গায়ত্ৰী দেৱী বৰঠাকুৰ
অন্যযুগ/
কণ কণ কবিতা
(এক)
চিক্ চিক্ চিকা
তুমি বোলে ভালপোৱাঁ খাৰুপেটীয়াৰ জিকা ।
কোৱাঁচোন কোৱাঁ, ৰেলগাড়ীৰ কেইটা বাৰু চকা
ক'ব নোৱাৰিলে ককায়ে দিব তোমাক বাৰটামান ঢকা।
(দুই)
মিউ মিউ মেকুৰী
ক'ৰ পৰা নো আহিলা বাৰু ফেঁকুৰি ফেঁকুৰি ।
কেঁকুৰিটো পাৰ হৈয়ে যাবা তুমি চেঁকুৰি
এগালমান মাছ পাবা - একুৰি বা দুকুৰি ।
(তিনি)
খেক্ খেক্ বান্দৰ
তোমাক বোলে নকৰে কোনেও আদৰ।
গছে- গছে জঁপিয়াই লাগে যদি তোমাৰ ভাগৰ
আমাৰ ঘৰলৈ আহিবা, দিম ভজা পাপৰ ।
(চাৰি)
বে বে ছাগলী
সঁচাই জানো হোৱাঁ তুমি বাৰু ইমান আজলী?
খাই তহিলং কৰি সকলোৰে পাচলি
সদায় তুমি ঘৰলৈ ঘূৰাঁ তিনি-গধূলি।
(পাঁচ)
ভৌ ভৌ কুকুৰ
চোৰ আহিলেই মাৰাঁ তুমি পোনেই চেঁকুৰ।
বাটে-ঘাটে বহাঁ তুমি পকাই নেগুৰ
চাবা দেই, গাত লাগিব এসোপা ভেঁকুৰ ।
(ছয়)
হোঁৱা হোঁৱা শিয়াল
কেনেকৈ থাকাঁ হাবিত- ইমান জয়াল?
কিয়নো বিচাৰাঁ বাৰু হাঁহ- পাৰৰ গড়াঁল
তোমাক ভয়ত ৰাতি বাঢ়ে চবৰে জঞ্জাল ।
(সাত)
হিঁ হিঁ ঘোঁৰা
থিয়ৈ থিয়ৈ তুমি বাৰু কেনেকৈনো শোৱাঁ ?
বুটমাহ খাই তুমি কিয় ইমান ভাল পোৱাঁ
আমাকো দিবাচোন কেতিয়াবা এপোৱা- দুপোৱা।
(আঠ)
টোৰ্ টোৰ্ ভেকুলী
অ'মিক্ৰণৰ ভয়তে এৰিলা চাগে পঢ়াশালি ।
ঘৰত থাকা অনবৰতে ম'বাইলত গে'ম খেলি
টোপনি ধৰে অনলাইন ক্লাছত সদায় তোমাৰ গধূলি।
ঠিকনা : তেজপুৰ
শোণিতপুৰ-784001
8822943064