অৰুণ গগৈ
ভেৰেকী মাহীয়ে চেৰেকী ঘূৰাই
মহুৰা আছে বাটি
টাকুৰী ঘূৰাই তগৰী জেঠাই
কপাহ আছে কাটি ৷
ৰূপহী বাইটি কৰি তাঁত-বাতি
বিহা লেখিছে গণি
ৰঙাকৈ আঁচোৰে বগাকৈ সূতাৰে
ব’ব বিহুৱানখনি ৷
ৰাঁচত ভৰাই টোলোঠা মেৰাই
লগালে তাঁত খনি
বিশ্বকৰ্মা খুঁটি কৰমূলা খুঁটি
দেখিবলৈ শুৱনি ৷
দোৰ্পতি বান্দৰী দোৱা জৰী
ব’শালি পুতল ঘোঁৰা
বৰ চিৰি মাজু চিৰি নাচনী জৰী
কুকুৰ খৰা মহুৰা ৷
আৰু আছে তাঁতশালৰ বহু সঁজুলি
লোৱা নাই সকলোৰে নাম
ভেৰেকী মেৰেকী মাহীয়ে হাঁহি হাঁহি
কৰে তাঁতশালৰ কাম ৷
ঠিকনা :
মৰিয়নী, যোৰহাট
ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০