযোৰ যিমানে ধুনীয়া তাৰ সমানে শক্তিশালী৷ এই পাখি দুযোৰৰ দ্বাৰা আমি দ্ৰুত গতিত
বহু দূৰ উৰি যাব পাৰোঁ৷ তাৰ উপৰি ই আমাক বিভিন্ন গতিত উৰি ফুৰাত সহায় কৰে৷ ই আমাক
কেতিয়াবা ওপৰত, কেতিয়াবা তলত, কেতিয়াবা সন্মুখলৈ আকৌ
কেতিয়াবা পিছফাললৈ উৰি যোৱাত সহায় কৰে৷ কেতিয়াবা আকৌ ওপৰতে একেঠাইতে ওপঙি
ফুৰাতো সহায় কৰে৷ এই পাখি দুযোৰোৰৰ দ্বাৰাই আমি শূন্যত উপঙি উপঙি পোক-পতংগ ধৰি
খাব পাৰোঁ, অৱশ্যে আমি পাখি দুযোৰ গাৰ ওচৰলৈ চপাই আনিব নোৱাৰোঁ বাবে দীঘলকৈ মেলি
ধৰিয়ে জিৰণি লওঁ। সেইবাবে যেতিয়া আমি শাৰী পাতি গছৰ ডালত জিৰণি লওঁ, দেখিবলৈ বৰ
সুন্দৰ হয়। সেই সৌন্দৰ্যতে ভোল গৈ আমাৰ প্ৰশংসাত সকলো পঞ্চমুখৰ হৈ উঠে৷ এনে
সুন্দৰ জীৱ এই পৃথিৱীত কিমাননো আছে!”
জিঞাৰ কথা শুনি টিটিয়ে আচৰিত হৈ ক’লে, “সঁচাকৈয়ে
তোমালোকৰ গুণৰ তুলনা নাই৷ কি বিচিত্ৰ তোমাৰ জীৱন৷”
“হওঁতে
তোমাৰ এই কথাষাৰো ষোল্লঅনাই শুদ্ধ। আমাৰ জীৱন পৰিক্ৰমা বৰ বিচিত্ৰ৷ কণী অৱস্থাৰ
পৰা আৰম্ভ কৰি জীৱনৰ প্ৰায়ভাগ সময় আমি পানীতে কটাওঁ। অৱশ্যে আমি সকলো সময়তে
পানীৰ ওচৰে-পাঁজৰে থাকিয়ে ভাল পাওঁ। তদুপৰি
তোমালোকৰ নিচিনাকৈ পানী আমাৰ বৰপ্ৰিয়। প্ৰাপ্তবয়স্ক হোৱাতহে আমি ওপৰলৈ উঠি আহোঁ৷
এই অৱস্থালৈ অহাৰ কিছু মাহৰ পাছতে আমাৰ জীৱনৰ সমাপ্তিও ঘটে। জীৱনটো চুটি হ’লেও
এই সময়খিনি সকলোৰে লগত ৰং-ৰইচ কৰি কটাই দিব বিচাৰোঁ৷ পোক-পতংবোৰ ধৰি খাই সকলোকে
সহায় কৰিব বিচাৰোঁ৷ ৰঙীন শৰীৰটোৰ দৰে আমাৰ মনটোও ৰঙীন। এনেতে মূৰ ঘুৰাই চাই লগৰীয়াবোৰক
নেদেখি জিঞাটোৱে ক’লে,
“তোমাৰ লগত কথা পাতি থাকোঁতে
কিমান পলম হ’ল ধৰিবকে নোৱাৰিলোঁ। এতিয়া বিদায়হে। তুমি
বৰষুণৰ আনন্দ লোৱা আৰু আমিও নিজৰ কামত লাগে৷” কথাষাৰ কৈ জিঞাটোৱে লগৰীয়াকেইজনীক বিচাৰি গ’ল৷
জিঞাটোৰ কথাত টিটিৰ মনৰ সকলো অৱসাদ আঁতৰি গ’ল৷
এনেতে বৰষুণজাকো ডাঙৰ হৈ আহিল৷ সি মনৰ আনন্দতে গান গাই গাই বৰষুণৰ আমেজ ল’বলৈ
ধৰিলে৷
ভ্ৰাম্যভাষ: ৯৮৬৪২৩৩৩৫০